মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / বিভিন্ন ঔষধি গুণেৰে সমৃদ্ধ থলুৱা মাছ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিভিন্ন ঔষধি গুণেৰে সমৃদ্ধ থলুৱা মাছ

বিভিন্ন ঔষধি গুণেৰে সমৃদ্ধ থলুৱা মাছৰ বিষয়ে লিখা হৈছে ।

জৰ্জ বাৰ্নাড শ্বৱে কৈছিল যে খাদ্যৰ প্ৰতি মানুহৰ যি প্ৰেম, আন কোনো প্ৰেমেই তাতকৈ আন্তৰিক হ’ব নোৱাৰে । প্ৰত্যেক মানুহে ভাতমুঠি কিদৰে জুতি লগাকৈ তৃপ্তিৰে খাব পাৰে তাৰ বাবে চেষ্টা কৰে । আমাৰ খাদ্য-সম্ভাৰত যাতে বিভিন্ন স্বাস্থ্য আৰু পৌষ্টিক গুণ থাকে তাৰ প্ৰতি অধিক সচেতন হোৱা উচিত । কাৰণ স্বাস্থ্যই পৰ্ম ধন । এই স্বাস্থ্য ৰক্ষাৰ বাবে শাক-পাচলি, মাছ-পুঠি অতি আৱশ্যক । গতিকে খাদ্যৰ ৰুচি আৰু পুষ্টিকৰ গুণেৰে সমৃদ্ধ এবিধ খাদ্য হৈছে থলুৱা মাছ । এসময়ত অসমৰ চৌদিশ থলুৱা মাছেৰে ভৰি আছিল । য’তে পানী তাতে মাছ বুলি এষাৰ কথা আছে । সম্প্ৰতি অসমত প্ৰাকৃতিকভাৱে থকা প্ৰায় ১২৬ বিধ থলুৱা মাছৰ প্ৰজাতি আছে । এই মাছবোৰৰ ভিতৰত গৰৈ, চেঙেলী, পুঠি, মোৱা, চেনিপুঠি, শিঙি, মাগুৰ, শ’ল , ভাঙোন, কুঢ়ি ইত্যাদি । অসমৰ প্ৰায় ২০০ খন নদী আৰু ২২ খনমান জলাশয় আছে । প্ৰায় ৩ লাখৰ ওপৰ সৰু-ডাঙৰ পুখুৰী আছে । এই খাল-বিলবোৰত থলুৱা মাছ পুহি আমি খাব পাৰো । কিয়নো, ঔষধি গুণসম্পন্ন মাছৰ ১০০ গ্ৰামত খাদ্যগুণ এনেধৰণৰ- প্ৰ’টিন ২০ শতাংশ, চৰ্বি ২০ শতাংশ, কেলৰি ৫০ শতাংশ, খনিজ লৱণ ১০ শতাংশ । ইয়াৰ উপৰি মাছত পোৱা যায় কেলচিয়াম, ফছফৰাছ, লৌহ পদাৰ্থ, জিংক আদি পুষ্টিগুণ ।

কিয়নো মাছ হ’ল অতি কম খৰচতে সহজতে পালন কৰি উৎপাদন কৰিব পৰা এবিধ অসমতাপী শীতলৰক্তী চৰ্বি আৰু প্ৰ’টিনযুক্ত । মাছত বিভিন্ন প্ৰকাৰৰ মাণিক পদাৰ্থ, যেনে- ছডিয়াম ,পটাছিয়াম, কেলচিয়াম, আইৰন, ফছফৰাছ, ভিটামিন এ, চ ই, বি, ই আৰু কে পোৱা যায় বুলি স্বাস্থ্যবিজ্ঞানীয়ে কয় । মানৱ শৰীৰৰ বাবে ওমেগা- ৩ ৰ উৎকৃষ্ট ভাণ্ডাৰ হৈছে মাছ ।

মাছ কিয় খাব লাগে -

১) মাছে মানুহৰ শৰীৰ গঠনত সহায় কৰে ।

২) মস্তিষ্কৰ বিকাশ আৰু চকুৰ ৰেটিনাৰ বাবে মহৌষধ ।

৩) স্নায়ুতন্ত্ৰ সবল কৰি মানুহৰ দৃষ্টিশক্তি বৃদ্ধি কৰিব পাৰে ।

৪) বিজ্ঞানীসকলে কয় যে মানুহৰ মগজুত থকা ছেৰিটমিন আৰু থন এড্ৰানালিন ৰাসায়নিক পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষমতা প্ৰদান কৰে একমাত্ৰ মাছ খোৱাৰ ফলত ।

৫) ই মানুহৰ ভাল টোপনি অহাত সহায় কৰে ।

৬) নিয়মিত মাছ আৰু ওমেগা-৩ চৰ্বিযুক্ত এচিড গ্ৰহণৰ বাবে মানসিক চাপ আৰু আত্মহননৰ প্ৰৱণতা দূৰ কৰে ।

৭) মাছৰ দেহত থকা এন-৩ জাতীয় পলি অন চেচুৰেটেড ফেটী এচিডে হৃদৰোগত বাধা দিব পাৰে ।

৮) ডঁৰিকনা, চন্দা, কাৱৈ, পুঠি, খলিহনা, শিঙৰা মাছ ভিটামিনৰ ভঁৰাল বুলি কোৱা হয় ।

৯) মাছৰ হাড় চোবাই খালে দৃষ্টিশক্তি বৃদ্ধি হয় ।

১০) পুঠিমাছ ঘিউত ভাজি খালে পুৰুষৰ বীৰ্য বাঢ়ে বুলি কোৱা হয় ।

এতিয়া আলোচনা কৰিবলৈ লৈছো কি কি মাছৰ কি কি ঔষধি গুণ আছে ।

ৰৌ মাছ -

মাছৰ সোৱাদ ৰৌ

আঞ্জাৰ সোৱাদ ঔ

ৰৌ মাছ স্বাস্থ্যৰ বাবে বৰ উপকাৰী । ই মানুহৰ দেহ-মন সুস্থ সবল কৰি ৰাখিব পাৰে । যথেষ্ট প্ৰটিন পোৱা যায় ৰৌ মাছত । ৰৌমাছে শুক্ৰ বৃদ্ধি কৰে । ৰৌ মাছ খালে মানুহৰ বাত বেমাৰ নাশ হয় । বিশেষকৈ কাহ, কফ, হাপানী, পিত্তনাশক এই ৰৌ মাছ ।

কাৱৈ মাছ -

কাৱৈ মাছ বৰ উপকাৰী । কাৱৈ মাছ আৰু পালেং শাক খাবলৈ বৰ সোৱাদ লগা হয় । পালেং শাক আৰু কাৱৈ মাছৰ আঞ্জা বায়ু দোষ আৰু পিত্ত ৰোগৰ মহৌষধ । কাৱৈ মাছ ধনিয়াৰে জোল কৰি খালে কাহ-কফ নিৰাময় হয় । কাৱৈ ৰুচিকাৰক । কাৱৈ মাছ জুইত সেকি বা পুৰি সৰিয়হ তেল আৰু কলাখাৰ দি কেঁচা জলকীয়াৰে পিটিকি খালে বৰ জুতি লগা হয় । এচিডিটী হ্ৰাস কৰে । ই হজম শক্তি বঢ়ায় ।

ভকুৱা মাছ :-

ভকুৱা মাছ খাবলৈ বৰ সোৱাদ । ই গুৰুপাকী ৰসযুক্ত আৰু উষ্ণবীৰ্য । ই ত্ৰিদোষনাশক আৰু শৰীৰৰ শক্তি বৃদ্ধি কৰে বুলি কোৱা হয় ।

মোৱা মাছ -

থলুৱা মাছৰ ভিতৰত মোৱা মাছৰ বহুতো ঔষধি গুণ আছে । মোৱা মাছ ভাজি খাৰ দি বা লাইশাকৰ লগত থপথপীয়াকৈ ৰান্ধি খালে বৰ জুতি লগা হয় । ই মানুহৰ দৃষ্টিশক্তি বৃদ্ধি কৰে । বিভিন্ন চকুৰ ৰোগৰ বাবে মহৌষধ বুলি কোৱা হয় ।

চেঙেলী বা চেং মাছ

চেঙেলী আছিল খালত

থৈকাৰা আছিল ডালত

দুয়ো লগ হ’ল মৰণ কালত ।

থেকেৰা টেঙাৰে চেঙেলী মাছৰ আঞ্জা খাবলৈ বৰ সোৱাদ । ই তেজ বৃদ্ধি কৰে । শক্তিবৰ্ধক । ৰুচিকাৰক । থেকেৰা টেঙা আৰু চেঙেলী মাছৰ আঞ্জাই পেটৰ ৰোগ নিৰাময় কৰিব পাৰে । তেজত ৰক্ত কণিকা বঢ়ায় ।

শিঙি মাছ -

শিঙি মাছ আৰু ভেদাইলতাৰে ৰান্ধি খালে বৰ উপকাৰ পোৱা যায় । ই তেজ বৃদ্ধিকাৰক । বিভিন্ন ৰোগত বিশেষকৈ ৰক্তহীনতা ৰোগৰ বাবে বৰ উপকাৰী । শৰীৰত তেজৰ কণিকা বৃদ্ধি কৰে । পেটৰ ৰোগ নিৰাময় কৰিব পাৰে । ধনিয়াৰ লগত ইয়াক জোল কৰি খালে উপকাৰ পোৱা যায় । ৰুচিকাৰক । শৰীৰৰ শক্তি বৃদ্ধি কৰে ।

মাগুৰ মাছ :-

মাগুৰ মাছ মগু দাইলৰ লগত খাবলৈ সোৱাদ লগা হয় । ই শৰীৰৰ তেজ বৃদ্ধি কৰে । মাগুৰ মাছ পুষ্টিকাৰক । ইয়াত যথেষ্ট পৰিমাণে আইৰন আৰু ক’পাৰ থাকে । সেয়েহে হিম’গ্লবিন সংশ্লেষণ কৰি মানুহৰ দেহত তেজৰ কণিকা বৃদ্ধি কৰে । ই মিঠাৰসযুক্ত ৰুচিকাৰক । মাগুৰ মাছে মানুহৰ শুক্ৰ বৃদ্ধি কৰে আৰু শৰীৰ সুস্থ-সবল কৰি ৰাখিব পাৰে ।

কুচিয়া মাছ -

কুচিয়া মাছ অত্যন্ত পুষ্টিকাৰক । ডেকা, বুঢ়া, গৰ্ভৱতী তিৰোতাৰ বাবে ই উত্তম পথ্য বুলি কোৱা হয় । কুচিয়াত আইৰন, ক’পাৰ পৰ্যাপ্ত পৰিমাণে থাকে বাবে ই বৰ পুষ্টিকৰ আৰু ৰক্তহীনতা ৰোগীৰ উপাদেয় ।

শ’ল-শাল মাছ :-

শ’ল আৰু শাল মাছত একাচিউনিক এচিড থাকে । প্ৰষ্টাগ্ল’ডিন আৰু প্ৰম’ক্সিন নামৰ ৰাসায়নিক পদাৰ্থবিধে তেজৰ চকুৰা বঢ়াই তোলে । ইয়াত যথেষ্ট প্ৰ’টিন পোৱা যায় । ইয়াৰ দেহত থকা এমিনো এচিড আৰু চৰ্বিযুক্ত এচিডে ঘা শুকোৱাত সহায় কৰে । সন্ধিবাত উপশমৰ বাবে শ’ল মাছ বৰ উপকাৰী । অস্ত্ৰোপচাৰ কৰা ৰোগীক চিকিৎসকে মাগুৰ- শিঙি মাছ খাবলৈ পৰামৰ্শ দিয়া দেখা যায় ।

পুঠি মাছ -

পুঠি, ডঁৰিকনা মোৱা মাছ আদি চকুৰ ৰোগৰ বাবে বৰ উপকাৰী । মুখৰ ভিতৰত বা কণ্ঠনলীৰ ৰোগ হ’লে পুঠি মাছৰ জোল খাবলৈ দিয়া হয় । পুঠি ডঁৰিকনা মাছৰ লগত ভেদাইলতা বা মানিমুনিৰ আঞ্জা খালে মানুহৰ যৌনস্পৃহা বৃদ্ধি হয় বুলি কোৱা হয় । ই গ্ৰহণী ৰোগ, কোষ্ঠকাঠিন্য , পেটৰ বিভিন্ন ৰোগৰ বাবে উপকাৰী ।

ডঁৰিকনা :-

ডঁৰিকনা মাছ আদাৰ সৈতে জোল কৰি খালে বৰ উপকাৰী । ই মানুহৰ দৃষ্টিশক্তি বৃদ্ধি কৰে । হজম শক্তি বঢ়ায় । বিশেষকৈ লিভাৰত চৰ্বি জমা হ’লে নাইবা মেদবহুলতা, ডায়েবেটিছ ৰোগৰ বাবে উপকাৰী ।

শিঙৰা মাছ -

ভেদাইলতা বা মানিমুনিৰ লগত শিঙৰা মাছৰ জোল কৰি খালে বৰ জুতি লগা হয় । ই বৰ পুষ্টিকৰ হয় । খোৱাৰ ৰুচি বঢ়ায় ।

বিশেষকৈ শাওণ-ভাদ মাহত থলুৱা মাছ উভৈনদী হয় । মাছৰ তেলো হয় । চেঙেলী, গৰৈ, পুঠি, তোৰা, বটিয়া, ডঁৰিকনা , শিঙৰা, বামী মাছ আদিৰ বিভিন্ন ঔষধি গুণ আছে ।

সম্প্ৰতি বজাৰত অন্ধ্ৰ, কলকাতাৰ পৰা অহা ফৰ্মেলিন দিয়া চালানী মাছ খোৱাৰ পৰিৱৰ্তে নিজে উৎপাদন কৰি থলুৱা মাছ খাওক । সুস্থ দেহ-মনৰ অধিকাৰী হওক ।

থলুৱা মাছ পুঠি খাওক ।

দেহত পুষ্টি গুণ পাওক ।

লেখক :- ধনেশ্বৰ হুজুৰী

উৎস :- জি এনআৰচি স্বাস্থ্য

1.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top