মূল পৃষ্ঠা / স্বাস্থ্য / অনাময় আৰু স্বাস্থ্যবিধি / অংগদান-অংগ প্ৰতিষ্ঠাপন ইয়াৰ প্ৰয়োজনীয়তা আৰু আনুষংগিক সমস্যা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অংগদান-অংগ প্ৰতিষ্ঠাপন ইয়াৰ প্ৰয়োজনীয়তা আৰু আনুষংগিক সমস্যা

অংগদান-অংগ প্ৰতিষ্ঠাপন ইয়াৰ প্ৰয়োজনীয়তা আৰু আনুষংগিক সমস্যাৰ বিষয়ে লিখা হৈছে ।

অংগদান হৈছে যিকোনো জীৱিত বা মৃত ব্যক্তিয়ে নিজ শৰীৰৰপৰা কোনো কোষ বিশেষ বা অংগ প্ৰত্যক্ষভাৱে গ্ৰহীতাজনৰ শৰীৰত প্ৰতিষ্ঠাপন কৰিবৰ বাবে দান কৰাৰ অনুমতিৰ পদ্ধতি।

মানৱ শৰীৰৰপৰা প্ৰতিষ্ঠানযোগ্য অংগসমূহ অতি নিপুণ অস্ত্ৰোপচাৰৰদ্বাৰা উলিয়াই আনি প্ৰয়োজন অনুসৰি আন এজন ৰোগীৰ দেহত সংৰোপণ কৰা হয়।

মানৱ শৰীৰৰ প্ৰায়ভাগ অংগ এজনৰপৰা আন এজনৰ দেহত সংৰোপণ কৰিব পাৰি। চিকিৎসা বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত হোৱা উন্নতি, শল্য চিকিৎসাৰ নিপুণতা তথা প্ৰতিৰোধ- ক্ষমতা নিয়ন্ত্ৰণ কৰা ঔষধ উপলব্ধ­ হোৱাৰ বাবে অংগ প্ৰতিষ্ঠাপন ৰোগ চিকিৎসাৰ এক আপুৰুগীয়া সম্পদ হিচাপে চিহ্নিত হৈছে। অৱশ্যে অংগ প্ৰতিষ্ঠাপন পদ্ধতিৰ লগত বিভিন্ন সামাজিক, সাংস্কৃতিক, বৌদ্ধিক, ধর্মীয় তথা বিধিসন্মত সমস্যা জড়িত হৈ থাকে। যিকোনো অংগদান বা অংগ প্ৰতিষ্ঠাপন অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ আগতে দাতা আৰু গ্ৰহীতাজনৰ শাৰীৰিক অৱস্থা, ৰোগ, সম্পর্ক, ধর্মীয় আৰু সামাজিক অনুভূতিসমূহ পুংখানুপুংখৰূপে বিশ্লেষণ কৰিহে আগবঢ়া উচিত। সমগ্ৰ বিশ্বৰ লগতে ভাৰতবর্ষতো অংগ প্ৰতিষ্ঠাপন/সংৰোপণ অস্ত্ৰোপচাৰ বহুলভাৱে বিভিন্ন বিষয়ত সম্পাদন কৰা হৈছে যদিও সাধাৰণ মানুহৰ মনত সৃষ্টি হোৱা ভ্ৰান্ত ধাৰণাসমূহ এতিয়াও আঁতৰ কৰিব পৰা নাই, যাৰ বাবে অংগগ্ৰহীতাৰ সংখ্যা দিনক দিনে বাঢ়ি আহিছে আৰু সেই অনুপাতে সংৰোপণৰ বাবে প্ৰয়োজনীয় অংগদাতাৰ অভাৱ ঘটিছে।

২০০৩ চনত অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানে (নতুন দিল্লী) চলোৱা এক সমীক্ষামতে অতি সামান্য সংখ্যক সমাজৰ মানুহেহে অংগ প্ৰতিষ্ঠাপন পদ্ধতিৰ বিষয়ে অৱগত আৰু সৰহ সংখ্যকেই ‍‘মগজুৰ মৃত্যু’ৰ সংজ্ঞাৰ বিষয়ে অৱগত নহয়।

অংগদানৰ প্ৰতি থকা জনসাধাৰণৰ নেতিবাচক দৃষ্টিভংগীৰ বাবেই অংগ প্ৰতিষ্ঠাপনৰ বাবে প্ৰয়োজনীয় অংগৰ অভাৱ ঘটা পৰিলক্ষিত হৈছে।

আন্তঃৰাষ্ট্ৰীয় বিশ্লেষণাত্মক সমীক্ষামতে প্ৰায় ৫০ শতাংশ ৰাজী হোৱা অংগদাতাসকলে যদি বাস্তৱতে অংগদান কৰে তেন্তে অংগৰ অভাৱ বহু পৰিমাণে হ্ৰাস পাব বুলি পূর্বানুমান কৰা হৈছে।

যদিও অংগদাতাসকলে এই ঋণাত্মক দৃষ্টিভংগী লৈ অংগদানৰ বাবে সংকল্পবদ্ধ হয়, বাস্তৱতে সময়ত অংগপ্ৰতিষ্ঠাপনৰ বাবে তেওঁলোকে পিছহোঁহকা দিয়া দেখা যায়—অৱশ্যে এনে কর্মৰ আঁৰত সমাজৰ বিভিন্ন কাৰকে ক্ৰিয়া কৰা দেখা যায়, যেনে—সম্পর্ক, আর্থিক দিশ, ধর্মীয় তথা সাংস্কৃতিক অনুভূতি ইত্যাদি।

অংগ প্ৰতিষ্ঠাপন বুলিলে সর্বসাধাৰণে বৃক্ক সংস্থাপনৰ কথাকেই বুজে। অৱশ্যে বর্তমান সমগ্ৰ বিশ্বতে বৃক্কৰ উপৰি আন আন অংগসমূহ অস্ত্ৰোপচাৰৰদ্বাৰা সংৰোপণ কৰি আর্তজনৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে। বৃক্কৰ উপৰি যকৃৎ, ছাল, চকুৰ পর্দা, হাঁওফাঁও, হৃদপিণ্ড, অগ্ন্যাশয়, মেৰুমজ্জা, আন্ত্ৰিক প্ৰতিষ্ঠাপন, হাত, ভৰি, কাণ ইত্যাদি অংগও অস্ত্ৰোপচাৰৰদ্বাৰা এজনৰপৰা আন এজনৰ দেহত কৃতকার্যতাৰে প্ৰতিষ্ঠাপন কৰিব পাৰি।

বর্তমান সমগ্ৰ বিশ্বৰ লগতে ভাৰতবর্ষতো বহুমূত্ৰ ৰোগ আৰু উচ্চ ৰক্তচাপ আক্ৰান্ত ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু এই ৰোগ দুটিয়েই বৃক্ক ধ্বংস কৰাৰ মূল কাৰণ হিচাপে চিহ্নিত কৰা হৈছে। আনহাতে অত্যধিক মদ্যপান তথা বিভিন্ন ভাইৰাছৰদ্বাৰা সংক্ৰমণ হোৱা ৰোগৰ বাবা যকৃতৰ কার্যক্ষমতা হ্ৰাস পায় আৰু যকৃত সংৰোপণৰ প্ৰয়োজনীয়তা বৃদ্ধি পায়। দৈনন্দিন ঘটি থকা দুর্ঘটনাতো সমাজৰ বহুজনে প্ৰাণ হেৰুওৱাৰ উপৰি বহুজনে অংগ হেৰুৱাই চিৰজীৱনলৈ পংগু হৈ পৰে। এনে ধৰণৰ ৰোগীৰ বাবে অংগদান এক মহান দান হৈ পৰে আৰু প্ৰয়োজন অনুসৰি সমাজৰ আন এজনক এক নতুন কার্যক্ষম জীৱন অতিবাহিত কৰিবলৈ সক্ষম কৰিব পাৰে।

অৱশ্যে অংগদান তথা অংগ প্ৰতিষ্ঠাপন বিষয়টোৰ লগত যথেষ্ট সমস্যাও জড়িত হৈ আছে। অংগ প্ৰতিষ্ঠাপনৰ মুখ্য প্ৰত্যাহ্বানসমূহ হ’ল—

১. সচেতনতাৰ অভাৱ – ক্ৰমান্বয়ে বৃদ্ধি পোৱা বিভিন্ন অসংক্ৰমিত ৰোগে যে মানৱ দেহৰ মুখ্য অংগসমূহত জটিলতাৰ সৃষ্টি কৰি ধ্বংসৰ মুখলৈ ঠেলি দিয়ে—এই বিষয়ে উন্নয়নশীল দেশসমূহৰ মূল জনসংখ্যাৰ গৰিষ্ঠসংখ্যকেই অৱগত নহয়। আনহাতে এনে ৰোগত ধ্বংসপ্ৰাপ্ত হোৱা অংগ এজন স্বাস্থ্যৱান বা সুস্থ মানুহৰ শৰীৰৰপৰা প্ৰয়োজন অনুসৰি আন এজনৰ দেহত সংৰোপণ কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়েও অৱগত নহয়। চৰকাৰী-বেচৰকাৰী সংস্থা বা সমাজৰ দায়িত্বশীল নাগৰিকসকলেও ‍‘অংগ প্ৰতিষ্ঠাপন’ বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাৰ বাবে সর্বসাধাৰণৰ মাজত সচেতনতাৰ অভাৱ ঘটিছে। অৱশ্যে শেহতীয়াকৈ ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে দেশৰ কেইখনমান উন্নতমানৰ চিকিৎসালয় চিনাক্ত কৰি তাত আঞ্চলিক অংগ প্ৰতিষ্ঠাপন কেন্দ্ৰ নির্মাণ কৰাত গুৰুত্ব আৰোপ কৰিছে আৰু ইয়াৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ো অন্যতম। প্ৰচাৰ-মাধ্যমসমূহেও যদি ‍‘‍অংগ প্ৰতিষ্ঠাপন’ সম্পর্কীয় বাতৰি বা বিজ্ঞাপন প্ৰচাৰ কৰাত আগভাগ লয়, তেন্তে সমাজৰ প্ৰত্যেকজন নাগৰিকক এই স্পর্শকাতৰ বিষয়টোৰ বিষয়ে সচেতন কৰিবলৈ সম্ভৱ হ’ব।

২. অংগ প্ৰতিষ্ঠাপনৰ গ্ৰহীতাৰ সমানুপাতে অংগদান কৰা লোকৰ অভাৱ ঃ- সমগ্ৰ বিশ্বতে অংগ গ্ৰহীতাৰ সংখ্যাৰ অনুপাতে অংগদান কৰা লোকৰ সংখ্যা নিচেই তাকৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰায় এক লাখতকৈ বেছি লোক অংগদাতাৰ অভাৱৰ বাবেই প্ৰতিবছৰেই অংগ প্ৰতিষ্ঠাপন অস্ত্ৰোপচাৰৰ বাবে অপেক্ষাৰ তালিকাত থাকে, ইয়াৰ সৰহ সংখ্যকেই বৃক্ক বিকল হোৱা ৰোগী।

ভাৰতবর্ষতো প্ৰতিবছৰে অংগৰ অভাৱত বহুৰোগীৰ বৃক্ক বিকল হোৱাৰ বাবে মৃত্যুমুখত পৰে। অলপতে হোৱা এক সমীক্ষামতে ভাৰতবর্ষত প্ৰায় ১,২০,০০০ জন লোকক বৃক্ক সংৰোপণৰ প্ৰয়োজন হয় যদিও বছৰি অকল ৭৫০০বৃক্ক সংৰোপণ অস্ত্ৰোপচাৰ সম্পন্ন হয় আৰু ইয়াৰ ৯০ শতাংশই জীৱিত ব্যক্তিয়ে অংগদান কৰে, মাথোঁ ১০ শতাংশ অংগহে ‍‘‍মগজু-মৃত্যু’ হোৱা লোকৰ শৰীৰৰপৰা আহৰণ কৰা হয়। ইয়াৰ সিংহভাগ অস্ত্ৰোপচাৰ দক্ষিণ ভাৰতৰ ৰাজ্যকেইখনতহে সম্পন্ন হয়। সচেতনতাৰ অভাৱৰ বাবেই এনে ৰোগীৰ নিকটতম আত্মীয়ই অংগদান কৰাৰপৰা বিৰত থাকে, অথচ তেওঁলোকৰ এক যুগান্তকাৰী সিদ্ধান্তই সমাজৰ এজনক জীৱন দান কৰিব পাৰে—কিয়নো এজন মানুহে এটা বৃক্কৰে সাৱধানে চলিলে গোটেই জীৱন কোনো জটিলতাৰ সন্মুখীন নোহোৱাকৈ জীয়াই থাকিব পাৰে। এনেধৰণৰ বিজ্ঞানসন্মত কথাবোৰ যদি জনসাধাৰণৰ মাজত জনাই দিয়া যায়, তেন্তে অংগৰ অভাৱ বহু পৰিমাণে দূৰ হ’ব। কোৱা বাহুল্য যে এজন মৃতপ্ৰায় (মগজু-মৃত্যু) লোকে অংগদান কৰি প্ৰায় ৮ জন লোকক নতুন জীৱন দিবলৈ সক্ষম। আমাৰ বাবে অতি সুখবৰ যে অসম চৰকাৰৰ স্বাস্থ্য ও পৰিয়াল কল্যাণ বিভাগে ২০১৬ চনৰ জুলাই মাহত উপস্থাপন কৰা ৰাজ্যিক বাজেটত ‍‘‍মগজু- মৃত্যু’ তথা মৃতপ্ৰায় ব্যক্তিৰ অংগ আহৰণ আৰু সংৰোপণ ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই বিষয়ে আইন প্ৰণয়নৰ ব্যৱস্থা কৰিছে যাৰ সুদূৰপ্ৰসাৰী প্ৰভাৱে ভালেসংখ্যক অংগগ্ৰহীতা ৰোগীক উপকৃত কৰিব।

৩. আর্থিক অনাটন - অন্যান্য দেশৰ লগতে ভাৰতবর্ষতো আর্থিক অনাটন অংগ প্ৰতিষ্ঠাপনৰ এক মুখ্য বিৰূপ কাৰক হিচাপে চিহ্নিত হৈছে। যিহেতু অংগ প্ৰতিষ্ঠাপন অস্ত্ৰোপচাৰ ব্যয়বহুল হয় আৰু তাৰ পাছত গ্ৰহণ কৰিবলগীয়া প্ৰতিৰোধ-ক্ষমতাহ্ৰাসী ঔষধসমূহৰ মূল্যও বজাৰত বহু বেছি; সেয়েহে দ্ৰাৰিদ্ৰ্য সীমাৰেখাৰ তলত বাস কৰা ৰোগীসকলৰ বাবে অংগ সংস্থাপন সহজলভ্য নহয়। অৱশ্যে চৰকাৰী চিকিৎসালয়ত এই অস্ত্ৰোপচাৰ কম খৰচতে সম্পন্ন কৰিব পাৰি। অসম চৰকাৰৰ স্বাস্থ্য বিভাগে এই বিষয়ত এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰি এনে অস্ত্ৰোপচাৰ চৰকাৰী চিকিৎসালয়ত (গুৱাহাটী চিকিৎসা মহাবিদ্যালয়) প্ৰতিপোষক ব্যৱস্থাৰে সম্পন্ন কৰাৰ ব্যৱস্থা কৰি দিয়াৰ উপৰি ৰোগীৰ অস্ত্ৰোপচাৰৰ পাছত বিনামূলীয়া প্ৰতিৰোধ-ক্ষমতাহ্ৰাসী ঔষধ যোগান ধৰাৰ এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছ।

এনে ইতিবাচক ব্যৱস্থা প্ৰণয়নে অংগ প্ৰতিষ্ঠাপনক দুখীয়া-দৰিদ্ৰৰ কাষ চপাই নিবলৈ যথেষ্ট সহায়কাৰী ভূমিকা পালন কৰা দৃষ্টিগোচৰ হৈছে।

৪. বিধিসন্মত সমস্যা - যদিও অংগদানক এক মহান দান বুলি স্বীকৃতি প্ৰদান কৰা হৈছে, তথাপি এনে পদ্ধতিৰ লগত জালিয়াতি সন্মিলিত হৈ থকা বাতৰি মাজে মাজে প্ৰচাৰ- মাধ্যমত পৰিৱেশন কৰা দেখা যায় আৰু ইয়াৰ বিৰূপ প্ৰভাৱৰ বাবে জনসাধাৰণ অংগদান আৰু অংগ প্ৰতিষ্ঠাপন বিষয়টোৰপৰা হাত সাৰি থকা দেখা যায়। এনে ত্ৰুটিসমূহ আঁতৰ কৰিবৰ বাবে বিশ্বৰ প্ৰায়ভাগ দেশতেই অংগ প্ৰতিষ্ঠাপনৰ নীতি/আইন নির্ধাৰণ কৰা হৈছে। এনে আইন অনুযায়ী বিভিন্ন দেশৰ অংগদাতাসকলে ইচ্ছা অনুযায়ী অংগদান কৰা বা ইয়াৰপৰা বিৰত থাকিবলৈ মুকলিমূৰীয়া সিদ্ধান্ত গ্ৰহণ কৰাৰ নীতি-নিয়ম নির্ধাৰিত কৰা হৈছে। ভাৰতবর্ষত এই আইন অনুসৰি যিকোনো অংগ পইচাৰ বিনিময়ত বিক্ৰী কৰাটো এক চূড়ান্ত অপৰাধ হিচাপে গণ্য কৰা হয়। এই আইনৰ অধীনত কোনো সম্পর্কীয় লোকেহে গ্ৰহীতাজনক অংগদান কৰিব পাৰে আৰু বিশেষ নীতিশাস্ত্ৰ সমিতিৰ অনুমতি সাপেক্ষে তথা মহামান্য আদালতত হলফনানা দাখিল কৰিহে অংগ প্ৰতিষ্ঠাপন অস্ত্ৰোপচাৰৰ বাবে আগবাঢ়িব পাৰে।

৫. জৈৱ নীতিশাস্ত্ৰ সম্বন্ধীয় সমস্যা - (Bioethical issues) জৈৱ নীতিশাস্ত্ৰ অনুসৰি অংগদাতাৰ ধর্মনিষ্ঠাৰ চাৰিওকাষে আগুৰি থকা মুখ্য সমস্যাবোৰৰ ওপৰত বর্তমানেও বিতর্ক চলি আছে, যেনে—জীৱন-মৃত্যু, মানৱ শৰীৰৰ আৰু মগজু-মৃত্যু সংজ্ঞা। উদাহৰণস্বৰূপে, মগজু-মৃত্যু হোৱা এজন লোকক কৃত্ৰিম যন্ত্ৰৰদ্বাৰা জীয়াই ৰাখি অংগসমূহ শৰীৰৰপৰা উলিয়াই অংগ প্ৰতিষ্ঠাপনৰ কাৰণে সাঁচি ৰখাটো নীতিশাস্ত্ৰ অনুযায়ী গ্ৰহণযোগ্য—তাৰ ওপৰতো বিতর্কৰ ওৰ পৰা নাই। কিছুসংখ্যক লোকে আকৌ অংগদানক আত্মঘাতী সিদ্ধান্ত আৰু মানৱ শৰীৰক বেপাৰৰ বস্তুলৈ ৰূপান্তৰ কৰাৰ প্ৰচেষ্টা বুলিহে সমালোচনা কৰে।

৬. ৰাজনৈতিক সমস্যা - এক শক্তিশালী ৰাজনৈতিক সদিচ্ছা আৰু পর্যাপ্ত পৰিমাণৰ ৰাজসাহার্য্যই এখন দেশৰ অংগ প্ৰতিষ্ঠাপন আঁচনিৰ পৰিণাম নির্ণয় কৰাৰ লগতে অংগদানৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে। উদাহৰণস্বৰূপে, স্পেইনত মৃত্যুৰ আইনী সংজ্ঞাক বিস্তাৰ কৰাৰ বাবে অংগদাতাৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগতে অংগসমূহো এক সুন্দৰ কার্যক্ষম অৱস্থাত আহৰণ কৰিবলৈ সক্ষম হোৱা দেখা গৈছে।

আনহাতে, ইৰান দেশত ১৯৮৮ চনতে বৃক্কদাতাসকলে ৰাজসাহায্য আগবঢ়োৱাৰ ৰাজনৈতিক সিদ্ধান্তৰ বাবে সমগ্ৰ বিশ্বৰ ভিতৰতে অংগ প্ৰতিষ্ঠাপনৰ অপেক্ষা-তালিকা নিমিষতে শেষ কৰিবলৈ সক্ষম হোৱা দেশ হিচাপে পৰিগণিত হৈছে।

গতিকে দেখা যায় যে পৰিস্থিতি অনুযায়ী বিভিন্ন দেশৰ ৰাজনৈতিক মহলৰ সচেতনতা তথা ক্ষিপ্ৰতৰ কার্যপ্ৰণালীয়েও অংগ প্ৰতিষ্ঠাপন-অস্ত্ৰোপচাৰৰ সাফল্যৰ ওপৰত পোনপটীয়া প্ৰভাৱ বিস্তাৰ কৰে। শেহতীয়াকৈ ভাৰতবর্ষৰ প্ৰধানমন্ত্ৰীয়ে এই বিষয়ত যথেষ্ট গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে আৰু তাৰ প্ৰতিফলন শেহতীয়া —‘মন কি বাতত’ দেখা পোৱা গৈছে।

NOTTO – অর্থাৎ ৰাষ্ট্ৰীয় কোষ তথা অংগ সংৰোপণ সংস্থা স্থাপন কৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে অংগদানৰ প্ৰসাৰতাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে আৰু সেই উদ্দেশ্যেই সমগ্ৰ ভাৰতবর্ষৰ জনসাধাৰণৰ মাজত ‍‘‍মগজু-মৃত্যু’ অংগদাতাৰ গুৰুত্ব সম্পর্কে সজাগতা সৃষ্টি কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিছে।

৭.ধার্মিক সাংস্কৃতিক অনুভূতি - এজন মানুহৰ নিজৰ জীৱনৰ ওপৰত মুকলিমূৰীয়াকৈ ল’ব পৰা সিদ্ধান্তৰ অধিকাৰ থকাৰ বাবে তথা অংগ প্ৰতিষ্ঠাপনক জীৱনৰক্ষক পদ্ধতি হিচাপে চিহ্নিত হোৱাৰ বাবে বিশ্বৰ প্ৰায়ভাগ ধর্মই অংগদান এক মহান দান হিচাপে গণ্য কৰে। ৰোমান কেথলিকসকলে বিশ্বাস কৰে যে অংগদান হৈছে এক দাতব্য কর্ম আৰু জীৱনদায়িনী কার্য। আনহাতে কিছুমান ধর্মৰ নিয়ম অনুসৰি শৰীৰৰ কিছুমান মনোনীত অংগদান কৰাত বাধা আৰোপ কৰা হৈছে।

ইছলাম ধর্ম অনুযায়ী অংগদাতাজনে অংগদান কৰাৰ আগতে লিখিত অনুমতি-পত্ৰত স্বাক্ষৰ কৰাটো বাধ্যতামূলক। আনহাতে, চিন্ত্ত আৰু ৰমা (জিপজী সম্প্ৰদায়) সকলে যিকোনো মানৱ অংগদানৰ পূর্ণ বিৰোধিতা কৰে।

মৃত্যুৰ পাছত আত্মাক বিশ্বাস কৰা হিন্দু ধর্ম অনুযায়ী মৃতকৰ শৰীৰৰপৰা অংগ নি আন এজনৰ শৰীৰত প্ৰতিষ্ঠাপন কৰাটো এক মহান ত্যাগ হিচাপে স্বীকৃতি দিয়া হৈছে।

৮. মগজুৰ মৃত্যু বনাম হৃদপিণ্ডজনিত মৃত্যু - মৃত্যুৰ সংজ্ঞাক লৈ বিতর্কৰ এতিয়াও ওৰ পৰা নাই। সাধাৰণতে মৃত্যু বুলিলে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যোৱাটোকে বুজাই যদিও মগজু মৃত্যুক আইনসংগতভাৱে স্বীকৃতি দিয়া হৈছে যিটো পৰিস্থিতিত মানৱ শৰীৰৰ হৃদপিণ্ড সম্পূর্ণৰূপে সক্ষম হৈ থাকে আৰু কৃত্ৰিম যন্ত্ৰৰদ্বাৰা সকলো মুখ্য অংগক জীৱিত আৰু কার্যক্ষম কৰি ৰাখিব পৰা যায়। অংগ প্ৰতিষ্ঠাপনৰ বাবে অংগদান কৰিবলৈ মগজুৰ মৃত্যু অৱস্থাকে পৃথিৱীৰ প্ৰায়সংখ্যক দেশত আইনসন্মতভাৱে স্বীকৃতি প্ৰদান কৰা হৈছে আৰু তাৰ বাবে ৰোগীৰ নিকটতম আত্মীয়ৰপৰা অনুমতি লোৱাটো বাধ্যতামূলক। অৱশ্যে মগজুৰ মৃত্যুক তেতিয়াহে স্বীকৃতি দিয়া হ’ব যেতিয়া ৰোগীজনৰ মগজুৰ কার্যক্ষমতা কেতিয়াও ঘূৰি নাহে বুলি ঠাৱৰ কৰা হয়। সাধাৰণতে গুৰুতৰভাৱে দুর্ঘটনাত পতিত হৈ মৃত্যু হোৱা লোকসকলৰপৰা ‍‘‍মগজুৰ মৃত্যু’ৰ আধাৰত অংগসমূহ গোটাই তালিকাত থকা গ্ৰহীতা ৰোগীসকলৰ শৰীৰত সংস্থাপন কৰাৰ পদ্ধতি প্ৰচলন হোৱাৰ পাছত অংগ প্ৰতিষ্ঠাপনৰ বিষয়টো যথেষ্টভাৱে আগবাঢ়ি যোৱাত সহায় হৈছে। অৱশ্যে সর্বসাধাৰণৰ মাজত মগজুৰ মৃত্যুৰ বিষয়ে ব্যাপক প্ৰচাৰ চলালেহে এনে কার্যপ্ৰণালী (অংগ প্ৰতিষ্ঠাপন-অস্ত্ৰোপচাৰ) বাস্তৱত ৰূপায়িত কৰিবলৈ সহজসাধ্য হ’ব। উল্লেখযোগ্য যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ইউৰোলজী বিভাগ আৰু নেফ্ৰলজী বিভাগৰ যৌথ উদ্যোগত বৃক্ক সংৰোপণ অস্ত্ৰোপচাৰ নিয়মিতভাৱে সম্পন্ন কৰি থকা হৈছে যদিও ‍‘অংগৰ অনাটন’ৰ বাবে বহু সংখ্যক বৃক্ক বিকল হোৱা ৰোগীয়ে যাতনাত দিন কটাবলগা হৈছে। যদি ‍‘‍মগজু-মৃত্যু’ সম্বন্ধীয় আইন প্ৰণয়ন হয় তেন্তে মৃতপ্ৰায় লোকৰ বহু অংগ উপলব্ধ হ’ব আৰু অনেকজন অংগ বিকল (মূলতে বৃক্ক বিকল) হোৱা ৰোগীক নতুন জীৱন দিবলৈ সক্ষম হ’ব।

সামৰণি :- মুঠৰ ওপৰত ক’বলৈ গ’লে অংগদান আৰু অংগ প্ৰতিষ্ঠাপন মানৱ সমাজৰ হিতার্থে চলি থকা এক নীৰৱ আন্দোলন। কার্যক্ষম শৰীৰৰ কোনো এক অংগৰদ্বাৰা আন এজনৰ উপকাৰ কৰা কার্যক সমাজৰ সকলো শ্ৰেণীৰ লোকে উদ্গনি যোগোৱা উচিত। সমাজ- সচেতনতা আৰু ৰাজনৈতিক ও চৰকাৰী সদিচ্ছাৰ মিলনে অংগ প্ৰতিষ্ঠাপনক ৰাইজৰ ওচৰ চপাই নিবলৈ সক্ষম হ’ব। অৱশ্যে এই ক্ষেত্ৰত চৰকাৰী-বেচৰকাৰী সংস্থাৰ উপৰি প্ৰচাৰ- মাধ্যমসমূহেও ইতিবাচক পদক্ষেপ ল’লেহে সমাজে সুফল পাবলৈ সক্ষম হ’ব।

লেখক:-ডাঃ শশাংক কুমাৰ বৰুৱা

 

 

2.77777777778
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top