মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / স্বাস্থ্য বাৰ্তা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য বাৰ্তা

ইয়াত স্বাস্থ্য বাৰ্তা দিয়া হৈছে

শৰীৰৰ বাবে ক্ষতিকাৰক প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰঃ

 

আজিকালি প্ৰায়ভাগ লোকেই খোৱা-বোৱাৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে প্লাষ্টিক ব্যৱহাৰ কৰে। আগতে প্ৰায়ভাগ লোকেই বিয়া-সবাহ, উৎসৱ-পাৰ্বণ আদিত সমূহীয়াভাৱে খাদ্য গ্ৰহণৰ সময়ত কলপাত, চতিয়া, গছৰ পাত, মাটিৰ বাচন আদি ব্যৱহাৰ কৰিছিল। এইবোৰ প্ৰকৃতিৰ বুকুৰ পৰা পোৱা উপাদান। সেইবোৰত খাদ্য গ্ৰহণ কৰিলে কোনো ধৰণৰ ৰোগ হোৱাৰ আশংকা নাথাকে। বিশুদ্ধ পানীৰে কলপাত, চতিয়া, গছৰ পাত ভালদৰে ধুই ল’লেই কোনো ৰোগৰ বীজাণুও নাথাকে। ডেৰ দশকমান আগলৈকে এইবোৰৰ প্ৰচলন আছিল। কিন্তু চাহিদা অনুপাতে এইবোৰ নোপোৱাৰ ফলত সকলোৱে এতিয়া প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰে। কিন্তু সকলোৱে এইবোৰ নোপোৱা বাবে ব্যৱহাৰ নকৰে যে পোৱাৰ পাছতো ব্যৱহাৰ কৰিবলৈ ইচ্ছুক নহয় সেয়া চৰ্চাৰ বিষয়। বহুতেই কলপাত, চতিয়া আদিও খাদ্য গ্ৰহণ কৰিলে আউট ডেটেড বুলি ভাবিব বুলিয়েই ব্যৱহাৰ নকৰে। কিছুমানে আকৌ ঠাইখিনি লেতেৰা হ’ব বুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকে। সি যি কি নহওক প্লাষ্টিকৰ ব্যৱহাৰে মানৱ জাতিলৈ অশনি সংকেত কঢ়িয়াই আনিছে। কিয়নো অত্যধিক প্লাষ্টিকৰ ব্যৱহাৰৰ ফলত পৰোক্ষভাৱে বহুতো ৰোগ সৃষ্টিৰ আশংকা থাকে। প্লাষ্টিকৰ বাচনত পুষ্টিকৰ খাদ্য সুন্দৰকৈ পৰিৱেশন কৰা কাঁহী, বাটি, বটল, প্লেট, বিভিন্ন পাত্ৰ আদিত দিয়াৰ সময়ত কিন্তু কোনোৱে শৰীৰৰ ক্ষতিকাৰক দিশটোৰ বিষয়ে গুৰুত্ব নিদিয়ে। নিদিয়াটো স্বাভাৱিক কথা। কাৰণ এই সম্পৰ্কে এতিয়াও ৰাইজক সতৰ্ক কৰি দিয়া হোৱা নাই।

যেতিয়া বেছি গৰম খাদ্যবস্তু প্লাষ্টিকৰ বাচনত খোৱা হয় তেতিয়া শৰ্কৰা, চৰ্বি আৰু প্লাষ্টিকৰ বিষক্ৰিয়াৰ ফলত উৎপন্ন হয় ‘ডাইঅক্সিন’। এইবোৰ যেতিয়া শৰীৰত প্ৰৱেশ কৰে তেতিয়া ভয়াবহ বিষক্ৰিয়া হোৱাৰ আশংকা থাকে। গৱেষকসকলেও এই বিষয়ে সতৰ্ক কৰি দিছে। ডাইঅক্সিন ইমানেই ক্ষতিকাৰক যে কৰ্কট ৰোগ সৃষ্টিৰো আশংকা থাকে। ই শৰীৰত আন বহুতো ৰোগৰ সৃষ্টি কৰিব পাৰে।

আপুনি হয়তো শুনি আচৰিত হ’ব যে অত্যধিক প্লাষ্টিকৰ পাত্ৰ ব্যৱহাৰ কৰি খাদ্য গ্ৰহণৰ ফলত পুৰুষৰ উৰ্বৰা শক্তি হ্ৰাস পায়। অৰ্থাৎ শুক্ৰাণুৰ উৎপাদন ক্ষমতা হ্ৰাস পায়। যেতিয়া প্লাষ্টিকৰ বটলত পানী বা শীতল পানীয় ভৰাই ফ্ৰীজত ৰখা হয় তেতিয়া বিছফেনল উৎপন্ন হয়। এইবিধ ৰাসায়নিকে পুৰুষৰ শুক্ৰাণুৰ ওপৰত লাহে লাহে প্ৰভাৱ পেলায়। এনে প্ৰভাৱ লাহে লাহে পৰে বাবে বহুতেই বিষয়টোৰ ওপৰত গুৰুত্ব নিদিয়ে। অৱশ্যে ইয়াৰ অন্যতম কাৰণ হ’ল অজ্ঞতা। এনেধৰণৰ ৰাসায়নিক পদাৰ্থৰ সৃষ্টি হোৱা সম্পৰ্কে কোনোৱে সতৰ্ক কৰি দিয়া নাই। এনে ৰাসায়নিক পদাৰ্থৰ বাবে মহিলাসকলৰ ইষ্ট্ৰোজেন পলিথিলিন, পিভিছি, নাইলন, ছেলুলোছিক্স, ফেনোলিক্স আদি। এইবোৰৰ ভিতৰত আটাইতকৈ বেছি ক্ষতিকাৰক প্লাষ্টিকবিধ হ’ল পলি ভিনাইল ক্লৰাইড বা পি ভি চি। আমি যদিও প্লাষ্টিক ব্যৱহাৰ কৰো তথাপি কোনবিধ ব্যৱহাৰ কৰিছে। সেয়া জনাটো সম্ভৱ নহয়। কাৰণ এই প্লাষ্টিকৰ ওপৰত ইয়াৰ প্ৰকাৰ আৰু প্ৰকৃতি লিখা নাথাকে। যেতিয়া খাদ্য গ্ৰহণৰ সময়ত গৰম খাদ্য প্লাষ্টিকত পৰিৱেশন কৰা হয় বা প্লাষ্টিকৰ পেকেটৰ ভিতৰত থকা খাদ্যবস্তু কেনেবাকৈ গৰম হ’লে সেই উত্তাপত ডাইঅক্সিন অথবা ডাইঅক্সিনজাত যৌগ যেনে থেলেটছ, বিছকেনলৰ ৰোগ সৃষ্টি কৰিব পাৰে বুলি গৱেষকসকলে মন্তব্য আগবঢ়াইছে।

প্লাষ্টিক সামগ্ৰী ব্যৱহাৰকাৰীসকলৰ সমানেই বিপজ্জনক এই সামগ্ৰী প্ৰস্তুতৰ সতে জড়িত ব্যক্তিসকলৰ বাবে। কিয়নো এই কাৰ্যত জড়িত লোকসকলে সকলো সময়তে ভিনাইল ক্ল’ৰাইড গেছ শ্বাস-প্ৰশ্বাসৰ সময়ত শৰীৰত প্ৰৱেশ কৰি থাকে। ছালৰ, হাঁওফাঁওৰ ৰোগৰ উপৰি লিভাৰ, হৃদযন্ত্ৰ আৰু মস্তিষ্কৰো ক্ষতি হোৱাৰ আশংকা থাকে। শ্বাসনলীৰ ফাইব্ৰেছিছ জাতীয় ৰোগৰ বাবেও দায়ী প্লাষ্টিক।

(উৎসঃ অগ্ৰদূত)।

শৰীৰ সুস্থ কৰি ৰাখিবলৈ ৰ’দৰ প্ৰয়োজন কিমান ?

 

ৰ’দত ওলালে মানুহৰ শৰীৰৰ উত্তাপ বৃদ্ধি পায়। কাৰণ এই সময়ত সূৰ্যৰ পোহৰ পোনপটীয়াকৈ শৰীৰৰ ওপৰত পৰে। কাপোৰেৰে শৰীৰটো ঢকা থাকিলেও সূৰ্যৰ পৰা বিকিৰিত ৰশ্মিয়ে ছালত আঘাত কৰে। শৰীৰৰ বাবে প্ৰয়োজনীয় ভিটামিন ‘ডি’ সূৰ্যৰ পোহৰত উৎপন্ন হয় বাবে সকলোকে ৰ’দৰ প্ৰয়োজন। শীতৰ সময়ত ৰ’দত বহি উম লোৱাৰ আনন্দই বেলেগ। আনহাতে, প্ৰচণ্ড গৰমত শৰীৰ শীতল কৰিবলৈ গছৰ ছাঁত অথবা ঘৰৰ ভিতৰত বহি থাকে। তথাপি কিন্তু শৰীৰৰ বাবে প্ৰয়োজনীয় উপাদানখিনিৰ বাবে কিছু সময়ৰ বাবে হ’লেও ৰ’দত ওলাব লাগে। যিসকল লোকে ঘৰৰ ভিতৰতে বেছিভাগ সময় অতিবাহিত কৰে অথবা শীত-তাপ নিয়ন্ত্ৰিত গাড়ীত ঘূৰি ফুৰে তেনে লোকৰ ভিটামিন ‘ডি’ৰ অভাৱ ঘটাৰ ফলত বিভিন্ন ধৰণৰ সমস্যাই গা কৰি উঠিব পাৰে।

শৰীৰৰ বাবে প্ৰতিটো অংগ-প্ৰত্যংগই গুৰুত্বপূৰ্ণ। এই অংগ-প্ৰত্যগসমূহৰ কিছুমানে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ইয়াৰ অৰ্থ এইটো নহয় যে কম কাৰ্য সম্পাদন কৰা অংগ-প্ৰত্যংগ দুৰ্বল হ’লেও শৰীৰটোৱে কাৰ্য সম্পাদন কৰি থাকিব পাৰিব। এনে অংগ-প্ৰত্যংগ দুৰ্বল হ’লেও স্বাভাৱিক কাৰ্য সম্পাদনত ব্যাঘাত জন্মে। শক্তিশালী হাড় অবিহনে কোনোৱে চলা-ফুৰা কৰিব নোৱাৰে। কেৱল সেয়াই নহয়, হাড় দুৰ্বল হ’লে শৰীৰটো পোনাই ৰাখিব নোৱাৰিব। সেইবাবে কোৱা হয় শৰীৰৰ মূল কাঠামো হ’ল হাড়। হাড়ৰ ওপৰত ভিত্তি কৰিয়েই শৰীৰটো গঠন হয়। সেইবাবে শৈশৱৰ পৰাই হাড়ৰ গঠন সঠিকভাৱে হৈছেনে নাই সেই বিষয়ে ভালদৰে জানি ল’ব লাগে। হাড়ৰ গঠন আৰু শক্তিশালী হৈ থকাৰ মূলতে হ’ল ৰ’দ। হাড়ৰ বাবে প্ৰয়োজনীয় উপাদানসমূহৰ ভিতৰত অন্যতম হ’ল কেলছিয়াম আৰু ভিটামিন ‘ডি’। বিপাকীয় কাৰ্য সম্পাদনৰ বাবে এইবিধ ভিটামিনৰ প্ৰয়োজন। এই ভিটামিনবিধ আকৌ ৰ’দতহে উৎপন্ন হয়। শৰীৰত যেতিয়া কেলছিএল পৰ্যাপ্ত পৰিমাণে নাথাকে তেতিয়া হাড়ৰ গঠনৰ মূল চালিকা শক্তি কেলছিয়ামো সঠিকভাৱে পোষণ নহয়।

শৰীৰৰ টান অংশৰ ভিতৰত হাড় অন্যতম। দেখাত খুব টান যেন লাগিলেও প্ৰতিটো মুহূৰ্ততে পৰিবৰ্ধন হৈ থাকে। এই প্ৰক্ৰিয়া যাতে স্বাভাৱিকভাৱে সম্পাদন হৈ থাকিব পাৰে তাৰ বাবে এজন ব্যক্তিয়ে নিতৌ কমেও এঘণ্টা সময় ৰ’দত থাকিব লাগে। ঘৰৰ বাহিৰত এঘণ্টা সময় কাম কৰিলেই যথেষ্ট। শেহতীয়াভাৱে গৱেষকসকলে এইবুলি মন্তব্য কৰিছে যে শীত প্ৰধান অথবা গ্ৰীষ্মপ্ৰধান দেশত য’তেই নাথাকক কিয় পুৱা ১০ বজাৰ পৰা আবেলি তিনি বজালৈকে ৰ’দত কমেও এঘণ্টা থাকিলে শৰীৰটোৱে প্ৰয়োজনীয় উপাদানখিনি লাভ কৰিব পাৰে। অৱশ্যে ৰ’দত বেছি সময় থাকিলেও ভিটামিন ‘ডি’ৰ সমস্যাই গা-কৰি উঠিব পাৰে যদিহে ছালখনৰ মেলানিন নামৰ ৰঞ্জকবিধৰ পৰিমাণ বেছি থাকে। এই মেলানিনৰ স্তৰ ভেদ কৰি সূৰ্যৰ ৰশ্মিয়ে শৰীৰত সহজে প্ৰৱেশ কৰিব নোৱাৰে।

শৰীৰত ভিটামিন ‘ডি’ৰ উপস্থিতি সম্পৰ্কে নিৰ্ণয় কৰাটো এতিয়া সম্ভৱ হৈছে। তেজত ভিটামিন ‘ডি’ যদি ৩৫ নেনোগ্ৰাম/মিলিলিটাৰ (৩৫ এন জি এম এল) থাকে তেতিয়াহ’লে ইয়াক স্বাভাৱিক পৰিমাণ হিচাপেই গণ্য কৰা হয়। তেতিয়া শৰীৰত এইবিধ উপাদানৰ পৰিমাণ ১২ এন জি এম এলৰ তলত থাকে তেতিয়াহ’লে জটিল হিচাপে গণ্য কৰি চিকিৎসা নকৰিলে পৰৱৰ্তী সময়ত বিভিন্ন সমস্যাই গা কৰাৰ আশংকা থাকে।

যেতিয়া ভিটামিন ‘ডি’ৰ অভাৱ হয় তেতিয়া কিছুমান বিশেষ লক্ষণ ফুটি উঠে। এই লক্ষণসমূহ হ’ল- শৰীৰটো অনবৰতে দুৰ্বল অথবা ক্লান্তি বোধ কৰে। সৰ্ব শৰীৰত বিষ আৰম্ভ হয়। হাড় তৎক্ষাণাত টানি ধৰাৰ দৰে হয়। এনে ধৰণৰ সমস্যাই গা কৰি উঠিলে শীঘ্ৰে অস্থিৰোগ বিশেষজ্ঞ এজনৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।

আজিকালি ভিটামিন ‘ডি’ৰ অভাৱত ভোগা লোকৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ মূলতে হ’ল জীৱন যাপনৰ পদ্ধতি। এতিয়া শিশুৰ পৰা আৰম্ভ কৰি বয়স্ক লোকলৈ সকলো ব্যস্ত। শিশুসকল পুৱা উঠি খাই বৈ গাড়ীত বিদ্যালয়লৈ যাবলৈ সাজু হ’বলগীয়া হয়। আগতে ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ খোজকাঢ়ি গৈছিল যদিও এতিয়া সন্তানক খোজকাঢ়ি যাবলৈ দিয়া পিতৃ-মাতৃ তথা অভিভাৱকৰ মানসিকতাৰ সলনি হ’ল। বহুতো পিতৃ-মাতৃয়ে সন্তানে বিদ্যালয়লৈ খোজকাঢ়ি যোৱাটো তেওঁলোকৰ পৰিয়ালৰ সন্মান হানিকৰ বিষয় বুলি ভাবে। শীত-তাপ নিয়ন্ত্ৰিত গাড়ীত তুলি সন্তানক বিদ্যালয়ৰ সন্মুখত নমাই আহিব পাৰিলেহে সমাজত তেওঁলোকৰ সন্মান বৃদ্ধি হয় বুলি ভাবে। বিদ্যালয়ৰ পৰা আহি গান-বাজনা, চিত্ৰকলা আদিৰ বাবে সাজু হ’ব লাগে। গধূলি পঢ়া টেবুলত বহিবৰ হয়েই। বয়স্ক সকলৰো সময়ৰ অভাৱ। সময় থকা সকলেও আকৌ ৰ’দত ঘূৰি ফুৰাটো দৃষ্টিকটু বুলি ভাবে। আনকি ঘৰৰ ওচৰৰ বজাৰখনলৈ যাবলৈকে গাড়ী ব্যৱহাৰ কৰে। ৰ’দত কাম কৰাৰ অভ্যাস বহুতৰেই নাই। মহিলাসকলে দিনৰ বেছিভাগ সময় পাকঘৰতেই অতিবাহিত কৰে বাবে ভিটামিন ‘ডি’ৰ অভাৱ হয়। এনেবোৰ কাৰণতে অতি সম্প্ৰতি ভিটামিন ‘ডি’ৰ অভাৱজনিত সমস্যাত আক্ৰান্ত লোকৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে।

এনে ধৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে দিনটোৰ ভিতৰত কমেও এঘণ্টা সময় ৰ’দত কাম কৰিব লাগে। যদি কাম নাথাকে তেতিয়াহ’লে খোজ কাঢ়িলেও উপকাৰ পোৱা যায়। শিশুটিক মুকলি মনে খেলিবলৈ দিয়ক। বিদ্যালয়লৈ যোৱা, ফুৰিবলৈ যোৱাৰ সময়ত গাড়ী ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে খোজকাঢ়িবলৈ দিলে সুফল পোৱা যায়।

(উৎসঃ অগ্ৰদূত, ডাঃ প্ৰবীৰ কুমাৰ বৰদলৈ, দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্ছিং হোম)।

বাৰ্ধক্যৰ প্ৰতিষেধকঃ

শিশুসকলক বিভিন্ন ৰোগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ প্ৰতিষেধক দিয়াৰ বিষয়ে সকলোৱে জ্ঞাত। কিন্তু বাৰ্ধক্যৰ প্ৰতিষেধক বুলি ক’লে সকলোৱে আশ্চৰ্য প্ৰকাশ কৰে- বাৰ্ধক্য প্ৰতিৰোধৰ বাবে প্ৰতিষেধক আছে জানো! দৰাচলতে প্ৰতিষেধকৰে বাৰ্ধক্য প্ৰতিৰোধ কৰিব নোৱাৰি, বয়স বৃদ্ধিৰ সমান্তৰালভাৱে গা কৰি উঠা ৰোগহে প্ৰতিৰোধ কৰা হয়। বাৰ্ধক্যৰো প্ৰতিষেধকৰ প্ৰয়োজন আছে। সম্প্ৰতি এক সমীক্ষাত প্ৰকাশ পাইছে যে সমগ্ৰ বিশ্বতে ৬০ বছৰৰ ওপৰৰ লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। এই তালিকাত ভাৰতৰ স্থান দ্বিতীয়। এতিয়া ভাৰতত সাত কোটিৰো অধিক বৃদ্ধ লোক আছে। ২০২১ত এই সংখ্যা ১৩ অতিক্ৰমিব। ইয়াৰ ভিতৰত শতকৰা ৮০ ভাগ মানুহে গাঁৱত বাস কৰে আৰু শতকৰা ৩০ শতাংশই দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোক।

বয়স্ক লোকৰ সংক্ৰমণজনিত ৰোগ বৃদ্ধি পোৱাটো স্বাভাৱিক কথা। বিভিন্ন ধৰণৰ অসুখৰ লগতে মৃত্যুৰ হাৰো বেছি। এনে ৰোগৰ ভিতৰত নিউমোনিয়া, ইনফ্লুয়েঞ্জাৰ প্ৰকোপ বেছি হোৱাটো পৰিলক্ষিত হয়। সাধাৰণতে প্ৰতিবছৰে সমগ্ৰ বিশ্বতে ৬০ৰ পৰা ১২০ কোটি লোক ইনফ্লুয়েঞ্জাত আক্ৰান্ত হয়। ইয়াৰ ভিতৰত ১০ কোটি মানুহে মৃত্যুমুখত পৰে। আমেৰিকাৰ দৰে উন্নত ৰাষ্ট্ৰতো বছৰি প্ৰায় ৫০ হেজাৰ লোক নিউমোকক্কাছজনিত নিউমোনিয়া হয় আৰু তিনি হেজাৰ লোক মেনিনজাইটিছত আক্ৰান্ত হয়। ৬৫ বছৰোৰ্ধ লোকৰ অধিকাংশই নিউমোনিয়াত আক্ৰান্ত হোৱাৰ আশংকা থাকে। আক্ৰান্ত ৰোগীয়ে উপযুক্তভাৱে চিকিৎসা লাভ কৰাৰ পাছতো ৪০ শতাংশ ৰোগীয়ে মৃত্যুক সাৱটি লয়। ইয়াৰ মূলতে হ’ল বয়স। যিমানে বয়স বৃদ্ধি পায় সিমানে শৰীৰৰ অংগ-প্ৰত্যংগৰে শাৰীৰিক কাৰণতে পৰিৱৰ্তন হ’বলৈ ধৰে। শৰীৰৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়। বহুতৰে ক্ষেত্ৰত দেখা যায় যে ডায়েবেটিছ, ব্ৰংকাইটিছ বা চি অ’ পি ডি ৰোগ, কেন্সাৰ আদি ৰোগৰ বাবে সংক্ৰমণৰ প্ৰৱণতা বৃদ্ধি হয়। এনে ধৰণৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰয়োজন প্ৰতিষেধকৰ। সচৰাচৰ বয়স্ক লোকৰ প্ৰতিষেধক লোৱাৰ প্ৰৱণতা তেনেই কম। ইয়াৰ আঁৰতো আছে এটি ভ্ৰান্ত ধাৰণা। প্ৰায়ভাগ লোকৰ মনতে এটি ভ্ৰান্ত ধাৰণা আছে যে বয়স বৃদ্ধিৰ লগে লগে প্ৰতিষেধকৰ কাৰ্যকাৰিতা হ্ৰাস পায়। পাৰিবাৰিক সমস্যা, অৰ্থনৈতিক সমস্যা তথা সচেতনতাৰ অভাৱ আদিও ইয়াৰ অন্যতম কাৰণ বুলি ক’ব পাৰি। ৬৫ বয়সোৰ্ধ ব্যক্তিক প্ৰত্যেক বছৰে ইন এক্টিভেটেড ইনফ্লুয়েঞ্জা ভেকচিন প্ৰদান কৰাটো নিতান্ত প্ৰয়োজনীয়। বিশেষকৈ যিসকল লোক খুব দুৰ্বল, হাৰ্টৰ অসুখ আছে, হাঁপানি, ব্ৰংকাইটিছ, ডায়েবেটিছ, কেন্সাৰ আদি ৰোগ আছে, যিসকল লোক বৃদ্ধাশ্ৰমত থাকে তেওঁলোকৰ বাবে এনে ধৰণৰ প্ৰতিষেধক খুবেই প্ৰয়োজনীয়। সম্পূৰ্ণৰূপে নহ’লেও শতকৰা ৭০ শতাংশৰ ক্ষেত্ৰতে এই প্ৰতিষেধকৰ কাৰ্যকাৰিতা দেখা যায়। এনে ধৰণৰ প্ৰতিষেধক গ্ৰহণৰ বাবে ইনফ্লুয়েঞ্জা আদি ৰোগত আক্ৰান্ত হ’লে হাস্পতালত ভৰ্তি কৰাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকা নাথাকে। আনহাতে, নিউমোকক্কেল প্ৰতিষেধক ৬৫ বয়সোৰ্ধ ব্যক্তিয়ে ল’ব লাগে। যিসকলে পাঁচ বছৰ ধৰি এনে প্ৰতিষেধক লোৱা নাই তেওঁলোকে পুনৰাই লোৱা উচিত। এনে প্ৰতিষেধক ল’লে নিউমোনিয়া আদি ৰোগৰ পৰা ৰক্ষা পাব পাৰি।

বয়স্ক লোকসকলে যেতিয়া ভ্ৰমণলৈ ওলায় তেতিয়া প্ৰতিষেধক গ্ৰহণ কৰিলে বিভিন্ন ধৰণৰ সংক্ৰমণৰ পৰা হাত সাৰিব পাৰে। কিয়নো বয়স্ক লোকসকলে যিকোনো পৰিৱেশত সহজতে খাপ খাব নোৱাৰে। হেপাটাইটিছ ‘এ’ আৰু হেপাটাইটিছ ‘বি’, কলেৰা, টাইফয়েড, জাপানীজ এনকেফেলাইটিছ, মেনিনগোকক্কেল মেনিনজাইটিছ, হাৰ্পিছ আদি ৰোগৰ সংক্ৰমণৰ পৰা সহজতে হাত সাৰিব পাৰি যদিহে সময়মতে প্ৰতিষেধক গ্ৰহণ কৰে। শিশুসকলৰ নিচিনাকৈ বয়স্ক লোকসকলেও প্ৰতিষেধক লৈ সুস্থ শৰীৰৰ অধিকাৰী হ’ব পাৰি। মানুহৰ জীৱনটোৰ শিশুকাল আৰু বৃদ্ধকালত প্ৰকৃতিগত কাৰণতে ৰোগ প্ৰতিৰোধী ক্ষমতা হ্ৰাস পায়। সেইবাবে এই সময়ছোৱাত প্ৰত্যেকে প্ৰতিষেধক গ্ৰহণ কৰা উচিত।

(উৎসঃ অগ্ৰদূত)।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top