মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / মাকৈ আৰু গোমধানৰ ঔষধি গুণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাকৈ আৰু গোমধানৰ ঔষধি গুণ

মাকৈ আৰু গোমধানৰ ঔষধি গুণৰ বিষয়ে লিখা হৈছে ।

 

গোমধান বা মাকৈ এবিধ পুষ্টিকৰ খাদ্য। শীতকালত জুইৰ কাষত অঙঠাত সেকা গোমধান খোৱাৰ আনন্দই সুকীয়া। গোমধানত-

*কেলৰি,

*চৰ্বি,

*প্ৰ’টিন,

*কাৰ্বহাইড্ৰেট,

*ছডিয়াম,

*পটাচিয়াম,

*ফাইবাৰ,

*ফলিক এচিড আদি পোৱা যায়।

সিজোৱাৰ পাছত ইয়াৰ পুষ্টি গুণ বৃদ্ধি পায়। বৰ্তমান গোমধানৰ পৰা বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য প্ৰস্তুত কৰা হয়। বহু সমাদৃত ‘কৰ্ণফ্লেক্স’ গোমধানৰ পৰা তৈয়াৰ কৰা হয়। খাদ্য সম্পৰ্কে সচেতন ব্যক্তিৰ ‘ব্ৰেকফাষ্ট’ৰ টেবুলত কৰ্ণফ্লেক্স থাকেই। ইয়াৰ পৰা তৈয়াৰ কৰা চাটুও ভিটামিনেৰে ভৰপূৰ। গোমধানৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

*গোমধানৰ পৰা তৈয়াৰ কৰা ‘কৰ্ণ অয়েল’এ কলেষ্টৰেল প্ৰতিৰোধ কৰাত সহায় কৰে।

*কৰ্কট ৰোগ প্ৰতিৰোধ কৰাটো গোমধানে সহায় কৰে।

*গোমধান হৃদৰোগীৰ বাবেও উপকাৰী। ইয়াত থকা কেৰ’টিনাইডে হৃদৰোগ হোৱাত বাধা দিয়ে।

*কোষ্ঠকাঠিন্যত কষ্ট পোৱাসকলে গোমধান খালে উপকাৰ পাব। কাৰণ গোমধানে শৌচ খোলোচা কৰে।

*শিশুৰ বাবেও গোমধান আৰু ইয়াৰ পৰা তৈয়াৰ চাটু গুড়ি উপকাৰী।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)

3.09090909091
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top