মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / বৰ্জনীয় ঔষধ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বৰ্জনীয় ঔষধ :

বৰ্জনীয় ঔষধৰ বিষয়ে লিখা হৈছে ।

 

*অব্যৱহৃত ঔষধ টয়লেটত পেলাই প্লাছ কৰি দিব। তেনে কৰিলে পাইপ ব্লক হোৱাৰো চিন্তা নাই। নাইবা কোনো হাস্পতাল বা পাৰিবাৰিক চিকিৎসকক দি দিব পাৰে।

*পেৰাচিটামল এচপিৰিন জাতীয় টেবলেটৰ ৰং মলিন হৈ পৰিলে বা ভিনেগাৰৰ দৰে গোন্ধ ওলালে সেয়া আৰু ব্যৱহাৰ নকৰিব।

*কেপচুল ফাটি বা ভাঙি গ’লে ব্যৱহাৰ নকৰিব।

*কেপচুল এটা এটা হৈ ইটো সিটোৰ লগ লাগি গ’লেও ব্যৱহাৰ নকৰিব, কোনো মলম বা ক্ৰীমৰ ৰং বদলি গ’লে বা শুকাই গ’লে ব্যৱহাৰ কৰি লাভ নাই।

*তৰল বা যিকোনো চিৰাপৰ ৰং সলনি হ’লে ব্যৱহাৰ নকৰিব।

*যি ঔষধ ফ্ৰীজত ৰখা দৰকাৰ, কিন্তু পাহৰণিত দুসপ্তাহৰ বেছি ফ্ৰীজত ৰখা হোৱা নাই। সেই ঔষধ বৰ্জন কৰিব।

*এবছৰতকৈ বেছি ঘৰত ৰখা টেবলেটৰ ম্যাদ ওকলা দিন ব্যৱহাৰ কৰাৰ আগেয়ে চাই ল’ব।

ঔষধ খোৱাৰ সময় কিদৰে মনত ৰাখিব -

*বহু ঔষধ আছে যি সময়ত নাখালে কামত নাহে। কেইবাবিধো ঔষধ খাবলৈ হ’লে কেতিয়াবা ভুল হৈ যায়। তেতিয়া চিকিৎসকৰ সৈতে কথা পাতিব। চিকিৎসকে ‘কম্বিনেচন’ ঔষধ দিব পাৰে। এবিধ ঔষধতে দুই-তিনিটা ঔষধৰ গুণ নিহিত থকা ঔষধকে কম্বিনেচন বোলা হৈছে। তেতিয়া কম ঔষধ খালেও হয়।

*ডায়েবেটিছ আৰু এপিলেন্সি ৰোগত নিয়মিত ঔষধ খোৱা দৰকাৰ।

*বেছিভাগ ঔষধ খোৱাৰ পাছত খাবলৈ দিয়া হয়। গতিকে ঔষধৰ বক্স ডাইনিং টেবুলত ৰাখক। ঔষধ খোৱাৰ কথা মনত পৰি যাব।

*যিসকলে চাকৰি কৰে তেওঁলোকে অফিচৰ ড্ৰয়াৰত দিনটোৰ ঔষধ ৰাখিব পাৰে।

*যদি নিজে দিনে কেইবাবিধো ঔষধ খাব বা আনক খুৱাব লগা হয় তেনে চাৰ্ট কৰি লওক। তাত পুৱা, দুপৰীয়া, আবেলি, নিশা লগতে ব্ৰেকফাষ্ট, লান্স, টি, ডিনাৰ ইত্যাদি হেডিং অৰ্থাৎ ডাঙৰকৈ লিখি বা তলত আণ্ডাৰ লাইন কৰি ৰাখিব। খেলিমেলি হোৱাৰ ভয় বা দুশ্চিন্তা নাথাকে।

*ক’ৰবালৈ যাত্ৰা কৰিলে নিজৰ ঔষধ পেকটত ভৰাই ল’ব। যাতে যাত্ৰাকালত বাটত খাব পাৰে।

*ঔষধ চকুৰে দেখা ঠাইত ৰাখিব যাতে সময় মতে খাবলৈ মনত পৰি যায়।

*অসুখ ভাল পোৱাৰ পাছত আধা ঔষধ খাবলৈ বেছিভাগেই এৰি দিয়ে। তেতিয়াও ঔষধ খাবলৈ পাহৰা সহজ হৈ পৰে। কিন্তু তেনে কৰা উচিত নহয়। ক’ৰ্চটো সম্পূৰ্ণ কৰিব লাগে।

উৎস: অসম বাণী

3.125
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top