(১) মানুহৰ হাত বা ভৰি কাটি পেলাবলগীয়া হ’লে মেৰুদণ্ডীয় স্নায়ু দুৰ্ঘটনাত অকামিলা হ’লে পুনৰ হাত, ভৰি বা স্নায়ুতন্ত্ৰ সম্পূৰ্ণৰূপে নতুনকৈ মানৱ শৰীৰে নিজে নতুনকৈ পুনৰ্নিমাণ কৰিব পাৰিব নেকি ? অদূৰ ভৱিষ্যতে এনেকুৱা সম্ভৱ হ’ব পাৰে। তেতিয়া আৰু ধ্বংসপ্ৰাপ্ত অথবা অংগৰ সংৰোপণ কৰাৰ প্ৰয়োজন নহ’ব। এনে ঘটনা অধঃমেৰুদণ্ডী ‘একৰ্ণ’ পেলুৰ ক্ষেত্ৰত এনেকুৱা ঘটিয়েই থাকে। এই পেলু থাকে সাগৰত, কৰেল ৰিফৰ ওচৰৰ বালিত গাঁত কৰি। এই পেলুৰ জিনীয় বিন্যাসৰ মানুহৰ জিনীয় বিন্যাসৰ ভালেখিনি মিল আছে। গতিকে আমাৰ শৰীৰৰ পুনৰ্নিমাণকাৰ জিনবোৰ কিবা উপায়ে সক্ৰিয় কৰিব পাৰিলে মানুহেও শৰীৰৰ অংগ-প্ৰত্যংগৰ পুনৰ্নিমাণ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা যায়।
এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে ‘একৰ্ণ’ পেলুৱে শৰীৰৰ প্ৰধান অংগসমূহ আনকি মূৰ আৰু স্নায়ুতন্ত্ৰও পুনৰ্নিমাণ কৰিব পাৰে। এটা পেলু দুচোৱাকৈ কাটিলে দুয়োটা অংশৰ পৰা একোটা নতুন পেলুৰ নিৰ্মাণ হয় সম্পূৰ্ণ স্বয়ংক্ৰিয়ভাৱে।
এই প্ৰাণীবিধৰ হেজাৰ হেজাৰ জিন মানুহৰ শৰীৰতো থাকে। এই জিনবোৰৰ ভিতৰতে শৰীৰ পুনৰ্নিমাণ কৰিব পৰা জিনো আছে। পেলুৰ ক্ষেত্ৰত এই জিনসমূহ সক্ৰিয়, কিন্তু কিবা কাৰণত মানুহৰ ক্ষেত্ৰত জিনসমূহ নিষ্ক্ৰিয় থাকে। এই জিনসমূহৰ ৰহস্য ভেদ কৰিব পাৰিলে মানুহেও শৰীৰৰ প্ৰধান অংগসমূহ প্ৰয়োজন অনুসৰি পুনৰ্নিমাণ কৰিব পাৰিব বুলি আশা কৰা হৈছে। তেতিয়া আৰু দুৰ্ঘটনাজনিত কাৰণত মগজুৰ কোষ আৰু স্নায়ুৰ মৃত্যু হ’লেও কোনো চিন্তা নাথাকিব। আমাৰ শৰীৰৰ নিৰ্দিষ্ট জিনবোৰে মগজু কোষ আৰু স্নায়ুৰ পুনৰ্নিমাণ কৰিব পাৰিব, মানুহ মৃত্যুৰ দুৱাৰ দুৱাৰ ডলিৰ পৰা ঘূৰাই আনিব পৰা যাব।
ভবা হৈছে পুনৰ্নিমাণকাৰী জিনসমূহক নিয়ন্ত্ৰণ কৰে এক বা একাধিক নিয়ন্ত্ৰক জিনে। একৰ্ণ পেলুৰ শৰীৰত এই নিয়ন্ত্ৰক জিনবোৰে পুনৰ্নিমাণকাৰী জিনবোৰক সদাসক্ৰিয় কৰি ৰাখে। একেই পৰিঘটনা মানুহৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব পাৰে। ইয়াৰ বাবে ব্যাপক অধ্যয়ন তথা গৱেষণাৰ প্ৰয়োজন হ’ব।
(২) প্ৰতিদিনে মাত্ৰ দুটা কণা খাই ১১৭ বছৰলৈকে সুস্বাস্থ্যৰ গৰাকী হৈ বাচি থাকি মহিলা এগৰাকীয়ে বাতৰিৰ শিৰোনাম দখল কৰিছে। তেওঁ হ’ল ইটালীৰ এম্মা মৰিণো। জন্ম ১৮৯৯ চনৰ নৱেম্বৰ মাহত। তিনিটা শতকজুৰি তেওৰ জীৱন পৰিক্ৰমা। ৰাইট ভ্ৰাতৃদ্বয়ে আকাশত উৰাৰ চাৰি বছৰ আগতে তেওঁৰ জন্ম। তেওঁৰ জীৱনকালত দুখন বিশ্বযুদ্ধ আৰু ৯০ খন ইটালীয় চৰকাৰ গঠন হৈছে। তেওঁৰ জীৱন কাহিনী সুখকৰ নহয়। ৬৫ বছৰ বয়সলৈকে এটা কাৰখানাত কাম কৰিছিল। বৰ্তমানে ইটালীৰ ভাৰ্জেনিয়া চহৰৰ মেজিঅ’ হ্ৰদৰ পাৰৰ এটা সৰু এপাৰ্টমেণ্টত থাকে। তেওঁৰ বিয়া হৈছিল তেওঁৰ প্ৰথম প্ৰেমিক সৈনিক এজনৰ সৈতে। প্ৰথম বিশ্বযুদ্ধত তেওঁৰ মৃত্যু হয়। তাৰ পাছত তেওঁক ভাল নোপোৱা মানুহ এজনে জোৰ জবৰদস্তি বিয়া কৰাইছিল। তেওঁ এম্মাক কৈছিল, ‘হয় তুমি মোক বিয়া কৰোৱা, নহলে মৃত্যুবৰণ কৰিবলৈ সাজু হোৱা’। এম্মাই মৰিব খোজা নাছিল। গতিকে বিয়াখন হ’ল। কিন্তু দাম্পত্য জীৱন সুখৰ নহ’ল। তেওঁলোকৰ এটা সন্তান জন্ম হৈছিল, কিন্তু ছমাহৰ ভিতৰতে শিশুটেৰ মৃত্যু হয়। সেয়া ১৯৩৭ চনৰ কথা। তাৰ এবছৰ পাছতে এম্মাৰ বিবাহ-বিচ্ছেদ হয়। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ইটালীত এইটোৱেই প্ৰথম বিবাহ-বিচ্ছেদৰ ঘটনা। তাৰ পাছত একাকী জীৱন যাত্ৰা। অন্য খাদ্য এৰি মাথোন কণী খাই জীৱন ধাৰণ কৰিবলৈ সিদ্ধান্ত ল’লে। প্ৰথম অৱস্থাত দিনে তিনিটা কণী খাইছিল। এতিয়া মাত্ৰ দুটা কণী খায় প্ৰতিদিনে। তাকো কেঁচা কণী। এম্মাৰ এগৰাকী চিনাকী চিকিৎসক আছে। তেওঁ নিয়মিতভাৱে এম্মাৰ স্বাস্থ্য পৰীক্ষা কৰে।
অলপতে তেওঁ ১১৭ বছৰীয়া জন্মদিন পালন কৰে। লগত আছিল প্ৰতিবেশী, বন্ধুবৰ্গ আৰু চিকিৎসকজন। সকলোৱে মিলি এম্মাক এটা ডাঙৰ বগা কেক্ উপহাৰ দিছিল। এম্মাই আশা কৰে, তেওঁ ভৱিষ্যতলৈও জন্মদিন পালন কৰিবলৈ সক্ষম হ’ব।
(৩) আমাৰ মগজু আৰু মেৰুদণ্ডৰ মাজেৰে এবিধ ৰস সঞ্চালিত হৈ থাকে। এই ৰসক মগজু মেৰুদণ্ডী ৰস বোলে। এই ৰসে মগজু আৰু মেৰুদণ্ডীয় স্নায়ুক পুষ্টিৰ যোগান ধৰে আৰু পৰিত্যজ্য পদাৰ্থসমূহ নিষ্কাশন কৰে।
অধ্যয়নৰ পৰা দেখা গৈছে যে মহাকাশচাৰী বিজ্ঞানীসকলৰ মগজু মেৰুদণ্ডী ৰসৰ প্ৰৱাহত বিজুতি ঘটে। ফলত তেওঁলোকৰ দৃষ্টি ম্লান হয়, অস্পষ্ট হয় যেতিয়া তেওঁলোক সৰহ দিনলৈ মহাকাশত থাকিবলগীয়া হয়। মহাকাশচাৰীসকলৰ চকুৰ পিছফাল চেপেটা হয় আৰু অক্ষিস্নায়ুৰ প্ৰৱাহ হয়। ফলত দূৰৈৰ বস্তু ভালদৰে দেখে যদিও বস্তু দেখাত অসুবিধা হয়। অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে দীৰ্ঘদিন মহাকাশত থাকিলে মগজুত মগজু মেৰুদণ্ডীয় ৰসৰ মাত্ৰা অধিক হয়। পৃথিৱীত থকা সময়ত কথা, থিয় হোৱা বা শোৱাৰ সময়ত মগজু মেৰুদণ্ডীয় ৰসে প্ৰয়োজনীয় সন্তুলন ৰক্ষা কৰি ৰাখিব পাৰে। কিন্তু মহাকাশত নিম্ন মাধ্যাকৰ্ষণৰ ফলত বিভ্ৰমৰ সৃষ্টি হয় আৰু মগজু মেৰুদণ্ডী ৰসে সন্তুলন ৰক্ষা কৰিব নোৱাৰা হয়। ইয়াৰ ফলতে মগজুত অধিক মগজু মেৰুদণ্ডী ৰস জমা হয় আৰু দৃষ্টি শক্তিৰো সমস্যা হয়।
(উৎসঃ অসমীয়া খবৰ, ডাঃ জীৱন দত্ত বৰুৱা)।
শেহতীয়া উন্নীতকৰণ: : 2/28/2024