মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / জেনেৰিক ঔষধৰ বিষয়ে কিছু লাগতিয়াল কথা-
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জেনেৰিক ঔষধৰ বিষয়ে কিছু লাগতিয়াল কথা-

জেনেৰিক ঔষধৰ বিষয়ে কিছু লাগতিয়াল কথা লিখা হৈছে

জেনেৰিক ঔষধৰ বিষয়ে কিছু জানিবলগীয়া কথা-

জেনেৰিক ঔষধ আৰু চিকিৎসা ব্যয় হ্ৰাস কৰাত ইয়াৰ ভূমিকা সম্বন্ধে ডা০উদ্দীপ তালুকদাৰৰ তথ্য সম্বলিত লিখনি ইতিপূৰ্বে হয়তো বহু পাঠকৰ পঢ়া মনত আছে৷নতুনকৈ ভাৰত চৰকাৰে এক জৰুৰী পদক্ষেপ লোৱাত এই বিষয়ে নকৈ আলোচনা কৰাৰ প্ৰয়োজনীয়তা দেখা দিছে৷
ভাৰতবৰ্ষত জেনেৰিক দৰব বনোৱা কোম্পানীৰ সংখ্যা বহু হাজাৰ হব৷ প্ৰত্যেকটো এনে কোম্পানীয়ে যাবতীয় লাইচেঞ্চ চৰকাৰৰ পৰা লোৱাটো বাধ্যতামূলক আৰু সেই লাইচেঞ্চৰ নম্বৰ প্ৰত্যেকটো দৰবৰ লেবেলতেই লিখা থাকে৷ বহুতবোৰ খ্যাতনামা কোম্পানীয়েই জেনেৰিক ঔষধ তৈয়াৰ কৰে ৷ যেনে চিপলা, কেডিলা, ৰেনবেস্কি, প্লেথিকো, মিনাৰানি, চাৰাভাই আদি অনেক কোম্পানীয়েই তেওঁলোকৰ দৰব দুই ধৰণেৰে বজাৰত মেলি দিয়ে৷ এবিধ ব্ৰেণ্ডেড, আনবিধ জেনেৰিক ৷ এই দুয়োবিধ দৰবৰেই দাম কিন্তু একে নহয়৷ সাধাৰণতে ব্ৰেণ্ডেডৰ তুলনাত জেনেৰিক দৰবৰ লিখিত মূল্য অধিকহে৷ কিন্তু হ'লচেল বিক্ৰেতাৰ বাবে তাৰ মূল্য অৰ্ধেক বা তাতোকৈয়ো কম৷ অৰ্থাৎত ৰেহাইৰ লাভটো ক্ৰেতাই নাপায়৷ আকৌ চিকিৎসক সকলৰ মনলৈ আহে যেহেতু কম মূল্যত দৰবটো হ'লচেলত বিক্ৰী হৈছে, গতিকে ইয়াৰ গূণগত মান কেতিয়াও ব্ৰেণ্ডেডৰ সমকক্ষ হব নোৱাৰে৷ সেই আশংকাতেই জেনেৰিক ঔষধৰ প্ৰতি প্ৰতিষ্ঠিত ডাক্তৰসকলৰ বিশ্বাস কম৷ আনহাতে কোম্পানীয়ে কয় যেহেতু জেনেৰিকৰ বাবে প্ৰচাৰৰ খৰচ নাই সেয়ে তাক কম দামত দিয়াটো সম্ভৱপৰ৷ মই নিজে দেখাত কোনো জেনেৰিক ঔষধৰ লিখিত মূল্য সচৰাচৰ ব্ৰেণ্ডেডৰ তুলনাত কম আজিলৈকে দেখা পোৱা নাই৷ ইয়াৰ অৰ্থ এইটোৱেই হব যে কোম্পানীয়ে নিজৰ দৰব যি কোনো উপায়েৰে হলেও বিক্ৰী হোৱাটো বিচাৰে - লাভৰ অংশ মাজৰ মানুহক দি হলেও৷ ৰোগীয়ে বা আচল ক্ৰেতাই ইয়াৰ ভূ নাপায়৷

ৰাজস্থানৰ চৰকাৰে যেহেতু নিজৰ তত্বাবধানত তৈয়াৰ কৰা দৰবৰ মূল্য নিজে নিৰ্ধাৰিত কৰে- সেয়ে ইয়াত কোনো মধ্যভোগীক লাভাংশ দিয়াৰ কথা নাহে৷ গতিকেই তাত চৰকাৰে বনোৱা জেনেৰিক ঔষধৰহে মূল্য কম৷ আকৌ গোটেই দেশতে সকলো কোম্পানীৰ জেনেৰিক ঔষধৰ মূল্য কমাবলৈ হলে নিৰ্দিষ্টকৈ চৰকাৰী প্ৰচেষ্টাৰ, আইনী প্ৰক্ৰিয়াৰ প্ৰয়োজন হব৷
এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব খুজিছোঁ ৷ গুৱাহাটীৰ এজন ঔষধ নিৰ্মাতাই মোক এটা চাঞ্চল্যকৰ কথা কৈছিল - ৰাজধানী দিল্লীতেই এনে এখন বজাৰ আছে - য'ত টেবলেট আৰু কেপচুল কিলোগ্ৰাম হিচাবত কিনিবলৈ পোৱা যায়৷ এনে ভুৱা দৰবে ৰোগীৰ কি অৱস্থা কৰিব অনুমান কৰক ! দেশখনৰ পৰা যেতিয়ালৈকে দূৰ্নীতি আতৰ নহয়, আইন ব্যৱস্থা প্ৰহসন হৈ থাকিব-ভাগ্যৰ বলতহে সৰ্বসাধাৰণ জীয়াই থাকিব৷

সংযুক্ত আৰব আমীৰাটত (U.A.E.) কাম কৰাৰ অভিজ্ঞতাৰ পৰা এটা কথা পাঠকক জনাব খুজিছোঁ ৷ তাত প্ৰত্যেকখন প্ৰেচক্ৰিপচনত চিকিৎসকৰ লাইচেঞ্চ নম্বৰৰ ওপৰিও ঠিকনা আৰু মবাইল ফোন নম্বৰ আদি লিখাটো বাধ্যতমূলক৷ দৰবৰ সদায় ৰাসায়নিক নামটোহে (Pharmaceutical name ) লিখিব লাগে কোনো নিৰ্দিষ্ট ব্ৰেণ্ড নহয়৷ আনহাতে বজাৰত উপলব্দ্ধ প্ৰায়বিলাক দৰবৰে মূল্য প্ৰায় ওচৰা ওচৰি৷ অৰ্থাৎ প্ৰত্যেকটো দৰবৰ মূল্য চৰকাৰৰ নিয়ন্ত্ৰণত৷ আনহাতে কম্বিনেচন দৰব অতি কমহে (তাকো অত্যাৱ্যকীয় হলেহে) বজাৰত পোৱা যায়৷ প্ৰেচক্ৰিপচনখনৰ দৰবৰ ব্যৱহাৰ সম্বন্ধে যি কোনো কথা সুধিবলগীয়া হলেই চিকিৎসকলৈ ফাৰ্মাচী,নাৰ্চ বা অইন ডাক্তৰৰ ফোন আহে৷ মই বৰ্তমান কাম কৰি থকা দেশ কাটাৰৰ চুপ্ৰিম কাউঞ্চিল অৱ হেল্থেও সংযুক্ত আৰব আমীৰাটৰ নীতি প্ৰয়োগ কৰাৰ কথা গুনা-গথা কৰি আছে৷

জেনেৰিক ঔষধৰ ভাল বেয়া কেনেকৈ চিনাক্ত কৰিব ?


সাধাৰণলোকৰ কথা বাদেই ডাক্তৰৰ বাবেও বাহ্যিক ৰূপ গেট -আপ চাই ভেজাল ঔষধ চিনাক্ত কৰা সহজ নহয়৷কিন্তু আচল আৰু নকল দৰবৰ কথাটো ঔষধ ক্ৰয় কৰা মালিকজনেহে কব পাৰিব৷ আচল দৰবৰ উচ্চ দামৰ বিপৰীতে নকল দৰব পানীৰ দামত তেওঁ ক্ৰয় কৰে৷ গতিকে যেতিয়ালৈকে ব্যৱসায়ী ব্যক্তিৰ অন্তৰ সৎ নহয় চোৰাংভাবে ভেজাল ঔষধৰ ৰমৰমীয়া ব্যৱসায় ভাৰতবৰ্ষত চলিয়ে থাকিব৷ কথাটো জনস্বাস্থ্যৰ বাবে অত্যন্ত দূৰ্ভাগ্যজনক৷

ভাৰত চৰকাৰে ব্ৰেণ্ডেড দৰব বন্ধ কৰি জেনেৰিক ঔষধ লিখাটো বাধ্যতামূলক কৰাৰ আগতে তলৰ কৰণীয়খিনিকৰিলেহে সাধাৰণ জনতা উপকৃত হব৷
১- সকলো জেনেৰিক দৰব নিৰ্মাণ কৰা কাৰখানাৰ মানদণ্ড,যন্ত্ৰপাতি চৰকাৰে পৰীক্ষা কৰি লাইচেঞ্চ দিয়াৰ ব্যৱস্থা কৰক৷
২- একেবিধ দৰবৰ মূল্য ফেক্টৰীভেদে ভিন্ন হব নোৱাৰিব৷
৩-সকলো ভেজাল দৰবৰ ঘাটি চৰকাৰে উচন কৰক৷
সদ্যহতে গ্ৰাহকে জেনেৰিক ঔষধ ক্ৰয় কৰোতে নিৰ্মাতা কোম্পানীৰ নামটো লক্ষ্য কৰিবলৈ চাব৷একেবাৰে অচিন কাঠৰ থোৰাক বিশ্বাসত নোলোৱাই মংগলজনক হব৷

লেখক-ডা০ ভূপেন শইকীয়া

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top