মূল পৃষ্ঠা / স্বাস্থ্য / অনাময় আৰু স্বাস্থ্যবিধি / পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা

পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতাৰ বিষয়ে লিখা হৈছে ।

সচৰাচৰ দেখি থকা পঁইতাচোৰাৰ শ্বেতসাৰ আৰু প্ৰটিন জাতীয় আহাৰেই প্ৰথম পচন্দ যদিও মানুহৰ বাবে উপযোগী আন যিকোনো খাদ্যকেই ইহঁতে খাই ভাল পায়।

ইয়াৰ উপৰিও, পৰিস্থিতিসাপেক্ষে পঁইতাচোৰাই কাপোৰ, চাবোন, গ্ৰীজ, আঠা, দাঁত ঘঁহা মলম, পচিবলৈ ধৰা ধাতু আদিও খাদ্য হিচাবে গ্ৰহণ কৰিব পাৰে। খাদ্য সংকটৰ পৰিস্থিতি অধিক ভয়াবহ হ’লে ইহঁতে লাহে লাহে অন্য পঁইতাচোৰাৰ ঠেং, পাখি আদি দেহৰ অংগসমূহো খাবলৈ আৰম্ভ কৰে।

এটা প্ৰাপ্তবয়ষ্ক পঁইতাচোৰাই তিনিমাহ পৰ্যন্ত আহাৰ নোখো‌ৱাকৈয়ে (কে‌ৱল পানী খাই) জীয়াই থাকিব পাৰে বুলি কো‌ৱা হয়। বীয়েৰ জাতীয় সুৰাৰ প্ৰতি ইহঁতৰ আসক্তি অতি বেছি বুলি জনা যায়।

বীয়েৰৰ গোন্ধত সহজে সন্মোহিত হো‌ৱা বাবে পঁইতাচোৰা ধ্বংস কৰিবৰ উদ্দেশ্য আজিকালি বহুতো স্থানত বীয়েৰক টোপ হিচাবে ব্য‌ৱহাৰ কৰা হয়।

শেহতীয়া গ‌ৱেষণাৰ জৰিয়তে জানিব পৰা গৈছে যে পঁইতাচোৰাই অধিক মিঠা স্বাদৰ আহাৰ গ্ৰহণ নকৰে। পুৰণি কালত মিঠা আহাৰৰ লগত বিহ দি পঁইতাচোৰা হত্যা কৰাৰ যি পন্থা অ‌ৱলম্বণ কৰা হৈ‌ছিল, সেয়া এতিয়া অতীত হৈ আহিছে। বংশানুক্ৰমিক উৎপৰিবৰ্তনৰ বাবে গ্লুক’জ বা অন্য মিঠা স্বাদৰ আহাৰৰ প্ৰতি ইহঁতে লাহে লাহে বিতৃষ্ণা অনুভ‌ৱ কৰিবলৈ লৈছে।

উত্তৰ কেৰ’লাইনাৰ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ এদল গ‌ৱেষকে পঁইতাচোৰাৰ স্বাদ ইন্দ্ৰিয়ত সূক্ষ্ম বিদ্যুত বিশ্লেষক(tiny electrode) স্থাপন কৰি তাৰ জৰিয়তে পঁইতাচোৰাৰ মগজুলৈ পৰিবাহিত হো‌ৱা স্বাদ সংকেতসমূহ পৰীক্ষা কৰি চাইছিল।

দেখা গৈছিল যে মানুহৰ বাবে অতি মিঠা সো‌ৱাদযুক্ত আহাৰসমূহ পঁইতাচোৰাৰ স্বাদ ইন্দ্ৰিয়সমূহৰ সংস্পৰ্ষলৈ আহিলে ইন্দ্ৰিয়সমূহে ইহঁতৰ মগজুলৈ তিতা স্বাদৰ সংকেতহে প্ৰেৰণ কৰে আৰু তেনেকু‌ৱা তিক্ত আহাৰ গ্ৰহণ কৰাৰ পৰা ইহঁত বিৰত থাকে। ঘটনাটোক প্ৰাকৃতিক উৎপৰিবৰ্তন বুলি ভবা হৈছে যদিও ইয়াৰ সিদ্ধান্তৰ বিষয়ে অধিক অধ্যয়ণ চলি আছে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে পঁইতাচোৰাৰ স্বাদ গ্ৰহণৰ বাবে জিভা ব্যৱহাৰ নকৰে। ইহঁতৰ স্বাদ ইন্দ্ৰিয়সমূহ মূখৰ বাহিৰতেই অ‌ৱস্থিত। শ্বাস-প্ৰশ্বাসৰ বাবে ইহঁতে নাক ব্যৱহাৰ নকৰে, দেহৰ প্ৰান্তীয় অংশত থকা ৰন্ধ্ৰসমূহেদিয়েই ইহঁতৰ উশাহ-নিশাহ চলি থাকে।

পঁইতাচোৰাৰ মগজুটোও আচলতে ইহঁতৰ মূৰত নাথাকে। পঁইতাচোৰাৰ শৰীৰ বা মনক নিয়ন্ত্ৰণ কৰা অংগবিলাক তাৰ গোটেই দেহতে বিয়পি থাকে, সেয়ে দেহৰ পৰা মূৰ বিচ্চিন্ন কৰি দিয়াৰ পিছতো এটা পঁইতাচোৰা এসপ্তাহ পৰ্যন্ত জীয়াই থাকিব পাৰে।

এসপ্তাহৰ পিছত হয়তো মূৰবিহীন পঁইতাচোৰা এটাৰ মৃত্যু ঘটিব পাৰে, সেয়া কিন্তু আহাৰৰ অভা‌ৱত নহয়, মূৰৰ লগত শৰীৰৰ পৰা মূখখনো আতৰি অহাৰ ফলত ইহঁতে পানী খাব নো‌ৱাৰিহে ইমান সোনকালে মৃত্যুক সাবটি ল’ব লগা হয়।

মানুহে অপৰিষ্কাৰ বুলি গণ্য কৰিলেও পঁইতাচোৰাৰ হৃদয়খন কিন্তু অতিকে বিশাল। অবশ্যে এই বিশালতাৰ সংজ্ঞা ঠিক সাহিত্যৰ দ্বাৰা বুজাবলৈ গ’লে সিমান শুদ্ধ নহ’বও পাৰে। পঁইতাচোৰাৰ কলিজাখন আচলতে তেৰ কোঠলীয়া, পেশীবহুল আৰু এইখন ইয়াৰ পৃষ্ঠীয় অঞ্চলেদি ডিঙিৰ ঠিক তলৰ পৰা দেহৰ শেষ অংশলৈকে দীঘলীয়াকৈ বিয়পি থাকে।

ইহঁতৰ দেহৰ তেজ চলাচল কৰা ব্য‌ৱস্থাটোক মুক্ত ৰক্তসঞ্চালন ব্য‌ৱস্থা বুলি কো‌ৱা হয় আৰু ৰক্ত পৰিবহণৰ কাৰণে শিৰা বা ধমনীৰ দৰে কোনো কৈশিক নলীকা নাথাকে।

দেহৰ কাষত থকা ৰন্ধ্ৰবিলাকেদি তেজৰ লগত অক্সিজেন মিহলি হৈ হৃদয়ৰ প্ৰতিটো কোঠালিলৈ পোণে পোণে এনে অক্সিজেন মিহলি তেজ প্ৰ‌ৱেশ কৰিব পাৰে আৰু প্ৰতিটো কোঠালিয়েই দেহৰ বেলেগ বেলেগ অংশলৈ এনে তেজ পাম্প কৰিব পাৰে।

হৃদয়ৰ কোঠালিবিলাকত ভাল্ভৰ ব্য‌ৱস্থা থাকে যদিও কিবা কাৰণত এই কোঠালিবিলাকৰ কোনোবা দুই-এটাই কাম কৰিবলৈ বন্ধ কৰি দিলেও শৰীৰটোৰ কোনো অংগলৈকে তেজ চলাচল কৰাত বিশেষ অসুবিধা নহয়।

এইখিনিতে উল্লেখ কৰা ভাল যে, মানুহৰ হৃদয়ত মাত্ৰ চাৰিটা কোঠালিহে থাকে আৰু কিবা কাৰণত তাৰে মাত্ৰ কোনো এটা কোঠালি অসুস্থ হৈ পৰিলে মানুহজনৰ জী‌ৱনৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি হয়।

”অপৰিষ্কাৰ” পঁইতাচোৰাৰ হৃদয়ৰ এনে দক্ষতা দেখি বিজ্ঞানীসকলো অনুপ্ৰাণিত হৈছে। ভাৰতৰ পশ্চিমবঙ্গস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান(চমুকৈ আই আই টি)ত প্ৰফেছাৰ সঞ্জয় গুহৰ অধীনত দহজনীয়া এটা বিজ্ঞানীৰ দলে পঁইতাচোৰাৰ হৃদয়ৰ আৰ্হিত ধাতু আৰু প্লাষ্টিকেৰে হৃদযন্ত্ৰ নিৰ্মান কৰি ভেকুলীৰ দেহত প্ৰতিষ্ঠাপন কৰি সফলতা লাভ কৰিছে বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু ইয়াক পৰ্যায়ক্ৰমে উন্নত প্ৰাণীৰ দেহত পৰীক্ষা কৰি শেষত মানুহৰ বাবে উপযোগীকৈ নিৰ্মান কৰি উলিও‌ৱাৰ পৰিকল্পনা কৰি আছে।

এনে এটা বহুকোঠলীয়া হৃদযন্ত্ৰৰ দ্বাৰা প্ৰতিটো কোঠালিৰ পৰা কম কমকৈ চাপ সৃষ্টি কৰি দেহত ৰক্তসঞ্চালনৰ বাবে প্ৰয়োজনীয় চাপৰ জোৰা মাৰিব পৰা হ’ব আৰু তাৰে কোনো এটা কোঠালি কিবাকৈ বিকল হ’লেও ই অন্য ৰক্তপৰিবাহী অংগসমূহৰ ওপৰত বা ৰক্তকণাসমূহৰ ওপৰত বিৰূপ প্ৰভা‌ৱ নেপেলাব বুলি আশা কৰা হৈছে।

এই পৰ্যন্ত মানুহৰ দেহত কৃত্ৰিমভাবে সংস্থাপন কৰিব পৰা ব্য‌ৱসায়িকভাবে উপলব্ধ হৃদযন্ত্ৰবিলাকত ৰক্তচাপ সৃষ্টি কৰিবলৈ মাত্ৰ এটা কোঠালিহে পো‌ৱা যায় আৰু তেনে যন্ত্ৰৰ বিকলতা অতিকে বিপজ্জনক হয়।

ইয়াৰ তুলনাত পঁইতাচোৰাৰ অনুকৰণত হো‌ৱা সম্ভাব্য নতুন উদ্ভা‌ৱনটো বহুপৰিমাণে কম বিপদজনক আৰু ত্ৰিশগুণতকৈও বেছি সস্তাতে পো‌ৱা যাব বুলি ভবা হৈছে।

২০০৯ চনত বিজ্ঞানীৰ দলটো‌ৱে দিয়া এক বিবৃতিত এনে এটা কৃত্ৰিম হৃদযন্ত্ৰ মাত্ৰ একলাখমান টকাতেই উপলব্ধ কৰাব পৰা যাব বুলি ব্যক্ত কৰি‌ছিল।

“মোক এজন বগা মানুহ দিয়া যাৰ ৰক্ত বগা

মোক এজন ক’লা মানুহ দিয়া যাৰ ৰক্ত ক’লা

যদি দিব পাৰা, প্ৰতিদান যি বিচৰা

হওক অমূল্য পাব পাৰা….”

মানুহৰ চালৰ বৰণৰ ভিন্নতাৰ লগত তেজৰ বৰণ সলনি নহয়। বহুতে বগা ৰঙক পৰিষ্কাৰ বা ক’লা ৰঙক অপৰিষ্কাৰ অনুভ‌ৱৰ প্ৰতীক বুলি ভাবিলেও সুধাকণ্ঠই গীতৰ মাধ্যমেৰে যেন তাৰ অসাৰতাকেই স্পষ্টকৈ প্ৰকাশ কৰিছে।

আকৌ, মানুহে প্ৰথম দৃষ্টিতে পঁইতাচোৰাক অপৰিষ্কাৰ বুলি গণ্য কৰিলেও পঁইতাচোৰাৰ তেজৰ বৰণ কিন্তু ক’লা নহয়।

অবশ্যে, বগা বা ক’লা মানুহৰ তেজৰ দৰে পঁইতাচোৰাৰ তেজ ৰঙাও নহয় যদিও কিন্তু, বগা-ক’লাৰ দৃষ্টিৰে চাবলৈ গ’লে পঁইতাচোৰাৰ তেজ মানুহতকৈ পৰিষ্কাৰেই বুলিব পাৰি।

পঁইতাচোৰাৰ তেজৰ ৰং সাধাৰণতে পাতল বগা, পাতল সেউজীয়া বা পাতল সুমথিৰা ধৰণৰ হয়। মানুহৰ তেজত অক্সিজেন পৰিবহণৰ কাৰণে থকাৰ দৰে পঁইতাচোৰাৰ তেজত হিম’গ্ল’বিন নাথাকে আৰু সেই কাৰণেই পঁইতাচোৰাৰ তেজ ৰঙা নহয়।

পঁইতাচোৰাৰ তেজক হিম’লিম্ফ (hemolymph বা haemolymph) বোলা হয় আৰু অক্সিজেন বা কাৰ্বণ-ডাই-অক্সাইডৰ পৰিবহণত ইয়াৰ ব্যৱহাৰ মানুহৰ দৰে জটিল নহয়।

মুক্ত ৰক্ত সঞ্চালন ব্যৱস্থাৰ জৰিয়তে তেজৰ যোগেদি অতি সহজ প্ৰণালীৰে বায়ুৰ পৰা ইহঁতৰ দেহৰ কোষ আৰু কলালৈ অক্সিজেন আৰু কাৰ্বণ-ডাই অক্সাইডৰ যাতায়ত চলে।

তেজৰ মূল ৰঞ্জক, হিম’গ্ল’বিনৰ অনুপস্থিতিৰ বাবে পঁইতাচোৰাৰ তেজৰ ৰং নিৰ্ধাৰণ কৰা কাৰকসমূহহে সলনি হৈ থাকে। পোৱালি আৰু প্ৰাপ্তবয়ষ্ক মতা পঁইতাচোৰাৰ তেজ সাধাৰণতে স্বচ্চৰ পৰা সামান্য বগা হোৱা দেখা যায়। খাদ্যাভাস বা চৌপাশৰ পৰিবেশৰ লগত ই কেতিয়াবা সামান্য সেউজীয়ালৈ পৰিবৰ্তিত হ’ব পাৰে।

গৰ্ভৱতী পঁইতাচোৰাৰ যকৃতে ভাইটেল’জেনিন(Vitellogenin) নামৰ এবিধ প্ৰ’টিন প্ৰস্তুত কৰি তেজৰ যোগেদি ইহঁতৰ ডিম্বাশয়লৈ প্ৰেৰণ ধৰে। এইবিধ প্ৰটিনৰ ৰং হাঁহ বা কুকুৰাৰ কণীৰ কুহুমৰ দৰে হোৱা বাবে গৰ্ভৱতী অৱস্থাত মাইকী পঁইতাচোৰাৰ তেজ পাতল সুমথিৰা বৰণৰ হৈ পৰে।

“অপৰিষ্কাৰ” পঁইতাচোৰাৰ তেজ পৰিশোধনৰ বাবে ইহঁতৰ দেহত বৃক্কৰ দৰে এক ব্যৱস্থা আছে। ইহঁতৰ দেহত থকা মালপিঘিয়ান নলীকা (Malpighian tubules)ৰ জৰিয়তে হিম’লিম্ফ বা তেজৰ পৰিশোধন হয়।

সোতৰশ শতিকাত মাৰ্ছেল’ মালপিঘিনি(Marcello Malpighi) নামৰ ইটালিয়ান বিজ্ঞানী এজনে পঁইতাচোৰাৰ দেহৰ পাচনতন্ত্ৰৰ মধ্যাংশত সংযুক্ত হৈ থকা এনে একাধিক নলীকা আৰু সিহঁতৰ কাৰ্যপ্ৰণালী আৱিষ্কাৰ কৰিছিল। পঁইতাচোৰাৰ দেহত উৎপন্ন হৈ তেজত মিহলি হৈ পৰা পটাছিয়াম ইউৰেট আৰু আন নাইট্ৰ’জেনযুক্ত লৱণসমূহ মালপিঘিয়ান নলীকাবিলাকে পানীৰ দ্ৰৱ হিচাবে শোষণ কৰি লয়।

নলিকাবিলাকৰ কোষসমূহৰ ভিতৰত কাৰ্বণ-ডাই-অক্সাইডৰ উপস্থিতিত পানীৰ সৈতে পটাছিয়াম ইউৰেটে বিক্ৰিয়া কৰি ইউৰিক এচিড আৰু পটাছিয়াম-বাই-কাৰ্বণেট প্ৰস্তুত কৰে।

এই পটেছিয়াম-বাই-কাৰ্বণেট পঁইতাচোৰাৰ তেজলৈ পুণৰ প্ৰৱেশ কৰি দেহৰ প্ৰয়োজনীয় কামত অংশগ্ৰণ কৰে আৰু পানীৰ সৈতে ইউৰিক এচিডখিনি নলীকাসমূহৰ ভিতৰত ৰৈ যায়।

মালপিঘিয়ান নলীকাৰ কোষবিলাকৰ মাজত ইউৰিক এচিডৰ লগত থকা পানীভাগ শোষণ হৈ পুণৰ তাৰ দেহলৈ প্ৰৱেশ কৰে আৰু ইউৰিক এচিডখিনিয়ে শুকান অৱস্থাপ্ৰাপ্ত হৈ খাদ্যনলীৰ বৰ্জ্য পদাৰ্থসমূহৰ লগত মিহলি হৈ শেষত বিষ্ঠাৰ জৰিয়তে দেহৰ বাহিৰ হৈ যায়।

এনেদৰে পঁইতাচোৰাই তাৰ দেহত পানীৰ পুণৰ্ব্যৱহাৰৰ কৰি পানীৰ সংৰক্ষণৰ প্ৰশংসনীয় আদৰ্শও দাঙি ধৰে। উল্লেখযোগ‌্য যে, এনে নলীকাসমূহ হিম’লিম্ফযুক্ত অন্যান্য পতংগৰ দেহতো পো‌ৱা যায় আৰু নিজৰ কাম কৰি থকা অ‌ৱস্থাত মালপিঘিয়ান নলীকাসমূহে সৰ্পিল গতিৰে লৰচৰ কৰি থাকে।

মানুহৰ সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰতো অপৰিষ্কাৰ পঁইতাচোৰাৰ পৰিষ্কাৰ অ‌ৱদানৰ বিষয়ে জানিব পৰা গৈছে।

কোৰিয়াত আৰম্ভ হো‌ৱা পঁইতাচোৰা ফেছিয়েল (Cockroach Facial Mask) ব্যৱস্থাই শেহতীয়াকৈ বিশ্বৰ অন্যান্য স্থানতো সৌন্দৰ্যপ্ৰয়াসী সকলৰ মাজত যঠেষ্ট আগ্ৰহ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

পদ্ধতিটোত প্ৰথমে কেইবাটাও জী‌ৱিত পঁইতাচোৰাক এটা মিশ্ৰকযন্ত্ৰৰ ভিতৰত লৈ মিহিকৈ খুণ্ডি পেলো‌ৱা হয়। টেপটেপীয়া হৈ পৰা এই পদাৰ্থখিনিৰ লগত নুখুণ্ডাকৈ থাকি যো‌ৱা পঁইতাচোৰাৰ কিছুমান ঠেং মিহলি কৰি দিয়া হয়।

পঁইতাচোৰা ফেছিয়েলত এই ঠেংবিলাকৰ পৰা অতিৰিক্ত গুণাগুণ পো‌ৱা যায় বুলি বিশ্বাস কৰা হয়। পদাৰ্থখিনিৰ লগত বজাৰত পো‌ৱা অন্য ফেছিয়েল লেই মিহলি কৰি তাৰ গুণাগুণ আৰু বৃদ্ধি হ’বলৈ দিয়া হয়।

এনেদৰে তৈয়াৰ হো‌ৱা সেই মিশ্ৰণটোৰে মূখমণ্ডলত লাহে লাহে আৰু সমানকৈ প্ৰলেপ দিয়া হয়। নিৰ্দিষ্ট সময়ৰ পিছত, ফেছিয়েলৰ অন‌্যান‌্য প্ৰচলিত পদ্ধতিত কৰাৰ দৰে পানীৰে ধুই মূখৰ পৰা প্ৰলেপটো আঁতৰাই পেলো‌ৱা হয়।

মাদাগাস্কাৰ নামৰ ঠাইত পো‌ৱা এবিধ পঁইতাচোৰাক (Madagascar Hissing Cockroach, Gromphadorhina portentosa) এক বিশাল আকৃতিৰ পঁইতাচোৰাক সংক্ৰামক বেক্তেৰিয়াৰ বিষয়ে অধ্যয়ণ কৰিবলৈ পোষক “মডেল” হিচাবে ব্যৱহাৰ কৰাৰ যো-জা চলি আছে।

এইবিধ পঁইতাচোৰা পাঁছবছৰ পৰ্যন্ত জীয়াই থাকে আৰু আকাৰত ডাঙৰ হো‌ৱা বাবে অধ্যয়ণৰ বাবে সুবিধা হ’ব বুলি ভবা হৈছে। এইবিধ পঁইতাচোৰাৰ দেহত পো‌ৱা হিম’চাইট কণিকাসমূহে স্তন্যপায়ী প্ৰাণীৰ তেজত পো‌ৱা নিউট্ৰ’ফিলৰ দৰে কাম কৰে।

ইহঁতৰ দেহলৈ বেক্তেৰিয়াসমূহে প্ৰ‌ৱেশ কৰিব পৰা উপায়বোৰো স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত হো‌ৱাৰ দৰে একেধৰণৰ।

পঁইতাচোৰাৰ নিউট্ৰ’ফিলে সাধাৰণতে তাৰ দেহলৈ প্ৰ‌ৱেশ কৰা পৃথি‌ৱীৰ অধিকাংশ বেক্তেৰিয়াকেই সহজে ধ্বংস কৰি পেলায় যদিও Burkholderia pseudomallei, B. mallei বা B. thailandensis জাতীয় বেক্তেৰিয়াই কিন্তু ইয়াৰ দেহত খোপনি পুতিব বা বংশ বৃদ্ধি কৰিব পাৰে।

মানুহৰ বাবে অপকাৰী এনে বেক্তেৰিয়াসমূহ মাদাগাস্কাৰীয় পঁইতাচোৰাবিধৰ দেহলৈ সুমু‌ৱাই তাত ইয়াৰ বিকাশ হ’বলৈ দি ইহঁতৰ জিনীয় প্ৰকৃতি আৰু আণবিক উপাদানসমূহৰ বিষয়ে অধ্যয়ণ কৰিবলৈ সুবিধা হ’ব যেন দেখা গৈছে।

এনে অধ্যয়ণৰ ফলত মানুহৰ দেহত সেইবিলাক বেক্তেৰিয়াই সৃষ্টি কৰা সংক্ৰমণজনিত ৰোগসমূহৰ চিকিৎসাৰ উপায় উদ্ভা‌ৱন কৰিবলৈ সুবিধা হ’ব বুলি আশা কৰা হৈছে।

অপৰিষ্কাৰ যেন লাগিলেও সত্য যে পঁইতাচোৰাৰ “খেতি” বিশ্বৰ বহুতো স্থানত এতিয়া এক লাভজনক ব্যৱসায়লৈ পৰিণত হৈ পৰিছে।

চিকিৎসা আৰু ভেষজ বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাত, পৰম্পৰাগত ঔষধ তৈয়াৰ কৰাত আৰু পোহনীয়া পশু-পক্ষীৰ বাবে পুষ্টিকৰ খাদ্য হিচাবে পৃথিৱীজুৰি পঁইতাচোৰাৰ সমাদৰ দিনক দিনে বাঢ়ি আহিছে।

উল্লেখযোগ্য যে, আধুনিক চিকিৎসা শাস্ত্ৰই পঁইতাচোৰাৰ দেহৰ বিভিন্ন অংগক পৃথক পৃথক ঔষধত প্ৰয়োগৰ বিষয়ে বৰ্তমানে গৱেষণা চলাই থকাৰ বিপৰীতে চীনৰ পৰম্পৰাগত চিকিৎসা ব্যৱস্থাত প্ৰায় সকলোবিধ ৰোগৰ ঔষধতে অতীজৰে পৰা ইয়াৰ প্ৰয়োগ চলি আহিছে।

বহুতো স্থানত মানুহৰ খাদ্য আৰু সৌন্দৰ্য চৰ্চাৰ লগতো পঁইতাচোৰা জড়িত। পঁইতাচোৰাৰ এনে বহুমূখী ব্যৱহাৰৰ বাবেই এতিয়া চীনদেশত এক পাউণ্ড(প্ৰায় ৪৫৪ গ্ৰাম) পঁইতাচোৰাৰ মূল্য ১২০০ য়ুৱান (আমেৰিকান ডলাৰৰ হিচাবত প্ৰায় ৮৯ ডলাৰ) হোৱাৰ বিপৰীতে আমেৰিকাৰ কোনো কোনো প্ৰতিষ্ঠানত প্ৰতি কেজিত ৬৫ ডলাৰ আৰু বৃটেইনৰ প্ৰতিষ্ঠানত বিভিন্ন প্ৰজাতিৰ পঁইতাচোৰাৰ বিভিন্ন ওজনৰ প্ৰতিটো টোপোলাৰ মূল্য বৰ্তমান ২ৰ পৰা ১৫ পাউণ্ড পৰ্যন্ত হৈছেগৈ।

পঁইতাচোৰাৰ বিশ্বজোৰা চাহিদাৰ ফলস্বৰূপে ইউনাইটেড কিংডমৰ ভাৰ্জিনিয়া চিজমেন পতঙ্গ যোগানকাৰী প্ৰতিষ্ঠান (Virginia Cheeseman F.R.Entomological Supplier), বেকয়াৰ্ড ব্ৰেইনছ(backyardbrains) ৱে’ষ্ট ক’ষ্ট(westcoast) আদি কেইবাটাও প্ৰতিষ্ঠানে বৰ্তমান অনলাইন ব্যৱস্থা যোগেও পৃথিৱীৰ যিকোনো স্থানৰ পৰা পঁইতাচোৰা যোগানৰ অনুৰোধ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে।

বাণিজ্যিকভাবে পঁইতাচোৰা পালন কৰাৰ ক্ষেত্ৰত বাটকটীয়া হিচাবে চীন দেশৰ এগৰাকী মহিলাৰ নাম উল্লেখনীয়। য়ুনানী চিকিৎসাৰ আৱিষ্কাৰ সম্বন্ধীয় এটা টিভি কাৰ্যসূচীৰ পৰা অনুপ্ৰাণিত হৈ চীনৰ চিছুৱান প্ৰদেশৰ যৌ হুই(Zou Hui) নামৰ এগৰাকী মহিলাই বাণিজ্যকভাবে পঁইতাচোৰা পালন কৰাৰ কাম আৰম্ভ কৰি ৰাজ্যখনৰ পাঁচখন ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ লগত যোগাযোগ কৰিলে।

প্ৰতিষ্ঠানসমূহে অতি সোনকালেই তেওঁৰ পামত উৎপাদন হোৱা সামগ্ৰীসমূহ ক্ৰয় কৰি ক্ৰমান্বয়ে অতিৰিক্ত পঁইতাচোৰাৰ বাবে তাগিদা দিবলৈ ধৰিলে।

চাহিদা অনুসৰি উৎপাদনৰ জোৰা মাৰিবলৈ কিছুদিন পিছত হুইয়ে মৌ ৰংজিয়ান চহৰত বহলকৈ ৰংজিয়ান শ্ব্যু বাও (Rongxian Shu Bao cockroach farming cooperatives) নামেৰে এখন সমবায় ভিত্তিক পঁইতাচোৰা পাম প্ৰতিষ্ঠা কৰিলে।

২০০৯ চনৰ ১৩ মে’ তাৰিখে আৰম্ভ কৰা শ্ৰীমতী হুইৰ সমবায় পামখনৰ বৰ্তমান পঞ্জীভুক্ত মূলধনৰ পৰিমাণ হৈছেগৈ ১,৬০,০০০ য়ুৱান। পামখনৰ জৰিয়তে বৰ্তমান পাঁচটা পৰিয়ালে সংস্থাপন লাভ কৰিছে। সমবায় পামখনত বৰ্তমান জীৱিত পঁইতাচোৰাৰ উপৰি বিশুদ্ধ পঁইতাচোৰা গুড়ি, শুকান পঁইতাচোৰা, হিমায়িত পঁইতাচোৰা, চষক পঁইতাচোৰা আৰু তাজা পঁইতাচোৰাৰ পৰা নিৰ্মিত খাদ্যসম্ভাৰ পোৱা যায়।

ইয়াৰ উপৰি পামখনত প্ৰতি কিলোগ্ৰামত ৩৫০ য়ুৱানকৈ দৰত পঁইতাচোৰাৰ কণীও বিক্ৰী কৰা হয়।

উল্লেখযোগ্য যে বিগত বৰ্ষসমূহত পামখনে বছৰি ১০০০টন পৰ্যন্ত পঁইতাচোৰা উৎপাদন কৰিবলৈ সক্ষম হৈছে যদিও ই ৰাজ্যখনত ঔষধ প্ৰস্তুত কৰিবলৈ প্ৰয়োজন হোৱা পঁইতাচোৰাৰ পৰিমাণৰ তিনি ভাগৰ এভাগহে মাত্ৰ।

যি কোনো খাদ‌্য বা জলবায়ুৰ পৰিবেশত নিজকে খাপ খু‌ৱাই ল’ব পৰা গুণ আৰু অধিকাংশ কীটনাশক ৰসায়ণিক পদাৰ্থৰ প্ৰতি সহজে প্ৰতিৰোধ ক্ষমতা আহৰণ কৰি পেলাব পৰাৰ সাম‌্যৰ্থৰ বাবে ঘৰখনক পঁইতাচোৰামুক্ত কৰি ৰখাটো যঠষ্ট কঠিন।

বজাৰত পো‌ৱা কীটনাশক দ্ৰব‌্যসমূহ পঁইতাচোৰা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দীৰ্ঘদিনৰ বাবে ফলপ্ৰসূ নহয়। ঘাইকৈ পাৰমেথ্ৰিন (cypermethrin), এৰ’চল (aerosol) আৰু ইমিপ্ৰ’থ্ৰিন (imiprothrin) নামৰ কীটনাশক ৰসায়ণিক পদাৰ্থকেইবিধ পঁইতাচোৰা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অধিক ফলপ্ৰসূ বুলি জনা যায় যদিও এই বিলাকৰ বিষক্ৰিয়াই মান‌ুহৰ স্বাস্থ‌্য হানি কৰাৰ সম্ভা‌ৱনাও বেছি।

অবশ‌্যে, বৰিক এচিড নামৰ ৰসায়ণিক পদাৰ্থবিধে পঁইতাচোৰাৰ দেহত মন্থৰ বিষক্ৰিয়া কৰে আৰু ই মানুহৰ বাবেও কম ক্ষতিকাৰক বাবে পঁইতাচোৰা নিয়ন্ত্ৰণত এইবিধ সামগ্ৰীৰ প্ৰয়োগে জনপ্ৰিয়তা লভিবলৈ সক্ষম হৈছে।

আটা, ময়দা বা গাখীৰৰ লগত তৈয়াৰ কৰা বৰিক এচিডৰ মিশ্ৰণে পঁইতাচোৰাক সহজে আকৰ্ষণ কৰে আৰু এই মিশ্ৰণ গ্ৰহণ কৰাৰ ফলত ইহঁত অসুস্থ হৈ সেই স্থান পৰিত‌্যাগ কৰে আৰু দূৰণিলৈ গৈ মৃত‌্যুবৰণ কৰে। পঁইতাচোৰা নিয়ন্ত্ৰণত নীলা পোহৰ আৰু উচ্চ বিভ‌ৱৰ বিদ‌্যুতিক ফান্দৰ সফলতাও প্ৰায় শূণ‌্য।

আতিশাব্দিক তৰংগৰ ব‌্য‌ৱহাৰেও অন‌্যান‌্য কিছুমান কীট-পতংগক কৰাৰ দৰে পঁইতাচোৰাক নিৰ্বাসিত কৰিব নো‌ৱাৰে।

সেয়েহে পঁইতাচোৰা নিয়ন্ত্ৰণৰ অৰ্থে প্ৰাকৃতিক পন্থা অ‌ৱলম্বণ কৰাই শ্ৰেয় বুলি বিবেচিত হৈছে। পঁইতাচোৰাক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অন্তৰায় বুলি ভবা লোকসকলৰ মাজত সেইবাবে আজিকালি কিছুমান প্ৰাকৃতিক উপায়ে জনপ্ৰিয়তা লভিবলৈ সক্ষম হৈছে আৰু সফলতা লাভ কৰিছে।

পঁইতাচোৰামুক্ত ঘৰ এখন লাভ কৰিবৰ বাবে ঘৰখনৰ প্ৰতিটো অংশকে সঘনাই পৰিষ্কাৰ কৰি ৰখাটো প্ৰথম আৰু প্ৰধান চৰ্ত। ঘৰৰ লগত সংলগ্ন নলা আৰু সৰু-বৰ সকলোধৰণৰ প্ৰ‌ৱেশপথ পৰিষ্কাৰ আৰু বীজাণুমুক্ত কৰি ৰখাটো অৱশ‌্যেই কৰ্তব‌্য।

পানী উৰুখা বন্ধ কৰা আৰু মজিয়া বা বেৰ শুকান কৰি ৰখা অতি প্ৰয়োজনীয়। ফেনাইল জাতীয় দ্ৰব‌্যৰে ঘৰৰ মজিয়া দৈনিক পৰিষ্কাৰ কৰি ৰখা আৰু পাকঘৰৰ বৰ্জ‌্য পদাৰ্থসমূহ অতি শীঘ্ৰে বাহিৰ কৰি পেলাইও ঘৰৰ ভিতৰত পঁইতাচোৰাৰ বিস্তাৰত বাধা দিব পাৰি।

ঘৰু‌ৱা জাবৰ দৈনিক বাহিৰলৈ পেলো‌ৱা, পিৰালি পৰিষ্কাৰ আৰু শুকাণ কৰি ৰখা, ঘৰৰ ভিতৰত থকা পুৰণি কাগজ-পত্ৰৰ দ’ম, থাৰ্ম’ক’ল, পলিথিনৰ পেলনীয়া অংশ আদি বাহিৰ কৰা প্ৰয়োজনীয়।

খাদ‌্যবস্তু মুক্তভাবে নৰখা, বাচন-বৰ্তন আদি শুকাণ আৰু পৰিষ্কাৰকৈ ৰখা অভ‌্যাসেও পঁইতাচোৰাৰ সংখ‌্যা নিয়ন্ত্ৰণত সহায় কৰে।

পোহনীয়া জী‌ৱ-জন্তুক দিয়া আহাৰ, তাৰ এৰেহা বা তেনে আহাৰ দিয়া পাত্ৰ আদিয়েও পঁইতাচোৰাৰ বিস্তাৰত ইন্ধন যোগাব পাৰে বাবে সিবিলাকৰ ক্ষেত্ৰত সা‌ৱধান হো‌ৱাটো প্ৰয়োজনীয়।

বৰ্তমান সময়ত পঁইতাচোৰা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পৃথি‌ৱীৰ বিভিন্ন স্থানত আটাইতকৈ ফলপ্ৰসূ আৰু জনপ্ৰিয় হৈ পৰা উপায়টো হৈছে য‌ৱসুৰা ফান্দ বা বীয়েৰ ট্ৰেপ (Beer Trap)। ইতিমধ‌্যে উল্লেখ কৰা হৈছে যে বীয়েৰ জাতীয় সুৰাৰ প্ৰতি পঁইতাচোৰাৰ আকৰ্ষণ অতি বেছি।

অন‌্যহাতে, এইবিধ পদাৰ্থ মানুহৰ বাবেও অপকাৰী নহয়। সেয়েহে, বীয়েৰৰ প্ৰতি পঁইতাচোৰাৰ এই দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি এতিয়া ইয়াক মানুহে বিভিন্ন ধৰণে পঁইতাচোৰা নিধন কাৰ্যত ব‌্য‌ৱহাৰ কৰিবলৈ লৈছে।

পঁইতাচোৰা ধৰা এনে ফান্দত সাধাৰণতে পঁইতাচোৰাক প্ৰ‌ৱেশৰ বাবে সুবিধা কৰি দিয়া হয় কিন্তু ওলাই যো‌ৱাৰ ৰাস্তাবোৰ বন্ধ কৰি দিয়া হয়।

বীয়েৰৰ গন্ধই পঁইতাচোৰাক প্ৰাকৃতিকভাবে ফান্দলৈ টানি আনে আৰু ওলাই যাব নো‌ৱাৰি তাতে মৃত‌্যুবৰণ কৰে।

য‌ৱসুৰা ফান্দৰ প্ৰথমবিধ ব‌্য‌ৱস্থাত ৰুটী জাতীয় খাদ‌্য আংশিকভাবে বীয়েৰত ডুবাই এটা খোলা পত্ৰত ৰখা হয় আৰু পাত্ৰটোৰ গাত আঠা জাতীয় পদাৰ্থ সানি ৰখা হয়। পাত্ৰটোত পঁইতাচোৰাৰ প্ৰ‌ৱেশত সুবিধা হ’বৰ বাবে এডাল সূতা বা ক্ষীণ কাঠি সংলগ্ন কৰি ৰখা হয়।

আহাৰৰ সন্ধানত আৰু বীয়েৰৰ চুম্বকীয় গন্ধত পঁইতাচোৰাই পাত্ৰটোত প্ৰ‌ৱেশ কৰে। বীয়েৰযুক্ত আহাৰ খাই অতাই পঁইতাচোৰাই ওলাই অহাৰ বাট বিচাৰি নোপো‌ৱা হয় আৰু পাত্ৰটোৰ গাত লাগি থকা আঠাত লাগি ধৰে আৰু মৃত‌্যবৰণ কৰে।

দ্বিতীয় পদ্ধতিত এটা ওখ, মিহি আৰু পিচল পাত্ৰৰ তলিত অলপ বীয়েৰ জমা কৰি ৰখা হয়। বীয়েৰৰ গন্ধত আকৃষ্ট হৈ পাত্ৰত প্ৰ‌ৱেশ কৰা পঁইতাচোৰাই বীয়েৰত ডুব যো‌ৱাৰ ফলত তাৰ শৰীৰ পিচল হৈ পৰে আৰু মসৃণ পাত্ৰৰ বেৰেৰে বগাই ওপৰলৈ উঠি আহিব নো‌ৱাৰা হয় আৰু তেনেদৰেই মৃত‌্যবৰণ কৰে। মুক্তভাবে ৰখাৰ ফলত বীয়েৰখিনি সোনকালে শুকাই যায় বাবে এই পদ্ধতি কিছু খৰচী হয়।

তৃতীয় পদ্ধতিত, এটা প্লাষ্টিকৰ বটল ডিঙি অংশত কাটি (চিত্ৰত দেখুও‌ৱা ধৰণে) বটলটোৰ আনটো অংশৰ সৈত‌্যে ওলোটাকৈ সংলগ্ন কৰি দিয়া হয়। আহিলাটোৰ ভিতৰত কিছু বীয়েৰ ‌ঢালি লৈ তাক যথাস্থানত ৰাখি থো‌ৱা হয়। বীয়েৰৰ গন্ধত প্ৰাকৃতিকভাবে আকৃষ্ট হো‌ৱা পঁইতাচোৰাই যতনটোত বটলৰ মূখখনেদি যেনে তেনে প্ৰ‌ৱেশ কৰে।

আহিলাটোত প্ৰ‌ৱেশ কৰা পঁইতাচোৰাৰ ক্ষেত্ৰত এইবাৰ দুটা কৌশলে ক্ৰিয়া কৰে। মসৃণ আৰু পিচল পাত্ৰটোৰ গায়েদি পিচল হৈ পৰা পঁইতাচোৰা সহজে পাত্ৰটোৰ ওপৰ অংশলৈ উঠি আহিব নো‌ৱাৰা হৈ পৰে, আৰু কেনেবাকৈ উঠি আহিলেও যতনটোৰ পৰা ওলাই অহাৰ শেষ ৰাষ্টাটো বিচাৰি উলিয়াব নো‌ৱাৰে।

এনেদৰে কিছুসময় থকাৰ পিছত পঁইতাচোৰাই যতনটোৰ ভিতৰতেই প্ৰাণ ত‌্যাগ কৰিবলৈ বাধ‌্য হৈ পৰে। এইখিনিতে উল্লেখ কৰিব পাৰি যে বীয়েৰৰ লগত মৃত পঁইতাচোৰাৰ দেহ মিহলি হৈ উৎপন্ন কৰা নতুন গন্ধই অধিক পঁইতাচোৰাক আকৰ্ষণ কৰাত সহায় কৰে।

ইমানদিনে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যিকোনো ধাৰণাৰ পৰম সত‌্যতা যেনেদৰে অসম্ভ‌ৱ বুলি প্ৰমাণ হৈ আহিছে, পঁইতাচোৰাৰ ক্ষেত্ৰতো তাৰ ব‌্যতিক্ৰম হো‌ৱা পৰিলক্ষিত হো‌ৱা নাই। পৃথি‌ৱীৰ এটা অংশত যদি পঁইতাচোৰাই স্পৰ্ষ কৰা খাদ‌্য অপৰিষ্কাৰ বুলি গণ‌্য কৰা হয়, আন অংশত আকৌ ইয়াক আহাৰ হিচাবে গ্ৰহণ কৰাৰ নজিৰ আছে। পঁইতাচোৰাৰ পৰা শ্বাস-প্ৰশ্বাসৰ ৰোগ, খজু‌ৱতি, এলাৰ্জীকে আদি কৰি অনেক ৰোগ হো‌ৱা বুলি কো‌ৱা হয় যদিও হাপানী, এম.আৰ.এছ.এ’. আদি ৰোগৰ ঔষধৰ ঔষধ হিচাবে ইয়াক ব‌্য‌ৱহাৰ কৰি সুফল পো‌ৱাৰ প্ৰমাণ পো‌ৱা গৈছে।

পঁইতাচোৰাৰ সামাজিক অনুভ‌‌ৱো মানুহৰ সৈত‌্যে সাদৃশ‌্য থকা বুলি প্ৰমাণ হৈছে। পঁইতাচোৰাৰ হৃদয়ৰ আৰ্হি, ৰক্ত সঞ্চালন তথা শ্বাস-প্ৰশ্বাসৰ ব‌্য‌ৱস্থা, যিকোনো পৰিবেশত নিজকে খাপ খু‌ৱাব পৰা সাম‌্যৰ্থ আদিয়ে মান‌ৱ জাতিৰ ভবিষ‌্যতলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে।

পঁইতাচোৰাৰ শাৰীৰিক গঠণ, খাদ‌্য পাচনৰ ব‌্য‌ৱস্থা, পুষ্টি আহৰণ, প্ৰজনন ব‌্য‌ৱস্থা আৰু বহুত কিবা কিবিয়ে গ‌ৱেষকসকলক চিন্তাৰ সমল যোগাইছে।

পঁইতাচোৰা মান‌ৱ শিশুৰ খেলৰ লগৰী হো‌ৱাৰ পথতো বহুখিনি আগবাঢ়ি গৈছে। ভবিষ‌্যতে হয়তো পৃথি‌ৱীলৈ এনে এটা দিনো আহিব পাৰে, যেতিয়া প্ৰাচীন কালৰে পৰা নিৰোগী দীৰ্ঘজী‌ৱন বা অমৰত্বৰ উপায় বিচাৰি ঘূৰ্মুটিয়াই ফুৰা “মানুহ” নামৰ প্ৰাণীবিধে নিজকে পঁইতাচোৰালৈ পৰিৱৰ্তিত কৰি নিশ্চিন্ত হৈ পৰিছে।

লেখক: অচিন্ত বৰঠাকুৰ

উৎস: সাহিত্য.অৰ্গ

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top