ৰোগ নিৰাময় কৰিবলৈ আৱশ্যক হোৱা দৰব বিভিন্ন উৎসৰ পৰা আহৰণ কৰা হয়। কেতবোৰ প্ৰাণীও দৰবৰ উৎস হ’ব পাৰে। প্ৰাচীন কালত নামজ্বলা চিকিৎসক সুশ্ৰুতেই মানুহৰ ছাল চিলাই কৰোতে পৰুৱাৰ সহায় লৈছিল। শল্য চিকিৎসাত দেহৰ একোটা অংশ ফালি পেলোৱা হয় আৰু শেষত ইয়াক চিলোৱা হয়।
ফলা ছালৰ মূৰ লগ লগাই সুশ্ৰুতে পৰুৱাক কামুৰিবলৈ দি তাৰ নেজৰ অংশ কাটি দিছিল। ফলত পৰুৱাই ছালখনৰ দুয়োটা মূৰ কামুৰি ধৰি থাকে। এনেকৈ এমূৰৰ পৰা আনমূৰলৈ পৰুৱাই কামুৰি ধৰাৰ ফলত চিলাই কৰাৰ দৰে কাম হয়।
এই বিদগ্ধ চিকিৎসকগৰাকীয়ে দেহৰ মৰা তেজ উলিয়াই আনিবলৈ জোকৰো সহায় লৈছিল।
দৰব হিচাপে ব্যৱহাৰ কৰা বেছিভাগ উপাদান উদ্ভিদৰ পৰা আহৰণ কৰা হয় যদিও এইক্ষেত্ৰত প্ৰাণীৰ অৰিহনাও নথকা নহয়। প্ৰাণীৰ গোটেই শৰীৰ, একোটা অংশ অথবা ইয়াৰ পৰা উৎপাদিত সামগ্ৰী দৰবৰ গুৰুত্বপূৰ্ণ উপাদানৰূপে ব্যৱহাৰ কৰা হৈছিল। পৰম্পৰাগত জ্ঞানৰ জৰিয়তে মানুহে আদিম কালৰে পৰা প্ৰাণীৰ পৰা দৰব আহৰণ কৰি প্ৰয়োগ কৰি আছে। সাম্প্ৰতিক কালত প্ৰাণীৰ পৰা আহৰণ কৰা উপাদানবোৰ বৈজ্ঞানিক প্ৰণালীৰে পৰীক্ষাগাৰত পৰীক্ষা তথা বিশ্লেষণ কৰি ইয়াৰ গুণগত মান নিৰূপন কৰাৰ লগতে দৰব হিচাপে সেইবোৰ কাৰ্যকৰী হ’বনে নহ’ব তাৰ ভূ-লোৱা হয়।
মতা কুকুৰাৰ মূৰৰ ৰঙা ছালৰ পৰা আহৰণ ওকৰা হায়ালুৰনিক অম্ল ছালৰ যতনৰ বাবে উপকাৰী উপাদান। কিয়নো ই ছাল সেমেকা কৰি ৰখাত অব্যৰ্থ। শৰীৰৰ গাঁঠিৰ বিষৰ পৰা সকাহ পাবলৈ এই অম্ল বেজীৰে আঁঠুত প্ৰয়োগ কৰা হয়। চকুৰ অস্ত্ৰোপচাৰতো ইয়াক প্ৰয়োগ কৰে। যিহেতু ই চকুৰ আলসুৱা পেশীবোৰক সুৰক্ষা প্ৰদান কৰিব পাৰে।
এক শ্ৰেণীৰ স্পঞ্জৰ পৰা আহৰণ কৰা হেলষ্টেনল ছালফেট নামৰ ৰাসায়নিক, অনুজীৱ বিৰোধী গুণসম্পন্ন হোৱা বাবে বিভিন্ন বেমাৰত দৰব হিচাপে কামত লগোৱা হয়। আন এবিধ স্পঞ্জৰ লাভ কৰা লেছ’ন’লাইড নামৰ ৰাসায়নিকবিধ শৰীৰত উৎপত্তি হোৱা টেমুনাৰ লগত যুদ্ধত লিপ্ত হয়।
কেৰিবিয়ান স্পঞ্জত থকা ‘চাইটাৰেবাইন’ নামৰ ৰাসায়নিক পদাৰ্থ তেজৰ কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত হয়। এই ৰাসায়নিক ডিএনএ আৰু আৰএনএ পলি পলিমাৰেজ নামৰ উৎসেচকৰ কাম উৰোধ কৰিব পাৰে। তাৰোপৰি ডিএনএ সংশ্লেষণৰ বাবে আৱশ্যক হোৱা ‘নিউক্লি’টাইড ৰিডাকটেজ’ নামৰ উৎসেচকৰ ক্ৰিয়াতো এই ৰাসায়নিকে বাধা প্ৰদান কৰে।
স্তনৰ কৰ্কট ৰোগ এবিধত ভোগা মহিলাৰ বেলিকা ‘হেলাভান’ নামৰ দৰবে যন্ত্ৰণা লাঘৱ কৰে। এই দৰব এবিধ সাগৰীয় স্পঞ্জৰ পৰা আহৰণ কৰা হয়। এবিধ স্পঞ্জে ‘মন’এলাইড’ নামৰ ৰাসায়নিক উৎপন্ন কৰে, যিটো বিষ-বেদনা প্ৰতিৰোধী গুণসম্পন্ন। এইবিধ ৰসায়নে ‘ফছফলিপেজ’ নামৰ উৎসেচকৰ কাৰ্য ৰোধ কৰে।
সাগৰত ‘প্ৰবাল নামৰ এবিধ প্ৰাণী বাস কৰে, যাৰ দেহৰ খোলাটো বৰ টান। সেইবাবে মৰাৰ পিছত খোলাবোৰ জমা হৈ কালক্ৰমত প্ৰবাল প্ৰাচীৰৰ গঠন হয়। প্ৰবালে ছেক’ষ্টেৰয়ড নামৰ উৎসেচকৰ জৰিয়তে নিজে বেমাৰৰ পৰা ৰক্ষা কৰে।
এই উৎসেচক হাঁপানি, সন্ধিবাত আৰু আন বিষ-বেদনা বিকাৰত দৰব হিচাপে ব্যৱহাৰ কৰি সুফল পোৱা যায়। কেঁচুৰ পৰাও ঔষধ প্ৰস্তুত কৰি বেমাৰ নিৰাময় কৰিব পাৰি। গৱেষকসকলে ইয়াৰ পৰা এবিধ ৰাসায়নিক প্ৰস্তুত কৰিছে আৰু এইবিধ ৰাসায়নিকে শ্বাসনলী প্ৰসাৰণ কৰাত উল্লেখযোগ্য ভূমিকা লয়।
জাপানৰ বিজ্ঞানীয়ে প্ৰোটিনৰ ওপৰত ক্ৰিয়া কৰা ছয়টা উৎসেচক কেঁচুৰ পৰা পৃথক কৰি উলিয়াইছে। এইবোৰ উপাদান দৰব হিচাপে ব্যৱহাৰ কৰি মগজুৰ চেৰিব্ৰাম অংশৰ বিকাৰ নিৰাময় কৰাৰ উপৰিও তেজৰ খমলা ধ্বংস কৰে। জোকৰ সহায়তো বহুতো বেমাৰৰ চিকিৎসা কৰি সফলতা অৰ্জন কৰিব পাৰি। বিশেষকৈ সন্ধিবাত, হৃদযন্ত্ৰ তথা হাওঁফাওঁৰ সমস্যা নিবাৰণ কৰিব পাৰি। জোকৰ লেলাউটিত থকা ‘হিৰুডিন’ নামৰ পদাৰ্থই তেজ খমলা বন্ধাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে। আমাৰ শৰীৰত থকা হেপাৰিন নামৰ পদাৰ্থয়ো একে কাৰ্য সম্পাদন কৰি ৰক্তবাহী নলীবোৰত জমা হোৱা ডকা বন্ধা তেজৰ পৰা মুক্ত কৰি ৰাখে। ইয়াৰ তুলনাত হিৰুডিন অধিক কাৰ্যকৰী কিয়নো, ই নিচেই সৰু হোৱাৰ বাবে খমলাৰ মাজেদি সৰকি যায়।
কেঁকোৰা, মিছামাছৰ খোলাত কাইটিন নামৰ পদাৰ্থ থাকে, যিয়ে বিষ-বেদনা প্ৰতিৰোধ কৰিব পাৰে। মিছামাছৰ খোলাৰ পৰা আহৰণ কৰা গ্লুক’ছেমাইন ছালফেট নামৰ ৰাসায়নিক হাৰ্পিছ বিষাণুৰ ক্ৰিয়া ৰোধ কৰে। চেলাৰ বিষ দৰব হিচাপে ব্যৱহাৰ কৰি সুফল পোৱা যায়। ধনুষ্টংকাৰ, হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ দৰে বিকাৰ, দেহৰ ভয়ংকৰ কঁপনি আদিৰ চিকিৎসাত এই বিধ দ্ৰব্য সুফলদায়ক। ছালত হোৱা বিষযুক্ত ফোঁহাৰ বিষ প্ৰশমিত কৰি সকাহ পাবলৈ চেলাৰ বিষ প্ৰয়োগ অব্যৰ্থ।
বিছাত থকা উপকাৰী যৌগবোৰ দৰব হিচাপে ব্যৱহৃত হয়। ইয়াৰ বিষৰ পৰা পৃথক কৰা মাৰ্গটক্সিনে লসিকাত থকা শ্বেত ৰক্তকণিকাৰ সক্ৰিয়তা ৰোধ কৰে।
গৱেষকে প্ৰমাণ পোৱা মতে বিছাৰ বিষত থকা ক্ল’ৰ’টক্সিনে মগজুৰ কৰ্কট ৰোগ চিকিৎসাত সহায় কৰে। চিকৰাৰ লেলাউটিত তেজ ডকা বন্ধা প্ৰতিৰোধী পদাৰ্থ থাকে, শল্য চিকিৎসাৰ সময়ত অবাঞ্ছনীয়ভাৱে তেজ ডকা বন্ধাত বাধা দিবলৈ এইবিধ দ্ৰব্য ব্যৱহাৰ কৰ হয়।
মৌমাখিয়ে কেতবোৰ গছৰ পৰা সংগ্ৰহ কৰা ৰজন জাতীয় পদাৰ্থ, প্ৰপ’লিছ অনুজীৱ বিৰোধী, বেক্টেৰিয়া বিৰোধী, ভেঁকুৰ বিৰোধী আৰু মেলেৰিয়া বিৰোধী গুণসম্পন্ন। ইয়াক ব্যৱহাৰ কৰিলে ডিঙিৰ বেদনা নিৰাময় হয়। মৌমাখিত থকা বিষ ঘা শুকোৱাত অব্যৰ্থ আৰু বেক্টেৰিয়াজনিত ব্ৰণৰোগৰ চিকিৎসাত সফল বুলি প্ৰতিপন্ন হৈছে।
বৰলৰ বিষে বেক্টেৰিয়া বিৰোধী দৰব প্ৰস্তুত কৰিবলৈ এই বিষ ব্যৱহাৰ কৰা হয়। এবিধ শামুকত থকা বিষেৰে জিক’ন’টাইড নামৰ দৰব প্ৰস্তুত কৰা হয়। যিটো বেদনাহাৰক গুণসম্পন্ন।
সাগৰীয় শহাপহুৰ পৰা ড’লাষ্টেটিন ১০ নামৰ দৰব প্ৰস্তুত কৰা হয়, যিটো স্তন তথা যকৃতৰ কৰ্কট ৰোগ চিকিৎসাত ফলদায়ক। তাৰোপৰি তেজৰ কৰ্কট ৰোগজনিত টেমুনাৰ চিকিৎসাতো ই সুফলদায়ক।
আমেৰিকা যুক্তৰাষ্ট্ৰত কুমজেলেকুৱাৰ বিজলুৱা পদাৰ্থক দৰব বাহক হিচাপে ব্যৱহাৰ কৰে, যি দৰব পোৰা ঘাৰ চিকিৎসাত ফলপ্ৰসূ। ভেকুলীৰ ছালৰ পৰা লাভ কৰা ‘মেগাইনিন-২’ নামৰ দৰব বেক্টেৰিয়া বিৰোধী এবিধ উত্তম প্ৰতিজৈৱিক।
মতা কুকুৰাৰ জঁৰ পৰা আহৰণ কৰা হায়ালুৰ’নিক অম্ল দৰব প্ৰস্তুতকৰনত ব্যৱহৃত হয়।
উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন(আনন্দ দেৱ গোস্বামী)
শেহতীয়া উন্নীতকৰণ: : 1/18/2023