মূল পৃষ্ঠা / স্বাস্থ্য / অনাময় আৰু স্বাস্থ্যবিধি / আমি খাই থকা বিষাক্ত খাদ্য :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আমি খাই থকা বিষাক্ত খাদ্য :

আমি খাই থকা বিষাক্ত খাদ্যৰ বিষয়ে লিখা হৈছে ।



আমাৰ সুস্বাস্থ্য নিৰ্ভৰ কৰে সুষম আৰু স্বাস্থ্যসন্মত খাদ্যৰ ওপৰত। আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় খাদ্যপ্ৰাণ, প্ৰ'টিন, খনিজ পদাৰ্থ আদি এই খাদ্যসমূহৰ পৰা পাও।কিন্তু চাউল, আটা, দাইল,তেল, গাখীৰ, পাচলি, ফল-মূল সকলো ভেজাল তথা বিষাক্ত হয় তেন্তে আমি ৰোগাক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰাটো নিশ্চিত। এই সম্পৰ্কে আমি সচেতন নহ'লে আমাৰ বংশ ৰক্ষা কৰাটো কথিন হৈ পৰিব। এই সন্দৰ্ভত কিছু আলোচনা কৰিব ওলাইছো।
(১) বিষাক্ত চালানী মাছ

আজিকালি অসমত চালানী মাছৰ চাহিদা যথেষ্ট বেছি। অন্ধ্ৰপ্ৰদেশ, উত্তৰ প্ৰদেশ আদি ৰাজ্যত মাছ ব্যৱসায়িক ভিত্তিত উৎপাদন কৰি অসমলৈ পঠিয়াই দিয়ে। মাছবোৰ সোনকালে ডাঙৰ হোৱাৰ বাবে মৰা জীৱজন্তু , মানুহৰ মল , ইউৰীয়া আদি মাছৰ খাদ্য হিচাপে ফিছাৰীত প্ৰয়োগ কৰে। সেয়েহে চালানী মাছত ফিটাপেলু হোৱাৰ অধিক সম্ভাৱনা আৰু এই মাছ খালে মানুহৰো মাৰাত্মক ফিটাপেলু হোৱাটো নিশ্চিত। চালানী মাছবোৰ অসমলৈ পঠোৱাৰ আগতে ফৰ্মেলডিহাইদ মাছৰ দেহত ভালদৰে সানি দিয়া হয় । ফৰ্মেলডিহাইদ সানিলে মাছ নপচে আৰু নেগেলে। তাৰোপৰি মাছৰ পেটৰ ভিতৰত তেজৰ দৰে ৰঙা ৰাসায়নিক জুলীয়া পদাৰ্থ ভৰাই দিয়া হয় যাতে হোলা ভাই মোলা অসমীয়াই লোকেল মাছ বুলি কিনিব পাৰে। চালানী মাছ খালে নানান ধৰণৰ ৰোগ হয়।
(ক) চালানী মাছৰ বিষাক্ত পদাৰ্থ তেজত মিহলি হোৱাৰ পিছত তাৎক্ষণিক ভাৱে এলাৰ্জী , চালৰ ৰোগ হয়। (খ) শ্বাস-প্ৰশ্বাস সম্বন্ধীয় ৰোগ হয়।
(গ) পেটৰ ৰোগ যেনে পেটফুলে, বুকু জ্বলা-পোৰা , টেঙাপানী, বদহজম , পাতল শৌচ হয়। ইয়াৰ পৰা ফুড পইজনি‌‌‌‌ঙ হব পাৰে। একেৰাহে কিছুদিন খালে ক্ৰণিক ডিছেন্ট্ৰীৰ দৰে লক্ষণ দেখা যায় আৰু চিকিৎসা কৰিলেও সহজে আৰোগ্য নহয়।
(ঘ) ফৰ্মেলডিহাইদৰ কাৰণে লিভাৰ কোষৰ ক্ষতি হোৱা বাবে নানা ধৰণৰ লিভাৰৰ ৰোগ হয়।
(ঙ) কিডনী আক্ৰান্ত হৈ কিডনী ফেইলাৰ, নেফ্ৰাইটিছ আদি ৰোগ হয়।
(চ) তেজত ইউৰিক এচিড বাঢ়ি গাউট নামৰ গাঠিৰ বিষ হয় ।
(ছ) মুখগহ্বৰত ঘা উৎপত্তি হয়, ক্ৰমে মুখৰ ঘা বাঢ়িবলৈ ধৰে আৰু চিকিৎসা কৰিলেও দেৰিকৈ ভাল হয়।
(জ) একেৰাহে এই বিষাক্ত মাছ খালে কৰ্কট বা কেঞ্চাৰ হোৱাৰ সম্ভাৱনা ।
(২) বিষাক্ত পেকেজিং মাংস:

বুঢ়া, বেমাৰী জীৱ-জন্ত মৰিলে আমি নিৰ্দিষ্ট পেলনীয়া স্থানত পেলাই দিও বা পুতি থও। কিন্তু এই গেলা-পচা , মৃত জন্তুৰ মাংস এচাম অসমীয়াই তৃপ্তিৰে খাই আছে বছৰ বছৰ ধৰি। অসমৰ বাহিৰৰ ৰাজ্যত নানান বেমাৰত মৰা , বুঢ়া হৈ মৰা বা কোনো দূৰ্ঘটনাত মৰা কুকুৰ, মেকুৰী, শিয়াল, বান্দৰ, গৰু , ছাগলী, মহ,ঘোঁৰা ইত্যাদি পেলনীয়া জন্তু কোলকতাৰ কিছুমান অসাধু ব্যৱসায়ীয়ে সংগ্ৰহ কৰে‌‌ । পাছত এই জন্তবোৰ চাফা কৰি কাটি টুকুৰা টুকুৰ কৰি মাংসখিনিত ফৰ্মেলিন সানি দিয়া হয় । ইয়াৰ পিছত কেলছিয়াম প্ৰোপলেট এচিড মিহলোৱা হয় যাতে এই মাংস অধিক দিন সংৰক্ষন হৈ থাকিব পাৰে। দূৰ্গন্ধ আতৰ কৰাৰ কাৰণে ক্ৰমে লেড ছালফেট আৰু এলুমিনিয়াম ছালফেট নামৰ ৰাসায়নিক দ্ৰব্য গেলা-পচা মাংসত সানি দিয়া হয় অথবা এই ৰাসায়নিক পদাৰ্থৰ দ্ৰৱত ডুবাই ৰখা হয়। ইয়াৰ ফলত গেলা-পচা মাংসৰ দূৰ্গন্ধ নোহোৱা হয়। তাৰোপৰি এলুমিনিয়াম ছালফেট নামৰ বিষাক্ত পদাৰ্থৰ কাৰণে মাংসৰ সোৱাদ স্বাভাৱিক হৈ পৰে। ইয়াৰ পিছত এই বিষাক্ত মাংস প্লাষ্টিকৰ পেকেটত ভৰাই সুন্দৰ ভাৱে পেকেজিং কৰি "ফ্ৰ'জেন মীট" বা "প্ৰছেচ মীট" বুলি ধুনীয়াকৈ লিখি অসমলৈ পঠিয়াই দিয়া হয়। ডিপাৰ্টমেন্টেল ষ্টৰ, শ্বপিং মলৰ পৰা এই ফ্ৰ'জেন মীট আৰু প্ৰছেচ মীট কিনি আনি আমাৰ একাংশ অসমীয়াই তৃপ্তিৰে হেপাঁহ পলুৱাই খায় । তাৰোপৰি এই ফ্ৰ'জেন মীট আৰু প্ৰছেচ মীট হোটেল, ৰেষ্টুৰাৰ মালিকে কিনি আনি গ্ৰাহকক খুৱাই আছে‌
(৩) পশ্চিম ৰাজ্যৰ চাউল:

সেউজ বিপ্লৱৰ নামত পাঞ্জাৱ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আদি ৰাজ্যত অত্যাধিক ৰাসায়নিক সাৰ আৰু কীটনাশক প্ৰয়োগ কৰা হয় । এই ৰাসায়নিক সাৰ আৰু কীটনাশক ৫%- ৭% অধিক শস্যত সঞ্চিত হয়। অত্যাধিক পৰিমানে ৰাসায়নিকসাৰ আৰু কীটনাশক ব্যৱহাৰৰ ফলত আনকি ভূগৰ্ভস্থ পানীও বিষাক্ত হয়। তাৰোপৰি চাউল, ঘেহু ইত্যাদি খাদ্য শস্য নপচিবলৈ আৰু পোকে নাখাবলৈ ডি ডি টি, মালাথিয়ান ,ফুৰাদন আদি কৰি স্বাস্থ্য খতিকাৰক বিষাক্ত ৰাসায়নিক পদাৰ্থ মিহলাই দিয়া হয়। চাউলতকৈও বেছি খতিকাৰক ৰঙা চাকি আটা। মনত ৰাখিব , চাউল ধূলে কম পৰিমাণে হলেও বিষাক্ত পদাৰ্থ আতৰ হয়। কিন্তু আটা ধূই খাব নোৱাৰি আৰু আটা বনোৱাৰ আগতেও ঘেহু ধূই পৰিস্কাৰ নকৰে। সেয়েহে সৰু লৰা-ছোৱালী , বৃদ্ধ আৰু ডায়েবেটিচ ৰোগীৰ বাবে ৰঙা চাকি আটা খোৱাটো বেছি বিপদজনক। পশ্চিমৰ ৰাজ্যৰ চাউল অসমৰ স্কুলীয়া ছাত্র-ছাত্ৰীক মধ্যাহ্ন আহাৰ হিচাপে বছৰ বছৰ ধৰি খুৱাই অহাৰ উপৰিও হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীয়ে খোৱাৰ বাবে যোগান ধৰা হয়। তাৰোপৰি বিষাক্ত তিনি টকীয়া চাউল দুখীয়া সকলক খুৱাই আছে। সেয়েহে অসমৰ লক্ষ্যাধিক ছাত্ৰ-ছাত্ৰী আৰু দুখীয়া জনসাধাৰণৰ মাজৰ দূৰাৰোগ্য যকৃত ৰোগ, কিডনী ফেইলাৰ আৰু কেঞ্চাৰ ৰোগ হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি। এই আচনী মই সম্পূৰ্ণ সমৰ্থন কৰো আৰু ইয়াৰ বাবে অসমৰ চাউল যোগান ধৰক। এই বিষাক্ত চাউল অসমত উভৈনদী হোৱাৰ বাবে সকলো শ্ৰেণীৰ লোকে বছৰ বছৰ ধৰি খাই আহিছে । যাৰ ফলত অসমীয়া সকল দূৰাৰোগ্যত আক্ৰান্ত হোৱাটো খাটাং।
(৪) বিষাক্ত চালানী আম

আগৰ দিনত চালানী আম বিশেষকৈ মালদহৰ আমবোৰ টুকুৰিত আহিছিল, দুই-এটা গেলিছিল আৰু পকা আমবোৰ কামুৰি খাওঁতে ৰস ওলাই কামিজ-বনিয়নৰ আগফালে তিতিছিল। আজি কালি বিধে বিধে চালানী আম বজাৰত পোৱা যায়, খালে ৰস নোলায় আৰু আমবোৰ শুকাই টোতোৰা পৰে যদিও নেগেলে।
চালানী আমবোৰ ব্যৱসায় ভিত্তিত কৰা হয়। যিমানেই উৎপাদন বাঢ়িব সিমানেই লাভ হ'ব। সেয়েহে আমাৰ দেশৰ আমৰ বাগানত যধেমধে নানান ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ প্ৰয়োগ কৰা হয় । ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলে অধিক উৎপাদন হয় আৰু আমবোৰ পোকে নাখাবলৈ স্প্ৰে কৰা হয় বিষাক্ত কীটনাশক‌। মনকৰিবলগীয়া যে বছৰি বছৰি ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ আৰু কীটনাশক ৭% আমগছৰ শিপা, গাগছ , ডাল,পাতত সঞ্চিত হৈ থাকে।
Food and Agricultural Organization মতে ভাৰতবৰ্ষৰ ব্যৱসায়িক আম বাগানৰ ৯০% আমগছ অতি বিষাক্ত। সেয়েহে দেশীয় আমৰ ৰপ্তানি হ্ৰাস হৈছে। বিষাক্ত কেঁচা অপুৰঠ আমবোৰ পুনৰ ৰাসায়নিক পদাৰ্থ মিহলাই সংৰক্ষণ কৰি পেকিং কৰি অসমলৈ পঠোৱা হয়‌। সেয়েহে এই আমবোৰ ৰসহীন, টোতোৰা পৰা, আমঠু কোমল আৰু সোৱাদহীন। খালে জিভা-মুখ দেৰদেৰাই যায়। একেলেঠাৰিয়ে কেদিনমান চালানী আম খালে মুখত আৰু জিভাত ঘাঁ, আভোক, বদহজম, পেটকামোৰণি, পেটফুলা , এলাৰ্জি, পাতল শৌচ আদি হয়। একেৰাহে বেছিকৈ খালে যকৃত ৰোগ, পাকস্হলী ৰোগ আৰু কিডনীৰ নানান প্ৰকখৰ ৰোগ হয়। অসমৰ জলবায়ুৰ সৈতে খাপখোৱা থলুৱা আমবোৰ টেঙা হলেও আমাৰ স্বাস্থ্যৰ বাব উপকাৰী।
(৫) বিষাক্ত শাক-পাচলি

বৰ্তমান সময়ত পাচলি ব্যৱসায় এক লাভজনক ব্যৱসায় হৈ পৰিছে। একো একোজোপা হাইব্ৰীড বিলাহীৰ পৰা ৪০-৫০ কেজি পৰ্যন্ত উৎপাদন হয়। অসমৰ চৰ অঞ্চলত পাচলি অধিক উৎপাদন কৰা হয়। পৃথিৱীৰ সকলো দেশত নিষিদ্ধ তথা বাংলা দেশত উৎপাদন কৰা কম মূল্যৰ ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য চৰ অঞ্চলৰ খেতিয়কে ৫০০% ৰো অধিক মাত্ৰাত ব্যৱহাৰ কৰে। ডিডিটি, ওস্তাদ, ডেচিচ, ফুৰাডন ইত্যাদি নানান নামৰ কীটনাশক ব্যৱহাৰৰ কৰা হয় যাতে পাচলিবোৰ কীট-পতঙ্গই অনিষ্ট কৰিব নোৱাৰে। ইয়াৰ পাছত পাচলিবোৰৰ উজ্বলতা আৰু সতেজতা বঢ়োৱাৰ বাবে বিভিন্ন ৰঙৰ দ্ৰৱনীয়ত ডুবোৱা হয়‌।
আগতে দলগাও , বৰপেটা, খাৰুপেটীয়া আদি অঞ্চলৰ পৰা ভূটানলৈ যথেষ্ট শাক-পাচলি ৰপ্তানি হৈছিল। অতিকৈ বিষাক্ত স্বাস্থ্য হানিকাৰক এই অঞ্চলৰ শাক-পাচলি যোৱা বছৰৰ পৰা ভূটানত বিক্ৰী কৰাটো সম্পূৰ্ণ নিষিদ্ধ কৰিছে। তাৰোপৰি কিছুমান পাচলি বেয়া নহবৰ বাবে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰৰ কৰা হয়। উদাহৰণ স্বৰূপে , পকা বিলাহী পৰিবহন কৰোতে থেতেলা খাই নষ্ট হয়। সেয়েহে আজিকালি কেচা বিলাহী ৰাসায়নিক পদাৰ্থ দি পকোৱা হয় ‌। দূপৰীয়া চিঙা কেছা বিলাহী আবেলি সামান্য ৰঙচুৱা হয় আৰু পিছদিনা
বজাৰত বিক্ৰী কৰাৰ সময়ত সম্পূৰ্ণ ৰঙাপৰি যায়। মনত ৰাখিব ,পকা বিলাহী ধুনীয়া গোন্ধায় , কোমল তুলতুলীয়া আৰু খাই ভাল লাগে। কিন্ত কৃত্ৰিম ভাৱে পকোৱা বিলাহী কঠুৱা, টান , ৰস নোলায়, নেগেলে, ভিতৰটো সেউজীয়া , এদিন এৰাতি সিজালেও নিসিজে। সেয়েহে পকা টান বিলাহী কেতিয়াও খাব নালাগে।
বেছি উজ্জ্বল, গাঢ় ৰঙৰ, ডাঙৰ আকৃতিৰ, ঠাৰিত বিন্ধোৱা চিন থকা পাচলি ভুলতো নিকিনিব। এইধৰণৰ পাচলি খালে নানান দূৰাৰোগ্য বেমাৰ হোৱাৰ সম্ভাৱনা থাকে। সদায় কোমল, ৰসাল আৰু সুগন্ধিযুক্ত ফল কিনিব।

লেখক: ডা:মনোজ কুমাৰ শইকীয়া
মবাইল- 9435209704

উৎস: দৈনিক জনমভূমি

 

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top