অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মদাৰ :

মদাৰৰ বিষয়ে লিখা হৈছে ।

 

আক,আকণ্ড বা মদাৰ যি নামেৰে অভিহিত নকৰক লাগে ই সকলোৰে বাবে চিৰ পৰিচিত । মদাৰৰ গছ বেছি ওখ নহয় । দুই হাতৰ পৰা দহ হাতমানৰ উচ্ছতালৈকে ইয়াক দেখা পোৱা যায় । ইয়াৰ মুখ্যকাণ্ড আৰু সৰু-ডাঙৰ শাখাবোৰ কোমল, মিহি আৰু চেপেটা হয় ।

সাধাৰণতে মানুহে কয় যে মদাৰৰ ফুল কোনো কামত নালাগে । কিন্তু এইটো এটা ভূল ধাৰণা । প্ৰকৃতিৰ ফালৰ পৰা যদিও মদাৰৰ ফুল বিষাক্ত হয়, ইয়াক মহাদেৱৰ পূজাত অৰ্পণ কৰাৰ নিয়ম আছে । তদুপৰি ফুলৰ লগতে ইয়াৰ ডাল,পাত,শিপা আদিবোৰ ঔষধি গুণাগুণেৰে সমৃদ্ধ । অৱশ্যে বিষাক্ত প্ৰকৃতিৰ বাবে ইয়াক নিৰ্ধাৰিত মাত্ৰাত দক্ষ চিকিৎসকৰ তত্বাৱধানত গ্ৰহণ কৰা উচিত । জানো অাহক মদাৰ গছৰ কিছুমান সাধাৰণ প্ৰয়োগ সম্পৰ্কে -

(১) মদাৰৰ হালধীয়া পাতবোৰ ঘিউত গৰম কৰি তাৰ ৰস উলিয়াই কাণত দিলে কাণৰ বিষ ভাল হয় ।

(২) দাঁতৰ বিষ হলে মদাৰৰ গাখীৰ অৰ্থাৎ বগা ৰস অলপমান ঘিউত মিহলাই দাতত ৰাখিলে আৰাম পোৱা যায় ।

(৩) মদাৰৰ গাখীৰৰ লগত মৌজোল সেৱন কৰিলে কুষ্ঠৰোগ দূৰ হয় । মদাৰৰ ফুলবোৰৰ চূৰ্ণও এইক্ষেত্ৰত লাভজনক ।

(৪) মদাৰ গছৰ শিপা আৰু ছাল হস্তপদ জাতীয় ৰোগ নিৰাময়ৰ বাবেও প্ৰয়োগ কৰা হয় । ইয়াৰ শিপাবোৰ পিহি শৰীৰৰ প্ৰভাৱিত অংশসমূহত লগালে আৰাম পোৱা যায় ।

(৫) মদাৰ গছৰ শিপাবোৰ পিহি প্ৰলেপ লগালে শৰীৰৰ বিভিন্ন অংশত বাঢ়ি অহা আমনিদায়ক ফোহা, খহু আদিবোৰ ভাল হৈ যায় ।

(৬) মদাৰ গছৰ শিপা পানীত পিহি সেৱন কৰিলে সাপৰ বিষ নষ্ট হয় ।

(৭) কফৰ ক্ষেত্ৰতো মদাৰৰ ঔষধী প্ৰয়োগ আছে । মদাৰ ফুলৰ চূৰ্ণ, শুকান আদা আৰু জালুক এই তিনিওটা একেলগে পিহি ৫-৫ গ্ৰামকৈ তেতিয়ালৈকে খাব লাগে যেতিয়ালৈকে কফ ঠিক হৈ নাযায় ।

(৮) মদাৰ গছৰ কুমলীয়া পাতবোৰ পাণৰ লগত খালে জণ্ডিছ ৰোগ ভাল হয় । ইয়াক দিনে এবাৰ দুই বা তিনিদিনলৈ গ্ৰহণ কৰিব লাগে ।

(৯) শৰীৰত ঘাঁ হলে মদাৰ গছৰ পাত শুকুৱাই পোৱা গুড়ি লগাই তাৰ দূষিত অংশসমূহ নোহোৱা কৰিব পাৰি, যাৰ ফলত পুনৰ শৰীৰত সুস্থ মাংসৰ গঠন প্ৰক্ৰিয়া সহজ হৈ উঠে ।

(১০) মদাৰৰ ফুল ছিঙিলে যিখিনি গাখীৰ ওলায়, ইয়াক নাৰিকল তেলৰ লগত ঘঁহিলে খৰ-খজুৱতি দূৰ হয় ।

লেখক : ৰিদিপৰঞ্জন চেতিয়া

 

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top