মূল পৃষ্ঠা / স্বাস্থ্য / অনাময় আৰু স্বাস্থ্যবিধি / বিশ্ব যক্ষ্মা দিৱস আৰু দেশৰ সমস্যা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিশ্ব যক্ষ্মা দিৱস আৰু দেশৰ সমস্যা :

বিশ্ব যক্ষ্মা দিৱস আৰু দেশৰ সমস্যাৰ বিষয়ে লিখা হৈছে ।

 

মানৱ ইতিহাসত যক্ষ্মা (টিবি) এটা অতি পুৰণি ৰোগ। মানৱ জাতিৰ জন্মলগ্নৰ পৰাই এই ৰোগৰো উৎপত্তি প্ৰায় ৫ হাজাৰ বছৰৰ আগৰ পৰাই মানৱ জাতিয়ে এই ৰোগৰ ভয়াৱহতাৰ বিষয়ে জানি আহিছে। আয়ুৰ্বেদত এই ৰোগক ৰাজ ৰোগ, ইংৰাজীত Tuberculosis (টিবি) আৰু অসমীয়াত যক্ষ্মা নামেৰে জনা যায়। পৌৰাণিক কালৰ পৰাই এই ৰোগৰ ভয়াৱহতাৰ বিষয়ে জানি আহিলেও ইয়াৰ প্ৰকৃত কাৰণ চিকিৎসা বিজ্ঞানে ১৮৮২ চনৰ ২৩ মাৰ্চলৈকে আৱিষ্কাৰ কৰিব পৰা নাছিল । ২৪ মাৰ্চৰ দিনা জাৰ্মানীৰ বিগানী (পেথল’জিষ্ট) ৰৰ্বাট ক’চেই ৰোগ যে এবিধ বীজাণুৰ দ্বাৰা হয়, সেই কথা আৱিষ্কাৰ কৰে। এই ৰোগৰ বীজাণুৱে মানুহৰ দেহত থিতাপি লওঁতে প্ৰতিঘাত কাৰ্যৰ দ্বাৰা আক্ৰান্ত কোষবোৰত টিউবাৰকুলৰ সৃষ্টি হয়। সেইবাবেই ইংৰাজীত এই বেমাৰক টিউবাৰকুলছিছ (টিবি) বুলি কোৱা হয়। এই আৱিষ্কাৰৰ বাবে তেওঁক সন্মান জনাই এই ৰোগক ক’চ ৰোগ বুলিও কোৱা হয়। আৰু এই ২৪ মাৰ্চৰ দিনতোকে ‘বিশ্ব যক্ষ্মা দিৱস’ হিচাপে পালন কৰি অহা হৈছে।

আনহাতে, ১৮৯৫ চনত আন এজন বিজ্ঞানী ৰঞ্জনে ‘ৰঞ্জন ৰশ্মি (X-Ray) আৱিষ্কাৰ কৰে। এই ৰঞ্জন ৰশ্মি আৱিষ্কাৰ হোৱাৰ পাছত এই ৰোগ চিনাক্তকৰণত চিকিৎসকসকলৰ বাবে সহায়ক হয়। এই ৰোগৰ বীজাণু আৰু ৰঞ্জন ৰশ্মি-এই দুই মহান আৱিষ্কাৰৰ প্ৰায় ৪৫ বছৰ পাছলৈকে ইয়াৰ কোনো প্ৰমাণিক দৰব আৱিষ্কাৰ হোৱা নাছিল। সেই সময়ত এজন যক্ষ্মা ৰোগীৰ চিকিৎসা পদ্ধতি আছিল-ৰোগীক ওখ পাহাৰত ঘৰ সাজি নিৰ্মল মুকলি বতাহ সেৱন, সুৰ্যৰ ৰশ্মিত মোকলাই দিয়া আৰু পুষ্টিকৰ খাদ্য যোগান ধৰি বিছনাত জিৰণি দিয়া। এই পদ্ধতিৰ চিকিৎসাৰ পৰা এই কথা স্পষ্ট হয় যে কেৱল ধনী শ্ৰেণী মানুহৰ বাবেহে এনে চিকিৎসা সম্ভৱ।

১৯৪১ চনত বাৰ্নহেইমে ‘পাছ’ (PAS) নামৰ এক প্ৰমাণিক দৰব প্ৰথমে আৱিষ্কাৰ কৰে। ১৯৪৪ চনত ৱাক্সমেনে ষ্ট্ৰেপটমাইচিন (Streptomycin) বেজি আৱিষ্কাৰ কৰে। ১৯৫২ চনত আই এন এইচ, ১৯৭০ চনত হেকষ্ট মেৰিয়ন ৰাচেলে অতি কাৰ্যক্ষম দৰব পিফামপেচিন (Pifampacin) আৱিষ্কাৰ কৰে। ইয়াৰ লগে লগে ইথামবিউটল (Ethambutol) থায়চিটাজন (Thiocetagone) আৰু আন এটি কাৰ্যক্ষম দৰব পাইৰাজিনামাইড (Pyrazinamide) আৱিষ্কাৰ হয়।

ইউৰোপৰ দেশবোৰত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বহুত কম আছিল। এইটো সম্ভৱ হৈছিল তেওঁলোকৰ উন্নত আৰ্থ-সামাজিক অৱস্থা, সেৰেঙা জনবসতি, উন্নত বসবাসৰ মান, ভাল গৃহ ব্যৱস্থা আৰু ভাল পৰিপুষ্টি। আনহাতে, অনুন্নত আৰু উন্নয়নশীল দেশবোৰত লাখ লাখ মানুহ এই ৰোগত মৰিছিল। ১৮৮১ চনৰ পৰা ১৯২১ চনলৈকে বিশ্বত ১ কোটি ৮০ লাখ মানুহৰ এই ৰোগত মৃত্যু ঘটিছিল।

এইচ আই ভি আৰু যক্ষ্মাৰ সম্পৰ্ক -

হিউমেন ইমুন’ ডেফিচয়েন্সি (এইচ আই ভি) ভাইৰাছ মানুহৰ দেহত প্ৰৱেশ ঘতিলে দেহৰ প্ৰতিৰোধ ক্ষমতা, অৰ্থাৎ এনটিবডিবোৰকে ধ্বংস কৰি পেলায়। প্ৰতিৰোধ ক্ষমতা নথকা মানুহজনক যিকোনো বীজাণুৱে সহজতে আক্ৰান্ত কৰি, মাৰি পেলায়। এইচ আই ভিৰ দ্বাৰা আক্ৰান্ত ১০০ জন ব্যক্তিৰ ৩৩ জনেই যক্ষ্মা হৈ মৃত্যু হয়। যক্ষ্মা বীজাণু ইমানেই সংক্ৰামক যে পানী লগা ৰোগৰ দৰে ই ইজনৰ পৰা সিজনলৈ সংক্ৰমণ হয়।

বৰ্তমান ভাৰতত যক্ষ্মাৰ বোজা -

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ভাৰতবৰ্ষতে বিশ্বৰ চাৰি ভাগৰ এভাগ টিবি আৰু দৰৱে কাম নকৰা টিবি ৰোগী আছে। বিশ্বৰ ভিতৰত দশিণ আফ্ৰিকাৰ পাছতে, ভাৰতবৰ্ষত এইচ আই ভি আৰু টি বি ৰোগত একেলগে ভুগি থকা ৰোগী বেছিকৈ আছে। বিভাগীয় ৰিপ’ৰ্টৰ মতে, ২০১৬ চনত ২৮ লাখ মানুহ যক্ষ্মা ৰোগত ভুগিছিল আৰু তাৰে ৪.৫ লাখ মানুহৰ মৃত্যু ঘটে। আন এটা সমীক্ষা মতে, আন প্ৰায় ১০ লাখ ৰোগীৰ চিনাক্ত নোহোৱাকৈ বা ৰিপৰ্ট নোহোৱাকৈ থাকি গৈছে।

মহিলাৰ ওপৰত যক্ষ্মাৰ প্ৰভাৱ -

যক্ষ্মাত যিমান মহিলাৰ মৃত্যু ঘটে আন কোনো সংক্ৰামক ৰোগতে নঘটে। এই মৃত্যু ‘মাতৃৰ মৃত্যু’ হাৰতকৈ বহুত বেছি। সাধাৰণতে কেঁচুৱাক গাখীৰ খুৱাই থকা মাকবোৰক এই সময়ত যক্ষ্মাই বেছিকৈ আক্ৰান্ত কৰে। এটি বাঢ়ি অহা শিশু বা গৰ্ভৱতী অৱস্থাতকৈ কেঁচুৱাক গাখীৰ খুৱাই থকা অৱস্থাত মহিলাক আটাইকৈ বেছি পুষ্টিকৰ আহাৰৰ প্ৰয়োজন।

আনহাতে , আমাৰ সমাজত যক্ষ্মাই মহিলাক সাংঘাতিকভাৱে কলংকিত কৰে। আমাৰ দেশত বছৰি প্ৰায় ১ লাখ বিবাহিতা মহিলাক যক্ষ্মা হোৱাৰ বাবে স্বামীৰ ঘৰখনে বা স্বামীয়ে ত্যাগ কৰে। এই লেখকে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত যক্ষ্মা বিভাগত চিকিৎসা সেৱা আগবঢ়াই থাকোঁতে এনে বহুকেইটা ঘটনা ঘটিছিল। শিশুক লালন-পালন কৰা বা ঘৰখনৰ আন কল্যাণমুলক কামত মাতৃৰ ভুমিকা আটাইতকৈ বেছি। গতিকে, তেওঁ যক্ষ্মা ৰোগত আক্ৰান্ত হ’লে ঘৰখনত সাংঘাতিক বেয়া প্ৰভাৱ পৰে।

আৰ্থিক অৱস্থা আৰু যক্ষ্মা ৰোগ -

সাধাৰণতে ১৫-৪৯ বছৰৰ লোকৰ যক্ষ্মা ৰোগ বেছি হয়। যিহেতু এই বয়সৰ লোকসকলেই উপাৰ্জনৰ লগত বেছিকৈ জড়িত। তেওঁলোকৰ যক্ষ্মা হ’লে ঘৰখনৰ আৰ্থিক অৱস্থাত ভাঙোনৰ সৃষ্টি হয়। আন এটা গুৰুত্বপুৰ্ণ কথা হ’ল যক্ষ্মাৰ পৰা আৰোগ্য লাভ ব্যক্তিজনৰ কৰ্মদক্ষতা বহু পৰিমাণে কমি যায়। গতিকে, যশ্মাই ঘৰখনৰ লগতে দেশখনৰ আৰ্থিক অৱস্থাত বিৰুপ প্ৰভাৱ পেলায়।

মাক-বাপেকৰ যক্ষ্মাৰ যন্ত্ৰণা সন্তানে ভোগ কৰে -

মাক-বাপেকৰ যক্ষ্মা হোৱাৰ বাবে বা যক্ষ্মাত মৃত্যু ঘটাৰ বাবে প্ৰতি বছৰে ২ লাখ ল’ৰা-ছোৱালীয়ে বিদ্যালয় এৰি আহিব লগা হয় বা ঘৰৰ বাবে উপাৰ্জন কৰিব লগা হয়। আনহাতে, শিশুক মৰম-চেনেহ আৰু লালন- পালনত অধিক ঘনিষ্ঠতাৰ বাবে মাক-বাপেকক যক্ষ্মা হ’লে অতি সহজতে শিশুৰ গালৈ এই ৰোগ বিস্তাৰ হয়। অৰ্থাৎ মাক-বাপেকৰ যক্ষ্মাৰ যন্ত্ৰণা সন্তানে ভোগ কৰে।

পৰিপুষ্টি আৰু যক্ষ্মা -

শৰীৰৰ পৰিপুষ্টিৰ মান ভাল হ’লে যক্ষ্মা নআলগে এনেকেফেলাইটিছৰ দৰে মাৰাত্মক ৰোগেও সহজতে মানুহক আক্ৰান্ত কৰিব নোৱাৰে। যক্ষ্মাক সাধাৰণতে দুখীয়া মানুহৰ বেমাৰ বুলি কোৱা হয়। অৰ্থাৎ দৰিদ্ৰতাৰ বাবে এইসকলে লাগতিয়াল পুসটিকৰ আহাৰ খাবলৈ নাপায় আৰু তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমে। এই দুৰ্বল শৰীৰত যক্ষ্মাৰ দৰে সুবিধাবাদী বীজাণুৰ সহজেই প্ৰৱেশ ঘটে।

বহুমুত্ৰ ৰোগীৰ ওপৰত যক্ষ্মাৰ প্ৰভাৱ -

বহুমুত্ৰ ৰোগত ভুগি থকা এজন ৰোগীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম। ঠিক একেদৰেই মদ আসক্ত ব্যক্তিসকলৰো এই ৰোগ প্ৰতিৰোধ ক্ষমতা কম। আনহাতে, দেহত থকা অত্যধিক চেনিয়ে বীজাণুৰ বংশবৃদ্ধিত বৰ সহায় কৰে। এই দুৰ্বল শৰীৰৰ লোকসকলকো যক্ষ্মাই ৰেহাই নিদিয়ে, সেইবাবে বয়স ৪০ বছৰ বা অধিক হোৱা লোকৰ যদি যক্ষ্মা হয়, তেওঁৰ বহুমুত্ৰ ৰোগ আছে নেকি পৰীক্ষা কৰাব লাগে। ঠিক একেদৰে বহুমুত্ৰ ৰোগীয়ে যদি বেছিদিন কাহ-জ্বৰত ভোগে, এণ্টিবায়টিক খায়ো ভাল নাপায় তেওঁৰ যক্ষ্মা হোৱাৰ সন্দেহ কৰি পৰীক্ষাৰ দ্বাৰা নিশ্চিত হ’ব লাগে।

দৰবেও কাম নকৰা যক্ষ্মা বীজাণুৰ অবিৰ্ভাৱ -

যক্ষ্মা বীজাণুক ধ্বংস কৰা আটাইতকৈ কাৰ্যক্ষম দৰব হৈছে ৰিফামপেচিন (Pifampacin) আৰু আই এন এইচ। কিন্তু বৰ্তমান এই দৰব দীঘলীয়া প্ৰয়োগ কৰিও ভাল নোহোৱা হৈছে। আৰু বহুত ৰোগীৰ মৃত্যু ঘটিছে। অৰ্থাৎ এই দুটা দৰবতো যক্ষ্মা বীজাণু নমৰে। ইয়াকে মাল্টি ড্ৰাগ ৰেজিছটেণ্ট টি বি (MDR TB) বুলি কোৱা হয়। আমাৰ দেশত প্ৰতি বছৰে ২ মিলিয়ন মানুহ নতুনকৈ টিবিত আক্ৰান্ত হয়। তাৰে ২-৩ শতাংশ লোক এই এম ডি আৰ টিবি বীজাণুৰ দ্বাৰা প্ৰথমেই আক্ৰান্ত হয়। আগতে হোৱা আৰু ভাল হোৱা বুলি ধৰা আৰু পাছত পুনৰ যক্ষ্মা হোৱা বছৰি প্ৰায় ১ মিলিয়ন এনে ৰোগীৰ ১২-১৭ শতাংশ লোক এম ডি আৰ টি বি ৰোগী। বিশ্ব স্বাস্থ্য সংস্থাৰ ২০১০ চনৰ ৰিপ’ৰ্টৰ মতে, প্ৰতি বছৰে ভাৰতত ৯৯,০০০ জনে এনে এম ডি আৰ তি বি ৰোগত ভোগে। চীন দেশত ভোগে ১০০০০০ জনে। আটাইতকৈ ভয় লগা কথাটো হৈছে এই এম ডি আৰ টিবি ৰোগীৰ সংখ্যা দিনকদিনে বৃদ্ধি হৈ গৈ আছে। আৰু ইয়াৰ দীঘলীয়া আৰু ব্যয়বহুল চিকিৎসাৰে যক্ষ্মা বেমাৰ ভাল কৰা এটা বৰ কঠিন কাম।

এম ডি আৰ টিবি আমাৰেই সৃষ্টি -

এজন যক্ষ্মা ৰোগী সম্পুৰ্ণ আৰোগ্য হ’বলৈ কমেও ৬ মাহ নিয়মিত দৰব খাব লাগে। কিন্তু সাধাৰণতে দেখা গৈছে যে এজন ৰোগীয়ে ২-৩ মাহ দৰব খোৱাৰ পাছত তেওঁ ভুগি থকা লক্ষণবোৰ প্ৰায় নোহোৱা হয়, দেহৰ ওজন বৃদ্ধি হয় আৰু তেতিয়াই সম্পুৰ্ণ ভাল হোৱা বুলি ভাবি দৰব খাবলৈ এৰি দিয়ে। এই সময়তে ব্যৱস্থা ল’ব লগা চিকিৎসা বিষয়া, কৰ্মচাৰীসকলেও কৰ্তব্যত ফাকি মাৰি বহি থাকে। এই আধা চিকিৎসা বা অনিয়মিত চিকিৎসাই এম ডি আৰ টিবিৰ মুল কাৰণ। আন কিছুমান কাৰণৰ ভিতৰত হ’ল- সমাজত কলংকিত হোৱাৰ ভয়ত বহুতেই বেমাৰ লুখুৱাই ৰাখিবলৈ ব্যক্তিগত চিকিৎসকৰ কাষ চাপে। পাছত দৰব কিনিব নোৱৰাৰ বাবে অনিয়মিত বা অসম্পুৰ্ণ চিকিৎসা হয়।

যক্ষ্মা ৰোগৰ লক্ষণ -

একেৰাহে ২ সপ্তাহ বা অধিক কাহ-জ্বৰ (সাধাৰণতে পিছবেলা উঠা) আৰু সাধাৰণ এণ্টিবায়টিকত ভাল নোহোৱা, ভোক নলগা, লাহে লাহে শৰীৰৰ ওজন কমি যোৱা, ৰাতি ঘমা, ভাগৰ লগা-এইসমুহ লক্ষণে দেখা দিলে যক্ষ্মা বেমাৰৰ সন্দেহ কৰি চৰকাৰী চিকিৎসালয়ত থকা অত্যাধুনিক ডেজিগনেটেভ মাইক্ৰ’স্কপি চেণ্টাৰত খেকাৰ পৰীক্ষা কৰাবলৈ চিকিৎসকৰ ওচৰ চাপিব লাগে। এই লেবৰেটৰীবোৰত সু-প্ৰশিক্ষণপ্ৰাপ্ত লেবৰেটৰী টেকনিচিয়ান নিয়োজিত আছে আৰু সকলো পৰীক্ষা বিনামুলীয়া।

যক্ষ্মাৰ চিকিৎসা -

সংশোধিত ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্ৰণ আঁচনিখনত যক্ষ্মাৰ চিকিৎসাৰ ক্ষেত্ৰত বহুত নতুন পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে। এজন ৰোগীৰ যক্ষ্মা ৰোগ চিনাক্ত হোৱাৰ পাছত অতি কাৰ্যক্ষম দৰব ৰিফামপেচফিন আৰু আই এন এইচ- এই দুটাই কাম কৰিব নে নাই, তাক পৰীক্ষা কৰি চিকিৎসা প্ৰদান কৰিবলৈ জিলাই জিলাই অত্যাধুনিক লেবৰেটৰী স্থাপন কৰা হৈছে। বাকী ব্যৱহাৰ কৰিব লগা দৰবসমুহৰ কাৰ্যক্ষমতা পৰীক্ষা কৰাৰ ব্যৱস্থাও ওচৰৰে জিলাত স্থাপিত হৈছে। দৰব খোৱা নিয়মো কিছু সংশোধিত হৈছে। চৰকাৰীভাৱে যোগান ধৰা এই দৰবসমুহ অতি গুণ আৰু মানবিশিষ্ট আৰু একেবাৰেই বিনামুলীয়া।

২০১৭ চনৰ মাৰ্চত ভাৰত চৰকাৰে ২০১৫ চনৰ ভিতৰত আমাৰ দেশক যক্ষ্মামুক্ত কৰা লক্ষ্য কৰি লৈছে। ইয়াৰ অৰ্থ এইটো নহয় যে দেশত এজনো যক্ষ্মা ৰোগী নাইকিয়া হ’ব। ইয়াৰ আচল লশ্য হৈছে- এই ২০২৫ চনৰ ভিতৰত এক মিলিয়ন মানুহৰ মাজত মাত্ৰ এজন বা কম যক্ষ্মা ৰোগীহে থাকিব লাগিব। যক্ষ্মা ৰোগী আমাৰ দেশ বিশ্বৰ ভিতৰত প্ৰথম। এইচ আই ভি আৰু যক্ষ্মা-এই দুয়োটাত একেলগে ভোগা ৰোগীৰ সংখ্যাত আমাৰ দেশ দ্বিতীয় (প্ৰথম দক্ষিণ আফ্ৰিকা)। এম ডি আৰ টিবি সৃষ্টিৰ ক্ষেত্ৰতো আমাৰ দেশ দ্বিতীয় (চীন প্ৰথম)। ২০১৬ চনত সংক্ৰামক ৰোগত আমাৰ দেশত যিমান মানুহৰ মৃত্যু ঘটিল, তাৰ ভিতৰত যক্ষ্মাত মৃত্যু সংখ্যা সৰ্বাধিক । এম ডি আৰ টিবি ৰোগীৰ সংখ্যা আমাৰ দেশত দিনকদিনে বৃদ্ধি হৈ গৈ আছে আৰু জনস্বাস্থ্যৰ নিৰাপত্তাত ডাঙৰ ভাবুকি সৃষ্টি কৰিছে। আনহাতে, আমাৰ দেশৰ বৃহৎ সংখ্যক অনিয়ন্ত্ৰিত ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠানৰ দ্বাৰা অ-সঠিক চিকিৎসা গ্ৰহণ কৰা বৃহৎ সংখ্যক যক্ষ্মা ৰোগীক চৰকাৰী নিয়ন্ত্ৰণ আঁচনিলৈ অনাটো এটা ডাঙৰ প্ৰত্যাহ্বান।

এই সকলো কথা বিবেচনা কৰি আমাৰ চৰকাৰে নেশ্যনেল ষ্ট্ৰেটেজিক প্লেন ২০১৭-২৫ গ্ৰহণ কৰিছে। নিজৰ জনগণক যক্ষ্মাৰ কৰাল গ্ৰাসৰ পৰা ৰক্ষা কৰিবলৈ সকলো ব্যক্তিগত চিকিৎসক, কৰ্মচাৰী আৰু ৰাইজ আগবাঢ়ি আহিব লাগিব আৰু সহযোগিতাৰে কাম কৰিব লাগিব।

লেখক: ডা: উপেন্দ্ৰ নাথ গগৈ (দৈনিক জনমভুমি)

 

 

 

2.96666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top