মূল পৃষ্ঠা / স্বাস্থ্য / অনাময় আৰু স্বাস্থ্যবিধি / বিশ্ব এইডচ্ দিৱস আৰু ইয়াৰ সজাগতাঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিশ্ব এইডচ্ দিৱস আৰু ইয়াৰ সজাগতাঃ

বিশ্ব এইডচ্ দিৱস আৰু ইয়াৰ সজাগতা লিখা হৈছে

 

মানৱ ইতিহাসত ভয়ানক মহামাৰী হিচাপে হোৱা এইডচ্ বেমাৰবিধ ইতিমধ্যে গোটেই বিশ্বতে এক আলোড়ণ আৰু চৰ্চাৰ বিষয়বস্তু হৈ পৰিছে-

 

১৯৮১ চনত আমেৰিকাৰ হাটাই নামৰ ঠাই এখনত পোনপ্ৰথমে ‘এইডচ্‌’ৰ সম্ভেদ পোৱা গৈছিল। এই ৰোগৰ বৰ্ণনা আগবঢ়াইছিল আমেৰিকাৰ ‘চেণ্টাৰ ফ’ৰ ডিজিজ্ কণ্ট্ৰল আটলাণ্টা’ই। বিজ্ঞানীসকলৰ মতে মানুহৰ দেহত ‘HIV’ ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ১৯৭৯ চনৰ আগতে নাছিল। এই এইডচ্ ৰোগবিধে মানুহৰ প্ৰতিৰোধ ক্ষমতা কমাই দিয়ে আৰু আমাৰ দেহত নানা প্ৰকাৰৰ বীজাণুৱে আক্ৰমণ কৰিব পৰা বাট খুলি দিয়ে। অপুষ্টি, বিপাকীয় কাৰ্যত ঘটা অস্বাভাৱিকতা আৰু বীজাণুৰ ফলত শৰীৰৰ বীজাণু প্ৰতিৰোধ ক্ষমতা লোপ পোৱাকে আৰ্জিত অসংক্ৰাম্যতাৰ অভাৱ (Acquired Immuno Deficiency) বোলা হয়। এইবিধ ভাইৰাছৰ বাবে শৰীৰৰ বীজাণু প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়। যাক ইংৰাজীত ‘Acquired Immuno Deficiency Syndrome’ চমুকৈ ‘AIDS’ বোলা হয়। কিছুবছৰ আগলৈকে এই ভাইৰাছবিধক আন কিছুমান নামেৰেও জনা গৈছিল। যেনে- ARV, LAV, HTLV-ILI ইত্যাদি। HIV ভাইৰাছবিধৰ ছালখিনি প্ৰ’টিন GP-120 আৰু প্ৰ’টিন GP-41-ৰে গঠিত। ইয়াৰ জেনেটিক মেট্যাৰিয়েল হ’ল RNA। RNA আন এবিধ প্ৰ’টিন P-24-ৰে আবৃত। RNA যিবিলাক জন্ম বিষয়ক সম্ভেদ পোৱা যায় সেইবিলাকক উৎসেচক (ৰিভাৰ্ছ ট্ৰেন্ত্ৰক্ৰিপটেছ)  এবিধে পৰিৱৰ্তন কৰে। এই উৎসেচকবিধে জন্ম বিষয়ক সম্ভেদবোৰ DNA লৈ স্থানান্তৰ কৰে আৰু তাৰ পিছত মানৱ দেহত থকা দূষিত কোষবোৰৰ জিনলৈ সুমুৱাই দিয়ে। তেতিয়া মানৱ দেহক কিছুমান বীজাণুৱে আক্ৰমণ কৰে, তেতিয়া দেহত থকা প্ৰতিদেহ আৰু শ্বেতকণাত থকা CD4 নামৰ লিম্ফ’ছাইট দুয়োবিধে এই বীজাণুৰ বিৰুদ্ধে যুঁজ দিয়ে। এই CD4 নামৰ লিম্ফ’ছাইটবিধক সহায়কাৰী T-কোষ বুলিও কোৱা হয়। T4 সহায়কাৰী কোষৰ হ্ৰাসৰ ফলত T8 আৰু কোষৰ বৃদ্ধি ক্ষমতা হ্ৰাস পায়। ইয়াৰ ফলত দেহত বীজাণু প্ৰতিৰোধ ক্ষমতা বিকল হয়। যাৰ ফলত আক্ৰান্তজনে মৃত্যুমুখত পৰিব পাৰে। এই ভাইৰাছবিধ বিভিন্ন ধৰণে বিয়পিব পাৰে। যেনে-

  • HIV আক্ৰান্ত এজনৰ লগত দৈহিক সম্পৰ্ক স্থাপন কৰিলে
  • আক্ৰান্তজনৰ তেজ ল’লে বা একে বেজী ব্যৱহাৰ কৰিলে
  • আক্ৰান্তজনে ব্যৱহাৰ কৰা পিচকাৰী আন এজনে ব্যৱহাৰ কৰিলে
  • আক্ৰান্ত মাকৰ পৰাও কেঁচুৱালৈ এই ৰোগ বিয়পিব পাৰে।

এই এইডচ্ ৰোগবিধৰ লক্ষণসমূহ হ’ল-

 

-  আক্ৰান্তজনৰ জ্বৰ বহুদিনলৈ উঠি থাকিব পাৰে।

- উশাহ-নিশাহ লোৱাত কষ্ট অনুভৱ হয়।

- সময়ে সময়ে মূৰৰ বিষ হ’ব পাৰে।

- দেহৰ ওজন হ্ৰাস পায় আৰু

- ৰোগীজনৰ মনত ৰাখিব পৰা ক্ষমতা ক্ৰমে নাইকীয়া হয়।

এই ৰোগবিধ প্ৰতিৰোধৰ ক্ষেত্ৰত চিকিৎসা ব্যৱস্থাৰ প্ৰসাৰতাৰ উপৰি সজাগতাৰ সৃষ্টি কৰাটো অতি প্ৰয়োজনীয়। প্ৰতিৰোধ ব্যৱস্থাই হৈছে এইডচ্‌ৰ পৰা হাত সৰাৰ একমাত্ৰ উপায়। এইডচ্‌ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এই সম্পৰ্কে বিশ্বজোৰা সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে ১৯৮৮ চনৰ পৰা ১ ডিচেম্বৰৰ দিনটোত বিশ্ব এইডচ্ দিৱস পালন কৰিবলৈ লোৱা হৈছে।

(উৎসঃ জিজ্ঞাস)।

2.93103448276
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top