মূল পৃষ্ঠা / স্বাস্থ্য / অনাময় আৰু স্বাস্থ্যবিধি / আপোনাৰ চিকিৎসালয়খন কিমান সুৰক্ষিত?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আপোনাৰ চিকিৎসালয়খন কিমান সুৰক্ষিত?

আপোনাৰ চিকিৎসালয়খন কিমান সুৰক্ষিত হʼব লাগে সেই বিষয়ে এই লিখনিটোত দিয়া হৈছে।

ৰোগীৰ সুৰক্ষা মানে আমি কি বুজো বাৰু? ৰোগীক চিকিৎসা প্ৰদান কৰাৰ সময়ত ৰোগীয়ে যাতে অনাহকতে কষ্ট নাপায় বা আঘাত নাপায়। চিকিৎসা প্রদানৰ সময়ত ৰোগীক এৰাই চলিব পৰা শাৰীৰিক কষ্ট, আঘাত আদিৰ পৰা মুক্ত কৰি ৰাখিব পৰা অৱস্থাই ৰোগীৰ সুৰক্ষাৰ সংজ্ঞা। পিচে সামগ্রিকভাৱে গোটেই বিশ্বতে চিকিৎসা প্ৰদানৰ সময়ত হোৱা অনাকাংক্ষিত আঘাত বা মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে। চিকিৎসালয়সমূহত চিকিৎসা গ্ৰহণ কৰি থকা ৰোগীসকলৰ সুৰক্ষা সম্পৰ্কত সকলাকে সচেতন কৰাৰ মানসেৰে বিশ্ব স্বাস্থ্য সংস্থাই প্রত্যেক বছৰৰ ৯ ডিচেম্বৰৰ দিনটো ‘ৰোগী সুৰক্ষা দিৱস’ (Patient Safety Day) ৰূপে পালনৰ বাবে আগবাঢ়ি আহে। চিকিৎসকসকলে খ্রীষ্টপূর্ব পঞ্চম শতিকাৰ পৰাই হিপ’ক্রেটছৰ সেই অমোঘ বাণী— 'Primum Non Nocare'ক বেদবাক্যৰূপে মানি লৈ চিকিৎসা প্ৰদান কৰি আহিছে। মূল গ্ৰীকত উচ্চাৰিত সেই মূলমন্ত্রৰ অৰ্থ হৈছে— ‘প্রথম কথা হ’ল কাৰো অনিষ্ট নকৰা’। ইয়াৰ অৰ্থ হৈছে, হিপ'ক্ৰেটছৰ দৰে মনীষীয়েও স্বীকাৰ কৰিছিল যে, ৰোগীৰ ৰোগ নিৰাময়ৰ মহৎ উদ্দেশ্য আগত লৈ কাম কৰা সময়ত ৰোগী আঘাতপ্রাপ্ত হ’বও পাৰে- যিটো অনাহত আৰু অনাকাংক্ষিত। ‘নেচনেল অকাডেমী অব ছায়েন্সেছ'ৰ ইন্সটিটিউট অব মেডিচিনে ১৯৯৯ চনত এখন অতি গুৰুত্বপূৰ্ণ গৱেষণা-পত্ৰ প্ৰকাশ কৰিছিল। তাৰ শীৰ্ষক আছিল ‘মানুহ মাত্রেই ভুল হয় : সুৰক্ষিত স্বাস্থ্য ব্যৱস্থাৰ নিৰ্মাণ’। ইয়াত উল্লেখ কৰা হৈছিল যে, বছৰি যুক্তৰাজ্যত প্ৰায় নব্বৈ হাজাৰ লোক ভুল চিকিৎসাৰ বলি হয়। সেয়ে তাত হাস্পতাল আৰু অন্য স্বাস্থ্য ৰক্ষাত নিয়োজিত অন্য সংস্থাসমূহৰ ক্ষেত্ৰত  ৰোগীৰ সুৰক্ষা সম্পৰ্কীয় সচেতনতা ভালদৰেই গা কৰি উঠিছে।

চিকিৎসাজনিত দোষ-ত্ৰুটী দৰাচলতে ক্রমধর্মান জটিল স্বাস্থ্যবিধিৰে ফল বুলিব পাৰি। হাস্পতালসমূহৰ সুব্যৱস্থাপনা সহজ কথা নহয়। জটিল অস্ত্রোপচাৰ এটা কৰাতকৈ হাস্পতালৰ বিভাগ এটাক সূচাৰুৰূপে চলোৱা যেন অধিক জটিল। অৱশ্যে অভিজ্ঞতাসমূহ ভালদৰে কামত লগাব পাৰিলে আৰু হাস্পতালসমূহে নিজৰ ভুলবোৰ শুধৰোৱাৰ বাবে উচিত ব্যৱস্থা হাতত ল’লে এই কাম সহজসাধ্য হ'ব পাৰে।

ডাঃ জেমছ ৰিজন নামৰ মনোৰোগ বিভাগৰ অধ্যাপক এজনে চিকিৎসা বিভ্ৰাটৰ সংজ্ঞা দিছিল এইদৰে- এইবোৰ হৈছে এনেকুৱা পৰিস্থিতি, য'ত আঁচনি অনুযায়ী কৰিবলগীয়া কৰ্মই, আশা কৰা ধৰণৰ ফলাফল কঢ়িয়াই আনিব নোৱাৰে। অৱশ্যে এইটোও সত্য যে সকলো ধৰণৰ চিকিৎসা সংক্রান্তীয় ভুলৰ পৰা পৰিত্ৰাণ পাব নোৱাৰি। চিকিৎসা সেৱাত জড়িতসকলৰ সং প্রচেষ্টা, দীৰ্ঘ অভিজ্ঞতা সচেতনতা আৰু দক্ষতা সত্ত্বেও তেনে ভুল হ’ব পাৰে। এই ক্ষেত্ৰত সবাতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে—কোনে ভুলটো কৰিলে ধৰণৰ প্ৰসংগ পৰিহাৰ কৰা। তাৰ পৰিবৰ্তে ভুল হোৱাৰ কাৰণ বিশ্লেষণ আৰু ভূল নিৰাময়ৰ ব্যৱস্থাই আগস্থান পোৱা উচিত। ব্যৱস্থাটোক এনে চিন্তা আৰু কৰ্মইহে অধিক সুৰক্ষিত কৰিব পাৰিব।

এই প্রসংগত সমাজৰ সমুখত মই বিমান সেৱা আৰু চিকিৎসা সেৱাৰ সুৰক্ষাৰ সম্পৰ্কীয় তুলনা এটা তুলি ধৰিব বিচাৰিছো। প্রাপ্ত পৰিসংখ্যামতে বিমানত যাত্ৰা কৰাসকলৰ ক্ষেত্ৰত ৰিস্ক্‌ ফেক্টৰ হৈছে ১:১০,০০০। আনহাতে চিকিৎসা সংক্রান্তীয় ৰিস্ক্‌ ফেক্টৰ হৈছে ১:৩০০। কিন্তু মন কৰিবলগীয়া কথাটো হৈছে যে, বিমান যাত্ৰীয়ে কেতিয়াও পাইলটৰ বিশ্বাসযোগ্যতাৰ সম্পৰ্কত প্ৰশ্ন উত্থাপন নকৰে। অথচ ৰোগীয়ে চহৰখনৰ স্বনামধন্য চিকিৎসকজনৰ কাষ চপাৰ পিচতো দ্বিতীয় চিকিৎসক এজনৰ অভিমত ল’বলৈ ব্যাকুল হয়!

ভুৱনেশ্বৰ আৰু কলকাতাৰ হাস্পতালত জুই লগৰ ঘটনা আৰু গোৰখপুৰ হাস্পতালত হোৱা কাণ্ডকাৰখানাৰ পিচত জনসাধাৰণৰ মাজত হাস্পতালৰ সুৰক্ষাৰ সম্পৰ্কত নতুন সন্দেহ, নতুন ভয়ৰ সূচনা হৈছে। পশ্চিমীয়া সাহিত্যত উল্লেখ হোৱা চিকিৎসা সম্পৰ্কীয় ভুলবোৰৰ ভিতৰত সঘনাই হোৱাবিলাক হৈছে— অনাকাংক্ষিতভাবে ৰোগীৰ শৰীৰত ‘ফৰেইন বড়ি' থাকি যোৱা, ভুল ক্ষেত্র (site), ভুল পদ্ধতি, অপাৰেচনৰ সময়ৰ বা পিচৰ জটিলতা, ইত্যাদি ইত্যাদি। কিবা দুর্ঘটনা বা চিকিৎসা সংক্রান্তীয় ভুল আদি হ'লেই হাস্পতাল কর্তৃপক্ষই তাৰ কাৰণ ফঁহিয়াই চোৱাৰ পৰিবৰ্তে কোনোবা এজন কৰ্মচাৰীক ঘটনাটোৰ বাবে দোষাৰোপ কৰাৰ চেষ্টা কৰে। সকলোৰে জনা কথা যে, ছিষ্টেম অর্থাৎ ব্যৱস্থাটোকে যদি সুন্দৰকৈ ডিজাইন কৰা যায় তেন্তে কৰ্মচাৰীৰ ভুল হোৱাৰ বাটেই বন্ধ হৈ যাব। সুপৰিকল্পনাই কৰ্মচাৰীক ভুল পথৰ পৰিবৰ্তে শুদ্ধ পথ ল’বলৈ বাধ্য কৰাব। মুঠতে হাস্পতালখনৰ ডিজাইন আৰু ৰোগীৰ সুৰক্ষাৰ মাজত এটা ওতঃপ্ৰোত সম্পর্ক আছে। এইটো প্ৰকৃতাৰ্থত গৱেষণাৰ বিষয়। এই দিশত এতিয়াও সজাগতা সৃষ্টি হ’বলৈ বাকী। লক্ষ্যণীয় কথাটো হৈছে- দামী কৰ্প’ৰেট হাস্পতালতো এনেবোৰ আসোঁৱাহ আছে। সেয়ে চৰকাৰী হাস্পতালৰ দৰে তাত এনে ধৰণৰ দুর্ঘটনা নহ’ব বুলি ধৰি লোৱাটো হাস্যকৰ।

চিকিৎসা বিভ্রাট পৰিহাৰ কৰি ৰোগীক অধিক সুৰক্ষা প্ৰদান কৰিব পৰাকৈ বিশেষ চিকিৎসা-সঁজুলি বা চিকিৎসা পদ্ধতি আছে নেকি? সৰু সৰু প্রচেষ্টাৰে আমি গোটেই কাৰবাৰটো আৰম্ভ কৰিব লাগিব। ৰোগীক বিছনাখনৰ নম্বৰটোৰে নহয়, তেওঁৰ নামেৰে চিনাক্ত কৰা উচিত। ৰোগীৰ সৈতে সঘন যোগাযোগ কৰা, সঠিক ক্ষেত্ৰ চিনাক্ত কৰা, ইত্যাদিৰ জৰিয়তে সেৱাৰ মান উন্নত কৰিব পাৰি। ইনফেক্‌চন কমাব পাৰি। দৰ্কাৰী দৰববোৰ, সাধাৰণভাবে ব্যৱহাৰ হোৱা দৰবৰ পৰা আঁতৰাই থোৱা উচিত। এইবোৰ সাধাৰণ কথা হ’লেও ৰোগীৰ সুৰক্ষাৰ ক্ষেত্ৰত, সঠিক হাস্পতাল ব্যৱস্থাপনাৰ ক্ষেত্ৰত এইবোৰৰ অৱদান যথেষ্ট।

কিছু প্রট'কল আৰু সৌন্দর্য মানি চলিও আমি সাধাৰণতে হোৱা চিকিৎসা সংক্রান্তীয় ভুল পৰিহাৰ কৰিব পাৰো। কম্পিউটাৰ অট’মেচনৰ সহায়ত ৰোগীৰ চেকলিষ্ট প্রস্তুত কৰা, ৰোগীৰ জ্ঞাতার্থে চিকিৎসা সংক্রান্তীয় নানা তথ্য সহজলভ্য কৰি তোলা, আদিও এই দিশত উল্লেখযোগ্য পদক্ষেপ হ’ব পাৰে। ৰোগী, কর্মচাৰী, চিকিৎসক সকলোৰে সুসমন্বিত, সন্মিলিত প্রচেষ্টা এই ক্ষেত্ৰত নিতান্তই জৰুৰী। শুদ্ধ, সময়সাপেক্ষ, পূৰ্ণাংগ, সৰল যোগাযোগ ব্যৱস্থাই ৰোগীৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব পাৰে। ৰোগীৰ জ্ঞানকো ঠিকমতে কামত লগোৱাৰ প্ৰয়াস কৰা উচিত, সচেতন ৰোগীৰ অভিজ্ঞতা আৰু জ্ঞানে চিকিৎসককো সহায় কৰিব পাৰে আৰু ৰোগীয়েও নিজৰ সুৰক্ষা পাব পাৰে। জৰুৰীকালীন অৱস্থাত ৰোগীয়ে চিকিৎসকৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰ কৰিবলগীয়া হয়। কিন্তু অন্য সময়ত ৰোগীৰ সুৰক্ষা কেৱল চিকিৎসকৰ ওপৰতে ন্যস্ত নহয়। ৰোগীৰ নিজৰে এই ক্ষেএত কৰণীয় থাকে।

আজিৰ যুগটোৱেই হৈছে 'Confirming diagnosis'ৰ যুগ। নানা ধৰণৰ পৰীক্ষাৰে চিকিৎসকে নিশ্চিতকৈ বেমাৰ নিৰূপণ কৰাটো জৰুৰী হৈ উঠিছে। আইনী ব্যৱস্থায়ো তাকেই কৰিছে। কিয় বেছিকৈ পৰীক্ষা কৰাইছা বুলি আদালতে চিকিৎসকৰ বিৰুদ্ধে হয়তো আঙুলি নোতোলে। কিন্তু তাৰ পৰিবৰ্তে পৰীক্ষা কমকৈ কৰাই ৰোগীক চিকিৎসা বিভ্ৰাটৰ বলি কৰিলে আদালতে চিকিৎসকক কাঠগৰাত উঠাব পাৰে।

সততে উত্থাপিত আন এক অভিযোগ হৈছে ইনফেকচন বা সংক্ৰমণ। হাস্পতালৰ পৰিবেশ বেক্টেৰিয়া মুক্ত কৰি ৰাখিবৰ বাবে নানা ধৰণৰ পদক্ষেপ লোৱা হয়। WHO ৰ নিয়মানুসৰি হাস্পতালৰ আই চি ইউ আদিৰ বতাহ পৰিষ্কাৰ কৰি ৰখাৰ বাবে নানা ধৰণৰ এয়াৰ ফিল্টাৰ আদি ব্যৱহাৰ কৰা হয়। এনে এয়াৰ ফিল্টাৰসমূহ অতি দামী। আই চি ইউৰ ভিতৰলৈ বাহিৰৰ প্ৰদূষিত বায়ু সোমোৱা বন্ধ কৰিবলৈ আই চি ইউৰ বায়ু চাপ বাহিৰৰ বায়ু চাপতকৈ বেছিকৈ ৰাখিবলগীয়া হয়। এইবোৰে খৰচী ব্যৱস্থা। কিন্তু আটাইতকৈ দৰ্কাৰী ইফেক্‌চনৰোধী ব্যৱস্থা হৈছে-‘হেণ্ড হাইজিন’। চিকিৎসক আৰু চিকিৎসকৰ সহকাৰীসকলৰ হাত পৰিষ্কাৰ নিয়ম অতি কঠোৰ। বহু খলপত তেওঁলোকে এই কাম কৰিব লাগে। সকলো হাস্পতালে ‘হেণ্ড হাইজিন'ৰ সুব্যৱস্থা ৰাখিব লাগে আৰু তাৰ যথোপযুক্ত প্রয়োগ বাধ্যতামূলক হ’ব লাগে।

ইউৰোপৰ বহু হাস্পতালত ইনফেকচন কমাবৰ বাৰে ৰোগীক এটীয়া কোঠাত ৰখা হয়। জেনেৰেল ৱার্ড নহয়।

হাস্পতালৰ আর্কিটেক্টসকলৰ সংখ্যা কম; তেওঁলোকে ব্যাৱসায়িক বিল্ডিঙৰ আর্কিটেক্টৰ পৰা পৃথক। হাস্পতালৰ প্রম’টাৰ এজনে অনাগত চল্লিশ বছৰৰ কথা চিন্তা কৰি কাম কৰে। তদুপৰি প্রত্যেক পোন্ধৰ বছৰে তেওঁ সেই ষ্ট্ৰাকচাৰটোৰ উন্নীতকৰণ কৰা জৰুৰী হৈ পৰে। ৰোগীৰ কোঠাত দিনৰ পোহৰ ভালদৰে পোৱাৰ পৰা আৰম্ভ কৰি কোঠাটোত ৰোগীৰ সুৰক্ষাৰ দিশটোলৈকে সকলো বোৰ হাস্পতালৰ আর্কিটেক্ট গুৰুত্ব দি ল’ব লাগে। ঠেক কৰিড'ৰেদি ৰোগী কিদৰে নিব পাৰি, লিফ্‌ট কিদৰে ৰোগীৰ অনুকূল হোৱা উচিত ইত্যাদিও লক্ষ্য কৰিবলগীয়া।

কৰ্মচাৰীৰ প্ৰশিক্ষণ, ড্রিল আদিও এই প্ৰসংগত দৰ্কাৰী। আনক দোষাৰোপ কৰাৰ পৰিৱৰ্তে ভুলৰ পৰা শিক্ষা লৈ শুদ্ধিকৰণৰ পথ ল'লেহে আৰু ৰোগীৰ মানসিক দিশৰ পৰা কথাোৰ অৱলোকন কৰিলেহে আমি হয়তো উচিতভাবে ৰোগীক সুৰক্ষা প্ৰদান কৰিব পাৰিম।

লিখক: ডাঃ সুভাষ খান্না।

2.97058823529
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top