মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / জিনছেং সম্পৰ্কে বিভিন্ন গৱেষণাৰ ফলাফল
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জিনছেং সম্পৰ্কে বিভিন্ন গৱেষণাৰ ফলাফল

জিনছেং সম্পৰ্কে বিভিন্ন গৱেষণাৰ ফলাফলৰ বিষয়ে লিখা হৈছে ।

জিনছেং নামৰ চাপৰ, অতি মন্থৰ গতিত বৃদ্ধি পোৱা আৰু মূলাৰ দৰে মঙহাল শিপাৰ উদ্ভিদবিধ অতি কমেও দুহেজাৰ বছৰৰ আগৰে পৰা বহুতো বিৱৰণ বিভিন্ন ঐতিহাসিক সমলত পোৱা যায়।

এইবিধ উদ্ভিদ প্ৰধানকৈ চীন দেশৰ ৰাজ পৰিয়াল আৰু উচ্চ পদস্থ বিষয়াসকলৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হৈছিল।

এইবিধ উদ্ভিদৰ ওপৰত একছত্ৰীভাৱে কেৱল চীন দেশৰ শাসকসকলৰহে অধিকাৰ আছিল বুলি জনা যায়।

পিছলৈ অৱশ্যে প্ৰাকৃতিক পৰিৱেশত অটব্য অৰণ্যৰ মাজত গজা এইবিধ উদ্ভিদৰ কেবাটাও প্ৰজাতি চীন, জাপান, থাইলেণ্ড আদি দেশৰ পাৰ্বত্য অঞ্চলত আৱিষ্কাৰ হ’ল।

এতিয়ালৈকে আৱিষ্কাৰ হোৱা জিনছেং নামৰ উদ্ভিদবিধৰ মুঠ ১১ টা প্ৰজাতি বিশ্বৰ বিভিন্ন দেশত প্ৰাকৃতিক পৰিৱেশত উদ্ধাৰ কৰা হৈছে।

এই উদ্ভিদবিধৰ সবাতোকৈ মূল্যবান আৰু ঔষধিগুণযুক্ত অংশ হৈছে ইয়াৰ মূলাৰ দৰে শিপা। এই শিপা সাধাৰণতে দুটা বা ততোধিক শাখাযুক্ত হোৱা দেখা যায়।

দুয়োডাল শিপাৰ দৈৰ্ঘ বৰ বেছি নহয়। তুলনামূলকভাৱে ইয়াৰ ঠাৰিডালহে দীঘল। প্ৰায় কণীৰ আকৃতিৰ ডাঙৰ আকাৰৰ সেউজীয়া পাতেৰে ই একোডাল জোপোহা চাপৰ উদ্ভিদ।

বছৰত এবাৰ ইয়াৰ আগত থোপা পাতি ফুল ফুলে আৰু সৰু সৰু সেউজীয়া গুটি লাগে। গুটিবোৰ পূৰঠ হ’লে ৰঙা বৰণৰ হয়।

জিনছেঙৰ আমেৰিকান প্ৰজাতি(Panaxquinquefolious) আৰু এচিয়া মহাদেশৰ(Panax ginseng) দুয়োবিধেই মানুহৰ শৰীৰৰ শক্তি বৃদ্ধি কৰিব পাৰে।

তেজৰ শৰ্কৰা কমাই ৰাখিব পাৰে।

  • তেজৰ শৰ্কৰা কমাই ৰাখিব পাৰে,
  • শৰীৰৰ বৰ্ধিত কলেষ্টেৰলৰ মাত্ৰা কমাই ৰাখিব পাৰে,
  • মানসিক আৰু শাৰীৰিক চাপ,
  • উদ্বেগ আদি কমাই ৰাখিব পাৰে,
  • উদ্বিগ্নতা কমাই ৰাখি মনলৈ প্ৰশস্তিৰ ভাব আনিব পাৰে।
  • ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পাৰে আৰু
  • পুৰুষৰ যৌন অক্ষমতা নিৰাময় কৰিব পাৰে।

জিনছেঙৰ উপকাৰিতা -

জিনছেং পৰম্পৰাগতভাৱে বহুতো ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। কিন্তু ছাপ্লিমেন্টৰূপে ব্যৱহাৰ কৰি দাবী কৰা মতে উপকাৰবোৰ পায় নে নেপায়, সেই কথা নিশ্চিত হ’বলৈ আৰু অধিক গৱেষণাৰ প্ৰয়োজন আছে বুলি বিজ্ঞানীসকল ভাবে।

কিন্তু জিনছেঙত থকা এবিধ অতি মূল্যবান উপাদান ‘জিনছেনোচাইড’ নামৰ ৰাসায়নিক উপাদানবিধেই বিভিন্ন ৰোগ নিৰাময়ত প্ৰধান ভূমিকা লয়।

আজিও পশ্চিমীয়া বিজ্ঞানী আৰু স্বাস্থ্য বিষয়ৰ বিশেষজ্ঞ গৱেষকসকলে জিনছেঙৰ ঔষধীয় গুণৰ বিষয়ে সন্দেহ প্ৰকাশ কৰে।

এতিয়ালৈকে এইবিধ উদ্ভিদৰ কাৰ্যকৰী গুণৰ প্ৰমাণিক উদাহৰণ পোৱা হোৱা নাই।

বিজ্ঞানীসকলৰ এদলৰ মতামত যিমানেই বিপৰীতধৰ্মী নহওক কিয়, অধিকাংশ বিজ্ঞানী গৱেষকে কিন্তু জিনছেঙৰ অদ্ভুত ঔষধীয় গুণৰ সপক্ষেই মত প্ৰকাশ কৰি আহিছে।

আজি বিশ্বৰ চুকে-কোণে সৰ্বত্ৰ জিনছেঙৰ ঔষধী গুণৰ প্ৰতি কোটি কোটি লোক আকৃষ্ট হৈ আছে আৰু এনে লোকৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাই হৈ আছে।

সেয়েহে জিনছেংযুক্ত অসংখ্য ঔষধ, প্ৰসাধন সামগ্ৰী আৰু ছাপ্লিমেন্ট নতুন নতুন ৰূপত বজাৰত ওলায়েই আছে।

কিন্তু আটাইবিলাক জিনছেং সমৃদ্ধ উৎপাদনতে ইয়াৰ গুণগত মান আৰু ঔষধীয় উপাদানৰ তাৰতম্য আছে।

সেয়ে জিনছেংযুক্ত যিকোনো উৎপাদন ক্ৰয় কৰোতে ইয়াত নিহিত থকা জিনছেংযুক্ত উপাদানৰ মাত্ৰা পৰীক্ষা কৰি লোৱাটো অতি জৰুৰী।

উৎপাদনতোৰ ওপৰৰ লেবেলত গ্ৰাহকৰ চকুত পৰাকৈ জিনছেঙৰ উপাদান আছে বুলি লেখা থাকিলেও কিছুমান দ্ৰব্যত তেনেই কম বা একেবাৰে ন্যূনতম পৰিমাণতহে জিনছেং থাকে আৰু আন কিছুমান দ্ৰব্যত জিনছেঙৰ সলনি আন উপাদানহে থকা দেখা যায়।

গৱেষক বিজ্ঞানীসকলে জিনছেঙৰ কিছুমান স্বাস্থ্যজনিত উপকাৰিতা থকা বুলি প্ৰকাশ কৰিছে।

তেনে কেইবিধমান উপকাৰৰ বিষয়ে তলত আলোচনা কৰা হ’ল-

শক্তি বৃদ্ধি কৰে -

যিসকল ব্যক্তিয়ে শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল আৰু ক্লান্ত অনুভৱ কৰে, তেনে লোকৰ বাবে শাৰীৰিক আৰু মানসিক কাম-কাজৰ বাবে উদ্যম বৃদ্ধি কৰিব পাৰে জিনছেঙে।

দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰা কিছুসংখ্যক কেন্সাৰ ৰোগীক জিনছেং সেৱন কৰোৱাই খুব ভাল ফলাফল পোৱা গ’ল এই সম্পৰ্কীয় এটি অধ্যয়নত।

বিভিন্ন ৰোগত ভুগি চিকিৎসা লৈ থকা কিছুসংখ্যক ৰোগীৰ শৰীৰলৈ শক্তি ঘূৰাই অনাটো লক্ষ্য কৰা হ’ল আন এটি অধ্যয়নত।

কিন্তু কেন্সাৰৰ চিকিৎসা শেষ কৰা আন একাংশ ৰোগীক জিনছেঙে বিশেষ সহায় কৰাৰ প্ৰমাণ পোৱা নগ’ল।

চিন্তা শক্তি বৃদ্ধি কৰে -

জিনছেঙে চিন্তা কৰাৰ ক্ষমতা বৃদ্ধি কৰে বুলিও প্ৰমাণ পোৱা গৈছে। এইবিধ উদ্ভিদৰ ব্যৱহাৰে চিন্তা কৰা পদ্ধতিও উন্নত কৰিব পাৰে বুলি গৱেষকসকলে দাবী কৰি আহিছে।

এই বিষয়ে প্ৰকৃত তথ্য উদঘাটনৰ কাৰণে ক’চৰেণ লাইব্ৰেৰীৰ তৰফৰ পৰা এটি অধ্যয়ন চলোৱা হৈছিল।

এই অধ্যয়নটিৰ শেষত এই কথা প্ৰমাণিত হ’ল যে- জিনছেঙে চিন্তাৰ শক্তি বৃদ্ধি কৰিব পাৰে, আচৰণ-বুদ্ধিও বঢ়াব পাৰে আৰু জীৱন ধাৰণৰ শৈলীও উন্নত কৰিব পাৰে।

তেনেদৰে আমেৰিকান জিনছেঙ খাদ্য দ্ৰব্যৰ লগত মিহলাই কিছুসংখ্যক লোকৰ আচৰণ সম্পৰ্কীয় পৰিৱৰ্তন অধ্যয়ন কৰা হৈছিল। কিন্তু এনে ধৰণৰ চিন্তা শক্তিৰ উন্নতি দেখা পোৱা নগ’ল।

প্ৰদান নিৰাময় কৰিব পৰা গুণ:

জিনছেঙৰ প্ৰদাহ প্ৰতিৰোধী গুণ আছে। কিছুমান পৰীক্ষাৰ দ্বাৰা এই কথাৰ প্ৰমাণ পোৱা গৈছে। গৱেষকসকলে কৈছে যে জিনছেঙত থকা ‘জিনছেনোচাইড’ নামৰ উপাদানবিধে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা তন্ত্ৰৰ মাজত প্ৰৱেশ কৰি শৰীৰৰ পেশীৰ প্ৰদাহ কমাব পাৰে।

পুৰুষৰ যৌন ক্ষমতা বৃদ্ধি কৰিব পাৰে -

পুৰুষৰ উত্থানজনীত অক্ষমতা জিনছেঙে দূৰ কৰিব পাৰে বুলি কোৱা হৈছে। ২০০২ চনত কোৰিয়াত চলোৱা এলানি অধ্যয়নত এই কথা প্ৰমাণিত হৈছে যে- এই সমস্যাত ভুগি থকা লোকৰ জিনছেং প্ৰয়োগ কৰি ৬০ শতাংশ লোকৰ সমস্যাটো আঁতৰ কৰিব পৰা হৈছে।

‘বৃটিছ জাৰ্ণেল অব ক্লিনিকেল ফাৰ্মাকোলজি’ নামৰ জাৰ্ণেলখনত প্ৰকাশিত এটি গৱেষণাৰ প্ৰতিবেদনতো এই কথাৰ সত্যতা স্বীকাৰ কৰি কোৱা হৈছে যে, ‘ৰঙা জাতৰ জিনছেং কিমান প্ৰয়োগ কৰি পুৰুষৰ উত্থানজনিত সমস্যাৰ সমাধান কৰিব পৰা হৈছে।

অৱশ্যে এই ক্ষেত্ৰত ৰঙা জিনছেং কিমান মাত্ৰাত প্ৰয়োগ কৰিব লাগে আৰু ব্যক্তিগত কিমান দিনৰ পৰা এই সমস্যাত ভুগি আছে আৰু ৰোগীৰ বয়স আদি তথ্যবিলাকো প্ৰয়োগৰ আগতে বিবেচনা কৰি ল’ব লাগিব।

উত্থানজনিত সমস্যাৰ ক্ষেত্ৰত জিনছেং প্ৰয়োগৰ সফলতা নিৰ্ণয় কৰাৰ কাৰণে আৰু কিছু দীঘলীয়া গৱেষণাৰ প্ৰয়োজন বুলি বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে।

ফ্লু-প্ৰতিৰোধ -

ইনফ্লুয়েঞ্জা আৰু শ্বাসতন্ত্ৰৰ ৰোগ সৃষ্টি কৰা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত জিনছেং প্ৰয়োগৰ ফলাফল সম্পৰ্কেও ভালেমান পৰীক্ষা-নিৰীক্ষা চলোৱা হৈছিল।

এই পৰীক্ষাবিলাকৰ পৰা লাভ কৰা ফলাফলৰ পৰা দেখা গ’ল যে- হাওঁফাওঁৰ আৱৰণৰ কোষত হোৱা ইনফ্লুয়েঞ্জা ভাইৰাছৰ সংক্ৰমণ ৰঙা জিনছেঙৰ নিৰ্যাস প্ৰয়োগ কৰি নিয়ন্ত্ৰণ কৰিব পৰা যায়।

কিন্তু অন্য ভাইৰাছৰ প্ৰতিষেধকৰূপে জিনছেং প্ৰয়োগ কৰি সুফল পোৱা নগ’ল।

ডায়েবেটিছ ৰোগীৰ ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ -

ভালেমান পৰীক্ষাৰ দ্বাৰা এই কথা প্ৰমাণিত হৈছে যে, জিনছেঙে শৰীৰৰ বৰ্ধিত ৰক্ত শৰ্কৰা(ব্লাড ছুগাৰ) কমাব পাৰে আৰু ডায়েবেটিছ ৰোগত চিকিৎসাত সহায় কৰিব পাৰে।

‘জিনছেনোচাইডে’ শৰীৰৰ ইনচুলিন উৎপাদনত পেনক্ৰিয়াছক সহায় কৰিব পাৰে আৰু শৰীৰৰ অন্য প্ৰণালীবিলাক সক্ৰিয় কৰি ইনচুলিন প্ৰতিৰোধী বিসংগতি উন্নত কৰিব পাৰে।

এই ক্ষেত্ৰত আৰু অধিক ক্লিনিকেল অধ্যয়ন তথা পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজন আছে আৰু জিনছেঙৰ শিপাৰ গুণ তথা পৰিমাণ নিৰ্ধাৰণ কৰাৰ প্ৰয়োজন আছে।

তেতিয়াহে ডায়েবেটিছ ৰোগত সহায়কাৰী চিকিৎসাৰ বাবে জিনছেং ব্যৱহাৰ কৰিব পৰা হ’ব। গৱেষকসকলে ডায়েবেটিছ ৰোগত সহায়কাৰী চিকিৎসাৰ বাবে জিনছেং ব্যৱহাৰ কৰিব পৰা হ’ব।

গৱেষকসকলে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণৰ কাৰণে কিমান পৰিমাণৰ জিনছেং প্ৰয়োজন হ’ব, সেই কথা নিৰ্ণয় কৰিবলৈ গৱেষণা চলাই আছে।

পাৰ্শ্বক্ৰিয়া -

যিকোনো ৰোগৰ কাৰণে জিনছেং সেৱন কৰিলে পাৰ্শ্বক্ৰিয়াৰূপে ব্যক্তিজনৰ মূৰৰ বিষ হ’ব পাৰে। অৱশ্যে জিনছেঙৰ সকলোবিলাক পাৰ্শ্বক্ৰিয়া সম্পৰ্কে বিশেষভাৱে জানিব পৰা হোৱা নাই।

তথাপি জিনছেং সেৱন তুলনামূলকভাৱে নিৰাপদ বুলি জনা গৈছে। কিন্তু জিনছেঙৰ সেৱনৰ ফলত সামান্যভাৱে তলত দিয়া পাৰ্শ্বক্ৰিয়াবিলাকে দেখা দিব পাৰে।

  • টোপনিত ব্যাঘাত ঘটাব পাৰে।
  • পাচন ক্ৰিয়াত সমস্যাৰ সৃষ্টি কৰিব পাৰে।
  • ব্যক্তিজনৰ ৰক্তচাপ আৰু ৰক্তশৰ্কৰাৰ পৰিমাণ সলনি হ’ব পাৰে।
  • ৰোগীয়ে অস্বস্তি অনুভৱ কৰিব পাৰে।
  • স্নায়বিক সমস্যাই দেখা দিব পাৰে।
  • দৃষ্টিশক্তি ধূসৰ হ’ব পাৰে।
  • ছালত প্ৰতিক্ৰিয়া কৰিব পাৰে।
  • শৰীৰৰ কোনো কোনো অংগ ফুলি উঠিব পাৰে।
  • ডায়েৰিয়া হ’ব পাৰে।
  • ৰক্তক্ষৰণ হ’ব পাৰে।
  • মূৰ ঘূৰাব পাৰে।
  • মুখ শুকাব পাৰে।
  • হৃদস্পন্দনৰ গতি কমিব পাৰে।
  • ৰোগী মূৰ্ছা যাব পাৰে।
  • দৃষ্টি ভ্ৰম হ’ব পাৰে।

সতৰ্কতা -

  • হতাশগ্ৰস্ততাত(Depression) ভুগি চিকিৎসা লৈ থকা ৰোগীয়ে এবিধ বিশেষ ঔষধৰ(Monoamine Oxidase Inhibitors) জিনছেঙে মানসিক ৰোগৰ লক্ষণৰ লগতে শৰীৰৰ কঁপনিৰ সৃষ্টি কৰিব পাৰে।
  • জিনছেঙে ৰক্তচাপ, ডায়েবেটিছ আৰু হৃদৰোগৰ বাবে খাই থকা ঔষধৰ ক্ৰিয়া সলনি কৰিব পাৰে। লগতে ‘নিউডিপাইন’ জাতীয় কেলচিয়াম চেনেল ব্লকাৰৰ ক্ৰিয়াও সলনি কৰিব পাৰে। সেয়ে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ এইবিলাক ৰোগৰ ঔষধ জিনছেঙৰ সৈতে একেলগে কেতিয়াও নেখাব। বিশেষভাৱে হৃদৰোগৰ বাবে খাই থকা ঔষধৰ সৈত্তে জিনছেংযুক্ত ঔষধ নেখাব।
  • শৰীৰৰ তেজ পাতল কৰিবলৈ ব্যৱহাৰ কৰা ঔষধৰ(Warfarin আৰু Aspirin) লগত জিনছেংযুক্ত ঔষধ কেতিয়াও নেখাব। কাৰণ জিনছেঙে ৰক্তক্ষৰণ কৰাৰ আশংকা বঢ়াব পাৰে।
  • জিনছেঙে কেফেইন আৰু অন্য উত্তেজনা সৃষ্টি কৰা দ্ৰব্যৰ প্ৰভাৱ বৃদ্ধি কৰিব পাৰে। ফলত হৃদস্পন্দনৰ গতি বৃদ্ধি হ’ব পাৰে আৰু ঘাম নিঃসৰণ বৃদ্ধি কৰিব পাৰে।

লগতে নিদ্ৰাহীন অৱস্থাৰ সৃষ্টি কৰিব পাৰে। মৰফিন জাতীয় বিষনাশকৰ প্ৰভাৱো জিনছেঙে নাইকিয়া কৰিব পাৰে।

দুটি পৰামৰ্শ -

ছাল্পিমেন্টৰূপে জিনছেং সেৱন কৰি স্বাস্থ্যৰ উপকাৰ হয় বুলি নিশ্চিতভাৱে কব নোৱাৰি যদিও এইবিধ উদ্ভিদৰ নিৰ্যাস কম মাত্ৰাত সেৱন কৰাটো নিৰাপদ।

যদি জিনছেং সেৱন কৰি আপুনি উপকাৰ পাইছে, তেনেহ’লে নিম্ন মাত্ৰাত সেৱন কৰি থাকিব পাৰে।

আজিকালি জিনছেং ছাপ্লিমেন্ট ঔষধৰ দোকান আৰু অনলাইনৰ যোগেদি কিনিবলৈ পোৱা যায়।

জিনছেংযুক্ত ঔষধ বা শক্তিবৰ্ধক ঔষধ কিনিবৰ সময়ত আপুনি কিনিব বিচৰা ঔষধটো হয়নে নহয় তুলনা কৰি চাওক আৰু সেইটো আপোনাৰ কাৰণ উপযোগী আৰু নিৰাপদ হ’ব নে নহয়, চাই ল’ব।

যিকোনো নতুন ছাপ্লিমেন্ট খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লৈ ল’ব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top