অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিশ্ব হাত ধোৱা দিৱস

বিশ্ব হাত ধোৱা দিৱস

‘বিশ্ব হাত ধোৱা দিৱস’ প্ৰতিবছৰে ১৫ অক্টোবৰত সমগ্ৰ বিশ্বতে উদযাপন কৰা হয়। বৰ্তমান এই দিৱস বিশ্বৰ আগশাৰীৰ দেশসমূহত অতি গুৰুত্বপূৰ্ণ দিৱস হিচাপে উদযাপন কৰা হয়। বিভিন্ন দেশৰ প্ৰচাৰ মাধ্যমসমুহেও এই দিৱসৰ তাৎপর্য চকুত লগাকৈ প্ৰচাৰ কৰি খোৱাৰ আগতে আৰু মলত্যাগ কৰাৰ পিছত চাবোনেৰে হাত ধোৱাৰ আৱশ্যকতাৰ বিষয়ে জনসাধাৰণৰ দৃষ্টি আকর্ষণ কৰাৰ প্ৰয়াস কৰি আহিছে। এই বছৰ ১৫ অক্টোবৰৰ দিনা দশমবাৰৰ বাবে বিশ্ব হাত ধোৱা দিৱস পালন কৰা হৈছে। আমাৰ দেশ তথা ৰাজ্যখনতো এই দিৱস উদযাপনৰ দ্বাৰা সাধাৰণ বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক চাবোনেৰে হাত ধোৱাৰ আৱশ্যকতাৰ বিষয়ে ব্যাপক সজাগতা সৃষ্টি কৰিবলৈ প্ৰয়াস কৰা হ’ব। ২০০৮ চনত সমগ্ৰ বিশ্বতে প্ৰথমবাৰৰ বাবে বিশ্ব হাত ধোৱা দিৱস উদযাপন কৰা হৈছিল। ২০০৮ চনতো সমগ্ৰ বিশ্বতে অনাময় সম্পর্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ ‘আন্তর্জাতিক অনাময় বর্ষ’ হিচাপে পালন কৰা হৈছিল। এই বৰ্ষৰ লগত সংগতি ৰাখি ২০০৮ চনৰ ১৫ অক্টোবৰত সমগ্ৰ বিশ্বতে প্ৰথমবাৰৰ বাবে বিশ্ব হাত ধোৱা দিৱস উদযাপন কৰা হয়। সেই বছৰ ৭০খন দেশৰ ১২০ মিলিয়ন ছাত্র-ছাত্ৰীক চাবোনেৰে হাত ধুৱাই এই দিৱসৰ তাৎপর্য জনসাধাৰণৰ মাজলৈ প্ৰসাৰৰ বাবে প্ৰচেষ্টা চলোৱা হয়। ২০০৮ চনৰ পৰা প্ৰতি বছৰে ১৫ অক্টোবৰত এই দিৱস উদযাপন কৰি অহা হৈছে। বিগত বছৰসমূহত বিশ্বৰ প্ৰায় ১০০ খন দেশে এই দিৱস পালন কৰি আহিছে আৰু এইবছৰো বিশ্বৰ প্ৰায় ১০০ খনৰো অধিক দেশে এই দিৱস উদযাপনৰ দ্বাৰা ২২ কোটিৰো অধিক ছাত্ৰ-ছাত্ৰীৰ লগতে জনসাধাৰণৰ মাজত চাবোনেৰে হাত ধোৱাৰ আৱশ্যকতাৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিব। বিগত বছৰসমূহৰ দৰেই এইবছৰো আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, নৰৱে, ছুইডেন আদি মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত আগস্থানত থকা দেশসমূহেও এই দিৱস বিশেষভাৱে উদযাপনৰ দ্বাৰা সমগ্ৰ বিশ্বকে হাত ধোৱা দিৱসৰ গুৰুত্ব আৰু তাৎপৰ্যৰ বিষয়ে সকীয়াই নিব।

বৰ্তমান একবিংশ শতিকাত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অভূতপূর্ব প্রগতিৰ পিছতো আৰু যি সময়ত জৈৱ-প্ৰযুক্তিয়ে মানৱ ক্ল’ন’ সৃষ্টি কৰি ঈশ্বৰকো প্ৰত্যাহ্বান জনাইছে, সেই সময়ত আপাতদৃষ্টিত হাত ধোৱা দিৱসৰ দৰে গুৰুত্বহীন যেন লগা এই দিৱস উদযাপনৰ যে অতি আৱশ্যক হৈ পৰিছে— সেই কথা বিশ্ব স্বাস্থ্য সংস্থা, ইউনিছেফ আদি আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহেও সোঁৱৰাই দিছে। বর্তমান বিশ্বৰ জনসংখ্যা ৭০ কোটিৰো অধিক যদিও ২৫০ কোটি লোকৰে অনাময় ব্যৱস্থাৰ লগতে অনাময় সম্পর্কে সজাগতাৰ অভাৱ, সেই কথা দোহৰাৰ প্ৰয়োজন নাই। ইউনিছেফৰ পৰা প্ৰকাশ কৰা এটা তথ্য মতে, অনাময় ব্যৱস্থাৰ অভাৱৰ বাবেই প্ৰতিদিনে বিশ্বৰ ৫ বছৰৰ তলৰ ৫,০০০টি শিশু কেৱল ডায়েৰীয়াত ভুগিয়েই মৃত্যুমুখত পৰে। আমাৰ দেশতো প্ৰতিদিনে ৫ বছৰৰ তলৰ ২০০টি শিশু অর্থাৎ প্ৰতিবছৰে ৬ৰ পৰা ৭ লাখ শিশু মৃত্যুমুখত পৰাৰ এটা মূল কাৰণ হ’ল ডায়েৰীয়াসদৃশ ৰোগ। এই ভয়াৱহ পৰিসংখ্যাসমূহ বিশ্লেষণ কৰি আন্তর্জাতিক সংস্থাসমূহে অনাময় ব্যৱস্থাৰ এটা মূল উপাদান চাবোনেৰে হাত ধোৱাৰ আৱশ্যকতাৰ বিষয়ে জনজাগৰণ সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, খোৱাৰ আগতে আৰু মলত্যাগ কৰাৰ পিছত চাবোনৰে ভালদৰে হাত ধুলে ৪০ শতাংশ ডায়েৰীয়াসৃদশ ৰোগ আৰু ২৫ শতাংশ শ্বাস-প্রশ্বাসজনিত ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। কেৱল পানীৰে হাত ধুলে আমাৰ হাতত লাগি থকা অনুজীৱবোৰ আঁতৰ কৰিব নোৱাৰি, কিন্তু চাবোনেৰে হাত ধুলে চাবোনত থকা ৰাসায়নিক পদার্থৰ দ্বাৰা হাতত লাগি থকা অনুজীৱবোৰ আঁতৰ কৰিব পৰা যায়। গতিকে খাদ্যৰ লগত আমাৰ হাতত লাগি থকা বিষাক্ত অনুজীৱবোৰে আমাৰ দেহত প্ৰৱেশ কৰিব নোৱাৰে, তাৰ বাবে সতর্ক হোৱা উচিত।

প্রতিবছৰৰ দৰে এইবছৰো হাত ধোৱা দিৱসত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক চাবোনেৰে হাত ধোৱাৰ আৱশ্যকতাৰ বিষয়ে ব্যাপক সজাগতা সৃষ্টি কৰিবলৈ প্ৰয়াস কৰা হৈছে। এইবছৰ হাত ধোৱা দিৱসৰ মূল বিষয়বস্তু হৈছে 'Our hands. Our future'। অর্থাৎ, চাবোনেৰে হাত ধুলে আমাৰ স্বাস্থ্য অটুট থাকে আৰু স্বাস্থ্য ভালে থাকিলে শিক্ষা, ব্যৱসায়, বাণিজ্য আদি সকলো ক্ষেত্ৰতে আগবাঢ়ি যাবলৈ সক্ষম হয়। গতিকে হাত চাবোনেৰে ধুলে আমাৰ ভৱিষ্যৎ সুৰক্ষিত হয়, যিয়ে এখন সুস্থ সমাজ আৰু দেশ গঢ়ি উঠাত সহায়ক হয়। অলপতে প্ৰকাশ পোৱা এটা সমীক্ষাত প্ৰকাশ পাইছে যে ছাত্র-ছাত্ৰীসকলৰ মাজত চাবোনেৰে হাত ধোৱাৰ অভ্যাস গঢ়ি উঠিলে তেওঁলোকৰ স্বাস্থ্য সুৰক্ষিত হয়, ইয়ে বছৰি ২৭২ মিলিয়ন বিদ্যালয়ৰ শৈক্ষিক দিন ডায়েৰীয়া ৰোগৰ পৰা ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰে। বর্তমান আমাৰ সমগ্ৰ দেশতে কাৰ্য ৰূপায়ণ হৈ থকা স্বচ্ছ ভাৰত মিছন (গ্রামীণ) আঁচনিৰ এটা মূল উপাদান চাবোনেৰে হাত ধোৱাৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে ব্যাপক কাৰ্যসূচী হাতত লোৱা হৈছে। ১৫ ছেপ্টেম্বৰ, ২০১৭ ৰ পৰা ২ অক্টোবৰ, ২০১৭লৈ সমগ্ৰ দেশতে উদযাপন কৰা “স্বচ্ছতাই সেৱা' অভিযানতো সজাগতা সভা, বাটৰ নাট, পত্রিকা বিতৰণ, এজনৰ লগত আনজনৰ মত বিনিময়, প্ৰচাৰ মাধ্যম আদিৰ দ্বাৰা চাবোনেৰে হাত ধোৱাৰ আৱশ্যকতাৰ বিষয়ে ব্যাপক সজাগতামূলক কার্যসূচী হাতত লোৱা হয়। আমাৰ বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনৰ আগতে ছাত্র-ছাত্ৰীসকলে যাতে চাবোনেৰে হাত ধুই আহাৰ গ্ৰহণ কৰে, তাৰ প্ৰতি সকলোৱে লক্ষ্য ৰখা উচিত। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই অভ্যাস গঢ়ি উঠিলে ঘৰখনলৈও এই বার্তা যাব, যিয়ে এখন সুস্থ সমাজ গঢ়ি উঠাত সহায়ক হ’ব। বিশ্ব হাত ধোৱা দিৱস উদযাপনৰ সাৰ্থকতা থাকিব যদিহে আমি তলৰ কথাকেইটা মানি চলিবলৈ চেষ্টা কৰোঁ।

‘চাবোনেৰে হাত ধুব

শৌচ কৰি আহি

খোৱাৰ আগতে ধুব

ভালদৰে ঘঁহি।

লিখক: প্ৰবীণ কুমাৰ সন্দিকৈ।

শেহতীয়া উন্নীতকৰণ: : 2/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate