অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খাদ্য নীতি, স্বাস্থ্য সাধনা আৰু কৃষি ব্যৱস্থা

খাদ্য নীতি, স্বাস্থ্য সাধনা আৰু কৃষি ব্যৱস্থা

‘স্বাস্থ্যই আমাৰ অমূল্য ধন স্বাস্থ্যহীনতাৰ কুলষিত মন।”

স্বাস্থ্য সাধনাৰ বাবে আমাৰ খাদ্য নীতি অপৰিহাৰ্য। কাৰণ খাদ্যই মানুহৰ জীৱনী শক্তি। সেয়েহে হয়তো স্বাস্থ্য নিৰাপত্তা ব্যৱস্থাটো খাদ্যৰ সৈতে জড়িত হৈ আছে। ১৯৭৮ চনত 'স্বাস্থ্য আঁচনি’ ৰূপায়ণ কৰা হৈছিল। পৰৱৰ্তী সময়ত ২০০২ চনত পুনৰ ৰাষ্ট্ৰীয় স্বাস্থ্যনীতি’ প্রৱর্তন কৰা হয়। ইয়াৰ মূল লক্ষ্য আছিল-উপযুক্ত পৰিষ্কাৰ পৰিচ্ছন্নতা, অনাময় ব্যৱস্থা, বৈচিত্ৰ্যপূর্ণ খাদ্য গ্রহণ, পুষ্টিকৰ খাদ্যগ্ৰহণ, পুষ্টিকৰ খাদ্য গ্ৰহণ আৰু খাদ্য শস্যৰ উৎপাদন ব্যৱস্থাৰ উন্নতিকৰণ।

আমাৰ স্বাস্থ্য সাধনাৰ বাবে প্রয়োজন হয় বীজ জাতীয় শস্য, মাহ জাতীয় শস্য,  ধান, ঘেঁহু, ফল-মূল, শাক-পাচলি, মাছ-মাংস, কণী, গাখীৰ ইত্যাদি। বিশেষকৈ স্বাস্থ্য সাধনাৰ বাবে আমাক কার্বোহাইড্রেট, প্ৰ’টিন, ফছফৰাছ, লৌহ পদার্থ ইত্যাদিৰ অতি প্রয়োজন। এই স্বাস্থ্য মৌল থকা খাদ্যসম্ভাৰসমূহ মূলত: আমাৰ কৃষিজাত সামগ্ৰীসমূহৰ পৰা আহৰণ কৰা হয়।

এজন প্ৰাপ্তবয়স্ক মানুহক পর্যাপ্ত পৰিমাণৰ কেলৰিৰ প্ৰয়োজন হয়। সেয়েহে আমাৰ খাদ্য সুৰক্ষাৰ বাবে পর্যাপ্ত পৰিমাণৰ খাদ্য শস্য উৎপাদন কৰা, সকলো নাগৰিকে বিশুদ্ধ পানী পোৱা, পুষ্টিকৰ খাদ্য খাবলৈ পাইছে নে নাই তাক সুনিশ্চিত কৰা ইত্যাদি অতি জৰুৰী। এফ এ অ’ৰ প্রতিবেদন অনুসৰি এজন ব্যক্তিৰ গড় হিচাপে দৈনিক ২০০০ কেলৰিৰ প্ৰয়োজন হয়। কিন্তু আমাৰ জনসাধাৰণে জানো সুস্থ শৰীৰৰ বাবে এই কেলৰি লাভ কৰিছে। নিশ্চয় পোৱা নাই। কাৰণ স্বাস্থ্য আৰু খাদ্য নীতি ভালদৰে সুষম ৰূপত ৰূপায়ণ হোৱা নাই। গাঁও অঞ্চলৰ প্ৰায় ৪৩ শতাংশ লোক পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত হৈ আহিছে। যাৰ ফলত শিশু তথা অন্য লোকৰ অপুষ্টি ৰোগৰ প্ৰাদুৰ্ভাব বৃদ্ধি হ’ব ধৰিছে। পূর্বেও উল্লেখ কৰা হৈছে যে, মানুহৰ দেহ-মন সুস্থ সবল কৰিবলৈ হ’লে পুষ্টিকৰ খাদ্য আৰু মানুহৰ জীৱনশৈলী ভাল হ'ব লাগিব। বিশেষকৈ আমাৰ স্বাস্থ্য সাধনৰ বাবে লাগিব পুষ্টিগুণ সম্পন্ন খাদ্য সম্ভাৰ, সুষম জীৱনশৈলী পৰিষ্কাৰ পৰিচ্ছন্নতা, যোগ ব্যায়াম আদিৰ সুন্দৰ আৰু শৃংখলাবদ্ধ নীতি। ইয়াৰ উপৰি ‘ৰাষ্ট্ৰীয় খাদ্য আৰু স্বাস্থ্য নীতি’ হৈছে পর্যাপ্ত পৰিমাণৰ খাদ্য শস্য উৎপাদন কৰা সকলো নাগৰিকে স্বাস্থ্যৱান জীৱন যাপনৰ সুবিধা পোৱা।

আধুনিক জীৱন যাত্ৰাত পৰিৱৰ্তিত আৰ্থ-সামাজিক প্ৰেক্ষাপটত অসংক্ৰামক ৰোগৰ প্ৰাদূৰ্ভাব বৃদ্ধি হ’ব ধৰিছে। বিশেষকৈ অন্ধতা, কর্কট ৰোগ, ডায়েবেটিছ, ৰক্তচাপ, হৃদৰোগ, শ্বাস-প্রশ্বাসজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ আজি গাঁও-চহৰ সকলোতে বিদ্যমান। ইয়াৰ মূল কাৰণ হৈছে আমাৰ খাদ্যাভ্যাস আৰু জীৱনশৈলী। আজি আমাৰ দেশত এচাম অসাধু লোকে খাদ্য-শস্য তথা খাদ্য-সামগ্ৰীৰ উৎপাদন বৃদ্ধিৰ বাবে আৰু অধিক লাভৰ বাবে খাদ্য শস্যত অত্যধিক ৰাসায়নিক সাৰ আৰু কীটনাশক মাৰাত্মক ঔষধ ব্যৱহাৰ কৰাৰ ফলত এনেবোৰ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হ’ব ধৰিছে। সম্প্ৰতি শাক-পাচলি, ফল-মূল, মাছ আদি সকলোতে ৰাসায়নিক সাৰ প্ৰয়োগে আমাক যেন বিৰূপ প্ৰভাৱৰ ফালে ঠেলি দিব ধৰিছে। ভুটানে যোৱা ২০১৬ চনত জুন মাহত আমাৰ সকলো খাদ্য দ্রব্য, ফল-মূল, শাক-পাচলিৰ ৰপ্তানি বন্ধ কৰাটো কিন্তু অতি তাৎপর্যপূর্ণ কথা। কিয়নো আজি আমাৰ শাক-পাচলি, ফল-মূলবোৰত অত্যধিক ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ ব্যৱহাৰ কৰাটো স্বাস্থ্যৰ কাৰণে ভীষণ ক্ষতিকাৰক।

মানৱ জীৱনটো সম্পূর্ণ উপভোগ কৰিবলৈ স্বাস্থ্য নীতি পালন কৰাটো নিতান্তই প্রয়োজন। বিখ্যাত চিকিৎসক ডাঃ খ্ৰীষ্টিয়ান বানার্ডে তেওঁৰ গ্ৰন্থ ‘অল এবাউট গুড হেল্‌থ'ত উল্লেখ কৰিছে যে, বেমাৰ হ’লে ঔষধ খোৱাতকৈ বেমাৰ নহ’বলৈ জীৱন চর্যা কৰা উচিত।  ইয়াৰ উপৰি হোমেন বৰগোহাঞিয়ে ‘স্বাস্থ্য ৰক্ষাত সহজ নিয়ম' গ্ৰন্থত লিখিছে স্বাস্থ্য গঢ়াৰ উপায়। ইয়াৰ প্ৰথমটো হৈছে-সুষম আহাৰ গ্ৰহণ কৰা। আয়ুৰ্বেদ মতে খাদ্যই মানুহৰ প্ৰকৃতি অনুসৰি দেহত প্ৰভাৱ পেলায়। খাদ্যৰ পৰাহে আমাৰ সুস্বাস্থ্য গঢ়াৰ লগতে বহুতো বেমাৰৰ পৰা পৰিত্ৰাণ পোৱা যায়। শাৰীৰিক পৰিশ্ৰম বা ব্যায়ামে সুনিদ্রা স্বাস্থ্য অটুট ৰখাত সহায় কৰে।ইয়াৰ উপৰি শৰীৰটো ৰোগমুক্ত কৰি ৰাখিবলৈ হ’লে সুষম খাদ্যৰ লগতে পৰিস্কাৰ পৰিচ্ছন্নতা অতি আৱশ্যক। লুই পেষ্টিউৰে ১৯ শতিকাতে প্রমাণ কৰিছিল যে, ৰোগ সৃষ্টিৰ মূল কাৰণ হৈছে জীৱাণু বা বেক্টেৰিয়া। গতিকে এইবোৰৰ পৰা হাত সাৰি থাকিবলৈ হ’লে এই স্বাস্থ্য নীতি পালন কৰিব লাগিব। খাদ্য সুৰক্ষা আৰু স্বাস্থ্য নীতি অবিহনে আমাৰ সমাজত সুস্থিৰতা শৃংখলাবদ্ধতা সম্ভব নহয়।

ইয়াৰ উপৰি ২০০ ৰো অধিক জাতি-জনগোষ্ঠীৰ বসতিস্থল উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ মাজত খাদ্যাভ্যাসৰ পাৰ্থক্য আছে। সেয়েহে খাদ্য আৰু স্বাস্থ্য নীতি নিৰ্ধাৰণ কৰাৰ লগতে থলুৱা খাদ্য-সামগ্ৰীৰ উৎপাদন বৃদ্ধি, খাদ্যৰ মান বৃদ্ধিৰ লগতে সুস্থিৰ বিতৰণ ব্যৱস্থা সুষম হোৱা উচিত। তেতিয়াহে স্বাস্থ্য নীতি সুন্দৰ আৰু ফলপ্রসূ হ’ব বুলি আশা কৰিব পৰা যাব।

লিখক: ধনেশ্বৰ হুজুৰী, সাদিন।

শেহতীয়া উন্নীতকৰণ: : 2/13/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate