অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভাৰতৰ বজাৰত নিষিদ্ধ ঔষধবোৰৰ কেইবিধমান

ভাৰতৰ বজাৰত নিষিদ্ধ ঔষধবোৰৰ কেইবিধমান

তলত উল্লেখ কৰা ঔষধবোৰ ভাৰত চৰকাৰে নিষিদ্ধ কৰিছে। ভাৰত চৰকাৰৰ গেজেটত প্ৰকাশ পোৱা এক জাননী (G.S.R. No. 578 (E) dated 23/07/1983) যোগে ঔষধ আৰু প্ৰসাধন আইন, ৰ ১৯৪০ অধীনত ২৩ জুলাই ১৯৮৩ ত প্ৰথম ঔষধৰ বিক্ৰী, প্ৰস্তুত আৰু বিতৰণ নিষিদ্ধ কৰে। ইয়াৰ পাছত আনুসাংগিক সংশোধনেৰে বৰ্তমানলৈকে ৮০ বিধ বুনিয়াদী ঔষধ নিষিদ্ধ কৰে। এই ঔষধবোৰ বুনিয়াদী নামত উল্লেখ কৰা হ’ল। বুনিয়াদী নাম আৰু তাৰ পৰিমাণ প্ৰত্যেক ঔষধৰ ওপৰৰ আৱৰণী বা বটলৰ ওপৰত থকা লেবেলত লিখা থাকে। জাননীৰ বিপৰীতে নিষিদ্ধ কৰা ঔষধবোৰৰ তালিকা দিয়া হ’ল। জাননী জাৰি কৰা দিনৰ পৰা এইবোৰ নিষিদ্ধ কৰা হৈছে:

জাননী : G.S.R. No. 578 (E) dt 23-07-1983
1. Amidopyrine

১) এমাইডপাইৰিন: এই ঔষধ বেদনানাশক হিচাপে ব্যৱহাৰ কৰা হৈছিল। এই বুনিয়াদী ঔষধ থকা যি কোনো ঔষধ ব্যৱহাৰ কৰাৰ ফলত হোৱা ক্ষতিকাৰক প্ৰভাৱৰ প্ৰমাণ পোৱাৰ পাছত মাৰ্কিন যুক্তৰাষ্ট্ৰত এই ঔষধবিধ ত্ৰিছৰ দশকতে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হয়। পৃথিৱীৰ কোনো এখন উন্নয়নশীল দেশতে ইয়াৰ প্ৰচলন নাই। এই দ্ৰৱ্য ব্যৱহাৰ কৰিলে তেজৰ শ্বেতৰক্ত কণিকাৰ তৈয়াৰ কাৰ্য্য বন্ধ হৈ যায় আৰু ৰোগীৰ মৃত্যু হোৱাটোও অস্বাভাৱিক নহয়। ইয়াক Agranulocytosis বোলা হয়। নিষিদ্ধ ঘোষণা হোৱাৰ তিনিবছৰমান পাচলৈকে বিভিন্ন ঔষধত এই দ্ৰব্যবিধ মিহলোৱা দেখা গৈছিল। কিন্তু পাচত সেয়া বন্ধ হ’ল। ঔষধ কোম্পানীবোৰে উক্ত ঔষধবোৰৰ পৰা এমাইড’পাইৰিন আঁতৰাই তাৰ ঠাইত প্ৰোফিফেনাজন আৰু পেৰাছাইটাম’ল নামৰ দ্ৰৱ্য দুবিধ মিহলাবলৈ আৰম্ভ কৰিলে। কিছুমান এনালজিন মিহলালে। কিন্তু আচৰিত হ’ব লগা কথা যে, প্ৰোফিফেনাজন নামৰ দ্ৰব্যবিধৰ উল্লেখ কোনো চিকিত্সা শাস্ত্ৰত উল্লেখ নাই আৰু ইয়াৰ লাভ বা ক্ষতি সম্পৰ্কে কোনো পৰীক্ষাও হোৱা নাই। আনহাতে, বিশ্ব স্বাস্থ্য সংস্থাৰ ২৫০ টা প্ৰয়োজনীয় ঔষধৰ ভিতৰত এনালজিনৰ নাম নাই। বহুদেশে এনালজিনক এমাইড’পাইৰিনৰ সমানেই ক্ষতিকাৰক বুলি নিষিদ্ধ ঘোষণা কৰিছে।

2. Fixed dose combinations of vitamins with anti-inflammatory agents and tranquilizers.
২) ভিটামিনৰ লগত প্ৰদাহৰোধী আৰু স্নায়ু শিথিলকাৰীৰ নিৰ্দিষ্ট পৰিমাণত মিশ্ৰিত ঔষধ: ইয়াক অবৈজ্ঞানিক আৰু অপ্ৰয়োজনীয় মিশ্ৰণ বুলি নিষিদ্ধ কৰা হৈছে। স্নায়ুশিথিলকাৰী ঔষধ বহুদিন ধৰি ব্যৱহাৰ কৰিলে এনে ঔষধৰ প্ৰতি আসক্তিৰ সৃষ্টি হয়। আনহাতে, এনেবোৰ ঔষধ যিবোৰৰ কাৰণত ব্যৱহাৰ কৰা দেখা যায়-তেনে কাৰণত কেৱল প্ৰদাহৰোধী ঔষধ এককভাৱে ব্যৱহাৰ কৰিলেই বেছি ভাল ফল পোৱা যায়। ইয়াৰ লগত ভিটামিন বা স্নায়ুশিথিলকাৰী মিহলালে কোনো উপকাৰ সাধন নকৰে।

3. Fixed dose combinations of Atropine and Analgesic and Antipyretics.

৩) বেদনানাশক আৰু জ্বৰ কমোৱা ঔষধৰ লগত এট্ৰ’পিনৰ নিৰ্দিষ্ট পৰিমাণত মিশ্ৰণ: আমাৰ দেহৰ অনৈচ্ছিক পেশীসমূহৰ হঠাতে কেতিয়াবা সংকোচন বা প্ৰসাৰণ ঘটে অস্বাভাৱিকভাৱে। ইয়াৰ অসহ্যকৰ বেদনা অনুভূত হয়। যেনে-আলচাৰ, ষ্ট’ন আৰু অন্ত্ৰ, পাকস্থলী, মূত্ৰনলী, পিত্তথলী আদিৰ সংকোচনৰ ফলত অনুভূত হোৱা বেদনা কমোৱাৰ ক্ষেত্ৰত এট্ৰপিনৰ একক ব্যৱহাৰ যথেষ্ট কাৰ্য্যক্ষম।

আনহাতে, সাধাৰণ বেদনা আৰু জ্বৰনাশৰ বাবে-যেনে, মাংসপেশী, গাঠিৰ বিষ, দাঁতৰ বিষ আৰু এই বিষৰ পৰা হোৱা জ্বৰ কমাবৰ বাবে বেদনানাশক আৰু জ্বৰ নিবাৰক ঔষধ যেনে, পেৰাচিটামল, এছপিৰিন, ইবুপ্ৰফেন আদি ঔষধ বেছি কাৰ্য্যক্ষম। এই দুয়োবিধ ৰোগ পৃথক আৰু ইহতৰ কাৰ্য্যকাৰিতাও পৃথক। এট্ৰপিনে যি বিষ নাশ কৰে, সাধাৰণ জ্বৰ আৰু বেদনানাশক ঔষধে সেয়া কৰিব নোৱাৰে। আনহাতে এট্ৰপিনৰো ঐচ্ছিক পেশীৰ বিষ কমোৱাত দক্ষতা কম। এট্ৰপিনে দেহৰ উত্তাপ বঢ়াই দিয়ে, কিন্তু জ্বৰ আৰু বিষনাশক ঔষধে দেহৰ উত্তাপ কমাই দিয়ে। এট্ৰপিন ব্যৱহাৰ কৰিলে-মুখ শুকাই যোৱা, চকুত চানিপৰা, নিদ্ৰাহীনতা, ঘাম ওলোৱা বন্ধ হোৱা আদি পাৰ্শ্বক্ৰিয়া দেখা যায়।

4. Fixed dose combinations of Strychnine and Caffeine in tonics.
৪) ষ্ট্ৰিকনিন আৰু কেফেইন নিৰ্দিষ্ট পৰিমাণত মিশ্ৰিত টনিক: প্ৰকৃততে টনিক বস্তুটোৱেই অবৈজ্ঞানিক। চৰকাৰে টনিকক ঔষধ হয়ো, নহয়ো-এনে এটাত সীমিত ৰাখিছে। আচলতে, টনিকৰ পৰা কিবা লাভালাভ হোৱা কথাটো ব্যৱহাৰকাৰীৰ টনিকৰ ওপৰত থকা বিশ্বাসৰ ওপৰতে নিৰ্ভৰ কৰে। কাৰণ ই লাভ কৰাতকৈ ইয়াত থকা নানা অ-প্ৰয়োজনীয় আৰু ক্ষতিকাৰক দ্ৰব্যই মানৱদেহৰ ক্ষতিহে কৰে আটাইবোৰ টনিক নিষিদ্ধ কৰা প্ৰয়োজন যদিও অতি ক্ষতিকাৰক আৰু অপ্ৰয়োজনীয় বুলিহে এই মিশ্ৰণ নিষিদ্ধ ঘোষণা কৰা হৈছে।

বহু বছৰৰ আগতে ষ্ট্ৰিকনিনৰ ব্যৱহাৰ হৈছিল বিহ হিচাপে। পগলা কুকুৰ আদি মাৰিবলৈ এই বিহ ব্যৱহাৰ কৰা হৈছিল। পিচে, আজিৰ পৃথিৱীৰ কোনো দেশতে এই কাৰ্য্যৰ বাবেও এনে মাৰাত্মক বিহৰ ব্যৱহাৰ নকৰে। প্ৰথমতে এই দ্ৰৱ্যবিধ মানৱ শিশুৰ দেহত প্ৰয়োগ কৰা হৈছিল ভোক বঢ়াবৰ বাবে। কিন্তু পিচলৈ প্ৰমাণিত হ’ল- ই মানৱ শৰীৰৰ বাবে ভয়াবহ ক্ষতিকাৰক। অৱশ্যে অতি কম মাত্ৰাতহে ষ্ট্ৰিকনিনৰ ব্যৱহাৰ হৈছিল। কাৰণ বেছি মাত্ৰাৰ এই দ্ৰব্যই ব্যক্তিৰ মানসিক উত্তেজনা বঢ়াই তোলে আৰু প্ৰৱল স্নায়বিক উত্তেজনাত ব্যক্তিৰ বেদনাদায়ক মৃত্যু হয়। ভাৰতৰ বাহিৰে সকলোবোৰ দেশত ইয়াৰ ব্যৱহাৰ কেতিয়াবাই নিষিদ্ধ কৰা হৈছে। ভাৰতত কিন্তু এতিয়াও এই দ্ৰব্যক ভোক বঢ়াবলৈ ব্যৱহাৰ কৰি থকা হৈছে। প্ৰকৃততে এই দ্ৰব্যবিধক ঔষধৰ স্বীকৃতিতো দিব নোৱাৰিয়েই-বিহ বুলিহে ক’ব পাৰি। ভাগৰ আৰু অৱসাদ গুচাবলৈ প্ৰয়োজনীয় বিশ্ৰামেই যথেষ্ট। খুউব বেছি প্ৰয়োজন হ’লে- একাপ চাহ বা কফি যোগেও কেফেইন গ্ৰহণ কৰিব পাৰি। আকৌ, অপ্ৰয়োজনত এই দ্ৰব্যৰে স্নায়ুক উত্তেজিত কৰি থকাটোও ক্ষতিকাৰক। পিচে ষ্ট্ৰিকনিন আৰু কেফেইন যুক্ত টনিকেৰে আজিৰ বজাৰ ভৰি আছে।

5. Fixed dose combinations of Yohimbine and Strychnine with Testosterone and Vitamins.
৫) য়ুহিমবিন আৰু ষ্ট্ৰিকনিনৰ লগত টেষ্টোষ্টেৰণ আৰু ভিটামিনৰ নিৰ্দিষ্ট পৰিমাণত মিশ্ৰণ: য়ুহিমবিন আৰু টেষ্টোষ্টেৰনক ঔষধ কোম্পানীবোৰৰ লগতে সুৰ মিলাই ডাক্তৰসকলেও যৌন শক্তি বঢ়োৱা ঔষধ হিচাপে প্ৰচাৰ কৰে। মানুহৰ যৌন ক্ষমতা বঢ়োৱাৰ যি হেপাঁহ-তাকে মূলধন হিচাপে লৈ ঔষধ কোম্পানীয়ে এই ঔষধৰ ব্যৱসায় কৰিছে। প্ৰকৃততে কিন্তু কোনোবিধ ঔষধেই এই কাম কৰিব নোৱাৰে। ষ্ট্ৰিকনিনৰ ক্ষতিৰ কথা আগতেই কোৱা হৈছে। য়ুহিমবিন ব্যৱহাৰৰ ফলত যৌন শক্তি বঢ়াৰ প্ৰমাণ নাপালেও ঘনাই প্ৰস্ৰাব হোৱা, নিদ্ৰাহীনতা আদি ৰোগৰ বাবে দায়ী কৰিব পৰা যায়।

টেষ্টোষ্টেৰণ এবিধ যৌন হৰমন। ইয়াৰ ব্যৱহাৰৰ ফলত পুৰুষৰ যৌন প্ৰষ্টেট গ্ৰন্থিৰ কেন্সাৰ হ’ব পাৰে। খুউব বিৰল কোনো ৰোগ বা দুৰ্ঘটনাৰ ফলত অণ্ডকোষৰ কাম কমি গ’লে এই হৰমনবিধ যথেষ্ট সাৱধানতা আৰু বিশেষজ্ঞৰ অধীনত গ্ৰহণ কৰিব লগা হয়। পিচে, প্ৰকৃত ক্ষেত্ৰত তেনে নহয়। কোম্পানীয়ে ইয়াৰ লগত ভিটামিন মিহলি কৰি বিষয়টো বেছ সাধাৰণ কৰি দিয়ে। কোম্পানীবিলাকৰ প্ৰচাৰৰ লগত-যেতিয়াই তেতিয়াই ভিটামিন খাই দেহটো ভালে ৰাখিব পৰা ধৰণৰ যি অন্ধ বিশ্বাস সাধাৰণ মানুহৰ মাজত প্ৰচলিত-এই মিশ্ৰণেও বিষয়টো সাধাৰণ কৰাৰ দৰে কথা। পিচে, অপ্ৰয়োজনীয় অধিক ভিটামিন গ্ৰহণ কৰাটো দেহত ভিটামিনৰ ঘাটি হৈ পৰা ৰোগতকৈ অধিক ক্ষতিকাৰক। প্ৰকৃততে কোনো ঔষধৰ লগতে মিশ্ৰিত ৰূপততো ভিটামিন গ্ৰহণ কৰাটো বিজ্ঞানসন্মততো নহয়েই, জনসাধাৰণে সচৰাচৰ ভিটামিন কিনি খোৱাসকলৰ শতকৰা ২ জনৰো প্ৰকৃততে ভিটামিনৰ প্ৰয়োজন নহয়।

6. Fixed dose combinations of Iron with Strychnine, Arsenic and Yohimbine.
৬) আইৰণৰ লগত ষ্টিকনিন, আৰচেনিক আৰু ওহিম্বিনৰ নিৰ্দিষ্ট পৰিমাণত মিশ্ৰণ: এইয়া এক ক্ষতিকাৰক, অবৈজ্ঞানিক মিশ্ৰণ। ঔষধ কোম্পানীয়ে কেৱল ঔষধৰ প্ৰতি থকা মানুহৰ দুৰ্বলতাৰ প্ৰতি লক্ষ্য কৰি এনে ঔষধ তৈয়াৰ কৰে। নিষিদ্ধ কৰাৰ পাচতো আইৰণৰ লগত উক্ত ঔষধসমূহ মিশ্ৰিত ৰূপত পোৱা যায় কিছুমান টনিকত (টনিক ঔষধ নহয়, পিচে সাধাৰণ মানুহে ঔষধ বুলি খায়) এইবোৰে মানৱ দেহত নানা ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে।

7. Fixed dose combinations of Sodium Bromide/chloral hydrate with other drugs.
৭) চোডিয়াম ব্ৰমাইড আৰু ক্লৰেল হাইড্ৰেটৰ লগত আন ঔষধৰ নিৰ্দিষ্ট পৰিমাণত মিশ্ৰণ: প্ৰকৃততে আন ঔষধৰ লগত মিশ্ৰৰূপত ইয়াক নিষিদ্ধ কৰাতকৈ এই ঔষধ দুবিধেই নিষিদ্ধযোগ্য। ক্লৰেল হাইড্ৰেট পাকস্থলীৰ বাবে ক্ষতিকাৰক। লিভাৰ, কিডনীৰ ৰোগ আৰু পেপটিক আলচাৰ থকা লোকে এই দ্ৰব্য গ্ৰহণ কৰা আৰু বিহ গ্ৰহণ কৰা একে কথা। ছডিয়াম ব্ৰমাইডৰ ক্ষতিও প্ৰায় একেই। চিকিত্সা ব্যৱস্থাৰ অনুন্নত অৱস্থাত-এই দুয়োবিধ ঔষধক আবেশকাৰী (Hypnotic) আৰু প্ৰশান্তিদায়ক (Sadatine) ঔষধ হিচাপে ব্যৱহাৰ কৰা হৈছিল। কিন্তু এতিয়া নিৰাপদ ঔষধ আৱিস্কাৰ হোৱাৰ পাচতো এনে ঔষধ ব্যৱহাৰ কৰাৰ কোনো যুক্তি নাই। সি যি কি নহওক-নিষিদ্ধ ঘোষণা হোৱাৰ পাচতো- টনিক, জ্বৰৰ ঔষধ আদিৰ লগত মিশ্ৰিত ৰূপত আজিও এই ঔষধ পোৱা যায়।

8. Phenacetin.

৮) ফেনাচেটিন: বেদনানাশক হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়। ইয়াৰ ব্যৱহাৰৰ ফলত তেজৰ ক্ষতি হোৱাৰ লগতে যকৃত আৰু বৃক্কৰ ভয়াবহ ক্ষতি হয় বুলি প্ৰমাণিত হোৱাৰ পাচত ইয়াক নিষিদ্ধ কৰা হয়।

9. Fixed dose combinations of antihistaminic with anti-diarrhoeals.

৯) এলাৰ্জি বিৰোধী আৰু ডায়েৰিয়াৰ ঔষধৰ নিৰ্দিষ্ট পৰিমাণত মিশ্ৰণ: ডায়েৰিয়া হ’লে, এলাৰ্জি-বিৰোধী ঔষধবোৰে ডায়েৰিয়াৰ লক্ষণবোৰ নোহোৱা কৰিব পাৰে। ফলত প্ৰকৃত চিকিত্সা বাদ পৰি ৰোগীৰ দেহত ভিতৰি-ভিতৰি মাৰাত্মক অৱস্থা হ’ব পাৰে। প্ৰকৃততে এই দুই মিশ্ৰণ সম্পূৰ্ণ অবৈজ্ঞানিক। আনহাতে এইখিনিতে উল্লেখ কৰা ভাল যে, ডায়েৰিয়া-বিৰোধী ঔষধৰ প্ৰকৃততে কোনো প্ৰয়োজন নাই। ডায়েৰিয়া প্ৰকৃত কাৰণ বিচাৰি তাৰ চিকিত্সা কৰাটোহে প্ৰয়োজন। বৰ্তমান ডায়েৰিয়া-বিৰোধী ঔষধৰ লগত বিভিন্ন দ্ৰব্য মিহলি ঔষধো বজাৰত পোৱা যায়। আনহাতে এলাৰ্জি-বিৰোধী ঔষধো ঘনাই ব্যৱহাৰ কৰিলে বা বেছি পৰিমাণত ব্যৱহাৰ কৰিলে মাৰাত্মক অৱস্থা হ’বগৈ পাৰে।

10. Fixed dose combinations of Penicillin with Sulphonamides.
১০) পেনিছিলিন আৰু ছালফনামাইডৰ নিৰ্দিষ্ট পৰিমাণত মিশ্ৰণ : পেনিছিলিন আৰু ছালফনামাইড জাতীয় ঔষধ মিশ্ৰৰূপত ব্যৱহাৰ কৰিলে-দুয়োবিধ ঔষধৰে আৰোগ্য দক্ষতা লোপ পায়। এই দুই বিধ অত্যাৱশ্যকীয় ঔষধৰ কাৰ্য্যদক্ষতা পৃথক। ছালফনামাইডে দেহত বিজাণুৰ বৃদ্ধিত বাধা দিয়ে। পেনিছিলিনে বিজানুবোৰক মাৰি পেলায়। কিন্তু মিশ্ৰিতৰূপত ব্যৱহাৰ কৰিলে দুয়োটা গুণেই হেৰুৱায়।

11. Fixed dose combinations of Vitamins with Analgesics.

১১) বেদনা নিবাৰকৰ লগত ভিটামিনৰ নিৰ্দিষ্ট পৰিমাণত মিশ্ৰণ: বেদনা নিবাৰক ঔষধ যে প্ৰয়োজনত একক হিচাপে ব্যৱহাৰ কৰিব লাগে বা সেইটোৱেই চিকিত্সা-বিজ্ঞানসন্মত তাক আগতে উল্লেখ কৰা হৈছে। পিচে ঔষধ কোম্পানীবোৰে সাধাৰণ মানুহৰ প্ৰতিটো বেমাৰতে ভিটামিনৰ প্ৰতি লক্ষ্য কৰি তাৰ পূৰ্ণ সুযোগত বেদনা নিবাৰকৰ লগতো ভিটামিন মিহলাই। এজন মানুহৰ দেহত কি ভিটামিনৰ ঘাটি হৈছে আৰু তেওঁক প্ৰকৃততে কি পৰিমাণৰ ভিটামিনৰ প্ৰয়োজন, সেই কথা নজনাকৈ এনেদৰে ভিটামিন গ্ৰহণ কৰি থাকিলে মানৱ শৰীৰত কি ভয়াবহ অৱস্থাৰ সৃষ্টি কৰিব পাৰে-সেয়া বৈজ্ঞানিকসকলে প্ৰমাণ কৰিছে। ভিটামিন মিশ্ৰিত এনে বহুবোৰ ঔষধ আজিও বজাৰত পোৱা যায়।

12. Fixed dose combinations of Tetracycline with Vitamin C. 
১২) টেট্ৰাচাইক্লিনৰ লগত ভিটামিন চিৰ নিৰ্দিষ্ট পৰিমাণত মিশ্ৰণ: নিষিদ্ধ হোৱাৰ পিচতো এনে মিশ্ৰণ বজাৰত অনেক পোৱা যায়। ভিটামিন-চিৰ প্ৰতি থকা মানুহৰ দুৰ্বলতাৰ সুযোগত ঔষধ কোম্পানীয়ে যাতে ভিটামিন মিহলি বুলি বেছি দামত নিজৰ ঔষধটো বিক্ৰী কৰিব পাৰে, তাৰ বাবেই এনে মিশ্ৰণ। ই সম্পূৰ্ণ অবৈজ্ঞানিক। ক্ষতিকাৰক দিশবোৰ আছেই। প্ৰয়োজনত ভিটামিন-চি বা আন ভিটামিনো পৃথককৈ গ্ৰহণ কৰাটোৱেই চিকিত্সা বিজ্ঞানসন্মত-আন ঔষধৰ লগত নহয়-এই কথা প্ৰতিমূহূৰ্তত মনত ৰখা উচিত।

জাননী : G.S.R. No. 793 (E) dt 13-12-1995
13. Fixed dose combinations of Hydroxyquinoline group of drugs with any other drug except for preparations meant for external use only.

১৩) শৰীৰৰ বাহিৰত ব্যৱহাৰৰ বাহিৰে হাইড্ৰক্সিকুইলিন গোটৰ ঔষধৰ লগত আন ঔষধৰ নিৰ্দিষ্ট পৰিমাণত মিশ্ৰণ: নানা দেশৰ লগতে, বিশেষকৈ জাপানত হাইড্ৰক্সিকুইলিন গ্ৰুপৰ ক্লাইওকুইনলৰ ব্যৱহাৰে মানৱ দেহত মাৰাত্মক ক্ষতি কৰা বুলি প্ৰমাণিত হোৱা আৰু বিশ্বৰ সকলোবোৰ দেশতে এই গ্ৰুপৰ ঔষধ নিষিদ্ধ কৰাৰ পিছত ভাৰততো ১৯৮২ চনৰ ৩০ এপ্ৰিলত এই গ্ৰুপৰ সকলো ঔষধৰ উত্পাদন আৰু বিক্ৰী নিষিদ্ধ কৰি আদেশ জাৰি কৰিছিল যদিও ১৯৮৩ চনৰ ২৩ জুলাইত সেই আদেশৰ পৰিবৰ্তন কৰি ইয়াক পেটৰ অসুখ, গ্ৰহণী, চৰ্মৰোগৰ বাবেহে  ব্যৱহাৰৰ অনুমতি প্ৰদান কৰে। যিহেতু এই ঔষধ তিনি ধৰণৰ ব্যৱহাৰৰ বাহিৰে আন ব্যৱহাৰ নায়েই আৰু এনে ব্যৱহাৰতেই মাৰাত্মক ক্ষতি হয়-গতিকে চৰকাৰে ওপৰে ওপৰে নিষেধাজ্ঞা জাৰি কৰিলে যদিও সেয়া জনস্বাস্থ্য-বিৰোধী হৈয়েই ৰ’ল। যিহেতু, উক্ত অসুখবোৰ নিৰাময়ৰ বাবে হাইড্ৰক্সিকুইলিনতকৈ বেছি কাৰ্য্যকৰী আৰু কম ক্ষতিকাৰক ঔষধ পোৱা যায়। অৱশেষত ১৯৯৫ চনত এই ঔষধ নিষিদ্ধ কৰা হয়।

জাননী : G.S.R. No. 1057 (E) dt 03-11-1988

14. Fixed dose combinations of Corticosteroid with any other drug for internal use except for preparations meant for meter dose inhalers and dry powder inhalers.[Substituted vide GSR 738 (E) dated 9.10.2009]
১৪) নিৰ্দিষ্ট পালি অনুসৰি নাকেৰে শুঙা আৰু নাকেৰে শুঙা শুকান গুৰিৰ বাহিৰে কৰ্টিক’ষ্টেৰয়ডৰ লগত আন ঔষধৰ নিৰ্দিষ্ট পৰিমাণত মিশ্ৰণ (9.10.2009 তাৰিখৰ জাননী নং GSR 738 (E) যোগে ): ই হৰমন জাতীয় দ্ৰব্য। প্ৰয়োজন বা অপ্ৰয়োজনত অধিক মাত্ৰাত এই ঔষধ ব্যৱহাৰ কৰিলে মানৱ দেহত ভয়াবহ ক্ষতি হয়। ইয়াৰ ক্ষতিকাৰক প্ৰভাৱৰ ফলত মুখ উখহি যায়, হাড় বেঁকা হৈ যায়, আলচাৰ, মধুমেহ, উচ্চ ৰক্তচাপ আদি হয়। তদুপৰি-ব্যৱহাৰকাৰীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা লুপ্ত হৈ পৰে। ইয়াৰ ব্যৱহাৰৰ ফলত শিশুৰ দৈহিক বৃদ্ধি হ্ৰাস পায়। এই হৰমন ব্যৱহাৰ কৰাসকলৰ দেহত হৰমনৰ উত্পাদন ক্ষমতা লাহে লাহে কমি গৈ পিচত একেবাৰে লুপ্ত হয়গৈ। ফলত বাহিৰৰ পৰা হৰমন যোগান নধৰিলে ৰোগীৰ মৃত্যু হ’ব পাৰে।

15. Fixed dose combinations of Chloramphenicol with any other drug for internal use.

১৫) শৰীৰৰ ভিতৰত ব্যৱহাৰৰ বাবে ক্ল’ৰামফনিকলৰ লগত আন ঔষধৰ নিৰ্দিষ্ট পৰিমাণত মিশ্ৰণ: কেৱল ক্ল’ৰামফনিকলৰেই পাৰ্শ্বক্ৰিয়া মাৰাত্মক। ইয়াৰ ব্যৱহাৰৰ ফলত তেজৰ কোষৰ উত্পাদন বন্ধ হ’ব পাৰে। বহু ক্ষেত্ৰত ই তেজৰ কেন্সাৰ বা লিউক’মিয়াৰ কাৰণ হোৱাৰো প্ৰমাণ পোৱা গৈছে। প্ৰথম ব্যৱস্থাত ক্ল’ৰামফনিকল আন কিছুমান ঔষধৰ স’তে মিহলাই বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হৈছিল। পিচত, যোৱা ১৯৮৩ চনত এক নিৰ্দেশযোগে ইয়াক কেৱল ষ্টেষ্ট্ৰমাইছিনৰ লগত ব্যৱহাৰ কৰিবলৈ কোৱা হ’ল। কিন্তু এয়াও মানৱ দেহৰ পক্ষে নিৰাপদ নাছিল। অৱশেষত যেনিবা চৰকাৰে পুনৰ সংশোধিত নিৰ্দেশ যোগে ইয়াক এককভাৱে ব্যৱহাৰৰ বাহিৰে আন ঔষধৰ লগত মিশ্ৰিত ৰূপত ব্যৱহাৰ কৰাটো নিষিদ্ধ কৰে। কিন্তু চৰকাৰৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই ন্যায়ালয়ৰ কাষ চাপি বহুবোৰ ঔষধ কোম্পানীয়ে ইয়াক আন ঔষধৰ লগত মিশ্ৰিত ঔষধ হিচাপে উত্পাদন আৰু বিক্ৰী কৰি আছে। কিন্তু এটা কথা মনত ৰাখিবলগীয়া যে, কেৱল টাইফয়েড ৰোগতহে ক্লৰামফনিকল ব্যৱহাৰ কৰাটো চিকিত্সা বিজ্ঞানসন্মত। পিচে, আজিকালিৰ চিকিত্সকে নানা পেটৰ অসুখ আৰু সন্দেহজনক টাইফয়েড ৰোগীকো এই ক্ল’ৰামফনিকল থেৰাপী কৰাটো প্ৰত্যক্ষ কৰা হৈছে। আন সকলো দেশতে এই বিষাক্ত ঔষধবিধ নিষিদ্ধ কৰা হৈছে। কিন্তু আমাৰ দেশত টাইফয়েডৰ উপযুক্ত ঔষধ নোহোৱাৰ ফলত আজিও এই ঔষধৰ প্ৰচলন হৈ আছে।

জাননী : G.S.R. No. 304 (E) dt 07-06-1991

16. Fixed dose combinations of crude Ergot preparation except those containing  Ergotamine, Caffeine, analgesics, antihistamines for the treatment of migraine, headache.
১৬) মাইগ্ৰেন আৰু মূৰৰ বিষৰ বাবে আৰগটামাইন, কেফেইন, বেদনানাশক, এলাৰ্জীবিৰোধী ঔষধৰ বাহিৰে শোধন নকৰা আৰগটৰ স’তে আন ঔষধৰ নিৰ্দিষ্ট পৰিমাণত মিশ্ৰণ: সন্তান জন্ম হোৱাৰ পাচত হোৱা ৰক্তপাত আৰু মাইগ্ৰেন(Migraine) নামৰ প্ৰচণ্ড মূৰৰ বিষ কমোৱাৰ ক্ষেত্ৰত আৰগটৰ ব্যৱহাৰ হয়। কেইবাবিধও Alkaloid থকা এই দ্ৰব্যবিধ জলজ উদ্ভিদৰ পৰা তৈয়াৰ কৰা হয়। ইয়াক শোধন নকৰাকে ব্যৱহাৰ কৰা অনুচিত। ইয়াৰ লগত আন ঔষধ মিশ্ৰভাৱে থাকিলে প্ৰসূতি মাতৃৰ দেহত নানা ধৰণৰ মাৰাত্মক পাৰ্শ্বক্ৰিয়া কৰিব পাৰে। মাইগ্ৰেন আৰু মূৰৰ বিষৰ বাবে আৰগটামাইন, কেফেইন, বেদনানাশক আদিৰ লগতহে মিশ্ৰিত ৰূপত ইয়াক ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়া হৈছে

17. Fixed dose combinations of Vitamins with Anti TB drugs except combination of Isoniazid with Pyridoxine Hydrochloride (Vitamin B6).
১৭) আইচোনায়াজাইডৰ লগত পাইৰিডক্সিন হাইড্ৰক্লৰাইডৰ (ভিটামিন বি৬)মিশ্ৰণ বাহিৰে কোনো ধৰণৰ যক্ষ্মাবিৰোধী ঔষধৰ লগত ভিটামিনৰ নিৰ্দিষ্ট পৰিমাণত মিশ্ৰণ: আইচোনায়াজাইড হ’ল যক্ষ্মাৰ ঔষধ। ইয়াৰ লগত পাইৰিড’ক্সিন হাইড্ৰক্লৰাইডৰ বাহিৰে আন কোনো ধৰণৰ যক্ষ্মা ৰোগৰ ঔষধৰ লগত কোনো ধৰণৰ ভিটামিন মিহলোৱা অবৈজ্ঞানিক।

18. Penicillin skin/eye Ointment.
১৮) ছাল আৰু চকুৰ বাবে পেনিছিলিন মলম: কিছুদিনৰ আগলৈকে ছাল আৰু চকুৰ অসুখৰ বাবে পেনিছিলিনৰ মলমৰ বেছ জনপ্ৰিয়তা আছিল। পিচে, এই ঔষধ ব্যৱহাৰ কৰিলে ৰোগীয়ে ৰোগৰ পৰা পৰিত্ৰাণ পায় যদিও- বহু ক্ষেত্ৰত এই ঔষধে ৰোগীৰ শৰীৰত এলাৰ্জিৰ সৃষ্টি কৰে। আনহাতে, উক্ত ৰোগৰ বাবে আন নিৰ্ভৰযোগ্য ঔষধ, কম ক্ষতিকাৰক আৰু পূৰ্ণদক্ষতা থকা ঔষধ আৱিস্কাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত এনে পেনিছিলিনৰ মলম নিষিদ্ধ ঘোষণা কৰা হয়।

19. Tetracycline Liquid Oral preparations.
১৯) মুখেৰে গ্ৰহণ কৰা তৰল টেট্ৰাচাইক্লিন জাতীয় ঔষধ: সাধাৰণতে টেট্ৰাচাইক্লিন ঔষধ বিজাণুনাশক হিচাপে ব্যৱহাৰ কৰা হয়। কিন্তু এই ঔষধে শিশু বা উঠি অহা ল’ৰা-ছোৱালীৰ দাঁত আৰু হাড়ৰ ভয়াবহ ক্ষতি কৰে। দাঁতবোৰ শক্তিশালী নহয়। হাড়ৰ বৃদ্ধিৰ হাৰ কমি যায়। গৰ্ভৱতী মহিলাই এই ঔষধ ব্যৱহাৰ কৰিলে ইয়াৰ ক্ষতিকাৰক প্ৰভাৱ ভ্ৰূণৰ ওপৰতো পৰে। শিশুটিৱে দাঁত-হাড়ৰ নানা নিসংগতিসহ জন্ম লয়। বিজানুনাশক হিচাপে আন এণ্টিবায়টিক বা কোট্ৰাইমস্কাজ’ল জাতীয় ঔষধ চিকিত্সকৰ তত্বাৱধানত গ্ৰহণ কৰা ভাল।

20. Nialamide.

২০) নিয়েলামাইড: হতাশা-বিৰোধী ঔষধ (anti-depresent) হিচাপে ইয়াৰ জনপ্ৰিয়তা আছিল। আন হতাশা-বিৰোধী ঔষধ আৱিস্কাৰ বা বিকল্প নথকা অৱস্থাত এই ঔষধৰ ব্যৱহাৰ আছিল যদিও ইয়াৰ পাৰ্শ্বক্ৰিয়া অতি ক্ষতিকাৰক। সেইবাবেই এই ঔষধ কিনোতাক ফাৰ্মাচীয়ে এখন কাৰ্ড দিয়াটো নিয়ম আছিল-য’ত এই ঔষধৰ ব্যৱহাৰ কৰিলে হ’ব পৰা বিপদ আৰু ল’ব লগা সতৰ্কতাৰ কথা লিখা থাকিব লাগে। ইয়াতকৈ কম ক্ষতিকাৰক ঔষধ ওলোৱাৰ বাবে ইয়াক নিষিদ্ধ কৰা হয়।

21. Practolo.
২১) প্ৰেকটোলল: নিষিদ্ধ কৰাৰ আগৰে পৰা ভাৰতত এই ঔষধৰ প্ৰচলন নাই।

22. Methapyrilene, its salts.

২২) মেথাপাইৰিলিন: টোপনি অহা ঔষধ হিচাপে এই ঔষধৰ জনপ্ৰিয়তা আছিল। ইয়াৰ ব্যৱহাৰৰ ফলত কেন্সাৰ হোৱাৰ সম্ভাৱনা অধিক বুলি প্ৰমাণিত হোৱাৰ পাচত এই ঔষধ নিষিদ্ধ কৰা হয়।

জাননী : G.S.R. No. 49 (E) dt 31-01-1984
23. Methaqualone.
২৩) মেথাকোৱালন: ই এবিধ টোপনি অহা ঔষধ। কিন্তু নিচাযুক্ত দ্ৰব্য হিচাপেহে ইয়াৰ ব্যৱহাৰ বৃদ্ধি পাবলৈ ধৰিছে। নানা ঔষধৰ লগত মিশ্ৰিত ঔষধ হিচাপে ব্যৱহাৰ কৰিলে ইয়াৰ আসক্তিৰ পৰিমাণ বাঢ়ি যায়। টোপনিৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিলেও ইয়াৰ প্ৰতি আসক্ত হৈ পৰাটো স্বাভাৱিক। নিষিদ্ধ হোৱাৰ পিচতো আজিকালি ইয়াক কেৱল নিচাসক্ত লোকসকলৰ বাবেই ঔষধ কোম্পানীবোৰে উত্পাদন কৰি আছে। গৰ্ভৱতী অৱস্থাত এই দ্ৰব্য ব্যৱহাৰ কৰিলে-গৰ্ভস্থ সন্তানৰ ওপৰত মাৰাত্মক ক্ষতিকাৰক প্ৰভাৱ পৰে। সন্তান পঙ্গু অথবা মৃত হৈ প্ৰসৱ হ’ব পাৰে। বিখ্যাত নিচাৰ দ্ৰব্য ম্যেনড্ৰেক্সৰ উপাদান এই মেথাকোৱালনেই।

জাননী : G.S.R. No. 322 (E) dt 03-05-1984
24. Oxytetracycline Liquid Oral preparations.
২৪) মুখেৰে খোৱা অক্সিটেট্ৰাছাইক্লিনৰ তৰল ঔষধ:

25. Demeclocycline Liquid Oral preparations.

২৫)ডিমেক্ল’ছাইক্লিনৰ মুখেৰে খোৱা তৰল ঔষধ: এই দুয়োবিধ ঔষধেই নিষিদ্ধ হয়- কাৰণ ইয়াৰ ক্ষতিকাৰক দিশবোৰ টেট্ৰাছাইক্লিনযুক্ত তৰল ঔষধৰ (আগতে উল্লেখ কৰা হৈছে) দৰে।

জাননী : G.S.R. No. 863 (E) dt 22-11-1985

26. Combination of anabolic Steroids with other drugs.

২৬)এনাবলিক ষ্টেৰয়েডৰ লগত আন ঔষধৰ মিশ্ৰণ: এনাবলিক ষ্টেৰয়েডৰ প্ৰয়োজন বিশেষ ৰোগীক বিশেষ পৰিমাণৰ। কিন্তু এই দেশত নানা ঔষধৰ সৈতে ঔষধ কোম্পানীয়ে ইচ্ছামতে এই ঔষধ মিশ্ৰণ কৰে। এই ক্ষতিকাৰক দ্ৰব্য এটা বিভিন্ন ঔষধৰ লগত মিশ্ৰিত ৰূপত থকা বাবে প্ৰয়োজন অপ্ৰয়োজনত ৰোগীয়ে ইয়াক ব্যৱহাৰ কৰিব লগাত পৰে। সম্পূৰ্ণভাৱে চিকিত্সকৰ তত্বাৱধানত থাকি বিশেষ কিছুমান ৰোগৰ বাবেহে এই ঔষধ এককভাৱে গ্ৰহণ কৰা উচিত। বিভিন্ন ঔষধৰ লগত এই দ্ৰব্য মিশ্ৰিত হৈ থকাৰ ফলত-এটা ৰোগৰ আৰোগ্যৰ বাবে ব্যৱহাৰ কৰা ঔষধে পুনৰ নতুন ৰোগহে সৃষ্টি কৰে। প্ৰসংগত যৌন ষ্টেৰয়েড ব্যৱহাৰৰ ফলত পুৰুষৰ স্তন বৃদ্ধি, বন্ধ্যাত্ব, প্ৰষ্টেট কেন্সাৰ, মহিলাৰ দাড়ি গোফ গজা, স্বৰ পৰিবৰ্তন, জননাংগৰ আৰু স্তনৰ কেন্সাৰ আদি হব পাৰে। ঔষধ কোম্পানীৰ মিছা বিজ্ঞাপনত ভোল গৈ কিছুলোকে চিকিত্সকৰ পৰামৰ্শ নোলোৱাকৈ নিজে এনে ঔষধ ব্যৱহাৰ কৰি সংকটময় অৱস্থাত পৰাটো অসমত অধিক হাৰত প্ৰত্যক্ষ কৰা হৈছে।

27. Fixed dose combination of Oestrogen and Progestin (other than oral contraceptives) containing per tablet Estrogen content of more than 50 mcg (equivalent to Ethinyl Estradiol) and Progestin content of more than 3 mg (equivalent to Norethisterone Acetate) and all fixed dose combination injectable preparations containing synthetic Oestrogen and Progesterone. (Subs. By Noti. No. 743 (E) dt 10-08-1989)
২৭) নিৰ্দিষ্ট মাত্ৰাৰ অষ্ট্ৰোজেন আৰু প্ৰোজেষ্টিনৰ মিশ্ৰণ (মুখেৰে খোৱা গৰ্ভনিৰোধকৰ বাহিৰে)ত প্ৰতিটো বড়িত এষ্ট্ৰোজেনৰ পৰিমাণ ৫০ মাইক্ৰগ্ৰাম (ইথিনাইল এষ্ট্ৰাডিঅলৰ সমান) আৰু প্ৰোজেষ্টিনৰ পৰিমাণ ৩ মিলিগ্ৰাম (নৰেথিষ্টেৰন এচিটেটৰ সমান)তকৈ অধিক আৰু নিৰ্দিষ্ট মাত্ৰাত কৃত্ৰিম এষ্ট্ৰোজেন আৰু প্ৰজেষ্ট্ৰেৰণ থকা ইনজেকছন (জাননী নং 743 (E) dt 10-08-1989) : এসময়ত এই ঔষধেৰে গৰ্ভধাৰণ নিৰূপণ কৰা আৰু মহিলাৰ মাহেকীয়া ঋতু পলম হোৱাৰ চিকিত্সাত ব্যৱহাৰ কৰা হৈছিল। কিন্তু দুয়োটা ক্ষেত্ৰতে ইয়াৰ দক্ষতা নিম্নমানৰ বুলি প্ৰত্যক্ষ কৰাৰ লগতে ইয়াৰ ভয়াবহ ক্ষতিকাৰক দিশবোৰ প্ৰমাণিত হোৱাৰ পিচৰেপৰা এই ঔষধ নিষিদ্ধ ঘোষণা কৰিবলৈ বহু আগৰেপৰাই দাবী জনাই অহা হৈছিল যদিও এই ঔষধ কেৱল কোম্পানীৰ স্বাৰ্থতেই সম্পূৰ্ণভাৱে নিষিদ্ধ নকৰি নিয়ন্ত্ৰণহে কৰা হৈছে। এই ঔষধ বিশ্ব স্বাস্থ্য সংস্থাই ১৯৮১ চনতেই নিষিদ্ধ কৰাৰ বিষয়ত মতপোষণ কৰে। ভাৰত চৰকাৰে এই দুইবিধ ঔষধৰ মিশ্ৰণ সম্পূৰ্ণৰূপে নিষিদ্ধ নকৰি ইষ্টোজেন ৫০ মিলিগ্ৰাম আৰু প্ৰজেষ্ট্ৰেৰণ ৩ মিলিগ্ৰামতকৈ বেছি থকা ঔষধৰ বিক্ৰী নিষিদ্ধ কৰে। জন্ম নিয়ন্ত্ৰণৰ বাবে এই নিয়ন্ত্ৰিত পৰিমাণৰ দুয়োবিধ ঔষধৰ মিশ্ৰণৰ বড়িৰ বাহিৰে আন কোনো চিকিত্সাতে এই দ্ৰব্যৰ ব্যৱহাৰ এতিয়া নিষিদ্ধ। এই ঔষধৰ পাৰ্শ্বক্ৰিয়াও বৰ বেদনাদায়ক।

জাননী : G.S.R. No. 999 (E) dt 26-12-1990
28. Fixed dose combinations of Sedatives/ hypnotics/anxiolytics with analgesics-antipyretics.

২৮) বেদনানাশক আৰু জ্বৰ কমোৱা ঔষধৰ লগত নিৰ্দিষ্ট মাত্ৰাত প্ৰশান্তিদায়ক/আৱেশকাৰী/  ঔষধৰ মিশ্ৰণ: একেবাৰে অযুক্তিকৰ মিশ্ৰণ। বেদনানাশক আৰু জ্বৰ কমোৱা ঔষধৰ লগত  এনেবোৰ মিশ্ৰণে ৰোগীৰ অত্যাধিক টোপনীৰ ভাৱ আনিব পাৰেএ ত্টষটা অতি মাৰাত্মক হবগৈ পাৰে।

29. Fixed dose combinations of Pyrazinamide, other anti-tubercular drugs except combination of Pyrazinamide with Rifampicin and INH per recommended daily dose given below:
Drugs Minimum Maximum
Rifampicin 450 mg 600 mg
INH 300 mg 400 mg
Pyrazinamide 1000mg 1500 mg

২৯) প্ৰতিদিনে ব্যৱহাৰৰ বাবে পাইৰাজাইনোমাইডৰ লগত ৰিফামপিচিন আৰু আইএনএইছ (INH) ৰ মিশ্ৰণ তলত উল্লেখ কৰা পৰিমাণৰ বাহিৰে পাইৰাজাইনোমাইডৰ লগত আন যক্ষ্মাবিৰোধী ঔষধৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণঃ

ঔষধ

নিম্নতম

উচ্চতম

ৰিফামপিচিন

৪৫০ মিলিগ্ৰাম

৪০০ মিলিগ্ৰাম

আইএনএইছ (INH)

৩০০ মিলিগ্ৰাম

৪০০ মিলিগ্ৰাম

পাইৰাজাইনোমাইডৰ

১০০০ মিলিগ্ৰাম

১৫০০ মিলিগ্ৰাম


30. Fixed dose combination of Histamine H-2 receptor antagonists with antacids except for those combinations approved by Drugs Controller, India.

৩০) ভাৰত চৰকাৰৰ ঔষধ নিয়ন্ত্ৰকে অনুমোদন কৰা মিশ্ৰণৰ বাহিৰে অম্লনাশকৰ লগত কোনো ধৰণৰ এলাৰ্জীবিৰোধী এইছ-২ ৰিচিপেটৰ এন্টাগোনিষ্টৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণ: এইছ-২ ৰিচিপেটৰ এন্টাগোনিষ্টে পাকস্থলীত থকা এচিডৰ পৰিমাণ কমাই দিয়ে। ইয়াৰ লগত বেলেগ অম্লনাশক ব্যৱহাৰৰ প্ৰয়োজন নাই। 
31. The patent and proprietary medicines of fixed dose combinations of essential oils with alcohol having percentage higher than 20% proof except preparations given in the Indian Pharmacopoeia.

৩১)ইণ্ডিয়ান ফাৰমাক’পিয়াত উল্লেখ থকা মিশ্ৰণৰ বাহিৰে কোনো ধৰণৰ অত্যাৱশ্যকীয় তেলৰ লগত ২০ শতাংশ প্ৰুফতকৈ অধিক পৰিমাণৰ এলকহলৰ মিশ্ৰণঃ
32. All Pharmaceutical preparations containing Chloroform exceeding 0.5% w/w or v/v whichever is appropriate.
৩২) ০.৫ শতাংশ w/w আৰু v/v তকৈ অধিক পৰিমাণত ক্লৰ’ফম থকা সকলো ধৰণৰ ঔষধীয় দ্ৰব্যঃ

জাননী : G.S.R. No. 69 (E) dt 11-02-1991
33. Fixed dose combination of Ethambutol with INH other than the following: INH Ethambutol 200 mg. 600 mg. 300 mg. 800 mg.

৩৩)ইথামবুটল আৰু আই এন এইছৰ মিশ্ৰণ: প্ৰায় সকলোবোৰ ৰোগ আৰু ঔষধৰ দৰেই যক্ষ্মাৰোগৰ বাবে ইথামবুটল আৰু আই এন এইছ অতি প্ৰয়োজনীয় ঔষধ। ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত ৰোগীৰ বাবে প্ৰকৃততে যিমান ঔষধৰ প্ৰয়োজন-সিমানহে দিব লাগে। এনেবোৰ ঔষধৰ মাত্ৰা আৰু পৰিমাণ নিৰ্দিষ্ট কৰা হয়- ৰোগীৰ শৰীৰৰ ওজনৰ ওপৰত নিৰ্ভৰ কৰি। তদুপৰি মাত্ৰা নিৰ্ণয় কৰা হয় ৰোগীৰ ৰোগৰ গভীৰতাৰ ওপৰত। এই পৰিমাণ আৰু মাত্ৰাৰ অলপ হেৰ’ফেৰ হ’লেই দিগদাৰী। বিশেষকৈ যক্ষ্মাৰোগৰ ক্ষেত্ৰত নিৰ্দিষ্ট ৰোগীৰ বাবে প্ৰয়োজনীয় ঔষধৰ অলপমান কম মাত্ৰাৰ হ’লেই ঔষধে কাম নিদিয়ে আৰু বেছি হ’লেই ৰোগীৰ পক্ষে মাৰাত্মক ক্ষতিকাৰক হয়। গতিকেই উক্ত দুইবিধ ঔষধৰ মিশ্ৰণ হিচাপে বিক্ৰী কৰাটো অবৈজ্ঞানিক। কাৰণ, প্ৰত্যেকজন ৰোগীৰ বাবে এই দুয়োবিধ ঔষধ প্ৰয়োজন অনুসৰি একেলগে পোৱাটো সম্ভৱ নহয়। গতিকেই চৰকাৰে গঠন কৰি দিয়া এক বিশেষ বিশেষজ্ঞ কমিটিয়ে এনে মিশ্ৰণ বাতিল কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়াইছিল। পিছত চৰকাৰে কেৱল বিশেষ দুই মাত্ৰাত মিশ্ৰণৰ বাহিৰে আনবোৰ নিষিদ্ধ বুলি ঘোষণা কৰিলে। চৰকাৰীভাৱে স্বীকৃত এই মাত্ৰা দুটা হ’ল:

১) আই এন এইছ ২০০ মিলিগ্ৰামৰ লগত ইথামবুটল ৬০০ মিলিগ্ৰাম

২) আই এন এইছ ৩০০ মিলিগ্ৰামৰ লগত ইথামবুটল ৮০০ মিলিগ্ৰাম

34. Fixed dose combination containing more than one antihistamine.
৩৪)একাধিক এণ্টি হিষ্টামিন ঔষধৰ মিশ্ৰণ: মানৱ দেহত হোৱা সকলোবোৰ এলাৰ্জি জাতীয় ৰোগৰ নিৰাময়ৰ বাবে প্ৰায় ১৫ বিধমান এণ্টি-হিষ্টামিন পৃথক পৃথক এলাৰ্জিৰ বাবে প্ৰয়োজন হয়। এই সকলোবোৰৰ কাৰ্য্যদক্ষতা আৰু কাৰ্য্যপ্ৰণালী একে যদিও পৃথক পৃথক এলাৰ্জিৰ বাবে ইয়াৰ ব্যৱহাৰ বিধি আৰু মাত্ৰাৰ পাৰ্থক্য কিছু থাকে। ঔষধ কোম্পানীবোৰে নিজৰ এণ্টিহিষ্টামিন জাতীয় ঔষধটো বেছি কাৰ্য্যক্ষম বুলি ক’বলৈ গৈ অবৈজ্ঞানিকভাৱে একাধিক এণ্টিহিষ্টামিনৰ মিশ্ৰ ঔষধ বিক্ৰী কৰে। এইয়া অযুক্তিকৰ। ইয়াৰ পৰা ৰোগীৰ কোনো লাভ নহয়। বৰং বেছি ধন খৰছ কৰাৰ উপৰিও এই ঔষধৰ পাৰ্শ্ব ক্ৰিয়াই আৰু ভয়াবহভাৱে ক্ষতি কৰে। বজাৰত এনে ঔষধ আজিও চলি আছে।

35. Fixed dose combination of anthelmintic with cathartic/purgative except for piperazine.

৩৫)
36. Fixed dose combination of Salbutamol or any other bronchodilator with centrally acting anti-tussive and/or antihistamine.

৩৬) চালবুটাম’লৰ লগত বা কঁফ উলিওৱা ঔষধৰ লগত কেন্দ্ৰীয়ভাৱে কাৰ্য্যকৰা কাঁহবিৰোধী আৰু/বা এলাৰ্জীবিৰোধী ঔষধৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণ: চালবুটাম’লে হাওঁফাওঁৰ কোমল পেশীসমূহ নমনীয় কৰি তোলে আৰু ইয়াৰ ফলত উশাহ লোৱাত সুবিধা হয়। হাপাঁনি, একেলেথাৰিয়ে হোৱা ব্ৰংকাইটিছ আদি ৰোগ নিৰাময়ৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়। কাঁহবিৰোধী আৰু/বা এলাৰ্জীবিৰোধী ঔষধৰ লগত ইয়াৰ ব্যৱহাৰ বিজ্ঞানসন্মত নহয়। কিয়নো তিনিওবিধ ঔষধৰ কাম বেলেগ বেলেগ। 
37. Fixed dose combination of laxatives and/or anti-spasmodic drugs in enzyme preparations.

৩৭)
38. Fixed dose combination of Metoclopramide with systemically absorbed drugs except fixed dose combination of metoclopramide with aspirin/paracetamol

৩৮) মেট্ৰোক্ল’প্ৰামাইডৰ লগত এচপিৰিন/পেৰাচিটাম’লৰ মিশ্ৰণৰ বাহিৰে শৰীৰতাত্বিকভাৱে শোষিত হোৱা ঔষধৰ লগত নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণ:

জাননী G.S.R. No. 395 (E) dt 19-05-1999
39. Fixed dose combination of centrally acting, antitussive with antihistamine, having atropine like activity in expectorants.
৩৯) কাঁহৰ ঔষধ হিচাপে ব্যৱহূত ঔষধত কাঁহ ৰোধক আৰু এলাৰ্জী ৰোধক ঔষধৰ মিশ্ৰণ (Fixed dose combinations of centrally acting anti-tussiue with antihistamine having high atropine like activity in expectorant): কোনো ৰোগৰ বাহ্যিক প্ৰকাশ তথা অভ্যন্তৰত জমা হোৱা কফ জাতীয় অলাগতিয়াল পদাৰ্থবোৰ উলিয়াই পেলাবলৈ শৰীৰৰ স্বয়ংক্ৰিয় ব্যৱস্থা হিচাপে কাঁহ হয়। এই কাঁহ দেহৰ ভালৰ বাবে প্ৰয়োজনীয়। কিন্তু হাৰ্ট এটেক, হাৰ্নিয়া, চকুৰ অস্ত্ৰোপচাৰ আদিৰ পিচত কাঁহ হোৱাটো বিপদজনক। সেইবাবে এনেবোৰ ক্ষেত্ৰত কাঁহ ৰোধ কৰিব লগা হয়। ইয়াৰ বাবে ঔষধ ব্যৱহাৰ কৰিব পাৰি। আনহাতে এক্সপেক্টৰেন্টৰ কাম হ’ল- জমা হৈ থকা কফবোৰ পাতল কৰি বাহিৰলৈ ওলাই অহাত সুবিধা কৰি দিয়া। দুয়োবিধ দ্ৰব্যৰে কাম পৃথক। কিন্তু সাধাৰণ ৰাইজৰ অজ্ঞতাৰ সুযোগলৈ বেপাৰীবোৰে কাঁহৰ লগত জড়িত সকলবোৰ দৰব একেলগ কৰি-দাম বেছি কৰি বিক্ৰী কৰে। এয়া অবৈজ্ঞানিক। কাৰণ-এটা দ্ৰব্যই যদি কাঁহ বন্ধ কৰে, এটাই কফ পাতল কৰে-তেন্তে নিৰাময়ৰ কোনো দিশেই পোৱা নাযায়। কফ জমা হ’লে কেতিয়াবা বিজাণুৰ আক্ৰমণ হয়। এলাৰ্জীও হব পাৰে। গতিকে এনেবোৰ ঔষধৰ সতে এলাৰ্জীবিৰোধী দ্ৰব্যও মিহলোৱা হয়। কিন্তু যি ক্ষেত্ৰত কফ তৰল বাহিৰলৈ উলিওৱাৰ বাবে ঔষধ ব্যৱহাৰ কৰা হয়। তাত কাঁহ ৰোধক আৰু এলাৰ্জীবিৰোধী দ্ৰব্যৰ প্ৰয়োজন ক’ত? অকল এই দ্ৰব্যই নহয়-আৰু বহু দ্ৰব্যৰ লগতে বেছি মাত্ৰাত এলকহলো এইবোৰ ঔষধত মিহলোৱা হয়- যাতে কাঁহৰ বাবে ব্যৱহাৰ নকৰিলেও-মাদক দ্ৰব্য হিচাপে এইবোৰ ব্যৱহাৰ কৰিব পাৰি!-তেনে ব্যৱহাৰেই অধিক হয় আজিকালি।- সি যি কি নহওক, চৰকাৰে নিষিদ্ধ ঘোষণা কৰিলেও এই ঔষধ আজিও বজাৰত চলি আছে। নজনাসকলে এই ঔষধ খাই নানা ধৰণৰ পাৰ্শ্বক্ৰিয়াত লটিঘটি হয়: যেনে, অৱশ লগা, মূৰঘূৰণি, প্ৰস্ৰাৱ খোলোচাকৈ নোহোৱা, বমি হোৱা, টোপনি ধৰা আৰু দৃষ্টি শক্তি হ্ৰাস হোৱাৰ দৰে ৰোগবোৰ সাৱটি লোৱাৰ উপৰিও এলকহলৰ প্ৰতাপত আসক্ত হৈ পৰে। জনাসকলেও কেৱল মাদক দ্ৰব্যৰ মাদকতা অনুভৱৰ বাবেই এই দ্ৰব্য ব্যৱহাৰ কৰি আছে। সচেতন ৰাইজে জানি থওঁক-ডেকষ্ট্ৰমেথৰফাণ, কোডিন, নছকাপিন আদিবোৰ হ’ল-কাঁহ ৰোধক দ্ৰব্য। আৰু এমনিয়া বাইকাৰ্বনেট; বাইক্লৰাইড, ইপিকেক টিনছাৰ আদিবোৰ হ’ল- কফ তৰল কৰা দ্ৰব্য। দুয়োবিধ একেলগে গ্ৰহণ কৰাতো কেৱল মুৰ্খামীয়েই নহয়, দেহৰ বাবে প্ৰচণ্ড ক্ষতিকাৰকো!

40. Preparations claiming to combat cough associated with asthma containing centrally acting antitussive and/ or an antihistamine.
৪০)

41. Liquid oral tonic preparations containing glycerophosphates and/or other phosphates and / or central nervous system stimulant and such preparations containing alcohol more than 20% proof.
৪১) টনিক সম্বন্ধীয় নিষেধাজ্ঞা (Liguid oral tonic Containing glycerophosphats, any other phosphates, Central nervous system stimulant and alcohol more than 200 proof): আগতেই উল্লেখ কৰা হৈছে যে টনিক বস্তুটোৱেই এটা অন্ধবিশ্বাস মাথো। প্ৰকৃততে টনিকৰ বিশেষ কোনো প্ৰয়োজন নাই। কিন্তু টনিকৰ ওপৰত বিশ্বাস ৰখাসকলেই চিন্তা কৰি চাওঁক-যি টনিক শৰীৰৰ উন্নয়নৰ বাবেই গ্ৰহণ কৰে সেই টনিকেই আজি দেহৰ বাবে ক্ষতিকাৰক হোৱা বাবে নিষিদ্ধ কৰা হৈছে। গ্লিচাৰ’ফচফেট বা আন কোনো ফচফেট জাতীয় দ্ৰব্য মিহলি টনিকে মানৱ দেহত ভয়াবহ ক্ষতি কৰাটোৰ প্ৰতি লক্ষ্য কৰি এই মিশ্ৰণ নিষিদ্ধ কৰা হৈছে। টনিকত কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ উত্তেজিত কৰা দ্ৰব্য মিহলি কৰাটোও নিষিদ্ধ কৰা হৈছে। কাৰণ এই দ্ৰব্যই আসক্ত কৰাৰ উপৰিও স্নায়ুতন্ত্ৰৰ ওপৰত চিৰস্থায়ী মাৰাত্মক ক্ষতিকাৰক প্ৰভাৱ পেলায়। এই দ্ৰব্যবোৰৰ ভিতৰত লেপ্তাজল, কেফেইন, ষ্টিকনিন আদি ধৰণৰ কেন্দ্ৰীয় স্নায়ু উত্তেজক ক্ষতিকাৰক পদাৰ্থ মিশ্ৰিত কৰা টনিক বৰ্তমান নিষিদ্ধ কৰা হৈছে। আনহাতে টনিকত কোনো উপাদানৰ দ্ৰাৱক হিচাপেহে এলক’হল ব্যৱহাৰ কৰিব পাৰে আৰু সেয়াই কৰা হয় বুলি ঔষধ কোম্পানীবোৰে কয় যদিও আজিকালি টনিকবোৰ নিচাসক্তসকলে মাদকদ্ৰব্যৰ বিপৰীতেহে যাতে ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে বেছি পৰিমাণত এলকহল মিহলাই কোম্পানীবোৰে বিক্ৰী কৰে। ফলত আজিকালি বেছিভাগ টনিকেই নিচাসক্তসকলে মদৰ বিপৰীতে ব্যৱহাৰো কৰে। যদিও চৰকাৰে টনিকত এক নিৰাপদ (!) পৰিমাণৰ (২০ প্ৰুফ) এলকহল ব্যৱহাৰৰ বাহিৰে আন পৰিমাণ নিষিদ্ধ কৰিছে-তথাপিও এই টনিক সম্পৰ্কীয় সকলো নিষেধাজ্ঞাক বুঢ়া আঙুলি দেখুৱাই কোম্পানীবোৰে আজিও বজাৰত এনে টনিক বিক্ৰী কৰি আছে।

জাননী : G.S.R. No. 999 (E) dt 26-12-1990
42. Fixed dose combination containing Pectin and/or Kaolin with any drug which is systemically absorbed from GI tract except for combination of Pectin and/or Kaolin with drugs not systemically absorbed.

৪২) শৰীৰতাত্বিকভাৱে শোষণ নকৰা ঔষধৰ লগত পেকটিন আৰু/বা কাউলিনৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণৰ বাহিৰে শৰীৰতাত্বিকভাৱে জিআই ট্ৰেক ত শোষণ কৰা ঔষধৰ লগত পেকটিন আৰু/বা কাউলিনৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণ: এই দুইবিধ ঔষধে ডায়েৰিয়াৰ চিকিত্সাৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ লগত আন ঔষধৰ মিশ্ৰণ অবৈজ্ঞানিক।
জাননী :G.S.R. No. 304 (E) dt 07-06-1991
43. Chloral Hydrate as a drug.

৪৩)ঔষধ হিচাপে ক’ৰেল হাইড্ৰেটৰ ব্যৱহাৰ: অতি কম সময়ৰ নিদ্ৰাহীনতাৰ চিকিত্সাৰ ক্ষেত্ৰত হৰ্ষম্যাদৰ বাবে (দুসপ্তাহতকৈ কম)ক’ৰেল হাইড্ৰেট চিকিত্সা কৰা হৈছিল। এই ঔষধে মগজুৰ কিছুমান অংশত প্ৰভাৱ পেলায় শৰীৰৰ অংশবিলাকক নিষ্ক্ৰিয় কৰি তোলে। বিভিন্ন ধৰণৰ অপাৰেছন আদিৰ পিছত বেদনাদায়ক অৱস্থা কমাবলৈ এই দ্ৰব্য ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ ব্যৱহাৰৰ ফলত ভয়াৱহ টোপনীৰ ভাৱ ৰাতিপুৱা সাৰ পাওঁতে অসুবিধা, বমি, মূৰ-ঘূৰণি, পেটৰ বিষ আদি পাৰ্শ্বক্ৰিয়া দেখিবলৈ পোৱা যায়। কিছুমানৰ ক্ষেত্ৰত মানসিক সমস্যা যেনে, হতাশাজনকভাৱ আদিও সৃষ্টি কৰে।
জাননী :G.S.R. No. 612 (E) dt 09-08-1994
44. Dovers Powder I.P.

৪৪) ডোভাৰছ পাউদাৰ

45. Dover's Powder Tablets I.P.

৪৫) ডোভাৰছ পাউদাৰ বড়ি: ১৮ শ শতিকাত ইংৰাজ চিকিত্সক টমাছ ডোভাৰে এই পাউদাৰবিধ তৈয়াৰ কৰিছিল। এই দ্ৰৱ্যবিধ কানি/আফিঙৰ পৰা তৈয়াৰ কৰা হৈছিল। অতীতত ইয়াক চৰ্দিৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হৈছিল।

জাননী :G.S.R. No. 731 (E) dt 30-09-1994

46. Antidiarrhoeal formulations containing Kaolin or Pectin or Attapulgite or Activated Charcoal.

৪৬) ডায়েৰিয়াৰোধক ঔষধৰ লগত কাউলিন বা পেকটিন বা অট্টাপুলগিত বা সক্ৰিয় কয়লাৰ মিশ্ৰণ: এই চাৰিবিধ দ্ৰৱ্য ডায়েৰিয়াৰ চিকিত্সাৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ প্ৰতিটোৰে যথেষ্ট পাৰ্শ্বক্ৰিয়া দেখা পোৱাৰ পিছত এই ঔষধবোৰ নিষিদ্ধ কৰা হ’ল। কাউলিন ব্যৱহাৰ কৰাৰ ফলত পেট পাক মাৰি ধৰা, জ্বৰ উঠা আদিৰ উপৰিও ডায়েৰিয়াৰ ক্ষেত্ৰত ইয়াৰ কাৰ্য্যকৰীতা কম। আনহাতে, অট্টাপুলগিত ব্যৱহাৰৰ ফলত কোষ্ঠকাঠিন্যতা, জ্বৰ, শৌচৰ লগত তেজ আৰু শাঁও পৰা আদি পাৰ্শ্বক্ৰিয়া দেখা যায়। বহুতৰে মুখ-জিভা, ডিঙি আদিত খজুৱতি আৰু ভিষণভাৱে টোপনীৰ ভাৱ অহা, উশাহ লওঁতে কষ্ট পোৱা আদি পাৰ্শ্বক্ৰিয়া প্ৰমানিত হৈছে।

47. Antidiarrhoeal  formulations containing Phthalyl Sulphathiazole or Sulphaguanidine or Succinyl Sulphathiazole.

৪৭)
48. Antidiarrhoeal formulations containing Neomycin or Streptomycin or Dihydrostreptomycin including their respective salts or esters.

৪৮)ডায়েৰিয়াৰোধক ঔষধৰ লগত নিউমাইচিন বা ষ্ট্ৰেপ্ট’মাইচিন বা ডিহাইড্ৰ’ষ্ট্ৰেপ্ট’মাইচিন আৰু এইসমূহৰ সংশ্লিষ্ট লৱণ আৰু ভেকুৰৰ মিশ্ৰণ: নিউমাইচিন ছাঁলৰ সংক্ৰমণৰ চিকিত্সাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।
49. Liquid Oral antidiarrhoeals or any other dosage form for pediatric use containing Diphenoxylate or Atropine or Belladona including their salts or esters or metabolites Hyoscyamine or their extracts or their alkaloids.

৪৯) শিশুৰ ডায়েৰিয়াৰোধৰ বাবে ব্যৱহূত ঔষধৰ লগত ডাইফেন’ক্সিলেট বা এট্ৰোপিন বা বেলাডোনা আৰু এইসমূহৰ সংশ্লিষ্ট লৱণ আৰু ভেকুৰ বা মেটাবলাইট মিশ্ৰণ হাইয়োছচায়ামিন বা এইবোৰৰ সাহ বা এইবোৰৰ খাৰ:
50. Liquid Oral antidiarrhoeals or any other dosage form for pediatric use containing halogenated hydroxyquinolines.

৫০)
51. Fixed dose combination of antidiarrhoeals with electrolytes.

৫১) ডায়েৰিয়াৰোধকৰ লগত ইলেক্ট্ৰ’লাইটৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণ:

জাননী :G.S.R. No. 57 (E) dt 07-02-1995
52. Patent and Proprietary Oral Rehydration Salts other than those conforming to the following parameters:
(a) Patent and Proprietary Oral Rehydration Salts on reconstitution to one litre shall contain:- Sodium - 50 to 90 millimoles. Total osmolarity - 240 - 290 milli osmoles. Dextrose : Sodium molar ratio - Not less than 1:1 and not more than 3:1
(b) Patent and Proprietary cereal based Oral Rehydration Salts on reconstitution to one litre shall contain :- Total osmolarity - Not more than 2900 milli osmoles. Precooked rice- Equivalent to not less than 50 gm and not more than 80 gm as total replacement of Dextrose.
(c) Patent and Proprietary Oral Rehydration Salts (ORS) may contain aminoacids in addition to Oral Rehydration Salt conforming to the parameters specified above and labeled with the indication for "Adult Choleratic Diarrhoea" only.
(d) Patent and Proprietary Oral Rehydration Salts shall not contain Mono or Polysaccharides or saccharin sweetening agent.

৫২)

জাননী :G.S.R. No. 633 (E) dt 30-09-1995, GSR No. 123 (E) dt 11-03-1996 and GSR No. 230 (E) dt 04-06-1996
53. Fixed dose combination of Oxyphenbutazone or Phenylbutazone with any other drug.

৫৩) অক্সিফেনবুটাজ’ন বা ফেনাইলবুটাজ’নৰ লগত আন ঔষধৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণ…………: এই দুবিধ ঔষধে বিষ আৰু উখহি উঠা আৰু জ্বৰ কমাই তোলে। গাউটৰ ফলত হোৱা উপসৰ্গবোৰ নিৰাময় কৰিব পাৰিব পাৰে। বাতবিষৰ ফলত হোৱা উখহি উঠা আৰু ঠৰঙা লগা আৰু আন বেদনাদায়ক অৱস্থাৰ পৰা নিৰাময় দিয়ে। এই ঔষধ চিকিত্সালয়ত চিকিত্সাধীন অৱস্থাত হে ব্যৱহাৰ কৰিব লাগে। এই ঔষধে আন ঔষধৰ লগত মিশ্ৰিত ৰূপত থাকিলে যকৃত, কিডনি, তেজৰ অসামঞ্জস্যতা আদি মাৰাত্মক ক্ৰিয়া ঘটাব পাৰে। এই দুয়েবিধ ঔষধ বিশ্বৰ প্ৰায়বোৰ নেশতে নিসিদ্ধ কৰা হৈছে।
জাননী :G.S.R. No. 405 (E) dt 03-06-1996
54. Fixed dose combination of Analgin with any other drug.
Clarification: Fixed dose combination of Analgin with any other drug other than antispasmodics were banned by the Government of India vide G.S.R. No. 633(E), dated 13.09.1995. However, the Drug Action Forum contended before the Supreme Court that the preparations of Analgin and antispasmodics should also be banned. Dr. J.S. Bajaj, being directed by the court, submitted his report supporting these contentions.
On 17th Dec. 1996, a learned additional Solicitor submitted that the Central Government has decided that all State/U.T. Drug Licensing Authorities will be given directions by the Government under Section 33-P of the Drugs and Cosmetics Act, to suspend manufacturing licenses of all fixed dose formulations of Analgin including Analgin with Antispasmodics till further notice. Accordingly, the Government of India, under letter dated 17th Dec.1996, issued such directives. In view of the above directives, the manufacture, sale and distribution of fixed dose combinations of Analgin and antispasmodics is prohibited.

৫৪) এনালজিনৰ লগত আন ঔষধৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণঃ
55. Fixed dose combination of dextropropoxyphene with any other drug other than anti-spasmodics and/or non-steriodal anti-inflammatory drugs (NSAIDS).

৫৫)
56. Fixed dose combination of a drug, standards of which are prescribed in the Second Schedule to the said Act with an Ayurvedic, Siddha or Unani drug.

৫৬)
জাননী :G.S.R. No. 93 (E) dt 25-02-1997
57. Parenteral preparations containing fixed dose combination of streptomycin with penicillins with effect from 01-01-1998.

৫৭) ০১-০১-১৯৯৮ ৰ পৰা কাৰ্য্যকৰী হোৱাকৈ ষ্ট্ৰেপট’মাইচিনৰ লগত পেনিচিলিনৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণ:
জাননী :G.S.R. No. 499 (E) dt 14-08-1998
58. Mepacrine Hydrochloride (Quinacrine and its salts) in any dosage form for use for female sterilization or contraception.

৫৮) মহিলাৰ বন্ধ্যাকৰণ বা গৰ্ভনিৰোধক হিচাপে মেপাক্ৰাইন হাইড্ৰ’ক্লৰাইড (কুইনাক্ৰাইন আৰু ইয়াৰ লৱণ) ৰ যিকোনো মাত্ৰাৰ ব্যৱহাৰ:
59. Fenfluramine and Dexfenfluramine.

৫৯) ফেনফ্লুৰামাইন আৰু ডেক্সফেনফ্লুৰামাইন: মেদবহুলতা কমাবলৈ আৰু শৰীৰৰ ওজন কমাবলৈ এই ঔষধ দুবিধ ব্যৱহাৰ কৰা হৈছিল। এই ঔষধে মানৱ শৰীৰত ভোগ কমাই দিয়ে। এই ঔষধ দুবিধ ব্যৱহাৰৰ ফলত হূদযন্ত্ৰৰ কপাটিত মাৰাত্মক ক্ষতি হোৱাটো প্ৰমাণিত হোৱাৰ পিছত এই ঔষধ ব্যৱহাৰ কৰা হয়। এই পৰীক্ষাত আগতে হূদযন্ত্ৰৰ ৰোগ নথকা ১০০ গৰাকী মহিলাৰ ভিতৰত ৩০ গৰাকীৰে হাৰ্টৰ অসুখৰ উপস্থিতি ধৰা পৰে।  
60. Fixed dose combination of haemoglobin in any form (natural or synthetic).

৬০) প্ৰাকৃতিক বা কৃত্ৰিম হিম’গ্লবিনৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণ:
61. Fixed dose combination of Pancreatin and Pancrelipase containing amylase, protease, and lipase with any other enzyme.

৬১) 
(Both 59 & 60 added by G.S.R. 590 (E) dt. 17-8-1999.
Sr. No. 59 & 60 omitted by G.S.R. 704(E) dt. 20-10-1999.)
জাননী :G.S.R. No. 702 (E) dt 20-10-1999
62. Fixed dose combination of Vitamin B1, Vitamin B6 and Vitamin B12 for human use with effect from 01-01-2001
৬২) ০১-০১-২০০১ তাৰিখৰ পৰা কাৰ্য্যকৰী হোৱাকৈ মানৱ শৰীৰত ব্যৱহাৰৰ বাবে ভিটামিন বি-১, ভিটামিন বি-৬ আৰু ভিটামিন বি-১২ ৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণ

জাননী :G.S.R. No. 814 (E) dt 16-12-1999 (w.e.f. 01-09-2000)
63. Fixed dose combination of haemoglobin in any form (natural or synthetic).

৬৩) প্ৰাকৃতিক বা কৃত্ৰিম হিম’গ্লবিনৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণঃ
64. Fixed dose combination of Pancreatin and Pancrelipase containing amylase, protease and lipase with any other enzyme.

৬৪) পেনক্ৰেয়েটিন আৰু পেনক্ৰেলিপাছৰ লগত এমাইলাছ, প্ৰটেজ আৰু লিপাছৰ লগত আন এনজাইমৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণঃ
জাননী :G.S.R. No. 169 (E) dt 12-03-2001
65. Fixed dose combination of Diazepam and Diphenhydramine Hydrochloride.

৬৫) ডাইজেপাম আৰু ডাইফেনহাইড্ৰামাইন হাইড্ৰ’ক্লৰাইড্ৰৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণঃ
জাননী :G.S.R. No. 170 (E) dt 12-03-2001 (with effect from 01-01-2002)
66. Fixed dose combination of Nitrofurantoin and trimethoprim.

৬৬) নিট্ৰোফিউৰানটইন আৰু ট্ৰিমেথোপ্ৰাইমৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণঃ
67. Fixed dose combination of Phenobarbitone with any anti-asthmatic drug.

৬৭) ফেনোবাৰবিটোনৰ লগত আন এণ্টি-এস্থমেটিকৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণঃ 
68. Fixed dose combination of Phenobarbitone with Hyoscin and/or Hyoscyamine.

৬৮) ফেনোবাৰবিটোনৰ লগত হাইয়োচিন আৰু/হাইয়োছচাইমাইনৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণঃ 
69. Fixed dose combination of Phenobarbitone with Ergotamine and/or Belladona.

৬৯) ফেনোবাৰবিটোনৰ লগত আৰঅগোটামাইন আৰু/বেলাডোনাৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণঃ
70. Fixed dose combination of Haloperidol with any anti-cholinergic agent including Propantheline Bromide.

৭০)হালোপেৰিডোলৰ লগত আন এণ্টি-ক’লিনাৰ্জিক  নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণঃ
71. Fixed dose combination of Nalidixic Acid with any anti-amoebic including Metronidazole.

৭১) নালিডিক্সিক এচিডৰ লগত এমিবাবিৰোধীসহ মেট্ৰোনিডাজ’লৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণঃ
72. Fixed dose combination of Loperamide Hydrochloride with Furazolidone.

৭২) লোপাৰামাইড হাইড্ৰ’ক্লৰাইডৰ লগত ফুৰাজ’লাইডোনৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণঃ
73. Fixed dose combination of Cyproheptadine with Lysine or Peptone.

৭৩) ছাইপ্ৰোহেপাটাডিনৰ লগত লাইচিন আৰু পেপটোনৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণঃ
জাননী : G.S.R 603 (E) dt 13-08-2001 (with effect from 01-09-2002)
74. Fixed dose combination of Metoclopramide with other drugs except combination of Metoclopramide with Aspirin/ Paracetamol with effect from 1st September, 2002.

৭৪) ২০০২ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা কাৰ্য্যকৰী হোৱাকৈ মেট্ৰোক্ল’প্ৰমাইডৰ লগত এচপিৰিন/পেৰাচিটাম’লৰ মিশ্ৰণৰ বাহিৰে আন ঔষধৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণঃ
জাননী : G.S.R. No. 732 (E) dt 29-10.2002, Amended vide GSR 191(E) dt 05-03-2003 (with effect from 01-04-2003)
75. Astemizole
Terfinadine

৭৫)     এছটামাইজ’ল

টাৰ্ফিনাডাইন

জাননী : G.S.R 100 (E) dt 11-02-2003 (with effect from11-02-2003)
76. Fixed dose combination of Rifampicin, Isoniazid and Pyrazinamide, except those which provide daily adult dose given below: - 
Drugs Minimum Maximum                                   
Rifampicin       450  mg                600 mg                                       
Isoniazid         300  mg               400  mg                                       
Pyrazinamide 1000 mg              1500  mg”

৭৬) প্ৰাপ্তবয়স্কৰ বাবে দৈনিক তলত উল্লেখ কৰা পৰিমাণৰ বাহিৰে ৰিফামপিচিন, আইচোনায়াজাইড আৰু পাইৰাজিনামাইডৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণঃ

ঔষধ

নিম্নতম

উচ্চতম

ৰিফামপিচিন

৪৫০ মিলিগ্ৰাম

৬০০ মিলিগ্ৰাম

আইচোনায়াজাইড

৩০০ মিলিগ্ৰাম

৪০০ মিলিগ্ৰাম

পাইৰাজিনামাইড

১০০০ মিলিগ্ৰাম

১৫০০০ মিলিগ্ৰাম

এই তিনিওবিধ ঔষধ হাওঁফাওঁৰ যক্ষ্মা ৰোগৰ বাবে ব্যৱহাৰ কৰা হয়। এইসমূহ এণ্টিবায়টিক। এণ্টিবায়টিকৰ অত্যাধিক/অপ্ৰয়োজনীয় ব্যৱহাৰে দেহত ৰোগ প্ৰতিৰোধৰ ক্ষমতা লুপ্ত কৰিব পাৰে আৰু প্ৰয়োজনতকৈ কম পৰিমাণত ব্যৱহাৰ কৰিলে ৰোগ নিৰাময় নহয়।

জাননী : G.S.R. No. 780 (E) dt 01-10-2003 (with effect from 01-10-2003)
77. Phenformin for human use.

৭৭) মানৱ শৰীৰত ব্যৱহাৰৰ বাবে ফেনাফ’ৰমিন

জাননী : G.S.R. No. 810 (E) dt 13-12-2004 (with effect from 13-12-2004)
78. Rofecoxib and its formulations for human use.

৭৮) মানৱ শৰীৰত ব্যৱহাৰৰ বাবে ৰোফেক’ক্সিৱ আৰু ইয়াৰ যিকোনো ফৰ্মুলেছন

জাননী : G.S.R. No. 510 (E) dt 25-7-2005 (with effect from 25-7-2005)
79. Valdecoxib and its formulations for human use.

৭৯) মানৱ শৰীৰত ব্যৱহাৰৰ বাবে ভালডেক’ক্সিৱ আৰু ইয়াৰ যিকোনো ফৰ্মুলেছন: অষ্টেৰয়ড প্ৰদাহৰোধী ঔষধৰ শ্ৰেণীবিভাগত পৰে। সাধাৰণতে বাতবিষ কমাবলৈ এই ঔষধ ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ যথেষ্ট পাৰ্শ্বক্ৰিয়া আছে। মূৰৰ বিষ, পেটৰ বিষ, ডায়েৰিয়া, বমি, কিডনি ফেইল, হাৰ্ট ফেইল, বুকুৰ বিষ আদি মাৰাত্মক পাৰ্শ্বক্ৰিয়া থকাৰ উপৰিও এনে বিষৰ বাবে আন সুৰক্ষিত ঔষধ থকাৰ বাবে এই ঔষধবিধ নিষিদ্ধ কৰা হয়। ভালডেক’ক্সিৱ

জাননী : G.S.R. No. 499 (E) dt 4/5-7-2008 (with effect from 4/5-7-2008)
80. Diclofenac and its formulations for animal use.

৮০) মানৱ শৰীৰত ব্যৱহাৰৰ বাবে ডিক্ল’ফেনাক আৰু ইয়াৰ যিকোনো ফৰ্মুলেছন

উপৰোক্ত ঔষধবিলাকৰ উপৰিও প্ৰসাধন সামগ্ৰী আৰু আয়ুৰ্বেদিক ঔষধৰ অনুজ্ঞাপ্ৰাপ্ত দাঁত ঘঁহা পেষ্ট আৰু পাউদাৰত ধপাত মিহলি কৰাতো G.S.R. 443 (E) আৰু 444(E) 30.4.92 তাৰিখৰ অধীনত নিষিদ্ধ ঘোষণা কৰা হয়।

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate