অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহ মৰাৰ আটাইতকৈ সহজ উপায় :

 

শীতকাল যোৱাৰ লগে লগে গৰম আহিবলৈ আৰম্ভ কৰিছেই। গৰম অহাৰ লগে লগে মহৰো আগমন ঘটিছে। মহৰ আগমনৰ ফলত ভালেকেইবিধ মাৰাত্মক ৰোগো বিয়পি পৰিব। আজিকালি মহ মাৰিবৰ কাৰণে আৰু মহ খেদিবৰ কাৰণে বহুতো কোম্পানীয়ে বেলেগ বেলেগ দ্ৰব্য প্ৰস্তুত কৰি বজাৰলৈ উলিয়াই দিছে। প্ৰতিবিধ দ্ৰব্যই ভাল বজাৰো দখল কৰিছে। কিন্তু মহ হ’লে একেবাৰে কমা নাই।  মহ খেদোৱা ধূপ, কয়ল, তৰল দ্ৰব্য আদি প্ৰতিঘৰ মানুহে গধূলিতে জ্বলাইছে যদিও মহৰ আধিক্য বা প্ৰজনন কিন্তু এইবিলাক দ্ৰব্যই অকণো কমাব পৰা নাই। এই চুটি লেখাটিত এটি ঘৰুৱা দ্ৰব্য প্ৰস্তুতকৰণৰ দিহা দিয়া হৈছে আৰু এই দ্ৰব্য ব্যৱহাৰ কৰি মহ খুব সোনকালেই দূৰলৈ খেদি পঠিয়াব পাৰিব।

মহৰ পৰা হোৱা মাৰাত্মক ৰোগবোৰ -

ডেংগু, মেলেৰিয়া, চিকণগুণিয়া, য়েল’ ফিভাৰ আৰু জিকা ফিভাৰ আদিৰ দৰে ৰোগবোৰ প্ৰধানকৈ মহৰ দ্বাৰাই বিয়পে। ডেংগু এতিয়া এক এনেকুৱা ভয়াৱহ সংক্ৰামক ৰোগলৈ ৰূপান্তৰিত হৈছে যে ৰোগটো আৰম্ভ হোৱাৰ লগে লগে যদি উপযুক্ত চিকিৎসা নেপায়, তেনেহ’লে ৰোগীৰ মৃত্যুও হ’ব পাৰে। এই ৰোগবিলাক হয়গৈ কেৱল মহে কামোৰাৰ ফলত। যোৱা কেইটামান বছৰৰ ভিতৰত মহে বিয়পোৱা জাপানী এনকেফেলাইটিছ ৰোগো, ডেংগু আৰু মেলেৰিয়াৰ লগতে অসমত এক অনিয়ন্ত্ৰিত মহামাৰীলৈ ৰূপান্তৰিত হৈছে।

মহ খেদোৱাৰ এটি ঘৰুৱা ফলপ্ৰসূ দিহা -

এই ফলপ্ৰসূ মিশ্ৰণটি প্ৰস্তুত কৰিবৰ কাৰণে আপুনি যোগাৰ কৰিব লাগিব মুঠ ১৬ টি নেমু। নেমু এটা সোঁমাজতে দুফালকৈ কাটি লওক আৰু তাৰে এটুকুৰাত আপুনি ১০ৰ পৰা ১৫ টালৈকে লং গুজি দিয়ক। এনেদৰে লং গুজি লোৱা নেমু টুকুৰাবোৰ প্লেট এখনত থৈ আপোনাৰ কাষতে থৈ দিয়ক। নেমু আৰু লং একেলগে থৈ দিয়াৰ কাৰণে এক গোন্ধ পালেই মহবিলাক তৎক্ষণাত তাৰ পৰা ওলাই যাবগৈ। গতিকে এতিয়া গৰমৰ সময়ত যদি ঘৰৰ ভিতৰত মহে উপদ্ৰৱ কৰে, তেনেহ’লে এইবিধ সহজ ঔষধ প্ৰস্তুত কৰক আৰু কম সময়ৰ ভিতৰতে মহ আঁতৰাই পঠাওক।

বজাৰত কিনিবলৈ পোৱা ৰাসায়নিক মহ খেদোৱা ঔষধবোৰ যথেষ্ট দামী আৰু এইবিলাক সাধাৰণ স্বাস্থ্যৰ কাৰণে যথেষ্ট হানিকাৰক। সেইকাৰণে ঘৰতে প্ৰস্তুত কৰি ল’ব পৰা মহ খেদোৱা যন্ত্ৰ বা সঁজুলি এটা কেনেকৈ সাজি ল’ব পাৰি, সেই বিষয়ে এই প্ৰবন্ধটিৰ যোগেদি পঢ়ুৱৈ সকললৈ আগবঢ়োৱা আগবঢ়োৱা হ’ল। আশাকৰো পঢ়ুৱৈসকলে এই বিষয়ে অকণমান মনোযোগ দি সঁজুলিবিধ নিজে ঘৰতে প্ৰস্তুত কৰি লোৱাৰ চেষ্টা কৰি চাব পাৰে।

মহ মৰা বা মহ খেদোৱা সঁজুলিৰ প্ৰস্তুত প্ৰণালী -

বজাৰৰ পৰা কিনি অনা মহ খেদোৱা বা মহ মৰা ঔষধ যদি ব্যৱহাৰ কৰি আছে, তেনেহ’লে এবছৰত কিমান টকা খৰচ কৰি আছে, সেই অংকটো কৰি চাইছেনে? এবাৰ মহ খেদোৱা ঔষধ যদি ব্যৱহাৰ কৰিছে, তেনেহ’লে গোটেই বছৰ ধৰি ইয়াৰ ব্যৱহাৰ  অবিৰতভাৱে কবিবই লগা হয়। কাৰণ আজিকালি মহ কোনো এটা বিশেষ ঋতুত ওলায় বুলি ক’ব নোৱাৰে। বাৰিষা-খৰালি বা গ্ৰীষ্ম-শীতকাল যিকোনো মাহতে মহৰ উপদ্ৰৱৰ পৰা আপুনি ৰক্ষা পাব নোৱাৰে। সেয়ে মহৰ কাপোৰৰ পৰা ৰক্ষা পোৱাৰ বাবেই আপুনি বছৰটোত এটা নিয়মীয়া খৰচৰ শিতান ৰাখিব লগা হয়। আজি আমি এই প্ৰবদ্ধটিত মহ খেদাবৰ বাবে এটা অতি কম খৰচী অথচ অত্যন্ত ফলপ্ৰসূ সঁজুলিৰ প্ৰস্তুত প্ৰণালী দিছো। এই সজুলিটো বনাওতে আপুনি বেছি পইচাও খৰচ কৰিব নেলাগে। সজুঁলিটো আপুনি ঘৰখনত অব্যৱহৃত পৰি থকা কিছুমান বস্তুৰে বনাই ল’ব পাৰে। ইয়াৰ কাৰণে আপোনাক কেৱল এটা খালী কোলড ডিংকছৰ বটল লাগিব। সেয়ে আপোনাৰ ঘৰত যদি খালী কোলড ড্ৰিংকছৰ বটল পৰি আছে, তেনেহ’লে সেইটো পেলাই নিদিব। এনে এটা বটলেৰে আপুনি এটা মহ মাৰিব পৰা সঁজুলি প্ৰস্তুত কৰি ল’ব পাৰে। এই সঁজুলিটোৰ সহায়েৰে আপুনি পূৰা ঘৰখনকে মহৰ পৰা মুক্ত কৰি ৰাখিব পাৰিব। এই সঁজুলিটোৰ বাবে আপুনি তেনেই কম টকা খৰচ কৰিব লগা হ’ব।

সঁজুলিটো কেনেকৈ প্ৰস্তুত কৰিব -

খালী কোলড ড্ৰিংকছৰ বটলেৰে আপুনি ঘৰতে ‘মষ্কিটো ট্ৰেপ’ সাজি লওক। এই সঁজুলিটোৰ প্ৰস্তুত কৰিবৰ কাৰণে আপুনি যোগাৰ কৰি ল’ব লগা সামগ্ৰীবোৰ হ’ল- আঢ়ৈ লিটাৰ জোখৰ এটা খালী কোলড ড্ৰিংকছৰ বটল, আধা চামুচ মৌ, বহল ফিটাৰ এটা পেকিং টেপ, অকণমান ৰঙচুৱা চেনি আৰু এখন কেচি।

এই সামগ্ৰীখিনিৰ সহায়ত মহ মৰা সঁজুলিটো প্ৰস্তুত হোৱাৰ পিছত মহবিলাক নিজে নিজে সঁজুলিটোত সোমাই হৈ ওলাব নোৱাৰা হৈ পৰে আৰু পিছত তাতে মহ বিলাক মৰি যায়। এই সঁজুলিটো বাৰে বাৰে আপুনি ব্যৱহাৰ কৰিব পাৰে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 2/27/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate