অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তৈল উদ্যোগৰ পৰা হ’ব পৰা প্ৰদূষণ :

তৈল উদ্যোগৰ পৰা হ’ব পৰা প্ৰদূষণ :

 

তেলৰ পৰা উৎপাদিত দ্ৰব্যৰ ব্যৱহাৰ দিনক দিনে বৃদ্ধি পাইছে। ফলত তেল আহৰণৰ বাবে খনন কাৰ্য্য ক্ৰমাৎ বৃদ্ধি পোৱাৰ উপৰিও উৎপাদিত তেল শোধন কৰাৰ বাবে নতুন শোধনাগাৰৰ প্ৰয়োজন হৈছে। খননকাৰ্য্যৰে পৰা আৰম্ভ কৰি উৎপাদন, পৰিবহণ আৰু শোধন- সকলো পৰ্য্যায়তে পৰিৱেশ প্ৰদূষণৰ আশংকা থাকে।

খননত ব্যৱহৃত বোকাত অভ্ৰ মিশ্ৰিত বেন্ট’নাইট ক্লে, ক’ষ্টিক ছ’ডা, কাৰ্বক্সিমিঠাইল ছেলুল’জ, লিগন’ছালফেট ইত্যাদি ৰাসায়নিক দ্ৰব্যবোৰ থাকে। যদি প্ৰয়োজনীয় সাৱধানতা লোৱা নাযায় তেন্তে এই বোকা আৰু খননত ব্যৱহৃত তেলজাতীয় দ্ৰব্যবোৰ(যেনে- গ্ৰীজ,ব ডিজেল, মবিল আদি) দাঁতি-কাষৰীয়া মাটি-পানী দুয়োটাৰে অনিষ্ট কৰিব পাৰে। ফলত বৰষুণ হ’লে গুৰুতৰ সমস্যাৰ সৃষ্টি হয়। প্ৰতিকাৰ হিচাপে নিঃসৃত পদাৰ্থ কাষৰ পথাৰলৈ নিজৰি যোৱাটো বন্ধ কৰা প্ৰয়োজন। খনন কাৰ্য্যৰ পৰা ওলোৱা সকলোবোৰ বোকা গোটাই কেৱল পনীয়া নিঃসৃতখিনি বেলেগ গাঁতত পৰিবলৈ দিয়া হয়।

উৎপাদন চলি থকা সময়ত পাইপ লাইন ফাটি বা ফুটি তেল নিগৰি শস্যপথাৰৰ অনিষ্ট কৰাৰ উপৰিও জীৱজন্তুৰো বিপদ মাতি আনিব পাৰে। তেজৰ লগত অহা পানীখিনি নদী বা জানত এৰি দিলে ভয়ানক প্ৰদূষণৰ সৃষ্টি হয়। নিঃসৃত পদাৰ্থৰ পৰা তেল পৃথক কৰিবৰ বাবে নিঃসৃত বিশুদ্ধীকৰণ গোট স্থাপন কৰা হয়। আন আন কৌশল প্ৰয়োগ কৰিও নিঃসৃত পানীত তেলৰ পৰিমাণ ন্যূনতম সীমাৰ ভিতৰত ৰখা হয়।

তেলৰ লগত উৎপাদিত গেছৰ সম্পূৰ্ণ ব্যৱহাৰ নহয়। সেয়ে অতিৰিক্ত গেছ জ্বলাই দিয়া হয়। উত্তপ্ত গেছৰ শিখাই কাষৰ উদ্ভিদ জগতৰ ক্ষতি সাধন কৰে। প্ৰথম আৰু গুৰুত্বপূৰ্ণ প্ৰতিৰোধ ব্যৱস্থা হ’ল যিমান পাৰি সিমান গেছৰ ব্যৱহাৰ কৰিব লাগে যাতে গেছ জ্বলোৱা কমাব পাৰি। ওচৰে পাজৰে থকা শস্য পথাৰত তাপ আৰু পোহৰৰ প্ৰভাৱ কমাবৰ বাবে এছবেষ্টছৰদ্বাৰা জুইকুৰা বেৰি ৰখা হয়। ধান খেতিৰ সময়ত গেছ ঠাণ্ডা কৰি জ্বলোৱা হয় যাতে ধান জাতীয় শস্যৰ অনিষ্ট নহয়।

শোধনাগাৰৰ পৰা নিৰ্গত পানী, পেলনীয়া গোটা বস্তু আদিয়ে ভয়ানক প্ৰদূষণৰ সৃষ্টি কৰে। ইয়াৰ বাবে শোধনাগাৰৰ পৰা নিৰ্গত দ্ৰব্যবোৰৰ বিশুদ্ধীকৰণ কৰা হয় আৰু প্ৰয়োজন অনুসৰি উপযুক্ত ৰাসায়নিক দ্ৰব্য মিহলাই নিষ্ক্ৰিয় কৰা হয়। কেন্দ্ৰীয় প্ৰদূষণ নিয়নলত্ৰণ ব’ৰ্ডে শোধনাগাৰৰ নিৰ্গত দ্ৰব্য কেনে হোৱা উচিত তাক স্থিৰ কৰি দিছে। বেছি গন্ধকযুক্ত তেল শোধন কৰোঁতে বায়ুৰ প্ৰদূষণ হয়। শোধনাগাৰৰ ভিতৰৰ বায়ু দূষিত নহ’বৰ বাবে ব’ৰ্ডে ইয়াৰ মান স্থিৰ কৰি দিছে। শোধনাগাৰৰ পৰা নিৰ্গত আন এটা প্ৰদূষক হ’ল লেতেৰা গেদ। ইতাক ডাঠ কৰাৰ উপৰিও শুকুৱাই ৰাখি প্ৰদূষণ ৰোধ কৰিব পাৰি।

এই সকলো ব্যৱস্থাৰ উপৰিও ‘বৃক্ষ ৰোপণ’ আন এটা গুৰুত্বপূৰ্ণ কাম। ইয়াৰ দ্বাৰা পৰিৱেশ নিৰ্মল কৰি ৰাখিব পাৰি। সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল পৰিৱেশ সচেতনতা। খনন থলীৰ পৰা আৰম্ভ কৰি শোধনাগাৰলৈ সকলোৰে পৰিৱেশ সুন্দৰকৈ ৰখা প্ৰয়োজন।

সমূদ্ৰ পথত টেংকাৰেৰে তেল পৰিবহণ কৰোঁতে জাহাজৰ দুৰ্ঘটনা ঘটি তেল সমুদ্ৰত বিয়পি পৰিব পাৰে। ই সাগৰত থকা জীৱ-জন্তুৰ জীৱনলৈ বিভীষিকা মাতি আনে। এনে ধৰণৰ বহু দুৰ্ঘটনাই পৃথিৱী কঁপাই গৈছে। সাগৰৰ তলিয়েদি যোৱা পাইপ লাইন। ফুটিও এনে ধৰণৰ দুৰ্ঘটনা ঘটাব পাৰে। ইয়াৰ উপৰিও সাগৰীয় অঞ্চলত খনন বা উৎপাদনৰ সময়তো প্ৰদূষণ হ’ব পাৰে। এনে ধৰণৰ সমস্যাৰ বাবে সাৱধানতা লোৱাটো অতি জৰুৰী। উপকূলীয় অঞ্চলত প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবৰ বাবে বহুতো প্ৰতিৰোধ ব্যৱস্থা লোৱা হয়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 2/14/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate