মূল পৃষ্ঠা / স্বাস্থ্য / অনাময় আৰু স্বাস্থ্যবিধি / প্ৰতিৰোধ ক্ষমতা বা ইমিউনিটি –
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰতিৰোধ ক্ষমতা বা ইমিউনিটি –

প্ৰতিৰোধ ক্ষমতা বা ইমিউনিটিৰ বিষয়ে লিখা হৈছে ।

 

যোগ্য ভোগ্য বসুন্ধৰা বুলি পুৰণি কথা এষাৰ আছে৷ জীৱন ধাৰণৰ বাবে প্ৰতিটো জীৱই এক সংগ্ৰাম চলায়৷ এই সংগ্ৰাম কেৱল প্ৰতিকুল পৰিবেশৰ লগতেই নহয় আন প্ৰজাতিৰ জীৱৰ লগতে স্বপ্ৰজাতিৰ জীৱৰ লগতো এই সংগ্ৰাম অব্যাহত হৈ থাকে৷

এই সংগ্ৰামৰ ফলতেই একো একোটা প্ৰজাতি কেতিয়াবা নিঃচিহ্ন হৈ যায় বা একো একোটা প্ৰজাতিয়ে কেতবোৰ বিশেষ গুণ বা বৈশিষ্ট্য লাভ কৰে ফলত জীৱৰ বিৱৰ্তন হয়… এইটোৱেই ডাৰউইনৰ বিৱৰ্তনৰ তত্ত্ব৷ যদিও পিছত ডাৰউইনে তীব্ৰ প্ৰত্যাহ্বান পাইছিল সংগ্ৰাম যে জীৱনৰ এটা অংশ সেইটো সকলোৱে স্বীকাৰ কৰি লৈছে৷

এই সংগ্ৰামৰেই এটা অংশ হ’ল প্ৰতিৰক্ষা বা প্ৰতিৰোধ৷ নিজক বচাই ৰখাৰ বাবে থকা জীৱদেহৰ প্ৰতিৰোধ ক্ষমতাকেই ইমিউনিটি বুলি কয়৷ আহক এতিয়া ইমিউনিটি বা প্ৰতিৰোধ ক্ষমতাৰ গভীৰতালৈ যোৱাৰ আগতে আমাৰ শত্ৰু সকলৰ বিষয়ে কিছু জানি লওঁ৷

চকুৰে দেখা পোৱা ভিন্ন প্ৰজাতিৰ প্ৰাণী যেনে সাপ এডাল, বা জোক এডাল বা খেদি অহা জন্তু এটাৰ বিৰুদ্ধে আমি তৎক্ষণাত ব্যৱস্থা লব পাৰোঁ একো নাপালে পলায়ন কৰিব পাৰো অন্ততঃ৷ কিন্তু চকুৰে মনিব নোৱাৰা জীৱৰ বিৰুদ্ধে আমি কি কৰিব পাৰো? বা আমাৰ দেহত কেনেকুৱা ধৰণৰ ব্যৱস্থা আছে৷ আজি সেইটোৱেই বুজিব চেষ্টা কৰিম৷

১৬৭৬ চনত লিউৱেনহুক নামৰ এজন বিজ্ঞানীয়ে এখন আতচী কাঁচ (lens) যুক্ত এটা অনুবীক্ষণ-যন্ত্ৰ উলিয়াইছিল৷ সেই যন্ত্ৰটোৰে চাব পোৱা সকলো বস্তুৰ বিবৰণ তেতিয়াৰ ৰ’য়েল ছচাইটি অব লণ্ডনলৈ পত্ৰ যোগে প্ৰেৰণ কৰিছিল৷ তেওঁ বেক্টেৰিয়া কেৱল মাত্ৰ সামান্য ভাবেহে দেখা পাইছিল যাক তেওঁ “ক্ষুদ্ৰ প্ৰাণী”(animalclue বা little animal) বুলি অভিহিত কৰিছিল৷ প্ৰায় এক ডেৰশ বছৰ পাছত খ্ৰীষ্টিয়ান গ’টফ্ৰেইড এৰেনবাৰ্গে (Christian Gottfried Ehrenburg) ১৮২৬ চনত সত্যতা নিৰূপণ কৰি “বেক্টেৰিয়া” বুলি নামাকৰণ কৰে৷

বেক্টেৰিয়াৰ প্ৰচাৰ বহুত চলিল৷ সকলো বেমাৰৰে য’ত কূটৰ ঘাই বুলি বেক্টেৰিয়াক দোষ জাপি দিয়া হ’ল৷ লুই পেষ্ট্যুৰে(Luis Pasteur) দেখুৱালে এই বেক্টেৰিয়াৰ বাবেই খাদ্য সামগ্ৰী পচি যায়৷ ৰবাৰ্ট ক’ক্সএ(Robert Koch) প্ৰতিটো বেমাৰৰ কাৰণ বেক্টেৰিয়া বুলি কৈ বিখ্যাত “Germ Theory” অনুসিদ্ধান্ত উপস্থাপন কৰি ১৯০৫ চনত নোবেল পালে৷ এইখিনি সময়তেই ১৮৯২ চনত মিট্ৰি ইভানভক্সি(Dmitry Ivanovsky) নামৰ ৰাছিয়াৰ বিজ্ঞানী এজনে এটা অতি সাধাৰণ পৰীক্ষা কৰিলে৷ ধপাতৰ ৰঙচুৱা বেমাৰে ধৰা পাত এটা পানীত টিয়াই মোহাৰি সেই পানী চেম্বাৰলেন ফিল্টাৰেৰে ফিল্টাৰ কৰি সেই ফিল্টাৰ হোৱা পানী আন এটা ৰোগমুক্ত ধঁপাতৰ পাতত লগাই দিলে৷ দেখিলে যে ৰোগমুক্ত পাততো ৰোগ বিয়পি গৈছে৷

চেম্বাৰলেন ফিল্টাৰেৰে ফিল্টাৰ কৰাৰ পাছত তাত বেক্টেৰিয়া থকা অসম্ভৱ গতিকে বেক্টেৰিয়াতকৈ সৰু কিবা জীৱ আছে যিবোৰেও সমানে ৰোগ বিয়পাই৷ সেই বেক্টেৰিয়াতকৈও ক্ষুদ্ৰ জীৱকেই ভাইৰাছৰ বুলি কয়৷ এনেদৰে ভাইৰাছৰ আবিস্কাৰ হৈ গল৷ আৰু আমাৰো চকুৰে মনিব নোৱাৰা শত্ৰু এই দুটাই৷

আমাৰ দেহটোৱেনো কেনেকৈ এই চকুৰে মণিব নোৱাৰা ক্ষুদ্ৰ ক্ষুদ্ৰ অণুজীৱৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে তাক জানিবলৈ অলপ দেহতত্ত্বৰ(physiology)বিষয়ে জনাটো দৰকাৰ৷

আমাৰ দেহটো অসংখ্য কোষেৰে গঠিত৷ কোষবোৰ হ’ল দেহৰ ক্ষুদ্ৰতম, প্ৰায় সম্পূৰ্ণ স্বাধীন কাৰ্য্যক্ষম গোট (smallest functional unit). কিন্তু দেহৰ সকলোবোৰ কোষ গঠনৰ ফালৰ পৰা মোটামুটি একে হলেওঁ হুবহু একে নহয়৷ এই কোষবোৰ জীৱদেহৰ কেতবোৰ বিশেষ কাম কৰাৰ বাবে বিশেষ ভাবে ৰূপান্তৰিত হৈ পৰে৷ (উদাহৰণ স্বৰূপে স্নায়ু কোষ, পেশী কোষ ইত্যাদি)৷

একে একে কাম কৰা এই বিশেষ ভাৱে কাৰ্য্যক্ষম কোষবোৰ সদয়ে শৰীৰত একগোট হৈ থাকে যাক আমি “অংগ” বুলি কওঁ৷ উদাহৰণ স্বৰূপে দেহত পানী আৰু আয়নৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব পৰা কোষ সমূহ লগ হৈ বৃক্কৰ সৃষ্টি কৰে৷ সংকেত বা উত্তেজনা পৰিবহণ কৰিব পৰা কোষ সমূহ লগ হৈ স্নায়ুৰ সৃষ্টি কৰে বা হজম হোৱা পুষ্টিকৰ উপাদানসমূহৰ বিপাকীয় প্ৰক্ৰিয়াবোৰ পৰিচালনা কৰাৰ বাবে তেনেকুৱা ক্ষমতাসম্পন্ন কোষবোৰ লগ হৈ যকৃৎ বা লিভাৰ সৃষ্টি কৰে ইত্যাদি৷

এতিয়া কথাখিনি আৰু বহল ভিত্তিত চিন্তা কৰিলে গম পোৱা যায় যে এটা অংগই সকলো কাম অকলে কৰিব নোৱাৰে৷ গতিকে কামৰ সাদৃশ্য থকা দুই বা তাতোধিক অংগ এটা কাম সম্পূৰ্ণ ভাবে কৰিবলৈ সুসংগঠিত হয় তাকেই “অংগতন্ত্ৰ”বুলি কোৱা হয় (ইংৰাজীত system বুলি কয়)৷ আমাৰ বিশেষজ্ঞ ডাক্তৰবোৰো বেছি ভাগেই এটা এটা অংগতন্ত্ৰ বা চিষ্টেমৰ ওপৰত অধ্যয়ন কৰি তাৰ সমস্ত ৰোগৰ চিকিৎসা কৰা দেখা যায় যেনে নিউৰোল’জিষ্ট, ইউৰো বা নেফ্ৰোল’জিষ্ট, গেষ্ট্ৰোএণ্টাৰোল’জিষ্ট ইত্যাদি৷

যদিও আমি চকুৰে দেখা নাপাও আচলতে আমাৰ দেহটো বেক্টেৰিয়া বীজাণু, ভাইৰাছৰ মাজত ডুব গৈ আছে৷ দেহৰ পৃষ্ঠৰ এনে এটা অংশ নাই য’ত বেক্টেৰিয়া নাই৷ নাকৰ বিন্ধা, মুখ মণ্ডল, ডিঙি, বুকু, পিঠি, হাত, ভৰি সকলোতে বেক্টেৰিয়াৰে ভৰি আছে৷

চাব গ’লে আমি অনবৰতে বেক্টেৰিয়াৰ বা আন অণুজীৱৰ লগত যুদ্ধ কৰি জীয়াই আছোঁ৷ যি মুহূৰ্ততে আমি পৰাজয় বৰণ কৰিছোঁ তেতিয়াই আমাৰ সংক্ৰমণ হৈ জ্বৰত পৰিছোঁ৷

কিন্তু সকলোবোৰ বেক্টেৰিয়া আমাৰ শত্ৰু নহয় বেছিভাগেই আমাৰ লগত এক সহজীৱি(symbiotic) হিচাপে বাস কৰে৷ কিছুমানে সুবিধাবাদী হিচাপে (যেতিয়াই সুবিধা পায় আমাক আক্ৰমণ কৰে)দেহৰ এই প্ৰতিৰক্ষা বা ইমিউনিটি হ’ল এটা বিশেষ অংগতন্ত্ৰ য’ত সংঘবদ্ধ ভাবে কাম কৰা অংগ বোৰ হ’ল ক্ৰমে ছাল আৰু মুখ/দেহগহ্বৰৰ আবৰণী, শ্বেত ৰক্ত কণিকা, প্ৰতিদেহ (antibody)৷ দেহৰ ছালখনে দেহটোক যিমান সুৰক্ষা প্ৰদান কৰে তেনে সুৰক্ষা হয়টো আন কোনোৱেই কৰিব নোৱাৰে৷

ছালখনে বা দেহগহ্বৰৰ বা মুখ গহ্বৰৰ আৱৰণী খনে সমস্ত শৰীৰটোক বাহিৰৰ পৰিবেশৰ পৰা সুৰক্ষা দিয়াৰ উপৰিও ক্ষুদ্ৰ জীৱণৰ, কীট পতংগ আদি সকলোৰে পৰা বচাই ৰাখে৷ ইয়াৰ উপৰিও ছাল খনৰ পৰা নিঃসৰিত কেতবোৰ পদাৰ্থ আৰু ঘৰ্মগ্ৰন্থিৰ পৰা ওলোৱা নিমখীয়া পদাৰ্থই সহজে বেক্টেৰিয়াৰ বংশবৃদ্ধি হব নিদিয়ে৷

তেনেকৈ মুখ গহ্বৰৰ পৰা নিঃসৰিত লেলাৱতী আৰু চকুপানী আদিত থকা বিভিন্ন আয়ন আৰু কিছুমান ৰূপান্তৰিত শ্বেত ৰক্ত কণিকাই বীজাণু নিয়ন্ত্ৰণ কৰে৷ ছালৰ ঠিক তলতেই মেক্ৰফেজ আৰু ডেনড্ৰাইটিক কোষ নামৰ আন দুবিধ ৰুপান্তৰিত শ্বেত কণিকা থাকে৷

এই মেক্ৰফেজ আৰু ডেনড্ৰাইটিক কোষবোৰে চিপাহীৰ দৰে বিচৰণ কৰি ফুৰে৷ বেক্টেৰিয়া যদি সোমাই তেন্তে তৎক্ষণাত আগুৰি ধৰি ভক্ষণ কৰি পেলায়৷

বেক্টেৰিয়া নিধন হোৱাৰ পাছত বেক্টেৰিয়াৰ মৃত কোষ বোৰ লসিকা তন্ত্ৰৰে কঢ়িয়াই নি লিম্ফ নোদত যোগান ধৰে৷

লসিকা তন্ত্ৰ (Lymphatic system) হ’ল সিৰাই আৰু ধমনীৰ দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ নলিকাৰ সমষ্টি যিয়ে শৰীৰত তেজৰ সৰু সৰু ৰক্তকৈশিক জালিকাৰ(capillary) পৰা ওলাই যোৱা পনীয়া অংশ পুনৰ হৃদযন্ত্ৰলৈ কঢ়িয়াই আনে৷ এই লসিকা তন্ত্ৰৰে কিছুমান সংযোগ স্থল (junction) বোৰ ৰূপান্তৰিত হয় যাক আমি লিম্ফ নোদ্ (Lymph node) বুলি কওঁ৷

এই লসিকা তন্ত্ৰত অসংখ্য শ্বেত ৰক্তকণিকা থাকে যাক আমি লিম্ফোচাইট্ (Lymphocytes) বুলি কওঁ৷ মনকৰিবলগীয়া যে এই লিম্ফোচাইট্ ৰ শ্ৰীবৃদ্ধি এই লসিকা তন্ত্ৰতে হয় কিন্তু সৃষ্টি অস্থিৰ মজ্জাত হয়৷ এই লিম্ফোচাইট্ বোৰেই দেহৰ প্ৰতিৰোধৰ মুখ্য সঁজুলি৷

লিম্ফোচাইট্ বোৰ T-হেল্পাৰ চেল, T-চাইট’টক্সিক চেল, T-নেচাৰেল কিলাৰ চেল, গামা ডেল্টা T-চেল, আৰু B চেল৷ ইয়াৰ ভিতৰত T-হেল্পাৰ চেল বোৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ এই হেল্পাৰ চেল বোৰে গোটেই প্ৰতিৰোধ ব্যবস্থাটো বিভিন্ন ধৰণে নিয়ন্ত্ৰণ কৰে৷ HIV ভাইৰাছে আচলতে এই হেল্পাৰ T চেল বোৰ আক্ৰমণ কৰি দেহৰ গোটেই প্ৰতিৰোধ ক্ষমতা কমাই দিয়ে৷

আগত কৈ অহা সেই মেক্ৰফেজ আৰু ডেনড্ৰাইটিক কোষবোৰে বেক্টেৰিয়া আৰু ভাইৰাছৰ বীজাণু ভক্ষণ কৰি নিজকে এই লসিকা তন্ত্ৰত এৰি দিয়ে৷ মৃত বা জীৱিত বেক্টেৰিয়া আৰু ভাইৰাছ সহ মেক্ৰফেজ /ডেনড্ৰাইট্ কোষ সমূহ লসিকা তন্ত্ৰত সোমোৱাৰ লগে লগে লিম্ফোচাইট্ সমূহে আগুৰি ধৰি জীয়াই থকা বেক্টেৰিয়া আৰু ভাইৰাছবোৰ মাৰি পেলাই ইয়াত প্ৰধানতঃ চাইট’টক্সিক T-চেল আৰু কিলাৰ T-চেল বোৰে বিভিন্ন বিষাক্ত জৈব যৌগ নিঃসৰিত কৰি বেক্টেৰিয়া আৰু ভইৰাচ সমূহ মাৰি পেলায়৷ এই গোটেই পৰিঘটনা খিনি এক জ্যটিল প্ৰক্ৰিয়াৰে সমাধান হয়৷

বেক্টেৰিয়া আৰু ভাইৰাছৰ প্ৰ’টিন অনু চিনাক্তকৰণৰ প্ৰক্ৰিয়া অত্যন্ত জ্যটিল যদিও প্ৰকৃত চিনাক্তকৰণ এই লসিকা তন্ত্ৰতেই হয়৷

যদি সামান্যতমো যদি খেলিমেলি হয় তেন্তে Autoimmune (স্বপ্ৰতিৰোধ) বুলি আন এটা উপসৰ্গই দেখা দিয়ে৷ মৃত বেক্টেৰিয়া আৰু ভাইৰাছৰ দৈহিক প্ৰ’টিন সমূহ পৰাই প্ৰতিদেহ বা antibody সৃষ্টি কাম আৰম্ভ হয়৷

আগত উল্লেখ কৰা B-লিম্ফচাইট্ বোৰ যেতিয়া মৃত বেক্টেৰিয়া বা ভাইৰাছৰ প্ৰ’টিন অণুৰ সংস্পৰ্শলৈ আহে তেতিয়া এই B- লিম্ফোচাইট্ বোৰ বিশেষ ভাবে ৰূপান্তৰিত হৈ পৰে যাক প্লাজমা চেল বোলে৷ এই প্লাজমা কোষ বোৰত ভাইৰেল প্ৰ’টিন বা বেক্টেৰিয়া প্ৰ’টিন অণুবোৰ বিশ্লেষণ হয় আৰু তাৰ বিৰুদ্ধে এক বেলেগ ধৰণৰ প্ৰ’টিন উৎপন্ন কৰে৷

এই বিশেষ প্ৰ’টিন বোৰেই হ’ল প্ৰতিদেহ বা antibody৷ মনকৰিবলগীয়া যে কিছুমান B-লিম্ফোচাইটে বেক্টেৰিয়া বা ভাইৰাছৰ প্ৰ’টিনৰ গঠন মনত ৰাখিব পাৰে যাক মেম’ৰি (memory) কোষ বোলে যাতে দ্বিতীয় বাৰ সেই বেক্টেৰিয়া বা ভাইৰাছৰ আক্ৰমণ হলে তৎক্ষণাত প্ৰত্যুত্তৰ দিব পাৰে৷

এই প্ৰতিদেহ (antibody) বোৰ “Y” আকৃতিৰ প্ৰ’টিন অণু, তেজ বা দেহপ্ৰৰসৰ (body fluid) ৰ লগত মিহলি হৈ থাকে৷ যেতিয়াই ভাইৰাছৰ বা বেক্টেৰিয়া প্ৰ’টিনৰ সংস্পৰ্শলৈ আহে তেতিয়া আঠাৰ দৰে লাগি ধৰে ফলত ইটোৰ পিছত সিটোকৈ অনুজীৱ বোৰ লগ লাগি বেক্টেৰিয়া বা ভাইৰাছৰ আৰু প্ৰতিজৈবিকৰ একোটা প্ৰকাণ্ড লাড়ুত পৰিণত হয় ইয়াক ইমিউন কমপ্লেক্স (immune complex) বুলি কয়৷

পিছত এই ইমিউন কমপ্লেক্স বোৰ অতি সহজেই আন শ্বেত ৰক্ত কণিকাই ধ্বংস কৰি পেলায়৷
জন্মৰ সময়ত মানুহৰ দেহত থকা শ্বেত ৰক্ত কণিকাৰ কেৱল ভক্ষণ ক্ষমতাহে থাকে৷

লাহে লাহে সৰু সুৰা সংক্ৰমণৰ ফলত প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠে৷ নাইবা টীকাকৰণৰ জৰিয়তে বেক্টেৰিয়া বা ভাইৰাছৰ লগত চিনাকি কৰি দিয়া যায়৷ ইয়াৰ উপৰিও৷

সহজীৱি হিচাপে বাস কৰা বেক্টেৰিয়াই কিছুমান পদাৰ্থৰ সৃষ্টি কৰে (antibiotics) যিয়ে আন ৰোগ সৃষ্টি কৰা বেক্টেৰিয়াৰ বংশবৃদ্ধি হব নিদিয়ে l

যেনেদৰে মানুহৰ বুদ্ধিমত্তাৰ ভিন্নতা থাকে তেনেদৰে প্ৰতিৰোধ ক্ষমতাও ভিন্ন হয়৷ যিদিনাই এই ক্ষমতা মানুহে সম্পূৰ্ণৰূপে নিজৰ নিয়ন্ত্ৰণত আনিব পাৰিব সেইদিনাই মানুহে ইচ্ছামৃত্যু শক্তি লাভ কৰিব৷ হয়টো সেইদিনাৰ পৰা প্ৰকৃতি নিয়ন্ত্ৰণ কৰিব পৰা হব৷

লেখক: ড° হিতেশ্বৰ শৰ্মা

 

3.22222222222
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top