বৰ্তমান হোমিঅ’পেথিৰ ব্যৱহাৰ দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে আৰু ইয়াৰ ব্যৱহাৰ পৃথিৱীৰ সকলো ঠাইতে হোৱা দেখা যায়। যথেষ্ট নিৰাপদ আৰু ৰোগ নিৰাময়ৰ গুণৰ বাবে ভাৰতবৰ্ষৰ প্ৰতি ঘৰতে ইয়াৰ আদৰ বৃদ্ধি পাবলৈ ধৰিছে। এটা থুলমূল অধ্যয়নৰ পৰা দেখা গৈছে যে ভাৰতবৰ্ষৰ শতকৰা ১০ শতাংশ লোকে তেওলোকৰ স্বাস্থ্য যত্নৰ প্ৰয়োজনীয়তাৰ বাবে সম্পূৰ্ণৰূপে হোমিঅ’পেথিৰ ওপৰতে নিৰ্ভৰ কৰে। আনহাতে সমগ্ৰ দেশত হোমিঅ’পেথি জনপ্ৰিয়তাৰ ফালৰ পৰা দ্বিতীয় স্থান অধিকাৰ কৰিছে।
আজিৰ পৰা ডেৰ শতিকাৰ আগৰে পৰাই ভাৰতবৰ্ষত হোমিঅ’পেথিৰ প্ৰচলন হৈছিল। দেশত চলি থকা পৰম্পৰাগত ঔষধ আৰু গছৰ শিপাৰ মিশ্ৰণ কৰি প্ৰস্তত কৰা এই ঔষধ ৰাষ্ট্ৰীয় ঔষধ পদ্ধতিসমূহৰ ভিতৰত স্থান পাইছে আৰু এক বৃহৎ সংখ্যক লোকক স্বাস্থ্য যত্ন প্ৰদান কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ৰোগীৰ মানসিক, আবেগিক, আধ্যাত্মিক আৰু শাৰিৰীক স্তৰৰ সকলো দিশ সামগ্ৰিকভাৱে লৈ ৰোগ নিৰাময়ৰ প্ৰচেষ্টা কৰাৰ ফলতেই ইয়াৰ কাৰ্য্যকৰীতাৰ প্ৰমাণ পোৱা যায়।
‘হোমিঅ’পেথি’ নামটো দুটা গ্ৰীক শব্দ লগ লাগি সৃষ্টি হৈছে। ‘হোমইছ’ আৰু ‘পেথছ’। হোমইছ ৰ অৰ্থ হ’ল অনুৰোগ আৰু পেথছৰ অৰ্থ হ’ল ভোগা। হোমিঅ’পেথিৰ সহজ অৰ্থ হ’ল ৰোগটোক এনেধৰণৰ ঔষধ কম পৰিমাণত প্ৰদান কৰা হয় যিয়ে স্বাস্থ্যৱান লোকক সেই পৰিমাণৰ ঔষধ প্ৰদান কৰিলে ৰোগীৰ দৰে লক্ষণসমূহ ফুটি উঠিব। এইটো প্ৰাকৃতিক নিৰাময়ৰ নিয়মৰ ওপৰত প্ৰতিষ্ঠিত। অৰ্থাৎ বিষেৰে বিষ নাশ কৰাৰ দৰে কথা। ১৯ শতিকাৰ আৰম্ভণিতে ডাঃ চামুৱেল হ্যানিমেনে ইয়াৰ বৈজ্ঞানিক ভিত্তি আগবঢ়াইছিল। ইয়াৰ জড়িয়তে দুটা শতিকাৰো অধিক কাল মানৱ জাতিক সেৱা আগবঢ়োৱাৰ পিছত আকস্মিকভাৱে সময়ৰ বিৰাট পৰিৱৰ্তন আহে আৰু ই সময়সাপেক্ষ চিকিৎসা বুলি জনাজাত হয়। ডাঃ হ্যানিমেনে ইয়াক প্ৰাকৃতিক আৰু ভালদৰে পৰিক্ষীত বিজ্ঞানসন্মত মূল ব্যাখ্যা আগবঢ়োৱাৰ ফলতেই আজিও সফলভাৱে এই চিকিৎসা সফল হৈ আছে।
হোমিঅ’পেথিত “প্ৰতিকাৰ” শব্দটোৱে প্ৰায়োগিক অৰ্থ বহন কৰে আৰু ইয়াৰ অৰ্থ হ’ল কোনো এজন বিশেষ ৰোগীৰ বাবে বিশেষ ধৰণেৰে ঔষধ প্ৰস্তত কৰা হয়। সাধাৰণতে ব্যৱহাৰ হোৱা প্ৰতিকাৰৰ অৰ্থ “এবিধ ঔষধ বা চিকিৎসা যিয়ে ৰোগ নিৰাময় কৰে বা বিষনাশক হিচাপে কাম কৰে” লগত এই শব্দটোৰ অৰ্থত বিভ্ৰান্ত হব নালাগে।
হোমিঅ’পেথিক চিকিৎসকে ৰোগীক প্ৰতিকাৰৰ বিধান কৰোতে দুই ধৰণৰ তথ্যকোষৰ সহায় লয়। এই দুখন হ’ল মাটেৰিয়া মেডিকা আৰু ৰিপাৰ্টোৰিজ। এখন হোমিঅ’পেথিক মাটেৰিয়া মেডিকা হ’ল ব্যক্তিবিশেষৰ লক্ষণসমূহৰ ধৰণৰ বৰ্ণনাৰ লগতে প্ৰতিকাৰ বৰ্ণানুক্ৰম অনুসৰি থকা এখন “ঔষধৰ ছবি পুঠি” আৰু হোমিঅ’পেথিক ৰিপাৰ্টোৰিজ হ’ল ৰোগৰ লক্ষণসমূহৰ উপৰিও বিশেষ লক্ষণৰ প্ৰতিকাৰৰ তালিকা।
হোমিঅ’পেথিক প্ৰতিকাৰৰ বাবে বিভিন্ন পশু, উদ্ভিদ, খনিজ আৰু কৃত্ৰিম উপাদান ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে, আৰ্চেনিকাম এলবুম (আৰ্চেনিক অক্সাইড), নাট্ৰুম মুৰিকাটিকাম (ছডিয়াম ক্লৰাইড বা সাধাৰণ নিমখ), লাচেচিছ মোটা (এবিধ সাপৰ বিষ), আফিং আৰু থাইৰ’ইডিনম (থাইৰড হৰ্নুম) আদিবোৰ হোমিঅ’পেথিক ঔষধত সন্নিৱিষ্ট হয়। হোমিঅ’পেথিয়ে নচ’দেচ (গ্ৰীক শব্দ নচচ’ৰ পৰা অহা) চিকিৎসাও ব্যৱহাৰ কৰে। ইয়াত বিভিন্ন ৰোগগ্ৰস্ত বা জৈৱিক সামগ্ৰী যেনে শৌচ, মুত্ৰ আৰু শ্বাসতন্ত্ৰৰে নিৰ্গত পদাৰ্থ, তেজ আৰু দেহকলা আদিও ব্যৱহাৰ হয়। হোমিঅ’পেথিক প্ৰতিকাৰসমূহ স্বাস্থ্যৱান নমুনাৰ পৰা তৈয়াৰ কৰা হয় ইয়াক চাৰ্কুদেচ বোলা হয়।
স্ফটিক আৰু শামুকৰ খোলাৰ দৰে টান আৰু অদ্ৰৱণীয় গোটা বস্তুবোৰ গুড়ি কৰিবলৈ হোমিঅ’পেথি প্ৰতিকাৰত খুন্দনা ব্যৱহাৰ কৰা হয়।
ৰোগৰ প্ৰতিকাৰ প্ৰস্তত কৰিবলৈ হোমিঅ’পেথিক এক বিশেষ ধৰণৰ প্ৰক্ৰিয়া ব্যৱহাৰ কৰা হয় যাক ডায়নামাইজেছন বা পটেনটাইজেছন বোলা হ্য়। এটা উপাদান এলকহল বা পাতন পানীত পনীয়া কৰাৰ পিছত অতি জোৰেৰে নমনীয় পাত্ৰত ভৰাই ১০ বাৰ জোকাৰা হয়। এই প্ৰক্ৰিয়াটোক সুকিউছন বোলা হয়। ৰোগ চিকিৎসা কৰিবলৈ ৰোগৰ লক্ষণসমূহ সৃষ্টি কৰা উপাদানসমূহ ব্যৱহাৰ কৰাত হ্যানিমেনে সমৰ্থন কৰে। কিন্তু এইটো দেখা গৈছে যে এইবোৰ পদাৰ্থই ৰোগৰ লক্ষণসমূহ বেছিকৈ গাঢ় কৰি তোলে, ৰোগীৰ অৱস্থা আৰু অধিক জটিল কৰে আৰু কেতিয়াবা ভয়াবহভাৱে বিষক্ৰিয়া হোৱাৰ কাৰণ হৈ উঠিব পাৰে। সেইহে তেওঁ এই উপাদানসমূহ পাতল কৰি ব্যৱহাৰ কৰিবলৈ অনুমোদন জনায়। হ্যানিমেনে বিশ্বাস কৰে যে সুকিউছনৰ ফলত পাতল উপাদানসমূহৰ জৈৱিক শক্তি সক্ৰিয় হৈ উঠে আৰু ইয়াক শক্তিশালী কৰি তোলে। সুকিউছনত সহায় হোৱাকৈ হ্যানিমেনে এক বিশেষ ধৰণৰ কাঠৰ আহিলা প্ৰস্তত কৰি লৈছিল য’ত এফালে জন্তুৰ ছাল আৰু আনফালে ঘোড়াৰ নোম লগোৱা হৈছিল। অদ্ৰৱণীয় পদাৰ্থ যেনে স্ফটিক আৰু শামুকৰ খোলাসমূহ লেক্ট’জত (ট্ৰাইটুৰেছন)গুড়ি কৰি পনীয়া কৰা হয়।
হোমিঅ’পেথিত নিয়মীতভাৱে ৩ ধৰণৰ লেখ মাপাংক ব্যৱহাৰ কৰা হয়। হ্যানিমেনে ছেন্টিছিমেল বা চি স্কেল প্ৰস্তত কৰিছিল। ইয়াত প্ৰতিটো স্তৰত একোটা উপাদানক ১০০ কাৰকত তৰলীকৃত কৰা হয়। হ্যানিমেনে সমগ্ৰ জীৱনছোৱা চি স্কেলেই ব্যৱহাৰ কৰি ভাল পাইছিল। এটা ২চি তৰলীকৰণ প্ৰক্ৰিয়াত কোনো এটা উপাদানৰ এটা ভাগক ১০০ ভাগলৈ তৰলীকৃত কৰা হয় আৰু ইয়াৰ পিছত ইয়াৰ কিছুমান পনীয়া পদাৰ্থক পুনৰ ১০০ ভাগলৈ তৰলীকৃত কৰা হয়। এটা ৬চি ত ৬ বাৰলৈ তৰলীকৰণ প্ৰক্ৰিয়া চলোৱা হয়। অৰ্থাৎ তৰলীকৃত শেষ অৱস্থাটো পদাৰ্থৰ পৰ্য্যায় হয় ১০০−৬=১০−১২ অৰ্থাৎ পদাৰ্থৰ ১ লাখ কোটিৰ এভাগ হয়গৈ। অতি উচ্চ তৰলীকৰণ ব্যৱস্থাও এই ধৰণেৰে কৰা হয়।
হোমিঅ’পেথিত এটা পদাৰ্থ যিমানেই বেছি পনীয়া হ’ব সিমানেই অধিক সুবিধাজনক বুলি বৰ্ণিত হয় আৰু যিমানেই উপাদানসমূহ তৰল হ’ব সিমানেই ৰোগ নিৰাময়ৰ শক্তিশালী আৰু গভীৰভাৱে কাৰ্য্য কৰিব বুলি ধৰা হয়। বহুবোৰ কাৰণত হ্যানিমেনে ৩০ চি (অৰ্থাৎ ১০৬০গুণ পাতল) পৰ্য্যন্ত পাতল কৰা পোষকতা কৰে। হ্যানিমেনৰ সময়ত প্ৰতিকাৰকসমূহ অনিশ্চিতভাৱে পনীয়া কৰাতো গ্ৰহণযোগ্য আছিল। কাৰণ তেতিয়া কোনো এটা সামগ্ৰীৰ ৰাসায়নিক উপাদান পৰমাণু পৰ্য্যায়তহে চিনাক্ত কৰিব পৰা গৈছিল আৰু ধাৰণা আছিল যে ইয়েই আটাইতকৈ ক্ষুদ্ৰতম অংশ। ১২ চি পৰ্য্যন্ত পাতল কৰা লৈকেহে কোনো এটা উপাদানৰ এটা পৰমাণু থাকিব পাৰে।
ৰোগীৰ ক্ষেত্ৰত প্ৰতিকাৰসমূহ ব্যৱহাৰ কৰাৰ আগতে হ্যানিমেনে বহু বছৰ ধৰি নিজৰ আৰু আনৰ ওপৰত পৰীক্ষা চলাইছিল। তেওঁৰ পৰীক্ষাসমূহত প্ৰাথমিকভাৱে ৰুগীয়াক প্ৰতিকাৰসমূহ প্ৰদানৰ কথাটো সন্নিৱিষ্ট নাছিল কাৰণ তেওঁ ভাবিছিল যে বহুবোৰ ৰোগৰ বাবে একেধৰণৰ লক্ষ্যণেই ওলায় পৰিব পাৰে সেয়েহে কোনটো প্ৰতিকাৰৰ পৰা কেনে লক্ষণ ওলাব আৰু কোনটো ৰোগৰ বাবে কেনে লক্ষণ ওলাব সেইটো নিৰ্দিষ্টকৈ উলিয়াবলৈ অসুবিধা হ’ব। সেয়েহে পৰীক্ষাসমূহৰ পৰা ৰোগীক আতঁৰাই ৰখা হৈছিল। কোনটো বিশেষ ৰোগৰ বাবে কোনটো প্ৰতিকাৰ উপযুক্ত হ’ব। সেইটো সিদ্ধান্ত লোৱাৰ প্ৰক্ৰিয়াটোক প্ৰমাণিতকৰণ বোলা হয়। এটা হোমিঅ’পেথিক প্ৰমাণিতকৰণ হ’ল এনে এটা পদ্ধতি যাৰ দ্বাৰা হোমিঅ’পেথিক প্ৰতিকাৰবিধ নিৰ্দিষ্ট কৰা হয়।
হোমিঅ’পেথিক প্ৰতিকাৰত ব্যৱহৃত হোৱা উপাদানসমূহৰ তালিকা দেখি ব্যৱহাৰকাৰীয়ে প্ৰকৃততে সেইবোৰ উপাদান আছে নে নাই সেইটো বিশ্বাস কৰাত বিভ্ৰান্ত হ’ব পাৰে। সাধাৰণতে হোমিঅ’পেথিক চিকিৎসাত সক্ৰিয় উপাদানসমূহেৰে প্ৰতিকাৰসমূহ প্ৰস্তত কৰা হয় আৰু ক্ৰমান্বয়ে তৰলীকৃত কৰি গৈ থাকি যিটো সময়ত তাত জৈৱিকভাৱে সক্ৰিয় উপাদান নথকা সময়ত শেষ সামগ্ৰীবিধ প্ৰস্তত কৰা হয়। ব্যৱহৃত উপাদানসমূহৰ তালিকাই সাধাৰণতে সৰ্ব প্ৰথম ব্যৱহৃত সামগ্ৰীসমূহক বুজায়। তলত এটা উদাহৰণ দিয়া হ’ল:
আইচ’পেথি হ’ল হোমিঅ’পেথিৰ পৰা উদ্ভৱ হোৱা এটা চিকিৎসা ব্যৱস্থা আৰু ইয়াক ১৮৩০ ত জোহান যোচেফ উইলহেম লাক্সে আৱিস্কাৰ কৰিছিল। সাধাৰণতে আইচ’পেথি হোমিঅ’পেথিৰ পৰা নচ’দেচ প্ৰতিকাৰৰ বাবেই পৃথক। যি প্ৰতিকাৰক ৰোগৰ কাৰণ হোৱা উপাদান বা সামগ্ৰী যেনে, পুঁজ আদিৰ পৰা প্ৰস্তত কৰা হয়। বহুবোৰ তথাকথিত ভেকচিন আইচ’পেথিৰ পৰাই অহা।
ৰ’দ পৰা ঠাইত পানী থৈ তাত ফুল ছটিয়াই দি এই প্ৰতিকাৰ প্ৰস্তত কৰিব পৰা যায়। ইয়াৰ ভিতৰত আটাইতকৈ বিখ্যাত প্ৰতিকাৰবিধ হ’ল বেছ ফ্লাৱাৰ ৰিমেডিজ। এইটো চিকিৎসক আৰু হোমিঅ’পেথি বিশেষজ্ঞ এডৱাৰ্ড বেছে প্ৰস্তত কৰিছিল। যদিও এই প্ৰতিকাৰবিধ হোমিঅ’পেথিৰ পৰাই লোৱা হৈছে আৰু প্ৰতিকাৰবিধহে হোমিঅ’পেথিৰ জৈৱ শক্তি বৃদ্ধি কৰাৰ কথা কয় কিন্তু ইয়াক প্ৰস্তত কৰা পদ্ধতি সম্পূৰ্ণ পৃথক। বেছ ফ্লাৱাৰ ৰিমেডিজবিধ অতি মৃদুভাৱে যেনে, প্ৰথমে এটা চৰিয়াৰ পানীত ফুল থৈ ৰদত ৰখা হয় আৰু প্ৰতিকাৰবিধ সুকিউছন কৰা নহয়। এই পুস্প প্ৰতিকাৰৰ কাৰ্য্যকাৰীতালৈ কোনো ধৰণৰ বৈজ্ঞানিক বা চিকিৎসাগত দৃঢ় প্ৰত্যয় হ’ব পৰা প্ৰমাণ নাই।
ইলেক্ট্ৰ’ হোমিঅ’পেথি ১৯ শতিকাত হোমিঅ’পেথিৰ লগত বৈদ্যুতিক চিকিৎসা লগ লগাই কৰা চিকিৎসা কৰা হয়।
ৰাষ্ট্ৰীয় হোমিঅ’পেথি প্ৰতিষ্ঠানখন ১৯৭৫ চনৰ ১০ ডিচেম্বৰত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনত এক স্বতন্ত্ৰ সংস্থা হিচাপে কলিকতাত স্থাপন কৰা হৈছিল। এই প্ৰতিষ্ঠানখনে ১৯৮৭ ৰ পৰা হোমিঅ’পেথিৰ স্নাতক পাঠ্যক্ৰম আৰু ১৯৯৮-৯৯ ৰ পৰা স্নাতকোত্তৰ পাঠ্যক্ৰম আগবঢ়ায় আহিছে। এই প্ৰতিষ্ঠানটো ২০০৩-০৪ লৈকে কলিকতা বিশ্ববিদ্যালয়ৰ অধিভোক্ত হৈ আছিল ২০০৪-০৫ ৰ পৰা পশ্চিমবংগ স্বাস্থ্যবিজ্ঞান বিশ্ববিদ্যালয় অধিবোক্ত হৈ আছে। এই প্ৰতিষ্ঠানে নিয়মীয়াকৈ শিক্ষক আৰু চিকিৎসকৰ বাবে পৰিচিত প্ৰশিক্ষণ পাঠ্যক্ৰমো অনুস্থিত কৰে।
স্নাতক পাঠ্যক্ৰম ৫ বছৰ ৬ মাহৰ (বাধ্যতামূলক এবছৰীয়া ইন্টাৰ্ণশ্বীপসহ) আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম ৩ টা বিষয়ত অৰগানণ্ড অফ মেডিছিন, ৰেপোৰ্ট’ৰী আৰু মাটেৰীয়া মেডিকাত উপলব্ধ। প্ৰতিটো বিষয়ত ৬ খনকৈ আসন আছে।
• ডিজিজ ৱাইজ ইনফৰমেছন ইন আয়ুস চিষ্টেমছ
• মাইথ এণ্ড ফেক্টছ এবাউট আয়ুস।
• গাইডলাইনছ আৰু আইইচি মেটেৰিয়েলছ ইন আয়ুস।
উৎস: আয়ুস বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়,ভাৰত চৰকাৰ
শেহতীয়া উন্নীতকৰণ: : 3/28/2020