মূল পৃষ্ঠা / স্বাস্থ্য / অনাময় আৰু স্বাস্থ্যবিধি / আমি খাই আছো গেলা পচা জীৱ জন্তু
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আমি খাই আছো গেলা পচা জীৱ জন্তু

গেলা পচা জীৱ জন্তুৰ বিষয়ে লিখা হৈছে ।

 

আপুনি পেকেটত থকা মাংস খায় নেকি ?

বুঢ়া, বেমাৰী জীৱ-জন্ত মৰিলে আমি নিৰ্দিষ্ট পেলনীয়া স্থানত পেলাই দিও বা পুতি থও।

কিন্তু এই গেলা-পচা , মৃত জন্তুৰ মাংস এচাম অসমীয়াই তৃপ্তিৰে খাই আছে বছৰ বছৰ ধৰি।

অসমৰ বাহিৰৰ ৰাজ্যত নানান বেমাৰত মৰা , বুঢ়া হৈ মৰা বা কোনো দূৰ্ঘটনাত মৰা জীৱ-জন্তু পেলনীয়া স্থানত পেলাই দিয়াৰ পিছত গেলিব,পচিব ধৰা জীৱ-জন্তু কলকাতাৰ ৰাজাবজাৰৰ এক ব্যৱসায়ী চক্ৰই সংগ্ৰহ কৰে। এই ব্যৱসায়ী সকল চি পি আই (এম) নেতা তথা কলকাতা পৌৰসভাৰ বিষয়ববীয়া। কুকুৰ, মেকুৰী, শিয়াল, বান্দৰ, গৰু , ছাগলী, মহ,ঘোঁৰা ইত্যাদি পেলনীয়া জন্তু সংগ্ৰহ কৰি চাফা কৰি লোৱা হয়। পিছত কাটি টুকুৰা টুকুৰ কৰি মাংসখিনিত #ফৰ্মেলিন সানি দিয়া হয়। এই ফৰ্মেলিন হৈছে এনে এবিধ ৰাসায়নিক পদাৰ্থ , যি পদাৰ্থ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে শৱচ্ছেদন কৰা শ সংৰক্ষন কৰাত ব্যৱহাৰ কৰা হয়। ৫০ মিলি লিটাৰ ফৰ্মেলিনৰে এটা মৃতদেহ সংৰক্ষন কৰিব পাৰি। ইয়াৰ পিছত কেলছিয়াম প্ৰোপলেট এচিড মিহলোৱা হয় যাতে এই মাংস অধিক দিন সংৰক্ষন হৈ থাকিব পাৰে। দূৰ্গন্ধ আতৰ কৰাৰ কাৰণে ক্ৰমে লেড ছালফেট আৰু এলুমিনিয়াম ছালফেট নামৰ ৰাসায়নিক দ্ৰব্য গেলা-পচা মাংসত সানি দিয়া হয় অথবা এই ৰাসায়নিক পদাৰ্থৰ দ্ৰৱত ডুবাই ৰখা হয়। ইয়াৰ ফলত গেলা-পচা মাংসৰ দূৰ্গন্ধ নোহোৱা হয়। তাৰোপৰি  এলুমিনিয়াম ছালফেট নামৰ বিষাক্ত পদাৰ্থৰ কাৰণে মাংসৰ সোৱাদ স্বাভাৱিক হৈ পৰে।

ইয়াৰ পিছত এই বিষাক্ত মাংস #প্লাষ্টিকৰ_পেকেটত ভৰাই সুন্দৰ ভাৱে পেকেজিং কৰি ফ্ৰ'জেন মীট বা প্ৰছেচ মীট বুলি ধুনীয়াকৈ লিখি অসমলৈ পঠিয়াই দিয়া হয়। ডিপাৰ্টমেন্টেল ষ্টৰ, শ্বপিং মলৰ পৰা এই ফ্ৰ'জেন মীট আৰু প্ৰছেচ মীট কিনি আনি আমাৰ একাংশ অসমীয়াই তৃপ্তিৰে হেপাঁহ পলুৱাই খায় । তাৰোপৰি এই ফ্ৰ'জেন মীট আৰু প্ৰছেচ মীট হোটেল, ৰেষ্টুৰাৰ মালিকে কিনি আনি গ্ৰাহকক খুৱাই আছে।

পাছবছৰৰ অধিক কাল এইদৰে মাংসৰ ব্যৱসাই কৰি অহা অসাধু ব্যৱসায়ী কিছুমানক ইতিমধ্যে কলকাতাৰ পুলিচে আতক কৰিছে আৰু ২০,০০০ কিলো গ্ৰাম মাংস জব্দ কৰিছে।

ফ্ৰ'জেন মীট আৰু  প্ৰছেচ মীট সকলোৱে বৰ্জন কৰক।

লেখক: ডা:মনোজ কুমাৰ শইকীয়া
ফোন নং: 9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

3.125
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top