মূল পৃষ্ঠা / স্বাস্থ্য / অনাময় আৰু স্বাস্থ্যবিধি / বাসস্থানৰ আভ্যন্তৰীণ প্ৰদূষণ আৰু জনস্বাস্থ্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বাসস্থানৰ আভ্যন্তৰীণ প্ৰদূষণ আৰু জনস্বাস্থ্য

বাসস্থানৰ আভ্যন্তৰীণ প্ৰদূষণ আৰু জনস্বাস্থ্যৰ বিষয়ে লিখা হৈছে ।

ঘৰৰ ভিতৰত ধূম্ৰপান বৰ্জন কৰা উচিত। ঘৰৰ ভিতৰত কৰা ধূম্ৰপানে নিজৰ যিমান ক্ষতি কৰে, তাতকৈ পৰিয়ালৰ আন সদস্যৰ অধিক ক্ষতি কৰিব পাৰে।

তদুপৰি যিকোনো অপকাৰী গেছীয় বস্তুৰ প্ৰয়োগ ঘৰৰ ভিতৰত কৰা অনুচিত। ইয়ো আভ্যন্তৰীণ প্ৰদূষণৰ এক কাৰক হ’ব পাৰে।

ভিন্নজনে ভিন্ন ধৰণে নিজৰ আশাৰ আৰু সুখৰ বাসস্থান সুন্দৰকৈ নিৰ্মাণ কৰে যদিও এক পৰিসংখ্যাৰ দ্বাৰা প্ৰমাণ কৰা হৈছে যে ভাৰতবৰ্ষত বছৰি ১৩ লাখতকৈও অধিক লোক মৃত্যুমুখত পৰিবলগীয়া হয় বাসস্থান বাহ্যিক প্ৰদূষণৰ তুলনাত দহগুণ অধিক ক্ষতিকাৰক।

ঘৰৰ নিয়মিতভাৱে বায়ু চলাচল কৰিব পৰা খিৰিকী আৰু ভেন্টিলেটৰৰ অভাৱত বায়ু প্ৰদূষণ হৈ বসবাস কৰা লোক শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভোগে।

তদুপৰি ধূলি-মাকতি, এলান্ধু আদিৰ পৰাও অনেক ধৰণৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ সৃষ্টি হয়।

  • ঘৰৰ চাফ-চিকুণৰ বাবে ৰাসায়নিক পদাৰ্থৰ অধিক ব্যৱহাৰ,
  • ধূম্ৰপান,
  • সুগন্ধিৰ বাবে ব্যৱহাৰ কৰা অস্থিৰ কাৰ্বনিক যৌগ আদি ব্যৱহাৰ কৰিলেও আভ্যন্তৰীণ বায়ু ৰসায়ন প্ৰদূষণৰ ফলত অস্বাস্থ্যকৰ হৈ পৰে।

ঘৰৰ ভিতৰত হোৱা প্ৰদূষবৰ ফলত-

  • চকু, নাক, ডিঙি আদিত জ্বলন,
  • মূৰৰ বিষ,
  • মূৰৰ ঘূৰণি,
  • চৰ্মৰোগ ইত্যাদি হোৱাৰ উপৰি হৃদৰোগ তথা কেন্সাৰ পৰ্যন্ত হোৱাৰ সম্ভাৱনা থাকে।

ভাৰতবৰ্ষৰ আভ্যন্তৰীণ প্ৰদূষণৰ কোনো মাপক নাই বাবে অতি প্ৰদূষিত চহৰবোৰত বাহিৰৰ বায়ু অধিক মাত্ৰাত ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়াটোও সুবিধাজনক নহয়।

আভ্যন্তৰীণ প্ৰদূষণ প্ৰতিৰোধক উপায়বোৰৰ

১)ঘৰৰ ভিতৰত ধূম্ৰপান বৰ্জন কৰা উচিত। ঘৰৰ ভিতৰত কৰা ধূম্ৰপানে নিজৰ যিমান ক্ষতি কৰে, তাতকৈ পৰিয়ালৰ আন সদস্যৰ অধিক ক্ষতি কৰিব পাৰে।

তদুপৰি যিকোনো অপকাৰী গেছীয় বস্তুৰ প্ৰয়োগ ঘৰৰ ভিতৰত কৰা অনুচিত। ইয়ো আভ্যন্তৰীণ প্ৰদূষণৰ এক কাৰক হ’ব পাৰে।

২)ঘৰৰ ভিতৰখন সজাবলৈ প্ৰাকৃতিক উদ্ভিদৰ অধিক প্ৰয়োগ কৰিব লাগে। এৰেকা, মানীপ্লান্ট, তুলসী আদিৰ দৰে গছ ঘৰৰ ভিতৰৰ টাবত ৰাখিব পাৰি।

এনেধৰণৰ উদ্ভিদে ঘৰৰ ভিতৰৰ কাৰ্বন-ডাই-অক্সাইড শুহি অক্সিজেন নিৰ্গমন কৰে।

এই অক্সিজেনে আভ্যন্তৰীণ প্ৰদূষণ প্ৰতিৰোধ কৰাত সহায়ক হ’ব পাৰে।

৩)ঘৰৰ মজিয়া বা বাথৰুম চাফা কৰিবলৈ বিষাক্ত কীটনাশক ৰাসায়নিক পদাৰ্থৰ পৰিৱৰ্তে প্ৰাকৃতিক পদাৰ্থ অধিক ব্যৱহাৰ কৰিব লাগে।

বিষাক্ত পদাৰ্থ ঘৰৰ ভিতৰত থকা বায়ু আন বস্তুৰ লগত মিহলি হৈ প্ৰদূষণ কৰিব পাৰে।

৪)খিৰিকীৰে বায়ু সোমাই ভেন্টিলেটৰেৰে ওলাই যোৱাৰ সঠিক ব্যৱস্থা কৰিব লাগে।

বেছিভাগ মানুহ সজাগ নহয় যে এটা কোঠাৰ ভিতৰত কোন ফালেৰে বাহিৰ হ’ব পাৰে।

সাধাৰণতে বায়ু খিৰিকীৰে সোমায় আৰু ভেন্টিলেটৰেৰে বাহিৰ হয়। ঘৰ বনাওঁতে ভেন্টিলটৰবোৰ সন্মুখা-সন্মুখিকৈ লগালে ভালদৰে বায়ু সঞ্চালন হয়।

বায়ুৰ সঠিক সঞ্চালনে কোঠাটো আভ্যন্তৰীণ প্ৰদূষণমুক্ত কৰি ৰাখে। বায়ুৰ সঠিক সঞ্চালন নহ’লে তেনে কোঠাত শুবলৈ লোৱা মানুহৰ টোপনিতো ব্যাঘাত জন্মে।

সঘনাই টোপনিত ব্যাঘাত জন্মিলেও মানুহ অনেক ৰোগৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে। গতিকে বায়ু সঞ্চালন ব্যৱস্থাই আভ্যন্তৰীণ প্ৰদূষন প্ৰতিৰোধ কৰিব পাৰে।

৫)ফ্ৰীজ বা অ’ভেনৰ পৰা নিৰ্গমিত গেছে ঘৰৰ আভ্যন্তৰীণ ভাগত প্ৰদূষণ সৃষ্টি কৰিব পাৰে। গতিকে ফ্ৰীজ-অ’ভেন আদি সঠিক সময়ত মেৰামতি কৰি বিষাক্ত গেছ নিৰ্গমন প্ৰতিৰোধ কৰিব লাগে।

৬)ধূলি-মাকতি বা এলান্ধুৰ পৰা নানান চৰ্মৰোগ তথা শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভুগিব পাৰে।

বিছনাৰ তলত বা ঘৰৰ চুকে-কোণে থকা ধূলি-মাকতি, এলান্ধু ইত্যাদি নিয়মিতভাৱে চাফ-চিকুণ কৰি ৰাখি প্ৰদূষণমুক্ত হৈ থাকিব পৰা যায়।

৭)বাথৰুমটো নিয়মীয়াকৈ অতি সুন্দৰভাৱে চাফ-চিকুণ কৰি ৰখাটো দৰকাৰ। শৌচাগাৰ অপৰিষ্কাৰ হোৱা বাবেই বহুতৰে পাইলছ বা তেনেকুৱা শৌচ-প্ৰস্ৰাৱৰ ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়।

বাথৰুম বা প্ৰস্ৰাৱঘৰ লেতেৰা কৰি ৰখাৰ ফলত বিভিন্ন ধৰণৰ চৰ্ম আৰু যৌন ৰোগো হ’ব পাৰে।

৮)ৰান্ধনী ঘৰ পৰিষ্কাৰ কৰি ৰাখিলে গেছট্ৰাইটিছ, টাইফয়েড আদি ৰোগৰ আক্ৰমণৰ পৰা বাচি থাকিব পাৰি।

আনহাতে ৰান্ধনী ঘৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাও বহুত বীজাণুৰ আক্ৰমণৰ পৰা বচাই ৰাখিব পাৰে।

খোৱাৰ পাছত ৰৈ যোৱা খাদ্য বস্তুবোৰ বাচন-বৰ্তনত খোলাকৈ ৰাতিটো ৰাখি নথৈ তাক ফ্ৰীজত ভৰাই থ’ব লাগে নাইবা সঠিক ঠাইত পেলাই দিব লাগে।

ৰাতিটো চিংকত বা ৰান্ধনী ঘৰৰ ভিতৰত ব্যৱহাৰ হোৱা বাচন-বৰ্তনবোৰ পিছদিনলৈ জমা কৰি থ’ব নালাগে।

তাত বেক্টেৰিয়াই সংক্ৰমণ কৰিব পাৰে।

বহু দিনৰ পৰা ফ্ৰীজত ৰাখি থোৱা খাদ্য খোৱাৰ বাবে অধিক উপযোগী হৈ নাথাকে। পাৰিলে এনেকুৱা খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে।

৯)খোৱাপানীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা তথা সঠিক প্ৰয়োগৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি বহুতো ৰোগৰ আক্ৰমণৰ পৰা বাচিব পৰা যায়।

উদাহৰণস্বৰূপে, ঘৰত পানী খাবলৈ বা ৰাখিবলৈ ব্যৱহাৰ কৰা প্লাষ্টিকৰ বাচন-বৰ্তনৰ পৰা বহুতো ৰোগ হ’ব পাৰে।

গতিকে প্লাষ্টিকৰ বৰ্তনৰ পৰিৱৰ্তে ষ্টীল অথবা গ্লাছৰ বৰ্তন ব্যৱহাৰ কৰিব পাৰি।

ভূ-গৰ্ভৰ পানীৰ প্ৰদূষণৰ বাবে আজিকালি ফিল্টাৰ নকৰাকৈ খোৱাপানী স্বাস্থ্যৰ পক্ষে বিপজ্জনক।

গতিকে নিৰোগী স্বাস্থ্যৰ বাবে প্ৰদূষণমুক্ত পানী ব্যৱহাৰ কৰাটো অধিক প্ৰয়োজন।

১০)ঘৰৰ ভিতৰত উৎপন্ন হোৱা অৱশিষ্টবোৰ সাধাৰণতে একেলগে জমা কৰি অধিক সময়লৈ ৰখা হয়।

ই ঘৰৰ ভিতৰত বিভিন্ন ধৰণৰ গেছ উৎপন্ন কৰি বায়ু দূষিত কৰাৰ উপৰি বিভিন্ন ধৰণৰ বেক্টেৰিয়াৰ বৃদ্ধিৰ অৰিহণা যোগাব পাৰে।

গতিকে ঘৰৰ ভিতৰত বেলেগে বেলেগে ডাষ্টবিন ৰাখি তাত পৃথক পৃথকৈ অৱশিষ্ট পেলোৱাৰ অভ্যাস কৰা উচিত।

অৰ্থাৎ খোৱা বস্তুৰ অৱশিষ্ট এটাত আৰু প্লাষ্টিক নাইবা অন্য আৱৰ্জনা আন এটা ডাষ্টবিনত পেলাব লাগে।

যদি ৰিচাইকেল কৰিব পৰা বস্তু হয়, তেন্তে বেলেগ ডাষ্টবিনত পৃথককৈ ৰখাৰ ব্যৱস্থা কৰিব লাগে।

হাৰ্টকেয়াৰ ফাউণ্ডেচন অৱ ইণ্ডিয়া(HCFI) নামৰ প্ৰতিষ্ঠানটোৱে দিল্লীত আয়োজন কৰা ২৫ সংখ্যক এম টি এন এল পাৰফেক্ট হেলথ মেলাৰ অংশ হিচাপে ‘ইনড’ৰ এয়াৰ পল্যুচন ইজ শ্ল’ পইজন’ নামৰ এক সজাগতা অভিযান চলায়।

এইধৰণৰ সজাগতা সভা বা অভিযানৰ দ্বাৰা জনসাধাৰণক বিষয়টোৰ ভয়াৱহতাৰ প্ৰতি সজাগ কৰি সুস্বাস্থ্য ৰক্ষাত সহায় কৰিব পাৰে।

গতিকে অসমতো এইধৰণৰ আভ্যন্তৰীণ প্ৰদূষণৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ যথেষ্ট থল আছে।

লেখক: মুনিন হুজুৰী(নিয়মীয়া বাৰ্তা)

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top