মূল পৃষ্ঠা / স্বাস্থ্য / অনাময় আৰু স্বাস্থ্যবিধি / বাৰিষাৰ স্বাস্থ্য সমস্যা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বাৰিষাৰ স্বাস্থ্য সমস্যা :

বাৰিষাৰ স্বাস্থ্য সমস্যাৰ বিষয়ে লিখা হৈছে ।

 

গ্ৰীষ্মকালত , বিশেষকৈ বৰিষাৰ ঠিক পাছতেই বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ হয়। প্ৰবল বৃষ্টিপাতৰ প্ৰভাৱত নানাবিধ বীজাণুৰ সংক্ৰমণ হয়। প্ৰতিবছৰে বানৰ তাণ্ডৱলীলাই অসমক জুৰুলা কৰে। তাতে ভূতৰ ওপৰত দানহ পৰাদি এই ৰোগসমূহে বান-বিধ্বস্ত লোকসকলৰ মাজত বিভীষিকাৰ সৃষ্টি কৰে। পানীৰ মাধ্যমেৰে বিয়পা ৰোগসমূহ হ’ল- ডায়েৰিয়া, গ্ৰহণী বা ডিচেণ্ট্ৰী, কলেৰা, সন্নিপাত বা টাইফয়ড, হেপাটাইটিছ ইত্যাদি। এই ৰোগসমূহৰ বীজাণু শৌচৰ লগত বাহিৰলৈ ওলাই আহি পানী দূষিত কৰে। সেই দূষিত পানী খালে বা সেই পানীৰে শাক-পাচলি, ফল-মূল আৰু বাচন- বৰ্তন ধোৱাৰ লগত এনেবোৰ ৰোগ হ’ব পাৰে। পৰিৱেশ অপৰিষ্কাৰ আৰু অস্বাস্থ্যকৰ হ’লেও পানী দূষিত হয়। ৰাজহুৱা পানী বিতৰণৰ পাইপ ভাঙিলেও পানী দূষিত হ’ব পাৰে। পানীৰ উৎস মুক্ত হৈ থাকিলেও পানী দূষিত হোৱাৰ সম্ভাৱনা থাকে। পানীৰ উৎসৰ ওচৰত মল ত্যাগ কৰিলেও পানী দূষিত হ’ব পাৰে। মলসমূহৰ স্বাস্থ্যসন্মত নিষ্কাশনৰ অভাৱতো পানী দূষিত হয়। এনে দূষিত পানী শস্যৰ পথাৰত ব্যৱহাৰ কৰিলে আৰু সেই পথাৰৰ শস্য বা পাচলি কেঁচাই বা ভালকৈ নোধোৱাকৈ খালেও এনেধৰণৰ ৰোগবোৰ হ’ব পাৰে।

ডায়েৰিয়া -

সাধাৰণতে তিনিবাৰতকৈ অধিক পনীয়া শৌচ হ’লে ডায়েৰীয়া হোৱা বুলি কোৱা হয়। সকলো বয়সৰ লোকে ডায়েৰিয়াত ভুগিব পাৰে। পাঁচ বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত ডায়েৰিয়া গুৰুতৰ হ’ব পাৰে। ভাৰতবৰ্ষত শিশুৰ মৃত্যুৰ এক প্ৰধান কাৰণ হৈছে এই ডায়েৰিয়া ৰোগ। সঘনাই পনীয়া শৌচ হোৱাৰ ফলত দেহৰ পানীভাগ আৰু খনিজ দ্ৰব্যসমূহ নিৰ্গত হয়। ইয়াৰ ফলত শিশুৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে। ক্ষতি হোৱা পানী আৰু খনিজ দ্ৰব্যসমূহ পূৰণৰ বাবে সহজে ঘৰতে পাব পৰা পনীয়া বস্তু, যেনে- ভাতৰ মাৰ, ডাবৰ পানী, দাইল আদি ঘনাই খুৱাই থাকিব লাগে। কেঁচুৱাৰ ক্ষেত্ৰত মাকৰ গাখীৰ ঘনাই খুৱাই থাকিব লাগে। শৰীৰৰ পানীৰ অভাৱ দূৰ কৰিবলৈ অ’ আৰ এছ মিশ্ৰণ খুৱাব লাগে। অ’ আৰ এছৰ পেকেটৰ মিশ্ৰণখিনি এক লিটাৰ বিশুদ্ধ পানীত মিহলাই ২৪ ঘণ্টাৰ ভিতৰত অলপ অলপকৈ খাই শেষ কৰিব লাগে।

গ্ৰহণী বা ডিচেণ্ট্ৰী -

গ্ৰহণী দুই প্ৰকাৰৰ- এমিবিক আৰু বেচিলাৰী ডিচেণ্ট্ৰী। এমিবিক ডিচেণ্ট্ৰী হ’লে শৌচৰ লগতে মিউকাছ থাকে। এণ্টামিকা হিষ্ট’লাইটিকা নামৰ অণুজীৱৰ পৰা এই ৰোগ হয়। বেচিলাৰী ডিচেণ্ট্ৰীৰ কাৰক হৈছে ছিগেলা (Shigella) নামৰ অণুজীৱ। এইবিধ ডিচেণ্ট্ৰী হ’লে শৌচৰ লগত তেজ যায়।

কলেৰা

কলেৰা এবিধ পানীৰ মাধ্যমেৰে বিয়পা মাৰাত্মক সংক্ৰামক ৰোগ। ‘ভিব্ৰিঅ’ কলেৰি নামৰ অণুজীৱৰ পৰা এই ৰোগ হয়। কলেৰা হ’লে চাউল ধোৱা পানী সদৃশ পনীয়া শৌচ প্ৰচুৰ পৰিমাণে হয়। অতি দ্ৰুত গতিত এই ৰোগ বিয়পে।

সন্নিপাত বা টাইফয়ড -

এই ৰোগৰ কাৰক হৈছে ছালম’নেলা টাইফি নামৰ এবিধ অণুজীৱ। এই বীজাণু ৰোগীৰ শৌচত দেহৰ বাহিৰলৈ ওলাই পানী, গাখীৰ, ফল-মূলৰ ৰস আদি দূষিত কৰে। এই ৰোগ হ’লে জ্বৰ , গা আৰু মূৰৰ বিষ, অৰুচি, পেটচলা, শাৰীৰিক দুৰ্বলতা আদি লক্ষণে দেখা দিয়ে। লক্ষণসমূহ লোপ পোৱাৰ পাছতো কিছুদিনলৈ ৰোগেজন সংক্ৰমিত হয়। এই বাহক (Carrier) বোৰৰ পৰা এই ৰোগ বিয়পিব পাৰে।

ভাইৰাছজনিত হেপাটাইটিছ -

ভাইৰাছৰ পৰা এই ৰোগ হয়। ভাইৰাছবোৰ হ’ল-A,B,C,D আৰু E ভাইৰাছ। ইয়াৰ ভিতৰত A আৰু Eভাইৰাক দূষিত পানী আৰু খাদ্যৰ দ্বাৰা সংক্ৰমিত হয়। এই ৰোগ হ’লে জ্বৰ, আভোক, দুৰ্বলতা, গা-চকু হালধীয়া হোৱা আদি লক্ষণে দেখা দিয়ে।

বানৰ ফলত হ’ব পৰা অন্যান্য স্বাস্থ্য সমস্যাবোৰ্ব হ’ল- চৰ্মৰোগ, আঘাতজনিত সমস্যা, জোখ-মাপ আৰু অন্যান্য কীট-পতংগৰ আক্ৰমণ ইত্যাদি।

বানপানীজনিত চৰ্মৰোগ -

আঙুলিৰ ফাকঁবোৰ উপদাহ (irritation) হৈ কোমল হৈ পৰে। তাতে বেক্টেৰিয়াৰ সংক্ৰমণ হয়। আঁঠুৰ পিছফালে, কিলাকুটি, মণিবন্ধনী, ডিঙি, ভৰি আৰু গোৰোৱাত খজুৱতি হয়। পানীৰ ঘৰ্ষণ আৰু উচ্চ আৰ্দ্ৰতাৰ কাৰণে নানা ধৰণৰ বীজাণু, যেনে- ষ্ট্ৰেপটকক্কাছ, ষ্টেফাইলকক্কাছ (Streptococcus, Staphylococcus) আদিৰ সংক্ৰমণ হৈ ছালত ঘাৰ সৃষ্টি কৰিব পাৰে। তদুপৰি খৰ, ছাল খহটা হোৱা আৰু বৰণ সলনি হোৱা, চকলা-চকল হোৱা আৰু ফাংগাছৰ (Fungus) সংক্ৰমণ হ’ব পাৰে।

পানীৰ তলত থকা শিল বা অন্যান্য বস্তুৰ দ্বাৰা আঘাতৰ ফলত টিটেনাছ নামৰ মাৰাত্মক ৰোগ হ’ব পাৰে। পানীত থকা জোকে ছাল কামুৰি তেজ খাওঁতে হিৰুদিন নামৰ এবিধ তেজ গোট নমৰা পদাৰ্থ আৰু এবিধ এনাস্থেথিক নিৰ্গত কৰি ছালৰ ৰোগ কৰে। শামুক আৰু ব্লাড ফ্লুকে (Blood fluke) আক্ৰমণ কৰি ছাল ৰঙচুৱা আৰু সংবেদনশীল কৰে।

বহু সময় ধৰি ভৰি পানী বা বোকাত ডুব গৈ থাকিলে আঙুলিৰ ফাঁকবোৰ কোমল হৈ তাত বেক্টেৰিয়াৰ সংক্ৰমণ হয়। ইয়াকে Immersion skin disease   বোলে।

সাৱধানতা -

১) তিতা, সেমেকা কাপোৰ পিন্ধিব নালাগে।

২) পানী হোৱাৰ পাছত ঘৰ পৰিষ্কাৰ কৰি কাপোৰবোৰ ভালদৰে ধুই ৰ’দত শুকুৱাব লাগে।

৩) পানী গচকিব নালাগে। গচকিলেও জোতা পিন্ধি, ভৰিত গ্ৰীজ বা পেৰাফিন সানি ল’ব লাগে।

৪) পানী, বোকা গচকিলেও, পাছত পৰিষ্কাৰ পানীৰে ধুই শুকান কাপোৰেৰে মচি এণ্টি-চেপটিক্ৰীম লগাব লাগে।

৫) শুদা ভৰিৰে পানীত খোজ কাঢ়িব নালাগে।

পানীৰ মাধ্যমেৰে বিয়পা ৰোগৰ প্ৰতিৰোধৰ উপায় -

১) নিৰাপদ খোৱাপানীৰ ব্যৱস্থা:

উতলাই বা ক্লৰিন প্ৰয়োগ কৰি নিৰাপদ আৰু বীজাণুমুক্ত পানী খাব লাগে। পানী কিছু সময়ৰ বাবে উতলাই চেঁচা কৰি খাব লাগে। এটা ক্লৰিন টেবলেট ২০ লিটাৰ পানীত মিহলাই ৩০ মিনিট ৰাখিব লাগে। নাদৰ পানীত ব্লিছিং পাউডাৰ প্ৰয়োগ কৰি বীজাণুমুক্ত কৰিব পাৰি। ১০০০ লিটাৰ পানী বীজাণুমুক্ত কৰিবলৈ প্ৰায় ২.৫ গ্ৰাম ব্লিছিং পাউডাৰৰ প্ৰয়োজন।

২) পৰিষ্কাৰ পৰিৱেশ:

পৰিৱেশ পৰিষ্কাৰকৈ ৰাখিব লাগে। জাবৰ- জোঁথৰ য’তে-ত’তে পেলাব নালাগে।

৩) অনাময় শৌচাগাৰ:

অনাময় শৌচাগাৰৰ ব্যৱহাৰে পানীৰ দ্বাৰা বিয়পিব পৰা ৰোগ প্ৰতিৰোধ কৰে।

৪) ব্যক্তিগত চাফ- চিকুণতা:

ব্যক্তিগত চাফ-চিকুণতাই সংক্ৰামক ৰোগ প্ৰতিৰোধ কৰে। খাদ্য প্ৰস্তুত আৰু খোৱাৰ আগতে ভালদৰে হাত ধুই ল’ব লাগে। মল ত্যাগৰ পাছত চাবোনেৰে ভলদৰে হত ধুব লাগে।

৫) ৰন্ধা খাদ্য আৰু খোৱাপানী ঢাকি ৰাখিব লগে। খাদ্য প্ৰস্তুত কৰাৰ আৰু খোৱাৰ মাজত সময়ৰ ব্যৱধান যিমান সম্ভৱ কম হ’ব লাগে। খাদ্য প্ৰস্তুত আৰু পৰিৱেশন কৰোঁতে স্বাস্থ্যসন্মত নীতি অৱলম্বন কৰিব লাগে।

৬) স্বাস্থ্য শিক্ষা:

পানীৰ জৰিয়তে হোৱা ৰোগসমূহ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত স্বাস্থ্য শিক্ষাৰ ভূমিকা গুৰুত্বপূৰ্ণ। জনসাধাৰণৰ মাজত সচেতনতাৰ অতি প্ৰয়োজন। নূন্যতম স্বাস্থ্য শিক্ষা আৰু সজাগতা সৃষ্টিৰ দ্বাৰা বাৰিষা কালত উদ্ভৱ হ’ব পৰা স্বাস্থ্য সমস্যাসমূহৰ পৰা বহুত পৰিমাণে মুক্ত হ’ব পাৰি।

লেখিকা: ডা: মিৰান্দা দত্ত (দৈনিক জনমভূমি)

3.06666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top