মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / ডাক্তৰ বন্ধুৰ ফাৰ্মেচীত
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডাক্তৰ বন্ধুৰ ফাৰ্মেচীত

ডাক্তৰ বন্ধুৰ ফাৰ্মেচীত

অসমৰ সৰু-বৰ চহৰত ডাঙৰ ডাঙৰ হৰ্ডিং আৰু বাতৰিকাকতত ডাঙৰ ডাঙৰ বিজ্ঞাপনেৰে প্ৰচাৰিত হৈছে এক ঔষধ-নহয়, ঔষধ নহয় টনিক। ঔষধতো বেমাৰ হ’লেই খায়, কিন্তু টনিক? এজন ব্যক্তিৰ প্ৰাকৃতিকভাৱে যিখিনি আছে তাক আৰু উচ্চ, সৰ্বোচ্চতম সীমালৈ কঢ়িয়াই নিবলৈকে যেন এই টনিক! ব্ৰেনোলিয়া-বিজ্ঞাপনত উল্লেখ কৰা টনিকটোৰ নাম। দাবী কৰা হৈছে স্মৃতিশক্তি আৰু স্বাস্থ্য সতেজ ৰখাৰ উত্কৃষ্ট টনিক হেনো এইবিধ। অভ্যাসবশতঃ ফাৰ্মেচী দুই এখনত খবৰ কৰিছিলো-ব্ৰেনোলিয়া আছে নে নাই, দুই তিনিবাৰ খবৰ কৰিছিলো-নাই, আনিলেই শেষ হৈ যায়।

আচৰিত!

কেতিয়াবা ভাব হয়, টকা-পইচা গোটাই টনিকৰ ব্যৱসায়তেই নামো নেকি! এদিন ফাৰ্মেচী এখনত ৰৈ থাকোতেই ডাক্তৰৰ ব্যৱস্থা-পত্ৰ লৈ এজন আদহীয়া লোকে ব্ৰেনোলিয়া বিচাৰি আহিলে। বেছ হাততে চিকাৰ! কোন ডাক্তৰে ব্যৱস্থা-পত্ৰ দিছে, কাৰ কাৰণে লাগে আদি সুধিলোঁ। উত্তৰত পালোঁ-ছোৱালীজনী অষ্টমমান শ্ৰেণীত পঢ়ে, অংকৰ ফৰ্মূলা একদম মনত নাথাকে, আজিৰ বাতৰিত বিজ্ঞাপন দেখিলে ব্ৰেনোলিয়াৰ, তথাপি খুওৱাৰ আগতে ডাক্তৰৰ লগত পৰামৰ্শ লৈ এয়া কিনিবলৈ আহিছে। সুধিলো-কেলেই? ৰাতিপুৱা গধূলি ভালদৰে গাখীৰ খুৱালেচোন এই টনিকৰ প্ৰয়োজন নাই? কথা শুনি মানুহজনে মোলৈ অলপ দেৰি ঘোপাকে চাই থাকিল। তাৰ পিছত আলফুলে টনিকৰ বটলটো লৈ গাড়ীত উঠি গ’লগৈ। ফাৰ্মেচী মালিকৰ তাচ্ছল্যৰ হাঁহিটো হজম কৰি কোনোমতে কৈছিলোঁ- ব্ৰেনোলিয়া খাই সেইটোহে মগজ হৈছে। নাই কেৱল ব্ৰেনোলিয়াক দোষ দি কি লাভ-হাজাৰ হাজাৰ ব্ৰেইন টনিকে ৰমৰমাই আছে বজাৰ। কিয় এই আসক্তি?
আগতে মানুহে বিশ্বাস কৰিছিল ঈশ্বৰক। আজিকালি ঈশ্বৰ বিশ্বাসৰ পৰিপূৰক হিচাপে ঔষধ বেপাৰীয়ে আনিলে টনিক। ‘হৰেকৰকমৰ টনিকৰ ভিতৰত আজি বজাৰত ব্ৰেইন টনিকৰ সমাদৰ বেছি। যেতিয়াই বিজ্ঞানে ক’লে মানুহৰ মূৰৰ মাজত থকা ব্ৰেইন বা মগজুৰ ওপৰতেই শৰীৰৰ সকলো প্ৰক্ৰিয়াই নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দায়বদ্ধতা থাকে, তেতিয়াই আৱিস্কাৰ হ’ল ব্ৰেইন টনিক। এই টনিকেৰে যেন অহৰ্নিশে পূজিব লাগিব ব্ৰেইনক-নহ’লে সকলো খেলি-মেলি হ’ব। কিন্তু চিকিৎসা বিজ্ঞানৰ ক’তোৱেই টনিক খাই ব্ৰেইন শক্তিশালী কৰাৰ কথা উল্লেখ নাই। স্মৃতিশক্তি বঢ়োৱা, বুদ্ধি বঢ়োৱা আদিৰ প্ৰতি মানুহৰ দুৰ্বলতাৰ সুযোগতেই চিকিৎসা বিজ্ঞানক বুঢ়া আঙুলি দেখুৱাই টনিকৰ ব্যৱসায় চলি আছে।
জেনেটিক তত্ত্ব, সামাজিক পৰিৱেশ আৰু অভ্যাস আদি লৈ স্মৃতিশক্তি, বুদ্ধি বঢ়োৱা আদি বিষয়ত আলোচনা কৰিব পাৰি। কিন্তু টনিক! এয়া মূৰ্খামিৰ বাহিৰে আন একো নহয়। কেইবিধমান ভিটামিন, কিছু অদৰ্কাৰী বস্তু আৰু এটা সুন্দৰ গোন্ধ মিলাই, এটি সুন্দৰ নাম দি, সুন্দৰ পেকিঙেৰে এনেদৰে এবিধ টনিক বজাৰত উলিয়াই দিয়া হয় যে, তাৰ এচামুচ খালেই যেন গাধয়ো সংস্কৃত ‘শ্লোক মাতিব পৰা হ’ব! ব্ৰেনোলিয়া। কেৱল নাম হী কাফী হে!’ তেনেদৰে ‘নেভ্ৰোভিটামিন ফ’ৰ। আৰু এখোপ চৰা- যেন ‘নিউৰো’ৰ বাবে প্ৰয়োজনীয় সকলো ভিটামিনেৰে শক্তিশালী এই টনিক। কিন্তু মগজুক ভিটামিনৰ কি প্ৰয়োজন আছে আৰু এনেদৰে দিয়া ভিটামিন কামত আহে বুলি কোনো চিকিৎসা শাস্ত্ৰত উল্লেখ নাই। তেনেকৈ নাৰ্ভৰ নামত “নাৰ্ভিটোন”। কিন্তু আপুনি কাক ক’ব কোনে শুনিব?

এদিন ডাক্তৰ বন্ধুৰ লগত বিৰাট তৰ্ক। তেওঁ বেছ বিজ্ঞৰ দৰে কৈ গ’ল- “শুনা, “গ্লিচাৰোফচফেট’ মানুহৰ স্নায়ুকোষত থাকে। এইবিধ বস্তু কমি গ’লে ব্ৰেইন, নাৰ্ভ দুয়োটাই দুৰ্বল হৈ যায়-গতিকে তেতিয়া এই গ্লিচাৰোফচফেট থকা টনিক খাবলৈ দিয়া হয়। নাজানি নুবুজি মূৰ্খৰ দৰে মানুহক বিপথে পৰিচালিত নকৰিবাচোন”।

ভিজা মেকুৰী হৈ বন্ধুৰ চেম্বাৰৰ পৰা ওলাই আহিছিলোঁ। পিচত দেখিলো এসোপা গ্লিচাৰোফচফেট থকা ঔষধ- ফচফোটন, ফচফোমিন, টেনোফচ। তথাপিও মনে নামানিলে। চিকিৎসা বিজ্ঞানৰ পাত লুটিয়াই তন্ন তন্ন কৰি চোন নাৰ্ভক গ্লিচাৰোফচফেট যোগান ধৰাৰ কথা বিচাৰি নেপাওঁ! অৱশেষত পালো- গ্লিচাৰোফচফেট-শৰীৰে নিজেই খাদ্য সম্ভাৰৰ পৰা গোটাই লয়। তৈয়াৰী অৰ্থাৎ কৃত্ৰিম গ্লিচাৰোফচফেটৰ এটা কণাও স্নায়ুৱে গ্ৰহণ নকৰে। মেডিকেল জাৰ্ণেলৰ সেই আপুৰুগীয়া লাইন কেইটাৰ ফটোকপি কৰি ডাক্তৰ বন্ধুৰ ওচৰলৈ দৌৰি গৈছিলোঁ। পিছে ইতিমধ্যেই টনিক প্ৰেচক্ৰাইব কৰি টনিক কোম্পানীৰ পৰা উপহাৰ পোৱা টিভি চোৱাত ব্যস্ত বন্ধুৱে হাঁহি এটা মাৰি বিৰক্তিৰে ক’ৰবাৰ পৰা খুচৰি প্ৰচাৰ পত্ৰ এখন উলিয়াই দিলে-য’ত লিখা আছে তেওঁ টনিকৰ সপক্ষে কোৱা কথাখিনি। টনিক কোম্পানীৰ সেই প্ৰচাৰ পত্ৰখন মোৰ হাতত দি ক’লে-ক’ৰপৰা গোটাই আনাহে এই টুকুৰা টুকুৰী কাগজ? এইখন চোৱা আৰ্ট বৰ্ডত কি ধুনীয়া প্ৰিণ্টিং- লৈ যোৱা লাগে যদি। মনে মনে ক’লো-বেটা মৌজ কৰিছ-তোৰ টেলিভিছন আৰু এই ৰঙীন পুস্তিকাৰ পইচাও যে অনৰ্থক টনিক কিনাবোৰে দিব লগা হৈছে খবৰ নাই। বন্ধুক মেডিকেল জাৰ্ণেলৰ পাতখিলা লৈ বুজাবলৈ চেষ্টা কৰিলোঁ। অৱশেষত- বন্ধুৱে ক’লে-“চোৱা, তোমাৰ হাতত জাৰ্ণেল আছে, মোৰ হাতত পুস্তিকা আছে-ধৰিলোঁ মই আজি জাৰ্ণেল মতে টনিকটো ৰেফাৰ নকৰিলো কাকো। তাৰ পিচত তুমি খবৰ কৰিবাচোন-কিমান মূৰ্খই নিজে বিজ্ঞাপন চাই টনিক কিনি খাইছে”।

এয়ে আমাৰ ডাক্তৰ বন্ধু! মাটিৰ বাবে যেনেকৈ চুপাৰ ফচফেট-মগজুৰ বাবে গ্লিচাৰোফচফেট!! অথচ আজিলৈকে মানুহৰ দেহৰ স্নায়ুকোষত গ্লিচাৰোফচফেটৰ অভাৱ বিশ্বৰ ক’তো হোৱা নাই। কিন্তু কি কৰিব? টনিক কোম্পানীয়ে কৈছে-গতিকে স্নায়ুকোষক সেইবিধ সাৰ যোগান ধৰিবইতো লাগিব!
‘সেইদৰে তিনিবিধ ভিটামিনৰ টনিক আৰু ইনজেকচন ডাক্তৰসকলৰ বৰ প্ৰিয়। বি১, বি৬ আৰু বি১২। কিন্তু অতি পৰিতাপৰ কথা নিউৰোবিয়ান, এৰিষ্টনিউৰোন আদি ভিটামিন ইনজেকচনবোৰ শৰীৰটোক যে কেতিয়া প্ৰয়োজন হয় সেয়া চিকিৎসা বিজ্ঞান পঢ়া কোনো লোকেই নাজানে। জানে ইয়াৰ ব্যৱসায়ীসকলৰ প্ৰচাৰপত্ৰ পঢ়াসকলেহে। তেওঁলোকে কয় স্নায়ুকোষক এইবোৰ বস্তু লাগে আৰু স্নায়ুকোষত এই তিনিবিধ ভিটামিন যোগান ধৰি থাকিব লাগে। কিন্তু, কেতিয়া আৰু কেনেকৈনো এই তিনিবিধ ভিটামিন স্নায়ুকোষত কমি যাব পাৰে সেই কথাই উল্লেখ নাই চিকিৎসা বিজ্ঞান শাস্ত্ৰত। গতিকে বেপাৰীবোৰে আমি ক’ব খোজা কথা যুক্তিৰে খণ্ডাব পাৰিবনে? তেওঁলোকে নিম্নলিখিত ছটা সিদ্ধান্তক প্ৰত্যাহ্বান হিচাপে লওঁকঃ

১) টনিক এটা অন্ধ বিশ্বাস,

২) টনিক খাই শৰীৰৰ একো লাভ নহয়,

৩) মগজুক টনিকেৰে উন্নত, সুস্থ কৰিব নোৱাৰি;

৪) স্নায়ুক টনিক, ভিটামিন ইনজেকচনেৰে একো যোগান ধৰিব নোৱাৰি;

৫) অপ্ৰয়োজনত ভিটামিন গ্ৰহণ কৰি থাকিলে ৰোগহে হয়;

৬) টনিকৰ নামত পইচা পানীত পেলোৱা হয়।

এইবোৰকে বলকি আছিলোঁ বন্ধুৰ ফাৰ্মেচীত ৰৈ। বন্ধুৱে বটল এটা দি ক’লে-‘বাদ দে, বাদ দে এইবোৰ। এইটো কাঁহৰ ঔষধ। খাই দে। ভাল এলক’হল আছে। চিন্তাৰ পৰা মুক্ত হ’ব পাৰিবি-এইকেইদিন বিৰাট বিক্ৰী হৈছে- নে। পিচে জ্বলা জুইত ঘিউহে ঢালিলে।।

লিখক: পঙ্কজ নেওগ

2.97916666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top