অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য বাৰ্তা

স্বাস্থ্য বাৰ্তা লিখা হৈছে

বিশ্ব ধপাতবিহীন দিৱস

‘বিশ্ব ধপাতবিহীন দিৱস’ বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্যোগত অনুষ্ঠিত হয়। এই দিৱস পালনৰ লক্ষ্য হৈছে সর্বসাধাৰণক ধপাত সেৱনৰ পৰা হ’ব পৰা বিপদ আৰু ধপাত কোম্পানীসমূহৰ ব্যৱসায়িক মানসিকতাৰ বিষয়ে জনোৱা। ইয়াৰ লগতে বিশ্ব ধপাতবিহীন দিৱসে সাধাৰণ জনতাক বিশ্ব স্বাস্থ্য সংস্থাই গোলকীয় ধপাত মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াটোও লক্ষ্য কৰি লৈছে।

মন কৰিবলগীয়া যে ধপাত কোম্পানীসমূহে প্রত্যেক বছৰে ধপাত সেৱন কৰা লোকসকলক ‘কুল’, ‘গ্লেমাৰাছ’, পেশীবহুল আৰু অন্য বহুতো গুণৰ অধিকাৰী হিচাপে উপস্থাপন কৰি আহিছে। পিছে প্রকৃতাৰ্থত চিগাৰেট হৈছে সম্পূর্ণৰূপে নিচাশক্তিৰ বাবে প্রস্তুত কৰা বস্তু আৰু ইয়াৰ ফলত সেৱন কৰোঁতাৰ শ্বাসতন্ত্ৰজনিত ৰোগ আৰু কেন্সাৰৰ ফলত মৃত্যু হয়। ধপাতত থকা নিকোটিনৰ উপস্থিতিয়ে চিগাৰেট সেৱন এক এৰাব নোৱাৰ আসক্তিলৈ পৰিণত কৰে। পিছে বৃহৎ ধপাত কোম্পানীসমূহৰ বিষয়াসকলে বছৰ বছৰ ধৰি এই কথাৰ সত্যতা অস্বীকাৰ কৰি আহিছে।

উদ্বেগৰ বিষয় যে, ধপাত কোম্পানীসমূহে তেওঁলোকৰ উৎপাদিত সামগ্রীবিলাকৰ জনপ্রিয়তা বঢ়াবলৈ বহুতো লোভনীয় বিজ্ঞাপন প্ৰচাৰ কৰি আহিছে| বিজ্ঞাপন প্ৰচাৰ কৰা সন্দৰ্ভত আমেৰিকাৰ দৰে উন্নত দেশসমূহত যথেষ্ট বাধ্যবাধকতা আছে যদিও বিশ্বৰ আন দেশসমূহৰ লোকসকল এতিয়াও ধপাতজাত সামগ্ৰীৰ বিপথগামী বিজ্ঞাপনৰ চিকাৰ হৈ আছে। ফলত ধপাতৰ আন্তঃৰাষ্ট্রীয় ব্যৱসায় অবাধে চলি অহা দেখা গৈছে।

প্রতি বছৰে ৩১ মে’ত ‘বিশ্ব স্বাস্থ্য সংস্থা’ আৰু ইয়াৰ সহযোগীসকলে বিশ্ব ধপাতবিহীন দিৱস পালন কৰি ধপাত ব্যৱহাৰৰ সৈতে জড়িত স্বাস্থ্য আৰু আনুসংগিক সমস্যাসমূহত আলোকপাত কৰে আৰু ধপাত সেৱনৰ পৰিমাণ হ্রাস কৰিবলৈ ভালেমান কাৰ্যসূচী ৰূপায়ন কৰে। ২০১৭ বৰ্ষৰ ধপাতবিহীন দিৱসৰ বিষয়বস্তু হৈছে-

‘ধপাত-উন্নয়নৰ প্ৰতি এক ভাবুকি’-

বিশ্ব ধপাতবিহীন দিৱসে সকলো দেশৰে নাগৰিকৰ সুস্বাস্থ্য আৰু অৰ্থনৈতিক উন্নয়নৰ দিশত বিশেষ অৰিহনা যোগাই আহিছে। এই দিৱসে চৰকাৰ আৰু ৰাইজে গোলকীয় ধপাত সমস্যাৰ সৈতে যুঁজ দিবলৈ প্রয়োজনীয় পদক্ষেপসমূহৰ প্ৰস্তাৱ দিয়ে। ধপাত নিয়ন্ত্রণে স্বাস্থ্য আৰু উন্নয়নতো অৰিহনা যোগায়। উল্লেখ্য যে, বিশ্ব স্বাস্থ্য সংস্থাই ২০৩০ চনৰ বাবে স্থিৰ কৰা বহনক্ষম উন্নয়নৰ অংশস্বৰূপে ধপাত নিয়ন্ত্ৰণৰ প্রচেষ্টাত জোৰ দিবলৈ ৰাষ্ট্রসমূহক আহবান জনায়। ধপাত নিয়ন্ত্রণে সকলো দেশকে অর্থনৈতিকভাৱে সহায় কৰে৷ বহনক্ষম উন্নয়ন কার্যসূচী আৰু ইয়াৰ ১৭টা গোলকীয় লক্ষ্যৰ উদ্দেশ্য হৈছে-‘কাকো এৰি যোৱা নহয়’।

বহনক্ষম উন্নয়ন কাৰ্যসূচীত ধপাত নিয়ন্ত্ৰণৰ বিষয়টোক বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। কাৰণ ধপাত নিয়ন্ত্রণে জীৱন ৰক্ষাৰ লগতে ধপাত আৰু ধপাতজাত সামগ্ৰীৰ উৎপাদন, বাণিজ্য আৰু সেৱনৰ ফলত পৰিৱেশত হোৱা ক্ষতিও ৰোধ কৰিব পাৰে। ধপাত নিয়ন্ত্রণে দৰিদ্রতা কিছু পৰিমাণে হ্ৰাস কৰিব পাৰে, বহনক্ষম কৃষি আৰু অৰ্থনৈতিক উন্নয়নৰ প্ৰচাৰ কৰে আৰু বতৰ পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়ে।

ধপাতজাত সামগ্ৰীৰ ওপৰত অধিক কৰি আৰোপ কৰি এই ধন বিশ্ব স্বাস্থ্য ৰক্ষা আৰু চৰকাৰৰ অন্যান্য উন্নয়নমূলক কাৰ্যসূচীৰ বাবে ব্যৱহাৰ কৰিব পাৰি। তদুপৰি, কেৱল চৰকাৰেই নহয়, সাধাৰণ মানুহেও ব্যক্তিগত প্রচেষ্টাৰে এখন ধপাতমুক্ত পৃথিৱী গঢ়ি তুলিব পাৰে। মানুহে কেতিয়াও ধপাত সেৱন নকৰো বুলি শপত ল’ব পাৰে। যিসকলে ধপাত ব্যৱহাৰ কৰে, তেওঁলোকে এই অভ্যাস ত্যাগ কৰিব পৰা এই অভ্যাস ত্যাগ কৰিব বা এই অভ্যাস ত্যাগ কৰিবলৈ আনৰ সহায় বিচাৰিব পাৰে, যিয়ে তেওঁলোকৰ স্বাস্থ্য সুৰক্ষিত কৰিব পাৰে। ধপাতযুক্ত সামগ্ৰী সেৱন পৰিত্যাগৰ আহবানে ধুম্ৰপায়ীৰ পৰিয়ালৰ সদস্য, শিশু, বন্ধু আদিৰো এই বদ অভ্যাস গঢ়ি উঠাত বাধা দিব পাৰে।

ধপাত নিয়ন্ত্ৰণ আৰু উন্নয়নৰ লক্ষ্য

প্ৰতি বছৰে বিশ্বত প্ৰায় ছয় নিযুত লোকৰ ধপাত সেৱনৰ ফলত মৃত্যু হয়। শীঘ্ৰে ব্যৱস্থা ৮ নিযুতলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ধপাতৰ ব্যৱহাৰ লিংগ, বয়স, বর্ণ, সংস্কৃতি বা শৈক্ষিক অৰ্হতা নিৰ্বিশেষে সকলো লোকৰ বাবে সমানেই বিপজ্জনক। ইয়াক সেৱনৰ ফলত কষ্ট, ৰোগ, মৃত্যু, পৰিয়াল আৰু ৰাষ্ট্ৰীয় অর্থনীতিৰ দুৰ্বলতা আদি হ’ব পাৰে। ধপাত ব্যৱহাৰ বৃদ্ধি পোৱাৰ ফলত এখন দেশৰ স্বাস্থ্য সেৱাৰ ব্যয় বৃদ্ধি পায় আৰু উৎপাদন ক্ষমতা হ্রাস হয়, যাৰ ফলত অর্থনীতি প্রভাৱিত হয়। নিম্ন আৰু মধ্যমীয়া আয়ৰ দেশসমূহত ধপাতৰ ফলত প্রায় ৮০ শতাংশ লোকৰ অকাল মৃত্যু ঘটে। ইয়াৰ ফলত দেশসমূহে উন্নয়নৰ লক্ষ্যত উপনীত হোৱাটো দুৰূহ হৈ পৰে। তদুপৰি ধপাত উৎপাদনৰ বাবে প্ৰচুৰ পৰিমাণৰ কীটনাশক আৰু সাৰ ব্যৱহৃত হয়, যি বিষাক্ত হোৱাৰ লগতে জলপ্ৰদূষণ সৃষ্টিকাৰী হ’ব পাৰে। ধপাত উৎপাদনৰ বাবে প্রতি বছৰে ৪.৩ নিযুত হেক্টৰ ভূমি ব্যৱহৃত হয়। কেৱল সেয়াই নহয় ধপাত উৎপাদন প্রক্রিয়াত দুই নিযুত টনৰো অধিক গোটা জাৱৰৰ সৃষ্টি হয়।

ধূম্ৰপান আৰু হৃদযন্ত্র

ধূম্ৰপানে সকলো বয়সৰ লোকৰ হৃদযন্ত্ৰৰ প্রতি ভাবুকিৰ সৃষ্টি কৰে যদিও ইয়াৰ দ্বাৰা ৫০ বছৰ বয়সৰ অনুৰ্ধৰ লোকসকল অধিক ক্ষতিগ্রস্ত হয়। “হার্ট শীর্ষক এখন ব্ৰিটিছ অধ্যয়নপত্ৰত প্রকাশ পোৱা মতে সমবয়সৰ প্রাক্তন ধূম্ৰপায়ী আৰু অধুম্ৰপায়ীসকলৰ তুলনাত ৫০ বছৰতকৈ কম বয়সৰ ধূম্ৰপায়ীসকলৰ হার্ট এটেকৰ সম্ভাৱনা ৮.৫ গুণ বেছি। এই অধ্যয়নটোৰ ফলাফল STEMI নামৰ হার্ট একেটকত আক্রান্ত ১,৭২৭ জন প্রাপ্তবয়স্কৰ চিকিৎসাৰ তথ্যৰ ভিত্তিত যুগুত কৰা হৈছিল। উল্লেখ্য যে, হৃদযন্ত্ৰৰ গুৰুত্বপূর্ণ ধমনী সম্পূৰ্ণৰূপে বন্ধ হৈ যোৱাৰ ফলত STEMI শীৰ্ষক হৃদৰোগৰ সৃষ্টি হয়। এই ৰোগত ভোগা ৪৮.৫ শতাংশ ৰোগীয়ে ধূম্ৰপায়ী, ২৭.২ শতাংশ প্রাক্তন ধূম্ৰপায়ী আৰু ২৪.৩ শতাংশ ধূম্ৰপান নকৰা লোক।

সামগ্ৰিকভাৱে ধূম্ৰপায়ীসকলৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা ধূম্ৰপান নকৰাসকল আৰু ধূম্ৰপান এৰি দিয়াসকলৰ যুটীয়া সংখ্যাতকৈ তিনিগুণ বেছি। ইফালে ধূম্ৰপান নকৰাসকলতকৈ ক’ৰ’নেৰী আৰ্টাৰী ৰোগ হোৱাৰ সম্ভাৱনা দুগুণ আৰু পেৰিফেৰেল আৰ্টাৰী ৰোগ হোৱাৰ সম্ভাৱনা তিনিগুণ বেছি। উল্লেখ্য যে পেৰিফেৰেল আৰ্টাৰী ৰোগত বন্ধ হোৱা ৰক্ত সিৰাই ভৰিলৈ ৰক্তপ্ৰবাহ হোৱাত বাধা দিয়ে।

ধূম্ৰপানৰ অভ্যাসৰ ফলত হাৰ্ট এটেক হোৱাৰ নিম্ন বয়স ১০-১১ বছৰ। আনসকলতকৈ ৫০-৬৫ বছৰ বয়সৰ ধূম্ৰপায়ীৰ হাৰ্ট এটেকৰ সম্ভাৱনা পাঁচ গুণ আৰু ৬৫ বছৰ বয়সৰ উৰ্ধৰ ধূম্ৰপায়ীসকলৰ হাৰ্ট এটেকৰ সম্ভাৱনা তিনিগুণ বেছি। কম বয়সীয়া ধূম্ৰপায়ীসকলৰ দৰে হৃদৰোগৰ কাৰক, যেনে— উচ্চ ৰক্তচাপ, উচ্চ কলেষ্টেৰল আৰু মধুমেহ হোৱাৰ সম্ভাৱন কম আৰু হাৰ্ট এটেকৰ সম্ভাৱনা বেছি।

চৰ্বিৰ শীতলীকৰণ পদ্ধতিৰে মেদ হ্ৰাস

ছান ফ্রান্সিছকোৰ ডাঃ লেৰী ফেনৰ প্লাষ্টিক ছাৰ্জাৰী ক্লিনিকত এতিয়া ৰোগীৰ লানি নিছিগা শাৰী। ডাক্তৰৰ পৰামৰ্শ ল’বলৈ অহা লোকসকলে শৰীৰৰ অতিৰিক্ত চৰ্বি নাইকিয়া কৰিবলৈ ক্লিনিকখনকৈ যায়। এই ক্লিনিকত চর্বি শৰীৰৰ পৰা কাটি উলিওৱাৰ বিপৰীতে শৰীৰৰ ভিতৰতে ঠাণ্ডা কৰি গোট মাৰিবলৈ দিয়া হয়। ইয়াৰ বাবে ডা: লেৰী ফেনৰ হাতত থকা ঔষধবিধ যথেষ্ট ফলপ্রসূ বুলি প্রমাণিত হৈছে। এই ঔষধবিধ এতিয়া ডাঙৰ ঔষধ প্রস্তুতকাৰক আৰু মেডিকেল সঁজুলি প্ৰস্তুতকাৰক কোম্পানীবিলাকৰ চকুত পৰিছে। উক্ত পদ্ধতিৰে মেদ কমোৱা কাৰ্যক ‘নন ইনভেছিভ শ্লিমিং প্ৰচেছ’ হিচাপে জনা যায়। এই প্রক্রিয়াটোত শৰীৰৰ চর্বিপূর্ণ অংশসমূহত স্থাপন কৰা এটা সঁজুলিয়ে শৰীৰটো বৰফ শীতল কৰি চর্বিকোষবিলাক ধ্বংস কৰে। এই প্রক্রিয়াত কোনো কটা-ছিঙা বা সংজ্ঞাহাৰক ঔষধৰ প্রয়োজন নাই বাবে সকলো বয়সৰ লোকৰ মাজত এই পদ্ধতি জনপ্ৰিয় হৈ উঠিছে। প্ৰতিটো ছেছনত এই পদ্ধতিৰ চিকিৎসাত ৪,০০০ ডলাৰ পর্যন্ত খৰচ হয়। ক্ৰমাৎ জনপ্রিয় হৈ উঠা এই ‘কছমেটিক ট্ৰেণ্ড’ বর্তমান ক’পৰেট ক্রেতাসকলৰ বাবেও আকৰ্ষণৰ বিষয় হৈ পৰিছে। কিছুদিন পূর্বে ঔষধ প্রতিষ্ঠান এলেগান পিএলচিয়ে কুল স্কাল্পটিঙৰ উৎপাদনকাৰী জেল্টিকৰ পৰা ২.৪৮ বিলিয়ন ডলাৰৰ বিনিময়ত সামগ্ৰী ক্ৰয় কৰিছিল। আনহাতে অলপতে ‘হ’লজিক ইংক’ নামৰ এটা হ’ল’গ্ৰাফি মেচিন নিৰ্মাতা প্ৰতিষ্ঠানে চৰ্বি আৰু গাৰ নোম আঁতৰোৱা যন্ত্ৰ আৰু চৰ্মৰোগৰ আন ঔষধ তথা সামগ্ৰীৰ বাবে ‘ছাইনছ’ৰাছ ইংক’ নামৰ প্রতিষ্ঠানটো ১.৬৫ বিলিয়ন ডলাৰ মূল্যৰ বিনিময়ত ক্ৰয় কৰিছিল। এলেৰ্গানৰ মুখ্য অর্থনৈতিক বিষয়া বিল মউৰীয়ে ‘কুল-স্কাল্পটিঙ’ক এলেৰ্গানৰ জনপ্রিয় বটক্স ইনজেকচনৰ সৈতে তুলনা কৰি কয় যে, আমাৰ চকুত ১০ বছৰৰ পূর্বে মুখমণ্ডলত ‘ইনজেক্ট’ কৰিব পৰা ঔষধবিলাক যেনে আছিল, এতিয়া ব’ডি কন্ট’ৰিংবিলাকো প্রায় তেনে হৈ আছে। ২০১৫ চনত এক প্রতিবেদনত এলেৰ্গানে কৰা বর্ণনা অনুসৰি ২০১৭ চনৰ পৰা ২০২০ চনৰ ভিতৰত লেজাৰ হেয়াৰ ৰিমোভেল ফিল্টাৰ্ছ এণ্ড বডি স্কাল্পটিং আদি মেডিকেল এস্থেটিকছৰ বজাৰখনৰ ৩৬ শতাংশ বিকাশ ঘটি ১০.৫ বিলিয়ন ডলাৰলৈ উন্নীত হ’ব। এলেৰ্গানৰ মতে ‘ব’ডি কন্টৰিং পদ্ধতিটোৱে অকলেই প্রতিবছৰে ৪ বিলিয়ন ডলাৰৰ এক ব্যৱসায়িক সুযোগ আনিছে।

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ ঘৰুৱা উপায়

  • সর্পগন্ধা, আমলখি, অমৰলতা বা গুলঞ্চ, অৰ্জুন বৃক্ষৰ চাল, পূৰ্ণনৱা আৰু আচকন্দ সমান পৰিমাণে লৈ গুড়ি তৈয়াৰ কৰি পানীৰ সৈতে দিনে দুবাৰকৈ খালে উচ্চ ৰক্তচাপ (হাই ব্লাড প্ৰেছাৰ) ভাল হৈ যাব।
  • তৰবুজ খালেও উচ্চ ৰক্তচাপ ভাল হ’ব।
  • হৃদযন্ত্ৰৰ দুৰ্বলতা দূৰ কৰিবৰ বাবে ২৫ মিলিলিটাৰ টুট মাহৰ চৰবত দিনে দুবাৰকৈ সেৱন কৰিলে উপকাৰ পাব।
  • গাজৰৰ মোৰাব্বা লাভজনক।
  • সৰ্পগন্ধাৰ শিপা কুটি গুড়ি কৰি লওক। ৰাতিপুৱা চাহৰ সৈতে দুই গ্ৰামকৈ সেৱন কৰিলে উচ্চ ৰক্তচাপ স্বাভাৱিক হৈ যাব৷
  • ঘেঁহুৰ ৰুটি ৰাতিপুৱা গাখীৰত তিয়াই খালে উচ্চ ৰক্তচাপ স্বাভাৱিক হয়।
  • এক গ্রাম শুকান ধনিয়া, এক গ্রাম সর্পগন্ধাৰ শিপাৰ গুড়ি, দুই গ্রাম মিচিৰিৰ লগত বটি পৰিষ্কাৰ পানীৰ সৈতে খালে উচ্চ ৰক্তচাপ হ্ৰাস পাব।

নিম্ন ৰক্তচাপ

  • ১৫০ মিলিলিটাৰ পানীত ৩২ টা কিচমিচ তিয়াই লওক। ১২ ঘণ্টা তিয়াই থোৱাৰ পিছত প্ৰতিটো কিচমিচ আধামিনিটকৈ ভালদৰে চোবাই খাওক। ইয়াৰ ফলত নিম্ন ৰক্তচাপ ভাল হ’ব।
  • গাজৰৰ ৰস মৌৰ সৈতে মিহলাই খালে নিম্ন ৰক্তচাপ দূৰ হ’ব।
  • গাজৰৰ মোৰাব্বা নিম্ন ৰক্তচাপৰ বাবে লাভদায়ক।

বিশ্ব উচ্চ ৰক্তচাপ দিৱস

প্রতি বছৰে মে’ মাহৰ ১৭ তাৰিখে পালন কৰা ‘বিশ্ব উচ্চ ৰক্তচাপ দিৱস’ৰ (World Hypertention Day) প্ৰতিষ্ঠা কৰিছিল ‘ৱৰ্লড হাইপাৰটেনচন লীগে’ (চমুকৈ WHL)। WHL হৈছে এক স্বাস্থ্য সংস্থা, যি বিশ্বজুৰি প্ৰায় ৮৫ খন হাইপাৰটেনচন সমিতি’ আৰু সংস্থাক নেতৃত্ব দিয়ে। সাধাৰণ জনতাৰ মাজত উচ্চ ৰক্তচাপৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্য হৈছে মানুহৰ মাজত উচ্চ ৰক্তচাপ সম্পর্কে যথোচিত জ্ঞান বৃদ্ধি কৰা আৰু উচ্চ ৰক্তচাপত ভোগা মানুহৰ মাজত ৰোগটোৰ পৰা হ’ব পৰা বিপদ সম্পর্কে সজাগ কৰা। WHL এ বিশ্ব অভিযান ২০০৫ চনৰ ১৪ মে’ত মুকলি কৰিছিল যদিও ২০০৬ চনৰ ১৭ মে’ৰ পৰাহে এই দিৱস নিয়মীয়াকৈ উদযাপন আৰম্ভ হয়।

‘বিশ্ব উচ্চ ৰক্তচাপ দিৱস’ কিয় পালন কৰা হয়

সৰ্বসাধাৰণ মাজত স্বাভাৱিক ৰক্তচাপ বৰ্তাই ৰখাৰ বাৰ্তা প্ৰচাৰ কৰাৰ উদ্দেশ্যে ‘বিশ্ব উচ্চ ৰক্তচাপ দিৱস’ পালন কৰা হয়। উচ্চ ৰক্তচাপৰ ফলত মানুহৰ শৰীৰত বিভিন্ন জটিলতা সৃষ্টিৰ লগতে হৃদৰোগ, ষ্ট্রোক, কিডনিৰ ৰোগ, চকুৰ ৰোগ, সংজ্ঞাহীন অৱস্থা তথা মৃত্যুৰ আশংকা পর্যন্ত সৃষ্টি কৰিব পাৰে। ‘বিপি এপাৰেটাছ' নামৰ এবিধ সঁজুলিৰ সহায়ত ঘৰ নাইবা চিকিৎসালয়ত ৰক্তচাপ জুখি চাব পাৰি। পৰিসংখ্যা অনুসৰি বিশ্বজুৰি প্রতি দহজনৰ ভিতৰত তিনি জন লোকেই উচ্চ ৰক্তচাপত ভোগে। বিশ্বজুৰি প্রায় ১.৮ কোটি লোক উচ্চ ৰক্তচাপত ভুগি আছে। সকলোতকৈ আচৰিত কথা হৈছে, ইয়াৰে ৫০ শতাংশ লোকেই আৰু যিসকলে তেওঁলোকৰ অৱস্থাৰ বিষয়ে নিজে অৱগত নহয় আৰু যিসকলে তেওঁলোকৰ অৱস্থাৰ কথা জানে, তেওঁলোকে ইয়াৰ বাবে কোনো চিকিৎসা গ্রহণ নকৰে। এই অভিযানৰ বছৰি উদ্‌যাপন কৰা কেইটামান উদ্দেশ্য হৈছে-

  • বছৰত কমেও এবাৰকৈ নিয়মিত ৰক্তচাপ পৰীক্ষাৰ বাবে সর্বসাধাৰণক উৎসাহিত কৰা।
  • উচ্চ ৰক্তচাপত ভোগাসকলক নিয়মিত স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসাৰ বাবে চিকিৎসকৰ ওচৰলৈ যাবলৈ অনুপ্রেৰণা যোগোৱা।
  • সাধাৰণ জনতা, বিশেষকৈ সৰু ল’ৰা-ছোৱালী আৰু যুৱক-যুৱতীসকলক স্বাভাৱিক ওজন, স্বাভাৱিক কলেষ্টেৰলৰ মাত্ৰা, স্বাস্থ্যকৰ জীৱন, স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ, নিয়মিত শাৰিৰীক ব্যায়াম আদিৰ বাবে উৎসাহ যোগোৱা|
  • মানুহক তেওঁলোকৰ বিভিন্ন বদ অভ্যাস যেনে- সুৰাপান, এলেহুৱা জীৱন, তৈলাক্ত আৰু চর্বিযুক্ত আহাৰ, তেলত ভজা আৰম্ভ মছলাযুক্ত আহাৰ, ধূম্ৰ পান, মেদবহুলতা, অতিৰিক্ত ওজন আদি ত্যাগ কৰিবলৈ উৎসাহ যোগোৱা।
  • বিনামূলীয়া ৰক্তচাপ পৰীক্ষা শিবিৰ পাতি মানুহক নিয়মিত ৰক্তচাপ জুখিবলৈ উৎসাহিত কৰা।
  • সাধাৰণ জনতাক ৰক্তচাপ, উচ্চ ৰক্তচাপ, ইয়াৰ জটিলতা, স্বাভাৱিক ৰক্তচাপ কেনেকৈ বৰ্তাই ৰাখিব পাৰি, শৰীৰৰ ওজন আৰু সুস্থ জীৱনশৈলী কেনেকৈ নিয়ন্ত্ৰণত ৰাখিব পাৰি, সেই বিষয়ে অৱগত কৰোৱা|
  • স্বাস্থ্য সেৱাৰ লগত জড়িত সকলো পেচাদাৰী লোকক ৰোগীসকলক যথোপযুক্ত চিকিৎসা আৰু নিয়মিত স্বাস্থ্য পৰীক্ষা কৰাবলৈ উৎসাহিত কৰা।
  • সাধাৰণ নাগৰিকৰ মাজত এটা সুস্থ জীৱনশৈলী আৰু সমগ্ৰ জীৱনৰ বাবে স্বাস্থ্যসন্মত অভ্যাস গঢ়ি তুলিবলৈ এক জাগৰণ অনা।
  • সাধাৰণ মানুহৰ সুবিধার্থে দুৰ্গম ঠাইসমূহত অধিক হস্পিতাল আৰু স্বাস্থ্যকেন্দ্ৰ প্রতিষ্ঠা কৰা।
  • যিবিলাক ঠাইত মানুহ উচ্চ ৰক্তচাপত ভোগাৰ আশংকা বেছি সেই ঠাইবিলাকত উচ্চ ৰক্তচাপৰ প্ৰৱণতা আগতীয়াকৈ চিনাক্ত কৰা, প্রতিৰোধ কৰা আৰু নিয়ন্ত্ৰণ কৰাৰ বাবে সজাগতা সৃষ্টি কৰা|

বিশ্ব উচ্চ ৰক্তচাপ দিৱস কেনেকৈ পালন কৰা হয় ?

বিভিন্ন কাৰ্যসূচী আৰু অনুষ্ঠানৰ মাজেৰে ২০০৫ চনৰ পৰা ১৭ মে’ৰ দিনটোত ‘বিশ্ব উচ্চ ৰক্তচাপ দিৱস’ পালন কৰি অহা হৈছে। এই দিৱসটোৰ উদ্দেশ্য হৈছে সাধাৰণ নাগৰিকক উচ্চ ৰক্তচাপৰ বিষয়ে সজাগ কৰা। স্বাস্থ্য তথা চিকিৎসা বৃত্তিত নিয়োজিত চৰকাৰী তথা বেচৰকাৰী সংস্থাসমূহৰ পেচাদাৰী লোকসকলে এই দিনটোত বিভিন্ন প্ৰচাৰ অভিযান, অনুষ্ঠান উদ্‌যাপন আদিত অংশগ্রহণ কৰে আৰু ৰাইজে উচ্চ ৰক্তচাপৰ বিষয়ে ভালদৰে বুজি পোৱাৰ বাবে বিভিন্ন অনুষ্ঠানৰ আয়োজনত সহযোগ কৰে।

বার্ষিক উদযাপনৰ সময়ত আয়োজিত অনুষ্ঠানসমূহৰ ভিতৰত আছে- ৰাজহুৱা সভা, উচ্চ ৰক্তচাপৰ সৈতে জড়িত বিভিন্ন বিষয়ত আলোচনা চক্র, তর্ক প্রতিযোগিতা, খোজকঢ়া বা দৌৰা, সংবাদ মাধ্যমৰ বাবে লিখা, বিদ্যালয়-মহাবিদ্যালয় তথা আন শিক্ষানুষ্ঠানত বেনাৰ আৰু পোষ্টাৰ বিতৰণ, বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত কুইজ প্ৰতিযোগিতা, টিভি-ৰেডিঅ’ আদিৰ যোগেৰে বাৰ্তা বিতৰণ আদি বিবিধ কাৰ্যসূচী।

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত উচ্চ ৰক্তচাপৰ সাধাৰণ সমস্যাসমূহ পৰিচয় কৰাবলৈ চিকিৎসা বৃত্তিৰ বিশেষজ্ঞ তথা পৰামৰ্শদাতাসকলৰ বৈঠক অনুষ্ঠিত কৰা হয়। ইয়াত তেওঁলোকে উচ্চ ৰক্তচাপত ভোগা লোকসকলৰ বাবে নতুন আৰু আটাইতকৈ সহজ প্রতিৰোধ তথা নিয়ন্ত্রণ ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰে।

বিশ্ব উচ্চ ৰক্তচাপ দিৱসৰ থীম

আন্তঃৰাষ্ট্ৰীয় পর্যায়ত উচ্চ ৰক্তচাপ প্রতিৰোধ অভিযান অধিক শক্তিশালী আৰু ফলপ্রসূ কৰি তুলিবলৈ প্রতি বছৰে এক নির্দিষ্ট থীম বা বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি বিভিন্ন কাৰ্যসূচী প্রস্তুত কৰি পালন কৰা হয়। এই বিষয়বস্তু নিৰ্ধাৰণ কৰে ‘ৱৰ্ল্ড হাইপাৰ টেনচন লীগে।” বিশ্ব উচ্চ

ৰক্তচাপ দিৱসৰ শেহতীয়া কেইটিমান বিষয়বস্তু এনেধৰণৰ-

বর্ষ             বিষয়বস্তু (থীম)

২০১০           স্বাস্থ্যসন্মত ওজন, স্বাস্থসন্মত ৰক্তচাপ|ι

২০১১           আপোনাৰ সংখ্যাবোৰ জানক আৰু আপোনাৰ ৰক্তচাপৰ প্ৰতি লক্ষ্য ৰাখক।

২০১২           স্বাস্থ্যসন্মত জীৱনশৈলী, স্বাস্থ্য সন্মত ৰক্তচাপ|

২০১৩           সুস্থ হৃদস্পন্দন, সুস্থ ৰক্তচাপ।

২০১৪

পৰা            আপোনাৰ ৰক্তচাপক জানক।

২০১৮লৈ

বিশ্ব স্বাস্থ্য সংস্থাই উচ্চ ৰক্তচাপক কাৰ্ডিঅ'ভাস্কুলাৰজনিত মৃত্যুৰ ঘাই কাৰণ হিচাপে চিহ্নিত কৰিছে। ইফালে ৮৫ খন ৰাষ্ট্ৰৰ হাইপাৰটেনচন ছ’চাইটি আৰু লীগৰ দ্বাৰা গঠিত ‘ৱৰ্ল্ড হাইপাৰটেনচন লীগে” কয় যে উচ্চ ৰক্তচাপত ভোগা বিশ্বৰ জনসাধাৰণৰ ৫০ শতাংশই তেওঁলোকৰ নিজৰ অৱস্থাৰ বিষয়ে নাজানে|

বিগত তিনি বছৰত সর্বাধিক ৰাষ্ট্ৰীয় সংস্থাই ৱৰ্লড হাইপাৰটেনচন লীগত যোগদান কৰিছে আৰু জনসাধাৰণৰ মাজত বার্তা বিয়পোৱাৰ ক্ষেত্ৰত যথেষ্ট সক্রিয় ভূমিকা লৈ আহিছে। ২০১৭ বৰ্ষত

‘ৱৰ্লড হাইপাৰটেনচন লীগ’ৰ ৪৭ খন সদস্য ৰাষ্ট্রই বিশ্ব স্বাস্থ্য দিৱসত অংশগ্রহণ কৰিব। বিশ্ব স্বাস্থ্য দিৱসৰ সপ্তাহটোত এই আটাইকেইখন দেশে তেওঁলোকৰ স্থানীয় চৰকাৰ, পেচাদাৰী সমাজ, বেচৰকাৰী সংস্থা আৰু ব্যক্তিগত উদ্যোগসমূহৰ সমদলৰ জৰিয়তে উচ্চ ৰক্তচাপ সন্দৰ্ভত সজাগতা সৃষ্টি কৰি আহিছে। বিভিন্ন গণমাধ্যম যেনে—ইন্টাৰনেট, টেলিভিচন আদি ব্যৱহাৰ কৰি তেওঁলোকে তেওঁলোকৰ বার্তা ২৫০ নিযুত লোকৰ কাষলৈ লৈ যায়। বিগত কেইবছৰৰ সফলতা প্রত্যক্ষ কৰাৰ পিছত বৰ্তমান তেওঁলোকে উচ্চ ৰক্তচাপত ভোগা ১.৫ কোটি লোকৰ মাজলৈ তেওঁলোকৰ বাৰ্তা কঢ়িয়াই নিব পাৰিছে বুলি আত্মবিশ্বাসী হৈ পৰিছে।

আপোনাৰ ৰক্তচাপ জানক

এটা সময় আছিল, যেতিয়া আমাৰ পূৰ্বজসকলে গোটেই দিনটো খেতিপথাৰত কাম কৰিছিল, আইতাহঁতে দিনৰ দলটো ঘৰৰ কাম কৰি ঘূৰি ফুৰিছিল। ল’ৰা-ছোৱালীবোৰৰ তেতিয়া ঘৰৰ ভিতৰত থাকিবলৈ ইলেকট্রনিক সঁজুলিবোৰ নাছিল। সেই সময়ত ল’ৰা-ছোৱালীবোৰৰ বাহিৰলৈ ওলাই গৈ খেলিবলৈ বহুতো বন্ধু-বান্ধৱী আছিল আৰু সিহঁতে প্ৰদূষণহীন বাট-পথ, মুকলি পথাৰত খেলা-ধূলা কৰিছিল। দিনটোৰ কঠোৰ পৰিশ্ৰমৰ পিছত সমগ্ৰ পৰিয়ালটোৱে মিলি কোনো কীটনাশক নথকা স্বাস্থ্যসন্মত সতেজ খাদ্য খাইছিল আৰু শুদ্ধ খাদ্যাভ্যাসেৰে এক সুস্থ জীৱনশৈলী বজাই ৰাখিছিল।

বৰ্তমান ক্ষীপ্ৰ জীৱন, প্রযুক্তিৰ উৎকৰ্ষ আৰু চাপ পূৰ্ণ কর্মক্ষেত্ৰই সকলো সলনি কৰি পেলাইছে। মধুমেহ আৰু স্নায়ুৰোগ এতিয়া সকলো পৰিয়ালত এক সাধাৰণ সমস্যা। উচ্চ ৰক্তচাপ বা হাইপাৰটেনচন হৈছে এক নিৰৱ শত্রু। ই গোপনে শৰীৰত থিতাপি লয় আৰু ক’ব নোৱাৰাকৈয়ে যথেষ্ট ক্ষতি কৰে। অনুমান কৰা মতে উচ্চ ৰক্তচাপত ভোগা প্রাপ্তবয়ষ্কৰ সংখ্যা ২০০০ চনত ৯৭২ নিযুতৰ পৰা ২০২৫ চনত ১.৫৬ কোটিলৈ বৃদ্ধি পাব। অর্থাৎ ২০০০ চনৰ পৰা ২০২৫ চনলৈ উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ সংখ্যা ৬০ শতাংশ বৃদ্ধি পাব। ইয়াৰে দহ শতাংশ লোকে পূৰ্বৰে পৰা থকা ৰোগৰ ফলত সৃষ্টি হোৱা ‘ছেকেণ্ডাৰী হাইপাৰ টেনচন’ত ভোগে। অত্যধিক উচ্চ ৰক্তচাপৰ ফলত মূৰৰ বিষ, টোপনিৰ ভাব, খৰতকীয়া হৃদস্পন্দন, অস্পষ্ট দৃষ্টিশক্তি, অৱসাদ, মূৰ ঘূৰোৱা, দোধোৰ-মোধোৰ ভাব হোৱা আদি সমস্যাই দেখা দিব পাৰে।

ইফালে অত্যধিক নিমখ সেৱনে উচ্চ ৰক্তচাপ সৃষ্টি কৰা কথাটোৰ শক্তিশালী প্রমাণ আছে। ইয়াৰ সমাধান অতিকৈ সাধাৰণ। নিমখ কমকৈ খাওক আৰু ইয়ে আপোনাৰ ৰক্তচাপ হ্রাস কৰিব| স্নায়ুৰোগৰ ক্ষেত্ৰতো আটাইতকৈ ডাঙৰ কাৰক হিচাপে পৰিগণিত উচ্চ ৰক্তচাপৰ মূল কাৰণ অত্যধিক ছ’ডিয়াম সেৱন বুলি চিকিৎসা জগতত বিশ্বাস কৰা হয়। কিছুসংখ্যক লোকৰ ক্ষেত্ৰত ছ'ডিয়ামে ৰক্তচাপ বৃদ্ধি কৰাৰ কাৰণ হৈছে, ই শৰীৰত পানীৰ পৰিমাণ বৃদ্ধি কৰি হৃদযন্ত্রত অধিক বোজাৰ সৃষ্টি কৰে।

এটা অধ্যয়নত সাঁতোৰাৰ অভ্যাসে জ্যেষ্ঠ প্রাপ্তবয়স্কসকলক সহায় কৰে বুলি দাবী কৰা হৈছে। অধ্যয়নটোৰ মতে জ্যেষ্ঠ–প্রাপ্তবয়স্কসকলৰ বাবে সাঁতোৰ হৈছে খোজকঢ়া আৰু চাইকেল চলোৱাৰ দৰেই নিৰাপদ উপায় আৰু ই ৰক্তসিৰাসমূহৰ কাৰ্যক্ষমতা বৃদ্ধি কৰি ৰক্তচাপ হ্রাস কৰে। পিছে আপুনি যদি এক শ্ৰমবিহীন জীৱন কটাই আহিছে, তেন্তে নতুনকৈ কোনো শাৰিৰীক ব্যায়াম আৰম্ভ কৰাৰ পূর্বে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী। এটা সময় আছিল, যেতিয়া সাঁতোৰাক বিপদপূর্ণ বুলি ভবা হৈছিল। কাৰণ ঠাণ্ডা পানীত থকাৰ ফলত স্নায়ুতন্ত্ৰৰ পৰিৱৰ্তন ঘটে। সি যি কি নহওক, অভিজ্ঞ প্রশিক্ষকৰ তত্ত্বাৱধানত কৰা শাৰীৰিক ব্যায়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে।

উচ্চ ৰক্তচাপ এক উত্তৰাধিকাৰসূত্রে লাভ কৰিব পৰা ৰোগ হোৱা হেতুকে পৰিয়ালৰ ইতিহাসত উচ্চ ৰক্তচাপ থাকিলে নাইবা পিতৃ-মাতৃৰ উচ্চ ৰক্তচাপজনিত সমস্যা থাকিলে সন্তানলৈয়ো সেই সমস্যা বিয়পাৰ সম্ভাৱনা থাকে। তদুপৰি পৰিয়ালত মেদবহুলতা, ধূম্ৰপান, শ্রমহীনতা, অত্যধিক মদ্যপান, গর্ভনিৰোধক বড়িৰ ব্যৱহাৰৰ ফলতো উচ্চ ৰক্তচাপ এটা প্রজন্মৰৰ পৰা আন এটা প্রজন্মলৈ বিয়পিব পাৰে।

উচ্চ ৰক্তচাপৰ ফলত সৃষ্টি হ’ব পৰা জটিলতাসমূহৰ ভিতৰত আছে- এথেৰ’ছক্লেৰ'চিছ (আৰ্টাৰীসমূহ চাপ খোৱা), মস্তিষ্কৰ ৰক্তক্ষৰণ অর্থাৎ মগজুৰ ভিতৰত তেজৰ চেকুৰা বন্ধা (স্ট্রোক), হার্ট এটেক, এনিউৰিজম, কিডনি ফেইলাৰ, হার্ট ফেইলাৰ আৰু চকু বেয়া হোৱা আদি।

সেয়েহে প্রতিবছৰে কেৱল ‘উচ্চ ৰক্তচাপ দিৱস’ পালন কৰাটোৱে শেষ কথা নহয়। সাধাৰণ নাগৰিকক নিয়মিত ৰক্তচাপ পৰীক্ষাৰ বাৰে সজাগ কৰি তোলাটোও আমাৰ দায়িত্ব। তদুপৰি উচ্চ ৰক্তচাপত ভোগা লোকসকলকো চিকিৎসকৰ কাষ চাপিবলৈ উৎসাহিত কৰিব লাগে। লগতে সাধাৰণ লোকক স্বাভাৱিক ওজন, স্বাভাৱিক পর্যায়ৰ কলেষ্টেৰল, স্বাভাৱিক ৰক্তচাপ, স্বাস্থ্যসন্মত জীৱনশৈলী, স্বাস্থসন্মত ব্যায়াম কৰিবলৈ উৎসাহ দিয়াৰো প্রয়োজনীয়তা আছে।

কেইটিমান ৰোগৰ ঘৰুৱা দিহা

মুখৰ ৰোগ, চেহেৰাৰ সৌন্দৰ্য

যেতিয়া মুখমণ্ডলত বলিৰেখাৰ দাগ পৰে আৰু শালমইনা ওলাই মুখমণ্ডলৰ মসৃণতা নাইকিয়া কৰে, তেতিয়া মহিলাসকলৰ সৌন্দৰ্য অটুট ৰখাৰ প্ৰয়োজনীয়তা আহি পৰে। ইয়াৰ বাবে দেশীয় উপায় হ’ল, ডেৰশগ্ৰাম গাজৰ, এশগ্ৰাম বিলাহী আৰু বীট পঞ্চাশ গ্ৰাম বটি লৈ ৰস উলিয়াই একেৰাহে কমেও বিছ দিনলৈ সেৱন কৰক। ইয়াৰ ফলত চেহেৰাৰ পৰা বলিৰেখা, শালমইনাৰ দাগ নাইকিয়া হৈ মুখখন সুন্দৰ আৰু সতেজ হৈ পৰিব। এই ৰস খাই পেট ফুলিলে সেৱন কৰিব নালাগে।

মুখৰ দাগ

  • মচুৰ দাইল আৰু তৰবুজ সমান পৰিমাণে লৈ গৰু গাখীৰত পিচি লওক। ইয়াক মুখত সানিলে সকলো ধৰণৰ দাগ নাইকিয়া হ’ব।
  • বাদামৰ শাহ গাখীৰত দি মুখত সানিলে দাগ নাইকিয়া কৰিব আৰু উজ্জ্বলতা বৃদ্ধি পাব।

খৰ

  • ৰাতিপুৱা শুই উঠি আপোনাৰ মুখৰ লেলাউটি হাতেৰে খৰডোখৰত ঘঁহি দিয়ক। ইয়াৰ ফলত খৰ দুই দিনতেই ভাল হৈ যাব। ই অতি ফলপ্ৰসূ আৰু বিনামূলীয়া ঔষধ।
  • তুলসীৰ পাত পিচি সানিলে খৰ নাইকিয়া হ’ব।

বাৰে বাৰে পেচাব হোৱা

  • ক’লা তিল দুশ গ্ৰাম খুন্দি ২৫০ গ্ৰাম গুড়ৰ সৈতে বিছ বিছ গ্ৰামৰ লাড়ু বনাই ৰাতিপুৱা-গধূলি এবাৰকৈ খাওক। শিশুসকলক কেৱল এটা লাড়ু দিয়ক। এয়া বাৰে বাৰে পেচাব হোৱা প্ৰতিৰোধ কৰিবলৈ এক সুন্দৰ ঔষধ।

পেচাবত তেজ যোৱা

  • এটা সৰু কেৰেলা পঁচিছ মি:লি: পানীত মোহাৰি দিনে এবাৰকৈ খাওক। পাঁচ দিন এইদৰে খাওক। গৰম বস্তু, মচলা আদি নাখাব।

পেচাব ভালদৰে নোহোৱা

  • কলমৌৰ বটি লোৱা গুড়ি তিনি গ্ৰাম, গাখীৰ ২৫০ মি:লি:, পানী এক লিটাৰ লৈ সকলোখিনি মিহলি কৰি দৈনিক দুবাৰ খাবলৈ দিয়ক। পেচাব খোলোচা হ’ব। এয়া সকলো বতৰৰ বাবে।

বিছনাত পেচাব হোৱা

  • চাৰি-পাঁচ বছৰীয়া শিশুহে বিছনাত পেচাব কৰিলে প্ৰতিদিনে দুটা কিচমিচ ৰাতি খাবলৈ দিয়ক। শিশুটিয়ে বিছনাত পেচাব নকৰিব। দৈ, লচ্চি, ভাত, খাব নালাগে। যদি এটাকৈ চুহৰা প্ৰতিদিনে খাবলৈ দিয়া হয়, তেতিয়া এশ শতাংশ আৰাম পোৱা যাব, ইয়াক কোনো সন্দেহ নাই।

কিড্‌নিত পাথৰ হ’লে

  • অমিতা ছয় গ্ৰাম লৈ ভালদৰে পিচি লওক, পিছত ইয়াক পঞ্চাশ মি:লি: পানীত গুলি চেকি লওক। সেই ৰস ৰোগীজনক খাবলৈ দিয়ক। পাথৰ ভাগি প্ৰস্ৰাৱৰ লগত ওলাই যাব।
  • বিছ গ্ৰাম মাটিমাহ, আঢ়ৈশ মি:লি: পানীত উতলাওক। যেতিয়া এক চতুৰ্থাংশ পানী থাকিব, তেতিয়া চেকি লৈ ৰোগীক খুৱাই দিয়ক। পাথৰ গলি মূত্ৰনলীয়েদি ওলাই যাব। বিছ দিন খাবলৈ দিয়ক।

সাপে খুটিলে

  • সাপে খুটিলে তৎকালীনভাৱে চিকিৎসা কৰা প্ৰয়োজন, যদি সময়ত চিকিৎসা কৰিব পৰা নাযায়, তেন্তে নিম্ন উল্লেখিত উপায়বোৰ অৱলম্বন কৰা প্ৰয়োজন।
  • বিছ গ্ৰাম পিয়াজৰ ৰস, বিছ গ্ৰাম সৰিয়হৰ তেল লৈ দহ মি:লি:ৰ এটাকৈ পালি প্ৰতি পোন্ধৰ মিনিটৰ মূৰে মূৰে দিয়ক। চাৰি-পাঁচবাৰ এইদৰে দিলে সাপৰ বিষৰ বমিৰ মাধ্যমত ওলাই যাব।
  • সাপে খোঁটা ঠাইৰ ওপৰত কাপোৰেৰে টানকৈ বান্ধি দিয়ক। যেতিয়া খোঁটা দাগেদি তেজ ওলাব, তেতিয়া খুন্দি গুড়ি কৰা পটাচিয়াম পাৰমাংগানেট লগাই দিয়ক। তিনি-চাৰিবাৰ সনাৰ পিছত যেতিয়া ঠাইডোখৰৰ ৰং স্বাভাৱিক হৈ পৰিব, তেতিয়া জানিব যে বিষ ওলাই গৈছে। দুই-চাৰি দিনলৈ জালুক মিহলি কৰি ঘিউৰ সৈতে খোঁটা ঠাইডোখৰত প্ৰলেপ প্ৰয়োগ কৰক।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

2.90322580645
বিজিত বৰা Apr 09, 2019 06:15 PM

পেটৰ বিষ হালে কি কৰিব লাগে

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top