অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সৰিয়হ তেলৰ তাৎক্ষণিক বিধান :

সৰিয়হ তেলৰ তাৎক্ষণিক বিধান :

 

আমাৰ প্ৰত্যেক মানুহৰ ঘৰতে কেতিয়াবা কিছুমান সাধাৰণ ঘটনা ঘটে যেতিয়া কোনো চিকিৎসক নতুবা ঔষধৰো যোগান নাথাকে। তেনে সময়ত সাধাৰণ সৰু ঘটনা কিছুমান নিমিষতে সমাধান কৰাত সৰিয়হৰ পৰা তৈয়াৰ কৰি উলিওৱা মিঠাতেল ব্যৱহাৰ কৰি সুফল পাব পাৰি। সৰিয়হ একবৰ্ষজীৱি দ্বি- বীজপত্ৰী এবিধ ক্ষুদ্ৰ উদ্ভিদৰ ফল। এই গুটিৰ পৰা উলিওৱা মিঠাতেল বৰ উপকাৰী। ইয়াৰ বৈজ্ঞানিক নাম  । বিভিন্ন সময়ত নিমিষতে ইয়াৰ প্ৰয়োগ কৰি সুফল পাব পাৰি।

কেতিয়াবা পাকঘৰত খোৱা বস্তু ৰন্ধা-বঢ়া কৰোঁতে হঠাতে তেল গৰম কৰোঁতে তেলৰ টোপাল শৰীৰত পৰেহি। গৰম তেল পৰা ঠাইৰ পোৰণিৰ পৰা ৰক্ষা পাবলৈ বাৰ্নল নাথাকিলে মিঠাতেল টুপটুপীয়াকৈ কিছুসময় লগাই ৰাখিলে পোৰণি নাইকিয়া হ’ব।

হঠাতে গৰম পানী পৰিলেও মিঠাতেলৰ তৰপ এটা কিছুসময় নাবান্ধে। মোহাৰি দিব নালাগে। পোৰণিও নাইকিয়া হ’ব।

কেতিয়াবা ল’ৰা-ঢপৰাকৈ কাম কৰিলে ভৰিৰ আঙুলিৰ নখ ভাঙে বা তেজ ওলাব পাৰে। বিশুদ্ধ মিঠাতেল অলপমান নখটোত কিছু সময় দি ৰাখিলে তেজ ওলোৱা বন্ধ হ’ব। বিষো নাইকিয়া হয়।

জোতা পিন্ধি খোজ কাঢ়োঁতে ছাল ছিগিলে মিঠাতেল দিলে আৰাম পাব। কেতিয়াবা তামোলৰ লগত চূণ খালে চূণে ডাকিলে মিঠাতেল লগাই থ’ব লাগে। লাহে লাহে ডকা ঠাই স্বাভাৱিক হ’ব।

কেতিয়াবা ৰাতি বিয়লি দাঁতৰ বিষত তত নাইকিয়া হয়। ৰাতি দাঁতৰ চিকিৎসক পাবলৈ কঠিন হয়। কপাহত বিশুদ্ধ মিঠাতেল লগাই কিছু সময় দাঁতত লগাই থ’লে বিষ নাইকিয়া হ’ব।

কেতিয়াবা ডিঙি বিষাই সেপ ঢুকিব নোৱৰা হয়। মুখৰ মাতো নোলায়। মিঠাতেল অকণমান হাতত লৈ আঙুলিৰে থুঁতৰিৰ তলেদি এখন কাণৰ পৰা আনখন কাণৰ কাষলৈ তেল সানি কেইমিনিটমান মালিচ কৰিলে ডিঙিৰ বিষ নাইকিয়া হ’ব। যদি ফেৰিংজাইটিছ থাকে সিও আঁতৰিব। মাতো ওলাব।

পানী লগা হ’লে বা মূৰৰ বিষৰ পৰা মুক্ত হ’বলৈ মিঠাতেল নাকেৰে উজাব লাগে। অতি সোনকালে আৰাম পাব। কেতিয়াবা নাকেদি তেজ ওলোৱা ব্যক্তিয়ে মাজে সময়ে মিঠাতেল নাকেদি উজাই থাকিলে তেজ ওলোৱা বন্ধ হ’ব। শৰীৰটোত কোনো অংশত বিষ হ’লে তেল মালিচ কৰিলে আৰাম পাব।

মিঠাতেল অতীজৰে পৰা মানুহে খাদ্য তালিকাত অতি প্ৰয়োজনীয় সামগ্ৰী বুলি গণ্য কৰি আহিছে। সৰিয়হৰ পৰা উলিওৱা তেলৰ বৰণ ৰিফাইন তেলৰ দৰেহে। ইয়াৰ ৰং পিয়াঁজৰ বাবে ৰঙচুৱা হয়। মিঠাতেলত কেলছিয়াম, মেগনেছিয়াম, ফছফৰাছ পটেছিয়াম আদি লৱণসমূহৰ উপৰি ভিটামিন ‘এ’ আৰু ‘ই’ ৰ উৎস হিচাপে পোৱা যায়। সৰিয়হ আঁহযুক্ত , ফলেট বা ভিটামিন ‘ই’ কমপ্লেক্স আৰু ওমেগা ৩ ফেটি এচিডযুক্ত। ই এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংগেল । হাড় , ছাল চুলি আৰু ধমনী সম্বন্ধীয় ৰোগবোৰৰ বাবে মিঠাতেলৰ উপকাৰিতা আছে।

লেখিকা: কবিতা ফুকন ( আমাৰ অসম পুৰ্বাচল)

শেহতীয়া উন্নীতকৰণ: : 1/18/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate