সভ্য সমাজৰ খাদ্য ভেজাল অকল্পনীয়। কিন্তু বৰ্তমান সময়ত ভাৰতৰ বিভিন্ন ঠাইত লগতে অসমতো ভয়ানকভাৱে বৃদ্ধি পাইছে খাদ্যৰ ভেজালকৰণ। বিভিন্ন প্ৰকাৰৰ খাদ্যবস্তু , যেনে- শাক-পাচলি, মাছ, মাংসৰ লগতে অন্যান্য অত্যাৱশ্যকীয় দেখা যায় ভেজালকৰণ। খাদ্য ভেজালকৰণ যেন আধুনিক সমাজৰ এক অভিশাপহে। কিন্তু কেনেকৈ কৰা হয় খাদ্য ভেজালকৰণ? শাক-পাচলিৰ ক্ষেত্ৰত বহুতো মাৰাত্মক ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ কৰা হয়। এনে ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰৰ ফলত নিৰ্দিষ্ট সময়তকে পূৰ্বেই শাক-পাচলিৰ শ্ৰীবৃদ্ধি হয়। লগতে শাক-পাচলিক অধিক সময়ৰ বাবে সতেজ কৰি ৰাখিবলৈও ব্যৱহাৰ কৰা হয় ৰাসায়নিক দ্ৰব্য। সেই ৰাসায়নিক দ্ৰব্য শাক- পাচলিত মিহলি কৰিলেই সতেজ ৰুপ লয় শাক- পাচলিয়ে। তেনেদৰে মাছৰ ক্ষেত্ৰতো বিষাক্ত ফৰ্মেলিন ব্যৱহাৰ কৰা হয়, যিয়ে সতেজ কৰি ৰখাত সহায় কৰে। আনপিনে ছাগলী মাংসৰ ক্ষেত্ৰতো বিষাক্ত নেপথেলিন ব্যৱহাৰ কৰা হয়, যাৰ ফলত ওজন বৃদ্ধি পায় ছাগলী মাংসৰ। ইমানেই নহয় ফল-মূলৰ ক্ষেত্ৰতো অন্যান্য বিষাক্ত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয়, যিয়ে ক্ষতি কৰে মানৱ শৰীৰৰ। ফল-মূল , শাক-পাচলিত থকা এনে বিষাক্ত ৰাসায়নিক দ্ৰব্যয়ো মানৱ শৰীৰৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে। বহু প্ৰকাৰৰ কৰ্কট ৰোগৰ লগতে আন কেইবাটাও গুৰুতৰ ৰোগৰ সৃষ্টি কৰে এনে মাৰাত্মক ৰাসায়নিক দ্ৰব্যই। কিন্তু তাৰ পিচতো অবাধ হাৰত মুকলিকৈ চলি আছে ভেজাল সামগ্ৰীৰ ৰহমৰীয়া বজাৰখন। এক প্ৰকাৰ প্ৰশাসনৰ চকুৰ সন্মুখতেই অসাধু ব্যৱসায়ীয়ে মানুহৰ জীৱনক হৈ হেতালি খেলিয়েই আছে। মানুহৰ বাবে অতি অপকাৰী ভেজাল আৰু ৰাসায়নিক দ্ৰব্য মিহলি এনে শাক- পাচলি, ফল-মূল, মাছ-মাংস বজাৰত এতিয়া উভৈনদী।
কিন্তু প্ৰশ্ন হৈছে ইয়াৰ বিকল্প কি? ছিকিম হৈছে এইক্ষেত্ৰত সকলোৱে আদৰ্শ গ্ৰহণ কৰিব পৰা এখন ৰাজ্য। যিখন ৰাজ্যই ১০০ শতাংশ অৰ্গেনিক অৰ্থাৎ জৈৱিক পদ্ধতিৰে শাক-পাচলি, ফল-মূলৰ লগতে অন্য খাদ্যসামগ্ৰীও উৎপাদন কৰি অভিলেখ স্থাপন কৰিছে। ইতিমধ্যে ছিকিমে ভাৰতৰ ভিতৰতে প্ৰথম অৰ্গেনিক ৰাজ্য হিচাপে স্বীকৃতিও লাভ কৰিছে। অসমতো জৈৱিক পদ্ধতিৰে কৃষিকাৰ্য কৰিব পাৰিলে এনে খাদ্য ভেজালকৰণৰ পৰা মুক্তি পাব জনসাধাৰণে। জৈৱিক পদ্ধতিৰে অসমত ইতিমধ্যে কৃষিকাৰ্য আৰম্ভ হৈছে যদিও সেয়া এতিয়াও চালুকীয়া অৱস্থাতেই আছে। দুই-একেহে এনে পদ্ধতিৰে কৃষিকাৰ্য কৰিবলৈ ধৰিছে। তথাপি ই এক আশাৰ বতৰা। খাৰুপেটীয়াৰ হবিবুৰ ৰহমান নামৰ এজন যুৱকে জৈৱিক পদ্ধতিৰে খেতি কৰি দেখুৱাইছে এক ব্যতিক্ৰমী নিৰ্দশন। ২০ বিঘা মাটিত জৈৱিক পদ্ধতিৰে খেতি কৰি স্বাৱলম্বী হোৱা হবিবুৰ এক উদাহৰণ। যুৱকজনে নেমু, মাকৈ, অমিতা, কেপচিকামৰ লগতে অন্যান্য পাচলিৰ খেতিও আৰম্ভ কৰিছে। জৈৱিকভাৱে উৎপাদন কৰা এই পাচলিসমূহ গুৱাহাটীৰ বিভিন্ন বজাৰত উপলব্ধ। লগতে ‘দুবৰি’ নামৰ অনলাইন এপৰ জৰিয়তেও ক্ৰয় কৰিব পাৰি পাচলিসমূহ। উল্লেখ্য যে যুৱকজনে ঘৰতে প্ৰস্তুত কৰা কেঁচুসাৰ, সেউজ সাৰ ব্যৱহাৰ কৰি খেতিত ব্যৱহাৰ কৰে। ৰাজ্যত হবিবুৰৰ দৰে আন বহুতেই জৈৱিকভাৱে খেতি কৰিছে যদিও সেয়া এতিয়াও এপাচি শাকত এটা জলকীয়া। জৈৱিক কৃষিক আৰু অধিক প্ৰসাৰ আৰু প্ৰচাৰৰ প্ৰয়োজন।আমি সকলোৱে মনত ৰখা দৰকাৰ যে ৰাসায়নিক দ্ৰব্য মিহলি ভেজাল খাদ্যসামগ্ৰীয়ে আমাক তিলতিলকৈ লৈ যাব মৃত্যুৰ মুখলৈ। কেৱল জৈৱিক পদ্ধতিৰে কৰা খাদ্যসামগ্ৰীয়েহে আমাক নীৰোগী কৰি সুস্বাস্থ্যৰ গৰাকী কৰিব। গতিকে সময় থাকোতেই সকলো সজাগ হোৱা প্ৰয়োজন।
লেখক: ইমৰান আলী
উৎস: দেওবৰীয়া সম্ভাৰ
শেহতীয়া উন্নীতকৰণ: : 1/10/2024