মূল পৃষ্ঠা / স্বাস্থ্য / অনাময় আৰু স্বাস্থ্যবিধি / খাদ্যত কৃত্ৰিম ৰঙৰ পয়োভৰ আৰু আমাৰ স্বাস্থ্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খাদ্যত কৃত্ৰিম ৰঙৰ পয়োভৰ আৰু আমাৰ স্বাস্থ্য

খাদ্যত কৃত্ৰিম ৰঙৰ পয়োভৰ আৰু আমাৰ স্বাস্থ্যৰ বিষয়ে লিখা হৈছে ।

 

২০০৫ চনৰ ফেব্ৰুৱাৰী মাহত ব্ৰিটেইনৰ Premier Food  নামৰ প্ৰতিষ্ঠানটোৰ দ্বাৰা প্ৰস্তুত এবিধ বিশেষ চচ বা চাটনি ব্যৱহাৰ কৰা সকলো সামগ্ৰী  ‘Food standard Suthority (FSA) য়ে ধ্বংস কৰিবলৈ নিৰ্দেশ দিয়ে । ইয়াৰ কাৰণ হ’ল, সেই বিশেষ চাটনিত যি জলকীয়া গুৰি ব্যৱহাৰ কৰা হৈছিল তাত এবিধ নিষিদ্ধ ৰাসায়নিক দ্ৰব্যৰ উপস্থিতি FSA ৰ পৰীক্ষাত ধৰা পৰিছিল । সেই নিষিদ্ধ দ্ৰব্য বিধৰ নাম হ’ল চুদান-১, যিবোৰে কেন্সাৰ ৰোগৰ সৃষ্টি কৰে । এই চুদান-১ মিহলি হৈ থকা জলকীয়া গুৰিবোৰ পশ্চিম ভাৰতৰ দুটা প্ৰতিষ্ঠানে যোগান ধৰিছিল । এতিয়া প্ৰশ্ন হ’ল জলকীয়া গুৰিবোৰত চুদান-১ কিয় মিহলোৱা হৈছিল ? ইয়াৰ কাৰণ হ’ল চুদান-১ এবিধ ৰঞ্জক পদাৰ্থ যিবোৰে জলকীয়া গুৰিবোৰক বেছি উজ্জ্বল ৰঙা কৰাত সহায় কৰিছিল । এইটো কৰা হৈছিল গ্ৰাহকক আকৰ্ষণ কৰিবলৈ । উল্লেখযোগ্য যে চুদান-১ নামৰ পদাৰ্থবিধক সাধাৰণতে জোতাৰ পলিচ, তেল, মমবাটি, আৰু পেট্ৰ’লত ব্যৱহাৰ কৰা হয় ।

খাদ্য উদ্যোগত খেতি পথাৰৰ উৎপাদিত শস্যবোৰৰ পৰা বিভিন্ন খাদ্য-সামগ্ৰী প্ৰস্তুত কৰোতে যেতিয়া এক প্ৰক্ৰিয়াৰ মাজেৰে যায় তেতিয়া তাত কিছুমান দ্ৰব্য যোগ দিয়া হয় । এই দ্ৰব্যবোৰকে ফুড এডটিভ বোলা হয় । সাধাৰণতে খাদ্যবস্তুবোৰৰ বৰণ, বিন্যাস, সোৱাদ, আকৰ্ষণীয়তা আদিৰ প্ৰতি লক্ষ ৰাখি এই এডিটিবোৰ মিহলোৱা হয় । এই দ্ৰব্যবোৰৰ কিছুমান ভাল দ্ৰব্য যিবোৰে মানুহৰ একো অপকাৰ নকৰে । আনহাতে, কিছুমান দ্ৰব্যই মানুহৰ শৰীৰত বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে । গতিকে এইবোৰ দ্ৰব্য আমাৰ বাবে ক্ষতিকাৰক । ওপৰত উল্লেখিত চুদান-ৰ এবিধ ক্ষতিকাৰক ফুট এডিটিভি ।

খাদ্য উদ্যোগত ব্যৱহাৰ হোৱা কেতবোৰ ফুড এডিটিভি তলত উল্লেখ কৰা হ’ল-

সোৱাদ বঢ়াবলৈ -

খাদ্যবস্তুৰ সোৱাদ বঢ়াবৰ বাবে ভালেমান ফুড এডিটিভি ব্যৱহাৰ কৰা হয় । এইবোৰৰ কিছুমান প্ৰাকৃতিকভাৱে উপলব্ধ । যেনে- বিভিন্ন মচলা, বিভিন্ন তেল আৰু জাৰক চাইট্ৰাছ তেল, ভেনিলা, যাফ্ৰান আদি । আনবোৰ এডিটিভি কৃত্ৰিম ৰাসায়নিক দ্ৰব্য । যেনে- আজিনামট, চডিয়াম ইন’চিনেট আদি । আজিনাম ট’ খাদ্য উদ্যোগত বহুলভাৱে ব্যৱহৃত হয় । কাৰণ ই মাংসৰ সোৱাদ দিয়ে । চিপছ, ছাউমিন, চুপ, ৰোল, চচ আদিত প্ৰধানকৈ ব্যৱহাৰ হয় । পিছে বেছিকৈ ব্যৱহআৰ কৰিলে এইবোৰে এলাৰ্জি, মূৰৰ বিষ, বুকুৰ বিষ, মূৰ ঘূৰোৱা আদিৰ সৃষ্টি কৰিব পাৰে ।

সংৰক্ষণ কৰিবলৈ -

যিকোনো খাদ্যবস্তুৰ বৰণ, সোৱাদ আদি পৰিৱৰ্তন নোহোৱাকৈ বেছি দিনলৈ যাতে সংৰক্ষণ কৰিব পাৰি তাৰ বাবে প্ৰিজাৰভেটিভছ ব্যৱহাৰ কৰা হয় । এইবোৰৰ ভিতৰত এচকৰবি, এচিড আৰু চডিয়াম এচকৰবেট (Sodium ascorbute) উল্লেখযোগ্য । মাংস আদি সংৰক্ষণ কৰোতে ছডিয়াম এচকৰবেট ব্যৱহাৰ কৰা হয় । তেল বা চৰ্বি ব্যৱহাৰ কৰা খাদ্যবস্তুবোৰ (যেনে-কেক, বিস্কুট, ব্ৰেকফাষ্ট চিৰিয়েল আদি ) যাতে নোগোন্ধোৱাকৈ ৰাখিব পাৰি তাৰ বাবে বুটিলেটেড হাইড্ৰক্সি এনিচ’ল (Butylated hydroxyanisole) ব্যৱহাৰ কৰা হৈছিল । পিছে এই বিধ দ্ৰব্যই কেন্সাৰ ৰোগ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে । তদুপৰি স্নায়ুতন্ত্ৰ আৰু যকৃতৰ ক্ষতি কৰিব পাৰে । সেইবাবে বহুতো দেশে এইবিধ এডিটিভিৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে ।

খাদ্যবস্তু বেছি দিনলৈ সংৰক্ষণ কৰিলে ভেঁকুৰ , বেক্টেৰিয়া আদিয়ে ক্ৰিয়া কৰি সেইবোৰ নষ্ট কৰে । আমি সদায় ব্যৱহাৰ কৰা নিমখ (Sodium chloride) ৰ দ্বাৰা মাছ, মাংস আদি নষ্ট নোহোৱাকৈ ৰাখিব পাৰি । সেইদৰে বেছি পৰিমাণৰ চেনিৰ দ্বাৰা জাম, জেলি আদি সংৰক্ষণ কৰিব পাৰি । বেনজইক এচিড (Benzoic acid) আৰু ছডিয়াম বেনযয়েট (Sodium benzoate) ৰ দ্বাৰা আচাৰ, জাম, জেলি আদি সংৰক্ষণ কৰা হয় ।

ৰুটি আদি ফুলাবৰ বাবে (Leavening agent) :-

বহুতো বেকাৰজনীত সামগ্ৰী যেনে পাউৰুটি আদি ফুলাবৰ বাবে কিছুমান দ্ৰব্য আটা বা মইদাত মিহলোৱা হয় । সেইবোৰৰ ভিতৰত ইষ্ট (yeast) প্ৰধান । আনহাতে, কেক, বিস্কুট আদি ফুলাবৰ বাবে বেকিং চ’ডা (Sodium Bicarbonate) ব্যৱহাৰ কৰা হয় । এইবোৰৰ পাৰ্শ্বক্ৰিয়া নাই বুলি ক’ব পাৰি ।

ৰঙৰ দ্বাৰা উজ্জ্বল কৰা (Colouring agent) -

বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুত কৰোতে খাদ্য দ্ৰব্যবোৰৰ যেতিয়া কোনো প্ৰক্ৰিয়াৰ মাজেৰে যায় তেতিয়া তাৰ বৰণ শেতা পৰে । কিছুমানৰ বৰণ সলনি হয় । গতিকে সামগ্ৰীবোৰ যাতে গ্ৰাহকৰ বাবে আকৰ্ষণীয় হয় আৰু দেখিলেই খাবৰ মন যায়, তাৰ বাবে বিভিন্ন ৰঞ্জক পদাৰ্থ ব্যৱহাৰ কৰা হয় । এই লেখাৰ আৰম্ভণিতে চুদান-ৰৰ কথা উল্লেখ কৰা হৈছে । এই ৰঞ্জকবোৰৰ কিছুমান প্ৰাকৃতিক আৰু কিছুমান কৃত্ৰিম । প্ৰাকৃতিক ৰঞ্জক পদাৰ্থৰ ভিতৰত হালধী, কেৰামেল, কাৰমাইন, কেৰটিন আদি উল্লেখযোগ্য । আগতে উল্লেখ কৰা মাফ্ৰান ৰঞ্জক হিচাপেও ব্যৱহাৰ হয় । কৃত্ৰিম ৰঞ্জক পদাৰ্থবোৰৰ ভিতৰত টাৰট্ৰেজাইন (Tartrazinc), চানচেট, ইয়েলো, মেটানিল ইয়েলো আদি উল্লেখযোগ্য । টাৰট্ৰেজাইন প্ৰধানকৈ শীতল পানীয়, মিঠাই, জাম, স্নেক ফুড আদিত ব্যৱহাৰ হয় । এইবোৰে এজমা, থাইৰয়ড , টিউমান আদিৰ কাৰক বুলি জনা যায় । কিছুমান দেশত ইয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে । চানছেট ইয়েলো স্নেকফুড, বেকাৰীজাত সামগ্ৰী আইনক্ৰীম আদিত ব্যৱহাৰ হয় । এইবোৰৰে পাৰ্শ্বক্ৰিয়া বহুতো । কিছুমান দেশত ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে । মেটানিল ইয়েলো বিভিন্ন মিঠাই যেনে- লাডু, বৰফি, জেলেপী আদিত ব্যৱহাৰ কৰা হয় । এইবোৰৰ পাৰ্শ্বক্ৰিয়া আছে বুলি জনা নাযায় । চফ (Souf) ৰ সেউজীয়া ৰং উজ্জ্বল কৰিবলৈ মেলাছিত গ্ৰীন (Malachite Green) নামৰ এবিধ দ্ৰব্য ব্যৱহাৰ কৰা হয় । এইবোৰে কেন্সাৰ ৰোগ সৃষ্টি কৰিব পাৰে ।

মিঠা সোৱাদৰ বাবে (Aritificial Sweetness) :-

কিছুমান খাদ্য বস্তুক মিঠা সোৱাদ দিবৰ বাবে কেতবোৰ কৃত্ৰিম দ্ৰব্য ব্যৱহাৰ কৰা হয় । এইবোৰৰ ভিতৰত চেকাৰিন (Sacchorin), এচপাৰটেম (Asportame) আদি উল্লেখযোগ্য । এচপাৰটেম পুদিং, দৈ, চুইংগাম (chewing gum) আদিত ব্যৱহাৰ হয় । এলাৰ্জি, মূৰৰ বিষ আদি পাৰ্শ্বক্ৰিয়া হয় । আজিকালি বজাৰত বহুতো ছুগাৰ ফ্ৰী (Suger Free) দ্ৰব্য উপলব্ধ । এইবোৰৰো পাৰ্শ্বক্ৰিয়া আছে ।

পৰিপুষ্টিৰ সহায়ক -

খাদ্যবস্তুৰ পুষ্টিজনিত গুণ বৃদ্ধিৰ বাবে কিছুমান খনিজ দ্ৰব্য আৰু ভিটামিন যোগ দিয়া হয় । আমি সদায় ব্যৱহাৰ কৰা নিমখত আয়ডিন মিহলোৱা হয় যাতে গয়টাৰ আদি ৰোগৰ পৰা হাত সাৰিব পাৰো । তদুপৰি আটা, মইদাত আইৰন, থায়েমিন, ৰিব’ফ্লেভিন, নিয়াচিন আদি মিহলোৱা হয় যাতে আমাৰ খনিজ দ্ৰব্য আৰু ভিটামিনৰ অভাৱ নহয় ।

খাদ্য উদ্যোগৰ উপৰি আমাৰ দেশৰ ৰেস্তোৰোঁ আৰু ফাষ্টফুড চেণ্টাৰবোৰত প্ৰস্তুত কৰা বিভিন্ন খাদ্য সামগ্ৰীত নানা ধৰণৰ ফুড এডিটিভি যোগ দিয়া হয় । সেইবোৰৰ ভিতৰত মছলাজাতীয় দ্ৰব্য, নানা বৰণৰ ৰং আৰু সোৱাদ বঢ়াবৰ বাবে যোগ দিয়া দ্ৰব্য প্ৰধান । এই দ্ৰব্যসমূহৰ ৰং আৰু সোৱাদ বঢ়াবৰ বাবে যোগ দিয়া দ্ৰব্য প্ৰধান । এই দ্ৰব্যসমূহৰ কিছুমান আমাৰ শৰীৰৰ বাবে ক্ষতিকাৰক । গতিকে এই দিশত আমি সজাগ হোৱা আৱশ্যক ।

লেখক :- ড: এ কে জিয়াউদ্দিন আহমেদ

উৎস :- জি এনআৰচি স্বাস্থ্য

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top