অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ত্ৰিফলা :

ত্ৰিফলাৰ বিষয়ে লিখা হৈছে ।

 

ত্ৰিফলা চূৰ্ণ হৈছে এক প্ৰসিদ্ধ আয়ুৰ্ৱেদিক ৰাসায়নিক সূত্ৰ যি শিলিখা, ভোমোৰা আৰু আমলখিৰ বীজ উলিয়াই সমান মাত্ৰাত প্ৰস্তুত কৰি গ্ৰহণ কৰা হয় । ত্ৰিফলা শব্দৰ অৰ্থ হৈছে তিনিটা ফল। ত্ৰিফলা নিয়মিত ৰুপত সেৱন কৰিলে শাৰীৰিক দূৰ্বলতা নাশ হয় । ইয়াৰ উপৰিও ত্ৰিফলাৰ এনে বহু স্বাস্থ্যবৰ্ধক গুণাগুণ আছে যি আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে ।

ত্ৰিফলাৰ গুণাগুণ -

(১) ই স্মৃতিশক্তি বৃদ্ধি কৰে ।

(২) কিছু বছৰলৈকে ইয়াক গ্ৰহণ কৰি থাকিলে আপোনাৰ শৰীৰ নিৰোগী হৈ থাকিব ।

(৩) ই শৰীৰৰ পাচনক্ৰিয়া সুগম কৰি তোলে ।

(৪) ই শৰীৰৰ উশাহ-নিশাহ সম্পৰ্কীয় সমস্যাসমূহ দূৰ কৰে ।

(৫) ইয়াক গ্ৰহণ কৰিলে শৰীৰ ফুৰ্তিবান হয়, ভোক বৃদ্ধি হয়, ভাগৰ দূৰ হয় আৰু টোপনিও ভাল হয় ।

ত্ৰিফলাৰ কেইটামান প্ৰয়োগ -

(১) ৰাতি শুবলৈ যোৱাৰ আগতে ত্ৰিফলাৰ চূৰ্ণ এগিলাচ গাখীৰ বা এগিলাচ কুহুমীয়া গৰম পানীৰ লগত সেৱন কৰিলে পেটত হোৱা কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ হয় ।

(২) ত্ৰিফলা গ্ৰহণ কৰিলে চকুৰ বহুবোৰ সমস্যা দূৰ হয় আৰু দৃষ্টিশক্তি বাঢ়ে । ইয়াৰ বাবে ত্ৰিফলাৰ চূৰ্ণ এচামুচ সাতৰ পৰা অাঠ গ্ৰাম গৰুৰ শুদ্ধ ঘিউ আৰু চাৰিৰ পৰা ছয় গ্ৰাম মৌজোলৰ লগত মিহলাই নিয়মিত ৰুপত সেৱন কৰিব লাগে ।

(৩) ত্ৰিফলা গ্ৰহণ কৰিলে মুখৰ ঘা, পায়ৰিয়া, মুখৰ পৰা ওলোৱা দুৰ্গন্ধ আদিৰ দৰে সংক্ৰমণ নাশ হয় । ইয়াৰ বাবে ত্ৰিফলাৰ চূৰ্ণ প্ৰায় এচামুচ এগিলাচ পানীত মিহলাই দুই-তিনি ঘণ্টাৰ বাবে ৰাখি থওক আৰু পাছত কিছু সময়ৰ বাবে মুখত লৈ উলিয়াই দিয়ক ।

(৪) শৰীৰৰ মেদ বৃদ্ধি পালে ত্ৰিফলাৰ চূৰ্ণ পানীত উতলাই লওক আৰু তাত মৌজোল মিহলাই খাৱক । ইয়াৰ দ্বাৰা চৰ্বি কম হব আৰু ওজনো হ্ৰাস পাব ।

(৫) সদায় পুৱা-গধূলি দুয়োটা সময়তে সাতৰ পৰা আঠ গ্ৰাম ত্ৰিফলাৰ চূৰ্ণ সেৱন কৰিলে শৰীৰৰ সকলোধৰণৰ খৰ-খজুৱতি, খহু-ফোহা আদিবোৰ ঠিক হৈ যায় ।

লেখক : ৰিদিপৰঞ্জন চেতিয়া

 

2.66666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top