অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অন্ধতাৰ কাৰণ :

অন্ধতাৰ কাৰণ :

 

দুয়োটা চকুৰে একেবাৰে নেদেখা হোৱাজনকে আমি অন্ধ বোলো । কিন্তু বিভিন্ন কামৰ বাবে অন্ধতাক বিভিন্ন ধৰণেৰে সংজ্ঞা দিয়া হয় । বিশ্ব স্বাস্থ্য সংস্থাৰ মতে চকুৰ দৃষ্টি Snellen Chart  অনুসৰি 3/60   তকৈ কম হ’লে অন্ধ বুলি কোৱা হয় । যিহেতু   জুখিবলৈ হ’লে চকুৰোগ চিকিৎসালয়লৈ যাব লাগিব । সেয়ে তাতকৈ সহজ কৰি ডব্লিউ এইচ অ’এ ১৯৭৯ চনত অন্ধতাৰ নতুন সংজ্ঞা এনেদৰে দিছে- ‘যিব্যক্তিয়ে তিনি মিটাৰ দূৰত্বৰ পৰা দিনৰ পোহৰত আঙুলিকেইটা আছে ধৰিব নোৱাৰে, তেনে ব্যক্তিকেই অন্ধ বুলি কোৱা হয় । তদুপৰি আমাৰ দৃষ্টি পৰিসীমা যদি ১০° তকৈ কম হয় তেতিয়া চকুৰ দৃষ্টি 3/60   তকৈ ভাল হ’লেও মানুহজন অন্ধ হিচাপে আখ্যা দিয়া হয় । ভাৰতবৰ্ষত National Programme for Control Of Blindness (NPCB) য়ে ভাৰতৰ বাবে অন্ধতাৰ সীমাটোক আৰু অলপ শিথিল কৰিছে । সেই মতে ভাল চকুটোৰ দৃষ্টি 6/60- তকৈ কম বা দৃষ্টিৰ পৰিধি ২০° তকৈ কম তেতিয়া’হলে তেওঁক অন্ধ বুলি কোৱা হ’ব । বিশ্বৰ স্বাস্থ্য সংস্থা মতে, অন্ধতাৰ মূল কাৰণসমূহ হ’ল- কেটেৰেক্ট, গ্লুক’মা, কৰ্ণিয়াৰ অস্বচ্ছতা, ডায়েবেটিক ৰেটিন’পেথি, জন্মগত অন্ধতা,  Age related macular degeneration, Onchocerciasis আৰু অন্যান্য । ভাৰতবৰ্ষত অন্ধতাৰ কাৰণসমূহ বিশ্বৰ কাৰণতকৈ অলপমান সুকীয়া । ভাৰতবৰ্ষত অন্ধতাৰ কাৰণ বিচাৰিবলৈ চাৰিটা সমীক্ষা চলোৱা হৈছিল ।

১) Rapid Assessment of Avoidable Blindness (RAAB)

২) National Programme for Control of Blindness (NPCB)

৩) World Health Ogranisation, NPCB (WHO) Survey.

৪) ICMR Survey.

এই সমীক্ষাকেইটাৰ মতে ভাৰতৰ অন্ধতাৰ কাৰণসমূহ হ’ল – কেটেৰেক্ট, প্ৰতিসৰণ দোষ, গ্লুক’মা, ৰোটিনাৰ অসুখ, অস্ত্ৰোপচাৰৰ ফলত হোৱা ক্ৰুটি, কৰ্নিয়াৰ অস্বচ্ছতা আৰু অন্যান্য ।

লেখক : ডা: নাৰায়ণ বৰদলৈ

উৎস:- দৈনিক জনমভূমি

শেহতীয়া উন্নীতকৰণ: : 3/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate