অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিশ্ব খাদ্য দিৱস

বিশ্ব খাদ্য দিৱস

ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংগঠনৰ প্ৰতিষ্ঠা দিৱসৰ পালনৰ উদ্দেশ্যে অক্টোবৰ মাহৰ ১৬ তাৰিখটো প্ৰতি বছৰে বিশ্ব খাদ্য দিৱস ৰুপে পালন কৰা হয়। প্ৰতি বছৰে এই দিৱসৰ বাবে একোটি বিশেষ বাৰ্তা থাকে। বিশ্ব খাদ্য দিৱসে, খাদ্যৰ যোগান আৰু বিতৰণ সম্পৰ্কীয় সমস্যা বিলাকৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিত সহায় কৰি আহিছে।

বিশ্ব খাদ্য দিৱসৰ আগে – পিছে সমগ্ৰ বিশ্বতে ভালেমান কাৰ্যসূচী পালন কৰা হয়। ১৬ অক্টোবৰৰ বিশ্ব খাদ্য দিৱসৰ আগে – পিছে ইটালিৰ ৰোমত থকা খাদ্য আৰু কৃষি সংগঠনৰ মুখ্য আৰ্যালয়ত বহুমুখী কাৰ্য্যসূচী ৰুপায়ন কৰা হয়। ৰাজনৈতিক আৰু অ – ৰাজনৈতিক সংগঠনৰ প্ৰতিটো বেলেগ বেলেগ স্তৰত নেতা সকলে স্থানীয় সমস্যা সমূহৰ লগতে খাদ্য প্ৰস্তুত আৰু যোগান সম্পৰ্কীয় বিষয়া বিলাকৰ প্ৰতি মনোযোগ দিবলোঐ এই দিৱসৰ দিনা আহ্বান জনোৱা হয়। ৰাষ্ট্ৰসংঘৰ অন্য সংস্থা বিলাকে আৰু বিশ্বৰ বিশ্ববিদ্যালয় বিলাকে আলোচনাক্ৰম, সন্মিলন, কৰ্মশালা আৰু বক্তৃতা আদি আয়োজন কৰে আৰু এই আটাই বিলাক অনুষ্ঠানত খাদ্য বস্তুৰ উৎপাদন, বিতৰণ আৰু সুৰক্ষা সম্পৰ্কীয় বিষয়েই প্ৰধান্য পায়। এই বিলাকৰ উপৰি চাউল সম্পৰ্কীয় আন্তৰ্জাতিক বৰ্ষ (২০০৪ চনত) আৰু আলু সম্পৰ্কীয় আন্তৰ্জাতিক বৰ্ষ (২০০৮ চনত) আদি উদ্যাপনৰ আৰম্ভণি কৰা হয়।

সমগ্ৰ বিশ্বতে খাদ্য বস্তুৰ যোগান আৰু বিতৰণ সম্পৰ্কীয় সমস্যাবোৰৰ বিষয়ে সজাগতা সৃষ্টিৰ অসংখ্য অনুষ্ঠানৰ আয়োজন কৰা হয়। তাৰোপৰি খাদ্য শস্য উৎপাদন আৰু বিতৰণৰ দৰে আঁচনিবোৰ ৰুপায়নৰ সহায় কৰাৰ অৰ্থে ধন সংগ্ৰহ কৰিবলৈকো এনে ধৰণৰ কাৰ্যসূচী হাতত লোৱা হয়। তৃণমূল পৰ্যায়ত ক্ষুদ্ৰ কৃষক সকলক খাদ্য – শস্য উৎপাদনৰ অৰ্থে সৰু সৰু আঁচনি লোৱাৰ বাবেও পুঁজিৰ যোগান ধৰা হয়। এই আঁচনি বিলাকৰ উদ্দেশ্যে হ’ল – আৰু অধিক পৰিমাণত খাদ্য শস্যৰ উৎপাদনত উৎসাহ যোগোৱা আৰু স্থানীয় ৰাইজে যাতে প্ৰয়োজনীয় খাদ্য দ্ৰব্যৰ যোগান পায়, লগতে খেতিয়কেও নগদ ধন উপাৰ্জন কৰিব পাৰে।

এই দিৱসৰ পটভূমি

খাদ্য আৰু কৃষিৰ সংস্থাৰ লক্ষ্য হৈছে – বিশ্বৰ সৰ্বত্ৰ খাদ্যত থাকিব লগা পুষ্টি দ্ৰব্যৰ মাত্ৰা বৃদ্ধি কৰা, কৃষিজাত দ্ৰব্যৰ উৎপাদন সকলো স্তৰতে বৃদ্ধি কৰা, গ্ৰামাঞ্চলৰ জনজীৱনৰ মানদণ্ড উন্নত কৰা আৰু লগতে বিশ্বৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰা। বিশ্বৰ যিবিলাক দেশে খাদ্যৰ অনাটনত ভূগি আছে, সেই বিলাক দেশত অনাটনৰ পৰা উদ্ধাৰ কৰিব পৰাকৈ পৰম্পৰাগত কৃষি নীতি সলনি কৰাত সহায় কৰাটোও এই সংস্থাৰ অন্যতম কাম। এনে ধৰণৰ অঞ্চল বিলাকত কৃষি সম্পৰ্কীয় অত্যাধুনিক প্ৰযুক্তি প্ৰয়োগ কৰাত সহায় কৰা, খাদ্য উৎপাদন সম্পৰ্কীয় আলোচনাৰ যোগেদি এক নিৰপেক্ষ পৰিবেশৰ সৃষ্টি কৰাটোও এই সংস্থাৰ অন্যতম লক্ষ্য।

ইটালিৰ ৰোমত খাদ্য আৰু কৃষি সংস্থাৰ ১৯৭৯ চনৰ নৱেম্বৰত অনুষ্ঠিত বৈঠকত, ১৯৮১ চনৰ ১৬ অক্টোবৰৰ দিনা বিশ্ব খাদ্য দিৱস প্ৰতি বছৰে পালন কৰিবলৈ আহ্বান জনোৱা হয়। ১৯৮০ চনৰ ৫ব ডিচেম্বৰৰ দিনা অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনতো এই সিদ্ধান্তৰ প্ৰতি সন্মতি জনোৱা হয় আৰু বিশ্বৰ প্ৰতিখন দেশৰে চৰকাৰ, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় আৰু স্থানীয় সংগঠন বিলাকে বিশ্ব খাদ্য দিৱস পালন কৰাত যথাসাধ্য অৱদান আগবঢ়াবলৈ আহ্বান জনোৱা হয়। ১৯৮১ চনৰ পৰা বিশ্ব খাদ্য দিৱস প্ৰতি বছৰে পালন কৰি অহা হৈছে।

বিশ্ব খাদ্য দিৱসৰ আনুষ্ঠানিক প্ৰতীক চিহ্নটোত আছে – তিনিটা কাল্পনিক মানৱ শৰীৰ; এজনে শস্য চপাইছে, আনজনে শস্য বিতৰণ কৰিছে আৰু আনজনে খাদ্য খাই আছে। এই মানৱ চিত্ৰকেইটা নীলা – মাটীয়া বৰণৰ আৰু খাদ্য বস্তু বিলাক কমলা ৰঙৰ। এই ৰংটোৱে দৰ্শকৰ দৃষ্টি খাদ্যৰ প্ৰতি আকৰ্ষণ কৰে। সামগ্ৰিক ভাৱে এই ছবি খনে শস্য, প্ৰতিপালন, শস্য চপোৱা আৰু খাদ্য বিতৰণৰ প্ৰয়োজনীয়তা তথা এই বিলাক কাৰ্যত অন্তৰ্নিহিত আনন্দৰ প্ৰতি সকলোকে আকৰ্ষণ কৰে।

এই দিৱসৰ বাৰ্তা

১৯৮১ চনত পোন প্ৰথম বাৰৰ বাবে উদ্‌যাপন কৰা বিশ্ব খাদ্য দিৱসৰ পৰা প্ৰতি বছৰে বেলেগ বেলেগ বাৰ্তা গ্ৰহণ কৰা হয় আৰু এই বাৰ্তা বিলাকৰ যোগেদি খাদ্যশস্যৰ উৎপাদন, বিতৰণৰ ক্ষেত্ৰত তকা সমস্যা বিলাকৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ প্ৰয়াস কৰা হয়।

বাৰ্তা (Themes)

২০১৪ – Family Farming : Feeding the world, caring for the earth.

২০১৫ – Social Protection and Agriculture. Breaking the Cucle of Rural Poverty.

২০১৬ – Climate change : Climate is changing. Food and agriculture must too.

২০১৭ – Change and future of migration. Invest in food security and rural development.

সমগ্ৰ বিশ্বৰ ডেৰশ খনৰো অধিক দেশত বিভিন্ন কাৰ্য্যসূচীৰে বিশ্ব খাদ্য দিৱস পালন কৰা হয়। প্ৰতি খন দেশৰে কাৰ্য্যসূচী আৰু এই বিলাক কাৰ্যকৰী কৰাৰ পদ্ধতি সুকীয়া সুকীয়া হ’লেও কিন্ত মূল উদ্দেশ্যটো সকলো দেশৰে একেই। ভাৰতত পালন কৰা কাৰ্যসূচীৰ বিষয়ে চমুকৈ ইয়াত আলোচনা কৰা হ’ল –

ভাৰতত এই দিৱসটো ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (Food and Agriculture Organization) প্ৰতিষ্ঠাৰ দিনটোৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি (১৯৪৫ চনৰ ১৬ অক্টোবৰ) পালন কৰা হয়। ভাৰতত এই দিনটো খাদ্য অভিযন্তাৰ দিৱস (Food Engineers Day) ৰুপেও পালন কৰা হয়।

উৎস : স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 1/24/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate