অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰামাঞ্চলৰ চিকিৎসা ব্যৱস্থা

গ্ৰামাঞ্চলৰ চিকিৎসা ব্যৱস্থা

দেশ এখনৰ উন্নতি হব’লৈ হ’লে সকলো মানুহৰ স্বাস্থ্য অটুট থকা প্ৰয়োজন- এই কথা উপলব্ধি কৰিয়েই ৰাষ্ট্ৰসংঘই ‘সকলোৰে বাবে স্বাস্থ্য’ স্বাস্থ্য নীতি গ্ৰহণ কৰিছে| সেই মতে আমাৰ দেশতো সকলোৰে বাবে সুলভ সু-চিকিৎসা উপলব্ধ কৰাটো চৰকাৰৰ দায়িত্ব| দেখা যায় যে আমাৰ দেশৰ চহৰ অঞ্চলত তুলনামুলকভাৱে স্বাস্থ্য আৰু চিকিৎসাৰ উন্নত ব্যৱস্থা কিছু পৰিমাণে উপলব্ধ হৈছে| চহৰত চৰকাৰী চিকিৎসা ব্যৱস্থাৰ উপৰি ব্যক্তিগত খণ্ডৰ চিকিৎসা ব্যৱস্থা আছে, চিকিৎসালয় আছে, পৰীক্ষাগাৰ আছে, চিকিৎসকৰ ব্যক্তিগত চেম্বাৰো আছে| গাঁও অঞ্চলত তেনেকুৱা ব্যৱস্থা নাই বুলিয়েই কব পাৰি| গাঁৱত এনে পৰিস্থিতিলৈ লক্ষ্য ৰাখি কিছু বছৰৰ পৰা আমাৰ দেশত ৰাষ্ট্ৰীয় গ্ৰাম্য চিকিৎসা অভিযান আৰম্ভ কৰিছে| অসম চৰকাৰে এই সুবিধা গ্ৰহণ কৰি গাঁও অঞ্চলত চিকিৎসা ব্যৱস্থা কিছু উন্নত কৰিছে| গাঁও অঞ্চলত ঠায়ে ঠায়ে উন্নত মানৰ চিকিৎসালয় স্থাপন কৰিছে| চিকিৎসালয়বোৰত আধুনিক যন্ত্ৰ-পাতি যোগান ধৰা হৈছে| কিন্তু এই যন্ত্ৰ-পাতিবোৰৰ বেছিভাগেই অব্যৱহৃত হৈ আছে| কাৰণ প্ৰশিক্ষণপ্ৰাপ্ত চিকিৎসক বা টেকনিচিয়ানৰ অভাৱ, কিছুমানত আকৌ চিকিৎসালয় আছে, চিকিৎসক নাই, নাৰ্ছ নাই, টেকনিচিয়ান নাই, বিদ্যুতৰ যোগানো অনিয়মীয়া| ফলত গাঁও অঞ্চলৰ মানুহে প্ৰয়োজনীয় সুবিধা লাভ কৰা নাই| গাঁও অঞ্চলত প্ৰাইভেট প্ৰেকটিচ কৰা ডাক্তৰৰো অভাৱ, আনকি অৰ্হতাসম্পন্ন ফাৰ্মাচিষ্টৰো অভাৱ| ফাৰ্মাচিষ্টে সাধ্য অনুসৰি ঔষধ দিয়ে| কিন্তু দেখা যায় তেওঁলোকৰ দৰবৰ নিৰ্দ্দিষ্ট আৰু সম্পূৰ্ণ ব্যৱস্থা নকৰে| জানি থোৱা ভাল, কেতবোৰ ঔষধ নিৰ্দ্দিষ্ট সময়ত ব্যৱহাৰ নকৰিলে সম্পূৰ্ণ নিৰাময় নহয়| এতিয়া গাঁৱে-ভুঞে ভালেমান ফাৰ্মাচী খোলা দেখা গৈছে| এইবিলাকৰ সৰহভাগৰেই প্ৰয়োজনীয় অনুজ্ঞা-পত্ৰ নাই| তদুপৰি ফাৰ্মাচীৰ মালিক বা কৰ্মচাৰী সকলো প্ৰকৃততে অৰ্হতাসম্পন্ন নহয়| আনকি কোনো প্ৰশিক্ষণো নাই| কিন্তু চিকিৎসক নোহোৱা ঠাইত এওঁলোকেই স্বয়ম্ভু ডাক্তৰ হিচাপে কাম কৰে| এওঁলোকে চিকিৎসকৰ নিদান-পত্ৰ নোহোৱাকৈয়ে সকলো ধৰণৰ ঔষধ ৰোগীক ব্যৱহাৰ কৰিবলৈ দিয়ে| গাঁও অঞ্চলত স্বয়ম্ভু ডাক্তৰৰো পয়োভৰ দেখা যায়| এওঁলোক প্ৰকৃততে ডিগ্ৰীধাৰী নহয়, আনকি প্ৰশিক্ষণ প্ৰাপ্তও নহয়| কোনোবা ডাক্তৰৰ লগত বা কোনোবা হাস্পতালত সহকাৰী হিচাপে এওঁলোকে কিছুমান বেমাৰ সম্পৰ্কে আৰু ঔষধৰ নাম শিকি লয়| তাৰ পিছত গাঁও অঞ্চলত সোমাই নিজকে ডাক্তৰ বুলি প্ৰচাৰ কৰে| এওঁলোকৰ বহুতেই সকলো ধৰণৰ ৰোগৰ চিকিৎসা কৰে যদিও কিছুসংখ্যকে নিজকে কোনোবা এটা বিশেষ বেমাৰৰ বিশেষজ্ঞ বুলি নিজকে চিনাকি দিয়ে|

এওঁলোক অতি বিপজ্জনক, ভুল চিকিৎসাৰে বেমাৰ জটিল কৰে| কিছু তথাকথিত হোমিওপেথী ডাক্তৰ আৰু কবিৰাজে কাকতে-পত্ৰই বিজ্ঞাপন দিয়ে যে এওঁলোকে কেঞ্চাৰকে ধৰি নানাবিধ কঠিন ৰোগ নিৰাময় কৰিব পাৰে| তেওঁলোকে কিছুমান ৰোগীৰ নাম-ঠিকনাও প্ৰকাশ কৰে| প্ৰকৃততে কিন্তু এওঁলোকে এনে ৰোগ নিৰাময় কৰিব নোৱাৰে| কিছুমান কবিৰাজে বিজ্ঞাপন দিয়ে যে তেওঁলোকে সন্তানহীনক সন্তান দিব পাৰে| আধুনিক চিকিৎসা বিজ্ঞানে ব্যয়বহুল তথা সময় সাপেক্ষে ব্যৱস্থা লৈও কেতিয়াবা বিফল হোৱা কামটো কবিৰাজে কেনেকৈ কৰিব পাৰে, সেই কথা বুজা নাযায়| ওপৰত আমি গাঁৱৰ চিকিৎসা ব্যৱস্থাৰ মূল আলোচনা কৰিলো আৰু কিছু কথা কোৱাৰ থল আছিল যদিও বাহুল্যৰ ভয়ত ইমানতে সামৰিলো| এতিয়া আমি ৰোগ প্ৰতিৰোধ আৰু ফলপ্ৰসু বিজ্ঞানসন্মত চিকিৎসাৰ ক্ষেত্ৰত কি কি পদক্ষেপ ল’ব পাৰি, সেই বিষয়ে আলোচনা কৰিব খুজিছো| এই কথা প্ৰমাণিত হৈছে যে প্ৰায় ৭০ শতাংশ ৰোগ আমি প্ৰতিৰোধ কৰিব পাৰো| উদাহৰণস্বৰুপে, দূষিত পানীৰ দ্বাৰা ভালেমান ৰোগৰ সংক্ৰমণ হয়, যেনে- কলেৰা, গেষ্ট্ৰ’এণ্টাৰিটিছ, টাইফয়েড, বেচিলাৰী গ্ৰহণী, এমিবিক গ্ৰহণী, জণ্ডিছ, পেলু ইত্যাদি| খোৱাপানী উন্নত ধৰণৰ ফিল্টাৰেৰে বিশুদ্ধ কৰি ল’লে এই ৰোগবোৰৰ পৰা হাত সাৰি থাকিব পাৰি| ফিল্টাৰৰ ব্যৱস্থা নাথাকিলে পানী উতলাই লৈ কিছু সময় ঠাণ্ডা কৰি খাব পাৰি| দূষিত পানীৰে খোৱা বাচন-বৰ্তনো ধুব নালাগে, ফল-মূল আৰু কেচাই খোৱা শাক-পাচলিও ধুব নালাগে| ফল-মূল, শাক-পাচলি আদিত নানাবিধ ৰোগৰ বীজাণু থাকিব পাৰে| সেইবাবে খোৱাৰ আগতে সেইবোৰ পৰিস্কাৰ পানীৰে ধুব লাগে| খেতিপথাৰ বা বজাৰৰ পৰা আনিয়েই পোনছাটেই এইবোৰ খাব নালাগে|, ধুই লৈহে খাব লাগে| বিভিন্ন যান-বাহন, যেনে- ৰিক্সা, অটোৰিক্সা, টেক্সি, মটৰ গাড়ী, বাছ, ৰেলগাড়ী আদিত ঘুৰি ফুৰোতে আমাৰ হাতত নানাবিধ ৰোগৰ বীজাণু লাগি আহে| বিভিন্ন কাম কৰোতেও হাতত বীজাণু লাগি আহিব পাৰে, তেতিয়াও খোৱাৰ আগতে হাত ধুই ল’ব লাগে| শৌচ কৰাৰ পিছত চাবোন আৰু পানীৰে হাত ভালকৈ ধুই ল’ব| কিয়নো শৌচত কিছুমান ৰোগৰ বীজাণু নিৰ্গত হয়| সম্প্ৰতি গাঁৱতো বহুতো মানুহ, বিশেষকৈ যুৱ প্ৰজন্মই ব্যাপকভাৱে মদ্যপান কৰিবলৈ লৈছে| তেওঁলোকৰ বেছিভাগেই মদ্যপান কৰাৰ নীতি-নিয়ম নাজানে, কেৱল নিচাৰ বাবেহে মদ্যপান কৰে| খালী পেটত মদ সেৱন কৰিলে পাকস্থলীত প্ৰদাহ বা ঘা হ’ব পাৰে| এই ঘা দীৰ্ঘম্যাদী হ’লে পাকস্থলীত কেঞ্চাৰ হ’ব পাৰে| মদ খাদ্যনলীৰ কেঞ্চাৰৰ কাৰকো হ’ব পাৰে| অধিক মদ্যপানে স্নায়ু আৰু মগজু বিকল কৰিব পাৰে| আগেয়ে গাঁৱৰ মানুহে যথেষ্ট পৰিমাণে শাৰীৰিক শ্ৰম কৰিছিল| আজিকালি বহুতেই শাৰীৰিক শ্ৰম নকৰা হৈছে| আনকি ব্যায়ামো নকৰে| খোজকঢ়া, চাইকেল চলোৱা, নৈ-পুখুৰী আদিত সাঁতোৰা আদি ভাল আৰু সহজ ব্যায়াম| এইবোৰ নকৰাৰ ফলত গাঁৱৰ মানুহৰো মেদবহুলতা, উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ আদি ৰোগৰ প্ৰৱণতা বৃদ্ধি পাইছে| বেমাৰ হ’লে পৰাপক্ষত অভিজ্ঞ ডাক্তৰৰ পৰামৰ্শ লওক| নিজে চিকিৎসা নকৰিব| ফাৰ্মাচীত চিকিৎসা কৰোটে সাৱধান হ’ব| ডাক্তৰে দিয়া পৰামৰ্শ নিষ্ঠাৰে পালন কৰিব| এনে কৰিলে বহুতো জটিল ৰোগৰ পৰা মুক্ত হ’ব পাৰি|


লেখক: ডা: জীৱন দত্ত বৰুৱা

উৎস: দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 5/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate