মূল পৃষ্ঠা / স্বাস্থ্য / অনাময় আৰু স্বাস্থ্যবিধি / বিশ্ব মাতৃদুগ্ধ পান সপ্তাহ আৰু ইয়াৰ তাৎপৰ্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিশ্ব মাতৃদুগ্ধ পান সপ্তাহ আৰু ইয়াৰ তাৎপৰ্য

বিশ্ব মাতৃদুগ্ধ পান সপ্তাহ আৰু ইয়াৰ তাৎপৰ্যৰ বিষয়ে লিখা হৈছে

আগষ্টৰ প্ৰথম সপ্তাহটো (১ তাৰিখৰ পৰা ৭ তাৰিখলৈ )বিশ্ব মাতৃদুগ্ধ পান সপ্তাহ হিচাপে পালন কৰা হয়।ৱৰ্লড এলায়েন্স ফৰ ব্ৰেষ্টফিডিং একশ্বন (WABA)নামৰ এটা সংস্থা,যাৰ সদস্যসকলৰ মাজত শিশু বিশেষজ্ঞ,পুষ্টি বিশেষজ্ঞ আদি আছে তেওঁলোকৰ দ্বাৰা ১৯৯১ চনত আৰম্ভ কৰা এই সপ্তাহ পালনত পিছলৈ বিশ্ব-স্বাস্থ্য সন্থা(WHO),UNICEF  আৰু আমেৰিকান এছচিয়েস্বন অৱ পিডিয়াট্ৰিক্সয়ে সহযোগ কৰে আৰু বৰ্তমান ভাৰতকে ধৰি বিশ্বৰ প্ৰায় ১২০ খন দেশত এই সপ্তাহ পালন কৰি অহা হৈছে।

এই সপ্তাহ পালনৰ উদ্দেশ্য-

 

ভগৱানে এটি শিশুক মাতৃৰ কোলাত তুলি দিয়াৰ লগে লগে শিশুটিৰ খাদ্য হিচাপে মাতৃদুগ্ধও লগতে দিয়ে।এই দুগ্ধ শিশুৰ বাবে অতি উপকাৰী।পিছে আধুনিক সময়ত দেখা গৈছে যে দুগ্ধপান কৰোৱা মাতৃৰ সংখ্যা লাহে লাহে কমি আহিছে।দুখীয়া দেশসমুহত এই সংখ্যা অধিক যদিও উন্নত দেশত বৰ কম।আমাৰ ভাৰততেই এটা সমীক্ষাৰ মতে,মাত্ৰ ৪০ শতাংশ মাতৃয়েহে শিশুক দুগ্ধপান কৰায় (সম্পুৰ্ণকৈ প্ৰথম ছমাহ)।ইয়াৰ প্ৰধান কাৰণ হিচাপে ক’ব পাৰি যে বেছিভাগ মাতৃয়ে আজিকালি কৰ্মৰত।গতিকে মাতৃদুগ্ধ খুৱাবলৈ অসুবিধাৰ বাবে কৃত্ৰিম গাখীৰ খুৱাই আৰু কেতিয়াবা কিছু শিশুৱে এবাৰ কৃত্ৰিম গাখীৰ খালে আকৌ মাতৃ দুগ্ধ খাবলৈ মন নকৰে।

আকৌ কিছু নতুন মাতৃয়ে কেচুঁৱাই গাখীৰ খোৱাৰ সময়ত অসহজ অনুভৱ কৰে আৰু প্ৰক্ৰিয়াটোৰ লগত সহজ হ’বলৈ চেষ্টা নকৰি উপলব্ধ পাউডাৰ গাখীৰকে খুৱাবলৈ আৰম্ভ কৰে।

কেতিয়াবা কিছু মাতৃৰ প্ৰথম অৱস্থাত দুগ্ধ কম পৰিমাণে নিৰ্গত হয়,তেতিয়াও বহুতে কৃত্ৰিম দুগ্ধ খুৱাবলৈ আৰম্ভ কৰে আৰু যিহেতু শিশু দুগ্ধপানৰ কাৰণেই দুগ্ধ উৎপন্ন হয়,বাহিৰা গাখীৰ খুৱাই শিশুৰ পেট ভৰি থাকিলে শিশুৱে মাতৃদুগ্ধ চুপি খাবলৈ মন নকৰে আৰু তেনেকৈয়ে এই অভ্যাস এৰি পেলায়।

তদুপৰি একাংশই সৌন্দৰ্য হানি হোৱাৰ ভুল ধাৰণাটোৰ বাবে মাতৃদুগ্ধ পান কৰাবলৈ মন নকৰে।

এই কথাবিলাক লক্ষ্য কৰি WABA নামৰ সংস্থাটোৱে ভাবিলে –যিহেতু আজিৰ শিশু কাইলৈ এখন দেশৰ ভৱিষৎ মাতৃদুগ্ধৰ পৰা বঞ্চিত হৈ এইসকল যাতে শাৰীৰিক-মানসিকভাৱে দুৰ্বল নহয়,তাৰ বাবে ৰাইজৰ মাজত মাতৃদুগ্ধৰ উপকাৰিতাৰ বিষয়ে সজাগতাৰ প্ৰয়োজন।সেই উদ্দেশ্য হাতত লৈয়ে তেওঁলোকে যোৱা ২৫ টা বছৰে এই সপ্তাহ পালন কৰি আহিছে,য’ত বিভিন্ন অনুষ্ঠান,নাটক প্ৰতিযোগিতা আদিৰ দ্বাৰা দুগ্ধপানৰ উপকাৰিতাৰ বিষয়ে প্ৰচাৰ কৰা হৈছে।

সমাজৰ প্ৰতিটো স্তৰৰ মানুহৰ মাজত সজাগতা বৃদ্ধি কৰি সকলোৰে সহযোগত যাতে দুগ্ধপান কৰোৱা মাতৃৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি কৰিব পাৰি,সেয়ে এই সপ্তাহ পালনৰ প্ৰধান উদ্দেশ্য।

শিশুৰ বাবে মাতৃদুগ্ধৰ উপকাৰিতাসমুহ-

 

মাতৃদুগ্ধ শিশুৰ বাবে আটাইতকৈ উন্নত আহাৰ।কোৱা হয় যে শিশুৰ বাবে মাতৃদুগ্ধৰ বিকল্প আন একোৱেই নাই।জন্মৰ পিছত যিমান সোনকালে পাৰি সিমান সোনকালে মাতৃদুগ্ধ খুৱাব লাগে আৰু ছমাহপৰ্যন্ত কেৱল মাতৃদুগ্ধই শিশুৰ বাবে প্ৰয়োজনীয় সকলো পুষ্টি যোগান ধৰে।মাতৃদুগ্ধত শিশুৰ বাবে লগা সকলো খাদ্য যিমান প্ৰয়োজন সিমান পৰিমাণতে থাকে।পুষ্টি,সুৰক্ষা আৰু মমতা-এই তিনিটা বস্তু একেলগে পৃথিৱীত কেৱল মাতৃদুগ্ধতহে পোৱা যায়।

জন্মৰ পিছত এঘণ্টাৰ ভিতৰতে শিশুক দুগ্ধপান কৰোৱাব লাগে।প্ৰথমে নিৰ্গত হোৱা কলেষ্ট্ৰামযুক্ত দুগ্ধ শিশুৰ বাবে অতি উপকাৰী।মাতৃদুগ্ধত থকা প্ৰ’টিন,ফেট,ভিটামিন আদিয়ে শিশুৰ বিকাশত সহায় কৰে।

মাতৃদুগ্ধ পান কৰা শিশু পেটৰ অসুখ,নিউ’মনিয়া,এলাৰ্জী,ভাইৰেল জ্বৰ আদিৰ পৰা বহু পৰিমাণে সুৰক্ষিত থাকে,শিশুৰ মৃত্যুৰ হাৰ কমাই আৰু পিছলৈ ডায়েবেটিছ আদি ৰোগৰ সম্ভাৱনাও বহুখিনি কমাই বুলি কোৱা হয়।শৰীৰৰ হাড়ৰ গঠন আৰু শক্তি বৃদ্ধি কৰে।মগজুৰ বিকাশত সহায় কৰে আৰু তাৰ উপৰিও মাতৃদুগ্ধ প্ৰদুষণমুক্ত আৰু বিনামুলীয়া।

দুগ্ধপান কৰোৱা মাতৃ আৰি শিশুৰ মাজত এক Bonding-ৰ সৃষ্টি আৰু ই ভৱিষ্যৎ জীৱনত দুয়োৰে মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে বিলি গৱেষণাৰ পৰা জানিব পৰা গৈছে।

দুগ্ধপান কৰোঁৱাৰ ফলত হোৱা মাকৰ সুফলসমুহ-

 

দুগ্ধপান কৰোঁৱা মাতৃৰ শৰীৰ অৱস্থা গৰ্ভাৱস্থানৰ আগৰ অৱস্থালৈ সোনকালে ঘুৰি আহে।মাতৃৰ স্তন আৰু জৰায়ুৰ কৰ্কট ৰোগৰ সভাৱনা কমে।প্ৰসৱৰ পিছৰ ৰক্তক্ষৰণ বহু পৰিমাণে কমায়।

মাতৃৰ শৰীৰৰ ওজন বৃদ্ধি ৰোধ কৰে আৰু দুগ্ধপান কৰাই থকা মাতৃক শৰীৰৰ হাড়ৰ অষ্টিঅ’পৰেছিছ আদি ৰোগৰ পৰাও ৰক্ষা কৰে।

কৃত্ৰিম দুগ্ধৰ অপকাৰিতা-

 

আগতেই উল্লেখ কৰা হৈছে যে মাতৃদুগ্ধৰ বিকল্প নাই।বজাৰত শিশুৰ বাবে উপকাৰী বুলি যিমানেই নান,লেক্টজেন আদি নোলাওক কিয়,মাতৃদুগ্ধৰ পৰা পোৱা ওপৰৰ সকলো সুফলৰ পৰা এইবিলাকে খুওৱা শিশু বঞ্চিত হয়।সেইবাবেই বহু দেশৰ চৰকাৰে (ভাৰততো)প্ৰথম ছমাহ খুৱাব পৰা শিশু দুগ্ধৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিছে।এইবিলাক যিহেতু তৈয়াৰ কৰি খুৱাব লাগে,তেনে শিশু সঘনাই পেটৰ অসুখত ভোগা দেখা যায়।গেছৰ অসুবিধা পায় আৰু কেতিয়াবা পুষ্টিহীনতাত ভোগে।

গতিকে মনত ৰাখিবলগীয়া কথা হ’ল-জন্মৰ পিছৰ পৰা প্ৰথম ছমাহ শিশুক কেৱল মাকৰ গাখীৰ দিব লাগে।এই সময়ত বেলেগকৈ পানীও দিয়াৰ প্ৰয়োজন নাই।ছমাহৰ পিছত বেলেগ বস্তুৰ লগতে দুবছৰলৈকে মাতৃদুগ্ধ পান কৰাই থাকিব লাগে।কিয়নো দুবছৰলৈ মাতৃদুগ্ধ উত্তম গুণসম্পন্ন হৈ থাকে।প্ৰতি ২ ৰ পৰা ৩ ঘণ্টাৰ অন্তৰে অন্তৰে শিশুক গাখীৰ দিব লাগে।মাক বা শিশু অসুস্থ হৈ থাকিলেও দুগ্ধপান চলি থাকিব পাৰে।দুগ্ধপান কৰাই থকা মাতৃয়ে ধুমপান আৰু মদ্যপানৰ পৰা বিৰত থাকিব লাগে,ই শিশুৰ বাবে অপকাৰী আৰু মাতৃগৰাকীৰ চাফ-চিকুণকৈ থকাটো মাতৃ আৰু শিশু দুয়োৰে বাবে ভাল।

এইবিলাক কথাৰ পৰাই আমাৰ ভৱিষৎ প্ৰজন্ম যাতে মাতৃদুগ্ধৰ পৰা বঞ্চিত হৈ শাৰীৰিক-মানসিকভাৱে দুৰ্বল আৰু সহজে ৰোগাক্ৰান্ত হ’ব লগা নহয়,তাৰ প্ৰতি লক্ষ্য ৰাখি কিছু গুণী লোকৰ দ্বাৰা গঠিত’WABA’ নামৰ সংস্থাটোৱে সজাগতা বৃদ্ধিৰ বাবে ‘বিশ্ব মাতৃদুগ্ধ পান সপ্তাহ’ৰ আৰম্ভ কৰে।

এওঁলোকে প্ৰতিবছৰে এটা থিম লৈ তাৰ ওপৰত বছৰটোত কৰাত জোৰ দিয়ে।এই ৰুপালী জয়ন্তী বৰ্ষত অৰ্থাৎ ২০১৭ চনৰ থিম বা মুল লক্ষ্য হৈছে-‘Sustaining Breastfeeding together..’অৰ্থাৎ সকলোৰে সহযোগত মাতৃদুগ্ধ পান কৰোঁৱা মাতৃৰ সংখ্যা বৃদ্ধি কৰা আৰু অন্তত:ছমাহলৈ সকলো মাতৃয়ে অসুবিধাৰ সন্মুখীন নোহোৱাকৈ যাতে স্তনপান কৰাব পাৰে তাক নিশ্চিত কৰা।

দুগ্ধপানৰ দায়িত্ব অকল মাকৰ ওপৰতেই এৰি দিলে নহ’ব।ইয়াৰ বাবে সকলোৱে প্ৰচেষ্টা ল’ব লাগিব।গতিকেই WABA য়ে এই প্ৰক্ৰিয়াত সকলোৰে সহযোগিতা বিচাৰিছে।প্ৰথম শিশুটো,দ্বিতীয়তে মাতৃ,মাতৃগৰাকীয়ে সন্তানৰ আৰু নিজৰ মংগলৰ কথা চিন্তা কৰি দুগ্ধপান কৰাই যাবলৈ সংকল্প ল’ব লাগিব।তৃতীয়তে ,শিশুটিৰ পিতৃ,মাকক দিব লগা সহায় আৰু সুবিধা তেওঁ দিব লাগিব।চতুৰ্থতে ,পৰিয়াল,মাতৃগৰাকীৰ কামৰ বোজা কমাই সময়ে সময়ে যাতে দুগ্ধপান কৰোৱাবলৈ কোনো অসুবিধা নহয় সেয়া নিশ্চিত কৰিব লাগিব।পঞ্চমতে,দায়িত্ব সমাজখনৰ,সমাজ বুলি কওঁতে বিভিন্ন স্বেচ্ছাসেৱী সংগঠন,সংবাদসেৱী আদিয়ে দুগ্ধপানৰ প্ৰয়োজনীয়তাৰ বিষয়ে সকলোকে অৱগত কৰাব লাগিব।ষষ্ঠতে ,স্বাস্থ্য খণ্ডৰ সহযোগিতা।সপ্তমতে,কৰ্মক্ষত্ৰত সহযোগিতা।আজিকালি চৰকাৰে চাকৰিয়াল মাতৃক ছুটী দিয়ে,তদুপৰি ব্যক্তিগত খণ্ডত কাম কৰা মাতৃয়েও যাতে অসুবিধা নোহোৱাকৈ স্তনপান কৰাব পাৰে তালৈ কৰ্তৃপক্ষই চিন্তা কৰিব লাগিব আৰু সদৌ শেষত চৰকাৰৰ দায়িত্ব এগৰাকী মাতৃয়ে শিশু জন্ম দিয়াৰ অন্তত ছমাহ পিছলৈকে যাতে সকলো সহযোগিতা,সমাজত আৰু কৰ্মক্ষেত্ৰত পাব পাৰে,তাৰ বাবে চিন্তা-চৰ্চা আৰু নীতি-নিয়ম বা আইনী ব্যৱস্থা আদি পদক্ষেপ ল’ব লাগিব।

গতিকে-WABA  য়ে বিশ্বাস কৰে এনেদৰে সকলোৱে স্তনপানৰ গুৰুত্ব উপলব্ধি কৰি একেলগে আগবাঢ়ি আহিলে ২০৩০ চনলৈ এক বুজনসংখ্যক মাতৃয়ে সন্তানক মাতৃদুগ্ধ পান কৰাব।

লেখক:ড০পাৰ্থ সাৰথি ভুঞা(আমাৰ অসম)

2.74193548387
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top