মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / জেনেৰিক ঔষধনো কি?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জেনেৰিক ঔষধনো কি?

জেনেৰিক ঔষধনো কি লিখা হৈছে

সম্প্ৰতি সঘনাই উচ্চাৰিত এটি শব্দ হ’ল জেনেৰিক ঔষধ। ৰোগীসকলে জেনেৰিক নে ব্ৰেণ্ডেড ঔষধ, য’ত প্ৰস্তুতকৰ্তাৰ পৰিচয়জ্ঞাপক চিহ্ন থাকে, ব্যৱহাৰ কৰিব, চিকিৎসকসকলে কিয় জেনেৰিক ঔষধ নিলিখি ব্ৰেণ্ডেড ঔষধ লিখে, কাৰ কিমান দাম, কোনটো ভাল ইত্যাদি এনেধৰণৰ বিতৰ্কমূলক আলোচনা ওলোৱা দেখা গৈছে। পাঠকসকলৰ মনৰ ভ্ৰান্তি আঁতৰোৱাৰ বাবে জেনেৰিক ঔষধৰ বিষয়ে লিখাৰ প্ৰয়োজন আহি পৰিছে।

জেনেৰিক ঔষধ:

জেনেৰিক ঔষধ বা একে শ্ৰেণীৰ ঔষধ বুলিলে সেইধৰণৰ ঔষধক বুজায়, যি ঔষধ ব্ৰেণ্ডেড(প্ৰস্তুতকৰ্তাৰ পৰিচয়জ্ঞাপক চিহ্ন থকা) ঔষধত থকা সক্ৰিয় উপাদানৰ সৈতে একে। ঔষধৰ পৰিমাণ, খোৱাৰ নিয়ম, ঔষধ ব্যৱহাৰ কৰাৰ নিয়ম, পাৰ্শ্বক্ৰিয়া, ঔষধৰ গুণ সকলো দুয়োবিধ ঔষধতে একে। কেৱল জেনেৰিক ঔষধৰ গুণ সকলো দুয়োবিধ ঔষধতে একে। কেৱল জেনেৰিক ঔষধত ব্ৰেণ্ডেড ঔষধত থকাৰ দৰে নিষ্ক্ৰিয় উপাদান একে নহ’বও পাৰে। গুণগত মান একে, পাৰ্থক্য কেৱল মূল্যৰ।

ব্ৰেণ্ডেড ঔষধ:

ঔষধ প্ৰস্তুত কৰা বিভিন্ন প্ৰতিষ্ঠানবোৰে নতুনকৈ কোনো এটা ঔষধ প্ৰস্তুত কৰিবলৈ বিভিন্ন ধৰণৰ গৱেষণা কৰিব লগা হয়। এনে গৱেষণা বিভিন্ন স্তৰত কেইবা বছৰো লাগিব পাৰে। বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ অন্তত জীৱ-জন্তু তথা মানৱ দেহত চলোৱা সুফল পৰীক্ষাৰ অন্তত যদি নিৰাপদ বিবেচিত হয়, চৰকাৰৰ অনুমোদন সাপেক্ষে বজাৰত উক্ত ঔষধবিধ বিক্ৰী কৰিবলৈ অনুজ্ঞা-পত্ৰ পায়। এনে ঔষধৰ বজাৰমূল্য উক্ত প্ৰতিষ্ঠানটোৱে নিৰ্ধাৰণ কৰে। এনেদৰে মূল্য নিৰ্ধাৰণ কৰোতে প্ৰ্তিষ্ঠানটোৰ গৱেষণাত ব্যয় হোৱা সমুদায় ধন, লগতে ইয়াৰ পৰা হ’ব পৰা লাভাংশ, উক্ত মূল্যৰ ভিতৰত সোমাই থাকে। এনে অনুমোদন ২০ বছৰ পৰ্যন্ত উক্ত প্ৰতিষ্ঠানটোৱে লাভ কৰে।

এই সময়খিনিত আন কোনো বেলেগ প্ৰতিষ্ঠানে এনে ঔষধ নিজৰ ফালৰ পৰা প্ৰস্তুত তথা বিক্ৰী কৰিব নোৱাৰে। ইয়াকে ‘পেটেন্ট’ বা কৃতিস্বত্ব বোলে। এই কৃতিস্তত্ব হ’ল আৱিষ্কাৰকৰ স্বত্ব। বিছ বছৰৰ উকলি যোৱাৰ পাছত এনে ব্ৰেণ্ডেড প্ৰতিষ্ঠানটোৱে আৰু বছৰৰ বাবে পেটেন্টৰ বাবে আবেদন কৰিব পাৰে। এনে স্বত্ব শেষ হোৱাৰ পাছত আন আন ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানবোৰেও আবেদন কৰি উক্ত ঔষধবিধ জেনেৰিক নামত প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰাৰ অনুমতি পায়।

‘জেনেৰিক’ ঔষধ প্ৰস্তুত কৰা প্ৰতিষ্ঠানবোৰে ‘ব্ৰেণ্ডেড’ প্ৰতিষ্ঠানবোৰে কৰাৰ দৰে আৰম্ভণিৰে পৰা ঔষধ উদ্ভাৱন কৰা গৱেষণাসমূহ পুনৰায় কৰিব নালাগে। তেওঁলোকে জেনেৰিক ঔষধবিধৰ কাৰ্যদক্ষতা বা সক্ষমতা যে ব্ৰেণ্ডেড ঔষধৰ দৰে একেই, তাক প্ৰমাণ কৰিলেই হ’ল। কেৱল ঔষধবিধৰ মূল উপাদান, গুণগত মান একেই থাকিলেই হ’ল। ঔষধ প্ৰস্তুত কৰোতে সেয়েহে জেনেৰিক ঔষধ কম খৰচত হয়। যাৰ ফলত জেনেৰিক ঔষধৰ বজাৰমূল্য হ্ৰাস হয়। ব্ৰেণ্ডেড ঔষধৰ তুলনাত কম মূল্যতে ৰোগীয়ে এনে ঔষধ লাভ কৰে।

‘ব্ৰেণ্ডেড’ জেনেৰিক ঔষধ:

ইয়াৰ ঔষধ প্ৰস্তুতকৰ্তা প্ৰতিষ্ঠানে জেনেৰিক ঔষধকে নতুন নাম দি প্ৰস্তুত কৰি বজাৰত প্ৰচলন কৰে। এনে ঔষধ ব্ৰেণ্ডেড প্ৰতিষ্ঠানৰ কৃতিস্তত্ব শেষ হোৱাৰ পাছত বিভিন্ন ঔষধ প্ৰতিষ্ঠানে নিজৰ নামত প্ৰস্তুত কৰে। গৰ্ভনিৰোধক দৰব এনে ঔষধৰ উদাহৰণ। একে মিশ্ৰণৰ এনে ঔষধ বজাৰত বেলেগ বেলেগ প্ৰতিষ্ঠানৰ বেলেগ বেলেগ নামত উপলব্ধ। ভাৰতীয় বজৰত পোৱা অধিকাংশ ঔষধেই ব্ৰেণ্ডেড জেনেৰিক ঔষধৰ তালিকাত পৰে।

ঔষধৰ দামৰ তাৰতম্য:

ওপৰত উল্লেখ কৰা কাৰণৰ বাবে ব্ৰেণ্ডেড ঔষধৰ মূল্য বেছি আৰু জেনেৰিক ঔষধৰ মূল্য ‘ব্ৰেণ্ডেড’ আৰু ‘জেনেৰিক’ৰ ঔষধৰ মূল্য কম হোৱা মানেই এইটো নুবুজায় যে ব্ৰেণ্ডেড ঔষধৰ তুলনাত ইয়াৰ গুণগত মান কম বা ঔষধ কম পৰিমাণৰ থাকে। দুয়োবিধ ঔষধৰ গুণগত মান, পৰিমাণ, কাৰ্যক্ষমতা একেই।

ব্ৰেণ্ডেড জেনেৰিক ঔষধৰ মূল্যৰ তাৰতম্য প্ৰতিষ্ঠানভেদে বেলেগ বেলেগ হোৱা দেখা যায়। ঔষধ প্ৰস্তুতকৰ্তা প্ৰতিষ্ঠানৰ লাভাংশ ইয়াত সন্নিৱিষ্ট হৈ থাকে। মন কৰিবলগীয়া কথা- এনেবোৰ প্ৰতিষ্ঠানৰ ঔষধৰ মূল্য ঔষধ প্ৰস্তুত কৰি বিক্ৰী কৰি অনুমতি দিয়াৰ সময়তে সংশ্লিষত কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰি দিয়ে। বহুতে ভবাৰ দৰে চিকিৎসকক উপহাৰ (?) দিয়াৰ বাবে ঔষধৰ দাম বাঢ়ে বুলি ভবাটো সত্য নহয়। চৰকাৰে এনে ঔষধৰ মূল্য আদিতো কমকৈ নিৰ্ধাৰণ কৰিলে ৰোগীয়েও কম মূল্যত এনে ঔষধ ক্ৰয় কৰিব পাৰিব। ঔষধ প্ৰতিষ্ঠানবোৰে চৰকাৰ নিৰ্ধাৰণ কৰি দিয়া মূল্যৰ উচ্চ সীমা অতিক্ৰম কৰিব নোৱাৰে।

জেনেৰিক ঔষধৰ ব্যৱহাৰ আৰু ৰোগীৰ লাভালাভ:

নিশ্চিতভাৱে সকলো পৰ্যায়তে জেনেৰিক ঔষধৰ ব্যৱহাৰে দুখীয়া ৰোগীসকলৰ চিকিৎসা ব্যয় বহুতো কমাব। মন কৰিবলগীয়া কথাটো হ’ল- জেনেৰিক ঔষধ লিখাৰ আগতে সকলো ঔষধৰ বিপণীত এই ঔষধ সহজলভ্য কৰাব লাগে। এনে জেনেৰিক ঔষধ নিৰ্ভৰযোগ্য তাৰ প্ৰতি চকু দিব লাগে। চৰকাৰ বা সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো মানবিশিষ্ট চিহ্ন ঔষধৰ পেকেটত সহজে চকুত পৰাকৈ সন্নিৱিষ্ট কৰিলে(যিয়ে ঔষধৰ মান সূচায়) ৰোগীৰ সহায় হ’ব। নহ’লে অধিক মুনাফা আদায় কৰিবলৈ অসাধু ব্যৱসায়ীয়ে প্ৰস্তুত কৰা নকল জেনেৰিক ঔষধে ৰোগীৰ সৰ্বনাশ মাতিব। উদাহৰণ স্বৰূপে সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিবলৈ ‘হলমাৰ্ক’, ঘৰৰ সঁজুলিৰ বাবে ‘আই এছ আই’ চিহ্ন আদি। পৰিতাপৰ কথা, সোণৰ বিশুদ্ধতা হলমাৰ্ক জুমি চাওঁ, জীৱন-দায়িনী ঔষধ যি সোণতকৈও মূল্যৱান, কথা যদি সঁচাই চিন্তা কৰো, তেতিয়াহ’লে ঔষধৰ বিশুদ্ধতা মাপ ‘চিহ্ন’ৰ ব্যৱহাৰ নিতান্তই আৱশ্যক।

উৎস: জিএনআৰচি স্বাস্থ্য

3.05
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top