অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৃক্কত হোৱা পাথৰ আৰু বনৌষধিঃ

বৃক্কত হোৱা পাথৰ আৰু বনৌষধিঃ

মানৱ দেহটো বিভিন্ন অংগ-প্ৰত্যংগৰে গঠিত। এই অংগ-প্ৰত্যংগবোৰ সুস্থ হৈ থকাৰ ওপৰতে দেহটো সবল-সুস্থ হৈ থকাটো নিৰ্ভৰ কৰে। এইক্ষেত্ৰত প্ৰতিটো অংগ-প্ৰত্যংগৰে গুৰুত্ব সমান। ইয়াৰ ভিতৰতো মানৱ দেহত এনে কেইটামান অংগ আছে, যিকেইটাৰ বিসংগতিয়ে মানুহক অনায়াসে মৃত্যুমুখলৈ ঠেলি দিব পাৰে। এনে অংগৰ অন্যতম হ’ল বৃক্ক। অৰ্থাত্ বৃক্ক মানৱ দেহৰ অত্যন্ত আৱশ্যকীয় অংগ।

মানৱ দেহত দুটা বৃক্ক থাকে। বৃক্ক দুটাৰ অৱস্থান পেটৰ দুই কাষত। আকাৰৰ ফালৰ পৰা বৃক্কৰ দীঘ ১১ ছেঃ মিঃ আৰু বহলে প্ৰায় ৬ ছেঃ মিঃমান বুলিব পাৰি। এই বৃক্ক দুটা সবল-সুস্থ হৈ থকাৰ ওপৰতে এজন মানুহৰ স্বাস্থ্য আৰু জীৱনী শক্তি সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। আমাৰ দেহৰ সমগ্ৰ অংগ-প্ৰত্যংগ সচল হৈ থাকিবৰ বাবে এইবোৰলৈ তেজৰ সঞ্চাৰণ ঘটে। তেজ আমাৰ দেহতে উত্পন্ন হয়। এই তেজত কিছুমান অলাগতিয়াল পদাৰ্থও মিহলি হৈ থাকে। এই অলাগতিয়াল পদাৰ্থবোৰ আমাৰ দেহৰ বাবে অপকাৰী। সেয়ে ইয়াক আমি দূষিত পদাৰ্থও বোলো। বৃক্কই এই অলাগতিয়াল পদাৰ্থবোৰ চেকি মূত্ৰথলীত জমা কৰে। পাছত এই জমা হৈ থকা পদাৰ্থসমূহ প্ৰস্ৰাৱৰ জৰিয়তে আমাৰ দেহৰ ভিতৰ ভাগৰ পৰা বাহিৰলৈ ওলাই যায়। অৰ্থাত্ বৃক্কই আমাৰ দেহৰ তেজ শোধন কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰে। বৃক্কই তেজ শোধন কৰি থাকে বাবে আমাৰ দেহটো সুস্থ হৈ থাকে আৰু আমি কাম-কাজ কৰিবলৈ সক্ষম হওঁ। কোনো কাৰণত বৃক্কই পূৰ্বৰ দৰে তেজ শোধন কৰিব নোৱাৰা অৱস্থা এটাৰ উদ্ভৱ হ’লেই বুজিব লাগিব যে বৃক্কত ক’ৰবাত কিবা বিসংগতিয়ে দেখা দিছে। এইক্ষেত্ৰত লগে লগে ভুক্তভোগীয়ে চিকিত্সকৰ কাষ চাপি আৱশ্যকীয় চিকিত্সা গ্ৰহণ কৰিব লাগে। এইক্ষেত্ৰত বিলম্ব কৰিলে ৰোগী সংকটজনক অৱস্থাত উপনীত হ’ব পাৰে আৰু জীয়াই থকাটোও অনিশ্চিত হৈ উঠিব পাৰে।

বৃক্কত হোৱা বিসংগতিৰ অন্যতম কাৰণ হ’ল বৃক্কত পাথৰ হোৱা। আমাৰ দেহত পিত্ত কোষ আৰু পিত্তবাহী যি নলী আছে তাত দূষিত আহাৰ খালে পিত্ত ৰস জমা হয়। এই জমা হোৱা ৰসেই সময়ত সৰু সৰু পাথৰৰ আকৃতি লয়। ইয়াৰ নামেই হ’ল পিত্ত পাথৰ। সাধাৰণতে বৃক্ক, মূত্ৰাশয়, পিত্তত এনে পাথৰৰ অৱস্থিতি দেখা যায়। বৃক্কত পাথৰ হ’লে কেইটামান লক্ষণে দেখা দিয়ে। এনে লক্ষণৰ ভিতৰত তলপেটত বিষ অনুভৱ কৰা, প্ৰস্ৰাৱৰ পৰিমাণ হ্ৰাস পোৱা, প্ৰস্ৰাৱ কৰোঁতে কষ্ট অনুভৱ কৰা ইত্যাদি। এইবোৰৰ আনুষংগিকভাৱে কেতিয়াবা কেতিয়াবা প্ৰস্ৰাৱৰ লগত তেজ নিৰ্গত হ’ব পাৰে, ৰোগী মূৰ্ছা যাব পাৰে, পিঠিত বিষ অনুভৱ কৰিব পাৰে। আনহাতে বৃক্কত পাথৰ হোৱা লোক জণ্ডিচ ৰোগতো আক্ৰান্ত হ’ব পাৰে।

দেহ সবল-সুস্থ কৰি ৰখাত খাদ্যৰ ভূমিকা অনন্য। সেয়ে দেহ নিৰোগী কৰি ৰাখিবলৈ ব্যক্তিয়ে খাদ্যৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰাটো অতিশয় জৰুৰী বিষয় হিচাপে গণ্য কৰা হয়। বৃক্কত পাথৰ হোৱাৰ কাৰক হিচাপেও খাদ্যৰ কথাই উনুকিয়াব পাৰি। অধিক মছলাযুক্ত খাদ্য স্বাস্থ্যৰ পক্ষে হিতকাৰী নহয়। অধিক মছলাযুক্ত খাদ্য গ্ৰহণ বৃক্কৰ পাথৰ হোৱাৰ অন্যতম কাৰণ। অধিক পৰিমাণত মাংস গ্ৰহণ কৰা, অধিক তামোল, ৰাগিয়াল বস্তু খোৱা, দূষিত খাদ্য গ্ৰহণ আদিও বৃক্কত পাথৰ হোৱাৰ একো একোটা কাৰণ। অত্যধিক জলা, অধিক পৰিমাণত তৈলাক্ত খাদ্য খোৱা অভ্যাসো বৰ্জন কৰি চলা উচিত।

বৃক্কত পাথৰ হোৱা ৰোগীক ততালিকে চিকিত্সকৰ দ্বাৰা চিকিত্সা কৰোৱাৰ ব্যৱস্থা কৰিব লাগে। পূৰ্বেই কোৱা হৈছে যে বৃক্কই চেকনিৰ দৰে আমাৰ দেহত তেজত মিহলি হৈ থকা অলাগতিয়াল পদাৰ্থসমূহ চেকি মূত্ৰথলীত জমা কৰি সেইবোৰ প্ৰস্ৰাৱ আকাৰে আমাৰ দেহৰ পৰা বাহিৰ কৰি দিয়ে। গতিকে এই ব্যৱস্থাটোৰ বিসংগতি ঘটা মানে ইয়াৰ ফলত দেহত নানা ৰোগৰ উত্পত্তি হোৱাৰ বাট মুকলি হৈ পৰে। সেয়েহে উপযুক্ত চিকিত্সাগ্ৰহণ অত্যন্ত জৰুৰী।

বৃক্ক পাথৰৰ চিকিত্সাৰ ক্ষেত্ৰত বনৌষধিৰ ভূমিকাও কম নহয়। এইক্ষেত্ৰত দুপৰ টেঙা, জলফাই তেল, শিলিখা, নাৰিকলৰ পানী, আপেলৰ ৰস, পিঁয়াজৰ ৰস, চিৰতা তিতা, তিয়ঁহ, কোমোৰা, গাজৰ আদি যথাযথভাৱে ব্যৱহাৰ কৰি উপকৃত হ’ব পাৰি। উদাহৰণস্বৰূপে দুপৰ টেঙা এবিধ সহজলভ্য বনদৰব। এই দুপৰ টেঙাৰ কেইখিলামান পাত ভালদৰে ধুই লৈ ইয়াৰ ৰস উলিয়াই চেনিৰ লগত মিহলাই প্ৰায় এমাহমান নিয়মিতভাৱে খালে বৃক্কৰ পাথৰ ভাগিবলৈ ধৰে আৰু প্ৰস্ৰাৱৰ লগত সেয়া বাহিৰ হৈ ওলায় যায়। একেদৰে গাজৰৰ ৰস দিনে দুবাৰকৈ এমাহমান খালেও বৃক্কৰ পাথৰ ভাগি প্ৰস্ৰাৱৰ লগত নিৰ্গত হয়। ডাব নাৰিকলৰ পানী কেইদিনমান নিয়মীয়াকৈ খালেও পাথৰ ভাগে। একেদৰে শিলিখাৰ ৰস গাখীৰৰ সৈতে এপষেকমান সিজাই শুদা পেটত খালে, আপেলৰ ৰস আৰু পানী খালে, পিঁয়াজৰ ৰসৰ সৈতে চেনি বা মিচিৰি পানী মিহলাই খালে, কেইদিনমান কোমোৰা সিজাই খালেও বৃক্কৰ পাথৰৰ ক্ষেত্ৰত উপকাৰ পোৱা যায়। কোমল তিয়ঁহ খোৱাটোও উপকাৰী।

ৰোগত ভুগি কষ্ট পোৱাতকৈ ৰোগ হোৱাৰ পূৰ্বৰে পৰা সাৱধানতা অৱলম্বন কৰা অধিক ফলপ্ৰসু। সেয়ে স্বাস্থ্য ভালে ৰাখিবলৈ অধিক পৰিমাণত মাছ-মাংস খোৱা, অধিক মছলাযুক্ত খাদ্য খোৱা আৰু ৰাগিয়াল বস্তু ব্যৱহাৰ কৰা বৰ্জনীয়। লগতে উল্লিখিত বনৌষধিসমূহ আমি খাদ্য হিচাপে নিৰ্দিষ্ট সময়ে সময়ে ব্যৱহাৰ কৰাৰ অভ্যাস কৰিলেও আমি বৃক্কত পাথৰ হোৱাৰ পৰা সুৰক্ষা পাব পাৰো। লগতে স্বাস্থ্য ভালে ৰাখিবলৈ সদায় পুৱা আৱশ্যকীয় বিশুদ্ধ পানী সেৱন কৰাৰ অভ্যাস কৰিব লাগে। স্বাস্থ্য ভালে ৰাখিবলৈ হ’লে অত্যধিক শাৰীৰিক শ্ৰম কৰাৰ পৰাও বিৰত থকা বাঞ্চনীয়।

লেখকঃ প্ৰভাৱতী কলিতা

উৎস:অসমীয়া খবৰ।

শেহতীয়া উন্নীতকৰণ: : 4/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate