মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / ঢেকীয়াৰ উপকাৰিতা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঢেকীয়াৰ উপকাৰিতা :

ঢেকীয়াৰ উপকাৰিতাৰ বিষয়ে লিখা হৈছে ।

 

ঢেকীয়াত প্ৰটিন, ভিটামিন এ, ভিটামিন বি, কম্প্লেক্স, ভিটামিন চি, ভিটামিন ই, বিতা কেৰোটিন, এন্টিঅক্সিডেন্ট, কেলচিয়াম, আইৰণ, ফছফৰাছ ইত্যাদি পোৱা যায়।

(১)নিৰামিষভোজী সকলৰ বাবে ই খুব উপকাৰী কাৰণ ইয়াত প্ৰটিন আছে আৰু লগতে লাগতিয়াল ভিটামিন আৰু খনিজ পদাৰ্থ আছে।গতিকে মাংস নাখাই পুষ্টিহীনতাত ভূগিছো বুলি ভুল ধাৰণা লব নালাগে। ই সহজলভ্য আৰু পুষ্টিকৰ খাদ্য।নিচিন্ত মনেৰে খাওক ৷

(২)কেলচিয়াম,ফচফৰাছ থকা বাবে হাড়ৰ গঠনৰ বাবে উপকাৰী।

(৩)জীৱণুনাশক গুণ থকা আৰু স্বভাৱত শীতল হোৱা বাবে পেচাবৰ সমস্যা যেনে মূত্ৰনলীৰ সংক্ৰমণ বা ইউৰিনাৰী ট্ৰেক্ট ইনফেক্সন (UTI)ত উপকাৰী।

(৪)বিতা কেৰোটিন ,ভিটামিন চি থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে।

(৫)ৰুচি বৰ্ধক,আৰু কোষ্ঠকাঠিন্য দুৰ কৰে।

(৬)পেলুৰ সমস্যাত ঢেকীয়া শাক উপকাৰী।

(৭)লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।ইয়াৰ উপৰিও জণ্ডিচ, ফেটি লিভাৰত উত্তম পথ্য।

(৮)ডায়েবেটিচ ৰোগীৰ বাবে ঢেকীয়া সুপথ্য ।

(৯)ভিটামিন এ থকা বাবে দৃষ্টি শক্তিৰ বাবে উপকাৰী ।

লেখিকা: ৰেইনী দেৱী( আয়ুৰ্বেদিক চিকিৎসক)

ফোন নং 7399114617

 

 

3.11111111111
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top