অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নিষিদ্ধ ঔষধৰ বিৰুদ্ধে আন্দোলনৰ প্ৰয়োজন

নিষিদ্ধ ঔষধৰ বিৰুদ্ধে আন্দোলনৰ প্ৰয়োজন

নিষিদ্ধ ঔষধৰ বিষয়ে আন্দোলনৰ প্ৰয়োজন

নিতৌ সৰু-সৰা মূৰৰ বিষৰ পৰা আৰম্ভ কৰি ক’ত বেমাৰে আমাৰ জীৱনটো যে অশান্তিময় কৰি তোলে তাৰ লেখ-জোখ নাই। বেমাৰলৈ মানুহৰ ভয়। সেইবাবেই ৰোগ সৰু-ডাঙৰ যেনেকুৱাই নহওঁক কিয়, কিবা এটা ঔষধ নোখোৱালৈকে কোনো লোকেই নিৰাপত্তা অনুভৱ নকৰে। মানসিক শান্তি নাপায়। অকণমান কিবা এটা হ’লেই আমি লগে লগে ঔষধ খোৱাটো অভ্যাসতে নহয়, আমাৰ সংস্কৃতিতো পৰিণত হৈছে। তদুপৰি নিজৰ কি অসুখ হ’লে কি ঔষধ কিনি খাব লাগে সেইতো জনাটো আভিজাত্যৰ যেন মাপকাঠি। কাৰো আগত বেমাৰৰ কথা কবই নোৱাৰি-জানকে বা নাজানক, টপককৈ ঔষধৰ নাম এটা কৈ দিব। যদিহে আমাৰ জীৱনত ঔষধে ভাল প্ৰভাৱ পেলালেহেতেঁন, যদিহে কি বেমাৰত কি ঔষধ কি পৰিমাণত খাব লাগে সেই সম্পৰ্কেও সকলোৱে জানিলেহেতেঁন-তেতিয়া ভাল কথাই হ’লহেতেঁন। কিন্তু সেয়া প্ৰকৃততে নহয়।পুৱা শুই উঠি ৰক্তচাপৰ ঔষধ, ভাত খাই গেষ্টিকৰ ঔষধ- তাৰ পিছত ভিটামিন আদি। মূৰৰ বিষ, পানীলগা, গ্ৰহণী, জ্বৰ, পেটৰ বিষ, কাঁহ আদিৰ ঔষধ, উফি নোহোৱা কৰা, চুলি ক’লা কৰা, চকুত দিয়া আদি ঔষধ,...... আৰু যিমান যি সচৰাচৰ হৈ থকা বেমাৰ আছে-সকলোতে আমি নিজেই ৰোগী আৰু নিজেই ডাক্তৰ। নিজেতো খাওঁ খাওঁৱেই, আনকো পৰামৰ্শ দি থাকো। ইয়াৰ ব্যতিক্ৰম ব্যক্তি আজিৰ দিনত খুউব কমেই ওলাব। -তথাপিও, দিনক দিনে ৰোগীৰ সংখ্যা বাঢ়িছে। বেমাৰৰ পৰা দীৰ্ঘদিনৰ বাবে উপশম পোৱা ব্যক্তিৰ সংখ্যা তাকৰ।

নিচাযুক্ত ড্ৰাগছ সেৱনকাৰীসকলে সময়ত ড্ৰাগছ নাপালে ছটফটাই ফুৰে-যিটোক ‘উইথড্ৰয়েল এফেক্ট’ বোলা হয়। সেই সময়ত ড্ৰাগছ সেৱন কৰিব পাৰিলে তেওঁ শান্ত হৈ পৰে। আমাৰো একে অৱস্থা। কিবা এটা হ’লে-সি হাতীৰ ঔষধেই হওঁক বা নিগনি মৰা ঔষধেই হওঁক, পেটলৈ যাবই লাগিব- নহ’লে আমিও ‘উইথড্ৰয়েল এফেক্ট’ৰ বলি হওঁ- মানসিক শান্তি হেৰুৱাও।

আগতেই কোৱা হৈছে- ঔষধ আমাৰ অভ্যাস আৰু সংস্কৃতি হৈ পৰিছে। তথাপিও আমি যদি প্ৰকৃতভাৱে ঔষধক বুজিবলৈ যাওঁ-তেন্তে তাৰ উত্তৰ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে মূলতঃ দুটা গুণবিশিষ্ট দ্ৰব্যকে ঔষধ বুলিব পাৰি।

(১) এই দ্ৰব্যৰ নিৰ্দিষ্ট ৰোগ নিৰাময়ৰ পূৰ্ণদক্ষতা থাকিব লাগিব।

(২) এই দ্ৰব্যৰ মানৱ দেহত ক্ষতিকাৰক প্ৰভাৱ পেলাব নেলাগিব”।

-এতিয়া আপুনি নিশ্চিন্ত নে আপুনি যি ঔষধ বুলি খায়, তাৰ এই দুটা গুণ আছে?-হয় আছে। উত্তৰ নিৰ্ভীক আৰু খোকোজা নলগাকৈ দিব পাৰিব। কাৰণ আপোনাৰ ঔষধৰ প্ৰতি ইমানেই বেছি বিশ্বাস যে আপোনাৰ দেহত হোৱা ক্ষতি আপুনি উপলব্ধিয়েই নকৰে। অথবা ভাবি লয়, এই ক্ষতিবোৰ ক্ষতি নহয়-আন কিবা কাৰণত হোৱা বেমাৰ। কাৰণ ঔষধে আৰু বেমাৰ কৰিব পাৰেনে!’- এই বিশ্বাসৰ সৃষ্টি হৈছে আজিৰ ঔষধ ব্যৱসায়ীসকলে বিজ্ঞাপন আৰু আন প্ৰচাৰ মাধ্যমৰ যোগেৰে সৃষ্টি কৰা এক পৰিৱেশৰ বাবে। আমি আজি ঔষধ ব্যৱসায়ীৰ হাতত বন্দী। এনেকৈয়েই বন্দী যে- আমি যে প্ৰতাৰিত সেই কথা ভাবিবলৈও সুবিধা নাই। তৃতীয় বিশ্বৰ দুখনমান দেশৰ লগতে ভাৰততো ঔষধ ব্যৱসায় এক অতি লাভজনক ব্যৱসায়ত পৰিণত হৈছে। আৰু বিদেশী আৰু বহুৰাষ্ট্ৰীয় কোম্পানীবোৰে তৈয়াৰ কৰা ঔষধৰ পৰিৱেশ ভাৰতত ইমানেই শক্তিশালী যে ইয়াত যদি ঔষধ বুলি বিহো প্ৰচলন কৰা হয়-মানুহে সোপাসোপে তাকেই গিলিব। হৈছেও, ঔষধৰ নামত আজি মানৱ দেহৰ বাবে ক্ষতিকাৰক, বিষাক্ত দ্ৰব্যৰ প্ৰচলনো হৈ আছে।

আচৰিত হ’ব লগা কথা যে সমগ্ৰ বিশ্বত আজিলৈকে যিমানবোৰে ৰোগ নিৰূপণ কৰিব পৰা হৈছে-সেইবোৰ ৰোগ নিৰাময়ৰ বাবে মুঠ ২৫০ বিধ ঔষধৰহে প্ৰয়োজন। কেৱল ঔষধেই নহয় এই ২৫০ বিধৰ ভিতৰত চিকিত্‍সাৰ কিছুমান সা-সজুলিও আছে। এইয়া বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদিত ঔষধৰ সংখ্যা। পৃথিৱীৰ সকলো ৰোগ ভাৰতত নাই। সেয়েহে ভাৰতত দেখা দিয়া ৰোগসমূহ নিৰাময় কৰিবলৈ প্ৰকৃততে কিমান বিধ ঔষধৰ প্ৰয়োজন সেয়া নিৰ্দিষ্ট কৰিবলৈ ভাৰত চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ কমিটিৰ (হাথী কমিটি) তালিকাই এই সংখ্যা-১১৭ বুলি ঘোষণা কৰে। ১১৭ বিধ ঔষধৰেই ভাৰতত দেখা দিয়া সকলো ৰোগ নিৰাময় কৰিব পাৰি।- এই তালিকাতো চিকিত্‍সাৰ প্ৰাথমিক সা-সৰঞ্জাম আছে। আৰু লগতে আছে- বিশ্ব স্বাস্থ্য সংস্থাৰ তালিকাত নথকা ঔষধ, (ভাৰতত যেন ৰোগটো আছে বিশ্বত নাই!!!) বিশ্ব স্বাস্থ্য সংস্থাই নিষিদ্ধ বুলি ঘোষণা কৰা ঔষধ। এইবোৰ বাদ দিলে ভাৰতৰ বাবে প্ৰয়োজনীয় ঔষধৰ সংখ্যা প্ৰায় ১০০ মানহে হ’বগৈ। কিন্তু তাৰ বিপৰীতে আজি ভাৰতত পোৱা যায় ৭০,০০০ বিধ ঔষধ!!

কিছুমান বিশেষ সমীক্ষাত এই কথাটো স্পষ্ট হৈ পৰিছে যে, প্ৰচলিত মুঠ ঔষধৰ শতকৰা ৭০ ভাগেই মানৱ দেহৰ বাবে ভয়ংকৰ ক্ষতিকাৰক, ৰোগ নিৰাময়ৰ দক্ষতা নথকা আৰু কোনো চিকিত্‍সা শাস্ত্ৰতে উল্লেখ নথকা অপ্ৰয়োজনীয় দ্ৰব্য।

বাকী থকা শতকৰা ৩০ ভাগ ঔষধৰ ভিতৰত আছে- একেটা ঔষধকেই বিভিন্ন ঔষধ ব্যৱসায়ীয়ে পৃথক পৃথক নামত আৰু দামত বিক্ৰী কৰা ঔষধ। আন কিছুমান অপ্ৰয়োজনীয় মিশ্ৰণৰ তৈয়াৰী ঔষধো ইয়াৰ মাজত আছে। অৰ্থাত্‍ দুই তিনিবিধ দ্ৰব্য মিহলাই এবিধ ঔষধ বনাইছে। দ্ৰব্য তিনিবিধৰ এবিধ হয়তো ঔষধ হিচাপে স্বীকৃত্, কিন্তু বাকী দুবিধ কোনো চিকিত্‍সা শাস্ততে উল্লেখ নথকা দ্ৰব্য!

জনসাধাৰণৰ ঔষধৰ প্ৰতি থকা অজ্ঞতা, অজ্ঞতাৰ ফলত সৃষ্টি হোৱা ঔষধৰ প্ৰতি অবৈজ্ঞানিক দুৰ্বলতাৰ হেতু ভাৰতত ঔষধ ব্যৱসায় এক লাভজনক ব্যৱসায় হিচাপে পৰিগণিত হোৱা আদি কেতবোৰ কাৰণতেই এনেদৰে অপ্ৰয়োজনীয় আৰু ক্ষতিকাৰক ঔষধৰ পৰিমাণ বাঢ়ি আহিছে।

অতি দুখৰ কথা যে প্ৰায়বোৰ উন্নত আৰু উন্নয়নশীল দেশ আনকি বাংলাদেশতো যিবোৰ ঔষধৰ মানৱ দেহৰ বাবে ক্ষতিকাৰক বুলি বহু বছৰ আগতেই প্ৰচলন বন্ধ হৈ গৈছে-চৰকাৰে নিষিদ্ধি কৰিছে, সেইবোৰক ক্ষতিকাৰক বুলি সম্পূৰ্ণ প্ৰামাণিক তথ্য থকাৰ পিচতো ভাৰতত ঔষধ হিচাপে চলাই থকা হৈছে।

চিকিত্‍সা শাস্ত্ৰত উল্লেখ নথকা আৰু মানৱ দেহৰ বাবে ভয়াবহভাৱে ক্ষতিকাৰক এনে বিষাক্ত দ্ৰব্য ঔষধ হিচাপে বজাৰত উলিয়াই দিয়া কোম্পানীবোৰৰ এনে দ্ৰব্যৰ ৰোগ নিৰাময়ৰ দক্ষতাৰ ওপৰত কৰা ভুৱা আৰু আকৰ্ষণীয় বিজ্ঞাপণত ভোল যোৱাৰ বাবে সাধাৰণ ৰাইজে নিজে নিজৰ ৰোগ নিৰ্ণয় কৰি বিজ্ঞাপনৰ মতে নিজে দৰব কিনি খায়েই-আনকি ডাক্তৰসকলেও এনে বিষাক্ত বস্তবিধকেই ৰোগীৰ চিকিত্সা ব্যৱস্থা পত্ৰত (Prescription) ৰোগ নিৰাময়ৰ বাবে কিনি খাবলৈ পৰামৰ্শ দিয়া দেখা যায়। বহু চিকিত্সকে উক্ত দ্ৰব্য বিধে ৰোগীৰ দেহত কি প্ৰভাৱ পেলাব তাকেই নাজানে।

এনে ক্ষতিকাৰক দ্ৰব্যবোৰ ঔষধ হিচাপে বিক্ৰী কৰাৰ বিৰুদ্ধে আজি বহুদিনৰ আগৰেপৰাই বিভিন্ন ঠাইত (অসমত নহয়) জন আন্দোলন গঢ় লৈ উঠিছে। ফলত, জনগণৰ হেচাঁত চৰকাৰে কেইবিধমান (মাত্ৰ ৮০ বিধ) ঔষধহে নিষিদ্ধ বুলি ঘোষণা কৰিছে।

পিচে, ঔষধ কোম্পানীৰ বিভিন্ন লোভত পৰি প্ৰশাসন যন্ত্ৰটোৰ মাজত দুৰ্নীতি সোমাইছে। ফলত ব্যৱসায়ীসকলে এতিয়াও বিনা বাধাৰে এনে নিষিদ্ধ ঔষধৰ ভালেমান উত্‍পাদন আৰু বিক্ৰী কৰিয়েই আছে। সাধাৰণ লোকসকলৰ কথাতো বাদেই-চিকিত্‍সকসকলেও চৰকাৰীভাৱে নিষিদ্ধ ঘোষণা কৰা ঔষধৰ সম্পূৰ্ণ তালিকাখন নজনাটো অতি দুৰ্ভাগ্যজনক কথা। ফলত ৰোগীয়ে ডাক্তৰৰ ওপৰত ভৰসা কৰিব নোৱাৰাৰ দৰে অপ্ৰিয় অথচ সচাঁ পৰিস্থিতি এটাৰো সৃষ্টি হৈছে- সচেতন লোকৰ মাজত। আনহাতে, ডাক্তৰসকলৰ অজ্ঞতাৰ বাবে বহুবোৰ নিষেধযোগ্য, অপ্ৰয়োজনীয় আৰু মানৱ দেহৰ বাবে ক্ষতিকাৰক তথা ৰোগ নিৰাময়ৰ দক্ষতা নথকা, কোনোবাটো ৰোগৰ বাবে কেতিয়াবা প্ৰয়োজনো যে হ’ব পাৰে, তেনে কোনো কথা কোনো এখন চিকিত্‍সা শাস্ত্ৰতে লিখা নথকা ঔষধো ডাক্তৰসকলে ৰোগীক বা এজন সুস্থ মানুহক ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দি মৃত্যুৰ মুখলৈহে আগবঢ়াই দিয়ে। এইয়া হ’বলৈ পায় ডাক্তৰসকলৰ অজ্ঞতা আৰু বিভিন্ন ঔষধ কোম্পানীৰ প্ৰতিনিধিৰ দ্বাৰা তেওঁলোকৰ ঔষধ ৰোগীৰ ব্যৱস্থা পত্ৰত লিখিবৰ বাবে ডাক্তৰসকলক দিয়া “উপহাৰ”ৰ ফলত।

সাধাৰণ ৰাইজে তেন্তে কি কৰা উচিত?- পোণপটীয়া কথা, নিষিদ্ধ ঔষধৰ তালিকাখন পালেই সেইমতে চাইচিতি ব্যৱহাৰ কৰিব পৰা যাব। কিন্তু সমস্যাও তাতেই। সাধাৰণতেই যি দ্ৰব্যৰে (আমি এতিয়া ইয়াক বুনিয়াদী ঔষধ বুলি কম) ঔষধ তৈয়াৰ কৰা হয়-নিয়মমতে ঔষধৰ নামো সেইটোৱেই হ’ব লাগে। যেনে- পেৰাচিটম’ল। ই এটা বুনিয়াদী ঔষধ। কিন্তু ইয়াক বিভিন্ন নামত পোৱা যায়। অৱশ্যে ঔষধৰ ওপৰত থকা আৱৰণত ঔষধটোত থকা বুনিয়াদী দ্ৰব্যবোৰৰ নাম লিখা থাকে। কিন্তু অতি পৰিতাপৰ কথা যে-অসমৰ ৫০ শতাংশ লোকেই নিৰক্ষৰ। সাক্ষৰসকলৰ কিমান জনে বা ইংৰাজী পঢ়িব জানে? গতিকে প্ৰতিজন মানুহে সিদ্ধান্ত লোৱাটো সম্ভৱ নহয়। বৰ্তমান বহুবোৰ এনে নিষিদ্ধ আৰু ক্ষতিকাৰক বুনিয়াদী ঔষধ বজাৰত চলি আছে। তদুপৰি কেইবাবিধো বুনিয়াদী ঔষধ নিৰ্দিষ্ট পৰিমাণত মিহলাই সৃষ্টি কৰা পৃথক ঔষধ কিছুমানো চৰকাৰে নিষিদ্ধ কৰিছে। ইয়াক Fixed Dose Combination বুলি কোৱা হয়। এনে নিৰ্দিষ্ট পৰিমাণত যুক্ত মিশ্ৰ ঔষধবোৰৰ ক্ষতিকাৰক প্ৰভাৱেই অধিক। সাধাৰণতে কোনো অসুখৰ বাবে প্ৰয়োজনীয় ঔষধ পৃথক পৃথককৈ গ্ৰহণ কৰাটো উচিত। কিন্তু, কেৱল ঔষধ ব্যৱসায়ীৰ মুনাফাৰ বাবেই আজি একক ঔষধ বজাৰত খুউব কমেই পোৱা যায়। এটা নিৰ্দিষ্ট ৰোগৰ বাবে ৰোগীক নিৰ্দিষ্ট ঔষধৰ প্ৰয়োজন। কিন্তু আজিৰ বজাৰত যিহেতু নিৰ্দিষ্ট ঔষধটো এককভাৱে পোৱা নাযায়- গতিকে আন দুই তিনি বা ততোধিক দ্ৰব্যৰে ভৰা (যি ৰোগীৰ বাবে প্ৰয়োজনীয় নহয়) ঔষধো ৰোগীয়ে খাব লগা হয়। ফলত ৰোগীৰ দেহত ভয়ংকৰ ক্ষতি হয়। আনহাতে, কোনো ৰোগীক একাধিক ঔষধৰ প্ৰয়োজন হ’লেও তাৰ উত্তৰ নিৰ্দিষ্ট মাত্ৰাত যুক্ত মিশ্ৰ ঔষধ নহয়। কাৰণ প্ৰতিটো ঔষধৰ পৰিমাণ ৰোগীৰ বয়স আৰু আন শাৰীৰিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে-যি কেৱল চিকিত্‍সকেহে নিৰ্ণয় কৰিব পাৰে।

গতিকে, জনস্বাস্থ্য ৰক্ষাৰ বাবে প্ৰথমে ডাক্তৰসকলেই আগবাঢ়ি আহিব লাগিব নি……স্বাৰ্থভাৱে। লগতে প্ৰশাসন যন্ত্ৰটো যাতে দুৰ্নীতিগ্ৰস্ত হব নোৱাৰে, ঔষধ ব্যৱসায়ীসকলে যাতে ভুৱা প্ৰচাৰেৰে ৰাইজ আৰু ডাক্তৰক ঠগিব নোৱাৰে, ফাৰ্মাচীবোৰে যাতে ক্ষতিকাৰক ঔষধ বিক্ৰী কৰিব নোৱাৰে, তাৰ ওপৰত চকু ৰাখিবলৈ যুৱ সংগঠনবোৰ ওলাই আহিব লাগিব। নিষিদ্ধ ঔষধৰ তালিকা সংগ্ৰহ কৰি কোনো ফাৰ্মাচিষ্ট বা চিকিত্‍সকৰ সহায়ত কিছু অধ্যয়ন কৰিলেই প্ৰাথমিক কাম-কাজৰ বাবে সাজু হব পৰা যাব।

ভাৰতৰ ঠায়ে ঠায়ে এনে ঔষধৰ বিৰুদ্ধে কাম কৰা বিভিন্ন সংগঠন আগবাঢ়ি আহিছে। বহু ঠাইত চৰকাৰ আৰু ঔষধ কোম্পানীৰ বিৰুদ্ধে ন্যায়ালয়্ত গোচৰো তৰিছে স্বেচ্ছাসেৱী সংগঠনে। সফলো হৈছে।

অসমতো বিভিন্নজনে একক প্ৰচেষ্টাৰে এনে কাম কৰি আছে। কিন্তু অকলশৰে কিছুমান কামত ভবাৰ দৰে সফলতা পোৱা নাযায়। গতিকে, সেইসকল লোক একগোট হৈ কাম কৰাৰ সময় আহি পৰিছেহি।

প্ৰাথমিক কাম-কাজ আৰম্ভ কৰিব বিচৰাসকলে চৰকাৰীভাৱে নিষিদ্ধ কৰা ঔষধৰ তালিকা-জিলা স্বাস্থ্য বিষয়া, অথবা ঔষধ পৰিদৰ্শকৰ কাৰ্য্যালয়ত বিচাৰি চাব পাৰে। সেই বিভাগত এই তালিকা থাকিব লাগে যদিও-বহু ক্ষেত্ৰত নাথাকে। স্বাস্থ্য সঞ্চালকৰ-গুৱাহাটীৰ হেঙেৰাবাৰীত থকা কাৰ্য্যলয়ত বিচাৰিব পাৰিব। চৰকাৰী অধ্যাদেশ কেইখনৰ নম্বৰ হ’ল:  GSR,578(E), dt. 23/07/93, GSR 49(E), dt. 31/1/84, GSR 322(E), dt. 3/5/84, GSR 863 (E) dt. 22/11/84, GSR 700(E) dt. 15/6/88 আৰু GSR 69(E) dt. 26/12/90- তাতো বিচাৰি নাপালে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ লিখিব পাৰে।

লিখক: পংকজ নেওগ, গুৱাহাটী

শেহতীয়া উন্নীতকৰণ: : 1/23/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate