অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অংগদান মহান দান

অংগদান মহান দান, সেই বিষয়ে লিখা হৈছে ।

 

আমাৰ সমাজত অংগদান সম্পৰ্কত সজাগতা তেনেই কম । বৈজ্ঞানিক মানসিকতাৰ অভাৱ আৰু অন্ধবিশ্বাসৰ বাবেই এনে হৈছে বুলি ধৰি লোৱা হয় । এই সম্পৰ্কত আমাৰ জ্ঞান আৰু সক্ৰিয়তা ৰক্তদান আৰু নেত্ৰদানতে সীমাবদ্ধ । অৱশ্যে এই দুবিধ দানৰ গুৰুত্বও তেনেই কম নহয় । বিশেষকৈ বিভিন্ন ক্ষেত্ৰত ৰক্ৰৰ প্ৰয়োজনীয়তা প্ৰায় সকলোৱে জীৱনকালত একোবাৰকৈ অন্তত: নিশ্চিতভাৱে অনুভৱ কৰিছে । তেজৰ এই প্ৰয়োজনীয়তা উপলব্ধি কৰিয়ে বিশ্ব স্বাস্থ্য সংস্থাই ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে ১৪ জুনৰ দিনটো বিশ্বৰ বিভিন্ন প্ৰান্তত বিশ্ব ৰক্তদাতা দিৱস হিচাপে পালন কৰে । এটা সমীক্ষা মতে ভাৰতত প্ৰতিবছৰে ৫ কোটি ইউনিট তেজৰ প্ৰয়োজন হয় । কিন্তু ইয়াৰ বিপৰীতে ব্লাড বেংকবোৰত ইয়াৰ মাথোঁ আধা ৰক্তহে জমা হয় । সেয়েহে প্ৰয়োজনত বা বিপদৰ সময়ত ৰক্তদাতাৰ প্ৰয়োজন হয় । এইবাৰ বিশ্ব ৰক্ত দিৱসৰ শীৰ্ষক আছিল “ Be there for someone else, give blood, share life”

আমাৰ মাজত অংগদান সম্পৰ্কত থকাৰ লেখীয়া ৰক্তদান সম্পৰ্কতো কিছুমান ভুল ধাৰণা প্ৰচলিত হৈ আছে । ই প্ৰকৃততে এক সম্পূৰ্ণ নিৰাপদ প্ৰক্ৰিয়া । ১৮ বছৰৰ পৰা ৬৫ বছৰৰ ভিতৰৰ সকলো লোকে, যিসকলৰ ওজন ৪৫ কিলোগ্ৰামৰ ওপৰ আৰু দেহত হিম’গ্লবিনৰ পৰিমাণ ১২.৫ গ্ৰাম শতাংশ বা ততোধিক থাকে, তেওঁলোকে  ৰক্তদান কৰিব পাৰে । এবাৰত প্ৰত্যেকেই ৩৫০ ৰ পৰা ৪৫০ মি:লিটাৰহে তেজ দান কৰিব পাৰে । প্ৰতিজন লোকে প্ৰতি তিনি মাহৰ অন্তত আৰু মহিলাই চাৰি মাহৰ অন্তত ৰক্তদান কৰিব পাৰে । অৱশ্যে বেমাৰী লোক, গৰ্ভৱতী আৰু দুগ্ধপান কৰোৱা মাতৃ আৰু মাহেকীয়া হৈ থকা মহিলাই ৰক্তদান কৰিব নোৱাৰে । ৰক্তদান কৰিলে দুৰ্বল হৈ যাম বুলি ভাবি থকাসকলে জনা উচিত যে ইয়াৰ দ্বাৰা ৰক্তদাতাসকল বিভিন্ন প্ৰকাৰে উপকৃত হয়, যেনে-

১) ই শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰখাত সহায় কৰে ।

২) আইৰনৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখি হাৰ্ট, লিভাৰ আদি সক্ৰিয় কৰি ৰাখে ।

৩) নতুন ৰক্তকণিকাৰ সৃষ্টি কৰি স্বাস্থ্য সুৰক্ষাত সহায়ক হয় ।

৪) কিছু কেন্সাৰজাতীয় ৰোগ আৰু হিম’ক্ৰমেটিছ ৰোগৰ আশংকা হ্ৰাস কৰে ।

এনেবোৰ ধনাত্মক দিশলৈ লক্ষ্য কৰি, লগতে আনক সহায় কৰাৰ মনোভাবেৰে সক্ষমজনে স্বেচ্ছাৰে ৰক্তদান কৰা উচিত ।

নেত্ৰদান আৰু মৰুণোত্তৰ দেহদান এইক্ষেত্ৰত অন্যতম মহৎ দান । মৃত্যুৰ পিছত দেহৰ বিভিন্ন অংগ সুস্থ থাকিলে অনায়াসে আন এজন ৰোগীৰ প্ৰয়োজন পূৰণ কৰিব পৰা যায় । সেইদৰে আমাৰ চিকিৎসা-বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলে মৃতদেহৰ অভাৱত পৰীক্ষাগাৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় । এনে অসুবিধা দূৰীকৰণৰ বাবে আজিকালি বহুতে মৰণোত্তৰ দেহদান কৰে । আজি কিছুদিনৰ আগতে বৰ্ষীয়ান ৰাজনীতিবিদ সোমনাথ চেটাৰ্জীৰ দেহ চিকিৎসালয়ত তেওঁৰ পূৰ্বৰ ইচ্ছা অনুসৰি দান কৰা হয় । অৱশ্যে সজাগতাৰ অভাৱৰ বাবে স্বেচ্ছাই এনে দান আগবঢ়োৱা কাৰ্য আমাৰ দেশত যথেষ্ট সীমিত । দেহৰ অন্যান্য অংগৰ ক্ষেত্ৰতো ই প্ৰযোজ্য । বিভিন্ন ৰোগ, দুৰ্ঘটনা আদিৰ ফলত আমাৰ দেশত যিমান ৰোগীৰ বিভিন্ন অংগৰ প্ৰয়োজন, তাৰ তুলনাত যোগান তেনেই কম । ২০১৭ চনৰ তথ্য অনুসৰি তামিলনাডুত মুঠ ৬৭৩ জন ৰোগীৰ বিভিন্ন অংগৰ সংযোজনৰ বা পুনৰ স্থাপনৰ প্ৰয়োজন হোৱাৰ বিপৰীতে দাতাৰ সংখ্যা আছিল মাথোঁ ১৭৬ জন । মহাৰাষ্ট্ৰত এই ব্যৱধান ৪০৩-১৭০ আৰু তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশত ৪৮০-১৫০ জন । এই বেয়া খবৰটোৰ বিপৰীতে এটা ভাল খবৰো আছে । যোৱা ২০১৮-১৭ চনৰ সময়ছোৱাত কিডনী আৰু লিভাৰ দানৰ হাৰ ২.৫ শতাংশ আৰু হাৰ্টৰ ক্ষেত্ৰত ৬.৫ শতাংশলৈ বৃদ্ধি হৈছে ।

ভাৰতবৰ্ষত প্ৰতিবছৰে ৫ লাখ ৰোগী অংগ বিকল হৈ দাতাৰ অভাৱত মৃত্যুমুখত পৰে । এনে পৰিস্থিতিত কিছুদিনৰ আগতে মুম্বাইৰ কোকিলাবেন চিকিৎসালয়ৰ পৰিচালকে এক সজাগতা বৃদ্ধি অনুষ্ঠানৰ আয়োজন কৰি ঘোষণা কৰে- ‘ Lets give others a chance to live’ অনুষ্ঠানতে অংগদান কৰা কিছু লোকক সম্বৰ্ধনা জনাই কোৱা হয় যে এইক্ষেত্ৰত আমি পৰিয়াল ভিত্তিত অংগদানৰ বিষয়ে আলোচনা আৰু সজাগতা বৃদ্ধিৰ বাবে চেষ্টা চলোৱা উচিত । যোৱা বছৰৰ পৰা আৰম্ভ কৰা তেওঁলোকৰ এই অভিযানত ইতিমধ্যে গুজৰাট, তামিলনাডু, চণ্ডীগড়, কৰ্ণাটক আৰু পশ্চিমবংগৰ ১.৪ লাখ দাতাই অংশগ্ৰহণ কৰিছে । বৰ্তমান এই  অভিযান পৰিয়ালৰ পৰা আৰম্ভ কৰি বিদ্যালয় আৰু মহাবিদ্যালয়লৈকে বিস্তৃত কৰা হৈছে ।     Times Organ Donate Drive ৰ সৈতে জড়িত এই যাত্ৰাত আটায়ে অংশগ্ৰহণ কৰিব পাৰে । Our aim is to spark a conversation on organ donation in every family that will lead of a firm commitment . Saving another  life gives our own greater purpose- we want this message to resound loud and clear.

এই বছৰ ১৩ আগষ্ট তাৰিখে বিশ্ব অংগদান দিৱস পালন কৰা হয় আৰু বিভিন্ন ৰাজ্যত ব্যক্তিগত আৰু চৰকাৰী প্ৰচেষ্টাত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে চেষ্টা চলোৱা হয় । এইক্ষেত্ৰত ভাল খবৰটো হ’ল- ২০১৪ চনৰ ১,১৪৯ ৰ পৰা ২০১৭ চনলৈ ২,৪৭০ জন অংগদান কৰা ব্যক্তিৰ সংখ্যা বৃদ্ধি হয় ।

এই বৃদ্ধি বিশেষকৈ কিডনী আৰু লিভাৰৰ ক্ষেত্ৰত হৈছিল । ইয়াৰ বিপৰীতে এতিয়াও দেশত দুই লাখ ৰোগীৰ মাথোঁ ৯ হাজাৰহে কিডনী একোটা দাতাৰ পৰা সংগ্ৰহ কৰিব পাৰে । এই পৰিস্থিতি নতুন নহয় । ২০০৫ চনৰ পৰা এতিয়ালৈকে প্ৰায় তিনি নিযুত ভাৰতীয় অংগ সংযোজনৰ সুবিধাৰ পৰা বঞ্চিত হৈ মৃত্যুমুখত পৰে । অৰ্থাৎ সজাগতা বৃদ্ধি কৰিবলৈ বিভিন্ন চেষ্টা চলোৱা সত্ত্বেও পৰিস্থিতিৰ বৰ বেছি পৰিৱৰ্তন হোৱা নাই ।

অংগদানৰ সম্পৰ্কত বৰ সহজে ৰাইজক আহ্বান জনোৱা হয় যদিও এই প্ৰক্ৰিয়াটো বৰ সহজ নহয় । জুলাইৰ (২০১৮)India Today আলোচনীত এই সম্পৰ্কত এক ওজন ব্যৱস্থাৰ কথা উল্লেখ কৰা হৈছে । পাঠকৰ উপকাৰৰ অৰ্থে তলত সেই বিষয়ে জনোৱা হ’ল । এই প্ৰক্ৰিয়াত দাতা, গ্ৰহণ কৰোতা, চিকিৎসক আৰু পৰিয়ালৰ লোক আটাইৰে দায়িত্ব গুৰুত্বপূৰ্ণ ।

১) এজন ৰোগীয়ে চিকিৎসালয়ত যেতিয়া নিজে নিজে শ্বাস-প্ৰশ্বাস লোৱা ক্ৰিয়া কৰিবলৈ অক্ষম হয় আৰু শৰীৰৰ মাংসপেশী অক্ষম হৈ পৰে, তেতিয়া চিকিৎসকসকলে পৰিয়ালৰ লোকৰ লগত আলোচনা কৰে ।

২) পৰিয়ালৰ লোকে অংগদান কৰিবলৈ সন্মতি প্ৰকাশ কৰিলে ৰাজ্যিক প্ৰতিষ্ঠাপন কৰ্তৃপক্ষক জনোৱা হয় ।

লেখিকা :- ড° জয়শ্ৰী বৰা

উৎস :- জি এনআৰচি স্বাস্থ্য

স্বাস্থ্য ৰক্ষাত ফল আৰু শাক-পাচলিৰ ৰস -

ফলৰ ৰসৰ লগতে শাক-পাচলিৰ ৰসেও শৰীৰৰ পুষ্টি সাধনত ডাঙৰ ভূমিকা লয় । যদিও বহু লোকে ছালাড বা কেঁচা শাক-পাচলি খায়, তথাপি এইবোৰৰ ৰস খাবলৈ পাৰিলে শৰীৰে অধিক পৰিমাণে পুষ্টি লাভ কৰে । সকলো পাচলিৰ ৰস অৱশ্যে খাবলৈ নোৱাৰি । উপযুক্ত হৈছে- পালেং, কবি, মূলা, গাজৰ, বীট, বিলাহী, তিঁয়হ, অমিতা , কঁঠালৰ গুটি, পিঁয়াজ, নহৰু, বুট, মটৰ, মিথি ইত্যাদি ।

আজিৰ পৰা ২৪০০ বছৰৰো পূৰ্বেই পাশ্চাত্যত ভেষজৰ জনকৰুপে খ্যাত হিপোক্ৰেটছে বুজাবলৈ চেষ্টা কৰিছিল যে সজীৱ ফল আৰু শাক-পাচলিৰ ৰসে মানুহক ৰোগৰ লগত সফলভাৱে যুঁজিবলৈ বা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম কৰি তোলে । আধুনিক যুগৰ চিকিৎসকসকলেও এই ৰসগ্ৰহণ পদ্ধতি প্ৰয়োগ কৰি শৰীৰৰ বহুতো সমস্যা নিৰাময় কৰিবলৈ সক্ষম হৈছে । কেইবাজনো চিকিৎসক বিজ্ঞানীয়ে স্বৰচিত কিতাপত ৰস গ্ৰহণৰ সফলতাৰ বিষয়ে কি কৈছে । সজীৱ ফল আৰু শাক-পাচলিৰ ৰসে হৃত স্বাস্থ্যও ওভোতাই আনে । ফলৰ ৰস শক্তিদায়ক ক্লান্তিনাশক, তাৰুণ্যৰ শক্তি প্ৰদায়ক । এনে ৰস গ্ৰহণৰ বাবে কোনো পাৰ্শ্বক্ৰিয়া নহয় । ডা: পল ব্ৰাগে এই কথা সমৰ্থন কৰে । কেন্সাৰ, বাত, মধুমেহ, হৃদৰোগ আদিৰ দৰে ৰোগো প্ৰচুৰ পৰিমাণে ফল আৰু শাক-পাচলিৰ ৰসৰ দ্বাৰা নিৰাময় কৰিব পাৰি । এই দাবী কৰিছে ডা: মেৰী টি হোগলেই । ডা: জন লাষ্টৰ মতে সজীৱ ফলৰ ৰস হৈছে মানুহৰ শৰীৰৰ পুনৰ যৌৱন উৎপাদক আৰু নিৰ্মাতাস্বৰুপ । প্ৰদূষণবিহীন মাটিত ৰোৱা গছবোৰত থাকে মানুহৰ শৰীৰৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ উপাদানসমূহ । এইবোৰৰ ৰস সজীৱ অৱস্থাত আৰু কোনো সংৰক্ষক নথকাকৈ খাব লাগে । ডা: এন উইগমোৰে কৈছে- বন্য প্ৰাণীবোৰ প্ৰাকৃতিক অৱস্থাত থাকে আৰু সিহঁত কাচিৎহে ৰোগাক্ৰান্ত হয় । কিন্তু পোহনীয়া জন্তুক নিজৰমতে ৰান্ধি খুৱায় । এনেবোৰ জন্তুৰ ৰোগ সহজে হয় । বন্য জন্তুৱে নিজৰ চেতনাৰ দ্বাৰা সঠিক খাদ্য নিৰ্বাচন কৰি লয়, কেতিয়াবাহে  সিহঁতৰ ভুল হয় । ডা: জি এইচ আৰ্প-থমাছৰ গৱেষণাত প্ৰকাশ যে যেতিয়া কোনো ৰন্ধা খাদ্য খোৱা হয় , তেতিয়া শৰীৰত স্ফীতি আৰু কেন্সাৰসদৃশ বৃদ্ধি হ’বলৈ ধৰিছিল । যেতিয়া সতেজ ফল আৰু শাক-পাচলি খাবলৈ দিয়া হ’ল, তেতিয়া শীঘ্ৰেই সেই বৃদ্ধিবোৰ সংকুচিত হ’বলৈ ধৰিলে । এইটোৱেই হৈছে ৰসগ্ৰহণ পদ্ধতিৰ মূল কথা । গতিকে যথাসম্ভৱ ৰন্ধা খাদ্য খোৱাৰ পৰা আঁতৰি থাকিব লাগে । ডা: পল ব্ৰাগেও এই পদ্ধতিৰ সফলতাৰ বিষয়ে কৈছে । চিকিৎসকসকলে ৰন্ধা খাদ্যক মৃত বা ভেজাল খাদ্যৰ লগত তুলনা কৰিছে । গৱেষকৰ মতে অধিবিহ হৈছে সকলো ৰোগৰ মূল কাৰণ । যদি শৰীৰৰ পৰা অপ্ৰয়োজনীয় বস্তুবোৰ উলিয়াই দিয়া নহয়, তেন্তে সেইবোৰ ৰোগ সৃষ্টি কৰিবলৈ সুবিধা পায় । সজীৱ ফল আৰু শাক-পাচলিৰ ৰস খাই সমস্ত শৰীৰকে অধিবিহমুক্ত কৰা উচিত । আধুনিক যুগৰ চিকিৎসকসকলেও ইয়াৰ প্ৰমাণ পাইছে ।

সদায় ৰন্ধা খাই থাকিলে কঠিন আৰু স্থায়ীৰোগ হ’ব পাৰে । সজীৱ ফল আৰু শাক-পাচলিৰ ৰসে আমাক সুস্থ শৰীৰ প্ৰদান কৰে । চিকিৎসক-গৱেষকসকলে পৰীক্ষাত দেখিবলৈ পাইছে যে ভিটামিন ইউৰ অভাৱত গেষ্ট্ৰিক আলচাৰ ৰোগ হয় । যদি ৰোগীক যথেষ্ট পৰিমাণে বন্ধা কবিৰ পাতৰ ৰস খাবলৈ দিয়া হয়, তেন্তে শীঘ্ৰে আৰোগ্য লাভ কৰে ।

লেখিকা :- প্ৰীতি কাকতি

উৎস :- আমাৰ অসম পূৰ্বাচল

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top