মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / ব্ৰেণ্ডেড বনাম জেনেৰিক ঔষধঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ব্ৰেণ্ডেড বনাম জেনেৰিক ঔষধঃ

ব্ৰেণ্ডেড বনাম জেনেৰিক ঔষধৰ বিষয়ে

 

এক নিৰ্মোহ বিশ্লেষণ-

 

এতিয়াৰে পৰা দেশৰ সকলো চিকিৎসকে প্ৰেছক্ৰিপচনত কোনো ঔষধৰেই ‘ব্ৰেণ্ড নাম’ লিখিব নোৱাৰিব। তাৰ পৰিৱৰ্তে ঔষধৰ ‘জেনেৰিক নাম’হে লিখিব লাগিব, তাকো বৰফলাৰ আখৰত। অন্যথা শাস্তিৰ সন্মুখীন হ’ব লাগিব- এয়া ‘মেডিকেল কাউন্সিল অব্ ইণ্ডিয়া’ (চমুকৈ এম চি আই)ৰ নিৰ্দেশ। দেশৰ চিকিৎসকসকলৰ প্ৰতি প্ৰেছক্ৰিপচন লিখাৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰা এই নীতি-নিয়মসম্বলিত শেহতীয়া নিৰ্দেশনাই দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অসমতো ইয়াৰ অনুৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত ‘মেডিকেল কাউন্সিল অব্ ইণ্ডিয়া’ই জাৰি কৰা এই নিৰ্দেশনাক লৈ একাংশ চিকিৎসককে ধৰি এই বিষয়টোৰ ওপৰত জ্ঞানৰ পৰিপক্কতা থকা ব্যক্তিবিশেষে অসন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে যদিও দেশৰ গৰিষ্ঠসংখ্যক লোকৰ মুখত প্ৰশান্তিৰ ছবি দেখিবলৈ পোৱা গৈছে। কিয়নো ইয়াৰ জৰিয়তে দেশৰ কোটি কোটি সাধাৰণ জনতা একাংশ ‘কমিছনলোভী চিকিৎসক’ আৰু ঔষধ প্ৰস্তুতকাৰী কোম্পানীৰ প্ৰৱঞ্চনাৰ বলি হোৱাৰ পৰা ৰেহাই পাবলৈ সক্ষম হ’ব বুলি তেওঁলোকে ধৰি লৈছে। অৱশ্যে ই তেনেই স্বাভাৱিক। কিন্তু বাস্তৱ ক্ষেত্ৰত এয়া সঁচাকৈ সম্ভৱ হ’বনে ? উপৰুৱাকৈ ভুমুকি মাৰি চাই কথাবোৰ যিমান সহজ যেন লাগে, বাস্তৱ ক্ষেত্ৰত আচলতে বিষয়টো সিমান উজু নহয়। ই এটা জটিল বিষয় আৰু ইয়াৰ লগত আন বহুতো গুৰুত্বপূৰ্ণ কথাই সংপৃক্ত হৈ আছে। এই বিষয়ৰ গভীৰতালৈ নমাৰ আগেয়ে আহক প্ৰথমে আলোচনা কৰো

‘ব্ৰেণ্ডেড’ আৰু ‘জেনেৰিক ঔষধ’নো আচলতে কি ?

 

যেতিয়া কোনা এটা কোম্পানীয়ে যিকোনো এবিধ নতুন ঔষধ প্ৰস্তুত কৰে তাৰ বহুদিন আগৰ পৰাই সেই নিৰ্দিষ্ট ঔষধৰ মৌলিক পদাৰ্থটোৰ গুণাগুণৰ ওপৰত বিশেষজ্ঞসকলে যথেষ্ট ৰিছাৰ্চ অৰ্থাৎ তন্ন তন্নকৈ পৰীক্ষা-নিৰীক্ষা চলায়, যাতে পিছলৈ ঔষধটোৱে মানুহৰ শৰীৰত অকণো ক্ষতিসাধন কৰিব নোৱাৰে। এই পৰীক্ষাৰ সফলতাৰ পাছত ঔষধটো প্ৰস্তুত কৰিবলৈ যাওঁতে প্ৰয়োজন হোৱা কেঁচা সামগ্ৰী ক্ৰয় কৰি ইয়াক এটা নিৰ্দিষ্ট নাম দি ঔষধৰ ৰূপ (যেনে- টেবলেট, কেপচুল, মলম, জুলীয়া, পাউদাৰ, ইনজেকচন ইত্যাদি) দিয়ে। তাৰ পাছত পুনৰ কিছুমান যাৱতীয় পৰীক্ষা কৰাৰ অন্ততহে কোম্পানীটোৱে উক্ত ঔষধটো বজাৰত মুকলি কৰি দিবলৈ চৰকাৰী অনুমতি লাভ কৰে। তাৰ আৰু কেইবাবছৰ পাছলৈ আন কোনো কোম্পানীয়ে সেই ঔষধটো প্ৰস্তুত কৰিবলৈ চৰকাৰৰ পৰা অনুমতি নাপায়। বজাৰলৈ প্ৰথমবাৰৰ বাবে অহা এই নিৰ্দিষ্ট ঔষধটোকেই ‘ব্ৰেণ্ডেড’ বুলি কোৱা হয়। মৌলিক পদাৰ্থটোৰ ওপৰত ৰিছাৰ্চ কৰাৰ পৰা আৰম্ভ কৰি ইয়াক ঔষধৰ ৰূপ দি ৰোগীক যোগান ধৰালৈকে এই সমগ্ৰ প্ৰক্ৰিয়াটো এটা অতি দীঘলীয়া আৰু ব্যয়বহুল প্ৰক্ৰিয়া। কাৰণ এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ লগত বিভিন্ন পৰ্যায়ৰ বহুতো বিষয়া-কৰ্মচাৰী জড়িত হৈ থাকে। গতিকে ব্ৰেণ্ডেড ঔষধৰ মূল্য বেছি হোৱাটোৱেই স্বাভাৱিক।

কিন্তু পিছলৈ গৈ যেতিয়া আন আন কোম্পানীবোৰেও উক্ত ঔষধটো প্ৰস্তুত কৰিবলৈ অনুমতি লাভ কৰে আৰু বজাৰত অন্য নামেৰে মুকলি কৰি দিয়ে, তেতিয়াই ইয়াক ‘জেনেৰিক’ ঔষধ বুলি কোৱা হয়। যিহেতু পাছৰ কোম্পানীবিলাকে ঔষধটো প্ৰস্তুত কৰোঁতে মৌলিক পদাৰ্থটোৰ ওপৰত নতুনকৈ কোনো ধৰণৰ ৰিছাৰ্চ অথবা আন আনুষংগিক পৰীক্ষা-নিৰীক্ষা কৰাৰ প্ৰয়োজনীয়তা আহি নপৰে, গতিকে সেইধৰণৰ খৰচ একেবাৰেই নাথাকে। কেৱল ফৰ্মূলাটো নকল কৰিয়েই ঔষধটো প্ৰস্তুত কৰিব পাৰে। গতিকে সেই জেনেৰিক ঔষধবিধৰ দামো তেনেই কম হ’ব লাগে। কিন্তু দেখা যায় যে বাস্তৱ ক্ষেত্ৰত সকলো জেনেৰিক ঔষধৰেই দাম সাধাৰণ লোকে ভবাৰ দৰে তেনেই কম নহয়।

প্ৰথমে আহোঁ লাভ-লোকচানৰ প্ৰসংগটোলৈ। তাৰ আগতে তলৰ তালিকাখনত এবাৰ ভালদৰে চকু ফুৰাই লোৱা যাওক। এই তালিকাত Aceclofenac আৰু Paracetamol নামৰ মৌলিক পদাৰ্থ দুটাক উদাহৰণ হিচাপে লৈ বিষয়টোৰ ব্যাখ্যা আগবঢ়োৱা হৈছে-

 

জেনেৰিক ঔষধৰ নাম

কোম্পানীৰ নাম

পায়কাৰী মূল্য

খুচুৰা মূল্য

Biogesic AP

Biochem

১৬ টকা

৫৩ টকা

Nimotas AP

Intus

১৬ টকা

৫৩ টকা

Pamagine Gold

Concept

১৫ টকা

৫২ টকা

উপৰিউক্ত তালিকাৰ পৰা দেখা গ’ল যে জ্বৰ-বিষৰ পৰা উপশম পাবলৈ ব্যৱহৃত Aceclofenac আৰু Paracetamol নামৰ মৌলিক পদাৰ্থ দুটাৰ পৰা ভিন ভিন কোম্পানীয়ে প্ৰস্তুত কৰা জেনেৰিক ঔষধ (প্ৰতি দহটা টেবলেট)ৰ পায়কাৰী আৰু খুচুৰা মূল্যৰ আকাশ-পাতাল পাৰ্থক্য আছে। অথচ সেই একে দুবিধ মৌলিক পদাৰ্থৰ পৰা Intus নামৰ কোম্পানীটোৱে প্ৰস্তুত কৰা ‘Hifenac-P’ নামৰ ব্ৰেণ্ডেড ঔষধটোৰ পায়কাৰী মূল্য ৫৯ টকা আৰু তাৰ খুচুৰা মূল্য ৪৮ টকা। অৰ্থাৎ দহটা ব্ৰেণ্ডেড টেবলেট বিক্ৰী কৰি এজন দৰবৰ দোকানীয়ে লাভ কৰে মাত্ৰ ১১ টকা। কিন্তু দহটা জেনেৰিক টেবলেট বিক্ৰী কৰি তেওঁ লাভ কৰিব পাৰে ৩৬ টকা। যিহেতু সকলো ঔষধেই চৰকাৰে যোগান ধৰিব নোৱাৰে, গতিকে এতিয়া চিকিৎসকে যদি প্ৰেছক্ৰিপচনত Aceclofenac + Paracetamol টেবলেট বুলি লিখি দিয়ে, তেনেহ’লে দৰবৰ দোকানীয়ে নিজৰ দোকানত উপলব্ধ কেইবাটাও জেনেৰিক ঔষধৰ ভিতৰত যিকোনো এটাকে দি পঠিওৱাৰ অধিকাৰ লাভ কৰিব আৰু তাৰ দামো ৰাখিব খুচুৰা মূল্যৰ হিচাপত। গতিকে ইয়াৰ পৰা সকলোৱে সপোন দেখাৰ দৰে সাধাৰণ ৰোগী লাভান্বিত হোৱাৰ কোনো অৱকাশেই নাই, তাৰ পৰিৱৰ্তে দৰবৰ দোকানী আৰু কোম্পানীহে অধিক লাভান্বিত হোৱাটো এশ শতাংশই নিশ্চিত। এয়া মাথোঁ এটা সাধাৰণ উদাহৰণহে। এনে হেজাৰ হেজাৰ জেনেৰিক ঔষধেৰে দেশৰ বজাৰ ভৰি আছে।

টকা-পইচাৰ লাভালাভৰ উপৰি এই বিষয়টোৰ লগত আন বহুতো কথাই জড়িত হৈ আছে, যিবোৰ কথাও নিৰপেক্ষ দৃষ্টিৰে সূক্ষ্মভাৱে বিশ্লেষণ কৰাটো নিতান্তই প্ৰয়োজন। আন এটা অন্যতম গুৰুত্বপূৰ্ণ দিশ হ’ল ঔষধৰ গুণগত মান। আমাৰ দেশত এনে কিমান জেনেৰিক ঔষধ নিতৌ ওলাই থাকে তাৰ হিচাপ পোৱাটো কঠিন। কিন্তু জেনেৰিক ঔষধ প্ৰস্তুতৰ ক্ষেত্ৰতো একমাত্ৰ ফৰ্মূলাটো নকল কৰাৰ বাহিৰে অন্যান্য সকলো নীতি-নিয়ম কোম্পানীসমূহে যিহেতু মানি চলিবলগীয়া হয়, গতিকে সকলো ব্ৰেণ্ডেড আৰু জেনেৰিক ঔষধৰ গুণগত মান একেই হ’ব লাগে। উন্নত দেশবোৰত হয়ো, কিন্তু আমাৰ দেশত সেয়া আজিও সম্ভৱ হৈ উঠা নাই। শেহতীয়াভাৱে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এটা তথ্যই সমগ্ৰ দেশজুৰি তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে। উক্ত তথ্য মতে দেশত বিক্ৰী হোৱা ১,৮৫০ বিধ ঔষধেই নিম্নমানৰ। এই সমীক্ষাত দেশৰ ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৬৫৪ খন জিলাৰ খুচুৰা বিক্ৰী কেন্দ্ৰ, চৰকাৰী যোগান আৰু ৮টা বিমান বন্দৰৰ পৰা সংগ্ৰহ কৰি সৰ্বমুঠ ৪৭,০১২ বিধ ঔষধৰ নমুনা পৰীক্ষা কৰা হৈছিল আৰু তাৰে ভিতৰত ১,৮৫০ বিধ নিম্নমানৰ আৰু ১৩ বিধ ঔষধ নকল বুলি প্ৰমাণিত হৈছে। তাতোকৈ ভয়াবহ দিশটো হ’ল এই যে খুচুৰা বিক্ৰী কেন্দ্ৰৰ তুলনাত খোদ চৰকাৰীভাৱে যোগান ধৰা ঔষধেই তিনিগুণে নিম্নমানৰ বুলি প্ৰমাণিত হৈছে। ইয়াৰ পৰাই প্ৰমাণ হয় জীৱনদায়িনী ঔষধৰ নামতো দেশত কেনেকুৱা কেলেংকাৰী চলি আছে। গতিকে চিকিৎসকক ঔষধৰ জেনেৰিক নাম লিখিবলৈ বাধ্য কৰাৰ আন এটা অৰ্থ হ’ব ৰোগীক অতি নিম্নমানৰ আৰু ভেজালী ঔষধ ব্যৱহাৰ কৰিবলৈ বাধ্য কৰা। লগতে নিম্নমানৰ আৰু নকল ঔষধৰ ব্যৱসায়ী আৰু সেইবোৰ প্ৰস্তুতকাৰী কোম্পানীসমূহলৈ মুকলিকৈ সমৰ্থন আগবঢ়োৱা, ফলত অতি ভয়াবহ পৰিণতি ভুগিব লাগিব সাধাৰণ জনতাই।

সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো জড়িত দৰবৰ দোকানৰ দোকানীজনৰ লগত। আমি সকলোৱে জানো যে এখন দৰবৰ দোকান অৰ্থাৎ ফাৰ্মাচী খুলিবলৈ হ’লে প্ৰয়োজনীয় প্ৰধান আৰু প্ৰাথমিক চৰ্তটোৱেই হৈছে এগৰাকী আনুষ্ঠানিক শিক্ষাগত অৰ্হতাসম্পন্ন ফাৰ্মাচিষ্ট। কিন্তু উদ্বেগজনক বিষয়টো হ’ল যে দেশত এতিয়াও প্ৰায় ৬০ শতাংশ এনে ফাৰ্মাচী আছে, যিবোৰ অৰ্হতাসম্পন্ন ফাৰ্মাচিষ্ট অবিহনে চলি আছে (অসমত ইয়াৰ পৰিমাণ আৰু অধিক হ’ব আৰু এই স্পৰ্শকাতৰ বিষয়টোত উচ্চ ন্যায়ালয়ত বিভিন্ন গোচৰো চলি আছে)। তাৰ ঠাইত ফাৰ্মাচী বৃত্তিটোক ধন ঘটাৰ উৎকৃষ্ট ব্যৱসায়লৈ পৰিণত কৰা এচাম অসাধু ব্যৱসায়ীৰ অধীনত কৰ্মৰত কেৱল ইংৰাজী আৰু চিকিৎসকৰ আখৰকেইটা চিনি পোৱা লোকেহে ৰোগীক প্ৰদান কৰি আহিছে জীৱনদায়িনী ঔষধ। এতিয়া চিকিৎসকে জেনেৰিক নামেৰে প্ৰেছক্ৰিপচন লিখা আৰম্ভ কৰাৰ লগে লগে ফাৰ্মাচী বিজ্ঞানৰ কোনো জ্ঞান নথকা সেই দৰব কোম্পানীবোৰে ৰোগীক ভুল ঔষধ দিয়াটো তেনেই সাধাৰণ ঘটনাৰূপে পৰিগণিত হ’ব, যিয়ে অনাগত দিনবোৰত সমাজত অনাহুত পৰিস্থিতিৰ উদ্ভৱ কৰাটো নিশ্চিত। কাৰণ কাঠফুলাৰ দৰে ৰাস্তাই-ঘাটে গঢ়ি উঠা ঔষধ ব্যৱসায়ীবোৰ ঔষধৰ জেনেৰিক নামৰ লগত সুপৰিচিত নহয়।

দেশত জনসংখ্যা অনুপাতে এতিয়াও চিকিৎসকৰ অভাৱ অপাৰ, যাৰ কাৰণে মোডী চৰকাৰে চিকিৎসকৰ চাকৰিকাল ৬৫ বছৰলৈকে বৃদ্ধি কৰিবলৈ বাধ্য হৈছে। এতিয়া যদি চিকিৎসালয়ত চিকিৎসকে জেনেৰিক নাম লিখা আৰম্ভ কৰি দিয়ে, তেনেহ’লে পূৰ্বতে নিৰ্দিষ্ট সময়ত এগৰাকী চিকিৎসকে যিমান ৰোগীক সেৱা আগবঢ়াবলৈ সক্ষম হৈছিল, এতিয়া সেই সংখ্যা সম্পূৰ্ণ আধালৈ কমি আহিব। কিয়নো ঔষধৰ জেনেৰিক নাম বৰফলাৰ আখৰত লিখাটো এটা সময় খৰচী কাম। তেনেস্থলত এম চি আইৰ এই নিৰ্দেশৰ ফলত দেশত পুনৰ প্ৰায় আধাসংখ্যক চিকিৎসকৰ নাটনি হৈ নপৰিবনে ?

অপ্ৰিয় হ’লেও সঁচা যে একাংশ কমিছনলোভী চিকিৎসক আৰু ঔষধ প্ৰস্তুতকাৰী কোম্পানীয়ে ৰচা চক্ৰবেহুত বন্দী হৈছে দেশৰ সাধাৰণ জনতা। কিন্তু ইয়াক মুঠেও সৰলীকৰণ কৰিব নোৱাৰো। এনে এটা নিৰ্দেশ জাৰি কৰাৰ অন্তৰালত চৰকাৰৰ কি উদ্দেশ্য নিহিত হৈ আছে, তাক জানিব পৰা হোৱা নাই। কিন্তু উদ্দেশ্য যিয়েই নহওক কিয়, বিষয়টো ইমানো সৰল নহয় যে জেনেৰিক নাম লিখাৰ লগে লগে পানীৰ দৰত জীৱনদায়িনী ঔষধ জনতাৰ হাতত পৰিবগৈ। গতিকে এনে এটা আজৱ নিৰ্দেশ জাৰি কৰাৰ আগতে চৰকাৰে ভেজাল আৰু নকল ঔষধ প্ৰস্তুতকাৰী কোম্পানী আৰু দেশৰ অলিয়ে-গলিয়ে গঢ়ি উঠা অবৈধ ফাৰ্মাচীবোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটোহে অধিক ফলপ্ৰসূ সিদ্ধান্ত বিবেচিত হলহেঁতেন।

(উৎসঃ অসমীয়া খবৰ, মুনিন্দ্ৰ বৈশ্য)।

3.15789473684
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top