মূল পৃষ্ঠা / স্বাস্থ্য / অনাময় আৰু স্বাস্থ্যবিধি / একাধিক ব্যক্তিত্ব ব্যাধি আৰু কু-সংস্কাৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

একাধিক ব্যক্তিত্ব ব্যাধি আৰু কু-সংস্কাৰ :

একাধিক ব্যক্তিত্ব ব্যাধি আৰু কু-সংস্কাৰৰ বিষয়ে লিখা হৈছে ।

 

আমাৰ চিৰপৰিচিত ৰোগসমূহৰ ভিতৰত বৰ্তমানে বৌদ্ধিক মহলৰ চকুত ধৰা পৰা এবিধ ৰোগ হৈছে ‘একাধিক ব্যক্তিত্ব ব্যাধি’। যাক ইংৰাজীত কোৱা হয় ‘Multiple Personality Disorder’ । বৌদ্ধিক মহলৰ চকুত ধৰা বুলি এইকাৰণেই কোৱা হৈছে যে, অনাখৰী লোকৰ মানসিক স্তৰে আজিও এই মানসিক ব্যাধিটোৰ প্ৰকৃত সত্য উদঘাটন কৰিব পৰা নাই, ফলত কু-সংস্কাৰৰ ভেটিটো এতিয়াও খণ্ডিত হোৱা নাই, যাৰ কাৰণে এনে ৰোগত আক্ৰান্ত অসংখ্য মানুহৰ জীৱনলৈ চিৰদিনৰ কাৰণে অন্ধকাৰ নামি আহিছে। উন্নত প্ৰযুক্তিবিদ্যা, বৈজ্ঞানিক আৱিষ্কাৰে যদিও ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ প্ৰায়বোৰ ৰাষ্ট্ৰতে আধুনিক মানসিকতাৰ গঢ় দিবলৈ সক্ষম হৈছে। তথাপি বিজ্ঞান ঢুকি নোপোৱা এনে কোনো ঠাই আছে য’ত এই মানসিকতা গঢ় লৈ উঠা দূৰৰ কথা এই বিষয়ে ন্যূনতম চিন্তা-চৰ্চাৰে অৱকাশ ঘটা নাই। পুৰণিকলীয়া ধ্যান-ধাৰণাক সাবটিয়ে তেওঁলোক সন্তুষ্ট।

সি যি নহওক, ঊনবিংশ শতিকাৰ পৰা শিল্প-সাহিত্য, সংস্কৃতি আদি সকলোতে নতুনত্বৰ আগমন হোৱাৰ সমসময়িকভাৱে ‘Multiple Personality Disorder’ ধাৰণাটোও পৃথিৱীৰ ধনী দেশসমূহৰ পৰা ভাৰত তথা অসমলৈও সামান্য আমদানি হৈছিল। তথাপি এওঁলোকে সেই ধাৰণাক অতৰ্কিতে মানি ল’ব নোখোজে। এওঁলোকৰ মনে প্ৰশান্তি লাভ নকৰে, কিবা এটা যেন খোকোজা থাকি যায়। ‘আমাৰ আদৰ্শক তৎকালে দলিয়াই পেলাওঁ কেনেকৈ, যদিওবা ই নিৰ্ভেজাল সত্য’- এনে ধাৰণাই ক্ৰিয়া কৰে। একাধিক ব্যক্তিত্ব ব্যাধিত আক্ৰান্ত ব্যক্তিয়ে নিজৰ প্ৰকৃত পৰিচয় হেৰুৱাই অন্য ব্যক্তিৰ ব্যক্তিত্বৰ আচৰণ কৰে। তেওঁৰ অচেতন মনত সেই ব্যক্তিৰ ব্যক্তিত্বই ঠাই লয়। একতকৈ অধিক ব্যক্তিত্বও এজন মানুহৰ স্বভাৱত বিকশিত হ’ব পাৰে। প্ৰত্যেক ব্যক্তিত্বৰ ব্যৱহাৰ, মাত, আদৱ-কায়দা আৰু শাৰীৰিক ভংগী বেলেগ বেলেগ হয়, কিন্তু তাৰ এইটো কাৰণ নহয় যে প্ৰতি বেলেগ ব্যক্তিত্ব একো একোটা আত্মা ম্বা চয়তান। এই ৰোগত আক্ৰান্ত ব্যক্তিয়ে নিজ সত্তাক পাহৰি পেলায়। এই ক্ষেত্ৰত মানুহৰ মানসিক স্থিতি এনেকুৱা হৈ যায় যে, তেওঁ ব্যক্তিগত সম্বন্ধৰ সৈতে অচিনাকি হৈ যায়। অকস্মাৎ খং উঠি যোৱা, কোনো কাৰণ নোহোৱাকৈ আত্মহত্যা কৰিবলৈ লোৱা, অলপতে হাঁহি দিয়া, অলপতে কান্দি দিয়া আদিৰ পৰা ভুক্তভোগীয়ে বৰ্তমান স্থিতিক উপলব্ধি কৰিব নোৱাৰা কটাটোক বুজিব পাৰি।

আমেৰিকাৰ ‘মানসিক ৰোগ বিশেষজ্ঞ সংস্থা’ (American psychiatrist association)ৰ মতে বৰ্তমান পৃথিৱীত দুই শতাধিক জনসংখ্যা একাধিক ব্যক্তিত্ব ব্যাধিৰ ভুক্তভোগী হৈ আছে। তেওঁলোকে এইটোও প্ৰতিপন্ন কৰি দেখুওৱাইছিল যে ,ইয়াক আত্মাৰ স্থিতি বা অশৰীৰীৰ অৱস্থান বুলিব নোৱাৰি। এই ৰোগ কোনোধৰণৰ ধৰ্মীয় অনুষ্ঠান বা কলা যাদুৰ লগতো সম্পৰ্কীত নহয়। এই ৰোগৰ বিশেষত্বসমূহ এনেধৰণৰ- বহুতো ব্যক্তিৰ এটা শৰীৰৰ মাজত থাকিব পাৰে, মহিলাৰ মাজত এই ৰোগ পুৰুষৰ তুলনাত অধিক, এই ব্যাধি শৈশৱৰ পৰা আৰম্ভ হ’ব পাৰে, ৰোগীৰ ‘personality disorder’ ৰ বিষয়ে জ্ঞান নাথাকে। এই ব্যাধিৰ কাৰণসমূহ অবাঞ্ছিত ঘটনা, সামাজিক সমৰ্থনৰ অভাৱ, অপাৰাধমুক্ত মন আদি।

অৱশেষত এই সিদ্ধান্তত উপনীত হোৱাটো সকলোৰে মংগলজনক যে, এই  ৰোগক কোনো অশৰীৰীৰ স্থিতি বুলি গ্ৰহণ নকৰি বৈজ্ঞানিক মানসিকতাৰে নিৰ্মূল কৰাৰ হকে মাত মাতিব লাগে, অন্যথা সেই কু-সংস্কাৰে এক বিৰাট পতনৰ পথ মুকলি কৰিব। ‘মানসিক স্বাস্থ্যৰ ৰাষ্ট্ৰীয় সংস্থা’ৰ মতে বিশ্বত প্ৰায় বিশ শতাধিক মানসিক ৰোগ বিশেষজ্ঞৰ চিকিৎসালয় এই ৰোগৰ সম্পৰ্কত আছে। গতিকে আমি এই ব্যাধিৰ লক্ষণ কোনো ব্যক্তিৰ গাত ধৰা পেলালেই মানসিক ৰোগৰ চিকিৎসকৰ সহায় লোৱাটো উচিত। এটা উল্লেখনীয় কথা হ’ল যে, হুলস্থুলীয়া পৰিবেশে ‘multiple personality disorderৰ বিকাশ অধিকতৰ কৰি তোলে। সেয়েহে, ৰোগীক সম্পূৰ্ণ সুকীয়া শান্তিপূৰ্ণ ঠাইত ৰাখি তেওঁক বৰ্তমান স্থিতিৰ বিষয়ে জনাব বিচৰাটো আমাৰ প্ৰাথমিক কৰণীয় কাম।

লেখক: ভবেন্দ্ৰ দাস(সাদিন)

 

3.125
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top