মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / স্বাস্থ্য বাৰ্তা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য বাৰ্তা

ইয়াত স্বাস্থ্য বাৰ্তা লিখা হৈছে

আদাত আছে কৰ্কট ৰোগৰ চিকিৎসা


খাদ্যৰ সোৱাদ বৃদ্ধি কৰা বা কাহ-পানীলগা আৰু ডিঙিৰ বিষৰ পৰা সকাহ দিয়ে আদাই। এইবিলাকৰ উপৰি আদাৰ এনে কেতবোৰ গুণ আছে, যি আমাৰ ঘৰুৱা আৰু আয়ুৰ্বেদিক উপকৰণৰ ৰূপত জীৱনৰ অভিন্ন অংগ। কিন্তু শেহতীয়াকৈ আদাৰ আন এটা গুণৰ বিষয়ে জানিব পৰা গৈছে- যি আপোনাৰ বাবে খুবেই লাভদায়ক হ’ব পাৰে। কৰ্কট ৰোগৰ কোশিকাবিলাকৰ ওপৰত আদাৰ প্ৰভাৱ চাবৰ বাবে কৰা পৰীক্ষাত এই তথ্য পোহৰলৈ আহিছে যে ইয়াৰ কৰ্কট ৰোগ প্ৰতিৰোধক গুণ আছে, যি বিশেষকৈ মহিলাৰ হ’ব পৰা স্তনৰ কৰ্কট আৰু গৰ্ভাশয়ৰ কৰ্কট ৰোগৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম। ই শৰীৰত কৰ্কট ৰোগ জন্ম দিব পৰা কোশিকাবোৰ ৰুদ্ধ কৰে আৰু কৰ্কট প্ৰসাৰিত হোৱাত বাধা দিয়ে। এই পৰীক্ষাত গৱেষকসকলে এই কথাৰ ওপৰত বিশেষ মনোযোগ দিয়ে যে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰয়োগ কৰা কেমো থেৰাপীয়ে ৰোগীক সকাহ দিয়াৰ বিপৰীতে তেওঁৰ গোটেই শৰীৰৰ ক্ষতিসাধন কৰে। একেদৰে কৰ্কটৰ ঔষধৰ ৰূপত আদাই কেৱল কৰ্কটজনিত অংগ বা কোশিকাবিলাককহে কেৱল প্ৰভাৱান্বিত কৰে আৰু ৰোগীৰ সম্পূৰ্ণ শৰীৰে সকাহ পায়। এই পৰীক্ষাৰ অন্তত প্ৰতিপন্ন হৈছে যে দৈনিক নিজৰ খাদ্যত যিকোনো প্ৰকাৰে আদা অন্তৰ্ভুক্ত কৰি আমি কৰ্কট ৰোগ মূলতে সমাপ্ত কৰিব পাৰো। স্তনৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত আদা খালে টিউমাৰৰ বৃদ্ধি ৰুদ্ধ হয় আৰু কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে। গৱেষকসকলৰ মতে আদাত থকা কৰ্কট প্ৰতিৰোধী গুণে ক্ষতিগ্ৰস্ত কোশিকাবিলাককো পুনৰ সংৰক্ষিত কৰিবলৈ সক্ষম তাকো কেমোতকৈ ১০ হাজাৰ গুণ ভাল আৰু শক্তিশালী ৰূপত। সম্প্ৰতি কৰ্কটৰ কোশিকাবিলাকৰ ওপৰত কৰা এই পৰীক্ষাৰ পিছত গৱেষকসকলে কৈছে-প্ৰকৃতাৰ্থত মানুহৰ কোশিকাৰ ওপৰত ই কিমান প্ৰভাৱকাৰী বুলি প্ৰতিপন্ন হ’ব, সেয়া লক্ষণীয় হ’ব। সদ্যহতে এই কথা নিশ্চিত যে আদাত কৰ্কট প্ৰতিৰোধী চমকপ্ৰদ গুণ আছে।

উৎস: গণ অধিকাৰ।

ইউৰিক এচিড কিদৰে নিয়ন্ত্ৰণ কৰিব


তেজত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পালে গাঁঠিৰ বাতবিষৰ সৃষ্টি হ’ব পাৰে। তেজত ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণ ৰখাৰ বাবে মাদকদ্ৰব্য, চেনিযুক্ত খাদ্য, পিউৰাইন সমৃদ্ধ খাদ্য যেনে- মাংস, যিকোনো জন্তুৰ, সামুদ্ৰিক খাদ্য আৰু বিভিন্ন ধৰণৰ দাইল ইত্যাদি সীমিত পৰিমাণে খাব লাগে। তদুপৰি ফুলকবি, মাশ্বৰূম, পালেং শাক আৰু মটৰতো প্ৰচুৰ পৰিমাণৰ পিউৰাইন থাকে। পিউৰাইন হজম হৈ ইউৰিক এচিডলৈ পৰিণত হয়। যদি ইউৰিক এচিড শৰীৰৰ পৰা বাহিৰ হৈ নাযায়, তেন্তে তেজত জমা হৈ বিষৰ সৃষ্টি কৰে।

পানীয়ে ইউৰিক এচিডৰ লগতে বিষাক্ত পদাৰ্থ শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে। সেয়ে প্ৰতিদিনে দহ-বাৰ গিলাচকৈ পানী সেৱন কৰাটো জৰুৰী। তদুপৰি আপেলত থকা মেলিক এচিডে ইউৰিক এচিডক নিৰপেক্ষ হোৱাত সহায় কৰে। সেয়ে প্ৰত্যেকদিনাই খোৱাৰ পাচত এটাকৈ আপেল খাবলৈ চেষ্টা কৰিব লাগে। নেমুত থকা চাইট্ৰিক এচিডে ইউৰিক এচিডৰ দ্ৰাবক হিচাপে কাম কৰে। এফাল নেমু এগিলাচ পানীত মিহলাই দিনত দুবাৰকৈ খাব লাগে। তিয়ঁহ, গাজৰ আৰু বীটৰ ৰস ইউৰিক এচিড নিয়ন্ত্ৰণত অতি বেছি কাৰ্যকৰী। এশ মিলিমিটাৰ তিঁয়হৰ ৰস, এশ মিলিলিটাৰ বীটৰ ৰসৰ লগত তিনিশ মিলিলিটাৰ গাজৰৰ ৰস মিহলাই প্ৰতিদিনে সেৱন কৰিলে ইউৰিক এচিড বহুখিনি নিয়ন্ত্ৰণলৈ আহে। ভিটামিন চি সমৃদ্ধ খাদ্য বা ভিটামিন চি ছাপ্লিমেন্টে ইউৰিক এচিডৰ মাত্ৰা কমোৱাত যথেষ্ট সহায় কৰে। ভিটামিন চি য়ে প্ৰস্ৰাৱৰ জৰিয়তে ইউৰিক এচিড শৰীৰৰ পৰা বাহিৰ কৰি অনাত চাপ প্ৰয়োগ কৰে। কমলা, কেপ্‌চিকাম, নেমু, বিলাহী আৰু সেউজীয়া শাক-পাচলি ভিটামিন চিৰ প্ৰয়োজনীয় উৎস। ইউনিভাৰ্ছিটী অব্‌ মেৰিলেণ্ড মেডিকেল চেন্টাৰৰ মতে, উচ্চমাত্ৰাৰ আঁহযুক্ত খাদ্যই তেজৰ ইউৰিক এচিডৰ মাত্ৰা কমোৱাত সহায় কৰে। ডায়েটৰি ফাইবাৰে তেজৰ ইউৰিক এচিডক শোষণ কৰি লোৱাৰ লগতে কিড্‌নিৰ মাধ্যমেৰে ইউৰিক এচিড শৰীৰৰ পৰা বাহিৰ কৰি দিয়াতো সহায় কৰে। ইচবগুল, ওট্‌চ, ব্ৰক’লি, আপেল, নাচপতি, ষ্ট্ৰবেৰী, তিঁয়হ, গাজৰ, বাৰ্লি আৰু কলত ভক্ষণযোগ্য দ্ৰৱণীয় ফাইবাৰ থাকে, যি শৰীৰৰ ইউৰিক এচিড নিয়ন্ত্ৰণৰ বাবে উপকাৰী। শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পোৱাক হাইপাৰ ইউৰেচেমিয়া বোলে। এই হাইপাৰ ইউৰেচেমিয়া নিয়ন্ত্ৰণৰ বাবে নিয়মিত গ্ৰীণ টী সেৱন কৰিব লাগে। ই গাঁঠিৰ বাতবিষ নিয়ন্ত্ৰণত সহায় কৰে। তদুপৰি ইউৰিক এচিডৰ মাত্ৰা কমোৱাৰ বাবে আটাইতকৈ উপকাৰী পাচলি হৈছে বিলাহী। সতেজ বিলাহী ক্ষাৰকীয় প্ৰকৃতিৰ হয়। যেতিয়াই ই তেজৰ সংস্পৰ্শলৈ আহে তেতিয়াই ই তেজৰ ক্ষাৰকীয় শক্তি বৃদ্ধি কৰে।

যুগুতালে: বন্দিতা ফুকন, সাদিন।

উফি দূৰ কৰিবলৈ কিছু ঘৰুৱা দিহা

 

শীতৰ দিনবোৰে মেলানি মাগিছে। এতিয়া চৌদিশে মাথোঁ ৰুক্ষতা আৰু শুস্কতাই আৱৰি ধৰিব। এই দিনবোৰত দেখা দিয়া প্ৰধান এক সমস্যা হৈছে উফিৰ সমস্যা। উফিৰ বাবেই চুলি সৰা, মূৰত খৰ হোৱা আদি সমস্যাও হয়। বজাৰত কিনিবলৈ পোৱা উফি নোহোৱা ঔষধ অথবা চেম্পুসমূহৰ আকৌ কিছু পাৰ্শ্বক্ৰিয়াও নথকা নহয়। সেইবাবে উফি দূৰ কৰিবলৈ ঘৰতে হাততে পোৱা কিছু সামগ্ৰী ব্যৱহাৰ কৰিব পাৰে। এই কিছু সামগ্ৰী আৰু প্ৰয়োগ প্ৰণালী তলত চমুকৈ দিয়া হ’ল-

  • নিমপাত: অতি ঔষধি নিমপাত ব্যৱহাৰ কৰি উফি দূৰ কৰিব পাৰে। কিছু নিমপাত পানীত সিজাই ল’ব। পিচত নিমপাত চেকি পেলাই সেই পানী ঠাণ্ডা কৰি মূৰ ধোৱাৰ পিচত মূৰত ঢালিব। নিমপাতে উফি দূৰ কৰাত সহায় কৰাৰ লগতে চুলি সৰা বন্ধ কৰা তেলেতীয়া ভাব দূৰ কৰা আদিতো সহায় কৰা।
  • নাৰিকল তেল: অতীজৰে পৰা ভাৰতৰ মহিলাসকলে মূৰত নাৰিকল তেলে চুলি মজবুত কৰাৰ লগতে চুলিৰ গুৰিৰ ৰুক্ষ ভাব দূৰ কৰে। উফি দূৰ কৰিবৰ বাবে নাৰিকল তেলৰ সৈতে সামান্য পৰিমাণৰ নেমুৰ ৰস মিহলাই চুলিৰ গুৰিত লগাব। প্ৰায় বিশ-ত্ৰিশ মিনিট পিচত চুলি ধুব। এইদৰে সপ্তাহত প্ৰায় দুই-তিনিবাৰকৈ চুলি ধুলি, উফিৰ সমস্যাৰ পৰা হাত সাৰিব পাৰে।
  • বেকিং ছ’ডা: আখলঘৰত সাধাৰণতে পোৱা বেকিং ছ’ডা ব্যৱহাৰ কৰিও উফিৰ পৰা হাত সাৰিব পাৰে। চুলি ভালদৰে তিয়াই সামান্য পৰিমাণৰ বেকিং ছ’ডাৰে চুলি গুৰিত লগাই মালিচ কৰিব। পিচত ঠাণ্ডা পানীৰে চুলি ধুব।
  • বগা ভিনেগাৰ: বগা ভিনেগাৰ হৈছে উফি দূৰ কৰিবলৈ ব্যৱহাৰ কৰিব পৰা অন্য এক ঘৰুৱা উপাদান। ভিনেগাৰৰ সৈতে সামান্য নাৰিকল তেল আৰু পানী মিহলাই চুলিৰ গুৰিত লগাই থ’ব। দহ মিনিট পিচত চেম্পুৰে ধুই দিব।
  • মেথি গুটি: দুই তিনি চামুচ মেঠি গুটি ৰাতিটো পানীত তিয়াই থ’ব। পুৱা ভালদৰে পিহি লৈ সামান্য পৰিমাণৰ দৈ মিহলাই ল’ব। এই মিশ্ৰণ চুলিৰ গুৰিত লগাই দুই তিনি ঘন্টামানৰ পিচত ভালদৰে ধুই পেলাব। মেথি গুটিয়ে উফি দূৰ কৰাৰ লগতে চুলিৰ বিভিন্ন সমস্যা নিবাৰণতো সহায় কৰে।

উৎস: সাদিন।

ছালৰ বাবে উপকাৰী ধনিয়া পাত


দাইল নতুবা মাছৰ টেঙা আঞ্জাখনত ধনিয়া পাত কাটি দিলে সেইবোৰ সুস্বাদু, সুগন্ধি হয়, দেখাতো সুন্দৰ হয়। পিচে পালেং শাকৰ দৰে ধনিয়া পাতৰো আছে নিজস্ব ঔষধি গুণ। শীতকালত পৰিৱেশৰ আৰ্দ্ৰতা কমি যায় কাৰণে আমাৰ ছাল বেছিকৈ শুকান হৈ পৰে। গৱেষণাৰ ফলত গম পোৱা গৈছে যে, ধনিয়া পাতে ছালখনৰ শুস্কতাক প্ৰতিৰোধ কৰিব পাৰে। আনহাতে ধনিয়া পাতে শালমইনা আৰু ব্লেকহে’ড (ক’লা ৰঙৰ ক্ষুদ্ৰ গুটি) আঁতৰোৱা কাৰ্যত সহায় কৰে। শীতকালত ছালখনক শুকাই যোৱাৰ পৰা ৰক্ষা কৰিবলৈ আমি দামী ক্ৰীম, তেল ব্যৱহাৰ কৰিবলৈ ধৰো। গতিকে ধনিয়া পাতৰ পেক্‌ ব্যৱহাৰ কৰি চাওকচোন, আপুনি উপকৃত হৈছেনে নাই? তলত ধনিয়া পাতৰ ‘পেক্‌’ বা মিশ্ৰণ প্ৰস্তুত কৰাৰ প্ৰণালী এটা দিয়া হ’ল-

ক) এমুঠি সতেজ ধনিয়া পাত ভালকৈ ধুই লওক। পটা বা মিক্সিত পিহাৰ পূৰ্বে তাত সামান্য পানী দিব, যাতে ‘পেক’ বা মিশ্ৰণটো ডাঠ নহৈ পাতল হয়।

খ) পিহাৰ পিচত এখন পাতল কাপোৰ বা চেকনিৰে চেকি লৈ ৰসখিনি পৃথক কৰি লওক।

গ) এটা বাটিত এচামুচ ধনিয়া পাতৰ ৰস লৈ তাত এচিকুটমান হালধি গুড়ি মিহলাওক। এতিয়া দুয়োবিধ দ্ৰব্য ভালদৰে লৰাই এটা ভাল মিশ্ৰণ তৈয়াৰ কৰি লওক।

ঘ) মুখখন ভালকৈ ধুই সেই পেক্‌ বা মিশ্ৰণটো মুখত সানক। অলপ পৰ মিশ্ৰণটো মুখত লাগি থাকিবলৈ দিব। ভাল ফল পাবলৈ এই মিশ্ৰণটো ৰাতিহে সনা উচিত।

ঙ) পুৱা মুখখন ধুই পেলাওক। ভাল ফল পাবলৈ হ’লে দৈনিক এই পেক বা মিশ্ৰণটো মুখত সানিব।

মিশ্ৰণটোৱে কেনেধৰণৰ ক্ৰিয়া কৰে?

ধনিয়া পাতৰ সৈতে হালধি মিহলালে মিশ্ৰণটোৱে ছালখনৰ শুস্কতাক প্ৰতিৰোধ কৰে। ধনিয়া পাতে ছালৰ মল পৰিষ্কাৰ কৰি ছালৰ ছিদ্ৰ বা ক্ষুদ্ৰ ফুটাবোৰক বন্ধ কৰি দিয়ে। ইয়াৰ উপৰি ধনিয়া পাতত এবিধ গুৰুত্বপূৰ্ণ তেল থাকে। এই তেলবিধে ছালখনক আৰ্দ্ৰ ৰখাৰ উপৰি এক শক্তিশালী এন্টি অক্সিডেন্ট হিচাপেও ক্ৰিয়া কৰে। মিশ্ৰণটোত থকা হালধি গুড়িবোৰে ছালৰ ছিদ্ৰবোৰক সংকুচিত কৰে। যাৰ বাবে আৰ্দ্ৰতা বা জলীয় ভাপ শোষণৰ লগতে এন্টিচেপ্টিক বা জীৱাণুনাশক দ্ৰব্য হিচাপে মুখত শালমইনা হোৱাত বাধা দিয়ে।

উৎস: সাদিন।

পেটৰ সমস্যাত চাহ

 

পেটৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি একাপ চাহ পান কৰিব পাৰে। বিভিন্ন কাৰণত আমাৰ পেটৰ বিষ হ’ব পাৰে। কেতিয়াবা স্নায়ুৰ কাৰণেও পেটৰ বিষ হোৱা দেখা যায়। কেতিয়াবা আকৌ শৰীৰৰ অন্যান্য অসুখ বা খাদ্যৰ বাবেও পেটৰ বিষ হয়। কিন্তু চাহৰ এক শান্তিদায়ক প্ৰভাৱৰ বাবেও ই বোলে পেটৰ বিষৰ পৰা মুক্তি দিব পাৰে। পেটৰ বিষৰ পৰা মুক্তি পাবলৈ অৱশ্যে সঠিক চাহ পছন্দ কৰিব পৰাটো গুৰুত্বপূৰ্ণ কথা। এনে কিছু বিশেষ চাহেই আজি আলোচনাৰ বিষয়।

হাজাৰ হাজাৰ বছৰজুৰি এছিয়া মহাদেশত আদা ঔষধি গুণৰ বাবে বিখ্যাত। এই আদাৰে প্ৰস্তুত কৰা চাহ সেৱন কৰিলে আকৌ পেট বেয়া, বদহজম, বমি বমি ভাব আদি দূৰ হয়। কেমোমিল সমগ্ৰ বিশ্বতে আটাইতকৈ জনপ্ৰিয় ঔষধি হিচাপে পৰিচিত। ই প্ৰদাহৰোধী তথা বায়ুনাশকাৰী। সেয়ে ই পাকস্থলী ঠাণ্ডা কৰাৰ বাবে ভাল। কেমোমিলযুক্ত চাহে পেটৰ গেছ, বদহজম, পেটৰ অসুখ আদিৰ পৰা মুক্তি দিয়ে। পৰম্পৰাগতভাৱেই মেন্থল পাত আৰু তেল ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে। পাকস্থলীৰ পেশী ঠাণ্ডা কৰি পিত্তৰসৰ প্ৰবাহক উন্নত কৰাৰ মাধ্যমেৰে পেটৰ সমস্যা সমাধানত সহায় কৰে মেন্থল চাহে। তদুপৰি বমি বমি ভাব, মহিলাৰ মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষ, গেছৰ সমস্যা বা পেটৰ অন্য যিকোনো ৰোগ নিৰাময়ত সহায় কৰে মেন্থল চাহে। বহু ঔষধিগুণযুক্ত পুডিনা চাহে বমি বমি ভাব, গেছ, বদহজম, ডায়েৰিয়া, আই বি এছ, পিত্তথলী ফুলি যোৱা বা পিত্তপাথৰৰ সমস্যাৰ পৰা মুক্তি দিয়ে। একেদৰে আকৌ তুলসীও এক আয়ুৰ্বেদিক ঔষধি গছ। ইয়াৰ পৰা প্ৰস্তুত কৰা চাহে পেটৰ নানান সমস্যা সমাধানত সহায় কৰে। যষ্ঠিমধুৱে আকৌ পেটৰ আলচাৰৰ পৰা সুৰক্ষা দিয়ে। আলচাৰ হ’লে পেটৰ বিষ, বদহজমৰ সমস্যা হয়। যষ্ঠিমধুৰ চাহ পান কৰিলে পাকস্থলীৰ ভিতৰৰ প্ৰাচীৰত প্ৰতিৰক্ষা দিয়ে। এইবোৰৰ উপৰি পেটৰ অসুখত গ্ৰীন টীৰ প্ৰভাৱো সুদূৰপ্ৰসাৰী। পেটৰ নানান সমস্যা উপশমত ভিন্ন প্ৰকাৰৰ চাহে সহায় কৰিব পাৰে। সেয়ে পেটৰ অস্বস্তিৰ কাৰণ জানিলে আপুনিও এতিয়াৰে পৰা প্ৰতিকাৰক হিচাপে চাহ সেৱন কৰিব পাৰে।

উৎস: সাদিন।

বয়স কমোৱা ঔষধ

 

বৰ্তমান মানুহৰ কল্পনা হৈছে অনন্ত কাললৈকে জীয়াই থকা অথবা কমপক্ষেও ১২০ বছৰ পৰ্যন্ত বাচি থকা। ২০১৬ চনটো এক নতুন ধৰণৰ বয়স কমাব পৰা ঔষধৰ পৰীক্ষা চলোৱা বছৰ বুলি পৰিগণিত হ’ব। তদুপৰি আলঝেইমাৰ আৰু পাৰ্কিনছন ৰোগৰ নতুন ঔষধৰো এইটো বছৰতে পৰীক্ষা-নিৰীক্ষা চলাই থকা হৈছে। বিজ্ঞানীসকলে বৰ্তমান বিশ্বাস কৰিছে যে মানুহে দ্ৰুতগতিৰে লাভ কৰা বাৰ্ধক্যক বন্ধ কৰি ১১০ বা ১২০ বছৰ বয়সলৈকে সুন্দৰ স্বাস্থ্যৰে জীয়াই থকাটো অচিৰতে সম্ভৱপৰ হৈ উঠিব। কল্পবিজ্ঞান কাহিনীৰ দৰে যেন লাগিলেও গৱেষকসকলে ইতিমধ্যেই প্ৰমাণ কৰিছে যে ডায়েবেটিছ বা মধুমেহ ৰোগৰ এবিধ ঔষধ মেটফৰ্মিন ব্যৱহাৰ কৰাৰ ফলত জন্তুবোৰৰ আয়ুস বাঢ়ি গৈছে। বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰ খাদ্য আৰু ঔষধ প্ৰশাসনে গৱেষকসকলক নিৰ্দেশ দিছে যে উক্ত ঔষধবিধ ব্যৱহাৰ কৰিলে মানুহৰো আয়ুস বাঢ়ি যায় নেকি-এই বিষয়ত গৱেষণা চলাই নিব লাগে। চিকাগোৰ, ইলিনইছ বিদ্যালয়ৰ ড° জাই ওলচাংকি নামৰ গৱেষকজনৰ মতে-‘আধুনিক যুগত মানুহৰ বয়স ধীৰে বঢ়াৰ ক্ষেত্ৰক চিকিৎসা বিজ্ঞানে আটাইতকৈ অধিক গুৰুত্ব দিয়া উচিত।’ এই ক্ষেত্ৰত চিকিৎসা বিজ্ঞানীসকল সফল হ’লে ৭০ বছৰ বয়সীয়া লোকসকলে ৫০ বয়সীয়া লোকসকলৰ দৰেই শাৰিৰীকভাৱে স্বাস্থ্যৱান হৈ থাকিব পাৰিব। এইক্ষেত্ৰত চিকিৎসকসকলে কেন্সাৰ, ডায়েবেটিছ আৰু ডিমনেচিয়া ৰোগবোৰৰ সৈতে যুঁজ দিয়াৰ সলনি বয়স বৃদ্ধিৰ সমস্যাটোতহে গুৰুত্ব দিব। অহা শীতকালত আমেৰিকা যুক্তৰাষ্ট্ৰত মেটফৰ্মিনৰ সহায়ত বয়স বৃদ্ধি প্ৰতিৰোধকৰণ পৰীক্ষা-নিৰীক্ষাসমূহ আৰম্ভ হোৱাৰ আঁচনি লোৱা হৈছে। বহুত শৈক্ষিক অনুষ্ঠানৰ বিজ্ঞানীসকলে বৰ্তমান অৰ্থ সংগ্ৰহ কৰি আছে আৰু তেওঁলোকৰ তালিকাত ৩০০০ জন ৭০ বছৰ বয়সৰ পৰা ৮০ বছৰ বয়সীয়া লোকক অন্তৰ্ভুক্ত কৰা হৈছে। এই ব্যক্তিসকলে কেন্সাৰ, হৃদৰোগ আৰু স্মৃতিভ্ৰংশ ৰোগত ভুগি আছে নতুবা ভোগাৰ আশংকা আছে। বিজ্ঞানীসকলে আশা কৰিছে যে, ঔষধবিধে তেওঁলোকৰ বয়স বৃদ্ধি প্ৰণালীটোক লেহেমীয়া গতিৰ কৰি তুলিব আৰু তাৰ ফলত তেওঁলোকে ভুগি থকা ৰোগবোৰৰ পৰাও সম্পূৰ্ণ আৰোগ্য হৈ পৰিব। ড° জাই ওলচাংকি নামৰ গৱেষকজনে এইটোও কৈছে যে, ‘যদিহে আমি মানুহৰ বয়স বৃদ্ধিক কম পৰিমাণেও লেহেমীয়া গতিৰ কৰি তুলিব পাৰো তেন্তে মানুহে বুঢ়া হ’লেও মানসিকভাৱে ডেকা হৈ থাকিব পাৰিব।’ বিজ্ঞানীসকলৰ দৃঢ়বিশ্বাস যে যদি ঔষধৰ প্ৰয়োগেৰে আমি আন প্ৰাণীবোৰৰ বয়স কমাই দিব পাৰো তেন্তে আমাৰ মানুহৰ ক্ষেত্ৰতনো কিয় নোৱাৰিম?

উৎস: সাদিন।

হাড়ৰ বিপদ উচ্চমাত্ৰাৰ কলেষ্টৰেল

 

যদিহে আপোনাৰ শৰীৰত কলেষ্টৰেলৰ মাত্ৰা অধিক তেন্তে আপুনি হাড়ৰ ঘনত্বৰ পৰীক্ষা কৰোৱা উচিত। উচ্চমাত্ৰাৰ কলেষ্টৰেল হাৰ্টৰ বাবে যে ক্ষতিকাৰক সেই কথা আমি সকলোৱে জানো। কিন্তু ই হাড়ৰ বাবেও ক্ষতিকাৰক। লছ এঞ্জেলছৰ ইউনিভাৰ্ছিটী অব্‌ কেলিফৰ্নিয়াৰ এক গৱেষণাত প্ৰমাণ হৈছে যে, উচ্চমাত্ৰাৰ কলেষ্টৰেলৰ অষ্টিঅপৰেছিছৰ লগত সম্পৰ্ক আছে। শৰীৰৰ ইমিউন কোষৰ যে হাড়ৰ ক্ষয়ত ভূমিকা থাকে তাকে নিৰ্ণয়ৰ উপায় উলিয়াইছে এই গৱেষণাই। এই গৱেষণাটিৰ দ্বাৰা অষ্টিঅপৰেছিছৰ চিকিৎসাৰ নতুন পথ উন্মোচিত হ’ব পাৰে।

অষ্টিঅপৰেছিছ ৰোগত আক্ৰান্ত আমেৰিকাৰ প্ৰায় দহ মিলিয়ন লোকৰ হাড় ভাগি নতুবা কাটি যোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে। তদুপৰি এই ৰোগত আক্ৰান্ত ৰোগীয়ে স্বাভাৱিক ৰূপত চলা-ফুৰাৰ পৰাও বঞ্চিত হৈছে। লছ এঞ্জেলছৰ ইউনিভাৰ্ছিটী অব্‌ কেলিফৰ্নিয়াৰ ডেভিদ গেফেন স্কুল অব্‌ মেডিচিনৰ পেথল’জিৰ অধ্যাপক ৰিতা এফ্ৰোচে এই ৰোগ সম্পৰ্কে এনেদৰে ব্যাখ্যা কৰিছে, আমি জানো যে, অষ্টিঅপৰেছিছ ৰোগত আক্ৰান্ত লোকৰ শৰীৰত কলেষ্টৰেলৰ মাত্ৰা বেছি থাকে বাবে তেওঁলোকে উশাহ লোৱাত কষ্ট পায় আৰু এনে লোকৰ ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনাও অধিক। আমি ইয়াকো জানো যে, কলেষ্ট্ৰলে নিয়ন্ত্ৰণৰ ঔষধে হাড়ৰ ফাট কমোৱাতো সহায় কৰে।

অষ্ট্ৰেলিয়াৰ ব্ৰীছবেনৰ কুইন্সলেণ্ড ইউনিভাৰ্ছিটী অব্‌ টেকনল’জিৰ গৱেষক ইন্দিৰা প্ৰসাদামে কৈছে যে, কোমল অস্থি কোষ আৰু সংযোগ কলায়ে মাইটকণ্ড্ৰিয়াল অক্সিডেটিং চাপ বঢ়াই উচ্চমাত্ৰাৰ কলেষ্টৰেল বৃদ্ধি কৰে। ফলত অষ্টিঅপৰেছিছ হয়। ই এক ধৰণৰ আথ্ৰাইটিছ, যি হাড়ৰ শেষ প্ৰান্তৰ নমনীয় টিছ্যু নষ্ট হোৱাৰ ফলত হয়। প্ৰসাদাম আৰু তেওঁৰ গৱেষকৰ দলে মানুহৰ হাইপাৰকলেষ্টৰেলেমিয়াৰ অনুৰূপ দুটি জীৱক মডেল হিচাপে ব্যৱহাৰ কৰিছিল। প্ৰথমটি আছিল এটি এন্দুৰ যাৰ দেহত পৰিৱৰ্তিত জিন আপোলিপ প্ৰ’টিন আছিল যিয়ে হাইপাৰকলেষ্টৰেমিক প্ৰস্তুত কৰে। আনটো মডেলো এন্দুৰেই আছিল যাক উচ্চ কলেষ্টৰেল সম্পন্ন খাদ্য খাবলৈ দিয়া হয়, যাৰ ফলত এন্দুৰৰ হাইপাৰকলেষ্টৰেলেমিয়া হয়। দুয়োটা মডেলকেই উচ্চ মাত্ৰাৰ কলেষ্টৰেল সৃষ্টিকাৰী খাদ্য খাবলৈ দিয়া হয় বা স্বাভাৱিক খাদ্য নিয়ন্ত্ৰণ কৰা হয়। তাৰ পাচত দুয়োটা মডেলৰে অস্ত্ৰোপচাৰ কৰা হয়। স্বাভাৱিক খাদ্য খোৱা এন্দুৰতকৈ এই এন্দুৰৰ হাড়ত মাৰাত্মক ধৰণৰ অষ্টিঅ’আথ্ৰাইটিছে বিকাশ লাভ কৰা দেখা যায়। দুয়োটা এন্দুৰকে কলেষ্টৰেল কমোৱাৰ ঔষধ দিয়া হয়। ইয়াৰ ফলত অষ্টিঅ’আথ্ৰাইটিছ কমাৰ লক্ষণ দেখা যায়।

উৎস: সাদিন।

জোৰকৈ প্ৰস্ৰাৱ বন্ধ কৰি নাৰাখিব


ভ্ৰমণ, মেল-মিটিং অথবা কম্পিউটাৰ, ম’বাইল আদিত সুদীৰ্ঘ সময় ব্যস্ত থাকিলে প্ৰস্ৰাৱ বন্ধ কৰি ৰখা যায়। তদুপৰি অফিচ বা আন স্থানত থকা টয়লেট ব্যৱহাৰ কৰাটোকো আপুনি পছন্দ নকৰিব পাৰে। বিশেষকৈ সুৰক্ষিত স্থানৰ অভাৱতো বহু সময় বা ঘন্টা জুৰি প্ৰস্ৰাৱ বন্ধ কৰি ৰাখে।

আপোনাৰ শৰীৰত থকা মুত্ৰস্থলীত প্ৰায় ১৫ আউন্স মূত্ৰক আবদ্ধ কৰি ৰাখিবৰ বাবে সক্ষম থাকে। বহু সময় প্ৰস্ৰাৱ শৰীৰত আৱদ্ধ কৰি ৰাখিলে সেই অংশটো প্ৰসাৰিত হয়। শৰীৰত যে প্ৰস্ৰাৱ আবদ্ধ হৈ আছে সেই সংকেতটো মগজুৱে আপোনাক দি থাকে। পিচে যদিহে আপুনি নিয়মিতভাৱে বহু সময় জুৰি প্ৰস্ৰাৱ বন্ধ কৰি থাকে, তেন্তে সেই বাতৰিটো দিবৰ কাৰণে মগজু অক্ষমো হৈ পৰিব পাৰে। টৰণ্টোত অৱস্থিত ‘নেচাৰোপাথিক হেল্‌থ ক্লিনিক’ৰ চিকিৎসক ডা: চামনদীপ বালিয়ে মগজুৰ সংকেত দিয়াৰ অক্ষমতাৰ বিষয়ে মন্তব্য দিয়াৰ উপৰি আন এটা বিস্ফোৰক মন্তব্যও দিছে যে, দীৰ্ঘ সময় প্ৰস্ৰাৱ বন্ধ কৰাৰ ফলত আপোনাৰ শৰীৰত থকা মূত্ৰস্থলীটো বেক্টেৰিয়াৰ প্ৰজনন ক্ষেত্ৰ হৈ পৰে। এনেকৈ বৃদ্ধি পোৱা বেক্টেৰিয়াবোৰে যি সংক্ৰমণৰ সৃষ্টি কৰিব, সি কিড্‌নী বা বৃক্কলৈ বিয়পি পৰিলে আপোনাৰ শৰীৰৰ বাবে সি অতিশয় ক্ষতিকাৰক হৈ পৰিব। টৰন্টোৰ অসামৰিক চিকিৎসালয়ৰ ডা: মাইকেল ৰবিনেট নামৰ ইউৰ’লজিষ্টজনে মন্তব্য দিছে যে, বহুতো বৃত্তিত প্ৰস্ৰাৱ ত্যাগ কৰিবলৈ মানুহে সময় উলিওৱাটো বেছ কঠিন হৈ পৰে, যেনে-স্কুলৰ শিক্ষক আৰু ক্ৰেন অ’পাৰেটৰ (ক্ৰেনচালক)সকল। ডা: মাৰ্ক গৰ্ডন নামৰ ইউৰ’লজিষ্ট (ফ্ল’ৰিডাৰ চেন্ট পিটাৰ্ছবাৰ্গৰ ছানক্সট্‌ মেডিকেল ক্লিনিক) জনে কয় যে, ‘মহিলাসকলে পৰিষ্কাৰ-পৰিচ্ছন্ন স্থানৰ অভাৱৰ বাবে পুৰুষৰ তুলনাত অধিক দীৰ্ঘ সময়জুৰি প্ৰস্ৰাৱ বন্ধ কৰি ৰাখে। পিচে স্বাভাৱিকভাৱে মানুহে দৈনিক ৮-১০ বাৰ প্ৰস্ৰাৱ ত্যাগ কৰা উচিত।’ প্ৰস্ৰাৱ বন্ধ ৰাখিলে তলত দিয়া সমস্যাসমূহৰ উদ্ভৱ হয়:

১) মূত্ৰনলীৰ সংক্ৰমণ

বেক্টেৰিয়াৰ সংক্ৰমণে মূত্ৰনলীত ইউ টি আই বা সংক্ৰমণৰ সৃষ্টি কৰে। ইউ টি আই হ’লেই কিডনী বা বৃক্কলৈকো বিয়পি পৰিব পাৰে। তেনে ক্ষেত্ৰত প্ৰস্ৰাৱৰ সৈতে তেজ বাহিৰ হয় আৰু প্ৰস্ৰাৱৰ প্ৰচণ্ড বেগ থাকিলেও প্ৰস্ৰাৱ খুব হয়। এনে হ’লে চিকিৎসকৰ ওচৰ চাপক।

২) প্ৰস্ৰাৱ ত্যাগৰ সময়ত বিষ অনুভৱ হয়:

যিসকলে দীৰ্ঘ সময় জুৰি প্ৰস্ৰাৱ বন্ধ কৰি ৰাখে, তেওঁলোকৰ প্ৰস্ৰাৱ ত্যাগৰ সময়ত বিষ বা যন্ত্ৰণা অনুভৱ হয়।

৩) মূত্ৰাশয় ফুলে আৰু কেন্সাৰৰ আশংকা:

আপুনি পানী খোৱাৰ লগে লগে মূত্ৰাশয় বা মূত্ৰস্থলী ধীৰে ধীৰে প্ৰস্ৰাৱেৰে পূৰ্ণ হৈ পৰে। সেই পানী প্ৰস্ৰাৱেৰে পূৰ্ণ হৈ পৰে। সেই পানী প্ৰস্ৰাৱৰূপে বাহিৰলৈ ওলাই নগ’লে মূত্ৰাশয় ফুলি যায়। তাৰ চিকিৎসা নকৰিলে মূত্ৰাশয় কেন্সাৰৰ সৃষ্টি কৰিব পাৰে।

৪) বৃক্কত পাথৰৰ সৃষ্টি:

পানীয়ে কিডনী বা বৃক্ক পৰিষ্কাৰ কৰে। প্ৰস্ৰাৱ বন্ধ ৰাখিলে বৃক্কত পাথৰৰ সৃষ্টি হ’ব পাৰে।

৫) চিষ্টাইটিছ:

মূত্ৰনলীৰ চৌপাশে চিষ্টাইটিছ নামৰ এবিধ সংক্ৰমণ হয়। এই অসুস্থতা নাৰীসকলৰ বাবে এক ডাঙৰ সমস্যা। কাৰণ মূত্ৰাশয়ৰ চৌপাশে যন্ত্ৰণা অনুভূত হয়।

৬) তলপেটত যন্ত্ৰণা:

সুদীৰ্ঘ সময় প্ৰস্ৰাৱ পৰিত্যাগ নকৰিলে তলপেটত যন্ত্ৰণাদায়ক বিষ হয়।

৭) পাকস্থলীত সংক্ৰমণ

প্ৰস্ৰাৱ বন্ধ কৰি ৰাখিলে কেৱল তলপেটতেই যন্ত্ৰণা অনুভূত নহয়, পাকস্থলীতো সংক্ৰমণ হোৱাৰ আংশকা থাকে।

উৎস: সাদিন।

পালেং শাকৰ উপকাৰিতা

 

জানেনে- পালেং শাক আমাৰ বাবে কিমান উপকাৰী? পালেং শাকত আছে ভিটামিন, খনিজ, ৰঞ্জক আৰু ফাইট’নিউট্ৰিয়েন্ট। শৰীৰৰ অত্যাৱশ্যকীয় শাৰীৰিক কাৰ্যক্ৰম পৰিচালনাৰ বাবে এই উপাদানবোৰ বৰ উপকাৰী আৰু প্ৰয়োজনীয়। পালেং শাকত চৰ্বিৰ পৰিমাণ অতি কম থাকে। পালেং শাকৰ গুণবোৰৰ কাৰণে বিদেশৰ বহুতো দেশত পালেং শাকক ঔষধি উদ্ভিদ হিচাপে ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা হয়। পালেং শাকনো আমাৰ শৰীৰটোৰ বাবে কিয় ভাল তাক জানো আহকচোন!

১) দৃষ্টি শক্তি:

পালেং শাক দৃষ্টি শক্তিৰ বাবে বৰ উপকাৰী। ৰন্ধাৰ পিচত পালেং শাকৰ পৰা পোৱা যায় বিটা কেৰ’টিন। পালেং শাক খালে দেহত ভিটামিন ‘এ’ ৰ অভাৱ, চকু খজুৱা, চকুৰ ঘা আৰু চকু শুকাই যোৱাৰ প্ৰতিৰোধ কৰে। পালেং শাকত থকা এন্টি-ইনফ্লামেটৰি উপাদানবিধ চকু ফুলা নতুবা চকুৰ যন্ত্ৰণা কমোৱাত সহায় কৰে।

২) বয়স সংক্ৰান্ত ৰোগৰ প্ৰতিৰোধক:

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘ওক ৰিজ নেচনেল লেব’ৰেটৰী’ৰ গৱেষকসকলৰ মতে পালেং শাক খালে দুয়োটা গুৰুত্বপূৰ্ণ ৰোগৰ উপশম ঘটে। প্ৰথম ৰোগটো হৈছে এ এম ডি কে ৰাইনাইটিছ পিগমেনটোছা। যাৰ ফলত অন্ধত্বৰ সমস্যা হয়। দ্বিতীয় ৰোগটো হৈছে চকুৰ ৰেটিনাৰ কেন্দ্ৰীয় অংশত থকা লুটেইন আৰু জেন্থিন কমি যায়। যাৰ ফলতো অন্ধত্বই দেখা দিব পাৰে। পালেং শাক খালে এই দুয়োবিধ ৰঞ্জক শৰীৰটোৱে পোৱাৰ ফলত এ এম ডি ক প্ৰতিৰোধ কৰিবলৈ সক্ষম হয়। তদুপৰি পালেং শাকত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। এই উপাদানবিধে ফ্ৰী ৰৎযাডিকেল নামৰ দ্ৰব্যবিধ ক্ষতিকৰ প্ৰভাৱ কমায়। ফ্ৰী ৰৎযাডিকেল নামৰ দ্ৰব্যবিধে দৃষ্টিশক্তিৰ ওপৰত থকা ক্ষতিকাৰক প্ৰভাৱ পেলায় আৰু গ্লুকোমা আৰু মাকুলাৰ ডিজেনেৰেচন সৃষ্টি হোৱাৰ দৰে বয়সজনিত সমস্যাবোৰ পালেং শাকে কমাই ৰাখে।

৩) স্নায়ৱিকভাৱেও উপকাৰী:

নিউৰ’লজিৰ মতে পালেং শাকে ফ’লেট আলজেইমাৰ্ছ হোৱাৰ সম্ভাৱনা কমায়। পালেং শাকত থকা পটাছিয়াম, ফ’লেট্‌ আৰু এন্টিঅক্সিডেন্টবোৰে স্নায়ৱিক সংক্ৰান্তত উপকাৰ কৰে। যিসকল ব্যক্তিৰ স্নায়ৱিক বা মগজুৰ দক্ষতা কমি যোৱাৰ ক্ষেত্ৰত যথেষ্ট আশংকা থাকে, তেওঁলোকে পালেং শাক গ্ৰহণ কৰা উচিত। বিজ্ঞানীসকলে কয় যে, পটাছিয়াম উপাদানবিধ মগজুৰ বাবে এবিধ উপকাৰী খনিজ দ্ৰব্য। পটাছিয়ামে মগজুৰ তেজৰ সঞ্চালনক বৃদ্ধি কৰে, মগজুৰ দক্ষতা, মনোযোগ আৰু স্নায়ুৰ কাৰ্যকাৰিতাক বৃদ্ধি কৰে।

৪) ৰক্তচাপ নিয়ন্ত্ৰিত হয়:

আগতেই উল্লেখ কৰা হৈছে যে, পালেং শাকত অধিক মাত্ৰাৰ পটাছিয়াম আৰু কম মাত্ৰাত ছ’ডিয়াম থাকে। এই দুই খনিজ দ্ৰব্য একেলগে থকাৰ কাৰণে উচ্চ চাপ থকা ৰোগীয়ে পালেং শাক খোৱাটো উচিত। পালেং শাকত ফ’লেটে উচ্চ ৰক্তচাপ কমায় আৰু তেজৰ সিৰাবোৰক শিথিল কৰি তুলিবলৈ সহায় কৰে।

ওপৰত উল্লেখ কৰা উপকাৰিতাবোৰৰ উপৰিও পালেং শাক খোৱাৰ ফলত পেশীবোৰ শক্তিশালী হয়, হাড়, দাঁত আৰু নখৰ স্বাস্থ্য ভালে থাকে। চকুত ছানি পৰাৰ আশংকা দূৰ কৰে। আন এক গৱেষণাৰ ফলত জানিব পৰা গৈছে যে, পালেং শাকত থকা ‘থাইলোকয়েড’ উপাদানবিধে দেহৰ ওজন কমোৱাত সহায় কৰে, গেষ্ট্ৰিক আলচাৰ আৰু এথেৰো স্কেলৰোচিছৰ লগতে ষ্ট্ৰ’ক হোৱাৰ আশংকা কমায়। পালেং শাক খালে ভ্ৰূণৰ বৃদ্ধিও ভালদৰে হয়। পালেং শাকত আছে কেন্সাৰ প্ৰতিৰোধী উপাদান আৰু ই ছালৰ সুৰক্ষাতো অৱদান যোগায়। গতিকেই আজিৰ পৰাই পালেং শাকক আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক।

উৎস: সাদিন।

বিশ্বত নিষিদ্ধ খাদ্যসমূহ

 

পৃথিৱীৰ বিভিন্ন দেশত বিভিন্ন খাদ্য নিষিদ্ধ ঘোষণা কৰা হৈছে বিভিন্ন কাৰণত। সম্ভৱত: স্বাস্থ্য সম্বন্ধীয় উদ্বিগ্নতাৰ বাবেই কিছুমান খাদ্য সকলো ঠাইতে নিষিদ্ধ ঘোষণা কৰা হৈছে। কিছুমান খাদ্যত ক্ষতিকাৰক উপাদান থাকে আৰু কিছুমান খাদ্য শিশুৰ বাবে উপকাৰী নহয় বুলি গৱেষণাত প্ৰমাণিত হৈছে। তদুপৰি ছোৱাইন ফ্লু বা বাৰ্ড ফ্লুৰ প্ৰাদুৰ্ভাৱৰ কাৰণে অথবা সংক্ৰমিত জন্তুৰ উপাদানৰ পৰা প্ৰস্তুত কৰা খাদ্য বুলিও বহু খাদ্য সম্প্ৰতি নিষিদ্ধ হ’ব পাৰে। অৱশ্যে সাংস্কৃতিক নিষেধাজ্ঞাৰ কাৰণেও কোনো কোনো ঠাইত কিছুমান খাদ্য আজিৰ আলোচনাৰ বিষয়।

ভোজনবিলাসীসকলৰ বাবে ফ্ৰান্স এখন বিস্ময়কৰ দেশ। কিন্তু আপুনি যদি স্নেক্সৰ লগত টমেটো কেচাপ খাবলৈ পছন্দ কৰে তেন্তে আপোনাৰ এইবাৰ আচৰিত হোৱাৰ সময়। কিয়নো ফ্ৰান্স চৰকাৰে সম্প্ৰতি সকলো প্ৰাথমিক বিদ্যালয়তে টমেটো কেচাপ নিষিদ্ধ ঘোষণা কৰিছে। ফ্ৰান্সৰ স্কুলবোৰত শিক্ষাৰ্থীক তেওঁলোকৰ পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰিবলৈ শিকোৱা হয়। আৰু এইবোৰ খাদ্য ৰান্ধোতে কেচাপ ব্যৱহাৰ কৰিলে খাদ্যৰ প্ৰকৃত সোৱাদ নষ্ট হ’ব পাৰে বুলি এই আইন প্ৰাথমিক স্কুলত বান্ধি দিয়া হৈছে।

আমেৰিকাত আকৌ কিণ্ডাৰ এগ (ইটালিয়ান চকলেট এগ) নিষিদ্ধ কৰা হৈছে। য’ত শিশুসকলৰ এটি খেলৰ সামগ্ৰী লুকাই থাকে। সৰু প্লাষ্টিকৰ খেলনাবোৰ শিশুসকলে গিলি পেলাই সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি আইন প্ৰস্তুত কৰি এই খাদ্য নিষিদ্ধ কৰা হৈছে।

নহৰুক যদিও ক’তো নিষিদ্ধ ঘোষণা কৰা হোৱা নাই তথাপি চীনৰ বৌদ্ধ সন্ন্যাসী আৰু হিন্দু সম্প্ৰদায়ৰ বহু লোকে নহৰু নাখায়। তেওঁলোকৰ মতে ই এক তামসিক খাদ্য, যি শৰীৰত উত্তেজনা বৃদ্ধি কৰে।

চিংগাপুৰ চাফ-চিকুণতা আৰু সামুদ্ৰিক খাদ্যৰ বাবে বিখ্যাত। এই দেশৰ আইন যে কঠিনতকৈও কঠিন এই কথা সকলোৰে জ্ঞাত। ইয়াৰ মাজত খাদ্যৰ আইনো অন্তৰ্ভুক্ত। ১৯৯২ চনত চিংগাপুৰৰ সংবিধানৰ ৫৭ নং অধ্যায়ত সকলো ধৰণৰ চুইংগাম ব্যৱহাৰ কৰা, বিতৰণ কৰা বা কিনা-বেচাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। কিন্তু ২০০৪ চনত আন্তৰ্জাতিক চাপৰ বাবে দেশখনত ভেষজ ডেন্টেল চুইংগাম ব্যৱহাৰৰ অনুমতি প্ৰদান কৰা হৈছিল।

ইউৰোপিয়ান ইউনিয়ন আৰু যুক্তৰাজ্যত আঠাযুক্ত আৰু চেনিযুক্ত জে’ল মিনি কাপ নিষিদ্ধ ঘোষণা কৰা হৈছে। ইয়াৰ কাৰণ হৈছে ইয়াত ফুড এডিটিভ ই ৪২৫ থাকে, যি কাঞ্জ্যাক গাম নামে পৰিচিত। ই শিশুৰ লগতে ডাঙৰ মানুহৰ বাবেও বিপজ্জনক হ’ব পাৰে।

যুক্তৰাষ্ট্ৰৰ বাইশখন ৰাজ্য তথা কানাডাত কেঁচা গাখীৰ আৰু ইয়াৰ পৰা প্ৰস্তুত কৰা দুগ্ধজাত পণ্যক নিষিদ্ধ ঘোষণা কৰা হৈছে। কাৰণ এইবোৰত যি জীৱাণু থাকে ই লিক্টেৰিঅ’ছিছ অথবা খাদ্যৰ বিষক্ৰিয়া সৃষ্টি কৰিব পাৰে।

মুখৰোচক খাদ্য চমোচা অৰ্থাৎ চিংৰাক আকৌ চোমালিয়াত নিষিদ্ধ ঘোষণা কৰা হৈছে। চোমালিয়াৰ আল-ছাবাব নেতাসকলৰ মতে খ্ৰীষ্টান হলি ট্ৰিনিটি অনুসৰি তিনিকোণীয়া এই খাদ্য ইছলামিক সংস্কৃতিৰ লগত খাপ নাখায়। সেয়েহে নেতাসকলে চিংৰা স্বাস্থ্যৰ বাবে হানিকাৰক বুলি প্ৰচাৰ চলায়। সেয়ে ২০১১ চনত চোমালিয়াত চিংৰা নিষিদ্ধ ঘোষণা কৰা হৈছিল।

কেঁচা কাঠবাদামে চালমোনেলা বেক্টেৰিয়াৰ প্ৰাৰ্দুভাৱ ঘটাব পাৰে বাবে কেলিফৰ্নিয়াতো এই খাদ্য নিষিদ্ধ। চালমোনেলাত আক্ৰান্ত হ’লে জ্বৰ, ডায়েৰিয়া আৰু পেটৰ বিষ হয়।

উৎস: সাদিন।

শিশুৰ খং কিদৰে নিয়ন্ত্ৰণ কৰিব?

 

আজিকালিৰ শিশুহঁতৰ ইমানেই খং যে, কাৰোৰে কথা শুনিবই নুখুজে। বেছিকৈ খং উঠা শিশু এটিৰ খং কমোৱাৰ কাৰো সাধ্য নাথাকে। এনে অভিযোগ প্ৰায়ে পিতৃ-মাতৃৰ মুখত শুনিবলৈ পোৱা যায়। শিশুক মাৰপিট কৰা বা জোৰ কৰি কোনো কাম কৰিবলৈ বাধ্য কৰোৱা গুৰুতৰ অন্যায়। বিশেষজ্ঞসকলৰ মতে অভিভাৱকৰ এনে আচৰণে শিশু মন:স্তত্বৰ ওপৰত গুৰুতৰ নেতিবাচক প্ৰভাৱ পেলায়। তেন্তে খং উঠা শিশুক কেনেকৈ নিয়ন্ত্ৰণত আনিব পাৰি? সকলোৰে এটাই উত্তৰ, ধৈৰ্য ধৰি শিশুৰ মন বুজিবলৈ যত্ন কৰিব লাগে। আমি সকলোৱে ধৰি লওঁ যে, কণ কণ শিশুহঁতে আচলতে একো বুজি নাপায়। কিন্তু তেনে নহয়। সিহঁতে সকলো কথা বুজি পায়। সিহঁতে মাতৃগৰ্ভত থকাৰে পৰা পৃথিৱী সম্পৰ্কে এনেধৰণৰ ধাৰণা কৰি থাকে। কিন্তু বেছিভাগৰ ক্ষেত্ৰতেই সেই ধাৰণা সঠিক নহয়। সিহঁত যিহেতু খুবেই স্পৰ্শকাতঁৰ সেয়ে আমাৰ দৃষ্টিত অতি সাধাৰণ এটি বিষয়ে সিহঁতৰ মনত গভীৰ ৰেখাপাত কৰে। সেয়া বুজিবলৈ কঠিন যদিও অসম্ভৱ নহয়। এন এল পি বিশেষজ্ঞ জাডি বাৰটকোয়াকে শিশুহতঁৰ খং কমোৱাৰ কেইটিমান পৰামৰ্শ আগবঢ়াইছে। ষ্টেডমেন গ্ৰাহামৰ ‘আইডেনটিটি’ শীৰ্ষক গ্ৰন্থৰ লগতে নিজৰ থেৰাপিষ্ট জীৱনৰ অভিজ্ঞতাৰ পৰা তেওঁ এই পৰামৰ্শসমূহ আগবঢ়োৱা বুলি মন্তব্য প্ৰকাশ কৰিছে। শিশু এটি খঙত থকা সময়ত তাক শাসন কৰা বা বুজোৱা উচিত নহয়। সম্পূৰ্ণ পৰিৱেশ-পৰিস্থিতি লক্ষ্য কৰিহে তাক বুজাব লাগে। আৰু আপুনি তাৰ খং উঠাৰ কাৰণ বুজি নাপাবও পাৰে। সেয়ে পৰিৱেশ বুজি মৰমেৰে তাৰ মনৰ কথা জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিব লাগে। এনে কৰিলে পৰিস্থিতিৰ গুৰুত্ব বুজিবলৈও সুবিধা হ’ব আপোনাৰ। খং উঠাৰ সময়ত শিশুটিক অন্য কথাৰ প্ৰতি মনোযোগ কাঢ়িবলৈ যত্ন কৰিব লাগে। যি পৰিৱেশত তাৰ খং উঠিছিল তেনে পৰিৱেশৰ পৰা তাক আঁতৰাই নি শান্ত এক পৰিৱেশলৈ লৈ যাব পাৰিলে তাৰ খং নিয়ন্ত্ৰণত সহায়ক হ’ব। খঙক ইতিবাচক শক্তিলৈ ৰূপান্তৰ কৰিবলৈ যত্ন কৰিব লাগে। অৰ্থাৎ শিশুক প্ৰশংসা কৰিব লাগে। খং উঠিলে শিশুটিয়ে কিবা নহয় কিবা কৰে। সিহঁতৰ প্ৰতিক্ৰিয়া অনুযায়ী প্ৰশংসা কৰিব লাগে। প্ৰথমে নিজেই মন কৰক সকলোবোৰৰ মাজতেই যেন কিবা ভাল এটা কৰি পেলাইছে আপোনাৰ সন্তানে। সেইবাবে বিনাদ্বিধাই প্ৰশংসা কৰিব আপোনাৰ সন্তানক। দেখিব তৎক্ষণাৎ সকলো খং পাহৰি গৈছে সি। পাচত তাৰ খং উঠাৰ কাৰণ জনাবলৈ উৎসাহ দিব লাগে শিশুটিক। খঙৰ কাৰণ তাক গল্পৰ দৰে লিখিবলৈ উৎসাহ দিব লাগে। তাৰ গল্প পঢ়ি হাঁহি-স্ফূৰ্তি কৰিলেও তাৰ আৱেগক আঘাত কৰিব নালাগে। শিশুসকলে যাৰ লগত বেছি সময় থাকে তাৰ পৰাই খং কৰিবলৈও শিকে। খং উঠিলে সেয়ে ঘৰৰ অন্যান্য লোকে যি আচৰণেই শিশুটিয়েও কৰে। পিতৃ-মাতৃৰ খং প্ৰকাশৰ ধৰণৰ ওপৰতে নিৰ্ধাৰণ কৰে শিশুৰ প্ৰকাশভংগী। সেয়ে আমি নিজৰ খং উঠিলে যিদৰে নিজক শান্ত কৰো তেনেদৰে সন্তানৰ লগতো কৰিব লাগে। শিশুটিক সেই সময়ত কল্পনাৰ এখন জগতলৈও লৈ যাব পাৰি। এনে কিছু প্ৰশ্ন তাক কৰিব পাৰে-তোমাৰ খঙৰ ৰং কি? ৰংটো কি পাতল কৰিব পাৰি নেকি? নে তোমাৰ পছন্দৰ ৰঙলৈ পৰিৱৰ্তন কৰিব পাৰি? তোমাৰ খঙৰ শব্দও আছে নেকি? শব্দৰ প্ৰাবল্য কি কমাব পাৰি নেকি? খং কোনো ধৰণৰ জন্তু নেকি? তাৰ খবৰ-খাতি তুমি ল’ব পাৰা নেকি? খংটো ক’ত থাকে? তাক কি বাহিৰ কৰি দিব পৰা নাযাব?

শিশুসকলৰ কল্পনাশক্তি প্ৰবল। সিহঁতে এই প্ৰশ্নৰ সঠিক উত্তৰ দিব পাৰিব আৰু এনেদৰেই খঙৰ কাৰণে সৃষ্টি হোৱা নেতিবাচক শক্তি এটা ইতিবাচক শক্তিলৈ ৰূপান্তৰ হ’ব। শিশুহঁতৰ খং উঠে সহজতে। আৰু সোনকালে খং মাৰো যায়। খঙৰ সময়ত সিহঁতক বেছি মনোযোগ পোৱা যায়। সিহঁতে কি কয়, তাক কিন্তু মনোযোগ দি শুনা উচিত।

উৎস: সাদিন।

হাৰ্ট ব্লক, হাৰ্ট এটেক

 

মানৱ দেহৰ আভ্যন্তৰীণ অংগসমূহৰ ভিতৰত হাৰ্ট অৰ্থাৎ হৃৎপিণ্ডৰ ভূমিকা অপৰিসীম। খাদ্যাভাস, জীৱন-ধাৰণ প্ৰণালীৰ ব্যাপক পৰিৱৰ্তনৰ ফলত বৰ্তমান সময়ত কৰ’নেৰী আৰ্টেৰ ডিজিজ সংক্ষেপে চি এ ডিয়ে বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে। ইয়াৰ মূলতে আমাৰ জীৱন-মৃত্যুৰ সংকেত বহন কৰা হৃৎপিণ্ডটোক সুস্থ-সবল কৰি ৰখাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা চৰম উদাসীনতা। সহজ কথাত ক’বলৈ হ’লে চি এ ডিয়েই হাৰ্ট এটেক। যাৰ চূড়ান্ত পৰিণাম হ’ব পাৰে জীৱনৰ প্ৰতি ভাবুকি অথবা আন কোনো গুৰুতৰ আনুষংগিক সমস্যা। প্ৰাথমিক অৱস্থাত সু-চিকিৎসাৰ দ্বাৰা এনে ৰোগীৰ জীৱনক সুৰক্ষা দিব পাৰি। তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে এই যে, হাৰ্ট এটেক হোৱাৰ এঘন্টাৰ ভিতৰতে ৫০ শতাংশ ৰোগীৰ জীৱন হানি হয়। তথ্যমতে ইউৰোপ-আমেৰিকাৰ দৰে উন্নত দেশৰ তুলনাত ভাৰতীয়সকল দহ বছৰ কম বয়সতে হাৰ্ট এটেকৰ চিকাৰ হয়। উল্লেখ্য, হাৰ্ট এটেকৰ কোনো পূৰ্বাভাস নাথাকে। বিশ্বৰ ৫০ খনতকৈ অধিক দেশত সমীক্ষা চলাই বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে যে, হৃদ ৰোগৰ মুখ্য কাৰকসমূহ হৈছে-

  • ধূমপান।
  • উচ্চ ৰক্তচাপ।
  • মেদবহুলতা।
  • মানসিক চাপ।
  • ডায়েবেটিচ আৰু
  • তেজত অতিৰিক্ত কলেষ্টেৰলৰ উপস্থিতি।

সতেজ শাক-পাচলি, ফল-মূল গ্ৰহণ, শাৰীৰিক শ্ৰম বা শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকি, মানসিক চাপ পৰিহাৰ কৰি হৃদৰোগ প্ৰতিৰোধ কৰিব পৰা যায় বুলিও সমীক্ষাটোত উল্লেখ কৰা হৈছে। অৱশ্যে কোনো কোনো গৱেষণাই সপ্তাহত তিনি-চাৰিবাৰ ন্যূনতম পৰিমাণৰ মদ্যপান কৰিলেও হৃদৰোগ কিছু পৰিমাণে নিয়ন্ত্ৰণ হয় বুলি দাবী কৰিছে।

হৃৎপিণ্ডলৈ তেজ চলাচল কৰা নলীসদৃশ ধমনী বা সিৰাৰ ভিতৰভাগৰ স্থান বিশেষত অতিৰিক্ত কলেষ্টৰেল জমা হ’লে তেজ চলাচল প্ৰক্ৰিয়া ব্যাহত হয়। ইয়েই হাৰ্টৰ ব্লক। অত্যাধিক পৰিমাণৰ কলেষ্টৰেল জমা হ’লে ধমনীৰ তেজ চলাচল কৰা বাট সংকীৰ্ণ হয় আৰু তেতিয়াই ব্লক হোৱা স্থানটো ফাটি যাব পাৰে। সিৰা ফাটি যোৱাৰ লগে লগে হাৰ্ট এটেক হয়।

মন কৰিবলগীয়া যে, হাৰ্ট ব্লক হ’লে ৫ ছেকেণ্ড বা ততোধিক সময়ৰ বাবে হৃদস্পন্দন বন্ধ হ’ব পাৰে। এনে অৱস্থাত ৰোগীয়ে চকুৰে আন্ধাৰ দেখে। হৃদস্পন্দন স্বাভাৱিক হ’লে পুনৰ সকলো পূৰ্বৰ দৰেই স্বাভাৱিক হয়। ৩০ ছেকেণ্ডতকৈ অধিক সময় হৃদস্পন্দন স্তব্ধ হ’লে ৰোগী অচেতন অৱস্থালৈ গুচি যায়। কাৰণ তেতিয়া মগজুলৈ ৰক্ত সৰবৰাহ প্ৰক্ৰিয়া ব্যাহত হয় আৰু উশাহ-নিশাহো বন্ধ হৈ পৰে। অচেতন অৱস্থা ৪ মিনিটকৈ অধিক সময় অব্যাহত থাকিলে ৰোগীৰ জীৱনলৈ কঠিন প্ৰত্যাহ্বান নামি আহে। এঞ্জিঅ’গ্ৰাফী পৰীক্ষাৰ দ্বাৰা হৃৎপিণ্ডৰ ব্লকৰ পৰ্য্যায় আৰু স্থান নিৰ্ণয় কৰি হৃদ-শল্যৰোগ বিশেষজ্ঞই উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি ৰোগীক সুস্থ-স্বাভাৱিক জীৱন উপহাৰ দিব পাৰে।

চিকিৎসা পদ্ধতিসমূহৰ ভিতৰত কলেষ্টৰেল কমোৱা ঔষধ, বাইপাছ ছাৰ্জাৰী, মিডকেব, এঞ্জিঅ’প্লাষ্টি আদি উল্লেখযোগ্য সাধাৰণতে এটা বা দুটা ব্লক থাকিলে এঞ্জিঅ’প্লাষ্টি পদ্ধতিক অগ্ৰাধিকাৰ দিয়া হয়। এই পদ্ধতিত ৰোগীৰ হাত বা ভৰিৰ ধমনীৰে সূক্ষ্ম তাঁৰৰ সহায়ত ব্লক হোৱা স্থানত বেলুন সংস্থাপন কৰি ফুলোৱা হয়, যাতে ধমনীৰ সংকীৰ্ণ হৈ পৰা স্থানটো পূৰ্বৰ দৰে আহল-বহল হয়। তাৰ পিচত সেই স্থানত বিশেষ ধাতুৰে নিৰ্মিত ষ্টেন্ট সংস্থাপন কৰি বেলুনটো আতঁৰাই দিয়া হয়। ভৱিষ্যতে ষ্টেন্ট সংস্থাপন কৰা স্থানত ব্লক হোৱাৰ সম্ভাৱনা নাথাকে আৰু তেজ চলাচলো স্বাভাৱিক হয়। ইয়াক এঞ্জিঅ’প্লাষ্টি উইথ ষ্টেন্টিং বুলি কোৱা হয়। আনহাতে তিনি বা ততোধিক স্থানক ব্লক হ’লে বাইপাছ অৰ্থাৎ অ’পেন হাৰ্ট অস্ত্ৰোপচাৰ কৰা হয়। এই পদ্ধতিত ৰোগীৰ বুকুৰ নিম্নাংশ বা ভৰিৰ পৰা সিৰা সংগ্ৰহ কৰি হৃৎপিণ্ডলৈ তেজ সৰবৰাহৰ বিকল্প পথ তৈয়াৰ কৰা হয়। এনে কৰিলে ব্লক হোৱা সিৰাৰ পৰিৱৰ্তে নতুনকৈ সংস্থাপন কৰা সিৰাৰে তেজৰ সোঁত বয় আৰু ৰোগীৰ জীৱন ৰক্ষা পৰে।

আমাৰ হাতৰ মুঠিটোৰ সমান হৃৎপিণ্ডৰ চাৰিটা চেম্বাৰ বা কোঠা আছে। প্ৰতিটোৰে একোটাকৈ ভাল্‌ব আছে, যাক দুৱাৰ বুলিও ক’ব পাৰি। এই ভাল্‌বসমূহৰেই ইটো কোঠাৰ পৰা সিটো কোঠালৈ তেজ সৰবৰাহ হয় ইয়াৰে যিকোনো এটা ভাল্‌বৰ বিজুতি ঘটিলেই জীৱনলৈ নামি আহে ভয়াৱহ প্ৰত্যাহ্বান। অ’পেন হাৰ্ট ছাৰ্জাৰীৰ দ্বাৰা কৃত্ৰিম ভাল্‌ব সংস্থাপন কৰি ৰোগীৰ জীৱন ৰক্ষা কৰিব পাৰি।

লিখক: ডা: শশী প্ৰকাশ, সাদিন।

কিয় লাগে ভিটামিন ডি?

 

বিভিন্ন গৱেষণাত ইতিমধ্যে প্ৰমাণ হৈছে যে, ভিটামিন ডি স্বাস্থ্যকৰ জীৱন-যাপনৰ বাবে অতি গুৰুত্বপূৰ্ণ। ভিটামিন ডিয়ে হাড় শক্তিশালী কৰাত সহায় কৰে, মগজুৰ উন্নতি সাধন কৰে, কেন্সাৰৰ প্ৰৱণতা কমায়, ওজন কমোৱাত সহায়ক আৰু হাপানী প্ৰতিৰোধক। ভিটামিন ডিয়ে আমাৰ শৰীৰটোক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে। বহু লোক ভিটামিন ডিৰ অভাৱত ভোগে। কিন্তু ভিটামিন ডিৰ অভাৱৰ লক্ষণবোৰ চিনাক্ত কৰা খুব সহজ নহয়। ভিটামিন ডিৰ অভাৱৰ ফলত শিশুৰ ৰিকেট অৰ্থাৎ হাড় কোমল আৰু দুৰ্বল হৈ পৰে। তদুপৰি বয়োজ্যেষ্ঠ লোকৰ হাড় পাতল হৈ যায়। অৱসাদ, গাঁঠিৰ বিষ, বিষণ্ণতা, ওজন বৃদ্ধি তথা তেজত কেলছিয়ামৰ পৰিমাণ কমি যোৱা আদি সমস্যাৰ সৃষ্টি হয়। ভিটামিন ডি ৰ অভাৱৰ ফলত হৃদৰোগ, ডায়েবেটিছ আৰু কেন্সাৰ সৃষ্টিৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। ভিটামিন ডিৰ পৰিমাণ শৰীৰত ঠিকে আছে নে নাই জানিবৰ বাবে নিয়মিত তেজৰ পৰীক্ষা কৰাব লাগে। সূৰ্যৰ পোহৰেই ভিটামিন ডি প্ৰধান উৎস। সেয়ে ভিটামিন ডি ক ৰ’দ ভিটামিন বুলিও কোৱা হয়। কাৰণ, সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱতেই আমাৰ শৰীৰত ভিটামিন ডি প্ৰস্তুত হয়। সেয়ে প্ৰতিদিনে এছ পি এফ যুক্ত লোচন ব্যৱহাৰ কৰিলে শৰীৰৰ ভিটামিন ডি ৰ অভাৱ ঘটে।

গাখীৰ, দৈ, পনীৰ আৰু বিভিন্ন ফলৰ ৰস ভিটামিন ডি সমৃদ্ধ খাদ্য। ব’ষ্টন ইউনিভাৰ্ছিটী মেডিকেল চেন্টাৰৰ ভিটামিন ডি, স্কিন আৰু হাড় ৰিচাৰ্ছ লেব’ৰেটৰীৰ গৱেষকসকলৰ মতে, আটাইতকৈ বেছি ভিটামিন ডি যুক্ত খাদ্য হৈছে তৈলাক্ত মাছ। সেয়ে দুগ্ধজাত খাদ্য গ্ৰহণ নকৰিলে বা নিৰামিষভোজীসকলেও ভিটামিন ডি ৰ অভাৱত ভুগিব পাৰে।

বিজ্ঞানীসকলৰ মতে ভিটামিন ডি ৰ ছাপ্লিমেন্ট গ্ৰহণ কৰিলে পেটৰ আলচাৰ জাতীয় দীৰ্ঘম্যাদী ৰোগৰ নিৰাময়ত সহায়ক হয়। বয়স বৃদ্ধিৰ লগে লগে ছালত ভিটামিন ডি ৰ ঘনত্ব কমি যায়। আমেৰিকাত জাৰ্নাল অব্‌ ক্লিনিকেল নিউট্ৰিচনত প্ৰকাশিত গৱেষণাত মতে, সত্তৰ বছৰীয়া ব্যক্তিৰ ছালত ভিটামিন ডিৰ উৎপাদন ক্ষমতা বিশ বছৰীয়া ব্যক্তিৰ তুলনাত ৭৫ শতাংশ কমি যায়। সেয়ে বয়স বৃদ্ধিৰ লগে লগে বেছিকৈ ভিটামিন গ্ৰহণ কৰিব লাগে। তদুপৰি এই গৱেষণাত ইয়াকো প্ৰমাণ হৈছে যে, ভিটামিন ডি ৰ অভাৱৰ ফলত মেদবহুলতা হ’ব পাৰে। কিয়নো ভিটামিন ডি চৰ্বিত দ্ৰৱণীয় ভিটামিন। অৰ্থাৎ চৰ্বি কোষে ভিটামিন ডি গ্ৰহণ কৰে। যদিহে আপোনাৰ শৰীৰৰ ওজন বেছি, তেন্তে আপোনাৰ শৰীৰত চৰ্বি কোষৰ পৰিমাণো বেছি। ফলত চৰ্বিয়ে বেছিকৈ ভিটামিন ডি শোষণ কৰে। যাৰ ফলত শৰীৰত ভিটামিন ডি ৰ অভাৱ হয়।

ক্লিনিকেল ইন্‌ভেষ্টিগেছন সাময়িকীৰ প্ৰতিবেদন অনুসৰি গ্লুকাকটিকয়েড জাতীয় ঔষধে ভিটামিন ডি শোষণত হস্তক্ষেপ কৰে। বংশানুক্ৰমিক অষ্ট্ৰিঅ’পৰছিছৰ ফলত হাড়ৰ যি ক্ষতিসাধন হয়, সেয়া আৰু কেতিয়াও পূৰণ নহয়।

মায়ো ক্লিনিকৰ মতে, ওঠৰ বছৰৰ ঊৰ্ধৰ সকলো লোককে ৬০০ ইন্টাৰনেচনেল ইউনিটছ (আই ইউ এছ) ভিটামিন ডি গ্ৰহণ কৰা উচিত। বেছিভাগ মাল্টি ভিটামিন ভিটামিন ডি সমৃদ্ধ। তথাপি চিকিৎসকৰ লগত পৰামৰ্শ নকৰাকৈ উচ্চমাত্ৰাৰ ভিটামিন ডি গ্ৰহণ কৰা অনুচিত।

অন্যান্য ভিটামিনৰ লগতে ভিটামিন ডি ৰ অভাৱো দেখা দিয়ে আমাৰ শৰীৰত। ভিটামিন ডি ৰ অভাৱৰ লক্ষণবোৰ খুব সহজে প্ৰকাশ নাপায়, যদিও ইয়াৰ অভাৱৰ ফলত সহজে আপোনাৰ হাড়ৰ ফ্ৰেক্‌চাৰ হ’ব পাৰে। শৰীৰত ভিটামিন ডি ৰ অভাৱৰ লক্ষণবোৰ কিদৰে চিনাক্ত কৰিব পাৰি, সেই সম্পৰ্কে জানি লওঁ আহক।

আপুনি যথেষ্ট সময় টোপনি যোৱাৰ পাচতো ক্লান্ত অনুভৱ কৰে নেকি? ভিটামিন ডি ৰ অভাৱৰ বাবে এনে হ’ব পাৰে। বিষণ্ণতা কেৱল মানসিক কাৰণতে নহয়, শাৰীৰিক কোনো সমস্যা থাকিলেও আপুনি বিষণ্ণ হ’ব পাৰে। মগজুত বহু পৰিমাণে ভিটামিন ডি ৰ ৰিচেপ্টৰ থাকে। বিষণ্ণতাৰ লগত সম্পৰ্কিত স্থানতো এই ৰিচেপ্টৰ থাকে। যদিও এতিয়াও জানিব পৰা হোৱা নাই ভিটামিন ডি য়ে মগজুৰ কি কাম কৰে। অৱশ্যে তেজত কম পৰিমাণে ভিটামিন ডি থকাৰ লগতো বিষণ্ণতাৰ যোগসূত্ৰ আছে। ভিটামিন ডি ৰ অভাৱৰ অন্যতম এটি লক্ষণ হৈছে কেৱল কপালখন ঘমা। স্বাভাৱিক তাপমাত্ৰাত কোনো গধুৰ কাম নকৰিলেও যদি আপোনাৰ কপালখন ঘামি থাকে, তেন্তে নিশ্চিতভাৱে আপুনি ভিটামিন ডি ৰ অভাৱত ভুগিছে। প্ৰাপ্তবয়স্ক লোকৰ শৰীৰত ভিটামিন ডি ৰ অভাৱ হ’লে হাড় আৰু মাংসপেশীৰ বিষ হয়। বিশেষকৈ পুৱা গাঠিৰ বিষ অনুভৱ কৰা যায়। এনে অৱস্থাত হাড় সহজে বেঁকা হয়। ভিটামিন ডিয়ে শৰীৰক কেলচিয়াম শোষণত সহায় কৰে। বহুতেই হাড় মজবুত কৰাৰ বাবে কেলচিয়ামৰ টেবলেট খায়। কিন্তু যথেষ্ট পৰিমাণৰ ভিটামিন ডি শৰীৰত নাথাকিলে কেলচিয়াম বিশেষ কাৰ্যক্ষম নহয়। ফলত হাড় কোমল হৈ ভাগি যায়। যিসকলে বেছিকৈ খেলা-ধূলা কৰে, তেওঁলোক ভিটামিন ডিৰ অভাৱৰ বিষয়টোত সতৰ্ক থকা উচিত। কিয়নো এই বিষয়টোৱে ফিটনেছৰ ওপৰতো প্ৰভাৱ পেলায়। ভিটামিন ডি ৰ অভাৱত আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। সেয়ে আশে-পাশে কোনো ঋতুজনিত ৰোগত আক্ৰান্ত হ’লে ভিটামিন ডি ত অভাৱগ্ৰস্ত লোকলৈ এই ৰোগ সহজে সংক্ৰমণ হয়। যিকোনো অসুখৰ পৰা ভিটামিন ডি ৰ অভাৱগ্ৰস্ত লোকে সহজে নিস্তাৰ নাপায়। তদুপৰি ভিটামিন ডি ৰ অভাৱৰ ফলত দেখা পোৱা অন্যান্য লক্ষণবোৰ হৈছে-চৰিঅ’ছিছ, হাইপাৰটেনচন, কাৰ্ডিঅ’ভাছকুলাৰ অসুখ, শ্বাসতন্ত্ৰৰ অসুস্থতা, কিডনীৰ সমস্যা, ছাল ৰঙা পৰা আদিৰ লগতে সঘনাই হোৱা ইন্‌ফেক্‌চনো ভিটামিন ডি ৰ অভাৱৰ লক্ষণ।

আপুনি যদি ভাবিছে যে, ইয়াৰ যিকোনো এটি লক্ষণো আপোনাৰ শৰীৰত দেখা দিছে, তেন্তে চিকিৎসকৰ লগত শীঘ্ৰেই পৰামৰ্শ কৰক। তথাপি আগতীয়াকৈ এটি তেজৰ পৰীক্ষা কৰাই ল’ব পাৰে। তেতিয়া হয়তো আপোনাৰ শৰীৰত ভিটামিন ডি ৰ অভাৱ আছে নেকি আপুনি নিজে বুজি উঠিব। আৰু সাধাৰণ ভিটামিন টেবলেটেৰে হয়তো আপোনাৰ এই সমস্যা দূৰ হ’ব পাৰে।

উৎস: সাদিন।

ঋতু পৰিৱৰ্তন: চকুৰ ৰোগ, প্ৰতিৰোধ আৰু চিকিৎসা

 

জাৰকালি শীতৰ প্ৰকোপ প্ৰতি বছৰে কমি কমি আহি আছে। এইবেলিও পুহ-মাঘমহীয়া দিনতো ঠাণ্ডাৰ কাপোৰ বাকচৰ পৰা উলিয়াব লাগিব বুলি ভাবি থাকোতে ঠাণ্ডাৰ দিন পাৰে হ’বৰ হ’ল। গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবেই বতৰ তথা জলবায়ুৰ এনে আমূল পৰিৱৰ্তন হ’ব ধৰিছে। পৃথিৱীৰ উপৰিভাগৰ উষ্ণতা বিগত শতিকাতকৈ ১.৪ ডিগ্ৰী ফাৰেনহাইট কৈ বাঢ়ি গৈ আছে। এনে ধৰণৰ জলবায়ুৰ ক্ৰমবৰ্ধমান পৰিৱৰ্তনৰ বাবে প্ৰধানকৈ দায়ী কিন্তু জীৱশ্ৰেষ্ঠ মানৱজাতি। খনিজতেল আৰু কয়লা (ফচাইল ফুয়েল) পুৰি তাৰ পৰা নিৰ্গত হোৱা গ্ৰীন হাউছ গেছে বায়ুমণ্ডল প্ৰদূষিত কৰি আছে। বিভিন্ন প্ৰদূষিত গেছৰ ভিতৰত বিশেষকৈ কাৰ্বন ডাই অক্সাইড গেছেই প্ৰধানকৈ দায়ী। ক্ৰমবৰ্ধমান কল-কাৰখানা, যান-বাহনৰ ব্যৱহাৰ আৰু দ্ৰুতিগতিত ধ্বংস হৈ অহা কৃষিভূমি, সেউজীয়া বনাঞ্চল, অবৈধ পাহাৰ খনন আদিও অন্যতম কাৰণ। সকলোতকৈ দুখজনক কথা এয়ে যে, অত্যাধুনিক মানৱ সমাজে এনেদৰে প্ৰকৃতি ধ্বংসলীলা চলাই অহা বাবে নিজেই ভুক্তভোগী হ’বলগীয়া হৈছে। মানৱ শৰীৰটি বিভিন্ন ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে। বতৰৰ এনে পৰিৱৰ্তনৰ বাবে চকুৰ ৰোগো বেছিকৈ দেখিবলৈ পোৱা যায়।

এতিয়া মাঘ মাহৰ শুকান ধূলিময় পৰিৱেশ। যদিও কুঁৱলীৰ সেমেকা শীতৰ নিশা আশা কৰা গৈছিল, সেয়াও হৈ উঠা দেখা নগ’ল। ৰাস্তাই-ঘাটে, গাড়ী-মটৰত গৈ থাকিলে চকু মেলিবলৈকে অসুবিধা হয়। গাৰ ছাল, চুলিবিলাক শুকান শুকান লাগে, লগতে চকু যুৰিও শুকান শুকান লাগে, খচখচনি হয়, খজুৱাই ৰঙা পৰে। বেছি খজুৱালে বিষায় চকুপানী ওলায়, পোহৰলৈ চাবলৈ অসুবিধা হয়। এনেকুৱা বতৰতে চকুৰ এলাৰ্জি ৰোগ আৰম্ভ হয়। যিকোনো বয়সৰ লোকৰে চকুৰ এলাৰ্জি হ’ব পাৰে। যিবিলাক ব্যক্তিৰ বংশগতভাৱে শৰীৰৰ অন্য কোনো অংশৰ এলাৰ্জি যেনে- গাৰ ছালৰ এলাৰ্জি, খৰ-খহু থাকে, হাপানি বা এজমা থাকে, নাকৰ ৰাইনাইটিছ বা চাইনাচাইটিছ ৰোগ থাকে, তেওঁলোকৰ এই চকুৰ এলাৰ্জিও বেছিকৈ হয়। শতকৰা প্ৰায় আশীভাগ ৰোগীয়ে হ’ল চৈধ্য বছৰৰ বয়সৰ তলৰ ল’ৰা ছোৱালী। সৰু-ল’ৰা ছোৱালীবিলাকৰ এই এলাৰ্জি অসুখ বেছিকৈ হয় আৰু বাৰে বাৰে হয় বাবে অভিভাৱক চিন্তিত হৈ পৰে। কিয়নো প্ৰায়ে চকু মোহাৰি থাকে, কেতিয়াবা চকুৰ ওপৰৰ পতাৰ তলেৰে আঙুলি ভৰাই খজুৱাই থাকিলেহে যে খজুৱতি পলাব এনেকুৱা লাগে। লগতে চকু ৰঙা পৰি ফুলি ভিতৰত কিবা এটা বস্তু যেন সোমাই আছে তেনেকুৱা অনুভৱ হয়। চকুৰ ফেচকুৰিবিলাক টানি দিলে সূতাৰ দৰে ওলাই আহে। ৰ’দ, ধূলি-বতাহৰ পৰা আহিলে অসুখ বেছিকৈ হয়। সেয়ে ৰ’দ-ধূলি-বতাহৰ বাবে ‘শূন্য পাৱাৰৰ’ চছমা বা ছানগ্লাছ পিন্ধিব লাগে, যাতে এলাৰ্জি হ’ব পৰা পদাৰ্থবিলাক পোনে পোনে চকুত নালাগে। সঘনাই চকু পৰিষ্কাৰ ঠাণ্ডা পানীৰে ধুব লাগে, বিশেষকৈ বাহিৰৰ পৰা ঘৰলৈ ঘূৰি অহাৰ লগে লগে। যিবিলাক ব্যক্তি বাহিৰতে দিনটোৰ বেছিভাগ সময় থাকে, তেওঁলোকে অন্তত: তিনি-চাৰিবাৰমান চকু ধুব লাগে আৰু পৰিষ্কাৰ কপাহী কাপোৰেৰে বা কোমল টাৱেলেৰে চকু লাহে লাহে মচিব লাগে। বহু দিন ধৰি একেৰাহে এলাৰ্জি হৈ থাকিলে বিশেষকৈ কোনবিলাক পদাৰ্থৰ বাবে এলাৰ্জি হৈছে সেইটো পৰীক্ষা কৰিব লাগে আৰু সেইবিলাক পদাৰ্থৰ পৰা ল’ৰা-ছোৱালীক পাৰিলে আঁতৰত ৰাখিব লাগে।

সাধাৰণতে এইধৰণৰ চকুৰ এলাৰ্জি চিকিৎসা অলপ দীঘলীয়া হয়, কিয়নো কেতিয়াবা চকুত দিয়া দৰবটো বন্ধ কৰিলে আকৌ নতুনকৈ আৰম্ভ হ’ব পাৰে। সেয়েহে চিকিৎসকৰ পৰামৰ্শমতে যিমান দিনলৈ ঔষধ ব্যৱহাৰ কৰিবলৈ দিয়ে, সিমান দিনলৈ ঔষধৰ ব্যৱহাৰ কৰিব লাগে। যদিহে ‘ষ্টেৰইড আইড্ৰপ’ ব্যৱহাৰ কৰিবলৈ দিয়া হয়, তেতিয়া দৰবটোৰ পৰিমাণ লাহে লাহে কমাই বন্ধ কৰিব নালাগে, হঠাতে বন্ধ কৰিব নালাগে। কিছুমান ৰোগীয়ে দৰৱটো লগাই থাকিলে আৰাম পাই থাকে বাবে বহুদিন ধৰি চিকিৎসকৰ পৰামৰ্শ নোহোৱাকৈয়ে ব্যৱহাৰ কৰি থাকে। বিশেষকৈ ‘ষ্টেৰইড আইড্ৰপ’ ব্যৱহাৰ কৰি থাকিলে চকুৰ ভিতৰৰ প্ৰেচাৰ বাঢ়ি যাব পাৰে। সেয়েহে ঔষধ ব্যৱহাৰ কৰি থাকিলে সময়মতে চকু দেখুৱাই থাকিব লাগে।

বৰ্তমান প্ৰদূষিত শুকান বতাহৰ বাবে চকুযুৰি শুস্কতাত বা ড্ৰাইনেছত ভুগিব পাৰে। ইয়াৰ বাবে চকু শুকান শুকান লগা বা চকুপানী কমকৈ ওলোৱা অনুভৱ হ’ব পাৰে। চকুৰ পৰা মিউকাছ জাতীয় ফেচকুৰি, যি আঠালেতীয়া কেতিয়াবা সূতাৰ দৰে ওলায়। চকুৰ ভিতৰৰ ধূলি-বালি জাতীয় কিবা বস্তু সোমাই থকাৰ দৰে খচখচনি অনুভৱ হ’ব পাৰে, চকু জ্বলা-পোৰা কৰিব পাৰে। চকুৰ বিষ, মূৰৰ বিষো হ’ব পাৰে।

আমাৰ চকুৰ ওপৰৰ পতাৰ ভিতৰৰ ফালে চকুপানী তৈয়াৰ কৰা গ্ৰন্থি এটা থাকে, যিয়ে চকুপানী তৈয়াৰ কৰা গ্ৰন্থি এটা থাকে, যিয়ে চকুপানী তৈয়াৰ কৰে। এই চকুপানীয়ে চকুৰ মেলা-জপোৱা কাৰ্যৰ দ্বাৰা চকুৰ সমুখৰ স্বচ্ছ আইনাৰ দৰে কৰ্নিয়াখন আৰু কৰ্নিয়াৰ গাতে লাগি থকা বগা ছালৰ দৰে কঞ্জাংটাইভাখন সেমেকাই ৰাখে। ধূলি-বতাহত কিবা বাহ্যিক পদাৰ্থ সোমালে সেয়া চাফা কৰি ধুই লৈ আহে। চকুৰ কৰ্নিয়াৰ ওপৰত চকুপানীৰ এটা তৰপ থাকে। শীতকালত চকুপানীৰ তৰপৰ পৰা পানীভাগ জলীয় ভাপ হৈ যায় বাবে শুকাই যাব পাৰে। ইয়াক প্ৰতিৰোধ কৰাৰ বাবে চকু সেমেকাই ৰাখিবলৈ ‘মইশ্বাৰাইজিং আইড্ৰপ’ ব্যৱহাৰ কৰিব লাগে। প্ৰচুৰ পৰিমাণে খাদ্যপ্ৰাণ ‘ক’যুক্ত আহাৰ যেনে-শাক-পাচলি, ফল-মূল, গাখীৰ, মাছ, মঙহ গ্ৰহণ কৰিব লাগে, যিয়ে চকুপানী তৈয়াৰ কৰা লোক্ৰিমেল গ্ৰন্থিৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। প্ৰচুৰ পৰিমাণে পানী বা জুলীয়া খাদ্য গ্ৰহণ কৰিব লাগে। সঘনাই চকু পৰিষ্কাৰ পানীৰে ধুব লাগে।

আগৰ দিনত শীতকালত আমাৰ চকুৰ ৰোগ বেছিকৈ নহয় বুলি ভাব হৈছিল, কিয়নো ঠাণ্ডা বতৰত চকুযুৰিও ঠাণ্ডা পৰি থাকিব, সেয়েহে বেছিভাগৰে ভাব হয় যেন জাৰকালি চকুৰ বেছি যত্ন লোৱাৰ দৰকাৰ। প্ৰকৃততে তেনেকুৱা কথা নহয়। বৰ্তমান বায়ুমণ্ডলৰ ‘অজ’ন তৰপ’ত দেখা দিয়া শূণ্যতা বা ফুটাৰ ‘ওজন হোল’ৰ বাবে পৃথিৱীৰ উপৰিভাগলৈ সূৰ্য্যৰ পৰা নিৰ্গত দৃশ্যমান আৰু অদৃশ্যমান ৰশ্মি সহজে সৰকি আহিব পাৰে। যি জীৱজগতৰ বাবে অনিষ্টকাৰক। এনেকুৱা অনিষ্টকাৰক পোহৰ ৰশ্মি হ’ল অতি বেঙুনীয়া ৰশ্মি।

অতি বেঙুনীয়া ৰশ্মি বা আল্ট্ৰা-ভায়’লেট ৰে’ৰ পৰা চকুক সদায় ৰক্ষা কৰিব লাগে। শীতকালত সূৰ্যৰ পৰা অহা এই অতি বেঙুনীয়া ৰশ্মি অকল যে আকাশৰ পৰা বিকিৰণ হোৱাখিনিয়ে চকুৰ ক্ষতি কৰে এনে নহয়। পৃথিৱীৰ উপৰিভাগৰ পৰা প্ৰতিফলিত অতি বেঙুনীয়া ৰশ্মিয়েও চকুৰ যথেষ্ট ক্ষতি কৰে। এই ক্ষতি কেতিয়াবা চকুত সাময়িকভাৱে হ’ব পাৰে আৰু কেতিয়াবা স্থায়ীভাৱে হ’ব পাৰে। সাময়িকভাৱে হোৱা ৰোগ হ’ল ফটো কেৰাটাইটিছ, যি ৰোগত চকু ৰঙা পৰে, খচখচনি, বিষ হয়, পোহৰৰ ফালে চাবলৈ অসুবিধা হয়, চকুৰে কম দেখা পোৱা হয় ইত্যাদি। কিন্তু সোনকালে উপযুক্ত চিকিৎসা কৰিলে এই ৰোগৰ পৰা উপশম পোৱা যায়। আন এবিধ ৰোগ হ’ল ‘কেটেৰেক্ট’ বা চকুৰ ছানি পৰা ৰোগ। যাৰ বাবে চকুৰে কম দেখা হয়, অৱশ্যে অস্ত্ৰোপচাৰ কৰি এই হেৰোৱা দৃষ্টিশক্তি ঘূৰাই আনিব পাৰি। আন এবিধ অতি বেঙুনীয়া ৰশ্মিয়ে পোনে পোনে চকুৰ ভিতৰৰ পৰ্দা বা ৰেটিনাত কৰা ৰোগ হ’ল ‘মেকুলোপেথি’ যাৰ বাবে দৃষ্টিশক্তি কমি যায়। এই ৰোগৰো সোনকালে চিকিৎসা কৰিলে কিছু আৰোগ্য লাভ কৰিব পাৰি। অন্যথা চকুৰ দৃষ্টিশক্তি স্থায়ীভাৱে কমি যাব পাৰে। অন্যথা চকুৰ দৃষ্টিশক্তি স্থায়ীভাৱে কমি যাব পাৰে। ইয়াৰ উপৰি বহুদিন ধৰি চকুত সূৰ্যৰ প্ৰত্যক্ষ পোহৰ পৰি থাকিলে ‘এপ্তৰিজিয়াম’ ‘পিংগুইকুলা’ আদি ৰোগ হৈ চকু ৰঙা পৰা, খচখচনি আদি স্থায়ীভাৱে থাকি যাব পাৰে। এই ৰোগবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ এটাই মাত্ৰ উপায় হ’ল ‘ছানগ্লাছ’ৰ ব্যৱহাৰ। এই ছানগ্লাছ হ’ব লাগিব ৯৯-১০০ শতাংশ ইউ-ভি-ৰে প্ৰতিৰোধক।

এনে বতৰত চকুৰ ভিতৰৰ বিভিন্ন অংশত বীজাণু সংক্ৰমণ হৈ চকু ৰঙা পৰিব পাৰে, লগতে খজুৱতি চকুৰ পৰা ময়লা বা ফেচকুৰি ওলোৱা, ফুলা, বিষ হোৱা আৰু দৃষ্টিৰ অসুবিধা হ’ব পাৰে। কঞ্জাটিভাইটিজ হ’ল চকু ৰঙা পৰা প্ৰধান কাৰণ। ভাইৰাচ বা বেক্টেৰিয়াৰ বীজাণু সংক্ৰমণ হৈ এই ৰোগ হ’ব পাৰে। চকু ৰঙা পৰিলে চকুযুৰিৰ জিৰণিৰ বৰ প্ৰয়োজন। সেয়েহে পঢ়া-শুনা কৰা, ৰ’দ ধূলি-বতাহত ভ্ৰমণ কৰা অনুচিত। যিমান সময় পাৰি চকু জপাই জিৰণি ল’ব লাগে। গগল্‌ছ বা ক’লা চছ্‌মা পিন্ধিলেও ৰ’দ, ধূলি, বতাহৰ পৰা চকুক ৰক্ষা কৰিব পাৰি। চকু ৰঙা পৰিলে বহুতো ব্যক্তিয়ে ভাবে যে বগা খাদ্যবস্তু, মাছ, কণী, গাখীৰ আদি খালে অসুখ বেছি হৈ চকুটো বগা হৈ যাব। আচলতে এয়া অন্ধবিশ্বাসৰ বাহিৰে আন একো নহয়, বৰং মাছ, কণী, গাখীৰ আদিত থকা খাদ্যপ্ৰাণ চকুৰ পৰিপুষ্টিৰ বাবে অতি প্ৰয়োজন। চকুৰ কনজাংটিভাইটিছ বৰ সংক্ৰামক। সেয়েহে এই ৰোগ হ’লে ৰোগীয়ে ব্যৱহাৰ কৰা গামোচা, ৰুমাল, বিছনা আদি বেলেগে ৰাখিব লাগে, নহ’লে পৰিয়ালৰ অন্য ব্যক্তিলৈও এই ৰোগ বিয়পিব পাৰে। চকুত ড্ৰপ দিয়া ব্যক্তিয়ে বা ৰোগীয়ে চকু মোহাৰি সেই হাতেৰে বেলেগ স্পৰ্শ কৰিলে বীজাণু এজনৰ পৰা আনজনলৈ বিয়পে। সদায় চিকিৎসকৰ পৰামৰ্শ লৈহে চকুৰ দৰব ব্যৱহাৰ কৰা উচিত।

আপোনাৰ সতৰ্কতাই আৰু সচেতনতাই চকুযুৰি বিভিন্ন ৰোগৰ পৰা আৰোগ্য লাভ কৰাত সহায় কৰে। আহক, আমি সকলোৱে পৰিৱেশ প্ৰদূষণ তথা গোলকীয় উষ্ণতা বৃদ্ধিৰ বিপৰীতে মাৰ বান্ধি থিয় হওঁ।

উৎস: ডা: বিজুলী গোস্বামী, সাদিন।

 

মহিলাৰ স্বাস্থ্য


সকলো মহিলাই স্বাস্থ্যৱান হৈ জীয়াই থাকিব খোজে। স্বাস্থ্যৰ ক্ষেত্ৰত মহিলা-পুৰুষ উভয়েই স্বাস্থ্যৰ দোহাই দি আনৰ বোজা হৈ জীয়হি থাকিব নোখোজে। এই লেখনিত অৱশ্যে মহিলাসকলৰে স্বাস্থ্যক উদ্দেশ্যি কথাবোৰ আলোচনা কৰা হৈছে। বর্তমান বিশ্বত হৃদৰোগ আৰু ৰক্তচাপ (stroke) ৰোগৰ প্রাধান্য দেখা গৈছে। চিকিৎসকসকলে এইবোৰ ৰোগৰ প্ৰতিৰোধ হিচাপে মহিলাসকলৰ প্ৰতি দেখাত সাধাৰণ যেন লগা উপদেশ আগবঢ়াইছে- সঠিক আহাৰ, নিয়মিত ব্যায়াম আৰু চাপবিহীন মনৰ অধিকাৰী হ’লে সুস্বাস্থ্য অটুট ৰাখিব পৰা যায়।

হৃদৰোগ আৰু ৰক্তচাপ নিয়ন্ত্ৰিত কৰি ৰাখিবলৈ হ’লে নিম্নলিখিত খাদ্যবোৰ গ্ৰহণ কৰক:

  • যথেষ্ট পৰিমাণৰ শাক-পাচলি আৰু ফল-মূল।
  • নিমজ, চকচকীয়া (polished) শস্যবোৰৰ খাওক। সেইদৰে ৰঙা আটাৰ ৰুটী, পাষ্টা খাবলৈ আৰম্ভ কৰক।
  • সহজে হজম হোৱা প্ৰ’টিনযুক্ত খাদ্য যেনে— কুকুৰা চৰাইৰ মাংস, মাছ, বিন আৰু মটৰ মাহ জাতীয় পাচলি গ্ৰহণ কৰক।
  • প্রচেছ্‌ড(processed) খাদ্য, চেনি, নিমখ আৰু সংপৃক্ত (saturated) চৰ্বি জাতীয় খাদ্যবোৰ পৰিহাৰ কৰক।

খাদ্য বিশেষজ্ঞা জায়েছ মেঙৰ মতে স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰাসকলে প্ৰায়ে কামত আটাইতকৈ অধিক সফল হ’ব পাৰে। তেওঁৰ মতে আপুনি যদি দৈনিক আহাৰ ভালকৈ নিয়ন্ত্ৰিতভাৱে গ্ৰহণ কৰিব পাৰে, তেন্তে সেয়া আপোনাৰ স্বাস্থ্যৰ পক্ষে খুবেই ভাল। পিচে তেনে ধৰণে খাদ্য গ্ৰহণ কৰিব নোৱাৰিলেও বিশেষ চিন্তিত নহ’ব। আপুনি সহজে বিচাৰি পাব পৰা ওপৰত উল্লেখ কৰা খাদ্যবোৰ খালেও কামত আহিব। আন এগৰাকী টিছিয়া মণ্টগমাৰী নামৰ খাদ্য বিশেষজ্ঞ গৰাকীয়ে কয় যে, সঠিক খাদ্য আৰু সঠিক জীৱন যাত্ৰাই স্বাস্থ্য ৰক্ষাত যথেষ্ট পৰিমাণে সহায় কৰে। তেওঁ আৰু কৈছে যে, স্বাস্থ্যকৰ খাদ্য এবাৰত কম পৰিমাণে গ্ৰহণ কৰক আৰু সঘনে তেনে খাদ্য কম পৰিমাণত গ্রহণ কৰাটো উত্তম। নিজৰ বিষয়ে তেওঁ কয় যে—“মই এতিয়াও মিঠা পুডিংজাতীয় খাদ্য খাওঁ, বিয়েৰো গ্ৰহণ কৰো। পিচে এই সকলোবোৰ নিয়ন্ত্রিত পৰিমাণতহে খাওঁ৷”

দৈনিক ব্যায়াম কৰক

জয়েছ মেঙৰ মতে মহিলাসকলে যিমানপাৰে সক্রিয় অর্থাৎ কাম-কাজত ব্যস্ত হৈ থাকিব লাগে। ব্যায়ামে আপোনাৰ হৃৎপিণ্ডক নিৰোগী কৰি ৰাখিব, মাংসপেশী সুগঠিত কৰিব আৰু হাড়বোৰক শক্তিশালী কৰি তুলিব। দুই বা আঢ়ৈ ঘন্টা সময় কিছুমান পাতল ধৰণৰ কাম কৰাৰ আঁচনি লওঁক, যেনে-প্ৰতি সপ্তাহতে হয় অলপ সময় খৰকৈ খোজকাঢ়ক, নহয় অলপ সময়জুৰি নৃত্য কৰক। যদি আপুনি কিছু কঠোৰ পৰিশ্ৰম কৰাৰ কাৰণে সক্ষম, তেন্তে দৈনিক এঘন্টা অথবা ডেৰ ঘন্টা সময়জুৰি দৌৰক নতুবা লন টেনিছ খেলিব৷ সপ্তাহটোৰ কেইটামান দিন শক্তিশালী ব্যায়ামো কৰিব।

যদিহে আপুনি খুব ব্যস্ত আৰু এনেধৰণৰ ব্যায়ামবোৰ কৰিবলৈ সময়ৰ নাটনি হয়, তেন্তে গোটেই দিনজুৰি দৈনন্দিন ঘৰুৱা কামবোৰতে নিজক ব্যস্ত কৰি ৰাখক। পাৰিলে দৈনিক ১০,০০০ টা খোজকঢ়াৰ আঁচনি লওক; চিৰি বগাওক। নহ’লে আপোনাৰ গাড়ীখনকে গন্তব্যস্থানৰ পৰা বহুত দূৰৈত ৰাখক (পাৰ্ক কৰক)। স্বাস্থ্য বিশেষজ্ঞা ট্ৰিছিয়া মন্টগৰাকীয়ে প্ৰতিদিনেই তেওঁৰ লগত কুকুৰটোক লৈ খৰকৈ খোজকাঢ়ে আৰু অন্যান্য ব্যায়ামো কৰে। হাওঁফাওঁৰ উপকাৰ সাধনৰ কাৰণে তেওঁ মজিয়াত লেপেটাকাঢ়ি উশাহ লয়, নিয়মিতভাৱে চিৰি বগায়।

শৰীৰৰ ওজন কমাওক

 

আপুনি যদি আপোনাৰ শৰীৰটোৰ কেইপাউণ্ডমান ওজন কমাব পাৰে, তেন্তে আপোনাৰ হৃদৰোগ, ডায়েবেটিছ আৰু কেন্সাৰ ৰোগ হোৱাৰ আশংকা বহুত পৰিমাণে কমি থাকে। পিচে, ওজনটো ধীৰ গতিৰেহে কমাবলৈ চেষ্টা কৰিব। সপ্তাহটোত ১ বা ২ পাউণ্ড (১ পাউণ্ড=আধা কেজিতকৈ সামান্য কম) ওজন কমাবলৈ হ’লে নিজকে সক্ৰিয় বা কৰ্মব্যস্ত কৰি ৰাখিব আৰু স্বাস্থ্যকৰ খাদ্যবোৰহে খাব। জয়েছ মেং নামৰ খাদ্য বিশেষজ্ঞাগৰাকীৰ মতে-‘প্ৰতিদিনাই এঘন্টাজুৰি কঠোৰ ব্যায়াম কৰাৰ প্ৰয়োজন নাই, পাতল ব্যায়াম কৰিলেও উপকৃত হ’ব’। আপুনি ব্যায়াম কৰাৰ সময়ত ঘড়ী চাই থাকিব। যদিহে আপোনাৰ ওজন বহুত বেছি, তেন্তে সেই ওজন কমাবলৈ এক সপ্তাহত ৩০০ মিনিট সময়জুৰি ব্যায়াম কৰিব’। মেঙৰ মতে স্বাস্থ্যকৰ খাদ্যই আয়ুস বঢ়াই তোলে। তেওঁ কয় ‘চেনি প্ৰায় বৰ্জন কৰক, ছ’ডা, চেনি দিয়া কফি নাখাব’।

চিকিৎসকৰ ওচৰলৈ যাওক

নিয়মিতভাবে আপোনাৰ স্বাস্থ্য পৰীক্ষা কৰাওক। চিকিৎসকজনকে আপোনাৰ স্বাস্থ্য সম্পর্কে পুৰণি অসুবিধা বা ৰোগবোৰৰ সম্পর্কে মুকলিকৈ জনাই থ’ব, তেতিয়াহে তেওঁ আপোনাৰ স্বাস্থ্য অটুট ৰখাৰ কাৰণে দিহা-পৰামৰ্শৰ লগতে উচিত ঔষধৰ বিধানবোৰ দিবলৈ সমৰ্থ হ’ব। উদাহৰণস্বৰূপে যদিহে আপোনাৰ হাঁড়ৰ ৰোগ (osteoporosis) হৈ হাড়বোৰক দুৰ্বল কৰাৰ আশংকা হৈছে, তেন্তে চিকিৎসকজনে আপোনাৰ হয়তো বেছিকৈ কেলচিয়াম আৰু ভিটামিন-ডি উচিত পৰিমাণত গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিব। আপোনাৰ চিকিৎসকে হয়তো আপোনাৰ শৰীৰৰ কিছুমান পৰীক্ষা (screening test) কৰিবলৈ পৰামৰ্শও দিব পাবে, যাতে আপোনাৰ শৰীৰত কিছুমান ৰোগক প্রথম অৱস্থাতে ধৰা পেলাই, সহজেই তাৰ সুচিকিৎসা কৰিব পৰা যায়। তদুপৰি আপোনাৰ যদি ঔষধ অথবা চিকিৎসা পদ্ধতিটোৰ প্ৰতি কিবা প্রশ্ন থাকে, তাক মুকলি মনেৰে চিকিৎসকজনক সুধি ল’ব।

মানসিক চাপ (Stress) কমাবলৈ চেষ্টা কৰক

এইটো সঁচা যে, মানসিক চাপে আপোনাৰ স্বাস্থ্যৰ বহুত পৰিমাণে ক্ষতি কৰে। অৱশ্যে কিছুমান চিন্তাক আপুনি মনৰ মাজৰ পৰা একেবাৰে আঁতৰাই ৰাখিব নোৱাৰে৷ কিন্তু তেনে চিন্তাক বৰকৈ লাই নিদিব। কিছুমান ধৰণৰ মানসিক চাপ কমাবলৈ আনক' নহ’ব, “নোৱাৰিম।” বুলি ক’বলৈ শিকক।

মানসিক চাপ কমাবলৈ তলত দিয়া কামবোৰ কৰিবলৈ চেষ্টা কৰিব:

  • দীঘলকৈ উশাহ লোৱা আৰু নিশাহ এৰা।
  • ধ্যান।
  • যোগাভ্যাস।
  • শৰীৰত মালিচ কৰা।
  • ব্যায়াম।
  • স্বাস্থ্যকৰ খাদ্য গ্ৰহণ।
  • বন্ধু, পৰিয়ালৰ সদস্য অথবা পেছাদাৰী পৰামৰ্শদাতাৰ সৈতে কথা-বতৰা পতা।

স্বাস্থ্যকৰ অভ্যাস গঢ়ি তোলক

আপোনাৰ যদি কিছুমান অভ্যাস সঠিক হয়, তেন্তে ভৱিষ্যতত বহুতো সমস্যা আঁতৰি থাকিব।

  • প্রতিদিনাই দাঁত ব্ৰাছ কৰক, দাঁতৰ মাজত সোমাই থকা খাদ্যৰ গুৰিবোৰ উলিয়াই পেলাওক।
  • ধূমপান নকৰিব।
  • সুৰাপান নিয়ন্ত্ৰিত কৰক, দৈনিক এবাৰহে এগিলাচ সুৰা গ্ৰহণ কৰিব।
  • যদি ধ্যান কৰে, তেন্তে আপুনি চিকিৎসকৰ পৰামর্শ অনুসৰিহে ধ্যান কৰিব।
  • ভালকৈ শুবলৈ চেষ্টা কৰক। প্ৰতিদিনা ৮ ঘণ্টাকৈ শুব। যদিহে সিমান সময় টোপনি যাব নোৱাৰে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।
  • ৰ’দত ওলাবলৈ হ’লে গাত ৰ’দ প্ৰতিৰোধী  (sun screen) দ্রব্য সানক আৰু পুৱা দহ বজাৰ পৰা আবেলি তিনি বজালৈকে পাৰিলে শৰীৰত ৰ’দ নলগাব বা ৰ’দত বাহিৰলৈ নোলাব।
  • গাড়ীত বহোতে বা চলাওঁতে ছিট-বেল্ট মাৰক।

জয়েঙ মেঙৰ মতে ‘প্ৰতিদিনাই আপোনাৰ স্বাস্থ্যৰ যত্ন ল’বলৈ সময় উলিয়াই ল’ব।” আনহাতে ট্ৰিছিয়া মন্টগমাৰীয়ে কয় যে, স্বাস্থ্য ৰক্ষাৰ উপৰি উক্ত নিয়মবোৰ মানি চলাৰ বাবে তেওঁৰ স্বাস্থ্যভালে আছে। মনটো ভাল ভাল লাগি থাকে আৰু সকলো সময়ত মনৰ মাজত থাকে ইতিবাচক মনোভাৱ।

আপুনি কণী খাবলৈ ভয় কৰে নেকি?

আপুনি কণী খাবলৈ ভয় কৰে। কাৰণ কণীক ক’লেষ্টেৰলৰ উৎপাদক বুলি ধাৰণা কৰা হৈছিল। পিচে, কণী খাবলৈ ভাল পোৱাসকলৰ বাবে CSIRO নামৰ খাদ্য বিশেষজ্ঞ সংস্থাটোৱে এক সুখবৰ কঢ়িয়াই আনিছে। CISIRO ৰ শেহতীয়া গৱেষণাত প্রতিপন্ন হৈছে যে, দৈনিক কণী একোটা খোৱাটো স্বাস্থ্যৰ বাবে নিৰাপদ। গতিকে প্ৰাত:ভোজনত কণী খাবলৈ বিচৰাসকলে এতিয়া নিশ্চিন্ত মনেৰে কণী খাব পাৰিব। CSIRO নামৰ সংস্থাটোৱে কণী খোৱা সন্দৰ্ভত ৮৪,০০০ জন অষ্ট্রেলিয়াৰ বাসিন্দাক লৈ এক গৱেষণামূলক সমীক্ষা চলাইছিল। এই সমীক্ষাৰ ফলত গম পোৱা গ’ল যে, পূৰ্ণৰ কণীবিৰোধী ধাৰণাটো ভুল, কণী খালে স্বাস্থ্যৰ উন্নতিহে হয়। CSIRO-ৰ মেনি নোৱাকেছ নামৰ অধ্যাপকজনে জনাইছে যে, "যিসকলে কণী খায়, তেওঁলোকৰ স্বাস্থ্য কণী নোখোৱাসকলৰ তুলনাত অধিক উত্তম। সঁচা কথা যে, যিসকলে কণী খায়, তেওঁলোকে বেছি শাক-পাচলি খায় আৰু আন জাংক ফুড জাতীয় অস্বাস্থ্যকৰ খাদ্যবোৰৰ প্ৰতি অতি কম আসক্তি দেখুৱায়।” নোৱাকেছৰ মতে “এইটো আচৰিত হোৱাৰে ঘটনা যে, যিসকল ব্যক্তিয়ে প্ৰাতঃভোজনত কণী খায়, তেওঁলোকে শাক-পাচলি আনৰ তুলনাত বেছিকৈ গ্ৰহণ কৰে। আন গৱেষণাৰ ফলতো দেখা গৈছে যে, প্ৰাতঃভোজনত উচ্চ মানৰ প্ৰ’টিনযুক্ত খাদ্য গ্ৰহণ কৰাসকলে স্নেক্স ধৰণৰ ফাষ্টফুড অতি কম পৰিমাণত খায় বা নাখায়েই। লুচি কিপিষ্ট নামৰ মহিলাগৰাকীয়ে জনাইছে যে, তেওঁৰ প্ৰথম সন্তানটোৰ জন্মৰ আগতে চিকিৎসকৰ পৰামৰ্শমতে পূর্বে খোৱা পায়স আৰু ফলবাদাম মিহলি কর্ণফ্লেক্স জাতীয় পৰিবর্তে প্ৰাতঃভোজনত দুটাকৈ সিজোৱা কণী, সেকা পাওৰুফেঁটীৰ সৈতে কাঠফুলা, পালেং জাতীয় শাক অথবা বিলাহী খাইছিল, যাৰ ফলত চকুত পৰাকৈ তেওঁৰ স্বাস্থ্যৰ উন্নতি হ’ল। স্বাস্থ্যৰ এনে উন্নতি হোৱাৰ কাৰণে তেওঁ দ্বিতীয়বাৰ গৰ্ভধাৰণ কৰোতেও দৈনিক পুৱা দুটাকৈ সিজোৱা কণী গ্ৰহণ কৰিলে৷ কণী খোৱাৰ অভ্যাস কৰাৰ লগে লগে লুচিয়ে লক্ষ্য কৰিলে যে, তেওঁৰ চেনিৰ প্ৰতি আসক্তি কমি গৈছে৷ খাদ্য বিশেষজ্ঞসকলৰ মতে কণীত এঘাৰবিধ ভিটামিন আৰু আন স্বাস্থ্যকৰ খনিজ দ্রৱ্য থাকে। তদুপৰি কণীত আছে লো, বি-১২ জাতীয় ভিটামিন, ওমেগা ৩ এছ (S)- (যিবোৰ মাছত থাকে), ফলিক এচিড আৰু সেউজীয়া পাতযুক্ত পাচলি বা শাকত থকা ভিটামিন। বিশেষজ্ঞ নোৱাকোছে কয় যে, কণীৰ হালধীয়া পিগমেন্টবোৰো (ৰঙীন দ্রব্য) আছে৷ বহুতে কণীৰ কুহুম খাবলৈ ভয় কৰি কণীৰ বগা অংশটোহে খায়। নোৱাকেছে কয় যে, কুহুমখিনি বাদ দিয়াৰ বাবে মানুহে বহুত পুষ্টিকৰ দ্ৰৱ্যকে বাদ দিব লগা হয়। তেওঁৰ মতে কণীয়ে ক’লেষ্টেৰল উৎপাদন কৰে নতুবা হৃদৰোগৰ সৃষ্টি কৰে বুলি থকা পূৰ্বৰ ধাৰণাটো সলাবৰ হ’ল। আধুনিক গৱেষণাত ধৰা পৰিছে যে, কণীৰ সৈতে হৃদৰোগৰ কোনো সম্পর্ক নাই। CSIRO-ই এইটোকো প্ৰতিপন্ন কৰিছে যে, বর্তমান ভাল ক’লেষ্টেৰল আৰু বেয়া পৰিছে৷ যিসকলে দৈনিক দুটাকৈ কণী খায়, তেওঁলোকৰ শৰীৰত ভাল ক’লেষ্টেৰল (HDL) বাঢ়ে আৰু বেয়া ক’লেষ্টেৰল (LDL) বৃদ্ধিৰ ওপৰত কোনো প্রভাব নেপেলায়। কর্মব্যস্ত বা সক্রিয় হৈ থকা ব্যক্তিসকলৰ কাৰণে কণী এক উপকাৰী খাদ্য। জো লাম্‌ নামৰ দৈনিক দৌৰা এজন খৈলুৱৈয়ে নিজৰ অতিপাত পৰিশ্ৰমী জীৱনটোত কণী খায়েই নিজৰ স্বাস্থ্য সুন্দৰভাৱে অটুট হেনো ৰাখিব পাৰিছে। চিয়েন স্মিথ নামৰ আন এজন কণী প্ৰেমীয়ে কৈছে যে, কিছু বছৰৰ পূর্বে তেওঁৰ শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্রা অধিক আছিল, পিচে তেওঁ অধিক মাত্ৰাত ব্যায়াম কৰা আৰম্ভ কৰিলে আৰু দৈনিক কণী খাবলৈ ল’লে। যাৰ ফলত তেওঁৰ শৰীৰত থকা বেয়া ক’লেষ্টেৰলৰ মাত্ৰা বহুত কমি গ’ল। জো লামে পুৱা তিনিটাকৈ কণী খায় আৰু মাজে মাজে বিৰতি লৈ ৬ কিলোমিটাৰকৈ দৌৰে। তেওঁ লান্স বা দিবা-আহাৰৰ  সময়লৈকে একাপ কফি আৰু এটা কলৰ বাহিৰে একোৱেই নাখায়। তেওঁ পুষ্টিৰ বাবে কোনো পৰিপূৰক পিল, টনিক নাখায়। তেওঁ পুষ্টিৰ বাবে কোনো পৰিপূৰক পিল, টনিক নাখায়, কেৱল সঠিক ঘৰুৱা খাদ্যকে গ্ৰহণ কৰে।

এক সমীক্ষাত দেখা গৈছে যে, বয়সস্থসকলে কণী খুব কম খায়। কণী বৰকৈ খোৱাৰ ফলত বয়সিয়াল লোকসকলৰ দেহত বহুতো পৰিপুষ্টিৰ অভাৱে দেখা দিয়ে। সেয়েহে বয়সিয়াল লোকসকলকো কণী খোৱাৰ কাৰণে আমি উৎসাহ দিব লাগে বুলি খাদ্য বিশেষজ্ঞা মেনি নোৱাকেছে মন্তব্য দিছে।

উৎস: 'সাদিন ফিচাৰ্ছ।

3.02631578947
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top