অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এন্টিঅক্সিডেন্ট, স্বাস্থ্য আৰু আয়ুৰ্বেদ

এন্টিঅক্সিডেন্ট, স্বাস্থ্য আৰু আয়ুৰ্বেদ

শৈশৱ, কৌশোৰ, যৌৱন আৰু বৃদ্ধাৱস্থা হৈছে মানৱ জীৱনৰ স্বাভাৱিক প্ৰক্ৰিয়া৷ মানুহৰ জন্মৰ পৰা মৃত্যুলৈ দেহত বিভিন্ন শাৰীৰিক আৰু মানসিক পৰিৱৰ্তন ঘটে৷ এই পৰিৱৰ্তন সমূহ কিছুমান বাহ্যিক আৰু কিছুমান আভ্যন্তৰীণ৷ বাহ্যিকভাৱে চাল শোতোঁৰা শোঁতোৰ পৰা, চুলি দাৰি পকা, কথা পাহৰি যোৱা, স্বভাৱ বা চাল- চালনৰ পৰিৱৰ্তন আদি দেখা পালে আমি মানুহৰ দেহত বয়সৰ চাপ পৰা বুলি কওঁ৷ ইয়াৰ উপৰিও বয়স বঢ়াৰ লগে লগে দেহত বিভিন্ন ৰোগে দেখা দিবলৈ আৰম্ভ কৰে৷ ইয়াৰে অধিকাংশ ৰোগে ক্ষয়জনিত(degenarative diseases) যাক বাৰ্ধক্যজনিত ৰোগ বুলিও ক’ব পাৰো৷ এই বাৰ্ধক্যজনিত ৰোগ বা লক্ষণৰ অন্যতম কাৰন হ’ল দেহত উৎপন্ন হোৱা ‘ফ্ৰি ৰেডিকেল’৷

এই ফ্ৰি ৰেডিকেল সমূহ হ’ল বিযোৰ বা অযুগ্ম ইলেকট্ৰন যুক্ত পৰমাণু(যেনে superoxide anion O2-, Peroxide H2O2)৷ এই ৰেডিকেলবোৰ আমাৰ দেহৰ কোষত ঘটা বিভিন্ন জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াৰ পৰিণিতি স্বৰূপে সৃষ্টি হয়৷ সাধাৰনতে এই ৰেডিকেলসমূহ এটা নিৰ্দ্দিষ্ট হাৰত উৎপন্ন হয় যদিও কিছুমান বাহ্যিক কাৰকে এই প্ৰক্ৰিয়া খৰটকীয়া কৰে আৰু প্ৰয়োজনতকৈ অধিক ফ্ৰি ৰেডিকেল সৃষ্টি কৰে৷ এই বাহ্যিক কাৰন সমূহ মূখ্যতঃ

১)চিগাৰেট আৰু এলকহ’ল সেৱন

২)উচ্চক্ষমতাসম্পন্ন ৰশ্মি বা তেজস্ক্ৰিয় ৰশ্মিৰ প্ৰভাৱ(সূৰ্য্যৰ ৰশ্মিত থকা UV ray , চিকিৎসাত ব্যৱহৃত X ray)

৩)বায়ু প্ৰদূষণৰ বাবে দুষিত বায়ু গ্ৰহণ

৪)Pesticide বা কীটনাষক যুক্ত খাদ্যৰ অধিক ব্যাৱহাৰ

৫)কল কাৰখানাৰ পৰা নিৰ্গত বিভিন্ন গেছ বা উষ্ণতাৰ প্ৰত্যক্ষ প্ৰভাৱ

৬)মানসিক চাপ(stress)

দেহত উৎপন্ন এই ফ্ৰি ৰেডিকেলসমূহ অন্য ইলেক্ট্ৰনৰ লগত যোৰ পতিবলৈ যথেষ্ট অস্হিৰ অৱস্থাত থাকে৷ ইহঁতে দেহৰ কোষ সমূহৰ পৰা ইলেক্ট্ৰন সংগ্ৰহ কৰি যুগ্ম অৱস্হালৈ আহিব বিচাৰে আৰু দেহৰ কোষসমূহক আক্ৰমন কৰিবলৈ আৰম্ভ কৰে৷ এই আক্ৰমনক প্ৰতিহত কৰিবলৈ দেহত কিছুমান এন্টিঅক্সিডেন্ট থাকে (যেনে superoxide dismutase,glu tathione peroxidase আদি)৷

কিন্তু ফ্ৰিৰেডিকেলবোৰৰ পৰিমান অত্যাধিক হ’লে এই এন্টিঅক্সিডেন্ট বোৰে প্ৰতিহত কৰিবলৈ যথেষ্ট নহয়গৈ৷ তেতিয়া ফ্ৰি ৰেডিকেল আৰু এন্টিঅক্সিডেন্টবোৰৰ মাজত এক ভাৰাসাম্যহীনতাৰ সৃষ্টি হয় যাক অক্সিডেটিভ ষ্ট্ৰেচ(Oxidative stress) বোলা হয়। এনে পৰিস্থিতিত দেহৰ কোষসমূহ ধ্বংস হ’বলৈ আৰম্ভ কৰে৷

তেতিয়া এই ফ্ৰি ৰেডিকেলসমূহক বাধা দিবলৈ বাহিৰৰ পৰা এন্টিঅক্সিডেন্ট ল’বলগীয়া হয়গৈ৷ এন্টিঅক্সিডেন্ট সমূহ আমি খোৱা খাদ্য বা ঔষধি হিচাপে ল’ব পাৰো৷ ভিটামিন A, C, E আদিয়ে উৎকৃষ্ট এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে৷ ইয়াৰ উপৰিও Alpha lipoic acid, Flavonoid, lutein, lycopene,beta carotene বা অন্যান্য Carotenoid ইত্যাদি কৃত্ৰিম উপায়ে এন্টিঅক্সিডেন্ট হিচাপে ব্যাৱহাৰ কৰা হয়৷ সেউজীয়া শাক পাচলি, ফলমূল, মাহজাতীয় শস্য, ড্ৰাই ফ্ৰুইটছ আদিতো যথেষ্ট পৰিমানে এইবোৰ এন্টিঅক্সিদেন্ট পোৱা যায়৷

পোনপ্ৰথমে Dr Denham Harman নামৰ এজন চিকিৎসা বিজ্ঞানীয়ে ১৯৫০ চনত ’ফ্ৰি ৰেডিকেল তত্ব’ উদ্ভাৱন কৰে৷ কিন্তু এন্টিঅক্সিডেন্টৰ ব্যাৱহাৰ বহু হাজাৰ বছৰ আগতেই যে ভাৰতবৰ্ষত আৰম্ভ হৈছিল তাৰ স্পষ্ট উমান পোৱা যায়৷

জীৱনৰ জ্ঞান সমৃদ্ধ আয়ুৰ্বেদ ত উল্লেখ থকা অনুসৰি অশ্বিনীকুমাৰ নামৰ চিকিৎসাবিদে পোনপ্ৰথমে স্যাৱন নামৰ এজন ঋষিৰ চিকিৎসা কৰি তেখেতৰ যৌৱনৱস্থা পুনৰবাৰ ঘুৰাই আনিবলৈ সক্ষম হৈছিল৷ পিছত স্যাৱন ঋষিৰ নামেৰেই "স্যাৱনপ্ৰাস" নামাকৰণ কৰা হয়৷আয়ু্ৰ্বেদত ‘স্যাৱনপ্ৰাস’ ৰ ব্যৱহাৰ বৰ্তমানো চলি আছে৷ ইয়াত যথেষ্ট পৰিমানে আমলখি থাকে আৰু আমলখিত অধিক পৰিমাণে vitamin C থাকে বাবে খুব ভাল এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে৷

ইয়াৰ উপৰিও প্ৰায় পাঁচ হাজাৰ বছৰ পুৰণি আয়ুৰ্বেদত "ৰসায়ন" নামৰ এক নিৰ্দ্দিষ্ট বিভাগ আছে যাৰ প্ৰধাণ উদ্দেশ্য হৈছে জ্বৰাৰূপী ব্যাধিক বাধা দি মানুহৰ আয়ুসকাল বৃদ্ধি কৰা আৰু বয়স হ্ৰাস কৰা৷ ইয়াত যথেষ্ট সংখ্যক ঔষধি গছৰ বৰ্ণনা আছে যিবোৰত এন্টঅক্সিডেন্টৰ পয়োভৰ দেখা যায়৷ যেনে-

  • ত্ৰিফলা(আমলখি, ভোমোৰা আৰু শিলিখা),
  • অশ্বগন্ধা,
  • গুৰুচী বা গিলয়,
  • মন্দুকপৰ্নী বা মানিমুনি,
  • শতাবৰী বা শতমূল,
  • অপৰাজিতা,
  • পুনৰ্নভা,
  • জীৱন্তী আদি৷

সাৰাংশঃ

উপৰোক্ত আলোচনাৰ পৰা এইটো কথা স্পষ্ট হয় যে আমাৰ দেহত উৎপন্ন ফ্ৰীৰেডিকেল সমূহ দেহৰ বাবে অপকাৰী আৰু এন্টিঅক্সিদেন্ট সমূহ দেহৰ বাবে আবশ্যকীয়৷ ফ্ৰীৰেডিকেল উৎপত্তি এক স্বাভাৱিক প্ৰক্ৰিয়া যদিও এইবোৰৰ উৎপত্তিৰ বাহ্যিক কাৰক সমূহৰ পৰা বিৰত থাকি ফ্ৰিৰেডিকেল উৎপত্তি হ্ৰাস কৰিব পাৰো (কাৰকসমূহ ওপৰত উল্লেখ কৰা হৈছে)৷

আনহাতে আমি প্ৰকৃতিৰ পৰা পোৱা বিভিন্ন এন্টিঅক্সিদেন্ট যুক্ত খাদ্যৰ অভ্যাস গঢ়ি তুলি সুস্বাস্হ্য আৰু দীৰ্ঘায়ু লাভ কৰিব পাৰো৷ আমি সহজতে প্ৰকৃতিৰ পৰা পাব পৰা এন্টিঅক্সিডেন্টযুক্ত খাদ্য সমূহ তলত উল্লেখ কৰা হ’লঃ

১)ফলমূলঃ আম, আঙুৰ, সুমথিৰা, নেমুটেঙা, মধুৰী, মৌচম্বী, ডালিম আদি

২)শাক-পাচলিঃ লাই, পালেং শাক, গাজৰ, বিলাহী, আলু, পিঁয়াজ, বন্ধাকবি, ফুলকবি, ব্ৰকলি, বীট, অমিতা, ৰঙালাউ, বেঙেনা আদি

৩)মাহজাতীয় শস্যঃ মটৰ, মচুৰ আৰু মগু দাইল, বাদাম, বিন, ৰাজমাহ, চয়াবিন আদি

৪)ড্ৰাই ফ্ৰুইটছঃ কাজুবাদাম, আলমন্ড, শেজুৰ, কিশমিশ আদি

৫)ঔ ষধি গছ লতাঃ ত্ৰিফলা(আমলখী, ভোমোৰা, শিলিখা), আদা, হালধী, লং, জীৰা, ধনীয়া, তুলসী, মানিমুনি, চালকুৱৰী, চজিনা, শতাবৰী, অপৰাজিতা, অশ্বগন্ধা, গিলয়, নহৰু, গ্ৰীণ টী ইত্যাদি।

লেখক: ডাঃ ইন্দুভূষণ শৰ্মা

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: 8638883236

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate