মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / জেনেৰিক বনাম ব্ৰেণ্ডেড দৰব:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জেনেৰিক বনাম ব্ৰেণ্ডেড দৰব:

জেনেৰিক বনাম ব্ৰেণ্ডেড দৰবৰ বিষয়ে লিখা হৈছে

 

বৰ্তমান সময়ত স্বাস্থ্যবিভাগ আৰু চিকিৎসা কৰ্মীসকলে ঔষধৰ নাম সম্পৰ্কে বিভিন্ন প্ৰশ্নৰ সন্মুখীত্ন হ’বলগীয়া হয়। চিকিৎসা মাননিৰ পৰা দৰবৰ মূল্য নিৰ্ধাৰণলৈ অনেক প্ৰশ্ন। এই প্ৰশ্নবোৰ উদয় হয়, যেতিয়া বিষয়বোৰ সৰ্বসাধাৰণে ভালদৰে বুজিব নোৱাৰে আৰু স্বাস্থ্যকৰ্মীৰ ওপৰত ভৰষা কৰিব নোৱাৰে। এই প্ৰশ্নবোৰৰ ভিতৰত অন্যতম হল জেনেৰিক দৰব আৰু ব্ৰেণ্ডেড দৰবৰ ধাৰণা। সকলো লোকেই দৰবৰ নামৰ ক্ষেত্ৰত দোমোজাত থাকে। চিকিৎসা ব্যৱস্থাৰ মূল আধাৰ স্বৰূপ এই দৰবৰ ব্যৱস্থাটোত শংকা থাকিলে মানুহৰ চিকিৎসা ব্যৱস্থাৰ প্ৰতি আস্থা অনাটো সহজ নহব। দৰবৰ ওপৰত থকা জনসাধাৰণৰ ধাৰণা স্পষ্ট নোহোৱাৰ ফলত সৃষ্টি হোৱা প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ বা ইয়াৰ বিষয়ে সজাগতা আনিবলৈ বিভিন্ন বাতৰি কাকত তথা টেলিভিচনৰ অনুষ্ঠানৰ যোগেদিও চেষ্টা কৰা হৈছেত। তথাপি বিষয়টোৰ প্ৰতি সজাগতা সৃষ্টি কৰাত বিফল হৈছে।

বহু প্ৰশ্নৰ ভিতৰত অন্যতম প্ৰশ্ন জেনেৰিক আৰু ব্ৰেণ্ডেড দৰাবৰ বিষয়ে কিছু কথা প্ৰকাশ কৰাৰ চেষ্টা কৰিছো। সুস্বাস্থ্য সকলো শ্ৰেণীৰ লোকৰ বাবে অতি প্ৰয়োজনীয় আৰু সুস্বাস্থ্যৰ বাবে চিকিৎসা তথা দৰব এৰাব নোৱাৰা বিষয়। প্ৰকৃততে বিপদত নপৰালৈ মানুহে চিকিৎসকৰ ওচৰ নাচাপে। আজিকালি বেছিভাগ ক্ষেত্ৰতে চিকিৎসক অথবা চিকিৎসালয়ে ৰোগীৰ পৰা অনাহকতে বা যুক্তিহীনভাৱে অধিক মাচুল আদায় কৰাৰ প্ৰৱণতা দেখা যায়।

নিয়ম অনুসৰি চিকিৎসকে প্ৰেচক্ৰিপচনত দৰবত থকা ছল্টৰ নামবোৰহে লিখিব লাগে-

কিন্তু চিকিৎসকে ব্ৰেণ্ডৰ নামবোৰ লিখে। ইয়াৰ প্ৰধান কাৰণ হিচাপে সৰ্বসাধাৰণে কব খোজে যে দৰবৰ কোম্পানীবোৰৰ লগত থকা বুজাবুজিৰ বাবে চিকিৎসকে মেডিকেল ৰিপ্ৰেজেন্টেটিভে দিয়া নিৰ্দেষ্ট দৰববোৰৰ নামহে লিখে। কিছুমান চিকিৎসকে অৱশ্যে তেনেকুৱা নকৰা নহয়। তেনেকুৱা ধৰণে বিক্ৰী বঢ়োৱা কোম্পানীবোৰৰ দৰব প্ৰস্তুত কৰোতে হোৱা খৰচৰ ওপৰত লাভ অধিক পৰিমাণত ৰাখিবলগীয়া হোৱা বাবে ব্ৰেণ্ডেড দৰবৰ মূল্য অধিক হৈ পৰে। এই ধৰণৰ দৰবৰ কোম্পানীয়ে বিক্ৰী বৃদ্ধিৰ বাবে মেডিকেল ৰিপ্ৰেজেনণ্টেটিভক দিবলগীয়া খৰচ আৰু সংশ্লিষ্ট চিকিৎসকক দিবলগীয়া ধনৰ সকলোবোৰ খৰচ দৰবৰ জৰিয়তে ৰোগীৰ পৰাই আহৰণ কৰে। বহুচিকিৎসকে কথাটো জানিও, নিজে এনেকুৱা উপাৰ্জনৰ প্ৰতি আকৃষ্ট নহ’লেও জেনেৰিক দৰবৰ নাম ব্যৱহাৰ কৰিবলৈ ইচ্ছুক নহয়। ইয়াৰ কাৰণ হ’ল জেনেৰিক দৰবৰ আঁৰত বিক্ৰী হোৱা ভেজাল দৰব বা একে নামৰে কম শক্তিসম্পন্ন দৰব বজাৰত কিনিবলৈ পোৱাটো। এনেকুৱা দৰব ব্যৱহাৰ কৰিলে ৰোগী সোনকালে আৰোগ্য নহয় আৰু চিকিৎসকজনৰ বদনাম হোৱাৰ লগতে ৰোগীৰ অধিক ক্ষতি হোৱাৰ সম্ভাৱনা নথকা নহয়। সেইবাবেই চিকিৎসকসকল দোমোজাত ভুগিবলগা হয়।

আনহাতে জেনেৰিক দৰব প্ৰস্তুত কৰা কোম্পানীবোৰে বিক্ৰেতাসকলৰ বাবে অধিক লাভ ৰাখি দৰবৰ মূল্য নিৰ্ধাৰণ কৰি থৈ দিয়ে। গতিকে সৰ্বশেষত এই সকলোবোৰ বোজা ভুগিব লগীয়া হয় সৰ্বসাধাৰণ ৰাইজে।

এই সমস্যাটোৰ বিষয়ে সকলোৱে বিদিত। এতিয়া এই সমস্যাৰ সমাধান বিচাৰি বলৱৎ কৰা আইনবোৰ বিশ্লেষণ কৰিলে দেখা যায় যে এই আইনৰ ধাৰাবোৰ প্ৰকৃততে জনসাধাৰণৰ বাবে উপকাৰত অহাকৈ প্ৰস্তুত কৰা হৈছে। কিন্তু আইনখন বলৱৎ কৰা হৈছে নে নাই, সেই বিষয়ে চোৱাচিতা কৰাৰ প্ৰক্ৰিয়াটোহে কঠোৰ নহয়। সকলোবোৰতে যেন সুৰুঙা থাকি গৈছে। সৰ্বসাধাৰণক জেনেৰিক আৰু ব্ৰেণ্ডেড দৰবৰ ধাৰণাটো স্বচ্ছ কৰিবলৈ হ’লে ইয়াৰ প্ৰকৃত ধাৰণাটোৰ বিষয়ে আলোচনা কৰা প্ৰয়োজন।

সাধাৰণতে এডালটেৰেটেড বা স্পুৰিয়াছ ড্ৰাগ অথবা ভেজাল দৰবেই জনমানসত ‘জেনেৰিক দৰব’ ৰূপে প্ৰচলিত। দৰাচলতে প্ৰায়বোৰ মানুহে জেনেৰিক আৰু ব্ৰেণ্ডেড দৰবৰ পাৰ্থক্যৰ বিষয়ে নাজানে। আইনী ভাষা মতে, ‘ব্ৰেণ্ড’ মানে হ’ল কোনো নাম, শব্দ, ডিজাইন, চিহ্ন, ট্ৰেডমাৰ্ক অথবা অন্য কোনো প্ৰতিচিহ্ন- যিয়ে বিক্ৰী কৰিবলগীয়া বস্তুটোৰ দ্বাৰা বিক্ৰেতা কোম্পানীক অন্য কোম্পানীৰ পৰা পৃথক বুলি অভিহিত্য কৰে। ‘জেনেৰিক দৰব’ হ’ল সকলো ফালৰে পৰা ব্ৰেণ্ডেড দৰবৰ দৰে সমান গুণসম্পন্ন আৰু ফাৰ্মাকোপিয়া নামৰ কিতাপখনত উল্লেখিত নামেৰে ব্ৰেণ্ডবিহীনভাৱে জনাজাত।

 

জেনেৰিক দৰবৰ নামবোৰ ব্ৰেণ্ডেড দৰববোৰৰ দৰে বজাৰত প্ৰচলিত নহয়-

কাৰণ এই ধৰণৰ দৰববোৰৰ প্ৰচাৰৰ বাবে অথবা মাৰ্কেটিঙৰ বাবে কোনো মেডিকেল ৰিপ্ৰেজেন্টেটিভ ব্যৱহাৰ নকৰি পোনে পোনে বজাৰত বিক্ৰী কৰে। ফলত কোম্পানীৰ মাৰ্কেটিঙৰ খৰচ ৰাহি হয়। যাৰ বাবে বিক্ৰেতাই এই দৰববোৰ কম দামত বিক্ৰী কৰিব পাৰে। কিন্তু ইয়াৰ দ্বাৰা ৰোগীয়ে অধিক পৰিমাণত লাভৱান্বিত হ’ব পৰা নাই, কাৰণ বহুতো জেনেৰিক দৰবত বিক্ৰীমূল্য অধিক হাৰত লিখা থাকে। বহুঠাইত এই দৰববোৰ ছপা মূল্যতে বিক্ৰী কৰা হয় আৰু বিভিন্ন কোম্পানীৰ জেনেৰিক দৰবৰ মূল্যও ভিন ভিন হয়। লগতে চিকিৎসকে প্ৰেচক্ৰিপচনত লিখিবলৈ জেনেৰিক দৰবৰ সঠিক প্ৰচলিত নাম নোপোৱাৰ ফলত ব্ৰেণ্ডেড দৰবৰ নামেই লিখিবলগীয়া হয়। ফলত সাধাৰণ মানুহে জেনেৰিক দৰব কম মূল্যত নাপায়।

আনহাতে ব্ৰেণ্ডেড দৰব নাম জানে কিন্তু ইয়াৰ দাম তুলনামূলকভাৱে বেছি। মুঠতে জেনেৰিক অথবা ব্ৰেণ্ডেড দুয়োবিধ দৰবেই সৰ্বসাধাৰণে অধিক দামত কিনিবই লগীয়া হয়। ইয়াৰ উপৰি জেনেৰিক দৰববোৰ ব্ৰেণ্ডেড দৰবতকৈ নিম্ন মানদণ্ডৰ বুলি এটা ধাৰণাও মানুহৰ মনত থাকে।

প্ৰকৃতাৰ্থত নিম্ন গুণমানসম্পন্ন দৰববোৰ জেনেৰিক দৰব নহয়, ই ভেজাল দৰবহে। জেনেৰিক দৰববোৰ ব্যৱহাৰৰ উপযোগী আৰু নিৰ্দিষ্ট মানদণ্ড পৰীক্ষা কৰাৰ উপৰিও চৰকাৰী অনুজ্ঞাপত্ৰ সহকাৰে বনোৱা হয়। এইবোৰ ভুল ধাৰণা আঁতৰাবলৈ আৰু দৰবৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে বহুতো আইন বনাইছে যদিও বলৱৎকাৰী আৰু ৰাইজৰ সজাগতাৰ অবিহনে এইবিলাক আপাত দৃষ্টিত মূল্যহীন যেন লাগে।

চিকিৎসা ব্যৱস্থাত দৰবৰ বিষয়টো নিয়ন্ত্ৰণ কৰিবলগীয়া হৈছে। একেটা দৰবৰে বিভিন্ন নামেৰে, বিভিন্ন দামেৰে দৰববোৰ বজাৰত পোৱা যায়। ৰোগী, ৰোগীৰ অভিভাৱক তথা চিকিৎসকেও বিষয়টোত সুনিৰ্দিষ্টকৈ একো কব নোৱাৰা হৈ পৰিছে। যেন ধনী শ্ৰেণীৰ বাবে চিকিৎসাৰ মানদণ্ড বেলেগ আৰু দুখীয়াৰ বাবে বেলেগ।

দাম বৃদ্ধি কৰিবলৈ অথবা অধিক উপাৰ্জন কৰিবলৈ একে কাম কৰা নতুন চল্টবোৰ বজাৰত ভিন্ন নামেৰে উলিয়াই দিও ব্যৱস্থাটোৰ সংশয় বঢ়াইছে। চিকিৎসা সেৱা সকলোৰে বাবে প্ৰাপ্য যদিও বহুতে চৰকাৰীভাৱে পাব পৰা দৰববোৰ জেনেৰিক বাবে কাম নকৰে অথবা লেহেম গতিত কাম কৰে বুলি ভাবে। বজাৰত বিভিন্ন ধৰণৰ জেনেৰিক আৰু ব্ৰেণ্ডেড দৰব আছে। অতি ব্যস্ত চিকিৎসকসকলৰ দৰবৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ সঁচাকৈয়ে সময় নাথাকে। যাৰ বাবে তেখেতসকলে মেডিকেল ৰিপ্ৰেজেনন্টেটিভে কোৱা দৰববোৰ বা অধিক মূল্যৰ দৰববোৰকে ভাল বুলি বিবেচনা কৰিবলগীয়া হয়।

এইধৰণৰ সমস্যাবোৰ সমাধান কৰিবলৈ দৰবৰ কোম্পানীবোৰক দাম নিৰ্ধাৰণৰ ক্ষেত্ৰত চৰকাৰী বিভাগৰ দ্বাৰা ভালদৰে নিৰীক্ষণ কৰি থকা উচিত। একে ধৰণৰ বিভিন্ন কোম্পানীৰ দৰবৰ ভিন্ন দাম হ’ব নালাগে। চিকিৎসকসকলৰ চি.এম.ই.ত দৰবৰ বিষয়ে আলোচনা কৰা উচিত আৰু সেইবোৰত দক্ষ ফাৰ্মাচিষ্টসকলক নিজৰ বক্তব্য ৰখাৰ সুবিধা প্ৰদান কৰা উচিত।

জেনেৰিক দৰবৰ দামবোৰৰ সামঞ্জস্য ৰাখি বজাৰত উলিয়াই দিব লাগে। ফাৰ্মাচিষ্টসকলৰ কেৱল দৰব বিতৰণ কৰায়ে কাম বুলি নাভাবি, দৰবৰ বিষয়ে নিৰ্ধাৰিত সকলো কামতে নিয়োগ কৰা উচিত। দৰব নিয়ন্ত্ৰক বিভাগটোক প্ৰথমে নিজে সুনিশ্চিত তথা সুব্যৱস্থিত কৰি লোৱা উচিত। চিকিৎসকসকলে জেনেৰিক দৰবৰ ব্যৱহাৰেৰে ৰোগী তথা নিজে লাভৱান্বিত হোৱা বিষয়টোত অধিক সজাগ হোৱা উচিত। কাৰণ সুস্বাস্থ্যক যদি আমি নাগৰিকৰ সাংবিধানিক অধিকাৰ অথবা মানৱ অধিকাৰ বুলি অভিহিত কৰো, তেন্তে ইয়াৰ ব্যৱস্থাপনাৰ কোনো এটা দিশকে অৱহেলা কৰাটো উচিত নহয়। এই অধিকাৰৰ প্ৰতি লক্ষ্য ৰাখি ১৯৯৫ আৰু ২০১৩ চনত ব্যৱহাৰিকভাৱে দৰবৰ মূল্য নিয়ন্ত্ৰণৰ চৰকাৰী নিৰ্দেশ প্ৰস্তুত কৰা হৈছিল। এই নিৰ্দেশ অনুযায়ী বহুতো অতি প্ৰয়োজনীয় দৰবৰ মূল্য কম কৰি জেনেৰিক বা ব্ৰেণ্ডেড দৰব ক্ৰয় কৰাটো সৰ্বসাধাৰণৰ বাবে সহজসাধ্য কৰি তোলাৰ প্ৰয়াস কৰা হৈছে। এই নিৰ্দেশত জেনেৰিক আৰু ব্ৰেণ্ডেড দৰবৰ বিষয়ে কোনো ধৰণৰ বিশদ বিৱৰণ নাই।

বৰ্তমানে অতি প্ৰয়োজনীয় দৰবৰ দাম কিছু পৰিমাণে কমিছে যদিও চিকিৎসা ব্যৱস্থা আৰু ব্যক্তিগত চিকিৎসালয়ৰ খৰচ আদিৰ বৃদ্ধিয়ে সৰ্বসাধাৰণ লোকক জুৰুলা কৰিছে। সেয়ে তেওঁলোকে জেনেৰিক আৰু ব্ৰেণ্ডেড দৰবৰ পাকচক্ৰতে মূল্য আৰু গুণাগুণ সম্পৰ্কে বিভ্ৰান্তিত ভুগিছে।

বহু স্বাস্থ্যকৰ্মীৰ মতেও জেনেৰিক দৰব মানে ভেজাল বা মানদণ্ড বিহীন দৰব। সেয়েহে এইবিলাক দৰব কম দামত পোৱা যায়। প্ৰকৃততে দৰবৰ মানদণ্ড আৰু কাৰ্যক্ষমতা ইয়াৰ মূল্যৰ ওপৰত নিৰ্ভৰ নকৰে। নিম্নমানদণ্ডৰ দৰব, ভেজাল দৰব, ভূলকৈ লেবেল লগোৱা দৰব, মিছাকৈ প্ৰচাৰিত দৰব, কাউন্টাৰফেইট দৰব আদিৰ প্ৰচলন বন্ধ কৰিবলৈ মূলতঃ ‘প্ৰোকিউৰমেন্ট’ আৰু ‘কোৱালিটি এচুৰেঞ্চ’ শাখা দুটাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া প্ৰয়োজন।

সকলো মানুহৰ জীয়াই থকাৰ অধিকাৰ যিহেতু সাংবিধানিক, গতিকে জীৱন ৰক্ষাকাৰী দৰব আৰু প্ৰক্ৰিয়াৰ সহজলভ্যতা আৰু সকলো লোকে কিনিব পৰাকৈ এইবিলাকৰ মূল্য নিৰ্ধাৰণ কৰা উচিত। আইনেৰে সকলো ব্যৱস্থা কৰি থলেও তাক কাৰ্যকৰী কৰিবলৈ প্ৰয়োজন হয় জনসজাগতাৰ। স্বাস্থ্য ব্যৱস্থাৰ প্ৰতিটো বৃত্তিৰ সন্মান ৰক্ষা কৰি, এটা বৃত্তিৰ লোকে আন বৃত্তিৰ কাম কৰা প্ৰচলিত প্ৰথাটো এৰাই চলি সকলোকে নিজৰ নিজৰ কাম কৰিবলৈ সুবিধা দিলে বৃত্তিগত উত্তম কৰ্মৰ আশা কৰিব পৰা যায়।

দৰব সম্বন্ধীয় সকলো পদতে বিভিন্ন ধৰণৰ ফাৰ্মাচিষ্টক নিযুক্তি কৰি তেওঁলোকৰ পৰা উত্তম সেৱা আদায় কৰাটো সংশ্লিষ্ট দৰববোৰৰ ওপৰত থকা জনসাধাৰণৰ ধাৰণা বা সংশয় দূৰ কৰিবলৈ সঠিক আৰু ফলপ্ৰসূ নিয়মবোৰ প্ৰয়োগ কৰিলে নিশ্চয়কৈ দৰবৰ দ্বাৰা সকলো শ্ৰেণীৰ লোক সমানে লাভৱান্বিত হ’ব পাৰিব।

দৰবেৰেও শ্ৰেণীবিভাজন কৰা বা দুখীয়া ধনী বা জনা নজনা মানুহৰ বিভেদ অনাটো সংবিধানৰ সমতাৰ অধিকাৰৰ বিপৰীত বুলি কব পাৰি। গতিকে জেনেৰিক অথবা ব্ৰেণ্ডেড দৰবৰ ধাৰণাবোৰ সলনি কৰি সকলোৰে বাবে সমান মূল্যত সমান গুণসম্পন্ন দৰব পাব পৰা ব্যৱস্থা কৰাটো চৰকাৰৰ এক অন্যতম লক্ষ্য হোৱা উচিত।

লেখক: মুনিন হুজুৰী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top