মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / মানৱ সভ্যতা:স্বাস্থ্য আৰু চিকিৎসা ব্যৱস্থা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মানৱ সভ্যতা:স্বাস্থ্য আৰু চিকিৎসা ব্যৱস্থা

মানৱ সভ্যতা:স্বাস্থ্য আৰু চিকিৎসা ব্যৱস্থাৰ বিষয়ে লিখা হৈছে

 

প্ৰাচীন স্বাস্থ্য আৰু চিকিৎসা ব্যৱস্থা: মানুহৰ সৃষ্টিৰ পঅৰই স্বাস্থ্য আৰু চিকিৎসা ব্যৱস্থাৰ আৰম্ভণি বুলি ক’ব পাৰি।চিকিৎসা ব্যৱস্থাৰ মুল ভেটি সংবেদনশীলতা আৰু সহানুভুতি,মানুহৰ প্ৰতি অন্তৰত থকা মৰম আৰু চেনেহ আৰু লগতে দুখ-কষ্ট আৰু বেদনাৰ পৰা সকাহ দিয়াৰ আগ্ৰহ।এই আদিম প্ৰবৃত্তি থকা সত্ত্বেও ৰোগ-ব্যাধিৰ কাৰণ আৰু নিৰাময়ৰ বিষয়ে আদিম মানুহৰ কোনো বৈজ্ঞানিক ধাৰণা নাছিল।তেওঁলোকে ভাবিছিল ৰোগ-ব্যাধি ঈশ্বৰৰ আৰু ইয়াৰ নিৰাময়ৰ বাবেও কৰিছিল বিভিন্ন পুজা-অৰ্চনা ।লগে লগে সৃষ্টি হয় ভুত –প্ৰেতৰ ধাৰণা আৰু ইয়াক সংযোগ কৰা হ’ল ৰোগ-ব্যাধিৰ লগত।চিকিৎসাৰ ব্যৱস্থা হিচাপে উদ্ভৱ হ’ল ঈশ্বৰ সেৱাৰ লগতে ভুত-প্ৰেতৰ পুজা-অৰ্চনা,যাদু-মন্ত্ৰ,বেজালি,মেজিক ইত্যাদি।

প্ৰাচীন ভাৰতীয় চিকিৎসা ব্যৱস্থা

 

খ্ৰী:পু: ৫০০০ বছৰ আগৰ কথা।হিন্দুৰ স্বাস্থ্য দেৱতা ধন্বন্তৰিৰ আৱিৰ্ভাৱ হৈছিল অসুৰ আৰু দেৱতাৰ সাগৰ মন্থনত।

অথৰ্ব বেদত উল্লেখিত স্বাস্থ্য আৰু চিকিৎসা ব্যৱস্থাই পৰৱৰ্তী যুগত আয়ুৰ্বেদ শাস্ত্ৰৰ জন্ম দিয়ে।আয়ুৰ্বেদ শাস্ত্ৰৰ পুৰোধা মনীষীসকল হ’ল আত্ৰেয়,চৰক,সুশ্ৰুত আৰু বাঘভট।

বৰ্তমানৰ ৰাৱালপিণ্ডিৰ বিশ কিলোমিটাৰ পশ্চিমে অৱস্থিত তক্ষশীলা বিশ্ববিদ্যালয়ত আত্ৰেয়ই অধ্যাপনা কৰিছিল।চৰক আছিল সম্ৰাট কনিষ্কৰ ৰাজবৈদ্য।সুশ্ৰুতক আধুনিক শল্য চিকিৎসাৰ জনক বুলি কোৱা হয়।বৌদ্ধ ধৰ্মৰ জনকসকলৰ শাসনকালত খ্ৰী:পু: ৮০০ চনৰ পৰা ৪০০ চনলৈ প্ৰায় ১২০০ বছৰ ভাৰতীয় ভেষজ বিজ্ঞান আৰু আয়ুৰ্বেদ চিকিৎসা ব্যৱস্থাৰ সোণালী দিন আছিল বুলি ক’ব পাৰি।সেই একে সময়তে পৃথিৱীৰ বিভিন্ন প্ৰান্তত গঢ় লৈ উঠিছিল বেলেগ বেলেগ চিকিৎসা ব্যৱস্থা।

চীন দেশৰ চিকিৎসা (Chinese Medicine)

 

চীন দেশৰ চিকিৎসা ব্যৱস্থা প্ৰায় খ্ৰী:পু: ২৭০০ চনতেই আৰম্ভ হৈছিল।তেওঁলোকৰ বিশ্বাস মতে শৰীৰত বিৰাজমান,যোগাত্মক আৰু ঋণাত্মক শক্তি’ইয়ান’আৰু ‘ইন’ৰ ভাৰসাম্যতেই স্বাস্থ্য নিৰ্ভৰশীল।এই ভাৰসাম্য নোহোৱা হ’লেই ৰোগৰ সৃষ্টি হয়।চীন দেশৰ খালী ভৰিৰ চিকিৎসক (Bore foot doctors)আৰু একুপাংচাৰ ব্যৱস্থাই গোটেই পৃথিৱীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

প্ৰাচীন ইজিপ্তৰ চিকিৎসা ব্যৱস্থা (Egyptian Medicine)

 

ইজিপ্তৰ সভ্যতা অতিকৈ পুৰণি।এই সভ্যতাৰ জন্ম খ্ৰী:পু: ২৫০০ বছৰতে হৈছিল।তেওঁলোকৰ চিকিৎসা ব্যৱস্থাত ধৰ্মক প্ৰাধান্য দিয়া হৈছিল।চিকিৎসকসকলে একেলগে ধৰ্মযাজক আৰু পুৰোহিতৰ কাম কৰিছিল।তেওঁলোকৰ চিকিৎসা ব্যৱস্থাত বহুতো ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হৈছিল।ইমহ’টেপ (Imhotep)নামৰ এজন মনীষীৰ জীৱনকালত ইজিপ্তৰ চিকিৎসা ব্যৱস্থাই শীৰ্ষবিন্দু পাইছিলগৈ।ইমহ’টেপ একেৰাহে ৰাজনীতিবিদ,স্থপতি আৰু চিকিৎসক আছিল।পৰৱৰ্তী যুগত ইজিপ্তৰ জনসাধাৰণে ইমহ’টেপক দেৱতা জ্ঞান কৰি পুজা কৰিছিল।

মেছোপটেমিয়ান সভ্যতাৰ প্ৰাচীন চিকিৎসা ব্যৱস্থা (Masopotemian Medicine)

 

ইউফ্ৰেটিছ আৰু টাইগ্ৰীচ নদীৰ মাজৰ ভুমি অংশত (বৰ্তমানৰ ইৰাক)আজিৰ পৰা প্ৰায় ৬০০০ বছৰ আগতে মেছোপটেমিয়ান সভ্যতা গঢ় লৈ উঠিছিল।ইয়াৰে একালৰ শাসক হামুৰাবিয়ে চিকিৎসকসকলৰ বাবে আমোদজনক আচৰণবিধি প্ৰণয়ন কৰিছিল।এই আচৰণবিধি  অনুযায়ী চিকিৎসাত সুফল দিব পৰা চিকিৎসকক পুৰস্কাৰ আৰু কুফল দেখুওৱা চিকিৎসকক প্ৰাণদণ্ড পৰ্যন্ত দিয়াৰ ব্যৱস্থা আছিল।প্ৰণিধানযোগ্য যে হামুৰাবি যুগৰ চিকিৎসা ব্যৱস্থা কোনো বৈজ্ঞানিক ধ্যান-ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত নাছিল।মেছোপটেমিয়াতে পোৱা গৈছে খ্ৰী:পু: ২১০০ চনতে লিখা পৃথিৱীৰ প্ৰাচীনতম নিদান-পত্ৰ বা প্ৰেছক্ৰিপচনখন।

গ্ৰীক সভ্যতাৰ প্ৰাচীন চিকিৎসা ব্যৱস্থা(Greek Medicine)

 

গ্ৰীক চিকিৎসাবিদ্যাৰ দেৱতা এচকুলিয়াছৰ অৱিৰ্ভাৱ হৈছিল খ্ৰী:পু: ১২০০ চনত।তেওঁৰ দুই জীয়াৰী হাইজীয়া আছিল স্বাস্থ্যৰ দেৱী (Goddess of Preventive Medicine) আৰু পেনাচিয়া আছিল চিকিৎসা বা আৰোগ্যৰ দেৱী।(Goddess of Cure)।গ্ৰীচ সভ্যতাৰ চিকিৎসাশাস্ত্ৰৰ দেৱতা এচকুলিয়াছৰ প্ৰতীক লাঠিৰ ওপৰত পাক লৈ থকা সৰ্পৰ প্ৰতিকৃতি পৃথিৱীৰ প্ৰায় সকলো স্বাস্থ্য বিষয়ৰ সংস্থাতেই প্ৰতীক ৰুপে ব্যৱহাৰ কৰে।আধুনিক চিকিৎসা বিজ্ঞানৰ জনক হিপ্প’ক্ৰেটছৰো গ্ৰীচ দেশতেই আৱিৰ্ভাৱ হয় (খ্ৰী:পু: ৪৬০-৩৭০)।ৰোগ-ব্যাধিৰ কাৰণ ঈশ্বৰৰ অভিশাপত আৰু ভুত-প্ৰেমৰ প্ৰভাৱৰ বিপৰীতে তেওঁ বিকল্প সুত্ৰ দাঙি ধৰিলে।তেৱেঁই প্ৰথমে ৰোগীৰ ৰোগ নিৰুপণৰ সঠিক পথ প্ৰদৰ্শক আছিল।তেৱেঁই প্ৰথমে ৰোগীৰ ৰোগ নিৰুপণৰ সঠিক পথ প্ৰদৰ্শক আছিল।তেৱেঁই ৰোগ নিৰুপণৰ বাবে ৰোগীৰ কথা মন দি শুনা,নিখুঁতভাৱে নিৰীক্ষণ কৰা আৰু ৰোগীক সহজ-সৰলভাৱে বুজাই দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।যোৱা ২৫০০ বছৰে প্ৰতিজন চিকিৎসকে ৰোগীৰ পৰীক্ষা কৰাৰ সময়ত হিপ্প’ক্ৰেটছৰ পদাংকই অনুকৰণ কৰিবলৈ চেষ্টা কৰে।

প্ৰাচীন ৰোমান সভ্যতাৰ স্বাস্থ্য আৰু চিকিৎসা ব্যৱস্থা (Roman Medicine)

 

খ্ৰীষ্টজন্মৰ প্ৰথম শতিকাতে গ্ৰীচক পৰাস্ত কৰি ৰোমানসকলে নিজৰ আধিপত্য বিস্তাৰ কৰিলে।ৰোমৰ জয়জয়-ময়ময় অৱস্থাত (১৩০-২০৫ খ্ৰীষ্টাব্দত)আৱিৰ্ভাৱ হয় চিকিৎসা বিজ্ঞানৰ মহান মনীষী গেলেনৰ।গেলেনেই প্ৰথমে ৰোগ প্ৰতিৰোধ আৰু চিকিৎসা-দুয়োটাৰ ওপৰত সমানে গুৰুত্ব দিয়ে।তেওঁৰ জীৱনকালত গেলেনে চিকিৎসা সম্পৰ্কীয় প্ৰায় পাঁচশৰো অধিক প্ৰবন্ধ লিখি থৈ যায়।তেওঁৰ স্বাস্থ্য আৰু চিকিৎসা সম্পৰ্কীয় লেখনি আৰু তত্ত্বই পৰৱৰ্তী ১৫০০ বছৰত গোটেই পৃথিৱীতে অপ্ৰতিদ্বন্দ্বী হৈ থাকি যায়।

মধ্যযুগৰ স্বাস্থ্য আৰু চিকিৎসা ব্যৱস্থা (Middle Age Medicine)

 

খ্ৰীষ্টজন্মৰ পিছৰ ৫০০ চনৰ পৰা ১৫০০ চনলৈ এই সময়ছোৱাক মধ্যযুগ বুলি কোৱা হয়।এই সময়খিনিত প্ৰায়বিলাক ইউৰোপিয়ান সভ্যতাই যুদ্ধ-বিগ্ৰহত লিপ্ত হৈ ধ্বংসপ্ৰাপ্ত হয়।ফলত প্ৰাচীন সভ্যতাত লাভ কৰা অগ্ৰগতি ধুলিসাৎ হয়।এই সময়খিনিক ইউৰোপৰ অন্ধকাৰ যুগ বুলি কোৱা হয়।চিকিৎসা বিজ্ঞানৰ সকলো উন্নতি ইউৰোপৰ এই অন্ধকাৰত হেৰাই যায়।এই সময়ছোৱাত আৰবৰ পৃথিৱীত চিকিৎসা বিজ্ঞানৰ এক চমৎকাৰ পৰিৱৰ্তন হয়।তেওঁলোকে গ্ৰীচ আৰু ৰোমৰ চিকিৎসা জগতৰ সমস্ত জ্ঞানভাণ্ডাৰ আৰবীলৈ অনুবাদ কৰি লয়।মধ্যযুগৰ আৰবত আবু বেকাৰ (খ্ৰী:৮৬৫-৯২৫)ৰ আৰু ইবন চিনা (খ্ৰী:৯৮০-১০৩৭)ৰ দৰে স্বাস্থ্যৰত্নৰ আৱিৰ্ভাৱ হয়।আবু বেকাৰে সৰু আই,মিজলছ আৰু শিশুৰ ৰোগৰ ওপৰত তিনিখন গ্ৰন্থ প্ৰকাশ কৰে।ইবন চিনাই ২১ টা খণ্ডৰ স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞানৰ প্ৰথমখন বিশ্বকোষ প্ৰণয়নৰ গৌৰৱৰ অধিকাৰী হয়।এই সময়তে মধ্যপ্ৰাচ্যৰ বহুতো নগৰত নতুন নতুন চিকিৎসালয় প্ৰতিষ্ঠা কৰা হয়।

উৎস:জি এন আৰচি স্বাস্থ্য

 

3.10344827586
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top