অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিহ

 

যিবোৰ বস্তু বা গেছ যথেষ্ট পৰিমাণে দেহত প্ৰৱেশ কৰিলে প্ৰাণৰ ক্ষতি বা বিনাশ কৰে তাকে বিহ বোলা হয়। এইবোৰ তিনি ধৰণেৰে শৰীৰত প্ৰৱেশ কৰিব পাৰে— হাওঁফাওঁৰ মাধ্যমেৰে, ছালৰ মাধ্যমেৰে, মুখেৰে। হাঁওফাঁওৰ মাধ্যমেৰে বিষক্রিয়া তেতিয়া হয়, যেতিয়া আমি উশাহত বিষাক্ত পদার্থ সেৱন কৰো। ইয়াত মুখেৰে আৰু ছালৰ মাধ্যমেৰে দুৰ্ঘটনাবশতঃ বা ইচ্ছাকৃতভাবে সংঘটিত হোৱা বিষক্ৰিয়াৰ বিষয়ে আলোচনা কৰা হৈছে। ছালৰ দ্বাৰা বা স্পৰ্শৰ জৰিয়তে হোৱা বিষক্রিয়া সাধাৰণতে বিভিন্ন উদ্ভিদ, কৃষিজাত কীটনাশক আদিৰ দ্বাৰা হয় আৰু ইয়াৰ চিকিৎসা ব্যৱস্থাও ইয়াত আলোচনা কৰা হৈছে। বেছিভাগ বিষক্রিয়া দুর্ঘটনাবশতঃ ঘটে। গতিকে তেনে পৰিস্থিতিৰ পৰা সুবুদ্ধিসহ সতর্কতাৰে আঁতৰি থাকিবলৈ যত্ন কৰিব লাগে। এইটো অতি গুৰুত্বপূর্ণ কথা। যিবোৰ কাম কৰিব নালাগে, শিশুৱে ঢুকি পোৱা ঠাইত কেতিয়াও ঔষধ-পাতি ৰাখিব নালাগে। এইবোৰ বস্তু এটা তলাবন্ধ ড্ৰয়াৰ বা বাকচত থ’ব লাগে। ওখ ঠাই, যেনে-আলমিৰাৰ ওপৰতো থ’ব পাৰি। ঔষধ-পাতি কেতিয়াও বহুদিন জমা কৰি থ’ব নালাগে। এইবোৰ নষ্ট হৈ যায়। চিকিৎসা সম্পূর্ণ হোৱাৰ পিছতো যদি ঔষধ বেছিকৈ থাকি যায়, তেন্তে সেইবোৰ ঘূৰাই দিব লাগে। পেলাবলগীয়া ঔষধবোৰ শৌচাগাৰত পেলাই ভালদৰে পানী মাৰিব লাগে। অন্ধকাৰ ঠাইত বা কোঠাত কেতিয়াও ঔষধ খাব নালাগে। খোৱা পানীয়ৰ বটল কেতিয়াও ক্ষতিকাৰক পদার্থ বা দ্ৰব্য থ’বলৈ ব্যৱহাৰ কৰিব নালাগে। শিশুৱে পানীয় খাদ্য বুলি ভাবি ক্ষতিকাৰক পদার্থবোৰেই খাই পেলাব পাৰে। কেতিয়াও চিংকৰ তলত বাচন ধোৱা আৰু ঘৰ চাফা কৰা সামগ্রী থ'ব নালাগে। শিশুৱে এইবোৰ বিচাৰি পাই সেইবোৰেৰে খেলিব পাৰে (এই প্রসংগত কৈ থোৱা উচিত যে ব্লিছ আৰু টয়লেট চাফা কৰা দ্ৰব্য একেলগে মিহলালে আৰু বেছি ভাল চাফা হোৱা কথাটো অযুক্তিকৰ, বৰং এই মিশ্ৰণৰ পৰা বিষাক্ত গেছ ওলায়। যিয়ে উশাহৰ লগত শৰীৰৰ ভিতৰলৈ গ’লে বিষক্রিয়া ঘটে।) কেতিয়াও আক্ৰান্ত ব্যক্তিক বমি কৰোৱাব নালাগে। নিমখীয়া পানী খাবলৈ দিব নালাগে। কেতিয়াও মুখেৰে একো বস্তু নুখুৱাব (যদিহে মুখ নোপোৰে আৰু সজ্ঞানে থাকে) আক্ৰান্ত ব্যক্তি অজ্ঞান অৱস্থাত থাকিলে কেতিয়াও মুখেৰে বস্তু খুৱাবলৈ চেষ্টা কৰিব নালাগে। পেট্রলিয়াম জাতীয় বস্তু খোৱা ব্যক্তিয়ে বমি কৰালৈকে অপেক্ষা কৰিব নালাগে-তেওঁক লগে লগে পাকঘৰৰ ৰিক’ভাৰী পজিচনত থ’ব লাগে। যাতে তেওঁৰ মূৰটো হ্ৰদযন্ত্ৰৰ তলত থাকে।

কেতিয়াও মদৰ লগত টোপনিৰ ঔষধ খাব নালাগে। ই ভয়াৱহ বিষক্ৰিয়া কৰে। তলত আমাৰ দৈনন্দিন জীৱনৰ দেখা সাধাৰণ চিনাকি বিহ কিছুমান উল্লেখ কৰা হ’ল-

 

বিভিন্ন গুটি নথকা সৰু ৰসাল ফল আৰু গুটি। কাঠফুলা। গেলিব ধৰা খাদ্য। উগ্ৰ ৰাসায়নিক, পেৰাফিন, পেট্রন ব্লিছ, ঘূণনাশক, ৰাসায়নিক সাৰ, ঔষধ, এস্প্ৰিন, টোপনিৰ ঔষধ, চেতনানাশক, আইৰন টেবলেট, জীৱ-জন্তুৰ কামোৰ, নিগনি আৰু চিকাৰ বিষ, মাদক দ্ৰব্য, কেঁচা সেউজীয়া আলু (এই আলু যে কিমান বিষাক্ত সেইটো সাধাৰণতেই উপলব্ধি কৰা নহয়)ৱে পেটৰ বিষ, বমি, ডায়েৰীয়াৰ উপৰি মৃত্যুও ঘটাব পাৰে। সাধাৰণ চিকিৎসা আক্ৰান্ত ব্যক্তি অজ্ঞান আৰু সজ্ঞান দুয়োটা অৱস্থাত থাকিব পাবে। যদি জ্ঞান থাকে, তেন্তে চিকিৎসা কৰোতে কিছু সহজ হয়।

(ক) আক্ৰান্ত ব্যক্তিৰ জ্ঞান থাকিলে- কি খাইছিল, কিমান খাইছিল আৰু কিমান সময়ৰ আগতে খাইছিল সেয়া জানিবলৈ চেষ্টা কৰিব লাগে।

খ)আক্রান্ত ব্যক্তিৰ কাষত যদি খালী ঔষধৰ পেকেটৰ টুকুৰা বা টেবলেট, খালী বটল বা গিলাচ আদি থাকে, সেইবোৰ চিকিৎসালয়ত পৰীক্ষা কৰিবলৈ ভালদৰে ৰাখিব লাগে। ইয়াৰ যোগেদি কি বিষ খাইছে সেইটো নির্ণয় কৰাত সুবিধা হ’ব।

(গ) আক্রান্ত ব্যক্তিৰ মুখৰ ভিতৰখন পৰীক্ষা কৰিব লাগে। যদি ভিতৰখন পুৰি যোৱাৰ দৰে হয়, তেন্তে তেওঁ যিমান গাখীৰ বা পানী খাবলৈ পাৰে দিব লাগে।

(ঘ) আক্ৰান্ত ব্যক্তিয়ে বমি কৰিলে এটা পাত্ৰত বা পলিথিনত বমিখিনি সংগ্ৰহ কৰি চিকিৎসালয়ত পৰীক্ষাৰ বাবে থ’ব লাগে। ইয়াৰ পৰাও বিষাক্ত বস্তুখিনি নির্ণয় কৰিব পাৰি।

(ঙ) যিমান সোনকালে পাৰি আক্ৰান্ত ব্যক্তিক চিকিৎসালয়লৈ নিব লাগে। যদি আক্ৰান্ত ব্যক্তিজন অজ্ঞান অৱস্থাত থাকে বা প্রাথমিক চিকিৎসা প্রদানৰ সময়ত অজ্ঞান হয়।

প্ৰথমতে উশাহ-নিশাহ পৰীক্ষা কৰিব লাগে। যদি শ্বাস বন্ধ হৈ যায়, তেন্তে লগে লগে কৃত্রিম শ্বাস-প্রশ্বাস দিয়াৰ ব্যৱস্থা কৰিব লাগে। আক্রান্ত ব্যক্তিৰ মুখ আৰু ওঠ পুৰি থকা অৱস্থাত যদি থাকে, তেন্তে তেওঁক কৃত্রিম শ্বাস দিয়াৰ ব্যৱস্থা কৰিব লাগে। যদি আক্ৰান্ত ব্যক্তিজনে শ্বাস-প্ৰশ্বাস লৈ আছে, তেন্তে তেওঁক ৰিক'ভাৰী পজিচনত ভৰি দুখন ওপৰ ফালে দি ৰাখিব লাগে। (চিকিৎসালয়লৈ নিয়াৰ সময়ত শিশুক কোলাত লৈ মূৰটো অকণমান তললৈ ৰাখিব লাগে), ৰোগীৰ শ্বাস-প্ৰশ্বাসলৈ লক্ষ্য কৰি থাকিব লাগে। বহু বিষে ৰোগীৰ শ্বাস-প্ৰশ্বাসলৈ লক্ষ্য কৰি থাকিব লাগে। যিমান সোনকালে পৰা যায় চিকিৎসালয়লৈ নিয়া উচিত।

আক্ৰান্ত ব্যক্তিৰ শৰীৰটো ঠাণ্ডা কৰি ৰাখিব লাগে। কপালত জলপতি দিব লাগে। গাটো ঠাণ্ডা পানীৰে কাপোৰ তিয়াই মোহাৰি দিব লাগে। বিশেষকৈ ডিঙিৰ পিছফালৰ আৰু ৰাজহাড়ত। আক্ৰান্ত ব্যক্তিক ঠাণ্ডা জুলীয়া খাদ্য খাবলৈ উৎসাহিত কৰিব লাগে। মাংসপেশীৰ সংকোচন বা ফিট হোৱাৰ উপক্ৰম হৈছে নেকি সেয়া লক্ষ্য কৰি থাকিব লাগে। আক্ৰান্ত ব্যক্তি অজ্ঞান হৈ গ’লে তেওঁৰ উশাহ-নিশাহৰ প্ৰতি লক্ষ্য ৰাখিব লাগে আৰু ৰিক’ভাৰী পজিচনত থ’ব লাগে। বিষৰ পাত্র, বমি আদি ভালদৰে থ’ব লাগে। চিকিৎসকে আক্ৰান্ত চিকিৎসা কৰোতে এই বস্তুবোৰে তেখেতক সহায় কৰিব।

ছালৰ মাধ্যমেৰে হোৱা বিষক্রিয়া

 

কৃষিকার্য আৰু নাৰ্ছৰীবোৰত আজিকালি ব্যৱহাৰ হোৱা বহুবোৰ কীটনাশকত উগ্র ৰাসায়নিক পদার্থ থাকে। (যেনে-মেলাথিয়ান) এইবোৰ ছালৰ সংস্পৰ্শলৈ আহিলে দেহৰ ভিতৰলৈ সোমাই যায়। ফলত মাৰাত্মক বিষক্রিয়াৰ সম্ভাৱনা থাকে। কিছু ইংগিত— কীটনাশকৰ সংস্পৰ্শলৈ অহা আৰু ইয়াৰ মাৰাত্মকতা সম্পর্কে জ্ঞান আহৰণ, কঁপনি, পেশী সংকোচন আৰু ফিট্‌ হৈ যোৱা। আক্রান্ত ব্যক্তিয়ে লাহে লাহে জ্ঞান হেৰুৱাই পেলায়।

যত্ন

বিষাক্ত পদার্থ স্পর্শ কৰা অংশটো ঠাণ্ডা পানীৰে ভালদৰে ধুই পেলাব লাগে। এনে পদার্থ লগা কাপোৰ-কানি সাৱধানে খুলি পেলাব লাগে। প্রাথমিক চিকিৎসা দিওঁতাজনে যাতে এই পদার্থ স্পর্শ নকৰে তালৈ লক্ষ্য ৰাখিব লাগে। আক্ৰান্ত ব্যক্তিক আশ্বস্ত কৰিব লাগে। তেওঁক শুৱাই দিব লাগে আৰু স্থিৰ আৰু কথা নোকোৱাকৈ থাকিবলৈ দিব লাগে। যিমান সোনকালে পাৰি চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিব লাগে। আক্রান্ত ব্যক্তিৰ শৰীৰটো ঠাণ্ডা কৰি ৰাখিব লাগে। কপালত জলপতি আৰু গলধন, ৰাজহাড়কে ধৰি গোটেই শৰীৰটো ঠাণ্ডা পানীৰে মচি দিব লাগে। আক্রান্ত ব্যক্তিজনক পর্যাপ্ত পৰিমাণৰ ঠাণ্ডা জুলীয়া খাদ্য খাবলৈ উৎসাহিত কৰিব লাগে। পেশী সংকোচন আৰু ফিট্‌ হোৱাৰ উপক্ৰম হৈছে নেকি লক্ষ্য ৰাখিব লাগে। যদি আক্ৰান্ত ব্যক্তিজন অজ্ঞান হৈ যায়, শ্বাস-প্ৰস্বাস পৰীক্ষা কৰিব লাগে আৰু ৰিক’ভাৰী পজিচনত ৰাখিব লাগে। সদায় বিষৰ পাত্ৰ ভালদৰে ৰাখিব লাগে। চিকিৎসকে চিকিৎসা কৰাত সুবিধা হয়।

উৎস: সংগৃহীত।

3.2380952381
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top