চীনাসকল যথেষ্ট স্বাস্থ্যৱান বুলি ক’ব পাৰি। বিশ্ব স্বাস্থ্য(WHO)ৰ সংজ্ঞা অনুসৰি তেওঁলোকৰ মাজত অনুমোদিত ওজনতকৈ বেছি ওজনৰ(Over weight) লোকৰ সংখ্যা বৰ বেছি নহয়, প্ৰায় ২১ শতাংশ। আনহাতে মেদবহুল লোকৰ সংখ্যা আমাৰ দেশৰ তুলনাত তেনেই কম, মাত্ৰ ৭.৪ শতাংশ। ইয়াৰ কাৰণ কি? ইয়াৰ মূলতে দুটা প্ৰধান কাৰক।
প্ৰথমটো হ’ল চীনা লোকৰ সময় সচেতনতা আৰু দ্বিতীয়টো খাদ্য সংস্কৃতি। দেখা যায় চীনাসকলে সদায় নিৰ্দিষ্ট সময়তহে আহাৰ গ্ৰহণ কৰে। তদুপৰি তেওঁলোকে দিনৰ পোহৰতেই তিনিওসাঁজ আহাৰ গ্ৰহণ কৰে।
সাধাৰণতে পুৱা আঠ বজাৰ আগেয়ে, দুপৰীয়াৰ আহাৰ বাৰ বজাৰ পৰা এক বজাৰ ভিতৰত আৰু সন্ধিয়াৰ আহাৰ ছয় বজাৰ আগে-পিছে। প্ৰতিদিনে নিৰ্দিষ্ট সময়ত আহাৰ গ্ৰহণ কৰাৰ পৰিপুষ্টিৰ ফালৰ পৰা অতি উপকাৰী। এসাঁজ আহাৰ শৰীৰত হজম হ’বলৈ কমেও চাৰি বা পাঁচ ঘন্টা লাগে। গতিকে সময়মতে আহাৰ গ্ৰহণ কৰিলে নিৰ্দিষ্ট সময়ত আমাৰ ভোক লাগিব আৰু খাদ্য খাবলৈ মন যাব।
তদুপৰি সময়মতে আহাৰ গ্ৰহণ কৰিলে খৰধৰকৈ খাদ্য নাখায় লাহে লাহে সময়লৈ খাব পাৰি। খৰধৰ কৰিলে খাদ্য ভালকৈ নোচোবোৱাকৈ গালধঃকৰণ কৰা হয়। ইয়াৰ ফলস্বৰূপে খাদ্য হজম হওঁতে পলম হয়। লগতে খোৱা খাদ্যৰ পৰিমাণো নিজে গম নোপোৱাকৈ বৃদ্ধি পায়। দিনৰ পোহৰত তিনিওসাঁজ খোৱাৰ নিয়মটো আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।
কাৰণ দিনতহে আমি বেছি সক্ৰিয় হৈ থাকোঁ। নিশা আমাৰ সক্ৰিয়তা ভালেখিনি কমি যায়। গতিকে দিনৰ পোহৰৰ ভিতৰতে তিনিওসাঁজ আহাৰ গ্ৰহণ কৰিলে খাদ্যৰ পৰা লাভ কৰা অতিৰিক্ত শক্তিৰ বেছিখিনি খৰচ হ’ব আৰু শৰীৰত জমা হ’ব পৰা চৰ্বিৰ পৰিমাণ হ্ৰাস পাব। ফলস্বৰূপে এই ব্যৱস্থাই মেদবহুলতা ৰোধ কৰাত সহায় কৰিব।
এতিয়া খাদ্যৰ কথালৈ আহোঁ। চীনা লোকসকলে গো-গ্ৰাসে খাদ্য গ্ৰহণ নকৰে। তেওঁলোকে খাদ্যৰ জুতিহে লয়। প্ৰতি সাঁজতে যথেষ্ট সিজোৱা শাক-পাচলি খায়। একেবাৰে শেষতহে ভাত খায়। আন এক উল্লেখযোগ্য দিশ হ’ল প্ৰতি সাঁজতে তেওঁলোকে সিজোৱা গোমধান খায়। সেউজীয়া শাক-পাচলি আমাৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। কাৰণ ইবোৰৰ সহায়ত শৰীৰে দৰকাৰী ভিটামিন আৰু খনিজ দ্ৰব্য(যেনে- কেলচিয়াম, পটাছিয়াম, আইৰন আদি) লাভ কৰে। তদুপৰি কিছুমান শাল-পাচলিত যথেষ্ট পৰিমাণৰ আঁহ(Fibre) থাকে, যিবোৰ শৰীৰৰ বাবে উপকাৰী।
ভজা শাক-পাচলিতকৈ সিজোৱা শাক-পাচলি লাভজনক। কাৰণ সিজোৱা খাদ্যৰ ভিটামিন নষ্ট নহয় আৰু পাচন সোনকালে হয়। চীনাসকলে আন আন খাদ্যৰ জুতি লৈ ভাত শেষতহে খায়। গতিকে ভাতৰ পৰিমাণ সীমিত হ’বলৈ বাধ্য। ভাতৰ প্ৰধান উপাদান হৈছে শৰ্কৰা(Carbohydrate)। চৰ্বিজাতীয় খাদ্যৰ শৰ্কৰাজাতীয় খাদ্যৰ আধিক্যৰ বাবেই প্ৰধানকৈ মেদবহুলতা হয়।
গতিকে সীমিত পৰিমাণৰ ভাত গ্ৰহণ কৰা বাবে চীনাসকলৰ দেহৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায়ক হয়। আমাৰ উত্তৰ-পূব ভাৰতত অন্ততঃ দুসাঁজত প্ৰধানকৈ ভাত খোৱা হয় আৰু ইবোৰৰ পৰিমাণ আন খাদ্য বস্তুতকৈ বেছি। মেদবহুল মানুহৰ সংখ্যা বৃদ্ধিৰ ই অন্যতম কাৰক। অৱশ্যে ইয়াৰ লগতে আন কাৰকো আছে।
গোমধান বা মাকৈ(Corn) শৰীৰৰ বাবে অতি পুষ্টিকৰ খাদ্য। চীনৰ বাহিৰেও আমেৰিকা, ব্ৰাজিল, আৰ্জেন্টিনা আদি দেশত গোমধান প্ৰধান খাদ্য। প্ৰ’টিনৰ উপৰি ইয়াত যথেষ্ট পৰিমাণৰ আঁহ থাকে।
তদুপৰি ইবোৰত এন্টিঅক্সিডেন্ট থাকে, যিবোৰে কৰ্কট ৰোগ প্ৰতিৰোধ কৰে। আমাৰ ঢেঁকীত খুন্দা চাউল বা উখোৱা চাউলতো প্ৰ’টিনৰ লগতে আঁহ থাকে। পিছে আমি সাধাৰণতে ব্যৱহাৰ অৰা মিলৰ চাউলত প্ৰ’টিনৰ পৰিমাণ অতি কম আৰু আঁহৰ পৰিমাণো নগণ্য।
চীনাসকলে খাদ্য পৰিৱেশনত দক্ষিণ এছিয়াৰ আন বহু দেশৰ দৰেই বিভিন্ন প্ৰকাৰৰ মাংস পৰিৱেশন কৰে। ইবোৰৰ পৰা তেওঁলোকে পৰ্যাপ্ত পৰিমাণৰ প্ৰ’টিন পায়। অতি সীমিত পৰিমাণৰ ভাত, যথেষ্ট পৰিমাণৰ সিজোৱা শাক-পাচলি আৰু জন্তু বা চৰাইৰ মাংস পৰিৱেশনে তেওঁলোকৰ পৰিপুষ্টিক এক বিশেষ মাত্ৰা প্ৰদান কৰে।
যিকোনো প্ৰকাৰৰ শাৰীৰিক পৰিশ্ৰম আমাৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। উল্লেখ্য যে চীনৰ প্ৰধান নগৰসমূহত মটৰ পৰিবহণৰ বাবে থকা পথৰ দুয়োকাষে সুকীয়াকৈ পথচাৰী আৰু চাইকেল আৰোহীৰ বাবে দুটাকৈ পথ আছে।
গতিকে তেওঁলোকৰ এক বুজনসংখ্যক লোকে নিৰ্ভয়ে খোজকাঢ়ি বা চাইকেল চলাই বিদ্যালয়-মহাবিদ্যালয় বা কাৰ্যালয়লৈ যাবলৈ সুবিধা পায়। তদুপৰি চাইকেল কিনিব নালাগে। সমূহীয়াকৈ পোৱা যায়। নিয়মিত খোজকঢ়া বা চাইকেল চলোৱাৰ অভ্যাসে দেহৰ ওজন নিয়ন্ত্ৰণ কৰে আৰু মেদবহুলতা প্ৰতিৰোধ কৰে।
লেখক: ড° এ কে জিয়াউদ্দিন আহমেদ(নিয়মীয়া বাৰ্তা)
শেহতীয়া উন্নীতকৰণ: : 3/18/2020