অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নেন’নলিকাৰে কোষৰ অভ্যন্তৰলৈ :

নেন’নলিকাৰে কোষৰ অভ্যন্তৰলৈ :

 

জীৱৰ দেহৰ কোষবোৰতে লুকাই আছে প্ৰাণৰ ৰহস্য।কোষৰ অভ্যন্তৰতে আছে প্ৰটিন আৰু জীনৰ তথ্যকে আদি কৰি প্ৰাণ-প্ৰবাহৰ কোষ এটাৰ ভিতৰখনতনো কি ঘটনাবোৰ ঘটি থাকে,সেয়া অধ্য্য়ন কৰিবলৈ প্ৰয়াস কৰি আছে।এইটো নিসন্দেহে অতি গধুৰ কাম;কিন্তু অলপতে আমেৰিকা যুক্তৰাজ্যৰ এদল বিজ্ঞানীয়ে কোষৰ অভ্যন্তৰলৈ ভুমুকি মাৰি চাব পৰা এক নতুন প্ৰযুক্তি কৌশল উদ্ভাৱন কৰিছে। এই পদ্ধতি তুলনামুলক ভাৱে সৰল, আৰু বৰ্তমানৰ আন পদ্ধতিবোৰতকৈ কম পৰিমাণে ‘অপকাৰী’।

আমেৰিকা ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ অভিযন্তা নিকোলাছ মেলছে তেওঁৰ দলৰ এই উদ্ভাৱনক চিকিৎসাৰ সময়ত পৰীক্ষাৰ বাবে বেজী এটাৰে আমাৰ তেজ উলিয়াই নিয়াৰ সাধাৰণ প্ৰক্ৰিয়াটোৰ সৈতে ৰিজাইছে।অৱশ্যে মেলছহঁতে ‘বেজী’ হিচাপে ব্যৱহাৰ কৰিছে নেন’জোখৰ নলিকা,-এই নলিকাবোৰ ইমানেই সৰু যে হেজাৰ-বিজাৰ এনে নলিকা লগ লগালেহে আমাৰ মুৰৰ চুলি এডাল মানৰ জোখৰ হয়।অতিকৈ সৰু হোৱাৰ কাৰণে নেন’নলিকা কোষৰ আৱৰণ ভেদ কৰি ভিতৰলৈ সোমাই যাব পাৰে,আৰু এনে কৰোঁতে কোষটোৰ একো হানি-বিঘিনি নঘটে।মেলছে সেইবাবেই ইয়াক চিকিৎসক আৰু চিকিৎসা-কৰ্মীসকলে পৰীক্ষা-নিৰীক্ষাৰ বাবে বেজী ব্যৱহাৰ কৰি আমাৰ দেহৰ পৰা তেজ উলিয়াই নিয়া কথাটোৰ সৈতে ৰিজাইছে;এই কামটো কৰাৰ কাৰণে আমাৰ দেহৰ একো ক্ষয়-ক্ষতি নহয়।নেন’নলিকাই যেনিবা কোষৰ ভিতৰৰ পদাৰ্থ উলিয়াই আনিব,-যিবোৰ পৰীক্ষা কৰি বিজ্ঞানীসকলে কোষটোৰ বিষয়ে জানিব পাৰিব।

কোষৰ ভিতৰতনো কি আছে,কেনেকৈ আছে,সেইকথা জানিবলৈ নেন’নলিকাই এইদৰে এখন নতুন দুৱাৰ খুলি দিব বুলি বিজ্ঞানীসকলে আশা কৰিছে।ইয়াৰ দ্বাৰা পোনে-পোনে কোষৰ ভিতৰৰ পদাৰ্থ আহৰণ কৰি বিশ্লেষণ কৰিব পৰা যাব।কোষ এটানো কেনেকৈ বাঢ়ে,সময়ৰ লগে লগে কিদৰে ইয়াৰ পৰিৱৰ্তন ঘটে,কেনেকৈ ইয়াৰ বিভাজন ঘটে,কেনেকৈনো ই সময়ত মৰেগৈ,-এই গোটেই বোৰ কথা জানিবলৈ বিজ্ঞানীসকলক ই সুবিধা কৰি দিব।

বৰ্তমান বিজ্ঞানীসকলে নানান পদ্ধতি ব্যৱহাৰ কৰি কোষৰ বিষয়ে অধ্যয়ন কৰে।তেওঁলোকে অণুবীক্ষণ যন্ত্ৰকে আদি কৰি বিভিন্ন যন্ত্ৰ ব্যৱহাৰ কৰি কোষৰ বৰ্হিভাগ অধ্যয়ন কৰিব পাৰে।কোষৰ অৰ্ন্তভাগো তেওঁলোকে অধ্যয়ন কৰিব পাৰে,-অৰ্ন্তভাগ অধ্যয়ন কৰাৰ বৰ্তমানৰ এটা উপায় হ’ল কোষ বিঘটন(lysing)।কোষ বিঘটনত কোষটো ভাঙি দিয়া হয়,যাতে তাত থকা পদাৰ্থবোৰ বাহিৰ ওলাই আহে।অৰ্থাৎ এই পদ্ধতিত নিজৰ ভিতৰৰ্ গোপন কথা ব্যক্ত কৰিবলৈ গৈ বেচেৰা কোষটো মৰি যাবলগীয়া হয়।আন এটা জটিল পদ্ধতিৰেও কোষৰ অন্তৰ্ভাগৰ অধ্যয়ন কৰা হয়,-সেই পদ্ধতিত দ্যুতিমান ৰঞ্জক পদাৰ্থ ব্যৱহাৰ কৰা হয়।কোষ এটাত হোৱা পৰিৱৰ্তনৰ প্ৰতি সঁহাৰি জনাই এই ৰঞ্জক পদাৰ্থবোৰ উজলি উঠে।

কিন্তু বিজ্ঞানীসকলে কোষটোৰ মৃত্যু নঘটোৱাকৈ নাইবা আন কোনো প্ৰকাৰৰ অপকাৰ নকৰাকৈ পোনপটীয়াকৈ কোষৰ অভ্যন্তৰৰ কথা-কাণ্ডবোৰ নিৰীক্ষণ কৰিবলৈ চেষ্টা কৰি আছে।বৰ্তমানৰ গৱেষণা তেনে এক প্ৰয়াসৰে ফল।

আজিৰ পৰা ছবছৰ মানৰ আগতে নিকোলাছ মেলছ আৰু তেওঁৰ সহযোগীসকলে নেন’নলিকা ব্যৱহাৰ কৰি কোষৰ ভিতৰলৈ জেনেটিক পদাৰ্থ প্ৰেৰণ কৰাৰ কৌশল উদ্ভাৱন কৰিছিল।(অন্যান্য বহু বিজ্ঞানীয়েও কোষলৈ পোনে-পোনে ঔষধ পঠিওৱাৰ কৌশলৰ বিষয়ে গৱেষণা কৰি আছে।)দুবছৰ মানৰ আগতে তেওঁলোকৰ মনলৈ এই প্ৰশ্নটো আহিল,-নেন’নলিকা ব্যৱহাৰ কৰি কোষৰ ভিতৰৰ পদাৰ্থ বাহিৰলৈ উলিয়াই আনিব পাৰিনে নোৱাৰি?এই বিষয়ে কাম কৰিবলৈ গৈ তেওঁলোকে দেখিলে যে কোষৰ ভিতৰলৈ বাহিৰৰ পৰা পদাৰ্থ পঠিওৱাৰ তুলনাত কোষৰ ভিতৰৰ পদাৰ্থ বাহিৰলৈ উলিয়াই অনাটো অতি জটিল কাম।কিন্তু দুবছৰতকৈও অধিক কালৰ অধ্যয়নৰপৰা মেলছ আৰু তেওঁৰ সহয়োগীসকলে ইয়াৰ এটা উপায় উদ্ভাৱন কৰিলে।

আমি আটায়ে জানো য়ে চিকিৎসা  বিজ্ঞানীসকলে কৃত্ৰিমভাৱে কোষৰ সংবৰ্দ্ধন ঘটায়,-অৰ্থা কোষৰ culture কৰে।এই বিজ্ঞানীসকলে কৰিলে কি,নেন’নলিকাৰ ওপৰতে কোষৰ সৎবৰ্দ্ধন ঘটালে।নলিকাবোৰে কোষৰ আৱৰণ ভেদ কৰি অভ্যন্তৰলৈ সোমাই গ’ল,আৰু সেইবোৰৰ মাজেৰে কোষৰ অভ্যন্তৰৰ পদাৰ্থ ওলাই আহিল।এই পদ্ধতিয়ে এতিয়াও দেহৰ ভিতৰত থকা কোষৰ অধ্যয়ন সম্ভৱ কৰি তোলা নাই; কিন্তু কোষৰ অভ্যন্তৰৰ কাণ্ড –কাৰখানা অধ্যয়ন কৰাৰ বাবে একেবাৰে নতুন বাট এটা মুকলি কৰিছে।মেলছ আৰু তেওঁৰ সহয়োগীসকলে ইতিমধ্যে মানুহৰ হৃদযন্ত্ৰৰ কোষকলাৰ পৰা আৰম্ভ কৰি মগজুৰ কোষলৈকে নানান প্ৰকাৰৰ কোষৰ সংবৰ্দ্ধন ঘটাই এই পদ্ধতিৰে সফলভাৱে পৰীক্ষা-নিৰীক্ষা কৰিছে।

নতুন এই পদ্ধতিয়ে চিকিৎসাবিজ্ঞানৰ গৱেষণালৈ প্ৰভুত বৰঙণি আগবঢ়াব বুলি আশা কৰিব পাৰি।উদাহৰণস্বৰুপে,কাণ্ড কোষৰ (stem cell) অধ্যয়নৰ বাবে এই পদ্ধতি প্ৰয়োগ কৰিব পৰা যাব।কাণ্ড কোষৰপৰা বিভিন্ন প্ৰকাৰৰ কোষৰ বিভেদন (differentiation) ঘটে,-একেই কাণ্ড কোষ মগজুৰ,বা পেশীৰ ,বা হাড়ৰ কোষলৈ বিভেদন ঘটিব পাৰে।নানান ব্যাধিৰ নিৰাময়ৰ বাবে বৰ্তমান কাণ্ড কোষৰ প্ৰয়োগৰ বিষয়ে গৱেষণা চলি আছে।কিন্তু কাণ্ড কোষৰ বিভেদন এতিয়াও ৰহস্যময় হৈ আছে;ইনো কেনেকৈ ঘটে সেই কথা বিজ্ঞানীসকলে এতিয়াও বুজিব পৰা নাই।কিন্তু নেন’নলিকাই হয়তো এইক্ষেত্ৰত তেওঁলোকক সহায় কৰিব পাৰে।নেন’নলিকা ব্যৱহাৰ কৰি  বিজ্ঞানীসকলে এতিয়া বিভিন্ন সময়ত একেটা কোষৰে অন্তৰ্ভাগ অধ্যয়ন কৰিব পাৰিব।এইবোৰৰ তুলনা কৰি তেওঁলোকে সময়ৰ লগে লগে হোৱা পৰিৱৰ্তনবোৰৰ কথা জানিব পাৰিব।এইটোক বিভিন্ন সময়ৰ স্থিৰচিত্ৰ কিছুমান লগ লগাই চিনেমা এখন নিৰ্মাণ কৰাৰ সৈতে ৰিজাব পাৰি।এনেদৰে আহৰণ কৰা তথ্যই কাণ্ড কোষ চিকিৎসাৰ ক্ষেত্ৰত নতুন পথৰ সন্দ্ধান দিব পাৰিব।

ওপৰত আলোচিত গৱেষণা –পত্ৰখন প্ৰকাশ পাইছে প্ৰ্চিদিংছ অব নেচনেল একাডেমি অব ছায়েন্সেজ নামৰ আলোচনীখনৰ যোৱা ৭ মাৰ্চ তাৰিখৰ সংখ্যাত।আগ্ৰহী পঢুৱৈসকলে http://w w w .pnas.org/content/114/10/E1866.abstract?sid=293db02324b-4468-b40c-bc4bd0d7d3c1 শীৰ্ষক ৱে’ৱঠিকনাত এই গৱেষণা-পত্ৰখন পঢ়িব পাৰে।

লেখক:বিপুলজ্যোতি শইকীয়াৰ কলম (দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate