মূল পৃষ্ঠা / স্বাস্থ্য / অনাময় আৰু স্বাস্থ্যবিধি / পৰিষ্কাৰ-পৰিচ্ছন্নতা, চিকিৎসা অৱশিষ্ট আৰু নিয়মবোৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পৰিষ্কাৰ-পৰিচ্ছন্নতা, চিকিৎসা অৱশিষ্ট আৰু নিয়মবোৰ :

পৰিষ্কাৰ-পৰিচ্ছন্নতা, চিকিৎসা অৱশিষ্ট আৰু নিয়মবোৰৰ বিষয়ে লিখা হৈছে ।

 

চৰকাৰী চিকিৎসালয়বিলাক অতি লেতেৰা বুলি আখ্যা দি বহু লোকেই নিজে যে পৰিষ্কাৰ তাৰ প্ৰমাণ দিব খোজে নেকি? কিন্তু নিজকে প্ৰশ্ন কৰা উচিত যে এজন সচেতন নাগৰিক হিচাপে নিজে ইয়াৰ বাবে কিবা কৰিছো জানো? চৰকাৰী চিকিৎসালয়ত ইমানবোৰ উচ্চপদস্থ বিষয়া নিয়োগ কৰি ৰখাৰ পিছতো কিয় এনেকুৱা অসহনীয় পৰিস্থিতিৰ সৃষ্টি হয়? অসমৰ প্ৰায়বোৰ চৰকাৰী চিকিৎসালয়ৰ একে দুৰ্দশা কিয়? কৰ্মচাৰীসকলে কাম নকৰে নেকি? ইত্যাদি প্ৰশ্ন সঘনাই মানুহৰ মনত উদয় হয়। দৰাচলতে পৰিষ্কাৰ পৰিৱেশ বেয়া পোৱা বা নোপোৱা সকলো লোকৰে চাফ-চিকুণতাত এটা নিৰ্দিষ্ট ভূমিকা থাকে।

বিশেষকৈ চিকিৎসালয়খন ৰোগী বা ৰোগীৰ অভিভাৱকেহে বেছিকৈ লেতেৰা কৰে। স্বাস্থ্যকৰ্মীসকলে এই লেতেৰা পৰিৱেশৰ দ্বাৰা ৰোগীতকৈও বেছিকৈ ভুগিবলগীয়া হয়। চাফ-চিকুণতাৰ প্ৰতি সজাগ হৈ নিৰোগী হৈ জীয়াই থকাটো সকলোৱে কামনা কৰে। চিকিৎসালয় এখনৰ বিছনা বা ৰূম এটা বহুসংখ্যক লোকে এনেদৰে ব্যৱহাৰ কৰে, যেন কালিলৈ আৰু কোনো লোকে এইবোৰ ব্যৱহাৰ নকৰিব।

তামোল খাই য’ত ত’তে পিক পেলোৱা, ৰোগীৰ খাদ্যৰ অৱশিষ্ট য’তে ত’তে পেলোৱা, শৌচাগাৰ আদিত ভালদৰে পানী ব্যৱহাৰ নকৰি লেতেৰা কৰি থৈ অহা ইত্যাদিৰ প্ৰতি লোকসকল নিজে সচেতন হ’লেহে চিকিৎসালয়খন অধিক চাফ-চিকুণ হৈ থাকিব। ইয়াৰ উপৰিও চিকিৎসা ব্যৱস্থাৰ ফলত ওলোৱা জৈৱ অৱশিষ্টবোৰ উপযুক্ত পদ্ধতিৰে লগে লগে নষ্ট নকৰাৰ ফলত ৰোগ বিয়পাৰ উপৰিও আন ধৰণে স্বাস্থ্য হানি কৰে। চিকিৎসাৰ ফলত ওলোৱা অৱশিষ্টৰ বিষয়ে চিকিৎসা কৰ্মীৰ লগতে জনসাধাৰণো অৱগত হোৱাটো নিজৰ সুৰক্ষাৰ কাৰণেই প্ৰয়োজনীয়।

জৈৱ অৱশিষ্ট আন ঘৰুৱা অৱশিষ্ট বা ঔদ্যোগিক অৱশিষ্টতকৈ বেলেগ। ইয়াৰ শ্ৰেণী বিভাজনো বেলেগ। চিকিৎসালয়, পৰীক্ষাগাৰ, চিকিৎসকৰ ক্লিনিক, ডেন্টিষ্টৰ ক্লিনিক, চিকিৎসা গৱেষণা পৰীক্ষাগাৰ, ভেটেৰিনেৰী চিকিৎসালয়, ঘৰুৱা স্বাস্থ্য যত্ন, নাৰ্ছিং হোম ইত্যাদিত ৰোগীক চিকিৎসা কৰোতে বা প্ৰতিষেধক দিওঁতে অথবা চিকিৎসা গৱেষণা কৰোতে উৎপন্ন হোৱা বিভিন্ন ধৰণৰ অৱশিষ্টবোৰ গোটা বা তৰল হ’ব পাৰে। এনেধৰণৰ জৈৱিক অৱশিষ্টবিলাক ৰোগ সংক্ৰামকো হ’ব পাৰে। আনকি পৰিৱেশৰ প্ৰতি বিপজ্জনকো হ’ব পাৰে।

চিকিৎসাক জৈৱ অৱশেষবোৰ হ’ল- চাৰ্জিকেল গ্লোভচ, ব্যৱহাৰ কৰা নিডল, চিৰিঞ্জ, স্কালপেল, লেনচেট, চেলাইন চেট, বিভিন্ন ধৰণৰ টিউব, ক্ষতিকাৰক ৰসায়ন, ম্যাদ উকলা দৰব, ড্ৰেছিং কৰা বেণ্ডেজ, ৰোগীৰ দেহৰ কটা-ছিঙা ছাল, মাংস বা টিছু, ৰোগীৰ থু-খেৰাক পেলোৱা বৰ্তন, ৰোগীৰ ব্যৱহৃদ লেতেৰা কাপোৰ ইত্যাদি। ইয়াৰ ভিতৰত ৭০ৰ পৰা ৯০ শতাংশ সাধাৰণ অৱশিষ্ট আৰু এইবিলাক ক্ষতিকাৰক নহয় যদিও দহৰ পৰা পোন্ধৰ শতাংশ অৱশিষ্ট জনসাধাৰণৰ যথেষ্ট ক্ষতিকাৰক হ’ব পাৰে। এই ধৰণৰ অৱশিষ্টবোৰ সঠিকভাৱে পৰিষ্কাৰ বা নষ্ট কৰি নেপেলোৱাৰ ফলত প্ৰথমে চফাই কৰ্মচাৰী, স্বাস্থ্যকৰ্মী তথা ৰোগী আৰু অভিভাৱকে বেছিকৈ ভুগিবলগীয়া হয়, তাৰ পিছতে সাধাৰণ মানুহে ভোগাৰ আশংকা থাকে।

‘হেলথ কেয়াৰ ৱেষ্ট মেনেজমেণ্ট গাইডলাইন’ৰ দ্বাৰা বিশ্ব স্বাস্থ্য সংস্থাই এই জৈৱ অৱশিষ্টবোৰক ৯টা ভাগত ভগাই প্ৰতিটোৰে বাবে সুকীয়াকৈ নিৰাপদে বীজাণুমুক্ত কৰাৰ দিহা আগবঢ়াইছিল।

স্বাস্থ্য প্ৰতিষ্ঠানৰ অৱশিষ্টৰ  ৯টা শ্ৰেণীবিভাজন হ’ল -

*সাধাৰণ অৱশিষ্ট:

যিবোৰ ক্ষতিকাৰক নহয়, যেনে- ৰান্ধনীশালৰ অৱশিষ্ট, কাগজ ইত্যাদি। এইবিলাক পুনঃ ব্যৱহাৰৰ বাবে পঠাব পাৰি।

*ৰোগজনিত অৱশিষ্ট বা পেথোল’জিকেল ৱেষ্ট:

মানৱ অংগ-প্ৰত্যংগ, টিছু, তেজ বা বড়ি ফ্লুইড ইত্যাদি।

*তীক্ষ্ণ অৱশিষ্ট:

যিবোৰ পেলনীয়া বস্তুৰ পৰা আনে আঘাত পাব পাৰে, যেনে- চিৰিঞ্জৰ নিডিল, চাৰজিকেল ব্লেড ইত্যাদি।

*সংক্ৰামক অৱশিষ্ট:

যিবোৰ অৱশিষ্টৰ দ্বাৰা ভাইৰাচ, বেক্টেৰিয়া, প্ৰোটোজোৱা আদি বিয়পাৰ সম্ভাৱনা থাকে। যেনে- লেব’ৰেটৰী কালচাৰ, ড্ৰেচিং কৰা সামগ্ৰী, স্বাব টিছু ইত্যাদি।

*ৰাসায়নিক অৱশিষ্ট:

লেব’ৰেটৰী ৰিয়েজেণ্ট, ডিছইনফেক্টেণ্ট ইত্যাদি।

*তেজষ্ক্ৰিয় অৱশিষ্ট:

লেব’ৰেটৰীত ব্যৱহৃত তেজষ্ক্ৰিয় পদাৰ্থৰ অৱশিষ্ট বা সংৰক্ষণ কৰা বটল ইত্যাদি।

*ফাৰ্মাচিউটেকেল অৱশিষ্ট:

ম্যাদ উকলা দৰব তথা ৰাসায়নিক পদাৰ্থবোৰ।

*উচ্চচাপ বিশিষ্ট সংৰক্ষকৰ অৱশিষ্ট:

গেছৰ চিলিণ্ডাৰ, অক্সিজেনৰ চিলিণ্ডাৰ ইত্যাদি।

*জেনোটক্সিক অৱশিষ্ট:

এইবোৰ অৱশিষ্টই মানৱ দেহৰ কোষৰ কাৰণে ক্ষতিকাৰক ৰসায়ন উৎপন্ন কৰিব পাৰে। যেনে- কেন্সাৰ ৰোগত ব্যৱহাৰ কৰা কিছুমান দৰব বা ৰসায়ন।

কিছুমান সংগঠনৰ মতে তীক্ষ্ণ অৱশিষ্ট আৰু পেথোলোজিকেল অৱশিষ্ট সংক্ৰামক অৱশিষ্টৰ ভিতৰতে অন্তৰ্ভুক্ত। গতিকে ইয়াৰ প্ৰতিকাৰ হিচাপে একে ব্যৱস্থাই গ্ৰহণ কৰিব লাগে। সমাজ আৰু চিকিৎসালয়খন পৰিষ্কাৰ, পৰিচ্ছন্ন আৰু ৰোগ সংক্ৰমণ ৰহিত কৰি ৰাখিবলৈ চৰকাৰে এই অৱশিষ্টবোৰ পুনঃ ব্যৱহাৰযোগ্য কৰাৰ বাবে অথবা সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ বহুতো নিয়ম নীতি প্ৰস্তুত কৰিছে। কিন্তু বিষয়জ্ঞান অথবা সজাগতাৰ অভাৱত বহু নিয়মেই কাগজত লিখিতৰূপে ৰৈ অথবা যিমানখিনি ব্যৱস্থাৰে আইন কানুনৰ আওঁতাৰ পৰা বাচি থাকিব পাৰি, সিমানখিনিহে কৰা দেখা পোৱা যায়।

কিন্তু প্ৰকৃততে পৰিৱেশ চিকুণ কৰি ৰখাটো, সুৰক্ষিত ৰখাটো প্ৰতিজন নাগৰিকৰে এক বিশেষ দায়িত্ব হোৱা উচিত। এই দায়িত্ব পালনৰ বাবে ইয়াৰ বিষয় জ্ঞানৰ প্ৰয়োজনীয়তা অস্বীকাৰ কৰিব নোৱাৰি।

ভাৰতবৰ্ষৰ চিকিৎসা অৱশিষ্ট নিষ্কাশনৰ নিয়ম কানুনসমূহ সাধাৰণতে পৰিৱেশ আৰু বন মন্ত্ৰালয়ে নিয়ন্ত্ৰণ কৰে। কিন্তু ইয়াত স্বাস্থ্য বিভাগৰো কৰ্তব্য আৰু অৱদান কোনো গুণে কম নহয়।

পৰিৱেশ আৰু বন মন্ত্ৰালয়ে চিকিৎসাৰ জৈৱ অৱশিষ্টৰ ব্যৱহাৰ আৰু নিষ্কাশনৰ বাবে ১৯৯৮ চনত আইনী নিয়ম আগবঢ়াইছিল। তাৰ পিছত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে ২০০০ চনত পৰিৱেশ আৰু বন মন্ত্ৰালয়ে পোন প্ৰথমবাৰৰ বাবে নিয়ন্ত্ৰনৰ নিয়ম(Municipal Solid Waste(Management & Handling)Rules, 2000) জাৰি কৰিছিল। এই দুয়োবিধ নিয়মৰ পৰস্পৰৰ মাজত সৃষ্টি হোৱা কিছুমান বেমেজালি আৰু ক্ৰুটিৰ সংশোধনৰ বাবে ২০১৫ চনত দুয়োখন নিয়মৰে সংশোধিত খচৰা প্ৰস্তুত কৰা হয় যদিও এইখন বৰ্তমানেও বিবেচনাধীন হৈ আছে। ২০১১ চনতো ইয়াৰ সংশোধনৰ চেষ্টা কৰা হৈছিল যদিও ভালদৰে সফল হোৱা দেখা নগ’ল।

এই আটাইবোৰ নিয়ম-বিনিময় ইত্যাদি বনোৱাৰ অন্তৰালত আছে ১৯৮৬ চনৰ পৰিৱেশ সুৰক্ষা অধিনিয়ম [Environment(Protection) Act, 1086] ৰ ধাৰা ৬, ৮, আৰু ২৫। ধাৰা ৬ৰ দ্বাৰা পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ নিয়ম কিছুমান কাৰ্যকৰী কৰা হৈছে। এই ধাৰাৰ ১ নং উপধাৰাৰ অধীনত, আইনখনৰ ধাৰা ৩ত উল্লিখিত পৰিৱেশ সুৰক্ষা সম্বন্ধীয় সকলো বিষয়ত নিয়ম-বিনিময় প্ৰস্তুত কৰিব পৰা যায়। ২নং উপধাৰাৰ অধীনত তলত উল্লেখ কৰা বিষয়বোৰৰ নিয়ম প্ৰস্তুতকৰণৰ ব্যৱস্থা আছে।

*বিভিন্ন ঠাই অনুযায়ী ব্যৱহাৰৰ বাবে অনুপযুক্ত পানী আৰু মাটিৰ গুণ মানৰ নিৰ্দিষ্টতা।

*বিভিন্ন পৰিৱেশ প্ৰদূষণৰ কাৰকবোৰৰ গাঢ়তাৰ সীমা নিৰ্ধাৰণ কৰা।

*বিপজ্জনক পদাৰ্থৰ ব্যৱহাৰৰ সুৰক্ষা আৰু পদ্ধতি বিষয়ক।

*বিভিন্ন ঠাইত বিপজ্জনক পদাৰ্থৰ ব্যৱহাৰৰ বা প্ৰতিৰোধৰ বিষয়ে।

*কিছুমান নিৰ্দিষ্ট স্থানত উদ্যোগ প্ৰতিষ্ঠা কৰোৱা সঞ্চালনৰ বাধা অথবা প্ৰতিৰোধৰ বিষয়ে।

*পৰিৱেশ প্ৰদূষণৰ দ্বাৰা হ’ব পৰা দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে সুৰক্ষা আৰু পদ্ধতিৰ বিষয়ে।

ধাৰা ৮ৰ অধীনত বিপজ্জনক পদাৰ্থৰ ব্যৱহাৰ আৰু পদ্ধতিগত সুৰক্ষা ব্যৱস্থা পালনৰ অবিহনে বিপজ্জনক পদাৰ্থ ব্যৱহাৰ কৰিব নোৱাৰে। ধাৰা ২৫ৰ দ্বাৰা বিষয়টোৰ চৰকাৰী আৰু প্ৰশাসনিক নিয়মবোৰ প্ৰস্তুতকৰণৰ ক্ষমতাৰ ব্যৱস্থা কৰা হৈছে। যিসকল ব্যক্তিয়ে জৈৱ অৱশিষ্ট উৎপন্ন কৰে, সংগ্ৰহ কৰে, গ্ৰহণ কৰে, ষ্টোৰ কৰে, পৰিবহন কৰে, পুনঃব্যৱহাৰৰ বাবে তৈয়াৰ কৰে, ধ্বংস কৰে অথবা ব্যৱহাৰ কৰে, তেওঁলোকৰ বাবে এই ১৯৯৮ চনত পৰিৱেশ আৰু বন মন্ত্ৰালয়ে প্ৰস্তুত কৰা নিয়মাৱলী প্ৰযোজ্য হয়। আনহাতে, নিয়মাৱলীখনৰ নিয়ম ২ অনুযায়ী এই নিয়মবোৰৰ কিছুমান আইন প্ৰয়োগ হোৱা ক্ষেত্ৰত প্ৰযোজ্য নহয়। উদাহৰণ স্বৰূপে, আনৱিক শক্তি অধিনিয়ম, ১৯৬২ ৰ অন্তৰ্গত তেজষ্ক্ৰিয় অৱশিষ্টৰ ওপৰত এই নিয়ম প্ৰযোজ্য নহয়।

তাৰোপৰি বিপজ্জনক ৰসায়নৰ প্ৰস্তুতি, সংৰক্ষণ বা পৰিবহনৰ ক্ষেত্ৰত কেৱল পৰিৱেশ সুৰক্ষা অধিনিয়ম, ১৯৬৮ৰ অধীনত প্ৰস্তুত কৰা ১৯৮৯ চনৰ নিয়মবোৰহে প্ৰযোজ্য হয়। ২০০০ চনৰ পৌৰসভা গোটা অৱশিষ্টৰ সঞ্চালন আৰু নিয়ন্ত্ৰণ নিয়মৰ আওতাত উৎপন্ন হোৱা অৱশিষ্টবোৰৰ বাবে এই নিয়ম প্ৰযোজ্য নহয়।

লেড এচিড বেটাৰীবোৰৰ ক্ষেত্ৰতো ২০০১ চনৰ বেটাৰী সঞ্চালন আৰু নিয়ন্ত্ৰণ নিয়মহে প্ৰয়োগ হয়। Hazardous Wastes(Management, Handing and Trans boundary Movement) Rules, 2008 নিয়মৰ অধীনত বিবেচিত হোৱা বিষয়বোৰতো এই নিয়মৰ ব্যৱহাৰত বাধা আছে।

ই ৱেষ্ট(মেনেজমেন্ট আৰু হেলডলিং) নিয়ম, ২০১১ৰ দ্বাৰা অধিকৃত বিষয়বোৰতো এই নিয়ম প্ৰযোজ্য নহয়। একেদৰে বিপজ্জনক অনুজীৱ, জিনীয় প্ৰযুক্তিৰ দ্বাৰা উৎপন্ন হোৱা কোষ অথবা অনুজীৱৰ ক্ষেত্ৰতো এই নিয়মৰ পৰিৱৰ্তে ১৯৮৯ চনৰ জিনীয় প্ৰযুক্তিৰ অনুজীৱ অথবা কোষৰ নিয়মহে প্ৰয়োগ কৰা হয়ু।

১৯৯৮ চনৰ নিয়মাৱলীখনৰ দ্বাৰা চিকিৎসা অৱশিষ্টবোৰৰ পুনঃব্যৱহাৰ বা ধ্বংস কৰাট্যো স্বত্ত্বাধিকাৰী বা ঠিকাদাৰসকলৰ কৰ্তব্য, নিয়ন্ত্ৰণকাৰী বা পৰিচালনকাৰীসকলৰ কৰ্তব্য, নিৰ্দিষ্ট কৰ্তৃপক্ষৰ কৰ্তব্য, অৱশিষ্টবোৰৰ ট্ৰিটমেণ্ট আৰু ডিচপোজেল আদিৰ বিষয়ে নিয়মবোৰ নিৰ্দিষ্টভাৱে প্ৰস্তুত কৰা হৈছে।

ইয়াৰ উপৰিও নিয়মাৱলীখনত অৱশিষ্টবোৰৰ পৃথকীকৰণ, পেকেজিং, পৰিবহন আৰু সংগ্ৰহ তথা যথাবিহিত কৰ্তৃত্ব, অনুমোদনৰ পদ্ধতি, পৰামৰ্শদাতা কমিটি, আৰ্মডফোৰ্চেচ হেলথকেয়াৰ ফেচিলিটিৰ ক্ষেত্ৰত প্ৰযোজ্য নিয়মবোৰৰ কাৰ্যকৰীকৰণ, পৰ্যবেক্ষণ ইত্যাদিৰ বিষয়ে উল্লেখ আছে। অৱশিষ্টবোৰৰ বাৰ্ষিক ৰিপোৰ্ট, ৰেকৰ্ডৰ সঠিক ৰক্ষণাবেক্ষণ, দুৰ্ঘটনাৰ ৰিপোৰ্ট, আপিল, অৱশিষ্টবোৰৰ নিস্পত্তিৰ সুবিধা, স্বত্ত্বাধিকাৰীৰ বা ঠিকাদাৰৰ দায়বদ্ধতাৰ বিষয়েও নিয়মাৱলীখনত বিৱৰণ আছে।

১৮টা দফাৰে প্ৰস্তুত কৰা এই নিয়মাৱলীখন যথেষ্ট ফলপ্ৰসূ আছিল যদিও প্ৰকৃততে চিকিৎসাৰ জৈৱ অৱশিষ্টৰ লগত জড়িত বিশ্ব স্বাস্থ্য সংস্থাৰ নিয়ম আৰু দেশৰ বিভিন্ন স্থানীয় নিয়মবোৰক একলগ কৰি এখন কাৰ্যকৰী বিশেষ আইনৰ প্ৰয়োজন আছিল। এই প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি ২০১৫ চনত চিকিৎসাৰ জৈৱ অৱশিষত(নিয়ন্ত্ৰণ আৰু সঞ্চালন) নিয়মাৱলী প্ৰস্তুত কৰা হ’ল।

২০১৫ চনৰ নিয়মাৱলীখনৰ দ্বাৰা তৰল চিকিৎসা অৱশিষ্ট শোধন বা নিষ্কাশন ব্যৱস্থাৰ নিৰ্ধাৰণ, এক্স-ৰে’ ফিল্ম, হাইপোফিক্সাৰ আদিৰ নিৰ্দিষ্ট নিষ্কাশন পদ্ধতিৰ বিষয়ে ব্যাখ্যা দিয়া হৈছে। পলিভেনাইল ক্ল’ৰাইড বেগৰ পৰিৱৰ্তে অৱশিষ্ট সংগ্ৰহৰ বাবে বা অন্য দ্ৰব্য ব্যৱহাৰৰ বাবে নন ক্লৰিনেটেড বেগৰ ব্যৱহাৰ আৰু ইয়াৰ গলনাংক, ঘনত্ব ইত্যাদি নিৰ্দিষ্ট কৰা হয়।

যিবোৰ জনস্বাস্থ্যৰ বাবে অতিকে হানিকাৰক। আনকি টিভি চেনেল যোগেদি মানৱ অংগ কুকুৰে মুখত লৈ ঘূৰি ফুৰাৰ নিচিনা মাৰাত্মক দৃশ্যও পৰিলক্ষিত হয়। তেজষ্ক্ৰীয় অৱশিষ্টৰে দ্বাৰা হানি লোৱা লোকৰো বাতৰি মাজে সময়ে দেখা পোৱা যায়। এইবোৰৰ ঘটনাৰ পৰা বিৰত থাকিবলৈ অথবা নিজকে এনেধৰণৰ বিপজ্জনক প্ৰদূষণৰ পৰা বচাবলৈ বিষয়টোৰ প্ৰতি সজাগতা আৰু আইন-কানুনৰ নিৰ্দিষ্টতা খুবেই প্ৰয়োজন।

ইমানবোৰ নিয়মাৱতী তথা আইন-কানুন সৃষ্টি কৰাৰ পিছতো পৰিৱেশ প্ৰদূষণকাৰী এই জৈৱ চিকিৎসা অৱশিষ্টবোৰ বৰ্তমানেও জনস্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ হৈয়ে আছে। চিকিৎসালয়খন চাফ-চিকুণ ৰাখিবলৈ বা সমাজখনক সুৰক্ষিত কৰি ৰাখিবলৈ বিষয়টোৰ সজাগতাৰ প্ৰতি যথেষ্ট গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে, অন্যথা পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ কেতিয়াও সফল হ’ব নোৱাৰে।

লেখক: মুনিন হুজুৰী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top